বিড়াল
নীলোৎপল বৰুৱা দণ্ডপাণি শইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গিজাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন। নতুবা শোঁটোৰা-শোঁটোৰি টান ছালৰ স্ফীংছৰ মেকুৰী এটা আহিলহেঁতেন টোকেন হিচাপে। অৱশ্যে বুঢ়াই ইচ্ছা কৰিলে পাৰে। বহুত কিবা কিবিয়েই পাৰিলেহেঁতেন। কাজাখস্তানৰ প্ৰত্যন্ত…