মহিষমৰ্দিনী আই কাত্যায়নী
নিৰু দত্ত পালেহি আহিনমাহ অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি সপ্তমী অষ্টমী তিথি দশমীত কৰোঁ বিসৰ্জন। যুগে যুগে ধৰণীতে তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ নহওঁ নকল নবীছ আই তুমি বিপদ-বাৰক। শৰতত বসন্তত ধৰালৈ নামিবা দেই বৰণীয়া ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা পদুম ধুঁতুৰা…