ব্যাপ্তি আনন্দৰ–ব্যাপ্তি অনুভৱৰ

 সঞ্জীৱ সভাপণ্ডিত

 

ট্ৰেভৰ
নোৱা (
Trevor
Noah) নামৰ এজন মঞ্চ
কৌতুক শিল্পী 
(stand up comedian)  আছে৷ তেওঁৰ দেউতাক ছুইজাৰলেণ্ডৰ, মাক আফ্ৰিকাৰ,
পঢ়িলে ইংলণ্ডত, থাকে আমেৰিকাত আৰু প্ৰগ্ৰেমটো
কৰিছে জাৰ্মানীত৷ কথাৰ লাচতে তেওঁ কৈ দিলে যে আমেৰিকাৰ বৰ্তমান সময়ৰ কোনো এজন
ৰাষ্ট্ৰপতিয়ে এটাও সঠিক কথা কোৱা নাই
তেওঁলোকৰ কাৰো মাতেই
স্বাভাৱিক মাত নহয়
ৰাষ্ট্ৰপতিবিলাক বিকৃত মনৰ হোৱাৰ কাৰণে
তেওঁলোকৰ মাতবিলাকো বিকৃত৷ এইবুলি তেওঁ জন এফ কেনেডী
, লিনডন
জনচন
, ৰিচাৰ্ড নিক্সন, ৰোণাল্ড ৰিগান,
বিল ক্লিণ্টন, জৰ্জ বুশ্ব, বাৰাক অবামা, নাল্ড ট্ৰাম্প,
বাইডেনসকলোৰে মাতবোৰ
অবিকল নকল কৰি কৰি তেওঁলোকে কোৱা কথাৰ টুকুৰা টুকুৰ অংশ কৈ গ
ল৷ কি আচৰিত সাৱলীল ভাব-ভংগী-কথা ! দৰ্শক-শ্ৰোতা
সকলোৱে হৰ্ষ
ধ্বনিৰে- হাত চাপৰিৰে- উঁকি চিঞৰেৰে তেওঁক
সমৰ্থন-উৎসাহ দি গ
ল৷ আমেৰিকাৰ সকলো ৰাষ্ট্ৰপতিয়ে যে কেৱল
ধমকিৰ সুৰত কথা কয়- কেৱল যুদ্ধৰ কথাহে কয়
, সেইবোৰো তেওঁ কবলৈ নাপাহৰিলে৷ আনকি তেওঁ সেই ৰাষ্ট্ৰপতিবিলাকে হোটেলত খাদ্যৰ অৰ্ডাৰ
দিওঁতে কেনেকৈ কথা কয়
, নিজৰ বিৱাহ বহিৰ্ভূত যৌন সম্পৰ্কৰ কথা
কেনেকৈ কয়
, যুদ্ধাস্ত্ৰৰ ব্যৱসায়ীবিলাকৰ ভৃত্য হিচাপে কেনেকৈ
কথা কয় সকলোবোৰ
mimicry কৰি গল৷ মুক্ত
দেশ- মুক্ত মানুহ- মুক্ত চিন্তা- সকলোৱে কথাবোৰ সুন্দৰকৈ হজম কৰি গ
ল- কোনো বেয়া ভাব কতো নাথাকিল৷ আনৰ প্ৰতি নিষ্কলুষ
কথাৰে হাস্যৰস সৃষ্টি কৰাটো আৰু নিজকে হঁহাটো বা হাঁহিব পৰাটো যে এটা ভাল জীৱনৰ
বাবে প্ৰয়োজনীয় কথা সেইটো তেওঁলোকে বুজে৷ বলিয়া ৰাজনীতিকৰ বিৰুদ্ধে থকা মনৰ ক্ষোভ
সভ্য মানুহে এনেকৈয়ে প্ৰকাশ কৰে৷ এনে কথা সমাজৰ বাবে হিতকৰো৷

কিন্তু
আমাৰ দেশত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কিবা এটা কটাক্ষ কৰি কথা ক
লেই
দেখোন মানুহ চৰকাৰৰ ৰোষত পৰে৷ একেবাৰে আটকেই কৰি পেলায়
!
অৱশ্যে ব্যক্তিগত আক্ৰোশ বা অনৈতিক বা অশ্লীল (
vulgar/slang) কথা কোৱাটো গ্ৰহণযোগ্য নহয়৷

কিন্তু
এজন
Trevor
Noah-এ আমেৰিকাৰ সকলো কথাকে প্ৰতিনিধিত্ব নকৰে৷ The Trial of
the Chicago 7 বুলি এখন কিতাপ আছে৷ ১৯৬৮ চনৰ জুলাই মাহৰ কথা৷ তাৰ
বহুদিনৰ আগৰে পৰা
, কমিউনিষ্ট দমনৰ নামত, আমেৰিকা ভিয়েটনামযুদ্ধত লিপ্ত হৈ পৰিছিল৷ যুদ্ধলৈ সৰহভাগ কম বয়সীয়া কলা চামৰাৰ মানুহক সৈন্য হিচাপে পঠোৱা হৈছিল৷ তাৰ
জলবায়ু-মাটি-পানী-পৰি
ৱে, আমেৰিকাৰ
মানুহৰ বাবে একেবাৰে অনুকূল নাছিল৷ হাজাৰে হাজাৰে আমেৰিকাৰ সৈনিক মৃত্যুৰ মুখত
পৰিছিল৷ আমেৰিকাৰ চৰকাৰে এনে মৃত্যুৰ সংখ্যা লুকুৱাই ৰাখিছিল৷ বলে নোৱাৰি- খঙত একো
নাই হৈ আমেৰিকাই তাত- গাঁৱে-ভূঞে
, যধে-মধে নাপাম বোমা’ (Napalm) বৰ্ষণ কৰিছিল৷ লাখৰ ঘৰত মানুহ
মৰিছিল৷
Forrest Gump নামৰ এখন চিনেমাত এইবিলাক কথাৰ কিছু
আভাস দিয়া হৈছে৷ এই বিষয়ৰ ওপৰত আৰু বহুত কিতাপ-চিনেমা-গান আছে৷ বব ডিলানে বহু গান
গালে এই যুদ্ধৰ বিৰোধিতা কৰি৷ বিশ্ববক্সিং কিংবদন্তী মহম্মদ আলিৰ
, ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে নাম আছিল কেছিয়াছ ক্লে৷ ১৯৬০ চনৰ ৰোম
অলিম্পিকত সোণৰ পদক পোৱাৰ পাছত তেওঁকো ভিয়েটনাম যুদ্ধলৈ যাবলৈ নিৰ্দেশ দিছিল
আমেৰিকাৰ প্ৰশাসনে৷ তেওঁক ইমানেই জোৰ-জুলুম কৰা হৈছিল যে মনৰ দুখত তেওঁ গৈ নিউইয়ৰ্কৰ
ব্ৰুকলীন ব্ৰিজৰ ওপৰৰ পৰা নিজৰ সোণৰ পদকটো নৈলৈ দলিয়াই দিছিল৷

আমেৰিকাৰ
প্ৰায় সকলোবোৰ মানুহৰ মাজত এই যুদ্ধবিৰোধী মনোভাবে গা কৰি উঠিছিল৷
কলেজ-বিশ্ববিদ্যালয়- পাৰ্ক-বাছষ্টেণ্ড সকলোতে এই যুদ্ধৰ প্ৰতিবাদ সভা অনুষ্ঠিত
হৈছিল৷ তেনে এখন সভা চিকাগোতো হৈছিল সেইদিনা৷ প্ৰায় ৮০০ মানুহ গোট খাইছিল৷ চৰকাৰে
এই কথা হজম কৰিব পৰা নাছিল৷ লিনদন জনচন আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল৷ তেওঁৰ গৃহবিভাগে
প্ৰতিবাদকাৰীৰ মাজত গোপনে
সাধাৰণ পোছাকত পুলিচসুমুৱাই দিছিল৷ তেওঁলোকে, মানুহবিলাকক এইফালে যাওঁ-
সেইফালে যাওঁ- পুলিচলৈ দলিয়া
ওঁ– গাড়ীৰ আয়না ভাঙি দিওঁ আদি
বিভিন্ন কথাৰে
, বিভ্ৰান্ত-বিক্ষুব্ধ-ধ্বংসাত্মক কৰি তুলিছিল৷ ফলত পুলিচে বাধ্য হৈ কন্দুৱা গেছ প্ৰয়োগ কৰিছিল- লাঠী
চাৰ্জ কৰিছিল- বহু মানুহ আহত হৈছিল- বহুত ৰাজহুৱা সম্পত্তি
ধ্বংস হৈছিল৷ পুলিচে জন কলা
প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰু এজন সুন্দৰ সুঠাম কৃষ্ণাংগ ডেকাকো গ্ৰেপ্তাৰ
কৰিছিল৷ বিচাৰ চলিল৷ নিগ্ৰো মানুহ
, বদমাচ হবই- সি দোষী সাব্যস্ত হবই; গতিকে
লা চামৰাৰ ডেকাজনক কোনো উকীলৰ সহায় লবলৈ দিয়া নহল আৰু তেওঁৰ ওপৰত attempt to
murder- murder- Revolt to overthrow an elected government আদি নানান
অভিযোগৰ ধাৰা আৰোপ কৰা হ
অথচ তেওঁ
সেইদিনা সেইখিনি ঠাইত হঠাৎহে আহি ওলাইছিলহি৷ প্ৰকৃততে তেওঁ ফুৰিবলৈহে আহিছিল৷
বিচাৰত সাক্ষীবিলাকো সেই সাধাৰণ পোছাকত প্ৰতিবাদকাৰীৰ মাজত সোমাই পৰা পুলিচেই
eye
witness হিচাবে কাঠগড়াত উঠিছিল৷ বিচাৰপতিজনে কলা চামৰাৰ অভিযুক্তজনক একো কথাকে কবলৈ নিদিছিল৷
কিবা এটা ক
বলৈ উঠিলেই ধমকি দি- contempt of court বুলি- পুলিচ আৰু মাৰ্শ্বাল লগাই জোৰ কৰি বাহিৰলৈ
উলিয়াই দিছিল- হাত-ভৰি শিকলিৰে বান্ধি
, মুখত সোপা দি চকীত
লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি আকৌ
ৰ্টৰূমৰ
ভিতৰলৈকে বেপৰোৱাকৈ লৈ আনিছিল যেন একোৱেই হোৱা নাই৷ সকলো মানুহৰ মাজতে- দেখদেখকৈ
এনেকৈ বিচাৰৰ নামত প্ৰহসন চলিছিল৷ সেই
জনৰ মাজৰো দুজন
পুলিচৰ সমৰ্থক মানুহ আছিল৷ তেওঁলোকৰ শাস্তি লাঘৱ কৰাৰো কাৰচাজি চলিছিল৷ খঙত ক
ৰ্টৰূমৰ ভিতৰতে বিচাৰপতিক ঠগবুলি অভিযুক্তই গালি পাৰিছিল৷ বিচাৰ নিৰপেক্ষ হোৱা নাই বুলি বিচাৰপতিয়ে
নিজে মানি ল
বলৈও বাধ্য হৈছিল৷ কিন্তু তথাপি অভিযুক্তসকলৰ
শাস্তি হৈছিল৷ সাক্ষী প্ৰমাণে তেওঁলোক দোষী বুলি সাব্যস্ত কৰিছিল৷
-১০ বছৰকৈ জেল হৈছিল৷

এইটো
সঁচা কথা আছিল৷ গৃহ বিভাগৰ আভ্যন্তৰীণ প্ৰতিবেদনত পুলিচহে সেই
Riot-অৰ বাবে জগৰীয়া বুলিও প্ৰমাণিত হৈছিল৷ ঠিক সেই সময়তে নিক্সন আমেৰিকাৰ
ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে বুলি ঘোষিত হৈছিল
; কাৰণ
ইতিমধ্যে তাত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হৈ গৈছিল৷ সেইটো আছিল এটা দোমোজাৰ (
Transitional)
সময়৷ সেয়ে আটক কৰা অভিযুক্তকেইজনৰ ওপৰত বিচাৰ চলাব নালাগে বুলি
জনছনে কৈছিল যদিও নিক্সনে বিচাৰ চলাই যাব লাগে বুলি নিৰ্দেশ দিছিল৷ কাৰণ তাত
ৰাজনৈতিক অংক নিহিত আছিল৷

মানৱ
সভ্যতাৰ ইতিহাসত ৰাজন্য শাসন বেয়া-একনায়কত্ববাদী শাসন বেয়া- সামৰিক শাসন বেয়া বুলি
সকলো মানুহে মানি লোৱাৰ পিছত
, এটা সময়ত গণতান্ত্ৰিক শাসনহে ভাল
বুলি পৃথিৱীৰ সকলোৱে ঠিৰাং কৰি পেলালে৷ সেয়ে অন্যান্য দুখনমান দেশৰ লগতে ভাৰতবৰ্ষ
আৰু আমেৰিকা
পৃথিৱীৰ এই দুখন বৃহৎ গণতান্ত্ৰিক দেশসকলোৰে চকুৰ মণি হৈ পৰিল৷ দুয়োখন দেশ বৃটিছ তথা ইউৰোপৰ মানুহৰ উপনিৱেশৰ
পৰা ৰূপান্তৰিত হৈ যোৱা দেশ৷ ঔপনিৱেশিকতাৰ প্ৰভাৱত মানুহৰ মন বিকৃত হয়েই৷ ভাৰত আৰু
আমেৰিকালৈ চালে আৰু একোলৈকে চাব নালাগে৷ ইয়াৰ শাসকবিলাক- ৰাজনীতি কৰা মানুহবিলাক-
বিচাৰপতিসকল
, সকলোবোৰ যেন Children of Higher Gods! (অৰুন্ধতী ৰয়ে ‘Children of Lesser Gods’ লিখিছিল৷) বাকী সকলোবোৰ মানুহৰ যেন মালিকহে ! দেহৰ মালিক হোৱাতেই ক্ষান্ত নাথাকি তেওঁলোকক সকলোৰে মনৰ মালিক হবলৈ লাগে৷

মালিক
! এৰা, মালিক !

এই
তথাকথিত মালিকবিলাকে অৱধাৰিতভাৱে এটা কাম কৰেই- আনৰ কষ্ট দেখি আনন্দ পোৱা৷ নোৱাই
কোৱা এই কথাটোৰ জাৰ্মান শব্দ হ
–Shadenfreuda
আনৰ ওপৰত ৰগৰ তুলি আনন্দ পোৱা৷ কিন্তু আনক মনোকষ্ট দি নহয় দেই
! কষ্টও আকৌ দৈহিক কষ্ট দিও নহয়৷ কথাটোত এটা সূক্ষ্ম ‘Subtle’ কথা আছে৷ সংবেদনশীল মানুহেহে কথাটো বুজিব৷

নোৱাৰ
এজন তামিল বন্ধু আছিল৷ স্কুলীয়া দিনৰে পৰা নলে-গলে লগা৷ নোৱাক ঘৰৰ পৰা টিফিনৰ বাবে
পইচা দিয়ে
; কিন্তু বন্ধু আয়াৰক মাকে টিফিন দি পঠায়৷ মাকে একে
টিফিনকে সদায় দিয়ে কাৰণে সি খাই বৰ বেয়া পায় আৰু মাজে মাজে নোৱাকো তাৰ ভাগ দিয়ে৷
তামিল খাদ্যৰ জ্বলাই নোৱাৰ জিভাত বিদ্ৰোহ ঘোষণা কৰে৷ তাৰ ধৰফৰণি-ফৰফৰণি দেখি আয়াৰে
বৰ স্ফূৰ্তি পায়৷ দুদিনমানৰ পিছত কথাটো পাহৰি গ
লে, আয়াৰে নোৱাক আকৌ খাবলৈ দিয়ে৷ তাৰ ভাবটো যেন, ময়ে
অকলেই এই একেবিলাককে কেলেই খাম- তয়ো খা- তয়ো পা মজাতো
!  কিন্তু লাহে লাহে নোৱাই কেৱল তামিল খাদ্যই নহয়,
ভাৰতীয় বহুত খাদ্যৰ চমঝদাৰ ৰসিক হৈ পৰিল আৰু তেওঁৰ বন্ধু-বৰ্গৰ মাজত
ভাৰতীয় খাদ্যৰ বিশেষজ্ঞই হৈ পৰিল৷ কিন্তু তেওঁৰ প্ৰথম দিনাখনৰ অভিজ্ঞতটো তেওঁ
কোনোদিনে পাহৰিব নোৱাৰিলে৷ আয়াৰৰ চকুৰ
তয়ো পা মজাবোলা চাৱনিটো তেওঁৰ মনৰ পৰা নগল৷

এবাৰ
তেওঁ দুজনমান বন্ধুৰ লগত জাৰ্মানীলৈ গৈছিল৷ সকলোৱে নোৱাকে ৰেষ্টুৰাঁ নিৰ্বাচন আৰু
খাদ্য অৰ্ডাৰ দিয়াৰ দায়িত্ব দিলে৷ মনে মনে ভালেই পালে যদিও তেওঁ দেখুৱাই লগৰকেইটাক
তহঁতে নিজে কি খাৱ খাবুলি কলে৷
ইফালে তেওঁলোক সকলো এখন ভাৰতীয় খাদ্যৰ ৰেষ্টুৰাঁত সোমাইছিলেই৷ গতিকে স্বাভাৱিকতেই
দায়িত্বটো
বিশেষজ্ঞৰ ওপৰতে পৰিল৷
তেৱোঁ সেই পুৰণা কথা মনত পেলাই দিলে
, কিবা-কিবিৰ অৰ্ডাৰ৷
লগতে অৰ্ডাৰ লোৱা ল
ৰাজনক তামিল ভাষাতে অলপ বেছিকৈ জ্বলা আৰু
মচলা দিবলৈ কৈ দিলে৷

সকলোৱে
ভাৰতীয় খাদ্যৰ নতুন সোৱাদৰ আশাত হাঁহি-স্ফূৰ্তিৰে কথা পাতি সময় কটালে৷ যথা সময়ত
খোৱা বস্তু আহিল৷ নতুন খাদ্য-ৰোমাঞ্চৰ আশাত সকলোৱে তৎক্ষণাৎ খাবলৈ আৰম্ভ কৰিলে আৰু
তৎমুহূৰ্ততে আটাইকেইটাই দেদাউৰি পাৰিবলৈ ধৰিলে৷

এই
নিষ্কলুষ আনন্দ কাৰোবাৰ অকণমান কষ্টৰ বিনিময়ত পোৱা গ
ল৷
এইকণ ব্যতিক্ৰম
, জীৱনত বৰ দৰকাৰ৷ Stand up Comedy , এই আনন্দই বহুত বিষয় সামৰি লব পাৰে আৰু লাগেও৷ প্ৰচুৰ অধ্যয়ন আৰু অভিজ্ঞতা নাথাকিলে এনে কৌতুক কৰিব
নোৱাৰে৷ নিজকে হাঁহিবলৈ হ
লেও বহুত কথা জানিব লাগিব৷ আমাৰ
খুচৱন্ত সিঙে নিজক লৈ বহুত ৰগৰ তুলিছিল৷ পাঞ্জাবী অৰ্থাৎ শিখ মানুহবিলাকে নিজক লৈ
খুব হাঁহিব পাৰে৷ মাক-দেউতাক
, খুড়া-খুড়ী, মামা-মামী, পেহা-পেহী কাকো এৰি নিদিয়ে৷

এইবিলাকৰ
ফলত কোনো হেয় হৈ নাযায়৷ বৰং সহৃদয়তা আৰু আত্মীয়তা বাঢ়েহে৷ নিজকে হাঁহিলে বুলিয়েই
কোনেও তেওঁলোকক পেংলাই কৰিবলৈ নাযায়৷

আমাৰ
অসমৰ কৌতুক অভিনেতাসকল
, কৌতুকৰ আচল পাগত আচলতে উঠাই নাই৷ Joke
আৰু Comedy আৰু Satire আৰু
Caricuture আদিৰ অৰ্থ বুজিবলৈ তেওঁলোক অক্ষম; কাৰণ তেওঁলোকৰ অধ্যয়ন তেনেই সীমাৱদ্ধ৷ ভূপেন হাজৰিকাই তেওঁৰ পৰা এদিন চাধা খুজি খালে বা প্ৰতিমা পাণ্ডে বৰুৱাৰ লগত এদিন তেওঁ এগিলাছ সুৰাপান কৰিলে- সেই কথাৰেই
তেওঁলোকে ভূপেন হাজৰিকা বা প্ৰতিমা পাণ্ডে বৰুৱাৰ লগত সান্নিধ্য বুজাবলৈ বিচাৰিলে
কেনেকৈ হ
!

বিদেশৰ
আৰু ভাৰতৰো বহুত কৌতুক অভিনেতাৰ অনুষ্ঠান দেখিছো
চাৰ্লচ ডাৰউইনৰ
বংশগতি-তত্ত্ব (
Theory of specis-evolution-laws of natural selection), আৰ্নল্ড টয়নবীৰ Rise and Fall of the Roman Empire-  a Study of History, কালিদাস,
শ্বেইক্সপীয়েৰৰ নাটকৰ সংলাপ, গীতা-উপনিষদৰ
কথা- সমসাময়িক ইতিহাস- বিভিন্ন ৰাজনীতিকৰ শিক্ষাগত অৰ্হতা- চাল-চলন
গায়ক-অভিনেতাৰ অংগ-ভংগী আদি অনেক বিষয়ৰ ওপৰত তেওঁলোকে কথা কব পাৰে৷ সেইবিলাক বিষয়ত তেওঁলোক বিদগ্ধ পণ্ডিত হ
নালাগে
; কিন্তু জীৱনৰ বিশালতা তথা ব্যাপ্তিৰ এখন সামগ্ৰিক
চিত্ৰ চকুৰ আগত নৰখাকৈ মানুহে কেৱল শাক খোৱা
, ভাত খোৱা
কথাৰেই জীৱন পৰিক্ৰমা কৰিব পাৰে বুলি ভবাটো উচিত নহয়৷

দৰ্শক-শ্ৰোতাৰ
প্ৰতি সকলো ৰাজহুৱা
performer এশ শতাংশই দায়ৱদ্ধ হৈ থাকিব
লাগিব৷ যিকোনো কথাৰে- পালমাৰি অনুষ্ঠান সামৰিবলৈ চেষ্টা কৰাটো গ্ৰহণযোগ্য কথা নহয়৷
এটা অনুষ্ঠানৰ পিছত
উন্নত মানসিক অৱস্থা এটাপাবলৈ বিচৰাটো প্ৰত্যেক দৰ্শক-শ্ৰোতাৰ অধিকাৰ৷ বিনামূলীয়া অনুষ্ঠানতো
দৰ্শক-শ্ৰোতাই এই অধিকাৰ বিচাৰে৷ দৰ্শক-শ্ৰোতাৰ এই অধিকাৰক মান্যতা দিবলৈ হ
লে তেওঁলোকৰ প্ৰতি সন্মান থাকিব লাগিব৷ প্ৰতিজন মানুহকে বুৰ্বকবুলি ভবাটো সমিচীন নহয়৷

কৌতুক
আচলতে এটা বৰ গভীৰ-গম্ভীৰ (
serious) বিষয়৷ হাঁহি-ৰগৰ উঠা কথাৰ
কোনোবাটোৱে বহুতৰ মনত সাংঘাতিক ধৰণৰ ভাবৰ ঝংকাৰ তুলিব পাৰে৷ বহুত লিখিব নোৱাৰা বা
ব নোৱাৰা কথা কৌতুকৰ মাজেৰে কৈ দিব পাৰি৷
গল্প-কবিতা-উপন্যাস যিবোৰ ক্ষেত্ৰত বিফল
, কৌতুক সেইবোৰ কথাত
সফল৷

আমাৰ
অসমত ৰসৰাজ বেজবৰুৱাই কৌতুক-হাস্যৰসৰ যি ৰহঘৰা মেলিছিল তাৰ পৰম্পৰা বিশেষ সফলতাৰে
পৰ
ৰ্তী প্ৰজন্মক ৰক্ষা কৰা দেখা নাযায়৷ সত্যেন বৰকটকী-দেবেন আচাৰ্য্য আদিয়ে
এটা স্তৰত লিখিছিল-
(বেং বেলেষ্টৰ-গান্ধী মহাৰাজ-এচেণ্ডিং
কুমজেলেকুৱা আদি কথাবোৰ
)৷ আধুনিক সময়ৰ লেখকসকলক ব্যংগ লেখক
বুলিবহে পাৰি৷ দুজনমান সহজে কোবাব পৰা ৰাজনৈতিক নেতা আৰু অসম মুলুকৰে দুটামান
কথাৰেই তেওঁলোক সমাপ্ত৷

সমাজে
কৌতুক হজম
(বৰদাস্ত) কৰিব পৰাটো বৰ ডাঙৰ কথা৷
পাঞ্জাবী বা শিখসকলে যেনেকৈ নিজক লৈ বিশাল পয়োভৰেৰে হাঁহিব পাৰে আমাৰ মানুহে বৰকৈ
তেনেকৈ নোৱাৰে৷ হয়তো দুৰ্গেশ্বৰ বৰঠাকুৰ-মহেন্দ্ৰ বৰঠাকুৰ-দোস্ত হবিবুৰ ৰহমান
,
ইন্দ্ৰ বনিয়া, ভায়া মামা কৌতুক গোষ্ঠী,
ৰাজীৱ ক্ৰ’, চেতনা দাস আদিয়ে কিবাকিবি কৰিছিল
বা কৰিছে
; কিন্তু মই কোৱা বা বিচৰাটো হোৱা নাই৷ কাকো আঘাত
নিদিয়াকৈ পৰিব্যাপ্ত এক আনন্দৰ মহল
(মাহুল) সৃষ্টি কৰিবলৈ বহুত প্ৰস্তুতি লাগিব৷ অকলে এজন অভিনেতাই এই কাম কৰিবও
নোৱাৰে৷ এটা গৱেষকৰ দলে নেপথ্যত কাম কৰিব লাগিব- কিতাপ-পত্ৰ লৈ
, audio
visual equipment লৈ ৰেক
ৰ্ড কৰি- Rehearsal কৰি
কৰি চেষ্টা কৰি কৰি পাকৈত-পাৰ্গত-পৈণত হৈ উঠিব লাগিব৷ আমাৰ কোনো এজন ৰাজহুৱা
বক্তাই খোকোজা নলগাকৈ এঘণ্টা কথা ক
ব পৰা আজিলৈকে মোৰ চকুত
পৰা নাই৷ ফটুৱা কথা-বাজে
বাৰে-বিংকৰাকথা কোৱা মানুহেৰেই আমাৰ ৰাজহুৱা স্থান ভৰপূৰ৷ কিন্তু এই ৰাছিয়ান- এই
জাৰ্মান- এই ফৰাচী- এই ইংৰাজী-এই স্পেনিচ ভাষা কোৱা- তাকো শুদ্ধ উ
চ্চাৰণ (correct modulation)ৰে সৈতে- চন তাৰিখৰ খোকোজা
নলগাকৈ ক
ব পৰাটো সহজ কথা নহয়৷ বহুত ভাৰতীয় stand up
comedian
এ যেনেকৈ সংস্কৃত-হিন্দী-ইংৰাজী-বাংলা-উৰ্দু-পাঞ্জাবী
সলসলীয়াকৈ কৈ যায় দেখিলে তবধ মানিব লাগিব৷

আৰু
এঘণ্টা সময় অনৰ্গল আখৈফুটীয়া কথা কৈ থকাটোও এলাপেচা কথা নহয়৷ তাৰ বাবে তেওঁলোকে
সাধনা কৰে- যোগাভ্যাস কৰে- শৰীৰ চৰ্চা কৰে- শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণৰ প্ৰশিক্ষণ
লয়- দৌৰে- সাঁতোৰে- জনা মানুহৰ ওচৰলৈ যায়- শিকে-বুজে-মাননি দিয়ে-প্ৰত্যেক সতীৰ্থক
প্ৰাপ্য দিয়ে- বহুত কথা৷ বহুত কথা৷ বহুত কথা৷

এনেকৈ
কথা কৈ থাকিবলৈ বহুত শব্দ সম্ভাৰো নিজৰ মাজত মজুত থাকিব লাগিব৷ শব্দৰ ভুল প্ৰক্ষেপ
ণে বা ভুল ঠাইত প্ৰয়োগে ধুমুহাৰো সৃষ্টি কৰিব পাৰে- সামাজিক সংঘাতৰ সৃষ্টি
কৰিব পাৰে৷

গতিকে
শব্দক লৈ জীৱন অতিবাহিত কৰা মানুহখিনিয়ে শব্দক সন্মান কৰিবও লাগিব৷ অনুষ্ঠান এটালৈ
মাতিলে ঘপকৈ দাম-দৰ ঠিক কৰি এদিন
অলপ ৰাগত ৰাগীয়াল
হৈ গৈ ওলালেগৈ নহব৷ মানুহে কৌতুকক serious
কৈ লবলৈ হলে মানুহে
নিজেই
serious ব লাগিব৷

এইখিনিতে
Ted
talk বুলি সমগ্ৰ বিশ্বজুৰি হোৱা কিছুমান ভাষণৰ কথা কওঁ৷ জীৱনত সফল
আৰু কৃতকাৰ্য হোৱা মানুহেহে এনে অনুষ্ঠানত কথা কয়৷ যাকে তাকে
Ted Talk দিবলৈ নামাতে৷ তেওঁলোকক বহু আলোচনা-বিলোচনা-বিচাৰ-খোচাৰ কৰাৰ অন্তত এই
সন্মানজনক মঞ্চখন (
platform) দিয়া হয়৷ সমগ্ৰ বিশ্বজুৰি
কথাবিলাক প্ৰচাৰিত হয়৷ এই ব্যক্তিসকল
Role Model হয়৷ লাখ
লাখজনক অনুপ্ৰেৰণা দিয়ে৷ নিজৰ সংঘাতময়-জীৱনৰ সঁচা কাহিনীৰে মানুহক আপ্লুত কৰে৷ আজি
তেওঁলোকে দিয়ে- সমাজে লয়৷ হয়তো আগতে সমাজে তেওঁলোকক একো দিয়াই নাছিল৷ কথাবিলাকত এক
বিশাল-ব্যাপ্ত মানসিক অৱস্থানৰ উমান ভাসমান হৈ পৰে৷

আমাৰ
অসমত এনেকুৱা-
Ted Talk সদৃশ অনুষ্ঠানৰো বৰ প্ৰয়োজন হৈছে৷ মানুহৰ ধাৰণ
ক্ষমতা ব্যাপ্ত কৰিব নোৱাৰিলে ভাল কৌতুক
মানুহে হজম কৰিব নোৱাৰে৷ কৌতুক হজম কৰিব নোৱাৰিলে সমাজৰ মংগল নহয়৷ অসমৰ বৌদ্ধিক
পৰিমণ্ডলৰ মাজলৈ
, নাটক-গল্প-উপন্যাস-কবিতা-ভ্ৰমণ সাহিত্য-জীৱনী সাহিত্য
আদিৰ লগতে
Stand up Comedy আৰু Ted talk-অৰ নিচিনা কথা প্ৰৱেশ কৰক৷ কোনোবাই অকলে অকলে ভাল কিতাপ এখন পঢ়িছে বা ঘৰৰ
ভিতৰতে ভাল চিনেমা এখন চাইছে
, কেৱল তাৰেই অসমৰ বৌদ্ধিক
চাহিদা পূৰণ নহয়৷ ৰাজহুৱা স্থানত বৌদ্ধিক বুৰবুৰণিৰ বৰ প্ৰয়োজন হৈছে৷ কিতাপো এতিয়া
ৰাজহুৱাকৈ পঢ়াৰ প্ৰয়োজন হৈছে৷ চিনেমা চাই কথা পতাটোও বৰ দৰকাৰ হৈ পৰিছে৷ অসমীয়া
ভাষাৰ অপসৃয়মান কালিমা পুনৰ উদ্ধাৰৰ বাবেও এনেকৈ ৰাজহুৱা স্থানত কথা শুনাটো
বৰ্তমান সময়ৰেই দাবী৷