Category অন্যযুগ, ফেব্ৰুৱাৰী, ২০২৪

স্বদেশ-স্বজাতিৰ উন্নতিকল্পে সৰল বাস্তৱিক এটা প্ৰস্তাৱ

    ধৰে নে জনম কেৱে এই মৰতত শিলাময় কৰি তাৰ হিয়া? এয়ে মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া? নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ৷ আনহে নালাগে দেশ মানেনো কি, এই ধাৰণা নোহোৱাজনেও নিজৰ দেশখনক ভাল পায়…

কাফন

 ছালমা জামান ( মোৰ মৃত্যু কামনা কৰাসকললৈ )   তীব্ৰ ভয়ত আন্ধাৰ গভীৰলৈ নামে   পোহৰে নোসোধে আন্ধাৰত যি দেখোঁ বিদ্ৰুপৰ সুৰত উদ্বেলিত আকাশ পৃথিৱী এটা নষ্ট অতিশব্দ বুলড’জাৰেৰে ভাঙে পৰুৱাৰ বাহ মোৰ পৰা তোমালৈ যিমান দূৰত্ব মোৰ পৰা মোলৈও…

নদীৰ মোহত বন্দী গাভৰুজাক

লক্ষীপ্ৰসাদ ৰেগন   পাৰতে গাগৰি এৰি নামিছে গাভৰুজাক বোঁৱতী নদীত পানী কাউৰীৰ দৰে শুভ্ৰ বুকু তিয়াই আৰম্ভ হ’ল খিলখিল হাঁহি   তাৰে মাজৰ কোনোবাজনী যেন ৰাধাহে সকলোৱে বিভোৰ এতিয়া যমুনা তীৰত   পাৰৰ গাগৰি অতিষ্ঠ হৈ পাৰতে লুটি-বাগৰ মাৰিছে এতিয়া…

হোমেন বৰগোহাঞিৰ কথা-সাহিত্যত প্ৰতিফলিত অসমীয়া গ্ৰাম্য জীৱন : এটি বিশ্লেষণ

 কিশোৰ দাস কোঁৱৰ অসমীয়া সাহিত্যৰ মহীৰূহৰ স্বৰূপ হোমেন বৰগোহাঞি এজন যথাৰ্থ সাহিত্যিক৷ ‘ৰামধেনু’ যুগৰপৰা আৰম্ভ কৰি তেওঁৰ সৃষ্টিৰাজিয়ে বিশেষকৈ বৰগোহাঞিদেৱৰ কথা-সাহিত্যই সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যৰ এক বুজন অংশ দখল কৰি আছে৷ বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-…

তৰমুজৰ দৰে

 নিৰু দত্ত   চৰাইৰ কিচিৰ-মিচিৰ আৰু স্তুতিগীতত সাৰপোৱা ফেঁহুজালি এটা বুকুত জীয়ন দি থ’লোঁ ।   কথাবোৰে খলখলাই বাট নোপোৱা দিনবোৰত তৰমুজৰ ভিতৰত মনটো ভৰাই  উদং হৈ  চৰাই হ’লোঁ। ৰজা চৰাই এটাই নিলিখা কিতাপখন মেলি ধৰে “মুকলি-মূৰীয়া চৰাই বিনন্দীয়া তথাপি…

ক’ৰবাত কিবা এটা ঘটিছে

বন্দনা কৌশিক বৰদলৈ   ইয়াৰ পাছত, শেষৰ বাহিৰে বেলেগ একো নাথাকিব বুলি ভাবিয়েই হ’বলা বুৰ যাব খোজা  বেলিৰ ৰঙেৰে কৰুণ হৈ উঠিছিল তোমাৰ মুখ   দুখন হাতৰ এখন আন এখনৰ পৰা বিচ্ছিন্ন হোৱাৰ যি ভয় সেই ভয়ত ঘামখিনি বৰপুণি হয়…

আৱেগিক মানুহবোৰ ফেৰীৱালা

ৰিপুঞ্জয় বৰুৱা ঋমন   যোৱাটো এপ্ৰিলৰ অপূৰ্ণ শব্দবোৰ উটুৱাই থৈ উভতি অহাৰ পৰত নখদীঘল নৈখনে কৈছিল   হাত সাৰিবলৈকে কিছুমান কথা নোকোৱাই ভাল হাত সাৰিবলৈকে কিছুমান স্মৃতি নোহোৱাই ভাল হাত সাৰিবলৈকে কিছুমান দুখ সাঁচি ৰখা ভাল হাত সাৰিবলৈকে কিছুমান পথ…

মৰাৰ পাছত থাকিব কি

 ধ্ৰুৱকুমাৰ তালুকদাৰ   বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে… তাৰ হাতত শগুনৰ চিঠি   মই পঢ়িব নাজানো, লিখিবলৈ শিকা নাই আখৰ মানুহ মৰি যাম, মৰাৰ পাছত থাকিব কি নিজৰ বুলি যি আছে হাড়-ছাল-মঙহ জুয়ে পুৰিব…   সত্যত থাকোঁ, সত্য…

উঁইচিৰিঙাৰ শ্ৰুতলিপি

 জোনমণি দাস   ১. সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল জাক হেৰুওৱা চৰাইটোৰ মাত, উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল তুলসী তলৰ চকুটো।   ২. নিয়ৰে নিজান কৰা এই ৰাতি মোৰ বুকুতে আছেহি বহি এটি বুলবুলি,   ফুলবোৰে ফুচফুচাই…

ছেহল’ম ফ্ৰেডমেনৰ দুটি কবিতা

অনুবাদ : ড° ৰঞ্জিত দত্ত কবি পৰিচয় :  ছেহলম ফ্ৰেডমেন(Shalom Freedman) এজন আমেৰিকান – ইজৰাইলী কবি আৰু চিন্তাশীল লেখক।এজন ইহুদী সাহিত্যিক হিচাপে  তেওঁ মূলত: মানুহ আৰু ভগৱানৰ সেৱাৰ লগতে  মানুহৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ কৰ্মপন্থাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা  সাহিত্য…