Category অন্যযুগ, মাৰ্চ, ২০২১

লালন ফকিৰ : হিন্দু নে যৱন?

আহমদ ছফা  বাংলা মূলৰ পৰা অসমীয়ালৈ অনুবাদ: বাসুদেব দাস  গভীৰ পৰিচয় উদ্‌ঘাটনৰ ক্ষমতা আমাৰ নাই। আমি আটায়ে লালন ফকিৰৰ সম্পৰ্কে যিখিনি জানো, তাকেই আকৌ নতুনকৈ উল্লেখ কৰিব খুজিছোঁ। লালনৰ সম্পর্কত এটা কিংবদন্তী চলি আহিছে। লালনৰ জন্ম হৈছিল এটা ব্রাহ্মণ পৰিয়ালত।…

চাৰি মাহৰ মালিতা

প্ৰশান্ত মিশ্ৰ  ১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন শাওণৰ দুপৰীয়া ডোং এটাৰ পাৰতভেকুলী এটাই পোক এটা ধৰিছিলসৰু ঢৌ তড়িৎ বেগেৰে এডাল সাপপথাৰৰ আলিৰ বোকাত ভেকুলীটোআৰু এটা দীঘল জাঁপডাঙৰ ঢৌ এহাল ফেঁচু চৰাই উৰি ফুৰিছিল ধৰাত মেঘৰ চকুলো বোকা পানীতেই আশাশস্যৰ কোমল বুকুতমেঘৰ অশ্ৰুত গজালি মেলা সপোন ফলি-পুথিৰ শাওণৰ পথাৰ ভেকুলীপোকসাপফেঁচু…

পাঠাগাৰ

উশাহৰ মাজত ড° অমৰজ্যোতি চৌধুৰী৷  পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে, অসমীয়া সাহিত্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ চুটিগল্প এইটো৷ উশাহৰ মাজত৷ দেশ-কাল-ভাষা-সমাজ-জাতি নিৰ্বিশেষে মানুহৰ জীৱনত ঘটি থকা সংঘাতজৰ্জৰ অনেক সংঘটনৰ ই এক ৰূপকধৰ্মী বিবৃতি৷…

নৱীন কবিলৈ চিঠি

 Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা নৱম পত্ৰ ফুৰবৰ্গ, জনচেৰেভ, চুইডেন ৪ নৱেম্বৰ, ১৯০৪         মৰমৰ কাপ্পাছ, ভালেমান দিন এখনো চিঠি নিলিখাকৈয়ে পাৰ হৈছে৷ তাৰ কাৰণ হৈছে, এহাতে ভ্ৰমণ আৰু আনহাতে ব্যস্ততাৰ…

পাহাৰৰ গাৰে নামি অহা সপোন

      অজিত ছিংনাৰ গাঁওখনৰ পৰা কিছু নিলগত থকা জুৰিটোৰ পানী লংচৰেৰে পাহাৰৰ গাৰে অকাই-পকাই আনি ঠিক এইখিনিতে পেলোৱা হৈছে৷ ঠাইখিনিত এটা সৰু জুৰি আছে যদিও খৰালি কালত পানী  প্ৰায়ে নোহোৱা হৈ যায়৷ এই সময়খিনিত লংচৰৰ পানী নহ’লে ৰংপি গাঁৱৰ…

প্ৰসংগ : নাটক

 মূল : গিৰিশ কাৰ্নাড ভাষান্তৰ : বাব্‌লু প্ৰসাদ বৰুৱা আলোচ্য বিষয়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ লোৱাৰ আগতে আমি নিশ্চিত হ’ব লাগিব যে নাটক কি? সাধাৰণতে আমি নাটক বুলি তাকেই কওঁ য’ত বিভিন্ন সংলাপ আছে। কিন্তু এইটো মনত ৰখা গুৰুত্বপূৰ্ণ যে সংলাপ মানে…

আপোনাৰ মূৰ!

অভিজিত শর্মা বৰুৱা আমাৰ মূৰৰ ভিতৰত থকা মূল বস্তু মগজুটো সঁচাকৈয়ে বৰ আচৰিত বস্তু দেই! ই হ’ল আমাৰ লাওখোলাৰ ভিতৰত থকা অলেখ স্নায়ুকোষৰ এক সংগঠন, যি দেহৰ ভিতৰৰ প্রায় সকলোবোৰ কার্যই পৰিচালনা কৰে। আটাইতকৈ জটিল অংগ মগজু হ’ল কেন্দ্রীয় স্নায়ুতন্ত্রৰ…

চাউলকঠা, নাটকথা

লোপামুদ্ৰা ভট্টাচাৰ্য প্লেটফৰ্মখন জনশূন্য। নিশা ন বাজিছে। সি আৰু তাৰ লগৰ দুজন গাড়ীৰ ভিতৰতে আছে। ট্ৰেইনখন হয়তো দহমান বজাতহে পাবহি। গাড়ীৰ পৰা নামিলেই মাস্কখন পিন্ধিব লাগিব। সেইখনে মুখখন ঢকাৰ লগতে যেন গোটেই পৰিৱেশটোকে চেপি ধৰে। এনেকুৱাতে ফিৰদৌছদাৰ ফ’ন আহিল। — “কি…

বকচ্ছপৰ ঠিকনা

মূল বাংলা : কান্তাৰভূষণ নন্দী অসমীয়া অনুবাদ : কুমুদ ঘোষ (কান্তাৰভূষণ নন্দীৰ জন্ম ১৯৬৯ চনত অসমৰ নগাঁও জিলাত৷ ডাঙৰ-দীঘল আৰু পঢ়া-শুনা গুৱাহাটীত৷ বৰ্তমান অধ্যাপনাৰ সৈতে জড়িত কান্তাৰভূষণ নন্দী গল্প-আলোচনী ‘যাপনকথা’ সম্পাদনাৰ লগতো জড়িত৷ প্ৰকাশিত গল্প সঙ্কলন ‘কয়েকটি মৃত্যুৰ অসম্পূৰ্ণ বিৱৰণ’৷ গল্পকাৰৰ অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটিৰ অনুবাদৰ আয়োজন৷) চিগাৰেট…

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস

 সমুজ্জ্বল শইকীয়া কল্পবিজ্ঞান উপন্যাস :         অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আন এটি শ্ৰেণী কল্পবিজ্ঞান উপন্যাস বিংশ শতিকাৰ দ্বিতীয়াৰ্ধতহে ৰচিত হয়৷ অসমীয়া ভাষাত কল্পবিজ্ঞান উপন্যাস পোনপ্ৰথমে প্ৰকাশ হৈছিল ১৯৬০ চনত ‘আমাৰ প্ৰতিনিধি’ কাকতত৷ ডঃ বিজয়কৃষ্ণ দেৱশৰ্মাই লিখা উপন্যাসখনৰ নাম আছিল ‘চন ২৪৬৬,…