সঞ্জীৱ সভাপণ্ডিত
এই লেখাটোৰ নামটো
শ্বেইক্সপীয়েৰৰ Comedy of Errors নামৰ নাটকখনৰ অসমীয়া অনুবাদটোৰ পৰা লোৱাৰ
লোভকণ মই সামৰিব নোৱাৰিলোঁ; কাৰণ মোৰ এই পৰৱৰ্তী শব্দ শৃংখলৰ
পৰা উদ্ভূত হ’বলগীয়া শিৰোনামটো ‘মায়া’
বা ‘দিবা স্বপ্ন’ বা
‘পাগলামি’ আদি যিকোনো হ’ব
পাৰিলেহেঁতেন যদিও ভ্ৰমৰংগ নামটোৰ বাহিৰে লেখাটোৰ সাৰাংশৰ ওচৰে–পাজৰে অন্য একো শব্দকে আনিব নোৱাৰি মই ইয়াতে খোপনি পুতি ৰ’লোঁ৷
নামটোৰ, আমাৰ অসমীয়া অভিযোজনা বোধকৰোঁ প্ৰথমে (১৯২৮ চনতে)
বিপিন চন্দ্ৰ বৰুৱা নামৰ এজনে কৰিছিল৷ তাৰ পাছত আকৌ শৈলেন ভৰালীৰ নামটোও
পাওঁ এখন সম্পাদনা কৰা কিতাপত৷ আকৌ সুৰেন্দ্ৰ কুমাৰ দাস বোলা এজনে ‘ধেমেলীয়া ভুলৰ কাহিনী’ বুলি ইয়াক অনুবাদ কৰাৰ কথা আমি
সকলোৱে জানো৷
ইউথেছিছ নামৰ গ্ৰীচৰ
এখন চহৰত দেখিবলৈ একে দুজন মানুহ আৰু তেওঁলোকৰ দেখিবলৈ একে লিগিৰা দুজনক লৈ Comedy Of Errors
নামৰ নাটকখন শ্বেইক্সপীয়েৰে লিখিলে৷ দেখাত বহুত ব্যংগ–কৌতুক–হাস্যৰসৰ সৃষ্টি হ’ল
– একে চেহেৰাৰ মানুহৰ লগত মানুহৰ ভুল হয়েই৷ এজন বুলি আনজনক মাতি দিয়া
যায়৷ আমাৰ দেখোন অলপ মিল থকা মানুহতেই তেনে ভুল হয়৷
কিন্তু শ্বেইক্সপীয়েৰ
বিশেষজ্ঞসকলৰ মতে সেইখন হেনো এখন ট্ৰেজেদিমূলক নাটকহে! চাৰ্লি চেপলিনৰ হাস্যৰস সৃষ্টিৰ আঁৰত দুখ–বেদনা নিহিত
হৈ থকাৰ নিচিনাকৈ পৃথিৱীৰ বহুত হাঁহিৰ আঁৰত হেনো বহুত কান্দোন
সোমাই থাকে – ‘মেৰা নাম জোকাৰ’-ৰ ৰাজকাপুৰৰ
দৰে৷
পিছে শ্বেইক্সপীয়েৰ
এনে এজন লেখক আছিল, মানৱ চৰিত্ৰৰ প্ৰায় সকলো দিশ সামৰি
– চৰিত্ৰ বিশ্লেষণ কৰি – সত্য উদ্ঘাটন কৰি ভূত–প্ৰেতৰ মাজতো মানুহক চাৰণ কৰাই তেওঁ এনে মায়াজালৰ সৃষ্টি কৰিছিল যে আজিও তেওঁ
প্ৰাসংগিক হৈ আছে – আজিও তেওঁৰ লিখাৰ ওপৰত গৱেষণা চলি আছে৷ ইংলণ্ডৰ
মাটিৰ বাহিৰত কেতিয়াও ভৰি নথ’লেও তেওঁ কেনে অন্তৰ্দৃষ্টিৰে ভেনিচ
(ইটালি)ৰ কথা লিখিলে, ডেনমাৰ্কৰ
(মেকবেথ) বা গ্ৰীচৰ (Comedy of Errors)কথা লিখিলে ভাবি অবাক হ’ব লাগে৷ গতিকে, শ্বেইক্সপীয়েৰ
মানৱ সমাজৰ বাবে এটা আশ্চৰ্যকৰ আৰু ঐশ্বৰ্যকৰ চৰিত্ৰই৷
মই পিছে শ্বেইক্সপীয়েৰ
বিশেষজ্ঞও নহওঁ বা সাহিত্যৰ ডাঙৰ ডাঙৰ মানুহবিলাকৰ ওচৰে–পাজৰে
থাকিবলৈকো মোৰ বৰকৈ মন নযায়৷ মই মাত্ৰ নামটোহে ল’লোঁ
– মোৰ কথাৰ লগত খাপ খাব বুলি৷ কাহিনীৰ আৰম্ভ হ’ল এনেধৰণে –
১৫ মিনিটৰ এখন চুটি
ছবি চালোঁ – মোৰ ঘোঁৰাৰ দুৰন্ত
গতি (The Horse From the Heaven)৷ মহৰ্ষি তুহিন কাশ্যপ নামৰ ডেকা
এজনে কৰিছে৷ কলিকতাৰ সত্যজিৎ ৰয় ফিল্ম ইষ্টিটিউটত পঢ়ি আছে৷ এই চিনেমাখন এইবাৰ বোলে
অস্কাৰ বঁটাৰ বাবে প্ৰতিযোগিতা কৰিবলৈ ভাৰতৰ পৰা নিৰ্বাচিত হৈছে– কিবা এটা বিশেষ
শাখাত৷
এজন দুখীয়া মানুহ (অতুল পাচনি) ৰ হাতলৈ কিবাকৈ এটা ঘোঁৰা আহে৷ আহোঁতেই ঘোঁৰাটোৰ
মূৰত ‘কপালী’ এখন লাগি আহিছিল৷ চাফা–চিকুণ ধুনীয়া ঘোঁৰাটো দেখি মানুহজনৰ মনলৈ অলেখ অযুত কল্পনাৰ সোঁত ববলৈ ধৰিলে৷
ঘোঁৰাটোলৈ ভালকৈ মন নকৰাকৈয়ে তেওঁ ঘোঁৰাটোক এখন ঘোঁৰা দৌৰ প্ৰতিযোগিতালৈ সাজু কৰিবলৈ
উঠি পৰি লাগিল৷ তাক ভালকৈ ঘাঁহ খুৱাবলৈ ধৰিলে৷ তাক ঘৰৰ ভিতৰত থাকিবলৈ–শুবলৈ দিলে৷ ঘোঁৰাটো এদিন ঘোঁৰা দৌৰত জিকিব–তেওঁ বহুত
টকা পাব–সকলোৱে তেওঁক বাঃ বাঃ বুলি চাব্বাচি দিব৷ তেওঁ সকলোৰে
ঈৰ্ষাৰ পাত্ৰ হৈ পৰিব৷ তেওঁৰ দুখৰ ৰাতি পুৱাব৷ কল্পনা–বিলাসত
মত্ত হৈ এদিন তেওঁ আব্দুল্লা নামৰ এজন মানুহ বিচাৰি গ’ল
– যি ঘোঁৰা ৰেচত বাজী লগাব৷ কিন্তু আব্দুল্লাৰ তীক্ষ্ণ নজৰত ধৰা পৰিল
যে সেইটো আচলতে ঘোঁৰা নহয়– এটা গাধহে৷ তেওঁৰ আলাসৰ চাং ভাগি থাকিল৷
কল্পনাৰ সৌধ খহি পৰিল৷ পুনৰ তেওঁ সেই মাটিৰ মানুহ হৈ পৰিল, যাৰ
নিয়তি সেই পুৰণা চিনাকি হাড়ভঙা পৰিশ্ৰমৰ দিনবিলাকেই৷
কল্পনাৰ আতিশয্যত তেওঁ গাধটোক (ঘোঁৰাটোক)এটা নামকেই
দি লৈছিল৷ ‘গতি’ অৰ্থাৎ স্পীড৷ ‘গতি’য়ে সকলো ঘোঁৰাকেই পিছ পেলাই দৌৰিব – জিকিব – সেই ভাৱত তেওঁ বিভোৰ হৈয়েই থাকিল৷ পিছত মোহভংগ
হোৱাত তেওঁ নিজৰ কপালকে ধিয়ালে – ‘এতিয়া মোৰ কি ‘গতি’ হ’ব গতি?!’
চিনেমাখন চাই থাকোঁতে
মোৰ মনলৈ আহি আছিল এদিনৰ দৃশ্য এটা৷ উলুবাৰী ফ্লাইঅ’ভাৰ ব্ৰীজখনৰ তলত মই
গাড়ীখন ৰখাব লগা হৈছিল ট্ৰেফিক ছিগনেলৰ ৰঙা লাইট জ্বলি থকাৰ বাবে৷
মই DGP অফিচ পাৰ হৈ গৈ বি বৰুৱা কেঞ্চাৰ ইন্ষ্টিটিউটলৈ যোৱাৰ কথা ৷ তাত মোৰ পৰিয়ালৰ এজন ৰোগী আছিল
– ডেকা মানুহ – অৱস্থা বেয়াৰ ফালে ঢাল খাই আহি
আছিল৷ গতিকে মনটো বৰ ভাৰাক্ৰান্ত হৈ আছিল৷ বৰ গুণী ল’ৰা আছিল
–স্ফূৰ্তিবাজ – তজবজীয়া – জ্ঞানী – সমগ্ৰ বিশ্বৰ প্ৰায় সকলো কথাৰে খবৰ ৰখা– ভাল গান গোৱা–দেশ–বিদেশ ভ্ৰমণ কৰা–৬/৭ টা ভাষা ক’ব পৰা – ভাল খেলা–ধূলা কৰা – ভাল গীটাৰ বজোৱা – ভাল
অভিনয় কৰা – ভাল শিক্ষকতা কৰা – ভাল
Motivational Speaker ৷ তেওঁৰ চৰিত্ৰৰ মাজেৰে সেইকেইদিন মোৰ মনটো বগাই
ফুৰিছিল৷
তেনেতে এজনী লেতেৰা
হাফপেণ্ট পিন্ধা ৭/৮ বছৰীয়া ছোৱালী আহি মোৰ গাড়ীৰ আয়নাত টুকুৰিয়াই
ভিক্ষা বিচাৰি হাতখন মেলি দিলেহি৷ স্বয়ংক্ৰিয়ভাৱে হাতখন পেণ্টৰ পকেটলৈ গ’ল যদিও ছিগনেল সেউজীয়া হোৱাত পিছফালে থকা গাড়ীৰ হৰ্ণৰ শব্দত মই গুচি যাব লগা
হ’ল৷ কিন্তু সেইখনি ঠাই পাৰ হৈ মই গাড়ীখন অকণমান সুবিধাজন ঠাইত
ৰখালোঁ আৰু পুনৰ সেই ছোৱালীজনী থকা ঠাইলৈ ঘূৰি আহিলোঁ৷
বহুপৰ মই চাই থাকিলোঁ৷
তাই অকলে নহয়৷ এগাল আছে তাইৰ নিচিনা৷ গাড়ীবিলাকলৈ চাই চাই সিহঁতে ভেঙুচা ভেঙুচি কৰি
হাঁহিছে
– গা বেঁকা কৰি নাচিছে – এটাই এঠাইত বহি লৈ বতাহতে
ষ্টিয়েৰিং ঘূৰাইছে – কোনোবা এখন গাড়ীলৈ আঙুলিয়াইছে আৰু কৈছে
– সেইখন তাক লাগিব – তেনে এখন গাড়ী সি ল’ব৷
বহুত পৰ মই সিহঁতক
চাই থাকিলোঁ৷ সিহঁতে কেনেকৈ সপোন দেখি আছে মই অবাক হৈ চাই থাকিলোঁ৷ মই জানো দুদিনমানতে
সিহঁতৰ কি অৱস্থা হ’ব – ল’ৰাটোৱে মদ বা ড্ৰাগত ধৰিব – ছোৱালীকেইজনী কাৰোবাৰ যৌনতাৰ
চিকাৰ হ’ব – আকৌ সিহঁতৰ নিচিনা এচামৰ সৃষ্টি
হ’ব – সিহঁতেও সপোন দেখিব৷ সিহঁতে নাজানে
সিহঁতৰ মই দেখা ভৱিষ্যতটোৰ কথা৷ আমি বা অদৃষ্টই সিহঁতৰ সেই ভৱিষ্যত লিখি থোৱা সত্বেও
সিহঁতে কেনেকৈ তেনেকৈ হাঁহি মাতি থাকিব পাৰিছে, মই তবধ মানিলোঁ৷
মই সিহঁতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ – কিন্তু সিহঁত যে
এখন বেলেগ পৃথিৱীৰ বাসিন্দা – আমাৰ কথাই সিহঁতক
ঢুকি নাপায়!
মোৰ নিজৰ নপুংসতা
বা ক্লীৱতাৰ প্ৰমাণ লৈ মই ঘূৰি আহিলোঁ দুবিধ মৃত্যুৰ মাজতো মই ভালদৰে জীয়াই আছোঁ বুলি
আন এবিধ ভ্ৰমৰ বশৱৰ্তী হৈ৷
দুখীয়া মানুহে এনেকৈয়ে
সপোন দেখে৷ সিহঁতে সপোন বাস্তৱায়িত কৰাৰ কথা নাভাবে৷ আমাৰ মেট্ৰিকত ১০০ নম্বৰ পাই কিবা–কিবি
হোৱাৰ সপোন দেখাৰ নিচিনা সপোন এইবোৰ নহয়৷ মধ্যবিত্তৰ এইবোৰ সন্তানে কিবাকিবি কষ্ট কৰে,
কিবাকিবি হ’বৰ বাবে৷ কিন্তু এইবোৰ ল’ৰা–ছোৱালীয়ে সাময়িক তাড়ণা পূৰণ কৰিবলৈকেহে এই সপোন দেখে৷
তেওঁলোকে নাজানে যে তেওঁলোকে এক ভ্ৰমৰহে সৃষ্টি কৰি লৈছে নিজৰ বাবে৷ এনেবোৰ কথাৰ মাজেৰে
মোৰ মনটো বৈ বৈ গৈ গৈ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ পাৰ পালেগৈ৷
পাণবজাৰ–ফাঁচীবজাৰৰ
মাজৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ অঞ্চলটো ভিক্ষাৰী–মদাহী–ভঙুৱা–নিচাসক্ত–বেশ্যাৰ স্থান৷
মই সেইফালেদি প্ৰায় সদায়েই অহা–যোৱা কৰোঁ৷ তাতে মই কেইবাদিনো
মন কৰিলোঁ যে এজনী মানুহে তাইৰে ১০/১২ বছৰীয়া জীয়েকজনীক কোনোবা
কোনোবা মানুহক তাইৰ হাতত ধৰিবলৈ আগবঢ়াই দিছে বা হয়তো কোলাত বহিবলৈকো উচটাইছে৷ মুঠতে
মই বুজিলোঁ যে মাকে তাইক লৈ যৌন ব্যৱসায় কৰি আছে৷ তাইৰ যোগেদি মাক–জীয়েক দুয়োৰে পেটৰ ভোক গুচিছে৷ লেতেৰা–পেতেৰা কাপোৰেৰে
ছোৱালীজনীক – ৰুক্ষ–শুক্ষ অবিন্যস্ত চুলিৰ
ছোৱালীজনীক, মাকে মূৰ ফণিয়াই দিয়ে আৰু তাই তাইৰ ওচৰতে বহি তাইক
জোকাই থকা – তাইক চিকুটি থকা দুটামান মানুহৰ লগত কথা পাতি থাকে৷
বয়সৰ অভিজ্ঞতাৰে মই বুজি পালোঁ সেইবোৰ কি কথা৷ মই কেইবাদিনো গৈ কথাবোৰ নিৰীক্ষণ কৰিলোঁ৷
মই নিশ্চিত হ’লোঁ – মোৰ ধাৰণাই সত্য৷ এদিন
গৈ মই মাকজনীক ক’লোঁ
– এই ছোৱালীজনীৰ জীৱনটো কেলেই ধ্বংস কৰিছা! দুদিনমানতে
পেটত পোৱালি হ’ব – গাত বেমাৰ লাগিব৷ তুমি
বুজি পোৱা নাই নেকি তাই কি হ’বলৈ গৈ আছে?
মাক মোৰ পৰা আঁতৰি
গ’ল৷ তাই সপোন দেখিয়েই থাকিল যে জীয়েকে সিহঁত দুয়োৰে ভোকৰ যোগাৰ সদায়েই মাৰি
থাকিব পাৰিব৷ সেয়ে মোৰ বাকীবোৰ কথা মাকৰ কাণত নোসোমাল৷
মই মাকক আকৌ গৈ ক’লোঁ – তাইৰ গা ভৰপূৰ হৈ আহিছে৷
এইবোৰৰ সোৱাদ পালে এদিন তাইক ফুচুলুৱা মানুহৰ
কথাত তাই ভোল গৈ গুচি যাব – ক’ৰবাৰ বেশ্যালয়ত
পচি মৰিবগৈ৷
কিন্তু তাই সেইবোৰ
একো নুশুনিলে৷ তাইৰ সপোনৰ সীমা সেই দুমুঠি ভাতেইহে৷
তাৰ পিছদিনা মই মনে
মনে গৈ ফৎকৈ মাক–জীয়েকৰ ফটো দুখনমান তুলি আনিলোগৈ আৰু মাকে জীয়েকক
যৌন ব্যৱসায়ত লগাইছে বুলি কিছুমান মানুহ আৰু গ্ৰুপলৈ পঠাই দিলোঁ৷ লগতে
Gold বুলি এনেকুৱা নিঃসহায় ছোৱালী উদ্ধাৰ কৰা সংস্থালৈও পঠালোঁ৷ আৰু
এটা Portal News চেনেললৈও পঠালোঁ৷ বাতৰি পৰিৱেশন হ’ল৷ পুলিচ কামত লাগিল৷ মানুহে বিচাৰ–খোচাৰ কৰিলে৷
কিন্তু মাক–জীয়েক
অদৃশ্য হৈ গ’ল৷ তাইক লৈ ব্যৱসায় দেখা মানুহে সিহঁতক লুকুৱাই থ’লে৷ কোনেও ধৰিব নোৱাৰিলে৷
তাৰ পিছত মই বহুদিন
চাই থাকিলোঁ, সিহঁতক ক’ৰবাত দেখোঁ নেকি বুলি৷ পিছে
নাই–নেদেখিলোঁ৷ ছোৱালীজনীক নি সিহঁতে কোনোবা ঠাইত যি কেইদিন পাৰে সেইকেইদিন লুটিবলৈ নিলে৷ মাকজনীক
মই আজিকালি মাজে মাজে দেখোঁ – নৈৰ পাৰত বহি থাকে৷ নাজানো তাইৰ
সপোন ভাঙিল নে কি হ’ল৷ তাইৰ সেয়া নিজৰ ভ্ৰম আছিল বুলি কিবা বুজিলে
নে নাই!
দিন বাগৰি গ’ল৷
দিনৰ কথা বাদেই, একেটা দিনৰ ভিতৰতে আজিকালি মোৰ ১০ টা কথা–কামৰ অগাদেৱা চলে৷ গতিকে বেছিকৈ দুখ কৰিবলৈকো সময় নাই৷ কালৈনো দুখ কৰিম?
মোৰ নিজকে লৈ নে দুখীয়াক লৈ নে ধনী কাৰোবাক লৈ৷
ইমান পৰেতো মই দুখীয়াক
লৈয়ে দুখৰ অৱতাৰণা কৰিলোঁ৷ কিন্তু মই লাহে লাহে বুজি উঠিছোঁ যে এই দুখ লগাটোও এটা ভ্ৰমহে৷
কিনো আছে কথাবোৰত আচলতে! নে আচলতে একো নাই?
এহাল দম্পতী থাকে
আমাৰ ঘৰৰ ওচৰতে৷ দুটা ল’ৰা৷ দুয়োটা বিদেশত থাকে৷ আজি ৫/৬ বছৰে অহা নাই৷ সময় নাই৷ গতিকে এওঁলোকেই মাজে মাজে গৈ তাত থাকি আহেগৈ৷
দুয়ো অলপ অসুখীয়া৷
ইয়াত থাকিলে বাংলাদেশীমূলৰ মানুহ এজনীয়ে ঘৰুৱা কাম–বন ৰন্ধা–বঢ়াবোৰ কৰি যায়হি৷ ইয়াত নাথাকিলে মানুহজনীকে এটা কোঠা খুলি– তলা–চাবি দি থৈ যায় – ঘৰটো চোৱা–মেলা কৰি থাকিবলৈ৷ অসমীয়া বনকৰা মানুহ সতকাই পোৱাও টান৷ পালেও অসমীয়াক বিশ্বাসত
ল’ব নোৱাৰি৷ গতিকে ক’ৰ খাবলৈ নোপোৱা ভিক্ষাৰী
– অশিক্ষিত বাংলাদেশীয়ে দুই কোটি টকাৰ মাটিত ৫০ লাখ টকীয়া ঘৰত থাকিবলৈ
পাইছে – আৰু কি লাগে!
ইফালে দম্পতীহালৰ
আৰু মাটি–বাৰী আছে৷ সেইবিলাক লৈয়ো চিন্তা৷ ল’ৰা-ছোৱালী বিদেশলৈ গৈছে – তাত মোৰ
একো আপত্তি নাই; কিন্তু তাতে গংগাটোপ হৈ থাকি ইয়াত একো নকৰাতহে মই বেজাৰ পাওঁ৷
মই এবাৰ অসম জাতীয়
বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় এটা বিভাগ খুলিবলৈ ল’ৰা–ছোৱালী
নোহোৱা বা ল’ৰা–ছোৱালী ইয়াত নথকা
– অলপ দান দিব পৰা মানসিকতাৰ মানুহৰ পৰা মাটিৰ খবৰ বিচাৰি বিজ্ঞাপন দিছিলোঁ৷
এগৰাকী মহিলাই – ডাউন টাউনৰ ওচৰৰ – ফোন কৰিলে৷ তেখেতৰ গিৰিয়েক নাই৷ একমাত্ৰ
ল’ৰা আমেৰিকাত থাকে৷ তাতে বিদেশিনী বিয়া কৰাইছে৷ তেখেতো তালৈকে
যাবগৈ বোলে৷ গতিকে মাত্ৰ ৩ কোটি টকাতে সকলো দি যাবলৈ ওলাইছে বুলি ক’লে৷ অসমীয়া মানুহক মাটিখিনি বিক্ৰী কৰিবলৈ যে তেখেতৰ ইমান মন আছে, সেয়া মোক ইমানকৈ বুজালে যে মই তেখেতেই অসমৰ জাতীয় সংগীতৰ স্ৰষ্টা –
তেখেতেই অম্বিকাগিৰি – তেখেতেই ভূপেন হাজৰিকা
– তেখেতেই মূলাগাভৰু – তেখেতেই অসম – তেখেতেই মোৰ মা আদি সকলো ভাবি পেলাবৰ মন গ’ল!
মোৰ যে এনে ভ্ৰম
কিয় হৈছিল, সেইটো মই আজিও বুজি নাপালোঁ – কোনোবা
অসমীয়াই অসমীয়া জাতীয় অনুষ্ঠান গঢ়িবৰ কাৰণে মাটি–বাৰী দান কৰিব!
তাকো বিংশ শতিকাৰ শেষৰ বছৰটোত! শ্বেইক্সপীয়েৰে
মোক লগ পাব লাগিছিল – আৰু দুখনমান Comedy of Errors লিখিলেহেঁতেন৷ পাগলামিৰ সীমা নাথাকিলেও ভ্ৰমৰ সীমা থকা উচিত!
আজি কেইদিনমানৰ আাগতে
ভাৰতৰ এখন প্ৰদেশৰ (অসমো হ’ব পাৰে দেই!)
এটা কথা শুনিলোঁ৷ এজন ল’ৰা – বিদেশত থাকে – ভাল চাকৰি কৰে – বহুত ডিগ্ৰী থকা ৷ বাপেক চৰকাৰী চাকৰিয়াল আছিল৷ মাকেও কিবাকিবি কৰিছিল৷ বাপেক ডাঙৰ চোৰ৷ ঢেৰ টকা–পইচা কৰিলে৷ মাটিও বহুত–বহুত ঠাইত৷ ঘৰো ১০ টা মান
– বেলেগ বেলেগ ঠাইত৷ বাপেক–মাকৰ বৰ আশা–
ল’ৰা ঘূৰি আহিব – অতবোৰ সম্পত্তি
গোটালো – সি চম্ভালিবহি – ভোগ কৰিবহি৷
পিছে বোলে এতিয়া
পুতেকে খবৰ পঠাইছে – দেউতা, তুমি যি সম্পত্তি
কৰিলা, সেইবোৰ মোক একো নালাগে৷ মোক কিবা লাগিলে, মই নিজেই গোটাই ল’ম৷ তুমি সেইবোৰ dispose কৰি দিয়া৷
পুতেকৰ কথা শুনি
– বাপেকে সম্পত্তি আহৰণ কৰোঁতেও ইমান বিবেকৰ দংশনত ভোগা নাছিল;
এতিয়া যিমান ভূগিছে৷ নিৰ্দ্বিধাই তেওঁ চৰকাৰী টকা আত্মসাৎ কৰি গৈছিল৷
তেওঁৰ বদ্ধমূল ধাৰণা আছিল যে মানুহে সা–সম্পত্তি কৰে ল’ৰা–ছোৱালীৰ কাৰণে৷ মানুহক দেখুৱাইতো আৰু ইমান সম্পত্তিৰ
পাহাৰ গঢ়িব নোৱাৰে – গতিকে মনে মনে লুকাই চুৰিকৈ গোটাইছিল৷ কত
বিনিদ্ৰ ৰজনী পাৰ কৰিছিল সেইবোৰৰ কাৰণে৷
এতিয়া পুতেকে কয়
কি এইবোৰ!
আনক দিয়ে কেনেকৈ! কয় কেনেকৈ? কাগজ–পত্ৰ কৰে কেনেকৈ? ইমান বছৰে
নিজৰ বুলি কেৱল তাৰ কথাকে ভাবিলে৷ আন কাকো নিজৰ বুলি ভাবিয়েই নাপালে৷ এতিয়া এই ৬০/৭০ বছৰ বয়সত কাক নিজৰ বুলি লয় এতিয়া? নিজা মানুহ বিচাৰিবলৈকে
দেখোন এতিয়া বহু বছৰ লাগিব৷
তেওঁ বহুতবাৰ পুতেকক
বুজনি দিবলৈ চেষ্টা কৰিলে যে সিহে তেওঁৰ নিজৰ৷ কিন্তু পুতেকে তেওঁক এতিয়া ওলোটাকৈ কয়
যে ইমান সম্পত্তিৰ তাৰ একো প্ৰয়োজন নাই৷ বেছিকৈ জোৰ কৰি থাকিলে সি ভাৰতলৈকে ঘূৰি নাহে৷
তেতিয়া বাপেক–মাকৰ মৃত্যুৰ পিছত সেইবোৰ এনেয়ে জহি–খহি যাব – কাৰ হাতলৈ যায় ঠিক নাই!
বাপেকজনৰ এতিয়া মহা
সমস্যা৷ তেওঁৰ
মগজুৱে কাম নকৰা হ’ল৷ তেওঁৰ চিন্তা কেৱল ইমানলৈকেহে যে তেওঁ এতিয়া কিহত আশ্ৰয় ল’ব!
কাৰণ তেওঁ দেখিছে যে পাপী–দগাবাজৰ একমাত্ৰ আশ্ৰয়স্থল
হ’ল ভাৰতীয় ভগবানবোৰ৷ তাত ডাঙৰ ডাঙৰ টকা–সোণ–ৰূপ–হীৰা–মুকুতা–মণি আদি নিষ্প্ৰাণ ভগৱানক নলগা কিন্তু মানুহৰ
মনৰ পাপ মোচন কৰিবলৈ লগা (?) বস্তু দান দিয়া হয়৷ অসমত আগতে তেনেকুৱা
ভগৱান নাছিল৷ এতিয়া দুই এটা হৈছে যদিও তাত দিবলৈকো তেওঁ অপাৰগ৷ জীৱনত কেতিয়াও জনহিতৈষী
বা পৰহিতৈষী কাম তেওঁ কৰিয়েই পোৱা নাই, এতিয়া আকৌ বুঢ়া শালিকায়ে
কি মাত ল’ব!
ইমান দিনে তেওঁ সত্য
বুলি ভাবি অহা কথাবোৰ–ধাৰণাবোৰ–মতবোৰ–বিশ্বাসবোৰ যে প্ৰকৃততে ভ্ৰমহে আছিল, সেইটো ভাবিবৰ তেওঁৰ
সত নগ’ল৷ হাজাৰ হ’লেও মেট্ৰিকত ষ্টেণ্ড
কৰা – প্ৰি–য়ুনিভাৰ্চিটিত ষ্টেণ্ড কৰা –
সদায় ফাৰ্ষ্ট ক্লাছ পোৱা তেওঁ এজন চোকা ল’ৰাই আছিল৷
পইচা খোৱাতো তেওঁ চোকা আছিল৷ মন্ত্ৰী–ঠিকাদাৰকো তেৱেঁই সদায় দিহা–পৰামৰ্শ দিছিল৷ এতিয়াও তেওঁক কোনেও ধৰা পেলোৱা নাই৷ তেওঁৰ ৰাজহুৱা মান–সন্মান অক্ষুন্নই আছে৷
কিন্তু তেওঁ কাৰ
কাৰণে অতবোৰ কৰিলে? তেওঁৰ ৭ টা বেমাৰ – প্ৰেছাৰ,
মধুমেহ, চকুৰ সমস্যা, কিডনিৰ
সমস্যা, হাৰ্টৰ ব্লকেড, য়ুৰিক এচিড বেছি,
আৰু স্পণ্ডিলাইটিছ৷ গতিকে তেওঁ দৰবহে বেছি টকাৰ খায় – খোৱা বস্তুতকৈ৷
গতিকে তেওঁক কিমান
টকাৰ প্ৰয়োজন, সেইটো অনুধাৱন কৰাত তেওঁৰ ভ্ৰম হ’ল৷ অসত্যক সত্য বুলি তেওঁৰ ভ্ৰম হৈছিল৷ এতিয়া তেওঁৰ এইটো কি চিন্তা হৈছে ময়ো
বুজিব পৰা নাই৷ দুখেই কৰিব লাগে নে কি কৰিব লাগে! সকলো বাপেক–মাকেই এনে ভ্ৰমৰেই বশৱৰ্তী হৈ জীৱন কটায় নেকি বাৰু!
শ্বেইক্সপীয়েৰে এনে
মানুহ লগ পোৱা নাছিল নেকি? নে এনে মানুহ বিংশ শতিকাৰেই অৱদান
– মানৱ সমাজলৈ বুলি৷ নিৰাপত্তাহীনতাত মানুহ কেতিয়াৰ পৰা ভূগিবলৈ ল’লে বাৰু! এই টকা –পইচাবিলাক নিৰাপত্তা
কিনিবৰ বাবে নে সুখ–স্বাচ্ছন্দ্য কিনিবৰ বাবে বাৰু! নে প্ৰতিপত্তি বঢ়াবৰ বাবে!
আমাৰ মেট্ৰিক পৰীক্ষাত
দুটামান নম্বৰ বেছি পোৱা কোমলমতীয়া ল’ৰা–ছোৱালীবিলাকক
যে সকলোৱে মিলি এক ভ্ৰমৰ সাগৰত উটুৱাই দিয়ে, আমি কোনেও মন কৰা
নাইনে বাৰু! সিহঁতক শত্ৰু নোহোৱা যুদ্ধত জিকা মহাবীৰ সজোৱাৰ বাৰু
কি অৰ্থ আছে? পাছৰ বছৰতে সিহঁতবোৰ ক’ত হেৰাই
যায় বাৰু! সকলোৱে জানি বুজিয়েই এই কাম কৰে৷ প্ৰথমতে মই এইবিলাক
উদগণিমূলক কাম বুলিয়েই ভাবিছিলোঁ৷ কিন্তু মোৰো ভ্ৰম ভাগিল যে সেইবিলাক আচলতে ভ্ৰম সৃষ্টিৰহে
কাৰ্য৷
এই ভ্ৰম যাদুকৰৰ
ভ্ৰম সৃষ্টিৰ লগত একে নহয়৷ সেইটো Illusion৷এটা make believe কথা৷ উত্তৰ ভাৰতীয় হিন্দুত্বৰে অসমৰ অসমীয়াত্ব ৰক্ষা পৰিব বুলি ভবাৰ নিচিনা
কথা৷ ‘মিঞা–মিঞা’ বুলি হেয় ভাবত বাংলাদেশীবিলাকক উৰাই নিঃচিহ্ন কৰি পেলাব পাৰিম বুলি জাতীয়তাবাদী
অসমীয়াই ভবাৰ নিচিনা কথা৷ হিমন্ত – RSS ৰ বুদ্ধিয়ে সাময়িকভাৱে
বাংলাদেশীক অসমৰ ৰাজপাট খাবলৈ হয়তো নিদিব পাৰিব; কিন্তু শিক্ষা–দীক্ষা–কাম–কাজ–শ্ৰম–উৎপাদন সকলো শক্তিৰে বাংলাদেশীৰ আগত অসমীয়া টিকি
থকাটো টান হ’ব৷ ইতিমধ্যেই আজমল ফাউণ্ডেশ্বনৰ ল;’ৰা-ছোৱালীৰ
স্কুল–কলেজ – Super 30 প্ৰগ্ৰেম
– NEET, APSC, UPSC ত কৃতকাৰ্যতাই অসমৰ ভৱিষ্যৎ কাৰ হাতলৈ যাব,
সেইটো ষ্পষ্টকৈ বুজাই দিছে৷ চৰকাৰে টকা দি সত্ৰত চাকি জ্বলাই ৰাখিব নোৱাৰে৷
চৰকাৰে জাতি ৰক্ষা কৰি দিব বুলি ভাবি থকাটো ভ্ৰম৷ অসম সাহিত্য সভাই বিশ্বমানৰ সাহিত্য
সৃষ্টি কৰিব পাৰিব বুলি ভবাটো ভ্ৰম৷ কোনোবা চৰকাৰে অসমৰ পৰা বাংলাদেশী বিতাড়ণ কৰিব
পাৰিব বুলি ভবাটো ভ্ৰম৷ বাংলাদেশী–পমুৱাবিলাকে নিজৰ মাতৃভাষা
অসমীয়া বুলি লিখি দিলেই অসমত অসমীয়া সংখ্যাগৰিষ্ঠ হৈ অসমীয়াৰ মাতব্বৰিতা চলাই থাকিব
পাৰিব বুলি ভবাটোও ভ্ৰমেই আছিল৷
এনে ভ্ৰমৰ সমাহাৰেই
মানৱ জীৱন – এনেকৈয়ে সকলোবোৰ চলি থাকে৷ সমাজত যেতিয়ালৈকে বুদ্ধিদীপ্ত
প্ৰজ্ঞাৰ সাধকৰ সংখ্যা নাবাঢ়ে, তেতিয়ালৈকে সমাজত ভ্ৰম চলি থাকিব৷
আমাৰ সমাজত লেখক যিমান আছে – পাঠক সিমান নাই৷ পাঠক যদি আছেও,
সমালোচক নাই৷ সমালোচক যদি আছেও বিজ্ঞ মানুহ নাই৷ বিজ্ঞ মানুহ যদি আছেও
কাম কৰা মানুহ নাই৷ কাম কৰিবলৈ ওলোৱা মানুহ যদি আছেও আমি কাম কৰিবলৈ পৰিৱেশ দিব পৰা
নাই৷ কাম কৰা মানুহকো বাধা আমিয়েই দি আছোঁ৷
গতিকে আমাৰ ভ্ৰমবিলাক
আমাৰ নিয়তি হৈ পৰিছে৷ আমি তাতে সাঁতুৰি–নাদুৰি কেলি কৰি আছোঁ
–আনন্দ স্ফূৰ্তি কৰি আছোঁ৷ মিঞাক হঁহাৰ ক্ষন্তেকীয়া আমোদ–আনন্দ আচলতে আমাৰ ট্ৰেজেদিহে৷ সেই দেউতাকজন আচলতে এক ট্ৰেজিক নায়কহে৷ বিদেশী
কাপোৰ পিন্ধি মোৰ ল’ৰা কানাডাত থাকে বুলি ফুটনি মৰাজনো আচলতে
এখন বিয়োগান্ত নাটকৰ এটা চৰিত্ৰহে৷ জীয়েকক বেশ্যা বৃত্তিলৈ ঠেলি দিয়া মাকজনীক পাঠকে
নিজেই বিভূষিত কৰিব৷ আৰু গাধক ঘোঁৰা বুলি ভবাজনক আন বেলেগ কোনোবা বুলি আমি ভাবিব নালাগে৷
তেৱেঁই মই – তেৱেঁই আপুনি – শ্বেইক্সপীয়েৰ
নহ’লেও এই ভ্ৰমৰংগ নাটক আমি সকলোৱে লিখি আছোঁ আৰু তাত অভিনয় কৰি
আছোঁ৷