বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক

 

পুৰণি ভাৰতৰ
সংস্কৃত ভাষাত লিখা নাটকবোৰত এটা বিশেষ চৰিত্ৰ দেখা যায়৷ বিদূষক বুলি খ্যাত এই চৰিত্ৰটোৰ আন কোনো নাম নাই৷ চৰিত্ৰটোৰ কাম কেৱল ৰজাৰ মন ভাল লগোৱা৷
সাধাৰণতে খুহুটীয়া কথা কৈ ৰাজন্যবৰ্গৰ মন যোগোৱা এই বিদূষক চৰিত্ৰটোৰ কথা কাণ্ডৰ
মাজত যথেষ্ট প্ৰত্যুৎপন্নমতিতা আৰু উপস্থিত বুদ্ধি লক্ষ্য কৰা যায়৷

ভাৰতবৰ্ষৰ
ৰাজনৈতিক বুৰঞ্জীৰ কেইটামান সঁচা চৰিত্ৰ আছে যিকেইটা বহুদূৰ বিদূষকৰ সমপৰ্যায়ৰ৷
মধ্যযুগৰ দিল্লীৰ বাদছাহ আকবৰৰ ৰাজসভাৰ বীৰবল
, কৃষ্ণনগৰ বা বিজয়নগৰৰ
ৰজা কৃষ্ণদেৱৰায়ৰ ৰাজসভাৰ গোপাল ভাঁড় আদি এনে চৰিত্ৰ৷

বীৰবলৰ সময়ত
আকবৰৰ ৰাজসভা আছিল ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ প্ৰতিভাসমূহৰ সঙ্গমস্থলী৷ কবি তুলসীদাস
, গায়ক সুৰদাস, সংগীতজ্ঞ তানসেন আদিৰ লগত থাকি বীৰবলে
কোনো বিশেষ বিষয়ৰ পাৰদৰ্শিতাৰে সম্ৰাটৰ প্ৰিয়পাত্ৰ হোৱা বুলি জনা নাযায়
; কেৱল বুদ্ধিমত্তা আৰু যিকোনো প্ৰসঙ্গকে ৰসময় ৰূপত দাঙি ধৰিব পৰা গুণৰ
বাহিৰে৷ কিন্তু কেৱল এইটো গুণেৰেই বীৰবল ভাৰতৰ সকলো ঠাইৰে সকলো মানুহৰ মাজতে এনেভাৱে চৰ্চিত হ
ল যে সৰ্বসাধাৰণ মানুহৰ বাবে বীৰবল হৈ পৰিল একেবাৰে নিজৰ মানুহ, আপোন মানুহ৷

আচলতে বীৰবলৰ
জন্মস্থান কোনখন
, ইয়াকে লৈ গৱেষকসকলৰ মতভেদ আছে৷ বহুতে কয়
বাৰাণসীত তেওঁৰ জন্ম
; আন বহুতৰ মতে বুণ্ডেলখণ্ডত৷ সি যি
নহওক
, তেওঁ সংস্কৃত, আৰৱী আৰু ফাৰ্ছী
ভাষাত ব্যুৎপত্তি লাভ কৰাৰ প্ৰমাণ আছে৷ বিভিন্ন বিষয়ৰ জ্ঞান
, তীক্ষ্ণ পৰ্য্যবেক্ষণ ক্ষমতা, সৰ্বসাধাৰণ লোকৰ প্ৰতি
মমতাবোধ আৰু ক্ষমতাশালীৰ দ্বাৰা ক্ষমতাৰ অপ ব্যৱহাৰৰ তৎকালিন বিৰোধিতা প্ৰকাশ
,
হাস্যৰসিকতা, বুদ্ধি আৰু ভীতিহীনতাএই আটাইবোৰ গুণৰ সমাহাৰৰ ফলতে বীৰবলে বাদছাহ আকবৰৰ ৰাজসভাৰ
প্ৰধানমন্ত্ৰিত্ব লাভ কৰিছিল৷

বীৰবল শব্দটোৰ
অৰ্থ জ্ঞানী৷ তেওঁৰ জ্ঞান আৰু পাণ্ডিত্যত মুগ্ধ হৈ মহামতি আকবৰেই তেওঁক এই নামেৰে
বিভূষিত কৰিছিল৷ বহুতে কয় যে বীৰবল আছিল ব্ৰাহ্মণ সন্তান৷ তেওঁৰ আচল নাম আছিল
মহেশ৷ বাদছাহ আকবৰে ঘটনাক্ৰমে মহেশক লগ পাই তেওঁৰ ব্যক্তিত্ব
, নিৰ্ভয় মনোভাব আৰু সৰস কথনভঙ্গীৰ দ্বাৰা আকৃষ্ট হৈছিল আৰু সেই পৰিচয়ৰ
আচিলাতে পৰৱ
ৰ্তী সময়ত বীৰবল নামেৰে তেওঁ বাদছাহৰ ছাঁৰ দৰে হৈ
পৰিছিল৷

বীৰবলকেন্দ্ৰিক
বহুতো হাস্যৰসাত্মক ঘটনা তথা গল্পৰ প্ৰচলন আছে৷ এই ঘটনাৱলীত বা গল্পসমূহৰ ব্যক্তি
জীৱন আৰু সমাজ জীৱনৰ বিসঙ্গতি
, সম্ৰাটৰ বুদ্ধিবৃত্তিৰ সমালোচনা আৰু
পৰশ্ৰীকাতৰ সমসাময়িক ব্যক্তিসকলৰ বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰৰপৰা আত্মৰক্ষা কৰি
জোকৰ মুখত চূণ সনাৰ বৰ্ণনা আছে৷ এনে ঘটনাসমূহৰ প্ৰায়বোৰকে তেওঁৰ ব্যক্তিগত জীৱন
জড়িত ঘটনা যেন লাগিলেও এনে হোৱাও অসম্ভৱ নহয় যে আনৰ জীৱনৰ ঘটনাও প্ৰচাৰিত হওঁতে
হওঁতে কালক্ৰমত বীৰবলৰ জীৱনৰ ঘটনাৰূপে প্ৰতিষ্ঠিত হয়গৈ৷ গতিকে ইবোৰৰ কিছুমান
কিম্বদন্তিহে!

ইয়াত বীৰবলৰ
নামত প্ৰচলিত কিছু গল্পৰ লিপিবদ্ধ ৰূপ দিবলৈ যত্ন কৰা হৈছে৷ এইখিনি লিখোঁতে লক্ষ্য
পাঠকৰূপে ভবা হৈছে শিশু আৰু কিশোৰহঁতৰ কথা৷ বুদ্ধি বোলা সম্পদবিধক চোকা কৰি
ৰাখিবলৈ ই নিশ্চয় সহায়ক হ
ব৷


(১)

চিকাৰ কৰাটো
ৰজাসকলৰ বৰ প্ৰিয় কাম৷ মহামতি শ্বাহেনশ্বাহ আকবৰো মাজে মাজে চিকাৰলৈ যায়৷

এদিন হাবিৰ মাজে
মাজে চিকাৰ কৰি ফুৰোঁতে সংগীসকলৰ সৈতে আকবৰৰ খুব পিয়াহ লাগিল৷ বহু বিচাৰ খোচাৰ
কৰিও পানী বিচাৰি নাপাই ৰজাই বাকীসকলক নিৰ্দেশ দিলে যে সোনকালে অৰণ্যৰপৰা বাহিৰলৈ
ওলাব লাগে৷ তেহে কোনোবা গাঁৱৰ মানুহৰ ঘৰৰপৰা পানী খুজি খাব পৰা যাব৷

হাবিখনৰ পৰা
ওলাই ইফালে সিফালে মানুহৰ ঘৰ বিচাৰি ফুৰোঁতে এটা সৰু ল
ৰাই এবোজা খৰি লৈ
গৈ থকা দেখি
 শ্বাহেনশ্বাহে ওচৰতে যে কোনোবা গাঁও আছে সেইটো গম পালে৷ তেওঁ লৰাটোক লগ ধৰি সুধিলে,

: হেৰা ভাইটি; পানী খাব পৰা সুবিধা ওচৰত আছে নেকি বাৰু?
ৰাটোৱে কলে,

: ওঁ আছে৷ সৌ ওখ গছজোপাৰ
ওচৰতে এটা প্ৰকাণ্ড পুখুৰী আছে৷
কিছু দূৰৰ গছ এজোপালৈ
আঙুলিয়াই ল
ৰাটোৱে আকৌ কলে,

: তাতে পানী খাই গছৰ তলত
আপুনি শুবও পাৰিব৷

ৰাটোৰ
কথা শুনি আকবৰে খুব ভাল পালে৷ সেই গছজোপাৰ ফালেই ল
ৰাটোও গৈ
আছিল৷ তেৱোঁ ল
ৰাটোৰ লগে লগে গৈ থাকি সুধিলে,

: হেৰা ভাইটি, তোমাৰ নামটো কি?

:
মোৰ নাম জানি আপোনাৰ কি লাভ হ
? ৰাটোৰ উত্তৰ শুনি আকবৰৰ চকু কপালত উঠিলআও!
পেন্দুকণা ল
ৰা এটাৰ কথাৰ সুৰ শুনাচোন! তেওঁৰ খঙো উঠিল যদিও
মনৰ ভিতৰতে সেই খং সামৰি-সুতৰি থৈ আকৌ ক
লে,

: বাৰু তুমি জানানে,
মই কোন?

: এ… হঁহুৱালে মহোদয়!
আপোনাৰ নামটো জানিলেনো মোৰ কি লাভ হ
ব কওক৷

ই লৰা
কম নহয়৷
সম্ৰাটে ভাবিলে৷

ইতিমধ্যে তেওঁলোক
গৈ পুখুৰীটোৰ ওচৰ পালেগৈ৷ পুখুৰীৰ পানী পান কৰিহে সম্ৰাটে উশাহটো ঘূৰাই পোৱা যেন পালে৷ তাৰ পাছতে তেওঁ ল
ৰাটোক
লে,

:
তোমাক লগ পাই খুব ভাল লাগিল ভাইটি৷ কেতিয়াবা যদি মনত পৰে মোৰ ওচৰলৈ যাবা৷ এইবুলি
তেওঁ নিজৰ নাম লিখা আঙঠি এটা ল
ৰাটোক দিলে আৰু ঘোঁৰাত উঠি
গুচি গ
ল৷

ৰাটোৱে
আঙুঠিটো ঘূৰাই পকাই চাই দেখিলে
, তাত আকবৰৰ নাম লিখা আছে৷

:তাৰ মানে এইজনেই শ্বাহেনশ্বাহ আকবৰ!

লৰাটোৱে ভাবিলে৷
ছেঃ নমস্কাৰ এটাও জনোৱা নহ
ল৷ লৰাটোৰ মনটো বেয়া
লাগি থাকিল৷

তাৰ পাছত বহুত বছৰ পাৰ হল৷
সেই সৰু ল
ৰাটো ইতিমধ্যে পাহোৱাল ডেকা হৈ উঠিল৷ ডেকাৰ নাম
মহেশ৷

লে
কি হ
ব! একো কাম-কাজত লৰাৰ মন নাই৷
দেউতাক নোহোৱা ল
ৰা; খুড়াকে নিজৰ
আশ্ৰয়ত ৰাখি কোনোমতে ইমানটো কৰিছে৷ এতিয়া কাম-কাজ কৰি নিজে যদি চলিব নোৱাৰে তেন্তে
ইয়াৰ ভৱিষ্যত দেখোন তেনেই আন্ধাৰ৷
খুড়াকে ভাবি ভাবি উপায়
নোপোৱা হ
ল৷

এদিন খুড়াকৰ
মৰহি যোৱা মনটো দেখি মহেশে তাৰ কাৰণ জানিবলৈ বিচাৰিলে৷ খুড়াকে তাক কিবা এটা
অৰ্থপূৰ্ণ কামত মনোযোগ দিবলৈ উপদেশ দি ক
লে,

: নহলে মই মৰাৰ পাছত তোৰ দুখ কুলাই-পাচিয়ে নধৰা হ
বোপাই!

:
মই কি কৰিলে আপুনি সুখী হ
ব কওক খুড়া৷ আপুনি যি কৰিবলৈ কয়
মই তাকেই কৰিম৷
মহেশে কলে৷

মহেশ বৰ
বুদ্ধিয়ক আছিল৷ সেইমতে তেওঁ বিনয়ীও আছিল৷ ডাঙৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি
, সৰুৰ প্ৰতি মৰম, সমনীয়াৰ প্ৰতি আন্তৰিকতাএইবোৰ গুণেৰে মহেশ বৰ গুণী লৰা আছিল৷ খুড়াকে মহেশৰ
এনে গুণবোৰ সৰু গাঁওখনতে আৱদ্ধ হৈ থকাটো আশা কৰা নাছিল৷ সেয়ে তেওঁ ক
লে,

:
বোপা মহেশ৷ তই এই সৰু গাঁওখনতে বন্দী হৈ নাথাকিবি৷ বাহিৰলৈ ওলাই যা
; দহজনক লগ পালে নিজেও চহকী
বি আৰু দহজনক সহায়-সাৰথিও কৰিব পৰা হবি৷ তোৰ যিখিনি জ্ঞান-বুদ্ধি হৈছে, সেইখিনি মানুহৰ
সহায়ৰ হকে ব্যৱহাৰ কৰি নিজেও সৎ হৈ থাকি আনকো অসৎ পথৰপৰা উদ্ধাৰ কৰিবলৈ যত্ন কৰগৈ
যা৷

খুড়াকৰ উপদেশ
বাণীয়ে মহেশৰ চকু মুকলি কৰিলে৷ গাঁৱৰ জীৱনৰ সীমাৱদ্ধতাৰ মাজত যে কোনো বৈচিত্ৰ্য
নাই সেয়া মহেশে উপলব্ধি কৰিলে আৰু বিশাল জগতখনৰ প্ৰতি সেই মুহূৰ্তৰপৰাই তেওঁ অনুভৱ
কৰিবলৈ ধৰিলে এক এৰাব নোৱৰা আকৰ্ষণ৷

পিছে যাব কলৈ? কৰিবগৈ কি?

এনে গুণা-গথাঁ
কৰি থাকোতেই মহেশৰ মনত পৰিল শ্বাহেনশ্বাহ আকবৰৰ কথা৷ মহেশ সাহসী হৈ উঠিল৷ 

পিছে শ্বাহেনশ্বাহে জানো মোক মনত ৰাখিছে? – মহেশে ভাবিলে৷

তেওঁ মনত নাই
ৰখা বুলি ঘৰতে বহি থকাতকৈ এবাৰ গৈ প্ৰমাণ চোৱাই ভাল বুলি স্থিৰ কৰি মহেশে এদিন
খুড়াক-খুড়ীয়েকক সেৱা জনাই ঘৰৰপৰা বাহিৰ ওলাল৷

বহু কষ্টকৰ
যাত্ৰাৰ শেষত এদিন মহেশ উপস্থিত হ
লগৈ শ্বাহেনশ্বাহ আকবৰৰ দৰবাৰ
বা ৰাজসভাত৷ গাঁৱৰ সহজ-সৰল প্ৰকৃতিৰ মাজৰপৰা যোৱা মহেশৰ চকুত ৰাজ-দৰবাৰৰ উজ্জ্বলতা
আৰু আড়ম্বৰে ছাট্‌ মাৰি ধৰিলে৷ কি কৰিব কি নকৰিব ভাবি নাপাই মহেশ
পাত্ৰ-মন্ত্ৰীসকলৰ পিছফালে চুক এটাত কোঁচ-মোচ খাই বহি থাকিল….

সম্ৰাটে পাত্ৰ-মন্ত্ৰীসকলৰ প্ৰতি
এটা প্ৰশ্ন প্ৰক্ষেপ কৰিলে
,

: জগতৰ আটাইতকৈ ধুনীয়া ফুল
কোনপাহ
?

সভাসদসকলে এজন এজনকৈ প্ৰায়
আটাইবোৰ ফুলৰে নাম ক
লে৷ শ্বাহেনশ্বাহ কিন্তু সন্তুষ্ট নহল৷

দৰবাৰ কাঁহ পৰি জীণ গল৷ সকলো তলমূৰ হৈ থাকিল৷
মহেশ গাঁৱৰ ল
ৰা হলেও সাহসী আছিল৷
তেওঁ এখোজ-দুখোজকৈ আগবাঢ়ি গৈ সম্ৰাটৰ সিংহাসনৰ ওচৰত আঁঠু লৈ ক
লে,

: অপৰাধ হলে মাৰ্জনা কৰিব জাহাপনা৷ মোৰ মতে সকলো ফুলৰ ভিতৰতে সুন্দৰ হৈছে কপাহ ফুল৷

কপাহ
ফুল
’! সভাসদসকলৰ মাজত গুণগুণনি সৃষ্টি হল৷ এজনে কলে, ‘কি হে মূৰ্খ
ডেকা! যি ফুলৰ গোন্ধ-ভাপ একো নাই
, ৰং নাই, সি আকধুনীয়া ফুল বুলি কোনখন শাস্ত্ৰত পালা?’

শ্বাহেনশ্বাহে সকলোকে মনে মনে থাকিবলৈ
ইঙ্গিত দি সুধিলে
,

: বাৰু কোৱাঁচোন ডেকা!
তোমাৰ কথাষাৰ যুক্তিৰে প্ৰমাণ কৰিব পাৰিবা
?

:
জাহাপনা৷ আপোনাৰ ওচৰত যেনেকৈ যুক্তিহীন কথাৰ মূল্য নাই. তেনেকৈ মোৰ ওচৰতো নাই৷ যাৰ
গুণ আছে তাকে সুন্দৰ বোলা হয়৷ কপাহৰ পৰা আপোনাৰ সিংহাসনৰ গাদী তৈয়াৰ কৰা হয়
,
কপাহৰ আঁহেৰে তৈয়াৰী সূতাৰে আমি পিন্ধা কাপোৰ-কানি প্ৰস্তুত কৰা হয়৷
আন কোনবিধ ফুলে আমাৰ লাজ ঢাকিব পাৰে কওকচোন জাহাপনা!

ডেকাৰ উত্তৰে শ্বাহেনশ্বাহকে নহয়, সভাসদসকলকো নিৰুত্তৰ কৰিলে৷ তেতিয়া শ্বাহেনশ্বাহে তেওঁৰ পৰিচয় সোধাত তেওঁ বহু বছৰৰ আগৰ কাহিনীটো
কৈ শ্বাহেনশ্বাহে দিয়া আঙুঠিটো দেখুৱালে৷

বাদশ্বাহ
আনন্দিত হ
ল৷ সেইদিনাৰপৰাই মহেশক বাদশ্বাহে নিজৰ অন্যতম সভাসদৰূপে
নিযুক্তি দিলে৷


(ক্ৰমশঃ)