ৰমানন্দন বৰা

ছয়

 

ইয়াৰ পিছৰ ঘটনাৰ
গতি অতি দ্ৰুত৷ পদেপদে বিপদ
সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ, বৰষুণ নহল৷

ভাদ মাহত খেতি উঠাই এদিন বেণু আৰু পাহিতা
অন্তৰ্ধান হ
ল৷ কলৈ গ?
কেনি গ? ভূ পোৱা টান হল৷ কিন্তু কিয় গল সেইটো আটায়ে কোনেও নোকোৱাকৈয়ে বুজি পালে৷
কোনোৱে ক
লাই শইকীয়াক দুষিলে, কোনোৱে
ভালিৰামক
, কোনোৱে পাহিতাক, কোনোৱে
বেণুক৷ দুদিন মান ক
লাই মহাজন অগ্নিশৰ্মা হল৷ ভালীৰামে খঙে-বিষে একো নাই হৈ জীয়েকৰ লগত সম্পৰ্ক ছেদ কৰিলে৷ বোলে গৰুও মৰিল, পোকো সৰিল৷পাহিতাৰ ককায়েক দেউকণৰ খং
ইমানেই বেছি হ
লগৈ যে বেণু-পাহিতাক পালেই কাটিব৷ সৰু ককায়েকে কোনো
মাত দিয়া নাই৷ ভায়েক কমলৰ প্ৰতিক্ৰিয়াও অজ্ঞাত৷ মাক জনীয়েহে মন মাৰি থাকে৷ পলাই
যোৱাৰ বাবে দুখ নহয়
, বছা গাঁৱত এইটো নিয়ম বহুতে পালন কৰে৷
ছোৱালীজনী দুখত পৰিব বুলিহে মানুহজনীৰ জীৱটোৱে সহা নাই৷ যি হ
লেও
মাকৰ মন৷

বছা গাঁৱৰ ঢৌ
নোহোৱা সমাজখনলৈ চঞ্চলতা আহিছিল৷ কিন্তু তেনেই কম দিনলৈ৷ আঘোণৰ পথাৰে এইবোৰ কথা
পাহৰাই পেলালে৷ ক
লাই মহাজনৰহে এখন হাত ছিগিল৷ খেতিটো সি
পাতিলে
, চপাওঁতে নাই৷ ৰজিত আৰু দুটামান হাজিৰা কৰা মানুহ লগা
ল যদিও বেণুৰ কামৰ জোৰ সিহঁতে নাপায়৷

বেণু-পাহিতা কলৈ
?

 

পাহিতাৰ
জেঠায়েকৰ ঘৰ বকুলত৷ ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰি বকুল৷ তালৈ যাওঁতে ঘাটত নাৱেৰে পাৰ
কৰি সহায় কৰিলে জয়সিং মিলিয়ে৷ দেওবৰীয়া পাচলি বেপাৰলৈ আহোঁতে-যাওঁতেই বেণুৰ সৈতে চিনাকি৷
তেৱেঁই বকুল চাপৰিৰ নিৰ্দিষ্ট মানুহ ঘৰলৈকে আগবঢ়াই থোৱাৰ দায়িত্ব ল
লে৷

জেঠায়েকৰ নাম
সোণ৷ ঘৰৰ পৰা অহা দিন ধৰি সোণ জেঠায়েকক পাহিতাই দেখা নাই৷ মাথোন তেওঁৰ কথা শুনিছে৷
এটা কাহিনী৷ এটা বিশ্বাস৷ তাৰ ওপৰত ভৰসা কৰিয়েই সিহঁত তালৈ আহিছে
, নতুন জীৱনৰ পাতনিতে অকণমান আশ্ৰয় বিচাৰি৷

লাই
মহাজনৰ পৰিয়ালৰ আটাইবোৰ সদস্যৰ কাৰণে বকুল চাপৰি নিষিদ্ধ ঠাই৷ সেই ঠাইৰ লগত কোনো
হাট-বাট কোনেও ৰাখিব নোৱাৰিব৷ মহাজনৰ বজ্ৰ নিনাদ
, ‘চাবি,
সোণৰ তালৈ যাব যদি যাবিয়েই৷ ঘূৰি আহি এইখন ঘৰত ভৰি নিদিবিহি৷মহাজনে আঁকি দিয়া লক্ষ্মণ ৰেখা আজিলৈকে কোনেও পাৰ হোৱা নাই৷ কপিৰাজ বালীয়ে ঋষ্যমূক
পৰ্বতলৈ নোযোৱাৰ দৰে বছা গাঁৱৰ শইকীয়া বংশৰ কোনো প্ৰাণীয়ে বকুল চাপৰিত ভৰি দিয়া গৈ
নাই৷ এই কাৰণতে পাহিতাৰ বাবে বকুলৰ সোণ জেঠাইতকৈ নিৰাপদ ঠাই কি হ
ব পাৰে?

সোণমাই শইকীয়া, বকুল চাপৰিত নিচিনিবলৈ নাই৷

গতত বন্ধা বছা
গাঁৱৰ জীৱনৰ পৰা শ
লমাৰি ভাঙি ওলাই আহিছিল সোণমাই শইকীয়া৷ এল. পি পাছ৷ এটা
স্বাধীনচিতীয়া মন লৈ ডাঙৰ হৈছিল৷ গাভৰুতে ৰোৱা-তোলা
, বোৱা-কটাত কোনেও
ফেৰ মাৰিব নোৱৰা সোণৰ এটা জেদী মন আছিল৷ ল
ৰাই যিটো পাৰে
ছোৱালীয়েও পাৰিব৷ এই ভাৱেৰে তাই গছ বগাই তামোল পাৰিছিল
, পথাৰৰ
চুক কুৰিছিল
, খৰি ফালিছিল, ভোগদৈত
সাঁতুৰিছিল মুঠতে হালৰ মুঠিত ধৰিব নাপায় বুলি বৰকৈ বাৰণ কৰা কাৰণেহে সেই কাম তেওঁ
নকৰাকৈ থাকিল৷ গৰু-গাই পোহা তাইৰ চখ৷ এগোহালি গৰু তেওঁৰ নিজাকৈ হৈছিলগৈ৷ পুহিৰামক
গৰখীয়া ৰাখি চৰুৱাইছিল৷ চুলতান গুৱালক গাখীৰ বেচিছিল৷ নিজে ঘাঁহ কাটি মূৰত ভাৰ
বান্ধি আনিবলৈ পিছ হোহঁকা নাছিল৷ কিন্তু ঘৰৰ সম্পূৰ্ণ বিৰোধিতা সত্বেও তাই পলাই
আহিল বকুলৰ বাপধন বিষয়ালৈ৷ অজাতিলৈ যোৱা বাবে তাইৰ জাত গ
ল৷
বছা গাঁও তাইৰ বাবে নিষিদ্ধ হ
ল৷

দিনটো খোজ কাঢ়ি
সন্ধিয়াৰ আগে আগে সোণ জেঠায়েকৰ ঘৰত উপস্থিত হওঁতে মানুহজনীয়ে বাৰীত কিবা এটা খুচৰি
আছিল৷ চোতালত মতা মানুহ দুটা আৰু মাইকী মানুহ এজনী দেখি তেওঁ বাৰীৰ পৰা ওলাই আহিল৷
ভালদৰে কাকো চিনিব পৰা নাই৷

জেঠাই…
জেঠাই…

সম্বোধনটোত
মানুহজনী চমকি উঠিল৷ বকুল অহাৰ পৰা এই মাত
, এই সম্বোধন, এই সুৰ তেওঁ শুনা নাই৷

জেঠাই,
মই পাহি, পাহিতা৷

জেঠায়েক
মানুহজনীৰ গাত এইবাৰ কিবা এটা শিহৰণ উঠিল৷ মগজুটোৱে চিন্তা কৰিবলৈ টান পালে৷
পাহিতা৷ ভালীৰামৰ জীয়েক৷

বছাৰ
পাহিতা৷
’ – এইবুলি তেওঁ পাহিতাক সাবটি ধৰিলে৷ দুয়োজনীয়ে
এসোঁতা কান্দিলে৷

তই
মোৰ পাহি৷ ইমান ডাঙৰ হ
লি৷ আহ আহ ভিতৰলৈ আহ৷

ভিতৰত বহুৱাই
নেমু পানী একো গিলাচ খোৱাৰ মাজতে আলহীৰ পা-পৰিচয় 
লে৷

কাহিনী শুনি অলপ গম্ভীৰ হ
সোণ জেঠায়েক৷ কি কয় বা তেওঁ৷ পাহিতা
, বেণু আৰু জয় সিঙৰ
চিন্তা বাঢ়িল৷ যদি না বুলি কয়
? যদি আশ্ৰয় নিদিয়ে৷ যদি বছা
গাঁৱৰ শইকীয়া বংশৰ সৈতে সম্পৰ্ক আৰু অধিক বেয়া হোৱাৰ ভয়ত সিহঁতক ৰাখিব নোৱাৰোঁ বুলি
কয়
? কি কৰিব সিহঁতে? তেওঁ ভৰসাতে সকলো
বিপদ নেওচি সিহঁত সাপেখাতী পাইছেহি৷

জেঠাই?’

জেঠপেহাৰ
ঘৰত নাই৷ ইহঁতকেইটাও কামে কামে ঘৰৰ বাহিৰত আছে৷ চাহ-জলপান খাই ল
চোন বাৰু৷ আটাইবোৰ আহক৷

সোণ জেঠায়েকৰ
কথাত কিবা আঁৰ আছে নেকি
? কিবা ৰহস্য আছে নেকি? এটা সৰল বিশ্বাসত বহু দিন ধৰি সম্বন্ধ নথকা মানুহজনীৰ ওচৰলৈ আহিছে পাহিতা৷
সৰুতে তেওঁৰ সকলো কামতে লগে লগে ফুৰিছিল তাই৷ বৰ মৰম কৰিছিল৷ কিন্তু প্ৰায় সোতৰ
বছৰত মানুহৰ বহুত পৰিৱৰ্তন হয় দেহৰো
, মনৰো৷ মানুহজনীৰ দেহৰ
পৰিৱৰ্তন হৈছে৷ বয়সে জেঠায়েকৰ দেহাত নিজৰ বাবে ঠাই উলিয়াই লৈছে৷ তেনেদৰে মনতো
যদি…

জেঠাই…

মই
বুজিছো পাহি৷ মোৰ ঘৰত তোৰ বাবে ঠাইৰ অভাৱ নহয়৷ কিন্তু লগত জোঁৱাই আনিছ৷ বহুত কথা
আছে৷ জেঠপেহাৰ আহক৷

জেঠপেহাক সম্বন্ধে তাইৰ কোনো ধাৰণা নাছিল৷ এজন ওখ-পাখ আটিল মানুহ৷ হাঁহিমুখীয়া৷ তেওঁলোকৰ
চাৰিটা ল
ৰা৷ দুটা পাহিতাতকৈ ডাঙৰ, দুটা সৰু৷ গধূলি জুহালৰ
মজিয়াত আটাইকেইটা গোট খালেহি৷ পৰিৱেশটো পাহিতাৰ কাৰণে অনুকূল যেন লাগিল৷ ডাঙৰ বাটি
এটাত কাঢ়া চাহখিনিত সোহা মাৰি জেঠপেহাকে ক
লে, ‘আমাৰ ছোৱালী নাই৷ এতিয়া এজনী পাইছো৷ ভালহে কথা৷ জোঁৱাই মইনাৰ সৈতে আমাৰ
পঞ্চপাণ্ডৱ হ
ল৷

জেঠপেহাকৰ এনে উদাৰতাত
পাহিতা-বেণু গদগদ
 হল৷
জেঠায়েকে মাত লগালে
, ‘বকুল চাপৰিলে বছাৰ পৰা আহিলি যেতিয়া
ঘূৰি যোৱাৰ বাট মাৰি আহিছ৷ আমাৰ ঘৰতে থাক
, খা৷ যিমান দিন
থাক৷ পিছে জেঠায়েৰক কৰি খুৱাব নালাগে
, ঘৰৰ নিচিনাকৈ থাক৷

জেঠপেহাকৰ কথা, ‘মইনা, তোমাৰ কথা শুনিছো৷ বছাত কিমান কাম কৰিছিলা৷ ট্ৰেক্টৰো
চলাইছিলা৷ এতিয়া ইয়াতো বহি থাকিব নালাগে৷ কামত লাগি যাবা৷
এইবুলি
বেণুলৈ গহীনকৈ চাই ক
লে, ‘তুমি মোৰ
কাৰণে কৰিব নালাগে৷ নিজৰ কাৰণে কৰিবা৷ শিমলু তলৰ এপুৰা মাটি বাৰী পাতিবৰ বাবে
উপযুক্ত৷ তাতে বাৰী পাতাঁ৷ শুনিছনে ল
ৰাহঁত, শিমলু তলৰ মাটিপুৰা পাহিতা আৰু মইনাৰ নামত মই দিছোঁ৷ তহঁতে আপত্তি
নকৰিবি৷ জয় সিং তুমি সাক্ষী থাকিলা৷ মইনাহঁতে শালি খেতি চপাওঁতে লাগি দিবা৷ দুটা
মানুহৰ খোৱা আমাৰ ভঁৰালৰ পৰাই আঁটিব৷ শালি পথাৰৰ চিন্তা পিছে পৰে কৰিব লাগিব৷

পাহিতা আৰু
বেণুৱে জেঠপেহাক আৰু জেঠায়েকক গুৱা পাণেৰে মান ধৰিলে৷ জেঠপেহাকে
শ্লোক মাতিলে৷ জেঠায়েকে চকুৰ পানীৰে আশীৰ্বাদ দিলে৷

ভোগদৈৰ ৰঙা
মাটিৰ পৰা গৈ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ বগা মাটিত বেণু-পাহিতাৰ নতুন জীৱন আৰম্ভ হ
ল৷