()
   ‘অন্যযুগ
আলোচনীখনে
তৃতীয় বৰ্ষত ভৰি দিলে৷ তৃতীয় বৰ্ষৰ ৩য় সংখ্যাটো বিহু সংখ্যাৰূপে প্ৰকাশৰ ব্যৱস্থা
কৰা হৈছিল৷ ২৩ মাৰ্চ ২০২০ তাৰিখে ছপাশালত দিবলৈ সাজু কৰা হৈছিল যদিও তলাবদ্ধ
(Lockdown)-ৰ বাবে আমি থমকি ৰবলগীয়া হল৷ তেনেকৈ মেআৰু জুন মাহৰো সম্পূৰ্ণ সাজু
হৈ উঠিল৷ কিন্তু পৰিস্থিতিয়ে সৃষ্টি কৰা সমস্যাক আমি অতিক্ৰম কৰিব নোৱাৰিলোঁ৷
সমস্যা অতিক্ৰম কৰিব পৰাটোৱেই জীৱন৷ সেয়ে ষ্টেনলি আৰ্নল্ডৰ এটা কথালৈ মনত পৰিল৷
আৰ্নল্ডে কৈছিল প্ৰতিটো সমস্যাৰ মাজতেই তাৰ সমাধানৰ বীজটো হেনো ওৰণি লৈ থাকে৷ সেয়ে
অন্যযুগ’-ৰ প্ৰকাশনৰ উদ্‌গাতাসকলৰ লগত পৰামৰ্শ কৰাৰ লগতে আমাৰ
সহৃদয় হৃদয়
সংবাদী পাঠকসকলৰ লগত
আলোচনা কৰি
অনলাইন সংস্কৰণ প্ৰকাশৰ সিদ্ধান্ত কৰা হল৷ সেয়ে এপ্ৰিল, মেআৰু জুন মাহৰ তিনিওটা সংখ্যা
একেলগে প্ৰকাশ কৰা হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিয়ে সমগ্ৰ বিশ্বৰ ব্যৱহাৰিক জীৱনক
একেআাগী ৰূপ দ্ৰুততাৰে দান কৰিছে৷ ইয়াৰ ফলত মানৱ জাতিৰ মানসিকতাও প্ৰায় একাকাৰ হৈ
পৰিছে৷ এনে এক পৰিস্থিতিয়ে বিজ্ঞান
, প্ৰযুক্তি আৰু ঐতিহ্যৰ সংমিশ্ৰণৰ পটভূমিত এক নতুন যুগৰ আৰম্ভণি‍ ঘটাইছে৷ নতুন যুগে
কঢ়িয়াই অনা বৌদ্ধিক আৰু ব্যৱহাৰিক সম্পদ গ্ৰহণ কৰিও
অন্যযু’-এ
ঐতিহ্যৰ
লগত সম্পৰ্ক বিচ্ছিন্ন নকৰে৷ আধুনিক জীৱনৰ সকলো সমল লৈও বিজ্ঞানমনষ্কতাৰে ঐতিহ্যৰ
মৌলিক শক্তিক চিনি পাব পৰা মানসিকতাৰে আধুনিক জীৱন যাপন কৰিবলৈ আধুনিক জীৱন এটা
আমাক লাগে৷
অন্যযুগ’-ৰ লেখাৰ মাজত নতুন যুগৰ
প্ৰতিফলন ঘটিব চিন্তা
, কৰ্ম, সাহিত্য, ভাষাৰ মাজত৷ গতিকে অন্যযুগযুগৰ প্ৰতিনিধি হব খোজে৷ সময়ে লৈ অহা সকলো
সমস্যাৰ সমাধান আৰু সময়ে লৈ অহা সকলো প্ৰশ্নৰ উত্তৰ দিব খোজে৷ আমি সম্পূৰ্ণ আধুনিক
হৈ
ও যাতে শুদ্ধ পথেৰে ভাবী কালৰ
সাধকসকলক আগবঢ়াই নিব পাৰোঁ
, তাৰ বাবেই এই নতুন সুযোগ আমি গ্ৰহণ কৰিছোঁ৷ যোৰহাটৰ অনুকূল বৌদ্ধিক পৰিৱেশেও
আমাক উৎসাহিত কৰিছে৷
   অনলাইন সংস্কৰণসমূহ taxi.machinemindset.tech/-ত পঢ়িবলৈ পাব৷ Google Play Store-ৰ পৰা অন্যযুগ এপ্‌টি ডাউনল’ড কৰিও পঢ়ুৱৈসকলে‍ আলোচনীখন
পঢ়িব পাৰিব৷
()
   কৰনা মহামাৰীয়ে অসমীয়া ভাষাৰ অন্দৰমহলত সোমাই বৰপীৰাত বহা কেইটামান শব্দ
লিখোঁতে বহুতে বেলেগ বেলেগ বানান ব্যৱহাৰ কৰে৷
অন্যযুগ’-এ
বিজ্ঞানসন্মত
বিচাৰেৰে তলত দিয়াৰ দৰে শব্দ ব্যৱহাৰ কৰিব
ৰনা,
অন্তৰীণ— Quarentine (কোৱাৰেণ্টিন্‌)
থাৰ্মটেষ্ট (তাপ বা তাপীয় পৰীক্ষা)
ৰেপিড্‌টেষ্ট (দ্ৰুত পৰীক্ষা)
চিয়েল ডিষ্টেঞ্চ— (Social distance) সামাজিক আৰু শাৰীৰিক দূৰত্ব৷
লকডাউনতলাবদ্ধ

প্লাজমা (পদাৰ্থ বিজ্ঞানত
পদাৰ্থৰ চতুৰ্থ অৱস্থা
, জীৱবিজ্ঞানত তেজৰ
প্ৰায় হালধীয়া তৰল ভাগ
, ৰক্তৰস বা প্লাৱিকা)