কৃষকৰ আত্মহত্যাৰ কথাৰে

সঞ্জীৱ
সভাপণ্ডিত

                                                                   

         সৰুতে আমি পথাৰত কাম কৰা মানুহবিলাককে যে কৃষক বুলি কয় সেইটো জনা নাছিলোঁ বা বুজাও নাছিলোঁ আমিও পথাৰলৈ গৈছিলোঁধান দাইছিলোঁ,
নৰা কাটিছিলোঁ,
আনিছিলোঁ, ৰোৱনীদাৱনীলৈ জলপান নিছিলোঁ পথাৰত ধান খেতি কৰা মানুহবিলাকক আমি অকণি ককাই, শচী ককাই, যোগেন ককাই, ফুলেন ককাই, হৰকান্ত, হেম দাদা আদি নামেৰেই জানিছিলোঁ

        ধান খেতিৰ বাহিৰে অন্য খেতি আমাৰ অঞ্চলৰ মানুহে নকৰিছিল৷ শালি, বৰা, মালভোগ, আমৰলি, জহা, লাহী আদি শব্দবোৰহে আমাৰ কাণত পৰিছিল৷ পথাৰ বুলি লে কেৱল ধাননি পথাৰখনৰ কথাহে আমাৰ মনলৈ আহিছিল৷ ঘেঁহু বা বজ্ৰা বা সূৰুযমুখী ফুল বা কফি বা জালুক আদিৰ খেতি আমাৰ মানুহে নকৰিছিলেই বা নাজানিছিলেই৷ কুঁহিয়াৰ একোডৰা কৰিছিল; কিন্তু চেনী উৎপাদন কৰিবৰ বাবে কোনেও কৰা নাছিল৷ ঘৰতে খাইছিল বা পূজাসবাহত লাগিছিল বা খুব বেছি গুড় অলপমান পগাইছিল৷

        যাৰ মাটি অলপমান বেছি আছিল তেওঁলোকে অলপঅচৰপহে কৰিছিলনিজক লগাৰ জোখেৰে৷ এসোপা কবিবিলাহীলেচেৰামাহগাজৰ মূলা আদি কৰি মে মে বজাৰলৈ উলিয়াই দিয়া কথাটো আমাৰ অসমীয়া মানুহৰ চিন্তাৰ বাহিৰৰ কথা আছিল৷ তেওঁলোকক কোনোবাই খেতিয়ক বুলি কৈছিল যদি কৈছিল; কিন্তু কৃষক বুলি কোৱা নাছিল৷ সাধাৰণতে কেৱল গাঁৱলীয়া মানুহেহে এই খেতিবাতিবিলাক কৰিছিল৷

        সৰহকৈ খেতি-বাতি কৰি বজাৰলৈ মে মে বস্তু অনা কামটো মিঞাবিলাকেহে আমাৰ ইয়াত কৰিবলৈ ধৰিলে৷ খেতি-বাতি কৰি টকা-পইচা ঘটিব পৰা কথাটো আমাৰ অসমীয়া মানুহৰ মগজুত কস্মিন কালেও নাছিল৷ অসমৰ মানস পটলৈ এইটো মিঞাসকলৰেই অৱদান৷

        আমাৰ মানুহে খেতি সদায় টুক-টাককৈয়ে কৰিছিল৷ বেংকৰ ঋণ লোৱা, কৃত্ৰিম সাৰ প্ৰয়োগ কৰা, উন্নত বীজ অনা, জলসিঞ্চন তথা অন্যান্য বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰা আদি কথাবোৰ যেন আমাৰ অসমীয়া মানুহৰ কাম নহয়, তেনে ভাবেৰেই মানুহবোৰ চলিছিল৷

        ১৯৬০৭০ দশকৰ এই ছবি মই কমবেছি পৰিমাণে অসমীয়া মানুহ থকা অঞ্চলবিলাকত আজিও দেখা পাঁও৷ আৰু সেয়ে অসমখন যে বাহিৰৰ পৃথিৱীখনৰ বাবে সদায় কেৱল বজাৰেই হৈ থাকিল তাৰ উত্তৰ মই সতকাই পাই থাকিলোঁ দুখো লাগি থাকিল৷ চিন্তাও লাগি থাকিল৷ বেয়াও লাগি থাকিল৷ আমাৰ ফটা চোলা পিন্ধামদৰুৱা ধুতী পিন্ধাচল্লিছ বছৰতে সত্তৰ বছৰীয়া হৈ পৰা, ৰাছোৱালীপত্নীপৰিয়ালৰ কাৰো প্ৰয়োজনৰ জোৰা মাৰিব নোৱাৰা, এক কপৰ্দকশূন্যঅসহায়হতাশাগ্ৰস্তহোজা অসমীয়া মানুহ বা খেতিয়ক এজনৰ ছবি এখন মোৰ মনৰ মাজত অহা-যোৱা কৰি থাকিল৷ আমাৰ গল্পউপন্যাসকবিতানাটকতো এনে একোজন মানুহহে অঁকা ল৷

        তেনেতে সমুখত পৰি থকা বাতৰি কাগজখনে দেশত সংঘটিত কৃষকৰ আত্মহত্যাৰ খতিয়ান এটা থৈ লহি৷ তাৰ পৰা উঠি অহা শব্দ আৰু সংখ্যাবিলাকৰ মাজে মাজে আমাৰ দুখীয়ানিচলানিঃস্ব খেতিয়ক কাৰোবাক দেখোঁ নেকি মই বিচাৰিবলৈ চেষ্টা কৰিলোঁ৷

        নাই৷ মোৰ চকুত নপৰিল৷ অৱস্থা নাথাকিলেও, সংসাৰৰ জোৰা মাৰিব নোৱাৰিলেও, সাত মাণিকৰ ধনএই অমূল্য মানৱ জীৱনটো নিঃশেষ কৰি পেলোৱাৰ নিচিনা ভয়ংকৰ চিন্তা আমাৰ মানুহৰ মনলৈ অহা মই দেখা নাপালোঁ একো নথকাৰ মাজতো সমূহীয়া জীৱন এটা লৈ আমাৰ খেতিয়কজনে জীয়াই থকাৰ তীব্ৰ বাসনা নিৰ্বাপিত বলৈ নিদিলে৷

        মহাৰাষ্ট্ৰঅন্ধ্ৰপ্ৰদেশতেলেংগানাৰাজস্থানতামিলনাডুকৰ্ণাটকওডিছাগুজৰাটহাৰিয়ানাপাঞ্জাৱমধ্যপ্ৰদেশবিহাৰউত্তৰ প্ৰদেশ সকলোতে ডজনে ডজনে, শই শই, হাজাৰে হাজাৰে কৃষকে বিষপান কৰিছেচিপজৰী লৈছে৷ ঋণ ঘূৰাব পৰা নাই, সুদ দিব পৰা নাই, মাটি মোকলাব পৰা নাই, ফচল আশানুৰূপ হোৱা নাই, ফচলৰ দাম পোৱা নাইবহুত কিবা কিবি পোৱা নাই বা হোৱা নাই৷ কিবা এক কুটিল পাকচক্ৰত পৰি মানুহবিলাকৰ জীৱনৰ ৰং হেৰাই গৈছে৷ এদিন গুহাৰ পৰা ওলাই অহা মানুহে মাটি কৰ্ষণ কৰি শস্য উৎপাদন কৰি যি আনন্দ পাইছিল সেই আনন্দৰ লেশমানো আজি তেওঁলোকৰ মনত নাই৷ লহপহকৈ বাঢ়ি অহা খেতিডৰাই আজি তেওঁলোকৰ মুখত বিৰিঙাই তোলা নাই সেই বিনন্দীয়া হাঁহি যি হাঁহি দেখি সৰগৰ তৰাও থমকি ৰয় বা প্ৰথম প্ৰেমৰ প্ৰথম যৌৱনৰ স্পৰ্শসুখত আহ্লাদিত এহাল তন্ময় ডেকাগাভৰুৱে চিনি থয় কোনো এক গৰ্ভৱতী আশা!

        সেই হাঁহি আছিল নিভাঁজ জীৱন উৎসৱ উদযাপনৰ৷ সেই হাঁহি আছিল কাম কৰি ভাল লগাৰ হাঁহি৷ সেই হাঁহি আছিল কষ্টকো হেলাৰঙে সহ্য কৰিব পৰা হাঁহি৷

        বাতৰি কাগজখনৰ পৰা শব্দবোৰ উফৰি উফৰি আহি থাকিল৷ তাৰ মাজেৰে মোৰ দৃষ্টি নিবদ্ধ কৃষকৰ আত্মহত্যাৰ বাতৰিৰ সৈতে একোটা চুবুৰীতে থিতাপি লোৱা এক সম্বৰ্ধনাৰ দৃশ্যত; মই থমকি লো এজন ব্যক্তিক মাল্যাৰ্পণ কৰা ছবিখনত৷

        ব্যক্তিজন নমস্য৷ দীৰ্ঘদিনীয়া তেওঁৰ
সামাজিক অৱস্থান৷ তেওঁ সমাজক জানে৷ সমাজেও তেওঁক চিনি পায়৷ সমাজে তেওঁক সন্মান
কৰে৷ সেয়ে সমাজে তেওঁক বিভিন্ন অভিধা দিছে- সমাজ শিৰোমণি কৰিছে- উপাধি দিছে-
অলংকাৰ দিছে- মানপত্ৰ দিছে- মানবস্ত্ৰ দিছে- শৰাই দিছে- গামোচা দিছে- বিভিন্ন
শব্দেৰে বিভুষিত কৰিছে৷

        তেওঁক আপোন কৰি লৈছে- কৰমৰ্দন কৰিছে-
আলিংগন কৰিছে৷ শত সহস্ৰজনক আনন্দ দান কৰা এই দৃশ্যই কিন্তু মোক অকণো ভাল লগাব
নোৱাৰিলে৷ মই ভাবিবলৈ ধৰি
লোঁ

        তেওঁক বাৰু মানুহবিলাকে আপোন কৰিলে নে পৰ
কৰিলে? তেওঁক বাৰু মানুহবিলাকে মূৰত তুলিলে নে গাত পিন্ধিলে? তেওঁ ধন্য হ’ল নে
মানুহবিলাক ধন্য হ’ল? সমাজখনৰ কিবা নাছিল নেকি যে তেওঁক ‘বৰণ’ কৰি সমাজখনে কিবা
কিবি পালে- বহুত কিবা কিবি?

        মোৰ মনত পৰিলে- আজি কিছুদিনৰ আগতে মোক এখন
ঠাইলৈ আমন্ত্ৰণ জনাইছিল এই একে ধৰণৰ এটা কাম কৰিবলৈ- সম্বৰ্ধনা জনাবলৈ- মোক এটা
উপাধি দিবলৈ৷

        মই নগ’লো৷

        কাৰণ, মই জানো মই অস্বাভাৱিক একো কাম কৰা
নাই৷ কাম কৰি মই ভাল পাওঁ৷ মোৰ নিজৰ মনটো ভাল লাগি থাকিবলৈকে মই কাম কৰি থা
কোঁ৷ মোক মায়ে কৈছিল- ‘আনৰ পৰা আহিছ, আনৰ কাৰণে থাকিবি’৷ গতিকে
মোৰ কামৰ পৰা আন কাৰোবাৰ যদি কিবা উপকাৰ হৈছে তেন্তে সেয়া নিতান্তই স্বাভাৱিক
কাৰণতে হৈছে৷ ফ্ৰিটজফ কাপ্ৰাই তেওঁৰ The Tao of physics কিতাপখনত লিখিছে যে যি কামৰ পৰা
মানুহৰ অপকাৰ হয়
, সেই কাম কামেই নহয়৷ সেয়ে তেওঁ মানুহ মাৰিবৰ
কাৰণে সজা বোমা
বাৰুদআগ্নেয়াস্ত্ৰ
নিৰ্মাণ আদি কামবোৰ কামেই নহয় বুলি কৈ থৈ গ
ল৷

        কাম নকৰি মই আৰু কি কৰিম? কামেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা আৰু প্ৰাপ্তি৷ গতিকে এই
সফলতা এনেয়ে যাবলৈ দিব নোৱাৰি৷ গীতাতো কৈছে তেনেকুৱা কিবাকিবি কথা৷

        গতিকে মই কাম কৰিছোঁ আৰু জীৱনটো
উপভোগ কৰিছোঁ৷ পঢ়ি
ছোঁ-লিখিছোঁ-খাইছোঁ-আনন্দ কৰিছোঁ-ফুৰিছোঁ- মানুহ লগ পাইছোঁ- নতুন কাম কৰিছোঁ- পইচা ঘটিছোঁ- পইচা লোকচান
কৰি
ছোঁ- সুখ লৈছোঁ- দুখ
পাই
ছোঁ- কষ্ট কৰিছোঁ- হাৰিছোঁ- জিকিছোঁ- চব কৰিছোঁ

        সকলো মানুহৰ হাত ভৰ্তি কৰি কাম
নাথাকে৷ মোৰ মূৰে
ডিঙিয়েহাতেভৰিয়েচকুৱেমুখেকামেই কাম ওলমি
আছে৷ মই এটা পূৰ্ণ মানৱ৷
I am celebrating my life. উপনিষদতো
কৈছে
– All existence is not living & all living is not
life –
কেৱল জীয়াই থকাকে জীৱন নোবোলে৷ গতিকে মই জীৱন কেৱযাপন কৰাই নহয়, জীৱন উদযাপন
কৰিছো৷ এই পৃথিৱীত মই এটা আনন্দ হৈ আ
ছোঁ- ভূমানন্দ, মহানন্দ, ভুবনানন্দ হৈ৷

        মই যদি নিতান্তই এটা স্বাভাৱিক
কামহে কৰি আছোঁ, তেনেস্থলত মোক মানুহে বেলেগ চকুৰে চাব নালাগে৷ মোক মানুহে সাধাৰণতকৈ
ওখ স্থান দিব নালাগে৷ মানুহবিলাক নিজে সৰু হৈ যাব নালাগে
মোক
ডাঙৰ কৰিবলৈ গৈ৷

       আচলতে মই বহুত কাম কৰিবই পৰা নাইএভাৰেষ্টৰ শিখৰত ভৰি থব পৰা
নাই
, মহাকাশযানত উঠি অন্তৰীক্ষলৈ যাব পৰা নাই,
বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাই, খৰাং নাইকিয়া কৰিব পৰা নাই, মানুহৰ ড্ৰাগ
addiction নাই
কিয়া কৰিব পৰা নাই, ধৰ্ষণ ৰোধ কৰিব পৰা নাই, ক্ষুধা
দূৰ কৰিব পৰা নাই
, প্ৰদূষণ ৰোধ কৰিব পৰা নাই, যুদ্ধ বন্ধ কৰিব পৰা নাই, সংঘৰ্ষ
বন্ধ কৰিব পৰা নাই
, ভগনীয়া শেষ কৰিব পৰা নাইকিমান কাম যে মই কৰিব পৰা নাই তাৰ সীমা-সংখ্যা নাই৷

        বাৰ্ট্ৰাণ্ড ৰাছেলৰ দৰে ময়ো সদায়েই
কৈয়ে থাকিব লগা হৈছে
– Three things, simple but overwhelmingly strong
have governed any life. These things, like great winds, have blown me hither
and thither in a wayward course, over a deep ocean of anguish, reaching the
very verge of despair….. I am always suffering in agony of unbearable pity for
the sufferings of mankind. I long to alleviate the evil; but I cannot and I too
suffer.

        সকলো পূৰ্ণতাৰ মাজতো মই অসম্পূৰ্ণঅতৃপ্ত৷ যিমানেই যি নকৰিলোঁ বা কৰিলোঁ, মই বহুত কিবা কিবি কৰিব নোৱাৰিলোঁ৷ বহুত
কৰিবলগীয়া কামো কৰিব নোৱাৰি
লোঁ৷ বহুত থাকি
ল৷

        গতিকে সেই অতবোৰ বিশেষণ মই পাব
নালাগে৷ মোক আকাশৰ তৰা সজাব নালাগে৷ মোক অৰ্ধ ভগৱান কৰি তুলিব নালাগে৷ মোৰ কামৰ কাৰণে
সমাজৰ যদি কিবা উপকাৰ হয়
, সমাজ তাৰ কাৰণে
মোৰ ওচৰত কৃতজ্ঞ হ
ব নালাগে৷ সমাজৰ ভাল হোৱাটোত মোৰেই স্বাৰ্থ
আছে৷ মোৰ চৌপাশৰ পৰি
ৱেশ ভাল হলেহে
মই ভালকৈ উশাহ নিশাহ লৈ থাকিব পাৰিম৷

        বৃটিছে ভাৰতীয় মানুহক ইংৰাজী শিকাইছিল
ভাৰতীয় মানুহক শিক্ষিত কৰিবলৈ নহয়
; এচাম ভাৰতীয়ই
যাতে ইংৰাজৰ কথা
বতৰা,
temperament,
আইনকানুন বুজিব
পাৰে তাৰ বাবেহে যাতে তেওঁলোকে ভাৰতীয়বিলাকক ভালকৈ শাসন কৰিব পাৰে৷ নিজৰ জীৱন নিৰ্বাহৰ
বাবে অনুকূল বাতাবৰণ সৃষ্টি কৰাটো নিজৰেই স্বাৰ্থৰ কথা৷

        ইয়াত কোনো প্ৰতিদানৰ কথা নাই৷
মই সমাজৰে মানুহ
সমাজৰে অংগ৷ হাতখনে কাণখনক বা চকুৱে ভৰিক
প্ৰশংসা কৰাৰ কি অৰ্থ আছে
!

        মোৰ কামে মোক যেনেকৈ এটা সুন্দৰতাৰ
আভৰণ দিছে
, তেনেকৈ সমাজখনকো অলংকৃত কৰিছে৷ কৰক৷
এইটো আনন্দৰহে কথা৷ মোৰ জন্মৰ পৰা মোৰ আনন্দৰ এই বোঁৱতী নৈখন বৈ আছে৷ এইবিলাক বাহিৰা
কথাই এই আনন্দৰ ধাৰাটোক কুলষিতহে কৰে৷

        এনে সম্বৰ্ধনা পালে বহুতে কয়
যে সমাজৰ স্বীকৃতিয়ে অলপ নতুন উদগনি দিয়ে
অলপ
প্ৰেৰণা দিয়ে৷ সমাজৰ স্বীকৃতিৰ আশাত থকা মানুহেহে এনে কথা কয়৷ Self agrandisement
is despicable.

        এজন নিতান্তই স্বাভাৱিকভাৱে নিজৰ কাম কৰা মানুহক লৈ সমাজ কিয় অযথা ব্যতিব্যস্ত হব লাগে৷ মাৰাডোনাই ফুটবল খেলটোকে মহীয়ান কৰি তোলাৰ নিচিনাকৈ
সমাজো এনেদৰে মহীয়ান হৈ পৰিবলৈ বিচৰাৰ এক প্ৰৱণতা নেকি এয়া
?!

        মই নাজানো৷ কৃষকে খেতিৰ আনন্দ
হেৰুৱাই পেলোৱাৰ দৰে, কাম কৰি ভাল পোৱা মানুহৰ মনৰ নিভাঁজ আনন্দকণ হেৰাই যোৱাটো কিমান
যে এটা বেদনাদায়ক কথা
বোধগম্য হোৱাই টান! মানৱ সভ্যতাই তথা ভাৰতীয় সমাজে জীৱনৰ আনন্দ হেৰুৱাই পেলোৱাৰ
এয়া হ
ল এক শোকৰ বতৰা৷

ভ্ৰাম্যভাষ : ৯৮৬৪০৪৪৪৭০