বিদ্যায়তনিক অথবা–

 সঞ্জীৱ সভাপণ্ডিত


নাজিৰাৰ অৱনী বৰঠাকুৰ, সমগ্ৰ অসমৰ বাঁওপন্থী চিন্তাধাৰাৰ
লগত জড়িত সকলোৰে বাবে এটা পৰিচিত নাম৷ এটা শনিবাৰে
(২০০৮২০২২) তেখেতক লগ ধৰিবলৈ গৈছিলোঁ
বৈদ্য বৰপূজাৰী নামৰ এজন মানুহৰ বিষয়ে কথা পাতিবলৈ৷ সুগঢ়ী
দীপ্তচকুৰসুদৃঢ় মনৰমেদবিহীন দেহৰ মানুহজন বৰ্তমান সামান্য দুৰ্বল হৈছেবয়সৰ কাৰণে৷ বয়স ৯৩ বছৰ চলি আছে বুলি
গম পালোঁ৷ বৌদ্ধিক চিন্তা
চৰ্চা তথা কামকাজৰ পৰা নিজকে কেতিয়াও অব্যাহতি দিবলৈ নিবিচৰা মানুহজন সেইদিনাও কিবা লিখাৰ
কামতেই ব্যস্ত আছিল৷ শিক্ষকতা
শিক্ষা বৃত্তিশিক্ষানুষ্ঠান স্থাপনৰাজনৈতিক
শিক্ষা দান বা ৰাজনৈতিক তত্ত্ব-বিশ্লেষণ আদি কামতে তেখেতে জীৱনটো পাৰ কৰি দি
লে৷ এটা সময়ত CPI দলৰ সদস্য হৈ কমিউনিষ্ট দলৰ সাংগঠনিক
কাম-কাজতে তেখেতক সদা ব্যস্ত হৈ থকা দেখিছিলোঁ৷
গাঁৱে গাঁৱে ঠায়ে ঠায়ে তেখেতৰ
অনুগামী কমিউনিষ্টৰ সৃষ্টি হৈছিল৷ তেখেতে কিন্তু কোনোদিনে শিক্ষা বা
বিদ্যানুষ্ঠানৰ মজিয়ালৈ কমিউনিজ্‌ম বা একো ধৰণৰ ৰাজনীতিকেই সোমাবলৈ দিয়া নাছিল৷ এনে
সংযম সাধাৰণতে বিৰল৷

১৯৬০দশকত যেতিয়া ভাৰতৰ কংগ্ৰেছ চৰকাৰে দিল্লীৰ পৰা আৰু ৰাজ্যসমূহৰ ৰাজধানীবোৰৰ
পৰাও
কমিউনিষ্টবিলাকৰ ওপৰত দমননিৰ্যাতন আৰু ত্যাচাৰ
চলাইছিল
, তেতিয়া অৱনী বৰঠাকুৰহঁত ঘৰৰ পৰা পলাবলগীয়া হৈছিল৷ অশেষ কষ্ট,
যন্ত্ৰণা সহ্য কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল৷ সেই সময়ত সংগ্ৰামী শিল্পী
বিষ্ণু ৰাভাকো পুলিচে
গ্ৰেপ্তাৰ কৰি পঘাশিকলিৰে এক প্ৰকাৰ চোঁচৰায়েই নিছিলজেললৈ৷

এনেকুৱা দমনবিলাকে
আদৰ্শগতভাৱে দল
সংগঠনৰ লগত জড়িত ব্যক্তিসমূহক প্ৰকৃততে পৰাজিত কৰিব নোৱাৰেস্খলিতও কৰিব নোৱাৰে৷ বৰং অধিক দৃঢ়তাৰে তেওঁলোক পুনৰ সংঘবদ্ধহে হয়৷
অৱনী বৰঠাকুৰ তেনে এজন কমিউনিষ্ট আছিল৷ ঘৰ
পৰিয়ালৰ অজস্ৰ বিলাইবিপত্তি সত্তেও তেওঁ নিজৰ মতত অলৰঅচৰ হৈ থাকিল৷ দেশৰ স্বাধীনতাকংগ্ৰেছৰ পৰা ফাটি গৈ
চিয়েলিষ্ট পাৰ্টিজন্ম হোৱা
কংগ্ৰেছ বিভাজন– কমিউনিষ্ট বিভাজনচীনা যুদ্ধতিনিখনকৈ ভাৰতপাক
যুদ্ধ
ছাত্ৰ সন্থাৰ অবৈধ বিদেশী বিতাড়ণৰ আন্দোলনসকলোতে অৱনী বৰঠাকুৰহঁতৰ নিচিনা মানুহবিলাকে
বৰ কষ্ট পাইছিল
ৰবাত কৰবাত শাৰীৰি‍কভাৱে নিৰ্যাতিতও হৈছিল৷

মই ভাবি আচৰিত হৈছিলোঁ
যে ভাৰত চৰকাৰে ছোভিয়েট ৰাছিয়াৰ দৰে ক
মিউনিষ্ট দলৰ শাসনত চলা দেশৰ
লগত ইমান মিতিৰালি কৰে
তেল, কৃষি,
প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰতে, সেই চৰকাৰেই আকৌ
দেশৰ ক
মিউনিষ্টবিলাকক নিগৃহীত কিয় কৰে! মই আকৌ এইটোও বুজি নাপাওঁ যে যি কমিউনিষ্টে দুখীয়ানিচলা মানুহৰ কাৰণে কান্দে, সেই কমিউনিষ্টে আকৌ দুখীয়াদলিত ভাৰতীয় জনতাৰ কাৰণে কাম কৰা
মহাত্মা গান্ধীক কিয় ইমান বেয়া পায়
! অহিংসাৰ কথাকে অনবৰতে কৈ
থকা মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকলাপৰ সমান্তৰালভাৱে ভগত
সিংহঁতৰ নিচিনা কমিউনিষ্টবিলাকে দেখোন সশস্ত্ৰ বিপ্লৱৰহে
পোষকতা কৰিছিল
!

কথাবোৰ বুজিবলৈ বৰ
টান৷ ৰাজনীতিত
, বাহিৰত যিটো দেখা যায়, ভিতৰত সেইটো
একেবাৰেই নহয়৷ মহাত্মা গান্ধীও চাগে বাহিৰে
ভিতৰে একে নাছিল৷
কমিউনিষ্টবিলাকো চাগে তেনেকুৱাই আছিল৷ বোধকৰোঁ সেই তেনেকুৱা মতবিৰোধ আৰু মতাদৰ্শগত পাৰ্থক্যৰ কাৰণেই অৱনী বৰঠাকুৰ কমিউনিষ্ট
দলৰ পৰা এসময়ত ওলাই আহিছিল৷ আৰু আজিৰ তাৰিখত তেখেতে মহাত্মা গান্ধীৰ বিষয়ে এখন কিতাপ
লিখি আছে
! ইমান দিনৰ বিশ্বাসমতবাদপ্ৰত্যয় তেনেহলে কলৈ গ? তেখেতে সৃষ্টি কৰা অনুগামীবিলাকৰ কি হ? অৱনী বৰঠাকুৰ
তেওঁলোকৰ মনৰ পৰা খহি পৰিল নেকি
?

এনেকুৱা বৈপৰিীত্যৰ
উদাহৰণ অলেখ৷ অৰবিন্দ ঘোষ নামৰ বংগদেশৰ এজন সন্ত্ৰাসবাদী আৰু সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী
মানুহ পৰৱৰ্তী সময়ত ঋষি অৰবিন্দ হৈ শান্তি আৰু ধ্যানৰ
মহাজাগতিক শক্তি তত্ত্বত বিশ্বাসী হৈ পৰিল৷ ইয়াৰ নিচিনাই
কিন্তু সম্পূৰ্ণ বিপৰীত আৰু নিম্নখাপৰ এটা উদাহৰণ হ

আমাৰ এইফালৰ সশস্ত্ৰ সংগ্ৰামী আলফা সংগঠন৷ ইয়াৰ নেতৃবৰ্গই এফালে বোমাবন্দুকৰ বাহিৰে কথাই নাপাতিছিল; অথচ মাজে মাজে চৰকাৰৰ
বিৰুদ্ধে
‘অসম বন্ধঘোষণা কৰিছিল,
যিটো অহিংস আৰু শান্তিপূৰ্ণ আন্দোলনৰহে অংশ!

আকৌ বন্দুক ফুটাইমানুহ মাৰিটকা লুটি, হঠাৎ সশস্ত্ৰ
বিপ্লৱে আ
মুওৱা ৰোমাণ্টিক আলফা বিদ্ৰোহীয়ে, সশস্ত্ৰ বিপ্লৱৰ পথ এৰিহাবিৰ পৰা ওলাই২০ লাখ টকীয়া air conditioned গাড়ীবিলাসী প্ৰাসাদহাতেডিঙিয়ে ৩/৪ লাখ টকীয়া অলংকাৰ পিন্ধি২০,০০০ টকীয়া সুৰা পান কৰিবলৈ মনত পুহি ৰখা হাবিয়াস পূৰণ কৰাৰ উদাহৰণো অলেখ৷

আৰু উদাহৰণ নিদিওঁ৷
পাঠকে নিজেই বিচাৰি ল
ব৷ আমি কেৱল আচৰিত হওঁ৷ আৰে, একে ৰাতিৰ ভিতৰতে মানুহৰ ইমান সলনি হব পাৰে নে?
কেনেকৈ হয়? নে আগৰ সকলো কথা ভুৱা আছিল?
নে এতিয়াৰবোৰহে ভুৱা? তেওঁলোকৰ অনুগামীবিলাকৰ কি
অৱস্থা হয়
? নিজৰ পৰিপক্ক মতবাদ এটা পূৰাকৈ গঢ় লোৱাৰ আগেয়েই এইবিলাকে
মানুহৰ মগজু প্ৰক্ষালন কৰিছিল নেকি
? নে কুমাৰেকমাৰে নিজেই নাজানে কি গঢ়িবলৈ বিচাৰিছেমাথোন যতে-ততে টিপা মাৰি আছেতে ততে টঙনিয়াই আছে!

পৰেশ বৰুৱাই মোলৈ
এতিয়ালৈকে তিনিবাৰ ফোন কৰিছে৷ প্ৰতিবাৰেই অতি কমেও এক
দুই
ঘণ্টা কথা পাতে৷ মই ভাবোঁ এটা সশস্ত্ৰ সংগঠনৰ সৰ্বাধিনায়কৰ ইমান সময় কেনেকৈ ওলায়
,
মোৰ নিচিনা এটাৰ লগত খৰচ কৰিবলৈ! অথচ সকলোৱে জানে
যে মই ১৯৭৯ চনৰ পৰাই আলফাৰ সমালোচক তথা বিৰোধী৷ কোনো ৰাজনৈতিক নীতি-আদৰ্শ
, সামাজিক ভিত্তি, অৰ্থনৈতিক পৰিকল্পনা আৰু কাঠামো নথকাকৈ
কেনেকৈ কেৱল
থলুৱা অসমীয়াবোলা সাম্প্ৰদায়িক
চৰিত্ৰৰ কথাৰ মায়াজালেৰে এটা দলে এটা জাতিক নেতৃত্ব দিবলৈ ওলাব পাৰে
! তেওঁলোকে অসম দেখাই নাইবুজাই নাই৷ মই সেই কোনকাহানিবাতেপ্ৰান্তিকআলোচনীৰ
পাতত
মই কিয় আলফাৰ স্বাধীন অসম সমৰ্থন নকৰোঁফঁহিয়াই দেখুৱাইছিলোঁ৷ লগতে এইটোও দেখুৱাইছিলোঁ যে আলফাই সম্পূৰ্ণৰূপে বাংলাদেশী
মুছলমানৰ স্বাৰ্থতহে আৰু অসমীয়া জাতিৰ বিৰুদ্ধেহে কাম কৰিছে৷ আলফাৰ ভুলৰ বাবেই অসমৰ
জনগোষ্ঠীসমূহৰ মাজত যুক্তিহীন সশস্ত্ৰ সংগ্ৰামৰ ভেঁটি স্থাপন হৈছিল৷ কিন্তু পৰেশ বৰুৱা
গোটেই তিনিওবাৰ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ য়াণ্ডাবু চুক্তিতে আঁকোৰগোঁজ হৈ লাগি থাকিল৷
সেইকণ জ্ঞানো তেওঁৰ নাই যে প্ৰকৃততে ১৮২২ চনতে ঘিলাধাৰী ৰণতে অসম বৃটিছৰ হাতলৈ গৈছিল
মানৰ হাতৰ পৰা৷ তাৰো আগতে ১৭৯২ চনৰে পৰা
(গৌৰীনাথ সিংহৰ দিনৰে
পৰা
) অসম, অসম হৈ থকাই নাছিল বা অসমত আহোম
ৰাজত্বৰ শক্তি বুলিবলৈও একোৱেই নাছিল৷ পৰেশ বৰুৱাই নিজেও জানে যে তেওঁ এখন অনৰ্থক যুঁজ
যুঁজি আছে
তেওঁ কোনোদিনে জিকিব নোৱাৰেতেওঁৰ প্ৰতি অসমৰ মানুহৰ সমৰ্থন নাই৷ কিন্তু তেওঁ এতিয়াও বহুত ডেকাগাভৰুক ফুচুলাই আছেঅলীক সপোন দেখুৱাই আছে৷ ইতিহাস
নজনা বাবেই আৰু ইতিহাস বিকৃত কৰা বাবেই প্ৰায় ১২০০০১৪০০০ তেজালকিবা কৰিবলৈ ওলাই অহা ডেকাগাভৰুক আলফাই হত্যা কৰিলেমৰিবলৈ
এৰি দিলে
মৰণ ফান্দত পেলাইটকা লুণ্ঠন
কৰি
ব্যাভিচাৰী হবলৈ প্ৰৰোচিত কৰি
চৰিত্ৰহীন কৰি৷ দগাবাজ ধুৰন্ধৰ সিদ্ধাৰ্থ ফুকন নামৰ এটা প্ৰচাৰ সম্পাদকৰ
কি কথাৰ ফুলজাৰি নুশুনিবা
নপঢ়িবা তেতিয়া! সেই অজমূৰ্খবিলাকৰ লগত তেতিয়া উজান দিছিল অসমৰ এক বৃহৎ সংখ্যক আখৰ লিখিবলৈ
শিকা সাংবাদিক
বুদ্ধিজীৱীয়ে৷ সেই নিৰ্বোধ ডেকাগাভৰুৰজাকক কিয় ধ্বংস কৰিলে তেওঁলোকে! তেওঁলোক কাৰো ওচৰত
জবাবদিহি হ
ব নালাগিছিল নেকি?

সেই একে বৌদ্ধিক
ব্যভিচাৰ কৰিছিল অসমৰ সেই একেখিনি আখৰ
শব্দৰ কাৰচাজি কৰিব পৰা মানুহে৷
নাম ল
লে বেয়া দেখি কিন্তু তেওঁলোকে অবৈধ বিদেশী বহিষ্কৰণৰ আন্দোলনটোক
হঠাৎ এটা নতুন মোৰ দি দিলে যে অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাৰ কাৰণেহে ল
ৰাবিলাকে আন্দোলন কৰিছে৷ দুটামান উদ্যোগ প্ৰতিষ্ঠা হলেইৰাস্তাঘাট ভাল হলেই তৃতীয় বা চতুৰ্থ বৰ্গৰ চাকৰি পালেই আন্দোলনকাৰী লৰাছোৱালীবোৰ ঠাণ্ডা হৈ যাব৷ তাতকৈ এখোজ অধঃপাতে গৈ কমিউনিষ্টনক্সালপন্থীহঁতে অসম আন্দোলনটোক ‘ক্ষুদ্ৰ জাতিসত্তাৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলনবুলি ধুমধাম লিখামেলা কৰি গল৷ এফালে কাগজত
অসমীয়াৰ কথাৰ ফুলজাৰি চলি থাকিল আৰু আনফালে বাংলাদেশীয়ে অসমৰ মাটি
-কাখেতিব্যৱসায় সকলো এফালৰ পৰা
দখল কৰি গ
আলফাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ
সমৰ্থনত
; মাৰোৱাৰীদিল্লীৱালাবৃহৎ ব্যৱসায়ীউদ্যোগপতিয়ে সকলো ডাঙৰ কাম গ্ৰাস কৰি গঘাইপথবিলাকৰ দাঁতি কাষৰীয়া মূল্যৱান মাটিবিলাক
অসমীয়া শিখণ্ডীৰ সহায়ত ক্ৰয় কৰি গ
ল৷

আনহাতে, ৰাছিয়াচীনৰ কমিউনিজিমৰ কথা কোৱামাৰ্ক্স, এঞ্জেলচ, dialectic
materialism আদিৰ কথা কোৱা, সতীদাহ প্ৰথা চলোৱা,
জমিদাৰৰ সামন্তযুগীয় মানসিকতাত লালিতপালিত,
বৰ্ণবাদ আৰু অস্পৃশ্যতা তথা পূজাপাতলৰ অন্ধবিশ্বাসত
বুৰ গৈ থকা মাতব্বৰী আৰু বাঙালী সম্প্ৰসাৰণবাদী কলিকতীয়া বুদ্ধিজীৱীৰ কথা শুনি স্বৰ্গপ্ৰাপ্তিৰ
সুখ পোৱা অসমীয়া ক
মিউনিষ্টে সিবিলাকৰ ভৃত্যৰ দৰে আচৰণ কৰি বৰ
বৰ কথা ক
বলৈ ধৰিলে৷ এজাক চেমনীয়া তেওঁলোকৰ গৰাহত পৰিল৷ অসমীয়াবিলাক
সংকীৰ্ণমনা
বঙালী হিন্দুবিলাক উদাৰমনা, আৰু অসমীয়াবিলাক নিষ্কৰ্মাপমুৱা (বাংলাদেশী) মুছলমানবিলাকহে কৰ্মীসিহঁতে খুৱাইছে কাৰণেহে অসমে খাবলৈ পাইছেধৰণৰ এটা
মানসিক বাতাৱৰণ চাৰিওফালে সৃষ্টি হ
ল৷

এইবিলাক কথাই অসমৰ
থলুৱা মানুহবিলাকক হীনমন্যতাত ডুবাই দিলে
সংকুচিত কৰি পেলালেভয়াতুৰ কৰি পেলালে৷ কংগ্ৰেছে বাঙালী মুছলমানক বুকুৰ কুটুম কৰি লোৱা দেখি,
মিউনিষ্টে বঙালী হিন্দুক বুকুৰ কুটুম কৰি লোৱা
দেখি
– নিজৰ ঠাইতে লাঞ্চিত হৈ থাকি এটা গোমোৰা
খঙে অসমীয়াক বশ কৰি পেলালে৷ এক দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰে অসম
অসমীয়াৰ
স্খলনৰ যাত্ৰা আৰম্ভ হ
ল৷বুৰ্জোৱাৰ সংসদ
গাহৰিৰ গঁড়াল
বুলি কোৱা কমিউনিষ্টে সংসদীয়
গণতন্ত্ৰৰ নিৰ্বাচন খেলিবলৈ হেতা
ওপৰা লগালে; ভোটো বিচাৰিলে সাম্প্ৰদায়িকতাৰে৷ আমাৰ কিন্তু চকুত নপৰিল!

এইটোত অৱশ্যে একো
আচৰিত হ
ব লগা কথা নাই৷ ভাৰতত ৰাজনীতি সম্প্ৰদায় ভিত্তিতেই চলে৷ কংগ্ৰেছো সাম্প্ৰদায়িকমিউনিষ্টো সাম্প্ৰদায়িকভাৰতীয় জনতা পাৰ্টিও সাম্প্ৰদায়িকমুছলিম লীগ– AIUDF-ও সাম্প্ৰদায়িক৷ NSCN–NDFB-ও সাম্প্ৰদায়িক৷
যাৰে নাম লোৱা যায়
, সিয়ে সাম্প্ৰদায়িক৷ সামান্য দুই-এটা অপ্ৰভাৱশীল
দল বা সংগঠনহে ক
ৰবাত কৰবাত অলপ উদাৰ৷

কিন্তু মোৰ কথা সেইবোৰ
নহয়৷ মোৰ কথা হ
ল যে নিজে পতিয়ন নোযোৱাকৈ নেতৃস্থানীয় মানুহবিলাকে আনক কেলেই
পতিয়ন নিয়াবলৈ যত্ন কৰে
? নিদাৰুণ সত্যটো এয়েই নেকি যে সকলোৰে উদ্দেশ্য
ল মানুহক ঠগা আৰু নিজৰ স্বাৰ্থ পূৰণ কৰা? নিজে অবৈধ বিদেশী
খেদিব নোৱাৰে বুলি জানিও মানুহক বিদেশী খেদিম বুলি প্ৰতিশ্ৰুতি দিয়াটো এই কথাবিলাকৰ
শাৰীতে পৰে৷

এইবিলাক ডাঙৰ সামাজিক
আৰু ৰাজনৈতিক কথালৈ নগৈ মই সাধাৰণ মানুহৰ জীৱন ধ্বংস কৰা কথা এটালৈ আহোঁ৷ কোনোবা অজ্ঞাত
আততায়ীয়ে হত্যা কৰা অসমৰ এজন উদীয়মান লেখকৰ কথা৷ অতি কম দিনৰ ভিতৰতে তেওঁ ভাৰত চৰকাৰৰ
বিপক্ষে এটা সবল যুৱমানস অসমত সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল৷ বিভিন্ন তথ্য
পাতিৰে
তেওঁ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে যে অসমক কিমান
কি কি শোষণ আৰু
বঞ্চনা কৰিছে
, সেইবোৰ বাতৰি কাকতঅলোচনীত
সাব্যস্ত কৰিছিল৷ তেওঁ তেতিয়াৰ ডেকা
গাভৰুৰ কাৰণে আদৰ্শ হৈ উঠিছিল৷
তেওঁৰ লেখাই বহুতকে বিপ্লৱী বা বিপ্লৱী মানসিকতাৰ কৰি তুলিছিল৷ এক বুজন সংখ্যক অসমীয়া
ডেকা
গাভৰু একেবাৰে ঘৰৰ সীমাতে বা গাঁৱৰ চকুতে বিশ্বজয়ী বীৰ হৈ
উঠিছিল৷ তেওঁলোকৰ আদৰ্শ ব্যক্তিজনে কোৱা কথাবিলাক তেওঁলোকৰ বাবে শিলৰ ৰেখা হৈ পৰিছিল৷
কথা
ৰে-লেখাৰে অসমীয়াই তেতিয়া ধুমুহাৰ সৃষ্টি
কৰিছিল৷ চাৰিওফালে এজাক আশাৰ সৃষ্টি হৈছিল৷ কিন্তু

কিন্তু সেইবোৰ মাথোন
খেৰৰ জুইহে আছিল৷ আদৰ্শ ব্যক্তিয়ে কোৱা
লিখাৰ সত্যাসত্য নিৰূপণৰ বাবে
কোনো অসমীয়া যুৱক
যুৱতীয়ে এখনো কিতাপ পঢ়া নাছিল৷ কোনেও মগজুশিক্ষাকামৰ চৰ্চা কৰা নাছিল৷ কোনেও আমিনো কত পিছ পৰা, আমাকনো কেলেই শোষণ কৰিব পাৰিছে, কি কৰিলেনো আমি উদ্ধাৰ পাম বুলি কলৈকো ওলাই যোৱা নাছিলকাকো লগ ধৰাগৈ নাছিল৷ তেওঁলোকৰ আদৰ্শ ব্যক্তিয়ে অসমৰ ভূগোলইতিহাসঅৰ্থনীতিজনগাঁঠনিজনবৈশিষ্ট্য সঁচাকৈয়ে কিবা জানিছিল নে নাই কোনেও পৰীক্ষা কৰিবলৈ নগল৷ বাস্তৱজ্ঞান বিৱৰ্জিত আদৰ্শ ব্যক্তিৰ কথাত ভোল গৈ শ শ হাজাৰ হাজাৰ লৰাছোৱালী খঙাল হৈ পৰিল৷ পঢ়াশুনাউদ্যমী চৰ্চা সকলো বাদ দিলে৷ ফলত এই বিশাল পৃথিৱীত পিয়নচকীদাৰথাৰ্ড গ্ৰে
ফৰ্থ গ্ৰেড চাকৰি
বা পাণ-তামোলৰ দোকান বা শিল
বালি ছাপ্লাই দিয়া এজাক অকৰ্মণ্য
কলংকৰ সৃষ্টি হ
ল৷ আদৰ্শ ব্যক্তিয়ে কাকোআচল কামত মনোনিৱেশ কৰিবলৈ উদ্বুদ্ধ কৰিব নোৱাৰিলে৷ আদৰ্শ
ব্যক্তিৰ অপমৃত্যু ঘটিল৷ তেওঁ প্ৰভাৱিত কৰা জাক জাক যুৱক
যুৱতীৰ
মাজৰ পৰা আমি ক
তো কেন্দ্ৰৰ ৰেল বিভাগজাহাজ
বিভাগ
, প্ৰতিৰক্ষা বিভাগ, প্ৰশাসন বিভাগ,
বিদেশ মন্ত্ৰালয়, বিত্ত বিভাগ, পৰিকল্পনা বিভাগ, ডাক-তাঁৰ বিভাগ, পাছপৰ্ট বিভাগ, বাণিজ্য বিভাগ,
মহাকাশ বিভাগ, ICAR, ICMR, CSIR, ISRO আদিত কোনো
অসমীয়া মানুহ দেখা নাপালোঁ৷ সেইবোৰ নালাগেই বাৰু
মোৰ ভাতৃপ্ৰতীম
বন্ধু এজনে
যি বিভিন্ন অনুষ্ঠানপ্ৰতিষ্ঠানত
মানুহ নিযুক্তিৰ বাবে প্ৰায়েই বিভিন্ন সাক্ষাৎকাৰ লয়
কোৱা মতে
বৰ্তমানে অসমত
(গুৱাহাটীত বা নামনি অসমত) যিকোনো পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ অহা প্ৰতি ২০ জন প্ৰাৰ্থীৰ ভিতৰত কমেও ১৩/১৪ জন পূৰ্ববংগীয় বা বাংলাদেশী মূলৰদ্বিতীয় বা তৃতীয়
প্ৰজন্মৰ ডেকা
গাভৰু আহে আৰু গুণগত বিচাৰত সিবিলাকহে কাম পাবৰ
যোগ্য৷

যদি এনেকুৱাই হলগৈ
তেন্তে আদৰ্শ ব্যক্তিয়ে কি কথা শিকাইছিল
? যুৱ নায়ক বুলি বিৱেচিত
হোৱা মানুহে আমাৰ মানুহৰ চৰিত্ৰ নুবুজাকৈয়ে
মানুহক যোগ্য হোৱাত
সহায়ক হোৱাকৈ কাম নিশিকাই
, কি বিষাক্ত কথা শিকালে, যাৰ ফলত আমাৰমখা কেৱল আখৈফুটীয়াহে হলগৈ!

সেই আদৰ্শ ব্যক্তিৰ
লগত মোৰ প্ৰায়ে তৰ্ক হৈছিল৷ কিন্তু মূৰ্খ যুৱচামে তেওঁক এনেকৈ প্ৰশংসা কৰিছিল
আৰু বিপ্লৱৰ সেনানী অভিধাৰে বিভূষিত কৰি তুলিছিল যে তেওঁৰো হিতাহিত জ্ঞান শূন্য
হৈ পৰিছিল৷

এই মানুহবোৰৰ ওপৰত
মই মোৰ খং আজিও সামৰিব পৰা নাই৷ কাৰণ মই দেখি থাকোঁ
, প্ৰতিজন উচ্চপদস্থ
অনা অসমীয়া বিষয়াই অসমীয়াবিলাকক কেনেকৈ ভৃত্যৰ দৰে ব্যৱহাৰ কৰে
, প্ৰতিটো ধনী অনা অসমীয়া ব্যৱসায়ীয়ে অসমীয়াক কেনেকৈ কুকুৰৰ দৰে জ্ঞান কৰে,
প্ৰতিটো মিঞাই অসমীয়াক কেনেকৈ হাঁহে বা কেনেকুৱাকৈ হীন জ্ঞান কৰে!
গা বেজবেজাই যায়৷

কিন্তু লাভ নাই৷
অযোগ্য মানুহৰ এনেকুৱা হ
বই৷ অসমত অসমীয়া বুলি ভুকি থাকিব পাৰিব;
কিন্তু দিল্লীত ভুকিব নোৱাৰে৷ কথাবিলাক মোৰ এনেকুৱা যেনহে লাগি যায়

এজন মানুহসহজসৰল অৰ্থাৎ মূৰ্খ৷ তেওঁ চাকৰিৰ পৰা সেইমাত্ৰ অৱসৰ
লৈছে৷
হাতত গ্ৰেছুইটি, Leave Encashment আদিৰ প্ৰায় ৩০ লাখ মান টকা আছে৷ এজন মানুহ আহিল এটা প্ৰস্তাৱ লৈএটা স্কীম লৈনাম Golden Forest৷ এটা কোম্পানীয়ে চেগুণ গছৰ খেতি কৰিছে৷ ৫ লাখমান গছ ৰুইছে৷ ৰাজস্থানত আৰু
নাইনিতালত৷ তেওঁ কৈ গ
২০ বছৰৰ মূৰত
এজোপা গছৰ মূল্য হ
বগৈ প্ৰায় ২ লাখ টকা৷ ৩ ফুটমান ব্যাসৰ১০ ফুটমান ঘেৰৰ গছ হবগৈ৷ ২ ফুট বহল– ২ ফুট দীঘল৫০/৬০ ফুট
উচ্চতাৰ ২০০ ঘনফুট
(নিম্নতম) কাঠ ওলাব১০০০ টকাকৈ প্ৰতি ঘনফুটৰ দাম পাব অৰ্থাৎ কাটিকুটি নিচেই কমেও ২
লাখ টকা৷ বৰ্তমানে কিনিব লাগে
মাত্ৰ ১০০০ টকাকৈ৷ আজিৰ বিনিয়োগ
১০০০
x ১০০০ জোপা = ১০ লাখ টকা৷ ২০ বছৰৰ
মূৰত ২ লাখ
x ১০০০ জোপা = ২০০০ লাখ
= কোটি৷

অংকস্বপ্ন
সকলো মিলি ১০ লাখ টকা তেওঁৰ পৰা ওলাই গ
ল৷ তাৰ পাছত কিছু দিনলৈকে
Progress Bulletin আহি আছিল৷ তাৰ পাছত খবৰ শুকাই গআশা শুকাই গমানুহ অদৃশ্য হৈ গল৷

এদিন হঠাৎ এজন তেনেকুৱা
মানুহ আহি মোৰ ওচৰত উপস্থিত হ
লহি৷ মোকো একে ধৰণৰ সপোন দেখুৱাবলৈ ধৰিলে৷
কথাবোৰ শুনি শুনি এটা সময়ত মই তেওঁক প্ৰশ্ন কৰিবলৈ ধৰিলোঁ

লাখ গছ যদি ইতিমধ্যে আপুনি ৰুইছেই
, তেনেহলে আৰু বিনিয়োগকাৰীৰ কি দৰকাৰ? গছ ডাঙৰ হলে সকলো টকা দেখোন আপোনালোকৰেই৷ মানুহজনে কলে
: আমাৰ বেংকৰ বহুত ঋণ আছে নহয়– অংশ কিনিলে বিনিয়োগকাৰীয়ে
’ম্পেনিটোৰ অংশীদাৰিত্ব পাই যাব – আমাৰ ঋণৰ বোজা কমিবলগতে eco-friendly project৷ মই চাব মাৰি ধৰিলোঁ :

  ৰাজস্থানতনো ক
চেগুণ গছ হয় হে
? আৰু নাইনিতালত?

লগে লগে মানুহজনে ঢেৰ সাধু কবলৈ আৰম্ভ কৰিলে

  মলয় ঠাকুৰৰ (আচল নামটো উহ্য ৰাখিছোঁ) ১০ লাখ টকাৰ কি হ?

  আমাৰটো বেলেগ ক’ম্পানি৷ আমাৰ সকলো কথা genuine

 আপুনি নিজে গছবোৰ দেখিছেনে?

 নাই দেখা; কিন্তু ফটো দেখিছো৷

 আপুনি চেগুণ গছ চিনি পায়নে নাপায়?

 মই টিক (Teak) গছৰ নামহে শুনিছোঁ৷

 এইখন ফটোৰ এইবোৰ চেগুণ গছ হয় জানো?

 মই নাজানিম দেইমইতো কেৱল কোম্পানিৰ হৈ কামহে কৰোঁ৷

 পুনি প্ৰথমতে মালিকৰ নিচিনাকৈ কথা কৈছিল দেখোন!
আচলতে আপুনি dealer নে agent নে representative ? চাওঁ কাগজপত্ৰ কি আছে?

 আপুনি আমাৰ অফিচলৈ আহক৷ ছাৰে চব বুজাই দিব৷

কাহিনী এনেকুৱাই
সকলোতে৷ মই অৱনী বৰঠাকুৰক আলফা বা সেই যুৱ নায়কজন বা এই প্ৰতাৰকজনৰ লগত একাকাৰ কৰিব
খোজা নাই৷ কিন্তু প্ৰশ্নটো উত্থাপিত হ
বইতুমি দল ত্যাগ কৰিলা, ঠিক আছে; তুমি মতবাদ ত্যাগ কৰিলা, ঠিক আছে; কিন্তু তোমাৰ অনুগামীবিলাকৰ কি হ? জীৱনটোৰ মূল সময়খিনি একধৰণে পৰিচালিত হৈ হঠাৎ ছিন্নমূল হৈ পৰিলে কেনে লাগিব?
ই বাৰু মানুহ এজনক হত্যা কৰাৰ সমতুল্য কথা নহলনে?
ভাৰতীয় ৰাজনীতিকৰ দলত্যাগ কৰা বিষয়টো ইয়াত খাপ নাখায়৷ সিবিলাক বজ্জাত
বুলি সকলোৱে জানে৷
কিন্তু অৱনী বৰঠাকুৰক মই মাত্ৰ এটা উদাহৰণৰ
বাবেহে তুলি আনিলোঁ৷ তেখেত সৎ ব্যক্তি
মই ঘৰুৱাকৈ জানো৷ কিন্তু
পৰেশ বৰুৱা
, সেই যুৱ নায়কজনআজিৰ মানুহক
বিপথে পৰিচালিত কৰা সাংবাদিকসকলো জবাবদিহি হ
ব লাগিবকিযি কথাত তোমালোক নিজেই convinced
নোহোৱাঁ, মানুহক কেলেই প্ৰৰোচিত কৰিলা! RSS-এ অখণ্ড ভাৰত মাতাৰ নামত পাকিস্তান-আফগানিস্তান
সাঙুৰি এখন ভাৰতৰ মেপ আঁকি থৈছে৷ ই বাৰু মানুহক
প্ৰৰোচিত কৰা বাতুলামিৰ নিচিনা কথা নহয়নে বাৰু
? বিজেপি-RSS সকলোৱে জানে যে ২০/২৫
কোটি মুছলমান থকা ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব নোৱাৰি৷ কিন্তু তথাপি তেওঁলোকে মানুহক
উচতাই আছে৷ এই উদ্ভট সপোন বাস্তৱায়িত কৰিবলৈ গলে কি বিষম নৰসংহাৰ হ, কোনোবাই
ভাবি চাইছেনে
?

অসমত ঠিক
এই কথাটোৱেই ঘটি আছে৷ সেই যুৱনায়কজনে আৰু তেওঁৰ সমগোত্ৰীয়বিলাকে ক্ষুদ্ৰ জাতিসত্তাৰ
আত্মনিয়ন্ত্ৰণৰ স
ন্দৰ্ভত যিমানবোৰ আধাসিজা কথা কলে যে, সেইবোৰ একবিংশ শতিকাৰ তথ্যপ্ৰযুক্তিয়ে ঢৌৱাই নিয়া পৃথিৱীৰ সকলো কথাৰ পৰিপন্থী৷ নদাইভদাই সকলোকে ৰাজনৈতিক অধিকাৰ কেনেকৈ দিয়া যায়! উন্নতিৰ
চানেকি
(development model) কেনেকুৱা হ?
স্বায়ত্ত শাসন? লগে লগে আহি পৰিব ভৌগলিক কথাবোৰ৷
খিচিৰি
মিচিৰি হৈ সকলো সকলোতে সোমাই আছেসুষমতা (Homogenity) বোলা কথাটো নায়েই৷ যিবোৰ বৈচিত্ৰ্য আমাৰ সম্পদ বুলি এদিন বিৱেচনা কৰিছিলোঁ, সেইবোৰ আজি বিপদৰ ৰূপত
আবিৰ্ভূত হৈছে৷ তেনে স্থলত
?

আমাৰ নায়কবিলাকে
কি
মাৰাত্মক ভুল কৰি গ, কোনেও
বুজি নাপালে৷ এজনে ভাবিলে আৰু লিখি দিলে৷ বছ, হৈ গ
ল৷ কোনো আলোচনাবিশ্লেষণসংশ্লেষণযুক্তি
(argument) একো নাই৷ যুৱনায়কক মহানায়ক হবলৈ লাগেকথা সিমানেই৷ তাৰে ফলত ১৭% বড়োৱে
BTAD-ত ৮৩% অবড়োক শাসন কৰিছেযিটো গণতন্ত্ৰৰ পৰিপন্থী কথা৷ এফালে গণতন্ত্ৰ চাবলৈ গলে থলুৱা মানুহ নিঃচিহ্ন হৈ যায়৷ এফালে চাবলৈ গলে আজিৰ
তাৰিখত ৩৫
৪০% জনগাঁঠনিৰে পূৰ্ববংগীয়বাংলাদেশীয় মূলৰ মানুহখিনিয়েই হল অসমৰ একক সংখ্যাগৰিষ্ঠ
জনসমষ্টি৷ একক হিচাপে বাকী সকলো 
হুত কম৷ গণতান্ত্ৰিক হবলৈ গলে এফালে বিপদ, নহলে অন্যফালে বিপদ৷ কথাটো বৰ জটিল৷ আফ্ৰিকাৰ পৰা যোৱা বাৰাক অ
বামা আমেৰিকাৰ
ৰাষ্ট্ৰপতি হওঁতে আমি বৰ স্ফূৰ্তি কৰিছিলোঁ
, এতিয়া ভাৰতীয় মূলৰ
ঋষি চুনক ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হ
ব খোজোঁতেও আমি আনন্দ কৰিছোঁ;
এতিয়া নিষ্ঠুৰ সময়ে পূৰ্ববংগীয় মূলৰ মানুহক অসমৰ মুখ্যমন্ত্ৰী পাতিলে
আমি নিশ্চয় ভাল পাব লাগিব৷ কথাবিলাকত আমি পতিয়ন যাব লাগিব৷ এতিয়া আমি পতিয়ন নোযোৱাকৈ
হিন্দুত্বৰ হাতোৰাত পৰি আমাৰ দৌল
দেৱালয়বিলাকক মন্দিৰ বুলিবলৈ
লৈছোঁ
, কামাখ্যা মন্দিৰত হনুমানৰামসীতাৰ মূৰ্তি পাতিছোঁ আৰু এনে বহুত কাম কৰিছোঁযিবোৰ
ঠিক কথা হোৱা নাই৷ ঠিক তেনেকৈ আমাৰ বহুত মুছলমানে নিজে আচলতে পতিয়ন নোযোৱাকৈয়ে অসমকো
মুছলমান ৰাষ্ট্ৰ কৰিব খুজিছে৷

নিজে পতিয়ন
নোযোৱাকৈ
মানে নিজৰ প্ৰত্যয় নজন্মাকৈমানে নিজে পঢ়িশুনি, জানি, বুজি নোলোৱাকৈ অন্য
কাকো
নিজৰ ফলীয়া কৰিবলৈ চেষ্টা কৰিব নালাগে৷
এদিন নহয় এদিন ই সাংঘাতি‍ক ধৰণে প্ৰত্যাঘাত
(Boomerang) কৰিব৷ সঠিক
শুভচিন্তকৰ প্ৰত্যাশাৰে এটা জটিল চিন্তা সমাজলৈ বুলি মেলি দিলোঁ৷