বৃন্দাবন যাত্ৰা

ধ্ৰুৱকুমাৰ
তালুকদাৰ

 
(এক)
কিন্‌কিনীয়া
এজাক বৰষুণত বাটটো তিতি উঠিছিল। আমি ইজনে সিজনৰ হাতত ধৰা-ধৰিকৈ আহি
আছিলোঁ বৃন্দাবনলৈ…
 
ৰাতিৰ
চৰাইবোৰ গুচি যোৱাৰ
পাছত বৃন্দাবনত ৰাতি পুৱাইছিল। আৰু নাওঁ এখনৰ পৰা
কিছুমান ৰঙা-নীলা কপোৰ যমুনাৰ বুকুলৈ দলিয়াই দিছিল
 
হেমন্তৰ
মেঘবোৰে

 
ৰঙা
কপোৰবোৰ আমি গাত পিন্ধি লৈ
ছিলোঁ আৰু নীলাবোৰ পিন্ধি লৈছিল
বৃন্দাবনবাসীয়ে…
 
(দুই)
পথাৰখন
উদং কৰি গৰু আৰু গৰখীয়াবোৰ বিন্ধা-পৰ্বতৰ তলত সোমাইছিল। বৃন্দাবনত ইমানকৈ বৰষুণ
নামিছিল

 
ভিৰৰ
মাজত আমি কৃষ্ণক দেখা নাছিলোঁ।
  তেওঁ সোহাতৰ কেঞা আঙুলিটোৰে পৰ্বতখন ওপৰলৈ
দাঙি ধৰি আছিল।
 
 
আমি
নন্দৰ ঘৰ পোৱাৰ আগতে এজাক মৌ আকাশলৈ উৰা মাৰিছিল। বৰষুণৰ মাজেৰে…
 
(তিনি)
কৃষ্ণৰ
হেৰাই যোৱা আঙুঠিটো আমি পাই
ছিলোঁ। বৃন্দাবনৰ বাটত …
 
দধি-লৱণু
মথি থকা গোপীসকলে পুৰণি এটা বাটেৰে নন্দৰ ঘৰলৈ আমাক বাট চমুৱাই দিছিল।

‘‘এইফালে আমাৰ কৃষ্ণৰ ঘৰলৈ বেচি দূৰ নহয়।’’
 
মেঘবোৰে
তেতিয়াই কিছুমান হালধীয়া কাপোৰ গোপীসকলে নেদেখাকৈ
 
গছবোৰত
আঁৰি থৈছিল।

 
কৃষ্ণৰ
হেৰোৱা আঙুঠিটো আমি সকলোৱে একো একোটা আঙুলিত পিন্ধি লৈ
ছিলোঁ
আৰু কৃষ্ণৰ হাতত ওভতাই দিয়াৰ কথা ভাবি
ছিলোঁ
 
(চাৰি)
‘‘মূৰত ময়ূৰৰ পাখি, হাতত মোহন বাঁহী, মুখত মনোহৰ হাঁহি’’ লৈ কৃষ্ণ ৰৈ আছিল। 
নন্দৰ
বাটচ
ৰাত। 
 
আমি
গৈ সেইখিনি পোৱাৰ
পাছত তেওঁ আমাক কিছুমান খেল দেখুৱাব। এটা সূৰ্যই আন
এটা সূৰ্যক ধৰি আনিব।
  আৰু আমাৰ আকাশত থকা মেঘবোৰ কাগজৰ  দৰে
পুৰি পেলাব। আজি দুপৰীয়া।

শ্ৰব্য ৰূপ