জয়ন্ত দত্ত

                                                 

দৈনিক
কাকতখনৰ চুকৰ বগা
লা ফটোখনত চকু পৰাৰ লগে লগেই ওফন্দি
আহিলে মোৰ
সোঁৱৰণিৰ নৈ,  জাজৰিবিহীন ধললৈ…।

কুৰিবছৰ হল৷ চোতালৰ আগৰ মহানিমজোপাৰ পাতৰ
মাজেদি সৰকি পৰা বৰষুণৰ দৰে যেন সময়বোৰ সৰকিহে পৰিল ঝমঝমকৈ৷ কুৰিবছৰৰ আগৰ আজিৰ
তাৰিখতে ঘটা ঘটনাটোত নিশ্চল হৈ পৰিছিল আকাশ
, বতাহ চৌ
দিশৰ৷
 

দিগন্ত
আপোনঘাতী হৈছিল৷ সোণ যেন
  তাৰ
সাম্ৰাজ্যত ক
ত ভৰি থৈ নাচিবলৈ অপ্ৰাপ্তিয়ে ঠাই পাইছিল,
পাইছিল খান্দিবলৈ দুখৰ ডোং৷
  চহৰৰ
মাজ মজিয়াৰ তাৰ প্ৰসাদোপম ঘৰৰ সন্মুখেদি যেতিয়াই যাওঁ এনে লাগে প্ৰকাণ্ড
গেটখনেদি এই যেন ওলাই আহিব তাৰ শুভ্ৰ ইন
ভাখন আৰু মোক
ধূলিৰে পুতি চেঁকুৰ মেলিব৷

ঘটনাটোৰ
আশ্চৰ্যত ডুবি থকা দুপৰীয়াটোতে থৰ-কাছুটি হেৰুৱাই আহি পলাশে কাবেৰীক কৈছিলহি

    কাবেৰী
তুমি মোক বচালা৷ সেইদিনা যাবলৈ আহি বাটত তোমাক পাই ৰৈ নিদিয়া হ
লে; ময়ো সেইখিনি পালোঁগৈহেঁতেন যত আজি দিগন্ত…৷

সিহঁত যাবলৈ
ওলাই আহিছিল৷ পলাশ
, দিগন্ত আৰু কেইবাজনো৷ সাতোটা পাহাৰৰ
সিপাৰলৈ যাব৷ প্ৰায় পঞ্চাছ দিনৰ খোজৰ বাট৷ হাতত সাৰে ভৰিত সাৰে৷ সৰু সুৰা জীৱবোৰ
মুঠিত লৈ …।

      কথাবোৰ
তেনেকুৱাহে আছিল নেকি
? যাক তোমালোকে
বিপ্লৱ বুলি কৈছিলা৷ বাটত মোক দেখিলা আৰু ৰৈ দিলা৷ নেদেখা হ
লে ? আৰু আমি
মূৰৰ চুলিৰে বাট মচি মচি ৰৈ থাকোঁ কাঁচি ৰ
দ এজাক
আহিব চামৰ
পীৰা পাৰি বহিব; চেঁচুক হৈ
পৰা আমাৰ বুকুৰ কো
বোৰ আকৌ ফৰকাল কৰিব৷ সমস্ত
ব্যৰ্থৰ দল …।

কথা
কেইষাৰ কৈ কাবেৰী
ফোঁপাইছিল আৰু নিলাজৰ দৰে পলাশে কবলৈ
লৈছিল

      আনৰ কথা
নাজানো। মই ব্যৰ্থ
  হৈ
পৰিছি
লোঁ বছৰৰ পিছত বছৰ তোমাৰ পিছত ঘূৰি ঘূৰি
তোমাৰ মন পাব নোৱাৰি৷ ভাগি পৰিছিলোঁ কিজানি মৰি আহিছিলোঁ, পলাব বিচাৰিছিলোঁ৷
সেইদিনা ওলাই আহি শেষবাৰৰ বাবে তোমাৰ চকুত চকু থ
ওঁতে তুমি  এলেংমৰাৰ
এলেং এজনীৰ হৈ চেটেপকৈ মাৰিছিলা কমনিৰ বিজুলী আৰু মই পচিবলৈ ধৰা আজাৰৰ মুঢ়া এটাত
মেলা ন কোঁহ এটাৰ দৰে জী উঠিছিলোঁ৷ চেঙালুটি পাৰিছিলোঁ৷

তাৰ
পাছত? তাৰ পাছত তাৰ নোযোৱাৰ কত বাহানা৷ হাতৰ কাচিৰে চেৰে
কৈ ভৰিৰ
তলুৱা কাটি লেঙেৰাবলৈ ধৰিছিলে…৷ অৱশেষত তাক এৰি থৈ দিগন্ত
হঁত গুচি গৈছিল৷
আজাৰগুৰি ঘাটৰ যিটো পাথৰত এদিন সি গুলিয়াই হাত পোনাইছিল সেইটো পাথৰতে তাইৰ
নাম লিখিছিল৷ সাক্ষী হৈ বৈ আছিল ভোগদৈ৷
          

বৰনাৱৰ
টিঙত উঠি ৰঙা চকুৰ পোহৰে গোটেই বেজিজানৰ দলনিখন পহৰা দি থকা পলাশৰ দেউতাক আছিল
মেনিম
হৰ গুৱাল৷ ঘূৰ বলিলেই একে পাকে ঘূৰিছিল
শিঙত চেলেং মেলিব পৰা ম
হৰ জাক৷ পুৱাতে খুঁটিৰ মহজাক
মেলি দলনিলৈ খেদি নিয়াতে আৰম্ভ হৈছিল তাৰ দিন৷ তাৰ পাছত দিনৰ দিনটো শ

টোপোৱা
, কোল মাৰি বৰালি ধৰা, খলিহা
এটাই চিটিপ কৰিলেই গোটেই লোৰটো সিঁচা আদি দেশৰমানে কাম৷ কেতিয়াবা গধূলিলৈকে তলি নপৰা লোৰ পিছদিনাৰ
পুৱাৰ পৰা আকৌ সিঁ
চিবলৈ আৰম্ভ কৰে উঁহৰ পৰা
নিজৰি নিজৰি ওলাই চপচপিয়া হৈ থকা পানী৷
 

কেৱল
ফুটবল এটাই তাক টানিছিল৷ কলা
বগা বলটোৰ কেচেমা-কেচেম গোন্ধে
শুবলৈ নিদিছিল৷ টোপনিতো বল বুলি বেৰতে গুৰিয়াই সৰাইছিল বেৰৰ মাটি৷ ফুটবলটোৰ বাবেই
যি দুশ্ৰেণী উধাইছিল৷

আকাশৰ
অসীমলৈকে সেউজৰ দলিচা পাৰি বছৰৰ বাৰজনী জীক গহনা-গাঁথৰি পিন্ধাই চিকুণকৈ সজাই থোৱা পহুমৰা গ্ৰেজিং তেতিয়া জী আছিল৷ লালসাৰ কোৰবোৰে তেতিয়ালৈকে বিদীৰ্ণ
কৰা নাছিল সেই সেউজৰ বুকু৷ মাজে মাজে মচোৱা গোম পৰাদি পৰি আছিল মালৌআলি
; বাঁহফলাৰ
মিচিং মিতাকেইটাই সিঁচি থৈ যোৱা ঐনিতম
 এটা
আওঁৰাই আওঁৰাই৷
 

কাষৰীয়া
পাঁচখন গাঁৱৰ চৌধ্টা গৰুপালক বুকুৰ সেউজেৰে লালন কৰিবলৈ প্ৰতিপল ৰৈ থাকে গ্ৰেজিঙৰ
মেলা দুই হাত৷ আমি গৰুপাল চৰাওঁ
, অবাইচ কথা শিকোঁ, লোৰৰ
জাকৈয়া গাভৰুৰ তিতা গাৰ ভাঁজত থৈ আহোঁ চকু৷ শিমলু
, মদাৰৰ
জুই পুৱাই পুৱাই আপোন পাহৰা হৈ বেলিয়ে ভটিয়নিৰ বাট পাহৰে৷ শৰালি
, শগুনে
অঁকা ফুলনিত ডাৱৰৰ মৌ-পিয়া এজাক চৰিবলৈ আহে৷
 দলপোঙা, কোঁহাৰ
হুমকিত সঁজাল ৰোৱাৰ পৰা চৰহা পলায়৷ ৰাতি ৰাতি জোনাকীৰ সাগৰখনত শিয়াল
, ফেউৰা, হুদু, ফেঁচাই
নাও বায়৷ ব
ঠাৰ চাবেপতি তোলে সুৰৰ কল্লোল৷ ঝিলিয়ে সুৱগা তোলে৷

বেজিজান
তেতিয়া ৰাংঢালী আছিল
, ওফন্দি আছিল তাই গা
ভাৰী দেহ৷ দূৰৈৰ ফাকলিত সেইয়া বাৰু কি আছিল বগলী
, মেটেকা
ফুল নে চেনিপুঠীৰ
ৰূপ৷ মাছৰ উজান পৰে…।

মাছৰ
উজান পৰে৷ মানুহবোৰে উজানৰ মাছ ধৰিবলৈ আহে৷ মাছ ধৰি থাকে ধৰি থাকে শেষৰটোলৈকে
ধৰিয়েই থাকে। খাব নোৱাৰাবোৰ বাৰীৰ টেঙাৰ গুৰিত পোতে৷ দুনলৰ দূৰে দূৰে বেজিজানত
ঘাটজাল, মাছৰ যম৷

টুলুঙা
নাৱত উঠি বঠাই তলি চুব নোৱৰা দলনিত চৰাইৰ কণী বিচাৰে৷ কণী বিচাৰি থাকে, বিচাৰি
থাকে, সিহঁত নিবংশ নোহোৱালৈকে বিচাৰিয়েই থাকে৷ পহুমৰাৰ কাষৰ শ্মশানখনত হেনো কন
ওলাইছিল৷ বুঢ়ালোকে কয়, এশ মৰিশালি হ
লে এটা কনে স্থান লয়৷ কনৰ ডিঙি নাথাকে বুকুত ছটা চকু। কোমোৰা এটা হৈ বাগৰি বাগৰি ৰাস্তা পাৰ হয়৷
এদিন শ্মশানৰ বুকুত ধনগুলৈৰ গোন্ধ পালে৷ খান্দি খান্দি এঙাৰ কৰিলে বুকু৷ দূৰৈৰ বেজ
আহিল সৰিয়হ সিঁচি মাটিত কাণ দি শুনিলে
 ৷ মাটিৰ
তলত ধনৰ কলহ থাকিলে হেনো সৰিয়হ ফট ফটকৈ ফুটে৷ ধন খান্দে, সেউজৰ বুকুৰ পৰা
হোলোকা-হোলোকে তেজ ওলায়…৷

সেই
তেজৰ গোন্ধত শুব-খাব নোৱাৰা হৈছিল কাবেৰী৷ যেন নিজৰ বুকুতে পাতি ল
ব সেই
কোৰৰ চাব৷ অৱশেষত তাইৰ সিহঁতৰ ওপৰত বিশ্বাস উপজিছিল৷ কিজানি সিহঁতেই পাৰিব আঁজুৰি
আনিব সেই সেউজৰ পোহৰ
, বুকুৰ তেজেৰে কটকটীয়া কৰিব মানচিত্ৰৰ
সীমা৷

 

ফুটবল
এটাৰ পিছে পিছে চেঁকুৰি পলাশে জিলা পাৰ হৈছিল৷ পিছে এদিন তাৰ তেল ফাটিছিল৷ নমনা
হৈছিল গুৰু
-গোঁসাই৷ লোহা দাঙি দাঙি বঢ়াই লৈছিল শৰীৰ৷
ডিঙিলৈকে বুটাম মাৰি ফিন্দাই ফুৰিছিল বুকু৷ সুতলৈ পইছা দিছিল
ঘূৰাই
দিব নোৱাৰাবোৰৰ ঘৰলৈ গৈ কাঢ়ি আনিছিল ডিঙিৰ কাণৰ৷ তাৰ মাত মুখৰ পৰা কাঁইট হৈ
সৰিছিল৷ এদিন সেই কাঁইটে বিন্ধিছিল গাঁৱৰ স্কুলৰ প্ৰধান শিক্ষক নবীন ছাৰক৷
ছাৰে
কিজানি কিবা এষাৰ কৈছিল৷ ৰাতিলৈ সি ছাৰৰ এবিঘা সুৱাগমণি কাটি গৰুক খুৱাইছিল৷ ছাৰৰ
চকুত চপচপীয়া হৈ পৰা বৰ নামঘৰৰ কুঁৱা দুটা বহুত দিনলৈ শুকুৱা নাছিল৷

অৰুণাচল
পাহাৰৰ গছ কুণ্ডা কুণ্ডা কৈ কাটি বৰনৈৰ বুকুৰে উটুৱাই আনি আঠ নম্বৰ স্পাৰত পাৰলৈ
উঠায়৷ অ
লেখ ট্ৰাকে চিৰাচিৰ কৰে ৰাতিৰ বুকু৷
মালৌআলিয়ে
কেঁকায়৷ পলাশহঁতে চোৰাং কাঠৰ ট্ৰাকবোৰ হাতে
হাতে দা
, কুঠাৰ লৈ আগভেটি ধৰে; ধন দাবী কৰে, কটাকটি
হয়
, বন্দুক উলিয়ায়৷ ৰক্তাক্ত হয় ৰাতিৰ বুকু৷ শিয়াল, ফেউৰা, ফেঁচা, হুদু
অট্টহাস্যত পলায়৷ ঝিলিৰ মাত হেৰায়৷
সিহঁতৰ লোভ বাঢ়ি
যায়
; কাষৰীয়া হাবিৰ বনচোম, তিতাচঁপা
খৰিৰ দামত বেচে৷ গছ নোহোৱা হয়৷

গছ
নোহোৱা গাঁওখনলৈ আহিবলৈ বতৰে বাট হেৰুৱায়৷ হেৰায় আহাৰ
, শাওন৷
সেইবাৰ খৰা
ত পথাৰখনে চেঙালুটি পাৰিছিল৷
পানীপিয়াজাকে চিঞৰি চিঞৰি তেজ বঁটিয়াইছিল৷ নাৱৰ ব
ঠাই তলি নোপোৱা দলনিখনৰ পানী
আঁঠুৱনীয়া হৈছিল৷ আঁঠুৱনীয়া পানীত কোনোৱে বাওধান সিঁচিছিল৷ ধানে কিজানি সঁজাল ধৰিছিল
, ভাদৰো আধামান দিন
গৈছিল৷ সেইদিনা হঠাৎ ৰাতিৰ ভিতৰতে দলদোপ
হেন্দোলদোপ কৈ
আহি ভোগদৈয়ে মহটিয়াই নিলে আজাৰগুৰিৰ মথাউৰিটো৷ কুলাই
পাচিয়ে
দুখ দি নিমিষতে জীৰ্ণ হৈ পৰিল ভোগ খাই ভোগদৈ হোৱা লিহিৰী দিচৈ৷
 ভোগদৈৰ
বুকুৰ দুখৰ পলসে পুতিলে শ পুৰা গেৰেকীৰ সোণ৷ বেজিজানৰ দলনিত সিঁচিলে শোকৰ বিহকলমৌ৷

তাৰ
পাছত গাঁৱত
খ সোমাল, চকুৰ পচাৰতে
উছন
  ল গৰু, হ…।
শগুনৰ আকাল হ
ল৷

বৰনাৱৰ
টিঙত উঠি থকা পলাশৰ দেউতাকো খহি পৰে অতললৈ৷ দলনিখনক পহৰা দি থকা ৰঙাচকুৰ পোহৰ
নিমিষতে হৈ পৰে ধানখেৰৰ ছাই৷ পলসে পোতা শালিতলী পানীৰ দৰত কিনিবলৈ
চোঁ মাৰি
আহে বহিৰাগত চিলনীৰ জাক৷
সিঁহতৰ নিজৰ মাজতে
অঁৰিয়া-অঁৰি লাগে৷ দুপৰীয়া এটা ৰক্তাক্ত হয়৷ গাঁৱত তেজৰ ছিটিকণি পৰে
, দাগ
নজহা নপমা হয়৷ চৌদিশ অচিন হয়৷

 

পলাশেও
পথাৰৰ মাটি আধামূলীকৈ বেচি অ
টৱালা হয়৷ সেই অট চলোৱা
পুৱা এটাতে সি কাবেৰীক দেখিছিল৷
  দেখিছিল
মানে একেখন গাঁৱৰে তাইক আকৌ নতুন চকুৰে চাইছিল৷ “জীবনৰ লক্ষ্য” কেবল
মুখস্হ কৰি পৰীক্ষাত লিখা ৰচনা বুলি ভবা তাৰ এইবাৰ লক্ষ্য স্থিৰ হৈছিল৷ আৰু সেই
লক্ষ্য পাবৰ বাবে কিযে কৰা নাছিল৷

পলাশৰ
নামেই শুনিব নিবিচৰা কাবেৰীক এদিন সুধিছিলোঁ৷ অত বছৰৰ পিছত সেইদিনা তাৰ চকুত কিয়
এলেং এজনী হৈ পৰিছিলা…
?

কাবেৰীয়ে
কৈছিল–

: সি
সলনি হৈছিল
, শিলবোৰক কেল শিল
বুলি ভাবিবলৈ এৰিছিল
, চৰাইবোৰক কেল মঙহ
বুলি নভবা হৈছিল
, গছবোৰৰ
ফুচফুচনি শুনিবলৈ লৈছিল…। ৰক্তাক্ত হৈ পৰা সেউজীয়াবোৰৰ পথ্য বিচাৰি পোৱা
বাটটোৱেদি সি যাবলৈ আহিছিল৷
 

পলাশ
সলনি হৈছিল
; সি সলনি হৈছিল কেবল তাইৰ বাবে৷ কাবেৰীৰ
আছিল ফুলেৰে গঢ়া মন৷ আৰ্তৰ আৰ্তনাদত তাই জীয়াই থাকিব নোৱাৰিছিল৷ তাই জীবৰ বাবে
উশাহ বিচাৰি ফুৰিছিল৷ সেই উশাহৰ এপাহি
  কিজানি
সলনি হবলৈ ধৰা পলাশৰ চকুত দেখিছিল৷

কাবেৰীক
নাপাই মৰি অহা দিনবোৰতে সি দিগন্তক লগ পাইছিল৷ চোৰাং কাঠৰ কাৰবা
ৰী দিগন্ত
তাৰ পুৰণি চিনাকি আছিল৷ দিগন্তৰ আদব-কায়দাত সি মোহ গৈছিল। কিজানি ভাবিছিল দিগন্তৰ
দৰে হ
ব পাৰিলে কাবেৰীক…৷ নিজৰ গাড়ী থকা সত্ত্বেও সি
তাৰ অট
ত উঠি অলৈ-তলৈ গৈছিল৷ আৱৰ্জনাবোৰ
আঁতৰাই ফুলনি পতাৰ কথা
 পাতিছিল, পাতিছিল
ধনীৰ পৰা ধন কাঢ়ি অনাৰ কথা
, মদপীবোৰক
আঁঠু কঢ়াইছিল…। আৰু এদিন দিগন্তই তাক সেই তজব
জীয়া লৰাটোক
লগ লগাই দিছিল৷ চকুত অপ্ৰাপ্তিৰ জুই জলাই লোৱা সেই
খীমিন লৰাটোক
লৈ সি গোটেই জিলাখন ঘূৰিছিল৷ আৰু এদিন গৰুমৰাৰ গেন্ধালিত থৈ অহাৰ পাছদিনাই তাক
পুলিচে গু
লীয়াই মাৰিছিল৷ সি কথাবোৰ বুজি পোৱাৰ আগতেই
উৰহী গছৰ ওৰ খান্দিলত ওৰৰ কোনোবা এডাল শিপাত তাৰ অট
খন ওলমি
আছিল৷ তাৰ তিনিমাহ জেল হৈছিল৷

জেলৰ
পৰা ওলোৱাৰ পিছত তাক দিগন্তই আ
ৱৰ্জনা আঁতৰাবলৈ
পাকৈত হোৱাৰ প্ৰশিক্ষণ ল
বৰ বাবে সাতখন পাহাৰৰ সিপাৰলৈ
যোৱাৰ কথা কৈছিল৷ সিও কিজানি জানিছিল তিনিমাহ জেলৰ পিছত কাবে
ৰী
পোৱাতো নেছেল…৷
 

তলুৱাত
ঘা লৈ লেঙেৰাই লেঙেৰাই যোৱা পলাশক এৰি দিগন্ত
হঁত গুচি গৈছিল৷ আৰু এদিন উভতি আহি দিগন্তই হাতৰ
বন্দুক চমজাই দি চৰকাৰৰ ওচৰত আঁঠু লৈছিল৷ সি দোপত দোপে ওখ (
?) হৈ গৈছিল৷
পৌৰপতিৰ একমাত্ৰ জীয়েকক নিজৰ কৰি লৈছিল৷ গৰাকী হৈছিল আধা চহৰৰ৷

 

সেইদিনা
দিগন্তৰ লগত ছাঁৰ দৰে থকা দেহৰক্ষী ল
ৰাজনে কৈ আছিল
– 

: ছাৰে
শুব নোৱাৰিছিল৷ চকু মুদিলেই কোনোবা বুঢ়া এজনে হোৰাওৰাওকৈ কান্দিছিল
, বালি
খুৱাই খুৱাই মৰা ডেকা এটাই খেদি আহিছিল৷ মানুহটোৱে পানী নিদিয়াকৈয়ে বটলে বটলে মদ
খাইছিল
, মদে মানুহটোক খাইছিল৷ …আৰু এদিন
দেশৰ প্ৰখ্যাত ডাক্তৰজনে শৰীৰৰ অৱস্থাৰ কথা কোৱাৰ পাছত
 থুনুক-থানাক
দেওল
ৰাটোক মুখ দেখুৱাবলৈ ছাৰৰ সাহে
নুকুলাইছিল৷

                         

দিগন্তক
খোজে প্ৰতি
 অনুসৰণ
কৰা তাৰ দৰেই চুলি কটা
, তাৰ দৰেই খোজ
কাঢ়িবলৈ শিকা পলাশে জানিছিল সেইদিনা সি ৰৈ নিদিয়া হ
লে… ?

সি
থোকা-থুকিকৈ
কৈছিল

: ময়ো নোৱাৰিলোহেঁতেন। নিজ হাতেৰে মৰা মানুহ এটাৰ ছবি এখন
বুকুত লৈ ফুৰিব ময়ো নোৱাৰি
লোহেঁতেন !

 

পুনশ্চ : এদিন
পলাশক চকুপৰি দেখিব নোৱাৰা কাবেৰী আজি তাৰ বুকুৰ পুখুৰীৰ এলেং ! কেনেকৈ বাৰু সি
তাইক জীয়নীয়া কৰিলে…

 

                     

ঠিকনা :

দ গাঁও
নলনিখাত

ডাক : গৰখীয়া দ

যোৰহাট১৫

ভ্ৰাম্যভাষ
:
৯৩৬৫৪৫৭৭৫১