ব্লণ্ড আৰু বহেমিয়ান ৰেপছ’ডি–অনিয়মত মৰা দুটি নক্ষত্ৰ

 নিজৰা ৰাজকুমাৰী   


ব্যৱসায়িকভাৱে অতি সফল ইংৰাজী ভাষাৰ জীৱনীমূলক
চিনেমা বহেমিয়ান ৰেপছ
ডিৰ সঘন আৰু সগৌৰৱ উল্লেখ শুনিছিলোঁ ৯১সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত। শ্ৰেষ্ঠ ছবিৰ মনোনয়ন লাভ কৰা
বহেমিয়ান ৰেপছ
ডিলৈ আহিছিল শ্ৰেষ্ঠ চিনেমা সম্পাদনা, ছাউণ্ড এডিটিং, ছাউণ্ড মিক্সিং আৰু শ্ৰেষ্ঠ অভিনেতাৰ
অস্কাৰ। বিখ্যাত বৃটিছ ৰকবেণ্ড কুইনৰ গায়ক-গীতিকাৰ ফ্ৰেডি মাৰ্কিউৰীৰ জীৱনৰ
উত্থান-পতন
, প্ৰেম-অহংকাৰ, যৌনজীৱনৰ
বিতৰ্ক
, এইডছ্‌-মৃত্যুৰ
আন্ধাৰ-আশা-হেঁপাহৰ চাকনৈয়াৰে নিৰ্মিত হৈছে বহেমিয়ান ৰেপছ
ডি।
১৩৪ মিনিটৰ সংগীত প্ৰধান ছবিখন পৰিচালনা কৰিছে ব্ৰায়ান ছিংগাৰে (যদিও পৰিচালকক লৈ
এক বিতৰ্ক আছেই)। চিত্ৰনাট্য এন্থনী মে
ক্‌কাৰ্টিনৰ। ছবিখনত
ফ্ৰেডিৰ চৰিত্ৰত অভিনয় কৰা ৰামী মালিকে মুক্তিৰ পাছতেই সৰ্বত্ৰ চৰ্চা লাভ কৰিছিল।
অস্কাৰৰ লগতে ৰামীলৈ আহিছিল বাফটা
, ল্ডেন
গ্ল
, স্ক্ৰীণ এক্টৰ্ছ গীল্ডৰ শ্ৰেষ্ঠ
অভিনেতাৰ সন্মান।

৭০ দশকৰ লণ্ডন। ভাৰতীয় মূলৰ পাৰ্চী যুৱক ফাৰুকে মাক-দেউতাকে দিয়া নাম সলনি
কৰিছিল ফ্ৰেডি মাৰ্কিউৰীলৈ। এয়াৰপ
ৰ্টত বয়বস্তু উঠোৱা-নমোৱা কৰা সাধাৰণ লৰাটো
এসময়ত সংগীতৰ জৰিয়তে কোটি কোটি জনতাৰ নয়নৰ ম
ণি হৈ উঠিছিল।
ৰক সংগীতৰ পৃথিৱীৰ একক
, অনন্য শিল্পী ফ্ৰেডি। পিছে ফ্ৰেডিৰ
জীৱনলৈ প্ৰচুৰ জনপ্ৰিয়তা আৰু ধনৰ লগত হাতে হাত ধৰি আহিছিল ধ্বংসৰো বীজ। এইড
ছ্‌ আক্ৰান্ত হৈছিল ফ্ৰেডি আৰু মাত্ৰ ৪৫ বছৰ বয়সতে মৃত্যু হৈছিল অত্যন্ত
প্ৰতিভাধৰ এই গায়কৰ। দ্ৰুতগতিত মৃত্যুৰ মুখলৈ গৈ থাকোঁতেও সংগীতৰ প্ৰতি ফ্ৰেডিৰ
আকৰ্ষণ কমক চাৰি বাঢ়িছিলহে। পিতাকৰ লগত ৰাহি-যোৰা নহা ফ্ৰেডিয়ে শেষলৈ প্ৰমা
কৰিছিল পিতাকে তাক অহৰহ শুনাই থকা ভাল চিন্তা,
ভাল শব্দ, ভাল কাম
গুৰুত্ব। নক্ষত্ৰৰ দৰে এটা উজ্জ্বল জীৱন অনিয়ম
, অহংকাৰত
অকালতে হেৰাই যোৱাৰ কাহানী বহেমিয়ান ৰেপছ
ডি। ৰকবেণ্ড কুইনৰ
জন্মৰ পৰা শৰীৰত ভয়াৱহ এইড
ছ্‌ লৈ ইথিওপিয়াৰ অনাহাৰত অৰ্ধমৃত
লোকৰ সাহায্যৰ বাবে ৱেমব্লি ষ্টেডিয়ামত জনসমুদ্ৰৰ সমূখত ফ্ৰেডিয়ে পৰিৱেশন কৰা
মন-মগজু চুই যোৱা সংগীতৰ অনুষ্ঠানটোলৈকে কুইনৰ ১৫ বছৰীয়া যাত্ৰাৰে ছবিখন শেষ কৰা
হৈছে। বাহিৰলৈ ওলোৱা বহল দাঁতৰ বাবে দেখাত অদ্ভূত ফ্ৰেডিক বেণ্ডত ল
ব নোখোজোঁতে ফ্ৰেডিয়ে কৈছিল – জন্মতে চাৰিটা দাঁত বেছিকৈ লৈ আহিছো। সেয়ে
মুখৰ ভিতৰত ঠাই বেছি –
More space in my mouth means more range..
  সঁচাকৈয়ে
কম আয়ুসেৰে স্বকীয় সংগীতৰ বৃহৎ পৰিসৰক প্ৰমাণ কৰি থৈ গ

ফ্ৰেডি মাৰ্কিউৰিয়ে। গায়কজনৰ প্ৰতি সন্মান জনাই ১৯৯২ চনত পৃথিৱীজুৰি এইড
ছ্‌ৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ বেণ্ড কুইনে প্ৰতিষ্ঠা কৰিলে মাৰ্কিউৰি ফিনিক্স ট্ৰাষ্টৰ। আজিও অনুৰাগীৰ হৃদয়ত ফ্ৰেডিৰ সংগীত আৰু ফ্ৰেডি জীৱন্ত,
আৰু আমাৰ হৃদয়ত বহেমিয়ান ৰেপছডিৰ
দৃশ্য-শব্দ-সংলাপ। 

প্ৰতিভাৰ এনে অপচয়ৰ আন এক কাহিনী – ব্লণ্ড। যোৱা ছেপ্টেম্বৰ-২০২২-ত মুক্তি পাইছে অষ্ট্ৰেলিয়ান পৰিচালক-চিত্ৰনাট্যকাৰ এণ্ড্ৰু ডমিনিকৰ চিনেমা ব্লণ্ড। জয়েছ কেৰল অটছৰ একে নামৰ
বিখ্যাত উপন্যাসৰ আধাৰত নিৰ্মিত হোৱা চিনেমাখনক লৈ বহু চিনেমাপ্ৰেমীৰ উত্তেজনাৰ
শেষ নাই। কাৰণ পৃথিৱীবিখ্যাত মডেল অভিনেত্ৰী মেৰিলীন ম
নৰোৰ
জীৱনৰ কিছু বাস্তৱ আৰু কল্পনা আশ্ৰিত ঘটনাই হ
ল ব্লণ্ডৰ কাহিনী। সেয়ে ইয়াক জীৱনীমূলক ছবি বুলি কব পৰা নাযায়।
১৯৬২ চনত মাত্ৰ ৩৬ বছৰ বয়সতে ড্ৰাগছৰ অ
ভাৰডজৰ ফলত মৃত্যুমুখত পৰা ছেক্স চিম্বল মেৰিলীন আজিও
এক আকৰ্ষণ। ব্লণ্ডত মেৰিলীনৰ চৰিত্ৰত অভিনয় কৰিছে কিউবান-স্পেনিছ অভিনেত্ৰী আনা ডে
আৰমাছে। অভিনেত্ৰীগৰাকীয়ে যেন তেজে তেজে ধাৰণ কৰি লৈছে মেৰিলীনক। বৰঞ্চ এনেকৈ কৈ
ভালপাম যে ব্লণ্ডত আনা ডে আৰমাছে কৰা অভিনয় অভিনয়ৰ এক পাঠ
, এক
শ্ৰেণীকোঠা। মাৰ্চ মাহত ঘোষিত হ
বলগীয়া ২০২৩ বৰ্ষৰ অস্কাৰত
ব্লণ্ডত কৰা অভিনয়ৰ বাবে আনা ডে আৰমাছে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন।
গোটেই জীৱন পিতাকৰ বাবে হাহাকাৰ কৰা
, গিৰিয়েকবোৰক ডেডীবুলি মাতি ফুৰা,
বাথটাবত মাকে হত্যা কৰিব খোজা, মানসিক ৰোগী
মাকে চিনিকে নোপোৱা এক অভিশপ্ত জীৱনৰ গৰাকী মেৰিলীন কিন্তু গাভৰুকালত ধন
, জনপ্ৰিয়তা, সৌন্দৰ্যৰ ক্ষেত্ৰত অতি চহকী। তথাপি দুৰ্যোগে পfছ এৰে জানো তাইৰ! শিশু নৰ্মা জিন মেৰিলীন মনৰো
হোৱালৈকে
, আনকি তাইৰ মৃত্যুলৈকে কতো
আপুনি স্বস্তিৰ নিশ্বাস এৰিব নোৱাৰে।
I just want to protect you from
these jackals – বুলি আঁকোৱালি লোৱাজনেও
নিৰ্মমভাৱে এৰি থৈ গুচি গৈছে তাইক। মনোৰঞ্জনৰ জগতখনে এগৰাকী নাৰীক কি পৰ্যায়লৈকে
শোষণ আৰু বঞ্চনা কৰিব পাৰে তাৰো যেন উদাহৰণ মেৰিলীন। ব্লণ্ডক যৌনতা আৰু চকুলোৰ ছবি
বুলিও ক
ব পাৰি। ছবিখনত বহুতখিনি দৃশ্যক কলা-বগা ৰূপত ৰখা হৈছে। চিনেমাৰসিকক খুব বেছিকৈ আপ্লুত কৰিব নোৱাৰিলেও
ব্লণ্ডৰ চিনেমাট
গ্ৰাফী, সংগীত আৰু
অভিনয়ক আমি মুক্তকণ্ঠে প্ৰশংসা কৰিবই লাগিব। যোৱা শতিকাৰ পঞ্চাশ-ষাঠিৰ দশকৰ দৃশ্যসমূহো অতি
নিখুঁতকৈ ৰচনা কৰা হৈছে। অৱশ্যে ১৬৬ মিনিটৰ চিনেমাখন অযথা দীঘল। ৭৯সংখ্যক ভেনিছ
চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ব্লণ্ডক লৈ সমালোচক আৰু সাধাৰণ দৰ্শকৰ মাজত
মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে যদিও বিতৰ্কিত
, অভিশপ্ত
সৌন্দৰ্যৰ ৰাণীগৰাকীক আমি আওকাণ কৰিমনো কেনেকৈ
, লাগিলে তেওঁৰ
জীৱনৰ এয়া কল্পনাআশ্ৰিত চলচ্চিত্ৰায়ণেই হওক।
This will put you in
twilight sleep – গৰ্ভপাতৰ বাবে ইনজেক্‌শ্যন
দিবলৈ লৈ চিকিৎসকে মেৰিলীনক কোৱা এই কথাষাৰেই যেন তাইৰ সমগ্ৰ জীৱনৰ বাবেও সত্য।
জীৱনৰ মহত্বক বুজিবলৈ চেষ্টা নকৰি অগভীৰ নিদ্ৰাৰ আধা সপোন আধা বাস্তৱৰ মাজত যেন
শেষ হৈ যোৱা এটি প্ৰতিভা ব্লণ্ডৰ মেৰিলীন। চলচ্চিত্ৰীয় ভাষাৰ ফালৰ পৰা ব্লণ্ড
বহেমিয়ান ৰেপছ
ডিতকৈ অনেকগুণে অনুজ্জ্বল ছবি যদিও দুয়োখনে
মূল চৰিত্ৰ দুটিৰ বাবে
, জীৱন-প্ৰতিভাৰ অপচয়ৰ বাবে আমাৰ মনত
বিষাদৰ জোৱাৰ তোলে।


লেখিকাৰ মেইল আই ডি :

cinemakhokuwa83@gmail.com