আমেৰিকান কবি থিঅ’দৰ হ্যুব্নেৰ ৰ’থ্কে : জীৱন এষণা আৰু কাব্যবীক্ষা
ৰুদ্ৰ সিংহ মটক বিশ্বখ্যাত আমেৰিকান কবি থিঅ’দৰ হ্যুব্নেৰ ৰ’থ্কেৰ জন্ম (১৯০৮-১৯৬৩) মিচিগানৰ চাগিন’ত। তেওঁৰ পিতৃ অট্ট’ ৰ’থ্কে আৰু খুৰাকৰ আছিল এটা গ্রীন হাউছ। শিশু হিচাপে তেওঁ বেছিভাগ সময় এই গ্রীন হাউছতে কটাইছিল৷ সেয়ে তেওঁ প্রকৃতি আৰু নিসৰ্গক খুব কাষৰ পৰা…