অসমীয়া মানুহৰ আত্মপৰিচালনা

সঞ্জীৱ  সভাপণ্ডিত

        ১৯৮৬ চনত মই শিৱসাগৰৰ পৰা নাজিৰা হৈ বিহুবৰৰ নগাপাহাৰৰ পাদদেশৰ এখন ঠাইলৈ
গৈছি
লোঁ৷ তাতে আদিত্য নাছিংহোম’,
অসম আদিত্য নামৰ বাতৰি কাকতৰ জন্মদাতা ডাঃ
 নিৰ্মল চাহেৱালা, তেওঁৰ ককায়েকভায়েক অধিবক্তা মুৰুলী চাহেৱালা, গজানন চাহেৱালা আদিৰ ঘৰ৷ মোৰ যোৱাৰ উদ্দেশ্য আছিল তেওঁলোকৰ দেউতাকক লগ
ধৰা আৰু তেখেতে খাই থকা এটা দৰৱৰ বিষয়ে সোধা
, দৰৱটোৰ নামদামত পায় আদি খবৰ লোৱা৷
তেখেতৰ তেতিয়া কেঞ্চাৰ হৈ আছিল৷ আমাৰ দেউতাৰো তেতিয়া কেঞ্চাৰ হৈ আছিল৷ বহুত
চিকিৎসা কৰিও একো ফলপ্ৰসূ উন্নতি লক্ষ্য কৰা নাছিলোঁ৷ কোনোবাই তেখেতৰ কথা কৈছিল

কলিকতাৰ পৰা এটা দৰৱ আনি তেখেতে খাইছে আৰু ভাল পাইছে৷

মই গৈ পাওঁতে
প্ৰায় সন্ধিয়া হৈছিল৷ দূৰত্ব যদিও বেছি নাছিল
, নাজিৰাৰ পৰা ১০/১২ কিলোমিটাৰ যাওঁতেই প্ৰায় দুঘণ্টা লাগিছিল৷ ৰাস্তাৰ নামত প্ৰহসন আছিল৷ কতো বিজুলী বাতিৰ ব্যৱস্থা নাছিল৷ কিন্তু আমি প্ৰকাণ্ড বাৰীৰে সৈতে যিটো
ঘৰত গৈ উপস্থিত হৈছিলোঁগৈ
, সেই ঘৰটোৰ আগফালপিছফাল, সৰু সৰু কম পোহৰৰ ফিলামেণ্ট বাল্বৰ পোহৰে
জিলিকাই ৰাখিছিল যদিও পূৰাকৈ পোহৰাব পৰা নাছিল৷ ধপ্
ধপ্ ধপ্ ধপ্ কৰি এটা ডিজেল জেনেৰেটৰ চলি আছিল আৰু সেইবোৰ তাৰে পোহৰ আছিল৷ তামোল-পাণ, জালুক,
কঁঠাল, আম, বগৰী, আমলখি, বাঁহ, কুঁহিয়াৰ আদি
গছেৰে বিয়াগোম বাৰীখন ভৰপূৰ হৈ আছিল৷ পদূলি মুখতে এটা ধান বনা কল আছিল৷ ওচৰৰ গাঁৱৰ
আৰু চাহ বাগিচাৰ মানুহে ধান-চাউল তুঁহ উঠোৱা
নমোৱাজোখা চকুত পৰিছিল৷

        দীঘলবহল বাৰাণ্ডাখনৰ গাতে এখন দোকান আছিল৷ নাৰিকলৰ
ৰচী
, শিকলি, আলু, পিঁয়াজ, চাউল, দাইল, চেনি, গুড়, মিচিৰি, কাপোৰ, সূতা, আঠুৱা, কম্বল, কোৰ, দা, কাঁচি, হাতুৰী, গজাল, কেৰাচিন তেল, নিমখ, বেজী,
দৰৱ, জুলাপ, চেন্দেল,
চোলা, পেণ্ট, গেঞ্জী,
শাৰী, পেটিকোট, ফণী আদি
জীৱনৰ আৰু গ্ৰাম্য জীৱনৰ প্ৰয়োজনীয় সকলো সামগ্ৰী এই দোকানখনত দেখিছিলোঁ৷ আৰু
দেখিছিলোঁ ৫
/৬ জন মানে নগা মতা-মাইকী মানুহে আৰ্মি কম্বলৰ বিনিময়ত
আলু-নিমখ কিনা৷ প্ৰত্যেকেই সৈনিকে পিন্ধা ডাঠ চামৰাৰ জোতা পিন্ধিছিল৷ কথা-বতৰা
হিন্দী
নাগামিজতে পাতিছিল৷

        বাৰাণ্ডাখনৰ এমূৰে চোতাললৈ নমা
এটা ঘৰত
VCP লগাই বহুত মানুহে হিন্দী চিনেমা এখন চাই আছিল৷
জুগনু
ধৰ্মেন্দ্ৰহেমামালিনী থকা৷ প্ৰতি দৰ্শকে ১ টকাকৈ দিব লাগিছিল৷ সেই মুহূৰ্তত তাত
প্ৰায় ৫০ জনমান মানুহ আছিল ১০
/১২ জনমান  নগা মানুহকে ধৰি৷

      এনে ধৰণৰ দোকানৰ কথা ৰবীন্দ্ৰনাথে দাৰ্জিলিঙত দেখি লিখিছিল৷ ওচৰপাজৰৰ প্ৰায় ১০০/১২০ বৰ্গমাইল  এলেকাৰ মানুহৰ চাহিদা এনে দোকান একোখনেই পূৰণ কৰিছিল৷

       বিছনাত বহি থকা প্ৰায় ৯০ বছৰীয়া মানুহজনৰ পৰা তেখেতৰ অসুখ কিমান কি ভাল
পাইছে আদি কথাবোৰ জানিলোঁ৷ ডিব্ৰুগড়ৰ ডাক্তৰ
, শিৱসাগৰৰ উকীল,
গুৱাহাটী হাইকৰ্টৰ অধিবক্তা পুতেক থকা সত্ত্বেও সেই দুৰ্গম ঠাইত তেখেত তেনেকৈ কিয়
আছে সুধিছিলোঁ৷
এইখনেই মোৰ ঘৰ, এয়াই
মোৰ মাটি
, এয়াই মোৰ স্বৰ্গএই মানুহেই
মোৰ লগ
, সিহঁতো মোৰ লৰা-ছোৱালী৷ মই
সিহঁতক এৰি থৈ যাব নোৱাৰোঁ৷ সিহঁতৰ বেমাৰ
আজাৰ হলে ময়ে দৰৱজাতি দিব লাগিব৷ মোৰ দেউতাৰ দেউতা
ব্ৰিটিছতকৈ আগেয়েই অসমলৈ অহা৷
’ – তেখেতে সেহাই সেহাই লাহে লাহে
কৈ গৈছিল৷

        বহুত নজনা নুশুনা কথা শুনিলোঁ। আৰু
কথা পাতিবৰ মন আছিল যদিও সময়ৰ অভাৱত সোনকালেই গুচি আহিব লগা হ
ল৷
মনত থাকি গ
ল কিছুমান প্ৰশ্ন- সেই অচিন মানুহজনক কিহে তালৈ
আনিছিলে
? আজি ইমান দিনে তেওঁলোক কেনেকৈ তাত তিষ্ঠি থাকিল?
সেই মানুহজন নোহোৱা হলে তাৰ মানুহবোৰ কেনেকৈ
চলিলেহেঁতেন
? তাত থাকিয়ে তেওঁ কেনেকৈ ইমান গুণী উপযুক্ত
সন্তান সমাজলৈ উলিয়াই দিব পাৰিলে
? ওচৰপাজৰৰ
আন কোনো অসমীয়া মানুহৰ কোনো ল
ৰা-ছোৱালী কেলৈ তেওঁলোকৰ কেঞা
আঙুলিৰো জোখৰ নহ
? তেওঁলোকৰ দৃষ্টি
শক্তি ইমান প্ৰখৰ আছিল যে সেই ঠাইত কি বস্তুৰ কিমান চাহিদা হ
ব পাৰে সকলো বুজিব পাৰিছিল? সামগ্ৰীসমূহৰ উৎসৰ লগত
তেওঁলোকৰ ইমানেই ভাল সম্পৰ্ক আছিলনে যে যি বস্তুকে লাগে তাকে আনি গ্ৰাহকক দি দিব
পাৰিছিল
? নতুন কিবা বস্তু ওলালে কেনেকৈ জানিছিল যে, তাকো নি সেই অশিক্ষিত, অবুজ,
গাঁৱলীয়া মানুহৰ মাজত উপস্থাপন কৰিছিলগৈ
?  তেওঁলোকে সেইখন সমাজৰ বেংকো আছিল৷ কাঁহী-বাটি-মাটি বন্ধকত লৈ বা নলৈ তেওঁলোকেই তাৰ মানুহক বিপদে আপদে প্ৰয়োজনীয় নগদ ধনৰ যোগান
ধৰিছিল৷

        এই মানুহজনৰ সৰ্বব্যাপী প্ৰভাৱ, ভগৱান বা
সত্ৰাধিকাৰতকৈ কোনো গুণে কম নাছিল৷ কিন্তু এওঁলোকক আমাৰ আন অসমীয়া মানুহে
নেদেখিলে৷ অসমৰ বহুত প্ৰথিতযশা লেখক সাহিত্যিক নেতা অসমৰ বহু ভিতৰুৱা ঠাইত জন্ম
হোৱা৷ বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য আৰু মেদিনী চৌধুৰী এই দুজনৰেই নাম ল
লো বাৰু৷ সকলোবোৰ নাম লিখাৰ প্ৰয়োজন নাই৷ প্ৰায় প্ৰতিজনৰে চৌপাশে চাহেৱালা
 নিচিনা অজস্ৰ মানুহ আছিল৷ কিন্তু মই
সমগ্ৰ অসমীয়া সাহিত্য বা লেখা নপঢ়াকৈও খাটাংকৈ ক
ব পাৰো যে
এই মানুহবিলাকক অসমৰ প্ৰায় কোনো লেখক, 
সাহিত্যিক, বুদ্ধিজীৱি, নেতাই নেদেখিলে৷ দেখা হলে অসমীয়া মানুহৰ আজিৰ এই অৱস্থা নহলহেতেন৷

        অসমীয়া মানুহৰ আজিৰ নো প্ৰকৃত অৱস্থা কি? অসমীয়া
মানুহে কি নেদেখিলে
?

        সকলো জীৱ থকা বস্তুৱে (প্ৰাণীয়ে) চলা-ফুৰা কৰে৷ অসমীয়া মানুহো এটা দুঠেঙীয়া জন্তু৷ গতিকে অসমীয়া মানুহেও
চলা
ফুৰা কৰে৷ কিন্তু নিজকে পৰিচালনা কৰিব নোৱাৰে বা নাজানে৷
যদি পাৰিলেহেঁতেন বা জানিলেহেঁতেন তেন্তে আজি অসমৰ বিত্তীয় অৰ্থনীতিৰ ৯০
% বাহিৰৰ মানুহৰ হাতত নাথাকিলহেঁতেন৷ চহৰৰ শ্ৰম অৰ্থনীতি ৭০-৮০% আন মানুহৰ হাতত নাথাকিলহেঁতেন৷ কৃষি অৰ্থনীতিৰ ৭০-৮০% আন মানুহৰ হাতত নাথাকিলেহেঁতেন৷ বজাৰ অৰ্থনীতিৰ ৯০-৯৫% আন মানুহৰ হাতত নাথাকিলেহেতেন৷ চাহ অৰ্থনীতিৰ ৮০%
আন মানুহৰ হাতত নাথাকিলেহেঁতেন৷ বৃহৎ দলং
ৰাস্তাৰ নিৰ্মাণ অৰ্থনীতি,
যান্ত্ৰিক উৎপাদন উদ্যোগৰ অৰ্থনীতি, বৈদ্যুতিন
সংবাদ মাধ্যমৰ অৰ্থনীতি
, বেংকিং অৰ্থনীতি আদিৰ প্ৰায় একোৱেই
আমাৰ মানুহৰ হাতত নাই৷ আধুনিক অৰ্থনৈতিক ব্যৱস্থাত যিবোৰ বিষয় থাকে যেনে

Stock market, Stock exchange, Inflation, GDP, Credit-deposit ratio, NPA, Liquidity Crunch, Bank Merger, Company Acquisition,
BITCOIN, Digital Currency, WPI, Foreign Exchange, Demand Supply আদি
কথাবোৰ আমাৰ সাধাৰণ মানুহ বাদেই
, পঢ়া-শুনা কৰা মানুহৰ ০.%-য়ো নাজানে৷ আমাৰ মানুহবিলাকে এনেয়ে চিঞৰি থাকে বস্তুৰ দাম বাঢ়িছে বুলি৷
যদি কাৰোবাক সোধা যায় আলুৰ দাম কিমান হ
ব লাগে, কিয় হব লাগে, বছৰটোত সদায় একে হব লাগে নে বেলেগ হব লাগে
কোনেও একো উত্তৰ দিব নোৱাৰে৷ কাৰণ উৎপাদন
, উৎপাদকতা, আলু খেতিৰ seasonality, আলু খেতিৰ মাটি, বীজ এইবোৰ কোনো কথাৰ কোনো জ্ঞানৰ একো আভাসেই আমাৰ মানুহৰ নাই৷ অসমীয়া
বাতৰি কাগজবিলাকে বিক্ৰী কৰা একমাত্ৰ বস্তুটো হ
আৱেগ৷ মাজে মাজেহে দুটা এটা খবৰ থাকে৷ বাকীবোৰ বাতৰিৰ
সংবাদদাতাৰ বা পৰিৱেশকৰ
Judgmental Interpretation of News
অৰ্থনীতি বিষয়টোৰ লগত
আৱেগ শব্দটো
একেবাৰে খাপ নাখায়৷ গতিকে আৱেগসৰ্বস্ব অসমীয়া সংবাদ মাধ্যমে অসমৰ অৰ্থনীতিৰ বিষয়ে
একো আলোচনাও কৰিব নোৱাৰে
, একো বুজাবও নোৱাৰে নিজেতো একো
নাজানেই৷

        অসমীয়া মানুহে অকণমান চকু মেলি চাবলৈ আৰম্ভ কৰিলে ১৮৪০-ৰ দশকৰ অৰুণোদয়ৰ
যুগৰ পৰাহে৷ লক্ষ্মীনাথ বেজবৰুৱাহঁতে গল্প ব্যংগৰ যোগেদি মানুহক কিছুমান কথা ক
লে৷ তাৰ পৰৱৰ্তী পৰ্যায়তো আনকি আজিলৈ গল্প, কবিতা,
নাটক, চিনেমা, উপন্যাসহে অসমীয়া কথা’, সাহিত্য তথা বৌদ্ধিক জীৱনৰ লগৰীয়া হৈ
থাকিল
১৯৬০/৭০-ৰ দশকলৈকেতো প্ৰেম, প্ৰকৃতি, হোজা গ্ৰাম্য
জীৱন
, স্বাধীনতা সংগ্ৰাম আদি কথাবিলাকেই অসমীয়া জনমানসত
মুখ্য বিষয় হৈ থাকিল৷ ১৯৭০-ৰ দশকৰ পাছৰ পৰা অবৈধ বিদেশী বিতাড়ন
কেন্দ্ৰীয় চৰকাৰৰ অসমক শোষণক্ষুদ্ৰ জাতিসত্ত্বাৰ আত্মনিয়ন্ত্ৰণৰ
অধিকাৰ
হত্যাধনদাবীবোমা বিস্ফোৰণজাতিগত সংঘৰ্ষ, ৰাজনৈতিক
স্বাধীনতা আদি কথাবোৰ উতলি থাকোঁতে অৰ্থনৈতিক স্বাধীনতাৰ কথা অলপ-
অচৰপকৈ অত তত ওলাবলৈ ধৰিলে৷
অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাই অসমৰ ডেকা-গাভৰুৰ অসন্তুষ্টি
,
বিক্ষোভ প্ৰতিবাদ আদিৰ কাৰণ বুলি বহুতে কোৱাৰ ফলতেই চাগে বৰ্তমান দলং
, ৰাস্তা, ফেক্টৰী, ব্যৱসায় আদি
অলপ বেছিকৈ দৃশ্যমান হৈছে৷ 
কিন্তু সেই যে কথাটো আছিল যে আমি কিবা এটা চাব নাজানিলোঁ, নেদেখিলোঁ বুলি, সেইটো এতিয়া প্ৰকট হৈ উঠিছে৷ এই
একবিংশ শতিকাত আমাৰ ইয়াতো এতিয়া যিবোৰ উন্নতিৰ সপোন ধুমুহাৰ গতিত জ্বলিবলৈ লৈছে
, সেইবোৰ হাতেৰে চুই চাবলৈকে আমি
অপাৰগ৷ আমি এতিয়া খেতি
বাতিত হাত দিছোঁহে! মানৱ  সভ্যতা পশুপালন ভিত্তিক
পদক্ষেপেৰে আৰম্ভ হৈছিল৷ তাৰ পাছত ক্ৰমে কৃষিভিত্তিক
সভ্যতা
, ৰাজ্যভিত্তিক সভ্যতা, নিৰ্মাণভিত্তিক সভ্যতা, যুদ্ধভিত্তিক সভ্যতা, ঔদ্যোগিক সভ্যতা, বিজ্ঞানভিত্তিক সভ্যতা সোপান অতিক্ৰমি মানুহ আজি Information based
civilization, Electronic & Computer based civilization-
ৰ সীমা চেৰাই knowledge
based civilization (artificial Intelligence, Virtual reality, 3D imaging &
manufacturing)
পাইছেহি৷ মহাকাশ আক্ৰমণ শেহতীয়াকৈ ইয়াত যোগ হৈছেহি৷

        অৰ্থনীতিয়েও সেই পুৰণা বিনিময়
প্ৰথা 
(Barter system)- পৰা মুদ্ৰা প্ৰথাৰ পৰ্যায় পাৰ হৈ এতিয়া digital
currency
ৰ পৰ্যায় পাইছেহি৷

        গতিকে অসমীয়া  মানুহ এতিয়াও আধুনিক সভ্যতাৰ প্ৰথম ঢাপতেই আছে অৰ্থাৎ কৃষি সভ্যতাতে আছে৷ আজি আমি কণী,
মাছ, চাহ, ফলমূল আদি নিজে
উৎপাদন কৰিবলৈ লৈছোঁহে৷
হাতখন আমাৰ এতিয়াও সৰু হৈয়ে আছে৷
গতিকে বিশ্বসমুদ্ৰৰ পৰা এচলুৰ বাহিৰে বেছি পানী আনিব পৰা নাই৷ আজিও আমি ব্যৱসায়
বুলিলে
গাঁৱৰ মানুহজনে ওচৰৰ টাউনৰ ডাঙৰ ব্যৱসায়ীৰ পৰা বস্তু
আনি অলপ দাম লৈ গাঁৱৰ মানুহক বিক্ৰী কৰাটোকে
বুজি আছোঁ৷ বাহিৰৰ পৰাউৎসৰ
পৰা বস্তু আনিবলৈ শিকাই নাই৷  মূলধন নাই
বুলি কয়৷ মাটি আছে মূলধন নাই, কি আচৰিত
!

        এটা সময়ত আমাৰ বহুত গ্ৰাম্যাঞ্চলত কমিউনিষ্টবিলাকে পুঁজি, পুঁজিপতি, মূলধন, ধনী মানুহ
আদিৰ বিৰুদ্ধে বহুত আং বাং মুৰ্খৰ বচন মাতি ফুৰিছিল৷ সাধাৰণ মানুহৰ মনত
ধনী  হোৱাটো এটা অপৰাধ ধৰণৰ এটা ধাৰণা সুমুৱাই দিছিল৷ বেছি টকা-পইচা হোৱাটো বা কৰাটো সপোনৰো অগোচৰ
কথা আছিল৷ সেই কাৰণে মানুহবিলাকে
চাহেৱালাৰ নিচিনা লোকসকললৈ চাবলৈকে নিশিকিলে৷ ওচৰৰ স্কুল
মাষ্টৰ
বা বাগানৰ মাইকী মহৰী বা ঘৰৰ চোতালখনকে চাৰিফালপাঁচফাল কৰি ককায়েক-ভায়েকে মূৰ ফলাফলি কৰি থকাটোতে মত্ত হৈ থাকিল৷ চাহেৱালাহঁতেনো কৰ পৰা বস্তু আনিছে, কিমান দামত কেনেকৈ আনিছে একোৰে ভূ লবলৈকে সিবিলাকৰ মনেই নগল৷ যি দামকে লৈছে লৈছে আৰু! বাকীও দিছে; আৰু কি লাগে!

        এই যে বজাৰৰ বিষয়ে একো খবৰ নাই, জ্ঞান নাই, বিচাৰ নাই
তাৰ ফলত অসমৰ  অৰ্থনীতি অসমীয়া মানুহৰ হাতত
নাই৷ আজি কেঁচা চাহপাতত বাগান কৰিছে৷ কিন্তু আন মানুহৰ হাতত থকা ডাঙৰ
ফেক্টৰীয়ে নিকিনিলে বা দাম নিদিলে সৰ্বনাশ৷ দুই-চাৰিয়ে আনৰ
সহযোগত 
Organic Tea-
বজাৰলৈ লৈ গৈছে কিন্তু সি একো উল্লেখযোগ্য নহয়৷
Tea Auction Centre-ত কোনো অসমীয়া খেলুৱৈ নাই৷ ৯০-৯২% বৃহৎ চাহ বাগিচা আন মানুহৰ হাতত৷ ৭৬০ খন বৃহৎ চাহ বাগিচাৰ শ শ অসমীয়া মানুহৰ বাগিচা, পৰিচালনাৰ বিজুতিৰ বাবে আন মানুহৰ হাতলৈ গল৷ যাবই৷
কাৰণ অসমীয়া মানুহৰ হাতখন সৰু৷ চাহেৱালাহঁতে কি কৰে একো  নিশিকিলে৷ কেনেকৈ তেওঁলোক ২০০ বছৰ টিকি আছে৷
জানিবলৈ চেষ্টা নকৰিলে৷ অসমীয়া চাহ বাগিচাৰ মালিকবিলাক কলিকতাত গৈ মদ খাই বাঈজী নচুওৱাতহে পইচা খৰচ কৰিবলৈ  শিকিলে৷ অথচ একে ঠাইতে একে বাগান আন মানুহে
লাভজনকভাৱে চলাই আছে৷

        আমাৰ পাঠ্যপুথিবিলাকতো পঢ়া-শুনা কৰে যিয়ে, ডাঙৰ
মানুহ হয় সিয়ে;
 হাতীঘোঁৰাত উঠে যিয়ে, হাকিম মুন্সিফ হয় সিয়ে আদি কথাবোৰহে লিখা হল আৰু
শিকোৱা হ
ল৷ ব্যৱসায়-বাণিজ্য কৰা মানুহক সন্মানৰ চকুৰে
চাবলৈকে শিকোৱা নহ
ল৷
যিখন দোকানে টিনপাত, সৰিয়হৰ পৰা জ্বৰৰ দৰৱ
,
পূজাৰ কাপোৰলৈকে সামগ্ৰীৰ যোগান ধৰিলে কেইখন দোকান কাৰো আদৰ্শ হব নোৱাৰাটো
দুৰ্ভাগ্যজনক৷

        অসমীয়া মানুহৰ জীৱনবৃত্ত, বাৰীৰ ঘৰখন, চেৰেঙনি পথাৰখন, ওচৰৰ নামঘৰটো বা অসমীয়া মছজিদটো বা
সত্ৰখন
, ৰিংটোৰ বাটটোতে আৱদ্ধ হৈ থাকিল৷ বাকী সকলোবোৰ কথা
অদৃশ্য হৈ থাকিল৷ বাগানীয়া মানুহক ওচৰলৈ ননাৰ দৰে আনকি সামাজিক ব্যৱসায়ীজনকো ওচৰলৈ নানিলে৷ এইটো এটা
ঐতিহাসিক ভুল হৈ গ
ল৷

        আটাইতকৈ ডাঙৰ কথাটো হল যে সেইটো যে এটা ভুল আছিল
সেই কথাটোকে আজিলৈকে আমি বুজি উঠা নাই৷ সুদূৰ ৰাজস্থানৰ পৰা আহি বাট পথ নোহোৱা
দূৰ্গম ঠাইত অচিন মানুহৰ মাজত এটা ব্যৱসায়ৰ অংকুৰণ ঘটোৱা কি সহজ কথা
! আৰু ২০০ বছৰ টিকি থকা কি মুখৰ কথা৷

        এই ডাঙৰ কথাটোক স্বীকৃতি দিয়াৰ সলনি সিবিলাকক কেঞা বুলি, মাৰোৱাৰী বুলি, বাহিৰা মানুহ বুলি ঠাট্টাতিৰস্কাৰগঞ্জনা কৰা মনোবৃত্তিহে আমাৰ মানুহৰ মাজত
গঢ় লৈ উঠিল আৰু আজিও মোটামুটি সেই ভাবটোতেই বহুত মানুহ চলি আছে৷ ছাত্ৰ সংস্থা বা
বিহু কমিটি বা যিকোনো ব্যক্তি-সংগঠনে সিবিলাকক চান্দা তুলিব পৰা
খনিবুলিহে ধৰে৷ আৰু তাকে চলি আছে৷

        এই মানসিকতা বৃহত্তৰ অসমীয়া সমাজত সৰ্বত্ৰ বিৰাজমান৷ এই সৰ্বগ্ৰাসী ভয়ংকৰ
মানসিকতাৰ পৰা আমি মুক্তই হ
ব পৰা নাই৷ মিঞাবিলাকৰ
ক্ষেত্ৰতো আমি একে কামকে কৰি আছোঁ৷ পোহৰ হোৱাৰ পৰা মাত্ৰ নিশালৈকে দুদিন ঈদৰ বন্ধৰ
বাহিৰে সদায় কাম কৰা মানুহৰ লগত থকা ১০ বজাত শুই উঠি গধূলিৰ পৰা মদ খোৱা বছৰৰ ১০০
/ ১৫০ দিন উৎসৱ পৰ্বণত সময় অৰ্থ ব্যয় কৰা মানুহে কেনেকৈ ফেৰ মাৰিব পাৰিব
বাৰু
?

        এনে মনোভাৱ কিয় আৰু কেনেকৈ হল বাৰু?

        দৈনিক অগ্ৰদূত কাগজত অসমীয়াৰ সাম্প্ৰতিক দূৰৱস্থাৰ কথাসমূহ বিচাৰি বহুত পাঠকে
এক মুকলি আলোচনাত আজি বহুদিনৰ পৰা অংশ লৈ আহিছে আৰু লিখিছে৷ কোনেও কিন্তু দুটা কথা
লিখা নাই আৰু সেইটো হ
ল অসমীয়া মানুহৰ ওফাইদাং মৰা অহংকাৰ
আৰু আনটো হ
ল এক সুতীব্ৰ Tribal mentality, যিটো কব নোৱাৰাকৈয়ে আমাৰ তেজত বৈ আছে আৰু যাৰ
কাৰণে আমি কোনোদিন আধুনিক হবলৈ চেষ্টা
নকৰিলোঁ৷

        Tribal
বুলি কলে কোনো জনজাতিকে কেৱল নুবুজায়৷ Tribality
ল এটা মানসিক অৱস্থা- স্থিতাৱস্থাতে বৰ্তি
থকা
, নিজৰ পৰিধিৰ বাহিৰলৈ যাবলৈ নিবিচৰা, আন মানুহৰ প্ৰতি সাধাৰণতে সন্দেহশীল, যিকোনো নতুন
কথাৰ পৰা আঁতৰত থকা
, ডাঙৰবহল কথা-গধুৰ যন্ত্ৰপাতিলৈ ভয়, শান্ত
নিৰিবিলি পৰিৱেশ ভাল পোৱা 
আদি৷
এই আটাইকেইটা চৰিত্ৰ অসমীয়া মানুহৰ গাত বিৰাজমান৷ গতিকে অসমীয়া মানুহে সময়ৰ লগত
খোজ মিলাই ইমান দিনে কিয় চলিব নোৱাৰিলে এই প্ৰশ্নৰ উত্তৰ পোৱা যায়৷

        হঠাৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সলনি অলপ তভক মাৰি চালেই কথাটোৰ সত্যতা ওলাই
পৰিব৷ অলপ নতুন কিবা এটা দেখিলেই বা
শুনিলেই অসমীয়া মানুহে
কিয় লম্ফ
জম্ফ কৰি ডিঙি ফুলাই ফুলাই আটাহ পাৰি থাকে, সেই কথাবোৰৰ উত্তৰ পোৱা যাব৷ আজিৰ সাজ খাবলৈ পালেই হল, কাইলৈৰ সাজৰ কথা এতিয়াই ভাবি কি লাভ এই ভাবটোৰ
আঁৰত আমাৰ মূলধন গঠন বা সৃষ্টি কৰাৰ প্ৰৱণতা কিয় নাই তৰো উত্তৰ ওলাব৷

        মূলধন  মানে যে কেৱল টকা নহয়,
মানুহৰ আস্থা-বিশ্বাসো যে মূলধন সেইটো আমি কিয় নুবুজোঁ, তাৰো উত্তৰ ওলাব৷ ব্যৱসায় বিশ্বাসৰ ওপৰত চলে৷ মুখৰ কথাৰ ওপৰত চলে৷ কথা
ৰখা  কথাৰ ওপৰত চলে৷

        অসমীয়া মানুহৰ এটা উদ্বাস্তু ভকতীয়া
স্বভাৱ আছে যিটো আধুনিকতা আৰু অৰ্থনীতিৰ পৰিপন্থী৷ আমি এটা উদাহৰণ ল

পাৰো৷ বিষ্ণুপ্ৰসাদ ৰাভাহঁতৰ প্ৰায় ১৫০০ বিঘামান মাটি আছিল৷ সেই মাটিত তেওঁলোকে বহুত
উৎপাদনশীল কাম কৰিব পাৰিলেহেঁতেন৷ উন্নত ধৰণেৰে খেতি
, মৎস্য
পালন
, গৰু পালন, মৌ পালন, কুঁহিয়াৰৰ পৰা গুড়, সৰিয়হৰ পৰা তেল আদি ক্ষুদ্ৰ
উদ্যোগ প্ৰতিষ্ঠাকে আদি কৰি এলানি অৰ্থনৈতিক কাম৷ সেইবোৰত স্থানীয় মানুহক জড়িত কৰাবও পাৰিলেহেঁতেন৷ ওচৰ-পাজৰৰ মানুহেও সেইবোৰ দেখি
শুনি কাম কৰি
আৰ্থিকভাৱে স্বচ্ছল হ
বলৈ অনুপ্ৰেৰণা পালেহেঁতেন৷ অসমীয়া
মানুহৰ গাত
জোৰসৃষ্টি হলহেঁতেন৷ সেইবোৰ নকৰি তেওঁ মাটিবোৰ মাটি নোহোৱা মানুহক এনেয়ে দি দিলে৷
এনেয়ে পোৱা বস্তুৰ একো মূল্য নাই৷ সেই
মাটিৰ কি হ
ল আৰু কাৰো খবৰ নাই৷ অসমত সেই সময়ত ঢেৰ খালী মাটি
পৰি আছিল৷ মাটি নোহোৱা মানুহক সেইবোৰ মাটি ল
বলৈ উদগনি দিব
লাগিছিল৷ সেই খালী মাটিবোৰত লাখে লাখে পূৰ্ব বংগীয়
(বাংলাদেশী) মানুহ বহিলহি৷ আচল কাম নকৰি তেওঁ ধনী মানুহক আৰু চৰকাৰক জনতাৰ শত্ৰু বুলি দেখুৱাবলৈহে উঠি-পৰি লাগিল৷ খাবলৈ নোহোৱা
ভিক্ষাৰীক ৰজা
মহাৰজাক গালি পাৰিবলৈ লগাই কি লাভ! মালমচলা থকা মানুহৰ কথাহে মানুহে শুনে৷ এইটোৱেই
প্ৰকৃতিৰো নিয়ম৷ হয়
, তেওঁ গান লিখিলে-গালে, নাটক ৰচিলে, ভাল ভাষণ দিলে, চিনেমা কৰিলে, বহুত মানুহৰ মনো মুহিলে৷ কিন্তু কি হ? সেইবোৰ আজি অকৰ্মন্য, চান্দা-ভিক্ষাৰী, মদাহী, স্বাস্থ্যহীন, পঢ়া-শুনা নকৰা, চেৰেলিয়াই থকা জাতীয়তাবাদৰ বেপাৰী, চৰিত্ৰহীন অসমীয়াই গামোচা পিন্ধি পিন্ধি, চাকি
জ্বলাই জ্বলাই
, আনে আৱিষ্কাৰ কৰা প্ৰযুক্তিৰে বজাই বজাই নিজকে বৰ
সভ্য উন্নত জাতি বুলি ক
বলৈ গলেই হল নেকি!

        আন
এটা কথা হ’ল – জনজাতীয় মানসিকতাৰ মানুহে ফচলক টকা-পইচা
আহৰণৰ আহিলা বুলি নাভাবে৷ সেয়ে অসমীয়া মানুহে অলপমান খেতিহে কৰে৷ বৃহৎ পৰিমাণৰ
খেতি-বাতি কৰি বজাৰত বিক্ৰী কৰি টকা
পইচা ঘটাটো বৰ এটা পচন্দ নকৰে৷ ঘৰৰে কোমোৰালাও দুটামান বিক্ৰী কৰি নিমখতেলৰ জোৰা মৰাটোৱেই লক্ষ্য৷ সেয়ে ছয়গাঁও বকোত হোৱা
সুমথিৰা টেঙা
, কাৰ্বি পাহাৰত হোৱা মাটিকঁঠাল, মাজুলীত হোৱা সৰিয়হ, ৰঙিয়াত হোৱা বাঁহ, বাইহাটাত হোৱা মৌচম্বী মিঞা ব্যৱসায়ীৰ হাতেৰে বজাৰ পায়হি৷

        বহুতে কয় যে ৰঙালাওৰ গুটি এটা গুজি থলেই যদি ৫০ টা লাও ছিঙিব পাৰি একো
নকৰাকৈয়ে
, তেনেহলে মানুহে কেলেই কৰিব৷
কথাৰ কেণাটো তাতেই৷ কিয়, ৰঙালাও ৫০০০ টা হ
লে  কি লোকচান? এনেয়ে হয় বুলিয়েই বাঁহৰ খেতি কৰিবৰ নোৱাৰাৰ কি কাৰণ?
মাটিখিনি দলনি, একো কৰিব নোৱাৰি বুলি ভাবে
কেলেই
? এনেয়ে পৰি থকাতকৈ সেই মাটি মাৰোৱাৰীক দুই লাখ টকাকৈ
বিঘাত বিক্ৰী কৰি দিয়াৰ কি সকাম
, যি মাটিৰ দাম নগৰখন সেইফালে
সম্প্ৰসাৰিত হ
 বুলি বাতৰি ওলোৱাৰ লগ লগে ২০ লাখ টকা হৈ ল ৩ মাহৰ ভিতৰতে৷ এড়ী খেতি কৰি পকা লেটাটো
মাৰোৱাৰীক প্ৰতি কিলোত ৩০০ টকাকৈ বিক্ৰী কৰি দিয়ে৷ আকৌ সেই মাৰোৱাৰীয়েই সূতা
কাটিবলৈ দি দিয়ে আকৌ সেই সূতা কিনি লয়
; আকৌ কাপোৰ ববলৈ দিয়ে আৰু বোৱা কাপোৰ বোৱনী খৰচ দি লৈ লয়৷ ১ কিলোগ্ৰাম খোলাৰ
পৰা হোৱা সুতাৰ পৰা ৪০০০ টকাৰ কাপোৰ হয় ২ মাইল 
ব্যাসৰ ঠাইৰ ভিতৰতে
এড়ী খেতি কৰা সূতা কটা কাপোৰ বোৱা মানুহে পায় মুঠ ৭০০ টকা৷
এইটো অংক এতিয়া কোন কাক বুজায়
? সেই কাপোৰ আকৌ মাৰ দি ইস্ত্ৰি  কৰি দিয়ে বিহাৰী ধুবীয়ে৷
এই কথা পলাশবাৰী অঞ্চলৰ বিজয় নগৰৰ৷ বছৰেকত এই ব্যৱসায় ৫০ কোটি টকাৰ৷

        এই সকলোবোৰ কথাৰ এটাই ব্যাখ্যা আছে আৰু সেইটো হল যে
আমি সেই চাব লগা বস্তু চালোঁ কিন্তু নেদেখিলোঁ বা দেখিলোঁ যদিও চাব নাজানিলোঁ৷

        এটা মানুহ একে সময়তে বদমাছ আৰু মূৰ্খ হব পাৰে নে
নোৱাৰে মোৰ বহুদিন সন্দেহ হৈ আছিল৷ কিন্তু অসমীয়া মানুহক খুব সুক্ষ্মভাৱে অধ্যয়ন
কৰাৰ পিছত মই বুজি উঠিলোঁ যে অসমীয়া মানুহৰ ক্ষেত্ৰত এই কথাটো সম্ভৱ৷

        আমাৰ সত্ৰ আৰু নামঘৰবিলাকেও অসমীয়া মানুহক উদ্যমী হবলৈ উদগনি দিব নোৱাৰিলে৷ সত্ৰবিলাকে নিজেই শ শ বিঘা মাটি এনেয়ে পেলাই থলে, বেদখল হবলৈ দিলে৷ এতিয়া
সন্ধিয়াৰ শলিতাগছ জ্বলাবলৈকো ভিক্ষা নকৰিলে নহয়৷

        মানুহে দেখি শিকে আৰু ঠেকি শিকে৷ অসমীয়া মানুহে ঠেকিও শিকা নাই, দেখিও শিকা নাই৷ যি দুই-এজনে কিবা কিবি শিকিছে সেয়া এটা জাতিৰ পৰিচায়ক
হোৱাকৈ যথেষ্ট নহয়৷ একবিংশ শতিকাৰ পৃথিৱীত এটা কথা শি
কোঁতে
১০০ বছৰ লগোৱা মানুহৰ স্থান নাই৷ সেয়ে আমি
দেখি
ছোঁ আমাৰ অৱস্থা কি হৈছে৷ গামোচাখন আমি নিজৰ বুলি কওঁ
কিন্তু দক্ষিণ ভাৰতৰ পৰা অনা অসমীয়া ব্যৱসায়ীয়ে কপাহী সূতা আনি নিদিলে আমি বিহুৱানখন ব
বও নোৱাৰোঁ৷ ভাওনাৰ পোছাকযোৰ কলিকতাৰ পৰা নাহিলে আমি
ভাওনাও পাতিব নোৱাৰোঁ৷ অথচ আমাৰ স্বাভিমানৰ ওফাইদাং কিমান শুনিম৷

        ৰবীন্দ্ৰনাথৰ পৰিয়ালো
জমিদাৰ আছিল৷ তেওঁলোকে এনেয়ে মাটি কাৰোবাক দান দিলে নে
? কি
ভৱিষ্যদ্দৰ্শী
, বিশ্বদৰ্শী মানুহ সেইবোৰ! সৃষ্টি কৰি থৈ গল অজৰঅমৰ
বিশ্বভাৰতী সাহিত্য
সংগীতৰ, কলাদৰ্শনৰ আৰু আমি বিষ্ণু ৰাভাৰ নাম ধুই পানী খাই আছো৷

        জ্যোতি প্ৰসাদেও এক ধৰণৰ কামকে কৰিলে৷ স্থাৱৰ আদৰ্শ একো নাই৷ বাগানবোৰ অনা
অসমীয়াক বেচিলে৷ তামোলবাৰী বাগিচাৰ তেওঁলোকৰ ঘৰটোলৈ যাবলৈ এতিয়া মাৰোৱাৰী মালিকৰ
অনুমতি ল
ব লাগে৷ ঘৰটো মাৰোৱাৰীয়ে ৰাখিলে ৰাখিব, নাৰাখিলে
নাই৷

        আমি সকলোৱে জানো যে যিকোনো কামৰ সফলতা বা বিফলতাৰ বাবে পৰিচালনাই দায়ী৷
অসমক কিহে পৰিচালনা কৰিছে
এই কথাটোৰ উত্তৰ বৰ কঠিন৷ অতীতে
কৰিছে বুলি আমি ক
ব নোৱাৰো, যদিও আমি
অনবৰতে  লাচিত
মূলামোমাই তামুলী৬০০ বছৰীয়া আহোম ৰাজত্ব শংকৰদেৱ মাধৱদেৱজনজাতীয় সম্প্ৰীতিৰ কথা কওঁ৷ কাৰণ
আমাৰ অতীতৰ প্ৰায়বোৰ কথাই আধুনিকতাৰ লগত নিমিলে আৰু আধুনিক হ
ব নোৱাৰাটোৱেই আমাৰ বৰ্তমানৰ পঁয়ালগা অৱস্থাৰ মূল কাৰণ৷ আধুনিক মানে মই
বুজোঁ 
বৰ্তমানৰ সমসাময়িক হৈ থকাটো (Contemporary
with the present) যি অৰ্থত শ্বেইক্সপীয়েৰ আধুনিক। পাঠকে নিজেই ভাবি
চাব
, এমহীয়া বিহু আজি প্ৰাসংগিক নেকি বা চাহ-তেলৰ বিষয়ে আমাৰ
স্কুলীয়া পাঠ্যপুথিখনত নথকাটো আধুনিক নেকি বা এখন ভাল নাও সাজিব নোৱাৰা মানুহ উদ্যোগী
নেকি বা নিজৰ জাৱৰ
আৱৰ্জনা পৰিষ্কাৰ কৰিব
নজনা মানুহ সভ্য নেকি বা প্ৰতিটো ব্যৱহাৰ্য সামগ্ৰীৰ বাবে আনৰ ওচৰত হাত পতা
মানুহ উন্নত নেকি? অসমত বানপানী হলে
যে ভাৰতৰ সকলোৱে অসমক সহায় কৰিব লাগে
, কেৰালাত বানপানী হলে বা উত্তৰাখণ্ডত ভূমিস্খলন হলে কোনো অসমীয়া মানুহ সহায় কৰিবলৈ যাব নালাগে নেকি? মাদ্ৰাজৰ মানুহে যে
আমাক ইয়াত দোচা খুৱায়
, পাঞ্জাৱী মানুহে যে আমাক ইয়া তন্দুৰী চিকেন খুৱায়, উত্তৰ প্ৰদেশৰ মানুহে যে আমাক
ইয়াত বিৰিয়ানি খুৱায়
, তেনেহলে অসমীয়াই
কেলেই বাহিৰত দোকান দিবগৈ নোৱাৰে
, আমাৰ খাদ্য আনক খুৱাবগৈ
নোৱাৰে
, আমাৰ পোছাক আনক পিন্ধাবগৈ নোৱাৰে?

        কি দিবগৈ,
কি খুৱাবগৈ কি পিন্ধাবগৈ
? দুৰ্বল মানুহৰ পৰা জানো আনে লয়?
বজাৰ! বজাৰৰ আভাস ক?
অতীতৰে পৰা আমি অতীতৰ শিক্ষা লোৱা নাই৷ বাতৰি কাকতৰ পাতত জন্ম হোৱা
অসমীয়া জাতীয়তাবাদ অতীতৰ শিক্ষাৰে শিক্ষিত নহয়৷ আৱেগত ইয়াৰ জন্ম আৰু আৱেগেৰে ই লালিত
পালিত৷ আৱেগ থাকিলে পৰিচালনা নাথাকে৷ পৰিচালনা শান্ত মস্তিষ্কৰে কৰা কাম৷

        এতিয়াহে মানে ২০০০ চনমানৰ পৰাহে অসমীয়া মানুহৰ গাত আধুনিকতাৰ অৰ্থাৎ প্ৰাসংগিকতাৰ বতাহ লাগিছে৷ অতীতৰ এটা সাধাৰণ জুমুঠিকে
লৈ
এতিয়া অসমীয়া মানুহে আগুৱাব লাগিব৷ আজি আৰু আগৰ দৰে পৰিচালক নালাগে৷
তথ্য-প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বখন আমাৰ আগত উদ্ভাসিত কৰি তুলিছে৷ বৈদিক যুগৰ
নিচিনাকৈ জ্ঞান আজি কেৱল ব্ৰাহ্মণৰ একচেতীয়া সম্পদ নহয়৷ আজি সকলো মানুহ ব্ৰাহ্মণ৷
আজি এই যোগাযোগৰ বিপ্লৱৰ জোৰত শদিয়াত কালি ছিঙা নেমু আজি
আবেলি ৫ বজাত লণ্ডনৰ বজাৰ পাইছেগৈ বা বাকচত আজি পুৱা ছিঙা মৌচম্বীবগৰী আবেলি ডুবাই পাইছেগৈ৷

        আগতে আমি চকু থাকিও দেখা নাছিলোঁ৷ এতিয়া চকু মেল খাইছে৷ আগৰ পৰিচালকবিলাকে আমাক একো নেদেখুৱালে৷ এতিয়া
আমাৰ পৰিচালক আমি নিজেই৷ কিন্তু হৈ থকা
ভাবি থকা কামৰ আমি ১%-ও কৰিব পৰা নাই৷ কৰিবলগীয়া বহুত কাম আছে৷

মন কৰিলেই আমি দেখিম
যে বহুত বেয়া আৰু ভুলৰ মাজতো আমাৰ বাবে ভাল খবৰ আছে৷ এটা সময়ত ৰসায়নিক সাৰ ব্যৱহাৰ
কৰাৰ ক্ষেত্ৰত অনীহা দেখুওৱাৰ কাৰণে অসমক সমগ্ৰ দেশে ধিক্কাৰ দিছিল৷ কিন্তু তাৰ ফলত
আমাৰ মাটিবোৰ ভাল হৈ থাকিল৷ এই মাটি জৈৱিক কৃষিৰ কাৰণে আজি উপযুক্ত৷ বৰ্তমান পৃথিৱীত
জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰহে চাহিদা বেছি৷ গতিকে অসম আজি সমগ্ৰ পৃথিৱীৰ বাবে আগ্ৰহৰ
লক্ষ্য৷