বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক



(৩০)


বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই
আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ
পৰামৰ্শ দিছিল৷ তেতিয়া তেওঁ নিজৰ কাৰেঙৰ সেৱক এজনক মাতি আনি সেই চৰাইটো দি দিছিল৷
চৰাইটোক মৰমেৰে প্ৰতিপালন কৰিবলৈ অনুৰোধ কৰি বাদশ্বাহে তাৰ কাৰণে প্ৰয়োজনীয়
অৰ্থ-কড়ি ৰাজভঁৰালৰপৰাই দিয়াৰ প্ৰতিশ্ৰুতিও দিছিল৷ লগতে তেওঁ কৈছিল
,

: চৰাইটো মৰমত ৰাখিবা৷ মই
যাতে চৰাইটো মৰাৰ বাতৰি নুশুনো৷ শুনিলে
, বাতৰি দিওঁতাজনৰ
মূৰকে কাটিম৷

দিন গৈ থাকিল৷ চৰাইটোক নতুন
মালিকজনে যিমান পাৰে গুৰুত্ব সহকাৰে প্ৰতিপালন কৰিব ধৰিলে৷ কিন্তু কথা এষাৰ আছে যে
মানুহে পাতে
, ঈশ্বৰে ভাঙে৷

চৰাইটো এদিন হঠাতে মৰি থাকিল৷
মালিকজন ভয়ত ক
লৈ যাওঁ গোপাল, কি কৰোঁ
কৃপাল 
ল৷ সমস্যাটো
, ৰজাক তেওঁ খবৰটো কি সাহসত দিয়ে!
ইফালে খবৰটো বাদশ্বাহক নিদিয়াকৈও থাকিব নোৱাৰি৷

উপায়ান্তৰ হৈ তেওঁ বীৰবলৰ ওচৰ
পালেগৈ৷ গোটেই বৃত্তান্তটো তেওঁ বীৰবলক বিৱৰি ক
লে৷ বীৰবলে কিছু
পৰ চিন্তা কৰি তেওঁক কলে যে বাৰান্দাতে দলিচা এখন পাৰি চৰাইটোৰ শৱটো ওপৰমুৱাকৈ
শুৱাই থওকগৈ৷ বাকীখিনি যি কৰিব লাগে বীৰবলে নিজে কৰিব বুলি প্ৰতিশ্ৰুতি দি তেওঁক
নিৰ্ভয় দি ঘৰলৈ পঠাই দিলে৷

বিয়লি বেলা বাদশ্বাহৰ ওচৰলৈ গৈ
বীৰবলে নিজকে কোৱাদি কৈ কৈ বাদশ্বাহক শুনাই গ
,

: অস্‌‌ অস্‌! মানুহৰো এনে গুণী, পুণ্যাত্মা মই কিন্তু দেখা নাই৷ সাধাৰণ চৰাই এটাহে, অথচ
ইমান ভক্ত! অস্‌ অস্‌! সংসাৰৰ মানুহবোৰো যদি তেওঁৰ নিচিনা হ
লহেঁতেন!

: তুমি কাৰ কথা কৈছাহে বীৰবল? – আকবৰে কৌতূহলী হৈ সুধিলে৷

: ভাটৌ চৰাই এটি জাহাপনা ! অথচ কি
ভক্ত!! কালি আবেলিৰেপৰা ভগৱানকে তপস্যা কৰি আছে৷

বাদশ্বাহ আচৰিত হল৷
কি কয় এই বীৰবলটোৱে! তেওঁ বিশ্বাস নকৰা যেন দেখি বীৰবলে ক
লে,

: আপুনি বিশ্বাস নকৰিলে মই নিজে
আপোনাক তেওঁৰ ওচৰলৈ নি দেখুৱাৱ পাৰোঁ৷ তদুপৰি এনে পুণ্যাত্মা চৰাইটি আপুনি নিজে গৈ
এবাৰ দৰ্শন কৰা উচিত হ
ব জাহাপনা৷

অগত্যা বীৰবলৰ লগত গৈ আকবৰ
সেই  ভাটৌ চৰাইটোৰ তত্বাৱধায়কজনৰ ঘৰ
পালেগৈ৷ বীৰবলে চকুৰ ইঙ্গিতেৰে আকবৰক চৰাইটো দেখুৱালে৷ আকবৰে ভালদৰে চাই-চিতি ক
লে,

: বীৰবল, চৰাইটো দেখোন মৰিল৷

: মৰিল? অস্‌ অস্‌ অতি পুণ্য আত্মা আছিল৷ সেয়েহে তপস্যা কৰি কৰিয়েই গলগৈ দেহি!

বাদশ্বাহে বীৰবল আৰু চৰাইটোৰ
তত্বাৱধায়কজনলৈ চালে৷ তেওঁ বুজি পালে যে আচলতে তত্বাৱধায়কজনক অনাহক মৃত্যুদণ্ডৰপৰা
ৰক্ষা কৰিবলৈ বীৰবলেহে এই নাটকখন কৰিলে৷

(৩১)

বাদশ্বাহক বীৰবলে সদায়ে কয় যে
জ্যোতিষ বিদ্যাক বিশ্বাস কৰিব নালাগে৷ বীৰবলৰ মতে জ্যোতিষে মানুহৰ ভৱিষ্যত
সম্পৰ্কে একো ক
ব নোৱাৰে৷

বাদশ্বাহে কিন্তু বিশ্বাস নকৰে৷

এদিন এজন জ্যোতিষীয়ে বীৰবলৰ মুখৰ
আগতে বাদশ্বাহৰ আৰু কেৱল তিনি বছৰহে আয়ুস আছে বুলি ক
লে৷
লগে লগে  বাদশ্বাহৰ মুখখন শুকাই টেমিটো যেন
হৈ পৰিল
; তেওঁৰ মনটো তেনেই মৰি গল৷

বীৰবলে তেতিয়া জ্যোতিষীজনক সুধিলে,

: বাৰু বাপু! আপুনি কওকচোন, আপোনাৰ আৰু কিমান বছৰ আয়ুস আছে?

জ্যোতিষীয়ে কিবা কিবি গণনা কৰি কলে,
মোৰ আছেগৈ আৰু একুৰি বছৰ৷

বীৰবলে মুহূৰ্ততে তৰোৱাল এখনেৰে
জ্যোতিষীৰ মূৰটো কাটি পেলালে৷ জ্যোতিষী মৰিল৷ আকবৰ আচৰিত হ

আৰু ক
লে,

: বীৰবল! তুমি এয়া কি কৰিলা? নিৰ্দোষী মানুহ এজনক হত্যা কৰাৰ বাবে তোমাৰ শাস্তি কি হব পাৰে জানানে?

: জানো জাহাপনা! মোৰ ওপৰত যি
শাস্তিৰ বিধান হয় হওক৷ কিন্তু মই প্ৰমাণ কৰিলোঁ যে জ্যোতিষীয়ে আনৰ বাদেই
, নিজৰো ভৱিষ্যৎ নাজানে৷ নহলে বিছ বছৰ জীয়াই
থাকিবলগীয়া মানুহটো মুহূৰ্ততে মৰিল কেনেকৈ
?

আকবৰে সেইদিনা মৰ্মে মৰ্মে
উপলব্ধি কৰিলে যে আচলতে জ্যোতিষ
¸বিদ্যা অৰ্থহীন, কুসংস্কাৰ বা অন্ধবিশ্বাসহে৷

(৩২)

দৰবাৰৰ সকলোৱে হকে বিহকে
বাদশ্বাহক প্ৰশংসাৰ ফুলজাৰিৰে ওপচাই থাকে৷ একমাত্ৰ বীৰবলেহে বাদশ্বাহক মাজে-সময়ে
সমালোচনা কৰে বা কৰিবলৈ সাহস কৰে৷

এদিন এজন অমাত্যই বাদশ্বাহক
ঈশ্বৰতকৈও ক্ষমতাশালী বুলি বন্দনা কৰিলে৷ বাদশ্বাহ আনন্দত ফুলি উঠিল৷

বাদশ্বাহৰ লগতে বাকী সভাসদসকলকো
কিছু সাৱধান কৰি দিয়াৰ উদ্দেশ্যে বীৰবলে ক
লে.

: জাহাপনা, আপুনি যে ঈশ্বৰতকৈও শক্তিশালী এইটো কথা আমাৰ ইয়াত উপস্থিতসকলৰ কোনোবাই
প্ৰমাণ কৰিব পাৰিবনে
?

সভাঘৰত কাঁহ পৰি জীণ যোৱা অৱস্থা৷
সকলো গভীৰ চিন্তাত নিমগ্ন হ
ল৷ এবেলা এবেলি কাল পাৰ হোৱাৰ পাছত
বাদশ্বাহে ক
লে,

: বীৰবল! আমি নোৱাৰোঁ৷ তোমাৰ
প্ৰশ্নৰ উত্তৰ তুমিয়েই দিব লাগিব৷

এৰা! বীৰবলে ভাবিলে, বাদশ্বাহকো বুজাব লাগিব যে ঈশ্বৰৰ তুলনাত তেওঁ অতি ক্ষুদ্ৰ; আৰু সভাসদবৰ্গকো তেওঁলোকৰ :ান-বিদ্যাৰ পাহাৰটো যে তেনেই চাপৰ, সেইটো বুজাব লাগিব৷ ইয়াকে ভাবি তেওঁ কলে,

: জাহাপনা! এটা কথা সঁচা যে ঈশ্বৰ
অসীম
,
অনন্ত৷ তেওঁৰ সাম্ৰাজ্যখনো ডাঙৰ, সীমাহীন৷
তেওঁৰ সাম্ৰাজ্যৰ কাৰোবাক তেওঁ যদি বেয়া পায়
, সেইজনক আন
দেশলৈ খেদি পঠাবৰ শকতি তেওঁৰ নাই৷ কিন্তু আমাৰ জাহাপনাই আমাৰ সতীৰ্থসকলৰ কথামতে
বীৰবলক বেয়া পাই বাৰে বাৰে বেলেগ দেশলৈ খেদি পঠিয়াব পাৰে৷

 

উপসংহাৰ :

পুৰাণত স্যমন্তক মণিৰ কথা আছে৷
মণিটো বোলে য
তে থাকে ততে অসুখ-বিসুখ নহয়,
ধন-সম্পত্তি উভৈনদী হৈ থাকে, –মুঠতে ভালেই ভাল
হৈ থাকে৷

দেশে-বিদেশে বাতৰি এটা প্ৰচাৰ হ
: হিন্দুস্তানৰ সম্ৰাট আকবৰে স্যমন্তক মণি এটা পাইছে৷

খবৰটো সঁচা নে মিছা, ৰজা-প্ৰজা উভয়ৰ মাজতে পৃথিৱী জুৰি চৰ্চা হবলৈ
ধৰিলে৷

তুৰস্কৰ সম্ৰাটে ভাবিলে, এবাৰ নিজে ফুৰিবলৈ যোৱাৰ ছলেৰে খবৰটো সঁচা নে মিছা বুজ লৈ আহিবগৈ লাগিব৷
লগতে পাৰিলে সেই উকমুকৰ পোৱালিটো হাত কৰিব লাগিব৷

ভবামতেই কাম৷ তুৰস্কৰ চুলতান
দিল্লীলৈ আহিল আৰু আকবৰৰ অতিথি হ
লহি৷

সুবিধা বুজি তেওঁ আকবৰক সুধিলে, হিন্দুস্তানৰ শ্বাহেনশ্বাহ আকবৰে হেনো স্যমন্তক মণি এটা পালে?

: হয় পাইছোঁ৷ চাব নেকি?

: চাব খুজিছিলোঁ৷

: সৌৱা মোৰ স্যমন্তক মণি! আকবৰে আঙুলি-ঠাৰেৰে দেখুউৱা পিনলৈ চাই তুৰস্ক সম্ৰাটে দেখিলে, বীৰবলে নিজৰ আসনত বহি তেওঁলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিছে৷

(সমাপ্ত)