পানীৰ তলৰ কাঁইট

 সঞ্জীৱ সভাপণ্ডিত

 

আজিকালি সৰ্বত্ৰ, পৃথিৱী নামৰ গ্ৰহটো ৰক্ষা কৰাৰ কথা কোৱা হৈছে৷ এফালে যাদৱ পায়েঙে গছ ৰোৱাৰ
কথা কৈছে
, এফালে ধৰণীধৰ বড়োৱে গছ কটা বা জীৱজন্তু নিধন কৰাৰ বিপক্ষে কাম কৰি আছে, এফালে সৌম্যদ্বীপ দত্তই প্ৰকৃতিৰ ওচৰলৈ মানুহ যোৱাৰ উদাহৰণ
দেখুৱাইছে
, এফালে চলাপথাৰত মানুহে ঘৰে ঘৰে ধনেশ পক্ষী পুহিবলৈ
লৈছে
, এফালে আৰণ্যকৰ বিভৱ তালুকদাৰে কুলশী নদীত শিহু সংৰক্ষণৰ
কথা কৈছে
, এফালে গ্ৰেটা থুনবাৰ্গে উন্নত দেশবিলাকবায়ুমণ্ডলত কাৰ্বন কমাবলৈ আহ্বান জনাইছে আৰু এনে ধৰণৰ অলেখ কাম অলেখ মানুহে
কৰি আছে৷

আৰু আনফালে অষ্ট্ৰেলিয়া, আমেৰিকা, স্পেইন, পৰ্তুগাল সকলোতে
বনজুয়ে লাখ লাখ একৰ মাটিৰ
অৰণ্য জগতপুৰি
চাৰখা
কৰি পেলাইছে৷ ৰাছিয়াই লাখ লাখ টন ওজনৰ বোমা বৰ্ষণ কৰি
য়ুক্ৰেইনৰ আকাশ
বতাহমাটিপানী বিষাক্ত কৰি পেলাইছে৷ কত পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা
বৃদ্ধি গড়ে ১
.৫ ডিগ্ৰীতে সীমাৱদ্ধ কৰি ৰখাৰ ঘোষণা আৰু কত কয়লা আৰু খাৰুৱা তেলৰ নিয়ন্ত্ৰণহীন ব্যৱহাৰলাখ-কোটিৰ
ঘৰত জৈৱিক ইন্ধন ব্যৱহাৰ হোৱা গাড়ী
বাইক বিক্ৰী ! ইলেকট্ৰিক গাড়ীস্কুটাৰ বিক্ৰী কৰিলেও পৰিৱেশৰ একো লাভ
নাই
; কাৰণ এখন ইলেক্ট্ৰিক গাড়ীৰ বেটাৰী চাৰ্জ কৰিবলৈ ঘৰ এটাত
ব্যৱহাৰ কৰা বাতানুকুল যন্ত্ৰই খৰচ কৰোৱা বিদ্যুততকৈ ২৫ গুণ বেছি বিদ্যুৎ খৰচ হয়৷ তেনেকৈ
একোটা বেটেৰীৰ নিৰ্মাণৰ বাবে সীহ
তামবাল্টলিথিয়ামৰ খননপৰিশোধননিষ্কাষণৰ বাবে হোৱা খৰচ আৰু প্ৰদূষণ অভাৱনীয়৷ লগতে আছে এই বিষাক্ত পদাৰ্থবিলাকৰ
লগত কাম কৰা মানুহবিলাকৰ স্বাস্থ্যৰ সমস্যা৷

বৰ্ধিত জনসংখ্যাই
ইফালে দাবী কৰিছে অধিক খাদ্য উৎপাদনৰ,
 অধিক বাসগৃহ নিৰ্মাণৰ, অধিক কৰ্ম সংস্থাপনৰ, অধিক ভোগৰ, অধিক উপভোগৰ, অধিক মনোৰঞ্জনৰ৷ গছ কটা বন্ধ কৰাৰ কথা
লেও সি কাৰ্যকৰী নহয় ৷ কাৰণ মানুহক কাঠ লাগিবই৷ তথাপি গছ এজোপা
কাটিলে নতুনকৈ ৰোৱা এজোপা গছ পুনৰ ডাঙৰ পুৰ
হৈ পৰিবলৈ ২০/২৫ বছৰ লগিলেও কিন্তু গছ এবিধ পুনৰ উজ্জীৱিত কৰিব পৰা সম্পদ বা ইন্ধন৷ গতিকে
গছ ৰুই থাকিলে গছ কাটি থকাত আপত্তিজনক একো নাই৷ লগতে অৱশ্যে আৰু এটা কথা নিশ্চিত কৰিব
লাগিব আৰু সেইটো হৈছে গছ থকা ঠাইত মানুহে বসতি স্থাপন কৰিব নালা
গিব৷ কাৰণ গছৰ লগতহাবি আৰু বনবননি
কথাবোৰ সাঙোৰ খাই আছে, যাৰ লগত চৰাইচিৰিকতি, পোকপতংগ, সাপবেং, শিয়ালবাদুলি, জলাহপিতনি, জেকাচেঁচুক আদি বহুত কথা জড়িত হৈ আছে৷

বহুত আদিবাসী আৰু
জনজাতীয় মানুহ জীৱন নিৰ্বাহৰ বাবে হাবি
জংগলৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীলখৰিৰ বাবে, আলু-কচুৰ বাবে, ঔষধী দ্ৰব্যৰ বাবে বা অন্য বহুত কথাৰ বাবে৷ গতিকে গছৰ বাসস্থান মানুহে দখল
কৰাটো বাঞ্ছনীয় বিষয় নহয়৷

কিন্তু এইবোৰ কথা
সদায়েই মানুহে কৈয়েই আছে৷ কিন্তু কাৰ্যক্ষেত্ৰত ফলপ্ৰসূ একো এটা নহয় কেলেই
?

মোৰ মনটোৱে তাৰ সদুত্তৰ
বিচাৰি দিকবিদিক ঘূৰি ফুৰে৷ বিজ্ঞজনৰ ওচৰত উপস্থিত হওঁ
; কিন্তু তেওঁলোকে কিতাপঅলোচনীৰ পাঠ আওঁৰায়৷ কাম কৰা মানুহৰ
ওচৰ চাপোঁ
; তেওঁলোকে বিষয়টো বৰ বিশাল বুলি গা এৰা দিয়ে৷ ছাত্ৰছাত্ৰীৰ ওচৰলৈ যাওঁ; তেওঁলোকে ভালকৈ পঢ়িশুনি, জানিবুজিহে কিবা এটা কব পাৰিম বুলি কয়৷ ধৰ্মগুৰুৰ ওচৰলৈ যাওঁ; তেওঁলোকে শাস্ত্ৰৰ
মাজত বুৰ মাৰি দিয়ে৷ বিজ্ঞানীৰ ওচৰলৈ যাওঁ
; তেওঁলোকে চুলিৰ আঁহ
ফলা যুক্তি-ব্যাখ্যাৰে দুৰ্বোধ্য নতুন সাঁথৰ কিছুমানহে সৃষ্টি কৰে৷ গাঁৱৰ মানুহৰ ওচৰলৈ
যাওঁ
; ‘সেইবোৰৰ আমি নাড়ীনক্ষত্ৰ একো নুবুজোঁ
বুলি সেলেঙী হাঁহি
একোটা মাৰে৷

গতিকে মই ভাবি ভাবি
পালোঁগৈ যে যিহেতু সদায়েই মানুহে একেবোৰ কথাকে কৈ আছে আৰু দেখাত বহুত মানুহে কামো কৰি
আছে
অথচ সমস্যা কমক ছাৰি বাঢ়িহে গৈছে; গতিকে সমস্যাৰ
কেৰোণ ক
ৰবাতহে৷ অৰ্থাৎ মানুহৰ চেষ্টা সঠিক দিশত হোৱা নাই৷
      বিষয়টোৰ একো সদুত্তৰ নাপাই নাপাই লাহে লাহে মোৰ মন হতাশাৰ শীৰ্ষবিন্দুত
উপস্থিত হ
লহি৷ মোৰ ভাব হল যে পৃথিৱীখন
এনেকৈয়ে কি শেষ হৈ যাব
! বায়ুমণ্ডল বিষাক্ত হৈ কি জীৱকুল নিঃশেষ
হৈ যাব
! বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ি বাঢ়ি পৃথিৱীৰ সমস্ত বৰফ গলি সাগৰপৃষ্ঠ
বাঢ়ি আহি
The Great Deluge-ৰ দৰে পৃথিৱীখন বুৰাই পেলাব নেকি!
মানুহে তেতিয়া Noah’s Ark-অৰ নিচিনা কিবা এখন সাজিহে
ৰক্ষা পৰাৰ নিচিনা অৱস্থা এ
টা ব নেকি!
বহুতে দেখোন বহুদিন কৈয়েই আছিল যে এটম বম্ব্ পৰিহে পৃথিৱীখন ধ্বংস হব বুলি! এতিয়া আকৌ এইবোৰ কথা কৰ পৰা আহিল! কথা ওলাইছেও ওলাইছে একেবাৰে Judgemental, মানে বিচাৰৰ
ৰায়দানৰ নিচিনাকৈ ওলাইছে৷ পাণ দোকানী
, পাচলি বেপাৰী, গেলামালৰ দোকানীয়েও দেখোন Global Warming-অৰ কথা কয় আজিকালি!
এটম বম্বলৈ সকলোৱে পাহৰিলেই
বলা! সেইবোৰ আমেৰিকা, ৰাছিয়া, চীন, ইংলেণ্ড, ফ্ৰাঞ্চ্, জাৰ্মানি, ভাৰত,
পাকিস্তান, ইৰান, ইজৰাইলে
হাতত
, মানে চন্দুকত (Silos) নিৰাপদে থৈ দিছেহাজাৰ হাজাৰ কোটি টকা ঘৰৰ বিছনাৰ তলত থৈ তাৰ উত্তাপেৰে উমাল হৈ থকা
চৰকাৰী বিষয়া বা ভাৰতীয় ৰাজনীতিকৰ দৰে মুখ টিপি টিপি হাঁহি হাঁহি৷ কাৰণ

deterrent  বুলি এটা শব্দ আছে৷
তাৰ মানে হ
তোৰো এটম বম্ব আছেমোৰো এটম বম্ব আছে; তই ফুটালে,
ময়ো ফুটাম; মই মৰিলে তয়ো মৰিবি; গতিকে তয়ো নুফুটাবি, ময়ো নুফুটাওঁ৷সেয়ে বোধকৰোঁ পৃথিৱীত আণৱিক যুদ্ধ লগা নাই৷ লগাৰ আশঙ্কাও নাই৷ বলিয়া মৌলবাদীৰ
হাতত পৰিলে অৱশ্যে কথাটো সুকীয়া৷

গতিকে এট
ম্বে নোৱাৰে যেতিয়া মানুহে বিভিন্ন সৃষ্টিৰ লগতে বিভিন্ন ধৰণে
পৃথিৱীখন ধ্বংস
কে কৰি গৈছে৷ ধ্বংস নকৰাকৈ মানুহ থিৰেৰে থাকিব
নোৱাৰে৷ সেয়ে আমি সকলোৱেই যেয়ে যিমান পাৰোঁ নিজাববীয়াকৈ পৃথিৱী ধ্বংসত অৰিহণা যোগাই
আছোঁহক৷

এই ধ্বংসৰ কথাটো
কোৱাৰ লগে লগে মোৰ স্কুলীয়া দিনৰ এটা দিনলৈ মনত পৰি গ
ল৷
আমাৰ নাজিৰাখন এখন সৰু ঠাই৷ তাতে বৰুৱা এণ্ড ছন্
ছ্বোলা এখন চাইকেল বিক্ৰী আৰু মেৰামতি কৰা দোকান আছিলআজিও আছে টাউনৰ মাজমজিয়াতে৷ তাত বিভিন্ন খেলৰ সামগ্ৰী যেনেফুটবল, ভলীবল,
ক্ৰিকেট, কেৰম আদি বিভিন্ন খেলৰ বাবে প্ৰয়োজনীয়
বস্তুৰ লগতে বিভিন্ন শ্বিল্ড্
, কাপ্ আদিও পোৱা গৈছিল৷ দোকানখন কামাখ্যাৰাম
বৰুৱা নামৰ এজন মানুহে প্ৰতিষ্ঠা কৰিছিল৷ অসম চাহ কোম্পা
নিৰ কাৰণে
বিখ্যাত নাজিৰাত এই দোকানখন সৰ্বজনপ্ৰিয় এটা প্ৰতিষ্ঠান আছিল৷ কত বাগান
, ক্লাব, স্কুল, কলেজ, ব্যক্তিক যে এই দোকানখনে সেৱা আগ বঢ়ালে তাৰ হিচাপ নাই৷ দূৰদূৰণিৰপৰা অহা বিভিন্নজনৰ বাবে এই দোকানখন এটা ঠিকনা আছিল৷ সকলোৰে বাবে দোকানৰ
দুৱাৰ
বেঞ্চ মুকলি আছিল৷ কামাখ্যা বৰুৱাৰ পাছত বৰপুত্ৰ বিপুল
বৰুৱাই দোকানৰ দায়িত্ব ল
লে৷ নিজেও সুদক্ষ ফুটবলভলীবলক্ৰিকেট খেলুৱৈ বিপুল বৰুৱাই ভায়েকভনীয়েকহঁতৰো তদাৰক কৰি ডাঙৰদীঘল কৰি তুলিলে৷ সকলো গুণী– খুটি খাব পৰা হল৷

এনেতে হঠাৎ এদিন
দোকানখনৰ দায়িত্বৰ এটা বহৎ অংশ চম্ভালিবলৈ লোৱা এজন ভায়েকৰ এদিনৰ জ্বৰতে মৃত্যু হ
ল৷
মানে এই আছিল
এই নাই৷

বিপুল বৰুৱা বজ্ৰাহত
মানুহৰ দৰে বেঞ্চখনতে মাত
বোল নোহোৱাকৈ বহি পৰিল৷ বহুতে বহুত ধৰণে সান্ত্বনা
দিলে৷ তিনি
চাৰি ঘণ্টামানৰ মূৰত হঠাতেওঁ
কৈ উঠিল
ভগৱানৰ পৃথিৱী কেনেকৈ ধ্বংস হব নাজানো, কিন্তু মানুহৰ পৃথিৱী খুব বেছি আশা কৰিলে ধ্বংস
হয়৷ চন্দ্ৰক মই সকলো সঁপি দিছিলোঁ৷ দেউতাৰ সম্পদ সিয়ে চম্ভালিব পাৰিব বুলি মই তাতে
মনোনিৱেশ কৰিছিলোঁ৷ তাৰ ওপৰত মই ইমান মন দিছিলোঁ যে মই পৃথিৱীৰ বহুত অইন কথা পাহৰি
গৈছিলোঁ৷ তুমি বৰশী বোৱা মানুহ দেখিছা নহয়
; পৃথিৱীৰ সকলো মানুহ
যদি একান্তমনে
নিবিষ্টচিত্তে বৰশীৰ পুঙাটোলৈ চাই থকা হৈ যায়,
তেন্তে পৃথিৱীখন ধ্বংস হৈ যাব বুজিছা!

সেই তেতিয়াৰ পৰা
মানে ১৯৭০
৭২ চন মানৰ পৰা কথাটো মোৰ মনত লাগি আছিল৷ কথাটোত মই তিমান
পতিয়নো যোৱা নাছিলোঁ৷ বৰশী বাওঁ
, মাছ ধৰোঁবছ্কথা সিমানেই৷ মানুহে বৰশী বায়, মাছ ধৰেবছ্‌, কথা সিমানেই৷

আজি এই ৫০ বছৰমানৰ
পাছত পৃথিৱী ধ্বংসৰ কথাটোৰ আলম লৈ মোৰ হঠাৎ বৰশীটোলৈ মনত পৰি গ
ল৷
সমগ্ৰ বৰশী বিষয়টো মই নতুনকৈ চাবলৈ ধৰিলোঁ৷ গাঁৱে
ভূঞে,
খালেডোঙে, পুখুৰীয়েবিলে, নদীয়েজানে, হোলাইপিটনিয়ে মই বৰশী বাই থকা মানুহবিলাক মন কৰি গলোঁ৷ সিহঁতক পঢ়ি যাওঁতে  মই কাৰো মুখত কোনো বেয়া কাম কৰাৰ প্ৰতিচ্ছবি দেখা নাপালোঁ৷ সকলোবোৰ মাছপুঠি এটা ধৰি তৃপ্তিৰে এসাঁজ খোৱাৰ বাসনাত বিভোৰ৷

লগে লগে মোৰ অসম
অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত থকা
Angling Club – বৰশী বোৱা
ব্যৱস্থাটোলৈ মনত পৰি গ
ল৷ ইয়ালৈ অসমৰ এজন
ভূতপূৰ্ব
DIG of Police হিৰণ্য ভট্টাচাৰ্য্যও গৈছিল মাছ মৰাৰ
চখ পূৰণ কৰিবলৈ৷ আমাৰ অপৰ্ণা কুমাৰ পদ্মপতিছাৰে সেই ব্যৱস্থাটো নিয়াৰিকৈ চলাইছিল৷

মই তেতিয়া কলেজতে
অধ্যাপনা কৰোঁ৷ হঠাৎ বন্ধু হেমন্ত দেৱচৌধুৰী
(ফনীন্দ্ৰকুমাৰ দেৱচৌধুৰীৰ
ভায়েক
) আহি ওলালহিদোস্ত, এটা বিপদত পৰিছোঁ; ফেক্টৰীত আজি
কেইবাদিনো ধৰি পাম্পত পানী ওলোৱা নাই৷ কিবা এটা সমাধান উলিয়াই দেচোন৷

হেমন্তই Hindistan
Machine Tools (HMT)-ৰ ৰাণীত থকা Button Battery Factory-ত কাম কৰিছিল৷ তাত মেশ্যিন বহুৱাবৰ বাবে জাপানৰ পৰা ইঞ্জিনীয়াৰ আহিছিল৷
Deep Tube Well-টো অসমীয়া মানুহ এজনেই বহুৱাইছিল৷ দীপৰ বিলৰ গাতে লাগি
থকা ঠাই৷ অনবৰত পানী থাকেই৷ তাত পানী নোলোৱাটো বৰ আচৰিত কথাই৷

মই গলোঁ৷ চালোঁ৷ একো উৱাদিহ উলিয়াব নোৱাৰিলোঁ৷ কলেজৰ লাইব্ৰেৰিলৈ গৈ কিতাপ ঘোদালিবলৈ
লোঁ৷ Hicks & Tyler নামৰ দুজন লেখকে লিখা পাম্পৰ বাইবেলস্বৰূপ
কিতাপখনো চালোঁ৷ নাই একো উত্তৰ নাই। 
পদ্মপতি ছাৰক কলোঁ৷
ছাৰে কথাটো শুনিলে– ‘একো নাই হোৱা  যোৱা; ঠিকাদাৰটোৱে
ভাবিলে যে পানীৰ মাজতে পানী উলিয়াবলৈ কি আৰু ১০০ ফুট দ কৈ পাইপ বহুৱাব লাগিছে
!
২০ ফুট পাইপেৰেই কাম চলি যাব৷ গতিকে তেওঁ পইচা বচালে৷ তুমি পাম্পপাইপ তুলিবলৈ দিয়া৷ কথাটো ওলাই পৰিব৷

সেই মতে কৰা হল৷
ছাৰৰ কথাই সঁচা বুলি প্ৰমাণিত হ
ল৷ নতুনকৈ আকৌ
Boring  কৰি কাম কৰোঁতে কেইদিনমান
সময় লাগিল৷ সেই কেইদিন জাপানী অভিযন্তা
কেইজনৰ কি কৰোঁকি নকৰোঁ, কেনি যাওঁকেনি
নাযাওঁ অৱস্থা৷ কাম নকৰাকৈ তেওঁলোক থাকিব নোৱাৰে
! ইফালে
HMT কৰ্তৃপক্ষৰ প্ৰতিদিনে বিনা কামত পইচা খৰচ হৈ আছে!

হেমন্ত আহি আকৌ ওলালহিদোস্ত্‌, পদ্মপতি ছাৰক কৈ এই জাপানীকেইটাক কলেজৰ
পুখুৰীতে মাছ মৰাৰ সুবিধা এটা কৰাই দে না৷ সিহঁতে কামাখ্যা নাচায়,
মিউজিয়াম নাচায়, চিৰিয়াখানা নাচায়, বজাৰলৈ নাযায়৷ কিযে কৰোঁ!

সেইমতে মই ব্যৱস্থা কৰিলোঁ৷ জাপানী মানুহ– জাপানী বৰশী– ইলেক্ট্ৰনিক টোপ
((Bait) লৈ আহি folding টুলত বহিলহি আৰু বৰশী পেলাই
দিলে এটাৰ পাছত এটাকৈ৷ চাবলগীয়া বস্তু৷ মনিবেগটোৰ সমান পকেটত
folding বৰশী!

পিছে ঘণ্টাৰ পাছত ঘণ্টা বহি থকা সত্তেও আমাৰ
অসমীয়া মাছ নালাগিল৷ সিহঁত বৰ অধৈৰ্য হ
ল৷ হতাশ হল৷

অলপ পাছতে পদ্মপতি ছাৰ আহিল আমাৰ অসমীয়া বৰশী
লৈ
বৰশীৰ কাইঁটত কেঁচু চিলাই দিলেচকুৰ পচাৰত চেঙেলী,
মাগুৰ, কাৱৈ মাছ উঠিবলৈ ধৰিলে৷ লাজেঅপমানে জাপানী দুজন ভেচভেচীয়া হৈ উঠি গএটা সময়ত৷

জি (২৪/০৭/২০২২) সেই জাপানী বৰশীকেইটালৈকো মনত পৰি গল৷ আজিহে
মই লাহে লাহে ভাবিবলৈ ধৰিছোঁ যে বৰশী বোৱা কথাটো আচলতে কি?

লগে লগে মই যেন মোৰ সমুখত ভিৰ কৰি থকা বহুত
কথাৰ প্ৰশ্নৰ সমিধান পাই গ
লোঁ! পৃথিৱীখন ধ্বংসৰ
ফালে আগবাঢ়ি যোৱাৰ কাৰণটো মই
যেন বিচাৰি পালোঁ!

বৰশীটোত আচলতে মাছৰ লোভ লগাকৈ খাদ্য দিয়া
থাকে৷ কিন্তু বৰশীৰ খাদ্যকণ নোখোৱাকৈও মাছবোৰ পানীত স্বচ্ছন্দে জীয়াই থাকে৷ জীয়াই
থাকিব পাৰিছে কাৰণেই সিহঁতৰ বংশ বৃদ্ধিও হৈ আছে৷ এতিয়া লোভত পৰি সহজতে খাদ্য মুখৰ আগত
হাজিৰ হোৱা দেখি সিহঁত ৰ
বই পৰা নাই! টোপ গিলাৰ
লগে লগে মৰণফান্দত বন্দী
!

যিমানেই নিমাখিত মানুহ নহওক কিয় প্ৰতিজন বৰশী
বোৱা মানুহে প্ৰলোভনৰ জাল মেলি অবুজ মাছবিলাকক ফান্দত পেলায়৷ এক প্ৰকাৰ ভুৱা
এক প্ৰকাৰ ঠগবাজিএকপ্ৰকাৰ ষড়যন্ত্ৰ; হত্যাৰ ষড়যন্ত্ৰ৷

বৰশী বাবলৈ যোৱা কোনো মানুহেই নাভাবে যে তেওঁ
এজন ঠগ৷ তেওঁ ভাবে তেওঁ নিজৰ খাদ্য সংগ্ৰহ কৰিছে৷ তেওঁৰ দেহৰ পৰিপুষ্টিৰ বাবে মাছৰ
মাংসৰ প্ৰয়োজন৷

মই ভাবি চালোঁ যে সেইদিনাখন অসমীয়া মানুহৰ
বৰশীত যে অসমীয়া মাছে খুটিলে
, জাপানী মানুহৰ বৰশীত যে অসমীয়া মাছে নুখুটিলে
তাৰ অৰ্থ কি হ
ব পাৰে! কথাটো এনেকুৱা নেকি
যে নিজৰ মানুহক নিজৰ মানুহে বেছি বিশ্বাস কৰে
; আনক ফৎকৈ বিশ্বাসত
বলৈ টান! সেয়ে সদায় ঠগবাজিফান্দৰ জালখন নিজৰ মানুহৰ হতুৱায়েই মেলা হয়!

ভাবটো মই আমাৰ সমাজলৈ সম্প্ৰসাৰিত কৰি দিলে৷
দেখিলোঁ তত্ত্বটো খাজে খাজে খাপ খাই পৰিছে৷ কোনো এঠাইৰ মানুহক ঠগিবলৈ তাৰ স্থানীয়
থলুৱা
মানুহক শিখণ্ডী সজাই লোৱাটোৱেই সৰ্বোত্তম পন্থা৷

জাপানী ইঞ্জিনিয়াৰ কেইজনে সেইদিনা সন্ধিয়া
মোৰ কোৱাৰ্টাৰত
Old Parr ৰাম খাই খাই কৈছিল– How can your own
people do such nasty things to your own people?

মই কৈছিলোঁকোনো মানুহক যে পোনপটীয়াকৈ ঠগা নাই, সেয়ে ঠিকাদাৰজনৰ
কোনো বিৱেকৰ দংশন চাগে হোৱা নাই
!

চাপৰ জাপানীজনে চাৎকৈ মোৰ ফালে ঘূৰি চাইছিলমানে ! What do you mean? Is an organization lifeless? Pal! All
organizations are actually living beings. Strange! How can you say that the
crime was not committed against a life?

জাপানী চাবুকৰ কোবত মই মুজুৰা পৰি গৈছিলোঁ৷
কিনো উত্তৰ দিওঁ ভাবি পোৱা নাছিলোঁ৷

মই এতিয়াহে সেইবোৰ কথাৰ মৰ্মাৰ্থ বুজিব পাৰিছোঁ৷
আজি ২ মাহ মানৰ পৰা মই
দৈনিক অগ্ৰদূতকাগজত
মোৰ সাপ্তাহিক স্তম্ভত ধাৰাবাহিকভাৱে এটা কথা লিখি আছোঁ যে প্ৰতিষ্ঠান ধ্বংস মানেই
আচলতে সমাজ ধ্বংস৷ অসম সাহিত্য সভা
, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ,
আমাৰ নামঘৰবোৰ, সত্ৰসমূহ, শিক্ষানুষ্ঠানবিলাক, ASTC, HFC, HPC, ARTFED, STATEFED  আদি ৰাজহুৱা
প্ৰতিষ্ঠানবিলাক ধ্বংস হৈ পৰাৰ লগে লগে সেইবোৰৰ সামূহিক শক্তিৰে জীপাল হৈ থকা আমাৰ
সমাজবিলাকো থানবান হৈ গৈ
ছে BBC, OXFORD, CAMBRIDGE,
IMPERIAL COLLEGE, WIMBLEDON, ROYAL SCIENCE SOCIETY আদি অসংখ্য প্ৰতিষ্ঠান ইংৰাজৰ গৌৰৱসম্পদস্বাভিমানৰ প্ৰতীক৷ প্ৰতিষ্ঠানৰ নৈৰ্ব্যক্তিক প্ৰভাৱ
সমাজত অপৰিসীম৷

জি অসমীয়া জাতিয়ে কোনটো ৰাজহুৱা
প্ৰতিষ্ঠান বা সম্পদক লৈ গৌৰৱ কৰিব পাৰে বাৰু
! বাঙালী জাতিয়ে
বি
শ্বভাৰতীক লৈ পাৰে, তামিলবিলাকে ৰুক্মিণী দেৱী অৰুণ্ডেলৰ কলাক্ষেত্ৰক লৈ পাৰে, মণিপুৰে ৰতন থিয়ামকানহায়ালালৰ নাট্যানুষ্ঠাননাট্য প্ৰশিক্ষণ প্ৰতিষ্ঠানক
লৈ পাৰে
, পডুচ্চেৰীয়ে Aurville-ক লৈ পাৰেএনেকুৱা উদাহৰণ বহুত আছে৷

আমাৰ কেলেই এনেকুৱা হ?
কিয় আমি আমাৰ নিজৰ সম্পদকে ধ্বংস কৰোঁ বাৰু? কিহৰ
ইমান লোভ
? এই লোভে আমাক কলৈ লৈ গৈ আছে?
সৰুৰে পৰাই কব নোৱৰাকৈয়ে আমাৰ পিতৃমাতৃঅভিভাৱকসকলে আমাক ঠগবাজিৰ শিক্ষাকে দি আহিছে নেকি
বাৰু
? লোভ দেখুৱাই ঠগাটোৱেই মাৰ চৰিত্ৰ
নেকি
? আমি বৰশীৰ পুঙাটোলৈ একেথৰে কিয় চাই থাকোঁ? লোভৰ প্ৰতি আমাৰ মনোনিৱেশ ইমানেই বেছি নেকি? নে
আমি কিমান প্ৰখৰ মনোনিৱেশ কৰিব পৰা শক্তিৰ অধিকাৰী তাৰে পৰীক্ষা কৰো নেকি? এই concentration আমাৰ অন্য কামতো আছে নেকি? নে কেৱল ঠগবাজি জড়িত কামতহে আমাৰ ইমান মনোনিৱেশ৷

এই লেখাটো লিখি থকাৰ সময়ত মই এগৰাকী নৱপ্ৰজন্মৰ
যুৱতীৰ লগত বিষয়টো সম্পৰ্কে কথা পাতিছিলোঁ৷ তেওঁ মোক ক’লে যে জাল মৰা, জাল বোৱা, পচা
মৰা, প’ল মৰা, জাকৈ বোৱা, খাল সিঁচা, চেপা পতা আদিবোৰ কথাই মানুহৰ চৰিত্ৰৰ ধনাত্মক
দিশ দেখুৱায়৷ কিন্তু বৰশী বোৱাটো এটা নিকৃষ্ট পন্থা৷ আজিকালি বাতৰি কাকতত সমূহীয়াকৈ
মাছ মৰা কথাটোকে ‘মৎস্য চিকাৰ’ বুলি অভিহিত কৰিবলৈ ধৰিছে৷ আচলতে এইটো একো চিকাৰ বুলি
ক’ব নোৱাৰি৷ নিমাখিত মাছকেইটাক এসোপা মানুহে চাৰিওফালৰ পৰা জাল-জাকৈৰে হুৰাই-খেদি-পানী
ঘোলা কৰি অন্ধ কৰি পানীৰ পৰা তুলি আনে৷ এখন অসমান যুঁজ৷ কোনো কৃতিত্ব নাই ইয়াত৷ আগৰ
ইংলেণ্ডৰ ৰাজকুমাৰবিলাকে এনেকৈ শিয়াল আৰু বাঘ বা হৰিণা চিকাৰ কৰিছিল৷ হাবিখনৰ চাৰিওফালে
তেওঁলোকৰ সৈন্যই কাঁটা তাঁৰ বা কিবা বেৰাৰে ঘেৰি ৰাখিছিল৷ বন্দুক লোৱা ৰাজকুমাৰে তাঁৰত
লাগি যোৱা বা বেৰাত ফচি যোৱা অসহায় জীৱটোক শ’লঠেকত পেলাই হত্যা কৰিছিল৷ তাকে তেওঁলোকে
‘Game’ বুলি কৈছিল৷ আমাৰ ভাৰতৰ ৰজা-মহাৰজাবিলাকেও বাঘ-হাতী চিকাৰ কৰোঁতে এনে কামকেই
কৰিছিল৷

শব্দটো নামত Game– কিন্তু আচলতে নিৰপৰাধী
জীৱ নিধন৷ শব্দটো নামত চিকাৰ– কিন্তু আচলতে বিকৃত মানসিকতাৰে জীৱ হত্যা৷ শব্দটো নামত
বৰশী বোৱা- কিন্তু আচলতে ঠগ-প্ৰৱঞ্চনা-লোভৰ জাল মেলা কাম৷

এইবিলাকত নাই কোনো মানৱীয় প্ৰমূল্য, নাই কোনো
প্ৰকৃতিৰ প্ৰতি সন্মান– নাই কোনো সুস্থ পৰম্পৰা সৃষ্টি– নাই কোনো প্ৰকৃত আনন্দৰ ঢল৷

সমগ্ৰ পৃথিৱীৰ মানৱ সমাজ আজি লোভত আক্ৰান্ত৷
পাৰ্থিৱ সম্পদৰ লোভত চোকা চোকা মগজুৱে নিজকে বিক্ৰী কৰি আছে, নিঃসংকোচে-নিৰ্দ্বিধাই৷
আগৰ দিনত গ্ৰীচত, ৰোমত, আমেৰিকাত, ইজিপ্টত গোলাম বিক্ৰী হৈছিল– তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে– ক্ৰীতদাসৰ ব্যৱসায় চলিছিল– বগা চামৰাৰ মানুহৰ বাবে সেয়া বৰ লোভনীয় বৃত্তি আছিল৷

বহুত যুদ্ধ বিগ্ৰহ কৰি– বহুত ঘাত-প্ৰতিঘাত-সংঘাতৰ
মাজেৰে– বহুত আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈ দাস প্ৰথা পৃথিৱীৰ পৰা বিলুপ্ত কৰা হ’ল বুলি
ঘোষণা কৰা হ’ল৷

কিন্তু আকৌ নতুন ৰূপত এই দাস প্ৰথা চলিবলৈ
ধৰিলে৷ সমগ্ৰ পৃথিৱীৰ পৰা চোকা চোকা মগজুবিলাক ডাঙৰ ডাঙৰ কোম্পানিবিলাকে কিনি ল
বলৈ ধৰিলে– তেওঁলোকৰ কামত অহা কাম কৰিবলৈ৷ অবিশ্বাস্য টকা– অবিশ্বাস্য বিলাস– সকলো পাইছে৷
কিন্তু নাই সময়– কাৰো বাবে– আনকি নিজৰ বাবেও৷ আনকি পত্নীৰ লগত যৌন সম্ভোগৰ বাবেও
সময় নাই৷ তেওঁলোকৰ সময়বিলাক এনেকৈ চুৰি কৰা হৈছে যে তেওঁলোকৰ ইচ্ছাই নোহোৱা হৈছে যৌনতাৰ
প্ৰতি৷ দৌৰিছে Artificial Intelligence (কৃত্ৰিম বুদ্ধিমত্তা), Machine Learning
(যন্ত্ৰক চিন্তা কৰিবলৈ শিকোৱা)-ৰ পিছত৷ মানুহক replace কৰিব লাগে !

কিয়?

কাৰণ মানুহ অবাধ্য৷ মানুহৰ উৎপাদনশীলতা কম৷ মানুহৰ
ভাগৰ লাগে৷ মানুহৰ ভোক লাগে৷ মানুহক বিশ্বাস কৰিব নোৱাৰি৷ যন্ত্ৰক নিয়ন্ত্ৰণত ৰাখিব পাৰি৷
যন্ত্ৰই বেছি লাভ দিব৷

লাভৰ লোভ? কিয় লাগে ? কিমান লাগে? উত্তৰ নাই৷

নহয়, উত্তৰ নথকা নহয়, উত্তৰ আছে৷ উত্তৰটো
হ’ল– মানুহক মানুহৰ ওপৰত, পৃথিৱীৰ সম্পদৰ ওপৰত- সৰ্বত্ৰ মাতব্বৰিতা খটাব পাৰিবলৈ লাগে৷
আকাশত-পানীত-মাটিতঅন্তৰীক্ষত শাসন কৰাৰ লোভ৷

আৰ্নেষ্ট হেমিংৱেই কিউবাৰ সাগৰ তীৰত এদিন
মাছ মাৰিছিল৷ এটা ডাঙৰ মাছে তেওঁৰ বৰশীত খুটিছিল৷ তেওঁ চিপ মাৰি দিয়াত মাছতো বৰশীৰ
কাঁইটত লাগি ধৰিছিল৷ প্ৰাণৰ মমতাত মাছটোৱে তেওঁক
(হেমিংৱে ওৰফে ছাণ্টিয়াগোটানি নিছিলগভীৰ সাগৰৰ ফালে৷ ৰাতি গভীৰ হৈ পৰিছিল৷
আকাশখন ক
লা হৈ পৰিছিল৷ মাজে মাজে মাথোঁ বিৰিঙি আছিল তৰাৰ তৰাৱলী৷
সাগৰৰ পানীবোৰ ক
লা হৈ পৰিছিল৷ তেওঁ বৰশীটো এৰি দিয়া নাছিল৷ মাছটো
তেওঁ দেখা নাছিল
কিন্তু তাৰ শক্তিৰ তেওঁ উমান পাইছিল৷ মাছটোৱে
যেনিয়ে টানি নিছিল তেওঁ তেনিয়ে গৈ আছিল৷ মাছটো তেওঁৰ নিয়তি হৈ পৰিছিল৷ নিয়তিৰ লগত তেওঁ
একেডাল সূতাৰে বান্ধ খাই পৰিছিল৷ তেওঁ হাৰ মানিব খোজা নাছিল৷ তেওঁৰ ভোক লাগিছিল৷ ঘৰত
এৰি থৈ যোৱা নাতিয়েকটোলৈও তেওঁৰ মনত পৰিছিল৷ মানৱীয় দুৰ্বলতাৰ মুহূৰ্ত কিছুমানো তেওঁ
পাৰ কৰিছিল৷ অৱশেষত মাছটো ভাগৰি পৰিছিল৷ হেমিংৱেই কৈ পেলাইছিল
– A man can
never be defeated, he can only be destroyed –কাহিনীৰ বুকুত জিলিকি
উঠিছিল জিউছৰ অভিশাপ মূৰত লৈ পাহাৰৰ ওপৰৰ মন্দিৰলৈ শিল কঢ়িয়াই নিয়া বীৰ ছিছিফাছৰ কাহিনী
একেই কথা– ভাঙি পৰিলেও, পৰাজিত নহওঁ৷ আমি ধৰি লৈছিলোঁ মানুহৰ যুঁজ প্ৰতিকূলতাৰ বিৰুদ্ধেহে৷

হেমিংৱেইও সকলো লিখিছিলকিন্তু লিখা নাছিল কিহৰ জয়, কিহৰ পৰাজয়লিখা নাছিল তেওঁৰ মাছৰ প্ৰতি লোভৰ কথা৷ সেই লোভেই যে এতিয়া নিয়তিলোভেই যে এতিয়া দৰ্শন
লোভেই যে এতিয়া জীৱন এষণা৷

বৰশী বোৱাৰ সামান্য পদ্ধতিটোৱেই হ
আজিৰ মানৱ সমাজৰ বাবে অভিসম্পাত৷ নীতি
দায়িত্ববোধমংগলাচৰণসকলো কথা লোভৰ বেদীত আহুতি দিয়া হৈ গৈছে৷

ই এনেকুৱা এটা অভিশাপ যে ইয়াক নাকী লগাবলৈ
একো নাই৷ ইয়াৰ কোনো সীমা নাই৷ মহাবিশ্বৰ সীমা অন্বেষণত মানুহে সম্মুখীন হোৱা সেই চিৰন্তন
প্ৰশ্ন
ইয়াৰ পাছত কি আছেলোভৰ ক্ষেত্ৰতো সমানেই প্ৰযোজ্য৷
কোনো আত্মসংযমে কাম নিদিয়ে
কোনো বয়সৰ সীমাই ইয়াৰ সীমাংকন নকৰে৷
এই মানৱীয় প্ৰবৃত্তি ৰণুৱা ঘোঁৰাৰ দৰে চেঁকুৰি আছে সৰ্বদা
সৰ্বত্ৰ৷

হয়তো ইয়াৰ সামৰণি আছে মানুহৰ জীনত৷ সেই জীন
চিনাক্ত কৰি তাক সলনি কৰিলেহে কিজানি এই
মানৱৰ দানৱীয় প্ৰবৃত্তি
নিৰাময় হব৷ কাৰণ আমাৰ কোনো ধৰ্মকোনো শাস্ত্ৰকোনো শিক্ষাকোনো
শিক্ষক
কোনো গুৰুকোনো আত্মীয়কোনো বন্ধুবান্ধৱকোনো
শুভাকাংক্ষী
কোনেও আমাৰ লোভ নিৰাময়ৰ পন্থা আমাৰ হাতত দিব পৰা
নাই৷

কিজানি কথাবোৰ এনেকুৱাও নেকি যে লোভ নাথাকিলে
মানুহৰ মগজুৱে উপযুক্ত তাড়না লাভ কৰিব নোৱাৰে
নতুন কাম হাতত নলয়নতুন উদ্ভাৱনৰ ক্ষেত্ৰ মুকলি নহয়৷ এই লোভ সকলোৰে বাবে টকাসম্পদৰ নহবও পাৰে; হয়তো হব পাৰে স্বীকৃতিৰকৃতকাৰ্যতাৰউৎকৰ্ষৰনিজৰ ক্ষমতা বা সামৰ্থ্যৰ প্ৰত্যাহ্বান৷

সি যিয়েই নহওক কিন্তু ক্ষমতাঅৰ্থবিষয়ৰ লোভেই মানৱ জাতিৰ বাবে বিপদ ঘণ্টা৷ এই বিষয়ত বহুত কাম কৰাৰ প্ৰয়োজন
আছে৷