বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক


()


সময়ৰ লগে লগে
মহেশৰ বুদ্ধি আৰু জ্ঞানৰ ওচৰত শ্বাহেনশ্বাহৰ দৰবাৰৰ বাকীসকল সভাসদ মোলান পৰি গ
ল৷

মহেশ পূৰ্বতকৈও
বেছি সাহসী হৈ উঠিল৷ একে সময়তে মানুহৰ সততা আৰু শঠতাৰ মাজৰ পাৰ্থক্যও মহেশে বেছিকৈ
বুজিব পৰা হৈ আহিল৷

সভাসদসকলেই নহয়, মাজে সময়ে মহেশৰ বাক্‌পটুতা আৰু বুদ্ধিৰ ওচৰত স্বয়ং শ্বাহেনশ্বাহ আকবৰো জব্দ হবলৈ ধৰিলে৷ মহেশৰ তীব্ৰ বিদ্ৰুপ ভৰা বাক্য একোটাই আকবৰৰ কাম-কাজৰ
বিসঙ্গতিকো ধৰা পেলাবলৈ সক্ষম হ
ল৷

সাধাৰণ ৰজা হোৱা
লে মহেশক কোনোবাদিনা আকবৰে হত্যাই কৰালেহেঁতেন; কাৰণ
আকবৰ মহেশৰ কথা-কাণ্ডৰপৰা মাজে মাজে লজ্জিত হ
বলৈ বাধ্য
হৈছিল৷ মাজে মাজে তেওঁ মহেশক এৰাই চলিবলৈও যত্ন কৰিছিল৷

কিন্তু আকবৰ
আছিল উদাৰ আৰু গুণীৰ গুণ বুজা লোক৷ তেওঁ জানিছিল যে ফটা কঁথাতহে সোণ থাকে৷

এতেকে দেখিবলৈ
বৰ সুন্দৰ নাছিল যদিও মহেশৰ মনৰ সুন্দৰতা আৰু জ্ঞানৰ গভীৰতা লক্ষ্য কৰি আকবৰে
মহেশক নতুন নাম এটাৰে বিভূষিত কৰিলে
: বীৰবল৷ অৰ্থাৎ
জ্ঞানীলোক৷

কালক্ৰমত মহেশ
নামটো তল পৰিল৷ সকলোৱে মহেশক বীৰবল বুলিহে চিনি পোৱা হ
ল৷

 

(৩)

মাজে মাজে
এনেকুৱা ঘটনা একোটা ঘটে যে বীৰবলক শ্বাহেনশ্বাহে বেয়া পাই যায়৷ তেতিয়া দৰবাৰৰপৰা
বীৰবলক বাহিৰ কৰি দি সম্ৰাটে কয়
:

:
তুমি ওলাই যোৱা বীৰবল৷ আৰু কোনোদিনে মই তোমাৰ মুখ চাব নোখোজো৷

বীৰবল ওলাই আহে৷
কেইদিনমান নিজৰ ঘৰতে সোমাই থাকে৷ দুদিনমানৰ মূৰত শ্বাহেনশ্বাহৰ কটকী আহি কয়হি
,

: মন্ত্ৰীবৰ, আপোনাক শ্বাহেনশ্বাহে দৰবাৰলৈ মাতিছে৷

বীৰবল এনেভাৱে
দৰবাৰ পায়গৈ যেন তেওঁ নোৱৰাতহে গৈছে! তেতিয়া শ্বাহেনশ্বাহে ধন-সোণৰ উপহাৰ দি বেয়া
নাপাবলৈ ওভোটাই বীৰবলকহে খাটনি জোৰে৷

বীৰবলে মনৰ
ভিতৰতে হাঁহি এটা মাৰে৷ কোনেও নেদেখে৷

 

()

ভাৰতবৰ্ষৰ
নিচিনা প্ৰকাণ্ড দেশ এখন চলোৱা মুখৰ কথা নেকি
? নহয়৷ শ্বাহেনশ্বাহ আকবৰৰো
দেশ চলাই চলাই মাজে মাজে ভাগৰ লাগে৷ ভাগৰ পলুৱাবলৈ তেওঁ যমুনা নৈৰ পাৰত এটা চালে
চকু ৰোৱা মনোৰম ভৱন নিৰ্মাণ কৰিলে আৰু তাতে মন ভাল লগাব পৰা গান-বাজনাকে ধৰি সকলো
ব্যৱস্থা কৰি ল
লে৷

মাজে মাজে ৰাজ
কাৰেঙৰ পৰা গৈ পাত্ৰ-মন্ত্ৰীৰ সৈতে তেওঁ কেইটামান দিন তাতে কটায়গৈ৷ সেই কেইদিন
ৰাজ্যশাসনৰ একো কথাকে তেওঁ চিন্তা নকৰে
– তেহেলৈ বামুণেই মৰক বা
লগুণেই ছিগক৷ যমুনাৰ পানী চুই বৈ যোৱা শীতল মলয়াই যেতিয়া সেই ভৱনত বাদশ্বাহৰ শৰীৰ
জুৰ পেলায় তেতিয়া তেওঁ হৈ পৰে জগতৰ আটাইতকৈ সুখী মানুহজন৷

সেই কেইদিন
প্ৰজাসকলৰ যি আহি যিহকে বিচাৰে শ্বাহেনশ্বাহে তাকে দিয়ে
; কাকো বিমুখ নকৰে৷
সুখী হওক৷ চব সুখী হওক৷

তেনে দিন এটাৰে
ঘটনা৷ মজলিছ চলি আছে৷ উপস্থিত সকলোৱে শ্বাহেনশ্বাহৰ সৈতে আনন্দত ভাগ লৈছে৷ বীৰবলে মন
কৰিলে
,
তো যেন কোনো মানুহৰ কোনো সমস্যা নাই;
কাৰো যেন অসুখ বিসুখ, অকাল মৰণ হোৱা নাই!

এনে আনন্দ উলাহ
ভাল নাপালেও বীৰবলে শ্বাহেনশ্বাহৰ বিৰোধিতা নকৰে৷ ৰজা-মহাৰজাসকলৰ বিভিন্ন ধৰণৰ
খেয়াল-খুচি থাকে৷ থাকিবই৷

হঠাৎ মহাৰাজে
সোঁহাতখন দাঙিলে৷ গান-বাজনা বন্ধ হ
ল৷ সভাসদসকল সাৱধান হবতো নোৱাৰি সম্ৰাটৰ খঙেই
উঠিছে নে তেওঁৰ মনত নতুন প্ৰশ্নৰে উদয় হৈছে৷

আকবৰে মাৰ্বলৰ
মজিয়াত তুলিকা এডালেৰে এডাল আঁচ টানিলে৷ সকলোৱে তেওঁৰ প্ৰশ্ন শুনিবলৈ উৎকৰ্ণ হৈ ৰ
ল৷
বীৰবলো৷

: শুনা সভাসদগণ!
বজ্ৰৰ দৰে কঠোৰ মাতেৰে আকবৰে ঘোষণা কৰিলে,

: এই ৰেখাডাল
চুটি কৰি দিব লাগে৷ কিন্তু কোনেও ইয়াৰ সামান্য অংশও মচিব নোৱাৰিব৷

ইজনে সিজনৰ
মুখলৈ চালে আৰু তলমূৰ কৰিলে৷ আটায়ে৷ বীৰবলে কিন্তু কেৱল ৰেখাডাললৈ চায়েই তধা লাগি
ল৷ আকবৰে সুধিলে, সভাসদসকল! পাৰিবনে? কোনেও মূৰ তুলি চাবলৈ সাহস নকৰিলে৷

সম্ৰাটে আকৌ কলে,
যিসকলে নোৱাৰে নিজৰ নিজৰ হাত দাঙক৷

দাঙো নাদাঙোকৈ
সভাসদসকলে ইখনৰ পাছত সিখনকৈ হাত দাঙি গ
ল৷ সম্ৰাটে দেখিলে,
কেৱল বীৰবলৰ বাহিৰে বাকী আটায়ে হাত দাঙিলে৷

গোঁফকোছাৰ তলেদি
মিহি হাঁহি এটা মাৰি আকবৰে বীৰবলক সুধিলে
,

: বীৰবল! তুমিযে
হাত নাদাঙিলা
?

বীৰবলে একো নকলে৷
কেৱল দুয়োখন হাত যোৰ কৰি সম্ৰাটক শ্ৰদ্ধা-সম্ভাষণ জনালে আৰু সম্ৰাটৰ সন্মুখৰ ৰঙৰ
টেমি এটাৰপৰা তুলিকা এডালত ৰং অকণ লৈ সম্ৰাটে অঁকা আঁচডালৰ ওচৰতে আন এডাল দীঘল আঁচ
টানিলে৷

হয়৷ সম্ৰাটে
অঁকা আঁচডাল চুটি হৈ গ
ল৷

বীৰবলে
তুলিকাডাল থৈ পুনৰ শ্বাহেনশ্বাহক নমস্কাৰ জনাই নিজৰ আসনত বহিলহৈ৷ মুখেৰে তেওঁ এষাৰো
কথা নক
লে৷

হঠাৎ আকবৰে হাত
চাপৰি বজাবলৈ আৰম্ভ কৰিলে৷ লগে লগে ক্ৰমশঃ বাকীসকল সভাসদেও৷

বীৰবলে থিয় হৈ
পুনৰ সকলোকে সম্ভাষণ জনালে৷

()

এদিন ৰাজদৰবাৰত শ্বাহেনশ্বাহে সমজুৱাসকললৈ এটা প্ৰশ্ন নিক্ষেপ কৰিলেআটাইতকৈ প্ৰিয় কি বা কোন?

বিভিন্নজনে
বিভিন্ন উত্তৰ দিলে৷ সৰহ সংখ্যকে ক
লে যে মাক-দেউতাকৰ বাবে
সন্তানতকৈ প্ৰিয় আৰু একো হ
ব নোৱাৰে৷ এই কথাষাৰ বাদশ্বাহৰ
মনঃপুত হ
ল৷

পিছে বীৰবলৰ
মুখখন দেখি সম্ৰাট আচৰিত হ
বীৰবলে যেন এই
উত্তৰটো মানি ল
ব পৰা নাই৷ এনেকুৱা লাগিল আকবৰৰ৷ তেওঁ সুধিলে,

: কি হেবীৰবল? নিজে উত্তৰ দিব নোৱাৰিলা নাই৷ আনৰ উত্তৰটোক
লৈও তুমি সন্তুষ্ট হ
ব পৰা নাই যেন লাগিছে কিয়?

বীৰবলে হাতযোৰ
কৰি ক
লে,

: জাহাপনা! মোৰ
মনত উত্তৰ এটা জন্ম হৈছে ঠিকেই
; কিন্তু সৰহভাগৰে মতৰ আগলৈ ওলাবলৈ সি
লাজ কৰিছে৷

: কোৱাঁ কোৱাঁ৷
নিৰ্ভয়ে কোৱাঁ৷
বাদশ্বাহে কলে৷

: জাহাপনা! বীৰবলে কবলৈ ধৰিলে, মোৰ
উত্তৰটো আপুনি হয়তো ভাল নাপাব৷ কিন্তু মোৰ মতে সকলোৰে আটাইতকৈ প্ৰিয় বস্তু নিজৰ
প্ৰাণটোহে৷

বাদশ্বাহে চকু
ঘোপা কৰি বীৰবললৈ চালে আৰু সুধিলে৷

: তুমি তোমাৰ মত
প্ৰমাণ কৰিব পাৰিবানে
?

: যত্ন কৰিম
জাহাপনা৷
বীৰবলে সবিনয়ে কলে৷

পাছদিনা
বীৰবলে জাহাপনা আৰু পাত্ৰ-মন্ত্ৰীসকলক লৈ চিৰিয়াখানাত সোমালগৈ৷ ঘূৰি পকি এটা সময়ত
তেওঁলোকে দুটা পোৱালিৰ সৈতে খেলি থকা বান্দৰী এজনী দেখিলে৷ বীৰবলে জাঁপ মাৰি গৈ
মাকজনীৰ পৰা পোৱালি দুটা কাঢ়ি দ গাঁত এটাত পেলাই দিলে আৰু লগে লগে ক
ৰবাৰপৰা
দুজন কৰ্মী
 আহি গাঁতটোত পানী ঢালিবলৈ ধৰিলে৷

সম্ৰাটে বীৰবলক
তিৰস্কাৰ কৰিলে : ই কেনে ব্যৱহাৰ বীৰবল
? বন্য পশুৰ ওপৰত তোমাৰ
এনে নিৰ্দয় আচৰণ কিয়
?

বীৰবলে
নামাতিলে৷ তেওঁ কেৱল ক
ৰ্মী দুজনক পানী ঢালি থাকিবলৈ ইঙ্গিত দি
থাকিল৷

সম্ৰাটে ভাবিলে, ই নিশ্চয় বীৰবলৰ কিবা নাটকেই হব৷ নাটকখন শেষলৈ চাবলৈ তেওঁ সাজু হল৷

মাক
বান্দৰীজনীয়ে দেখিলে যে তাইৰ পোৱালি দুটা মৰিব এতিয়া! লগে লগে তাই নিজেও গাঁতটোত
জাঁপ দিলে আৰু পোৱালি দুটাক উদ্ধাৰ কৰিবলৈ যত্নপৰ হ
ল৷

সঙ্গোপাঙ্গসকলে
লে,

: দেখিছে
জাহাপনা
?
পুত্ৰ-কন্যাৰ সমান প্ৰিয় যে কোনো নাই ইয়েই প্ৰমাণ৷

: বীৰবল! সম্ৰাটে কলে, সন্তানতকৈ প্ৰিয়
আৰু আন কোনো হ
ব নোৱাৰে৷

বীৰবলে কৰ্মী দুজনক পানী ঢালিয়েই থাকিবলৈ নিৰ্দেশ দি থাকি কলে,

: নাটকখনৰ শেষ
দৃশ্যটো চাই লওকচোন জাহাপনা!

আকবৰে দেখিলে, বান্দৰীজনীয়ে পোৱালি দুটাক নিজৰ মূৰৰ ওপৰত তুলি ৰক্ষা কৰিব খুজিছে৷ ইফালে
বীৰবলৰ নিৰ্দেশত ক
ৰ্মীদ্বয়ে গাঁতটোত পানী ভৰায়েই  আছে৷

এটা সময়ত
বান্দৰীজনী নিজেও ঠাৱৰিব নোৱৰা হ
ল৷ পোৱালি দুটাক ৰক্ষা কৰাৰ চেষ্টা
বাদ দি এইবাৰ তাই নিজে গাঁতটোৰপৰা পাৰলৈ উঠিবলৈ যত্ন কৰিবলৈ ধৰিলে৷

বীৰবলৰ নিৰ্দেশত
ৰ্মী দুজনে পানী ঢলা বন্ধ কৰিলে আৰু মাক আৰু পোৱালি তিনিওকে উদ্ধাৰ কৰি পাৰলৈ
তুলিলে৷

বীৰবলে সম্ৰাটক
সুধিলে : জাহাপনা
, সন্তানতকৈ প্ৰিয় একো নাই বুলি এতিয়াও
আপুনি ভাবেনে
?

আকবৰে বীৰবলৰ মত
দ্বিধাহীনভাৱে মানি ল
লে৷ বাকীসকলক সভাসদেও৷

(৬)

জাৰকালি৷ সকলোৱে
জোতা
,
টুপিকে ধৰি গৰম কাপোৰেৰে নিজৰ শৰীৰ গৰম কৰি ৰাজ দৰবাৰলৈ গৈছে৷

বীৰবলো৷

পিছে আটায়ে
আচৰিত হ
ল৷ স্বয়ং শ্বাহেনশ্বাহে দেখোন জাৰ গুচাব পৰা কানি-কাপোৰ একো পিন্ধা নাই! কিয়?
সকলো সভাসদেই ইজনে আনজনক সুধিবলৈ ধৰিলে৷

বীৰবলে কিন্তু
কিবা এটা ৰহস্যৰ গোন্ধ পালে৷ আজি নি
শ্চয় শ্বাহেনশ্বাহৰ কিবা মতলব আছে; নহলে এনে হাড় কঁপোৱা জাৰৰ দিনত এনেকৈ থাকিব কিয়৷

শ্বাহেনশ্বাহে সকলোলৈকে চাই 
হাঁহি এটা মাৰিলে৷ তাৰ পাছত অন্তেষপুৰৰ ফালে ইঙ্গিত দিলে৷ লগে লগে এজন
সেৱকে শৰাই এখনত কিবা আনি শ্বাহেনশ্বাহৰ সম্মুখত থৈ গুচি গ
ল৷

শ্বাহেনশ্বাহে সভাসদ
এজনক মাতি শৰাইখনত কি আছে চাবলৈ ক
লে৷

: জাহাপনা, এইখন দেখোন এখন কম্বল! সভাসদজনে কলে৷

: সেইখন
মেলকচোন৷
বাদশ্বাহে নিৰ্দেশ দিলে৷

সভাসদজনে
কম্বলখন মেলিলে৷ ই কি
? প্ৰায় এহাত বহল আৰু সমান দীঘল এইখন কম্বল
নে হাত মচা ৰুমাল
?

: শুনক
সভাসদসকল!
– শ্বাহেনশ্বাহৰ গুৰুগম্ভীৰ কথা শুনি দৰবাৰ নিতাল মাৰিলে৷
তেওঁ কৈ গ
,

: এইখন কম্বল
মোৰ শৰীৰত এনেকৈ দিব লাগে যাতে মোৰ জাৰ গুচে৷ পাৰিবনে
?

এইজনে কয় কি! সভাসদসকলে ফুচ্‌ফুচনি তুলিলে, ৰুমালখনৰ সমান
কম্বলখনেৰে বাৰু ইমান ওখ-ডাঙৰ মানুহজনৰ জাৰ গুচাব পাৰিনে
?

নোৱাৰি!
নোৱাৰি!! কোনোপধ্যেই  নোৱাৰি!

আটায়ে হাৰ
মানিলে৷

তেতিয়া বীৰবল
নিজৰ আসনৰ
ৰা উঠিল আৰু সিংহাসনৰ ফালে এখাজ-দুখোজকৈ আগবাঢ়িল৷

সমজুৱাসকলে আকৌ
ইজনে সিজনে চোৱাচুই কৰি ফিচিঙা ফিচিঙি কৰিবলৈ ধৰিলে : অসাধ্য সাধন কৰিবলৈ গৈছে
চোঁৱা! পাৰিবহে যেনিবা!

বীৰবলে সম্ৰাটক
প্ৰণাম কৰিলে আৰু কম্বল টুকুৰা লৈ আথেবেথে সম্ৰাটৰ ভৰিৰ পতা দুখন ঢাকি দিলে৷

সম্ৰাট আনন্দিত
ল৷ বীৰবলো পুৰস্কৃত হল৷

বাকীসকল সভাসদৰ
মুখবোৰ ৰঙাচিঙা পৰিল৷ লাজত৷