বেংডোবাৰ ঘাট

 জয়ন্ত মাধৱ বৰা

 ৷৷
দুই ৷৷
 

জীৱনটোৱে যেতিয়া
বিৰক্তি ওপজায়
, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি
আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ কাষ চাপি আহে তৰুলতা আৰু হীৰামনিৰ বিৱস সন্ধ্যাৰ
বিষাদগাঁথা৷ সৰুতে সি বেংডোবাৰ পাৰতে খুব ধেমালি কৰিছিল৷ স্কুলৰ পৰা আহিয়েই দৌৰ
মাৰি বেংডোবাৰ কাষ পাইছিলগৈ৷ কেতিয়াবা বৰশী বাইছিল আৰু কেতিয়াবা বেংডোবাৰ  পাৰত 
বহি গীত এটা গাইছিল–‘নাও কাটং ক’ত
, চিলাং পাহাৰত, চকুলাগা খাৰু
দিম
, বুধবৰীয়া হাটত’৷ সেইবোৰ বহু দিনৰ আগৰ কথা৷ বেংডোবাৰ পাৰলৈ আহিলে
এতিয়া সেই স্মৃতিয়ে আমনি কৰে৷ আগতে লেঙেৰিয়াই লেঙেৰিয়াই  খোজ কাঢ়িবলৈ সি অসুবিধা পাইছিল৷ আজিকালি
অভ্যাস হৈ গৈছে৷ ঔ-টেঙাজোপাৰ তলত ৰৈ গণেশে সম্মুখৰ পথাৰখনলৈ চালে৷ আচলতে এইখনক
এতিয়া পথাৰ বুলি ক’ব নোৱাৰি৷ মেটেকাৰে পোত খাই পথাৰৰ চিন-চাব নোহোৱা হৈ গৈছে৷ ঠায়ে
ঠায়ে জোপোহা জোপোহাকৈ কঁহুৱা গজিছে৷ দ ঠাইবোৰ মেটেকাৰে ঢাক খাই পিটনিৰ ৰূপ লৈছে৷
সি যেতিয়া সৰু আছিল
, এইখন ইপাৰ-সিপাৰ মনিব নোৱাৰা এখন পথাৰ আছিল৷
গাঁওখনৰ সকলোৰে মাটি আছিল এই পথাৰখনতে৷ এই পথাৰখনৰ ধানেৰেই গাঁওখনৰ সকলোৰে বছৰটো
জুৰিছিল৷ বাৰিষা ধল আহিছিল৷ ইমূৰ-সিমূৰ নমনা পথাৰখন পানীৰে বুৰ গৈছিল৷ চাৰি-পাঁচ
দিন থকাৰ পিছত পথাৰখনত পলস পেলাই পানী শুকাইছিল৷ তাৰপিছতে গাঁওখনৰ মানুহবোৰ
পথাৰখনত উবুৰি খাই পৰিছিল৷ হাঁহি
, খিকিন্দালি, কিৰিলি–‘‘ঐ ৰাঙা
ঘূৰ ঘূৰ ঘূৰ’’
, মৈখনত উঠি কোনোবাই দুটামান অবাইচ মাত মাতি
গৰুটোৰ টিকাত এছাৰিৰ কোব এটা দিছিল–‘‘
(অবাইচ) এনে লিটু দাঙি
দাউৰী ফুৰ্‌বা পাৰা৷ আৰো এলা (অবাইচ) এখান ঠেংকে টান্‌বা নোৰা’৷  অবাইচ মাতষাৰ শুনি কাষৰ পথাৰত ভূঁই ৰুই থকা
ৰোৱনীকেইজনীয়ে লাজ কৰিছিল৷ পথাৰৰ মাজৰ আলিত বহি নিমখ জলকীয়া সানি কোনোবাই ঝক্‌ৰা
ভাত এবাতি খাইছিল৷ বোকা মাটিৰ কেচেমা-কেচেম গোন্ধ এটা আহি নাকত লাগিছিল৷
হুলামাৰিডালত কঠীয়াসোপা আনি বোকা দিয়া মাটিডৰাত পেলাই কোনোবাই ডাঙৰকৈ
চিঞৰিছিল–‘‘ইখিনি আজি শেষ কুৰ্‌বা৷’’ বোকা ফালি গাভৰু ছোৱালী-বোৱাৰীকেইজনী
মাটিডৰাত উবুৰি খাই পৰিছিল৷ বেলিটো মূৰৰ ওপৰ পোৱালৈকে সিহঁতে ভূঁই ৰুইছিল৷ ভাগৰ
লগা নাছিল৷ কোনোবা বছৰত ভাদমহীয়া আকৌ বান আহিছিল৷ ভৰা নৈৰ পানীয়ে পথাৰবোৰ বুৰাই
পেলাইছিল৷ তথাপি নৈখনক কোনেও শাও দিয়া নাছিল৷ গালি পৰা নাছিল৷ থু থু কৰি থুৱাই
দিয়া নাছিল৷ কাৰণ সকলোৱে জানে–পথাৰখনত পলস এসোপা পেলাই থৈ দুই-এদিনতে পানীখিনি
ওলাই যাব৷ পোখা মেলা ধানবোৰে গেঁৰ ধৰিব আৰু আহিন-কাতি মাহত সুহুৰি এটা হৈ সকলোৰে
মনবোৰ উৰুৱাই নিব৷ আঘোন-পুহমহীয়া গাঁৱৰ ছোৱালী-বোৱাৰীবোৰ একো একোজনী দাৱনী হৈ
পথাৰখনত আকৌ উবুৰি খাই পৰিছিল৷ গবা মাৰি ঢুকি নোপোৱা ডাঙৰি দুটা বিৰিয়াডালত
সুমুৱাই কান্ধত লৈ কুকুৰ লৰ দি ঘৰমুৱা হৈছিল ডেকা ল’ৰাবোৰ৷ ডাঙৰিকেইটা ঘৰত থৈ
বিৰিয়াডাল কান্ধত লৈ আকৌ পথাৰলৈ আহোঁতে সিহঁতে সুহুৰিয়াই আহিছিল৷ পথাৰৰ সৰু সৰু
আলিবোৰেদি মুখেৰে ‘‘পিঁত পিঁত’’ বুলি কৈ গাড়ী চলোৱাৰ অংগী-ভংগী কৰি সৰু ল’ৰাবোৰ
দৌৰি ফুৰিছিল৷ মাগুৰি ধানৰ পথাৰখনত চেঁচোৰ খান্দিছিল৷ মাকৰ বিচাৰিছিল৷ পকা ধানৰ
ওপৰত পৰা জিঞাবোৰ ধৰিছিল৷ আকৌ এৰি দিছিল৷ শুকান নৰানিৰ মাজত জামবুৰা একোটা লৈ বল
খেলিছিল আৰু গো-ধূলি উৰুৱাই গৰুৰ জাকটো ওভতাৰ সময়ত ক্লান্ত হৈ ঘৰলৈ উভতি আহিছিল৷

      তাৰ দেউতাক ধনেশ্বৰ আছিল ভাৰিগান
পাৰ্টী এটাৰ পালি৷ গাঁৱৰ মানুহবোৰে মাতিছিল ধনে পালি৷ মস্ত এটা আলচিয়া  আৰু 
মদাহী৷ ভাৰিগান হোৱাৰ দিনা ভূনি আৰু চোলাটো পিন্ধি
, গলত গাম্‌চাখন
লৈ গেলা অলপ গলাদ্ধৰ্ কৰি যেতিয়া ধলং পলংকৈ ওলাই আহে
, সি নিজকে
ভাৰিগানৰ ‘গাওনীয়া’ বুলি ভাবে৷ গেলা খোৱাৰ আগলৈকে ঠিকেই থাকে
, কিন্তু
গেলাটুপী পেটত পৰাৰ লগে লগে সি কাকো নমনা হয়৷ তাকো ‘গাওনীয়া’ই পিন্ধাৰ দৰে ভূনিখন
পিন্ধিবলৈ লাগে
, দীঘল চোলা পিন্ধিবলৈ লাগে, গলত
গাম্‌চাখন লোৱাৰ উপৰিও মূৰতো গাম্‌চাৰ পাগুৰি মাৰিবলৈ লাগে৷ ভৰিত পিন্ধিবলৈ লাগে
নপূৰ
, দুয়োখন হাতত পিন্ধিবলৈ লাগে খাৰু, কপালত চন্দন,
সেন্দুৰ
ফাকুগুৰিৰ ফোট ল’বলৈ লাগে৷ বাকী ভাৱৰীয়াবোৰে গনেশৰ বাপেক ধনেশ্বৰক গালি পাৰে
,
ভৎৰ্সনা
কৰে–‘চাল্লা ফপ্‌ৰে খাৱা
, কমৰত বল নাই,  ৰাজা হ’বা আহে৷ দেহাত নাই ছাল-বাক্‌লি,
মদ
খাই তিন টিক্‌লি’৷  এদিনৰ কথা গণেশৰ আজিও
মনত আছে৷ গাঁৱত মেলিছে ‘ঘটোৎকচ বধ’ নাট৷ আগতে নাটবোৰ ‘খুলীয়া ভাউৰীয়া’ৰ মুখে মুখে
বাগৰি বাগৰি আহিছিল আৰু তেনেদৰেই নাটবোৰ কৰি থকা হৈছিল৷ পাছতহে সেইবোৰ বাচিক পাঠৰ
পৰিৱৰ্তে লিখিত ৰূপত সংৰক্ষণ কৰা হ’ল৷ ‘ঘটোৎকচ বধ’ নাটখনো সেই ধৰণৰ৷ বহু পুৰণি৷
বাতিৰাম ৰাভা নামৰ ভাৰিগানৰ মূল গায়ক এজনৰ মুখে মুখে বাগৰি অহা নাট৷ কোনোবাই
সুবিধা পাই লিখি থ’লে৷ সেই নাটখনিকে সেইবাৰ গাঁৱত মেলি লৈছে৷ নাটখন মেলাৰ পৰা
গাঁৱত নাটখন লৈয়ে চৰ্চা৷ পিছ-চোতালত ইজনীয়ে সিজনীৰ মূৰত ওকণি বিচাৰি থকা
বোৱাৰীকেইজনীৰ মাজত
, ঘাটৰ পৰা পানী আনিবলৈ যোৱা গাভৰুকেইজনীৰ মাজত,
কাৰোবাৰ
ভাঙৰ খোলাত বহা ভঙুৱাকেইটাৰ মাজত
, আনকি গেলা খাই থকাকেইটাৰ মাজতো ‘ঘটোৎকচ
বধ’ত কোনে কি ভাও লৈছে
, কোনে কিমান সুন্দৰ অভিনয় কৰে, কাৰ
মাতটো শুৱলা
, এইবোৰ লৈয়ে আলোচনা৷ কেতিয়াবা আলোচনাৰ মাজতে
নিজৰ নিজৰ পছন্দৰ  ভাউৰীয়াৰ অভিনয়ৰ সপক্ষে
যুক্তি দিওঁতে দিওঁতে আলোচনা কাজিয়ালৈ ৰূপান্তৰিৰত হয়৷ আনকি ইটোৰ লগত সিটোৰ
মাত-বোল পৰ্যন্ত বন্ধ হৈ যায়৷ যথাসময়ত ‘ঘটোৎকচ বধ’ চাবলৈ লোকে লোকাৰণ্য হ’ল৷
বহিবলৈ ঠাই নাই৷ যিমান বহিছে
, তাৰ দুগুণ থিয় হৈ আছে৷ তাৰমাজতে ওলাল
নহয় ধনে পাইল পূৰা ‘গাওনীয়া’ হৈ৷ তাকো ড্ৰেছযোৰ লোকৰ৷ কাৰোবাৰ ভূনি এখন মনে মনে লৈ
দীঘলকৈ পিন্ধি
, মূৰত গামোচাৰ পাগুৰি মাৰি, কপালত
চন্দনৰ ফোঁট লৈ
, ভৰিত নপূৰ পিন্ধি ধলং পলংকৈ ওলাই মানুহৰ মাজত
‘গাওনীয়া’ৰ দৰে গীত গাবলৈ ধৰিলে৷ দোৰোল খোৱা জিভা
, গীতটোৰ কথা,
সুৰ
সকলো বিকৃত৷ ধনে পাইলে সেইবোৰ কৰা দেখি উঠিল নহয় ‘ভাউৰীয়া’বোৰৰ খং৷ দুটামান খেদি
আহিল তাক মৰিয়াবলৈ৷ এটাই তাৰ দীঘল চুলিকোচাত খামুচি ধৰি থাপৰ এটা সোধালেই৷
গেলাসোপাৰ নিচাত মানুহটোৰ হুচ্‌ নাছিলেই
, থাপৰ খাই লুতিখাই পৰিল৷ গণেশৰ বাপেকৰ
অৱস্থাটো দেখি ‘ঘটোৎকচ বধ’ চাবলৈ অহা মানুহবোৰে হাঁহিলে৷ নাটৰ মাজত বহুৱা ওলালে
যেনেদৰে হাঁহে
, তেনেদৰে৷ কিছুমানে ইতিকিং কৰাৰ সুৰত
চিঞৰিলে–‘আৰে ‘ঘটোৎকচ বধ’ হৈ  গে’ল৷ হা হা
হা নাটক চাবা নাল্‌গে আৰো
¸’৷ তাৰ পাছত চাৰিওফালৰ পৰা বিশৃংখল
জনপ্ৰবাহৰ মাজেৰে উফৰি আহিল তুচ্চতাৰ তিতিক্ষা ভৰা কিৰিলি
, সুহুৰি৷
ভাৰিগানৰ পাল্লা চাবলৈ গৈ আগফালে বহি থকা গণেশে অসহায় হৈ চাই থাকিল বাপেকক অপমান
কৰা দৃশ্য৷ শুনি থাকিল অসহনীয় কটুক্তি আৰু তিৎকাৰি৷ সি দেখিলে ভাউৰীয়া দুটামানে
গতিয়াই গতিয়াই তাৰ বাপেকক একেবাৰে ফিল্ডখনৰ পৰা বাহিৰ কৰি দিছে৷ গেলাৰ নিচাত নিজকে
শক্তিমান বুলি ভাবি গণেশৰ বাপেকেও ভাউৰীয়াকেইটাক ফেপেৰি পাতি ধৰিছে৷ খঙত ভাউৰীয়া
এটাই গনেশৰ বাপেকক গোৰ মাৰি দিলে৷ গণেশৰ বাপেক কাষৰ খালটোত লুটিখাই পৰিল৷ ভয় আৰু
দূৰ্ভাৱনাত কনমানি গণেশৰ বুকুখনত এটা কঁপনি উঠিল৷ বহাৰ পৰা সি থিয় হৈ দিলে৷ লগে
লগে পিছৰ মানুহবোৰে চিঞৰি দিলে– ‘ঐ আপাগিলা বহ বহ’৷ বহি দিবনে খালত পৰি থকা
দেউতাকৰ ওচৰলৈ দৌৰ মাৰিব
, গণেশে ঠিৰাং কৰিব নোৱাৰিলে৷ এইযে গাঁৱৰ
মানুহবোৰে সুবিধা পালেই সিহঁতক অপমান কৰে
, কিয় কৰে সেই কথাটো সেই সময়ত সি বুজি
পোৱা নাছিল৷ সি ক’ৰবাত ৰৈ থাকিলেও জগৰ লাগে
, ৰাজহুৱা স্থানত
সোমালেও জগৰ লাগে৷ একেখিনি কাম পোৱাল মহাজনৰ ল’ৰা ধনীয়ে কৰিলে জগৰ নালাগে৷ ধনীক
কোনেও গালি নাপাৰে৷ বিপৰীতে ধনীক পোৱাল মহাজনৰ দৰে সমীহহে কৰে৷ কিয় কৰে সি বুজি
পোৱা নাছিল৷ সেইদিনাও সি এটা কথা বুজি পোৱা নাছিল
, ভাৰিগানৰ পাল্লা
চাবলৈ গাঁৱৰ বহুতেই গেলা খাই গৈছিল৷ কোনেও গেলা খাই যোৱাকেইটাক গালি পৰা নাছিল৷
সিহঁতৰ লগত ধেমালিহে কৰিছিল৷ অথচ তাৰ বাপেকক সামান্য কথাতে গতিয়াই গতিয়াই ফিল্ডৰ
পৰা বাহিৰ কৰি দিলে৷ গোৰ মাৰি খালত পেলাই দিলে৷ এই কথাবোৰ তেতিয়া সি বুজি পোৱা
নাছিল৷ আজিকালি বুজি পায়৷ টকা-পইচা থাকিলে
, সমাজত
প্ৰতিপত্তি থাকিলে সকলোৱে ওচৰলৈ আহি মূৰ দোৱাঁব৷ সেইদিনা সি ভাৰিগানৰ পাল্লা চাব
পৰা নাছিল৷ পাল্লাৰ নৃত্য-গীতৰ মাজত সকলো বিভোৰ হৈ থাকোঁতেই সি উঠি আহি খালটোৰ
ফালে দৌৰ মাৰিছিল আৰু গেলাৰ নিচাত খালত পৰি থকা দেউতাকৰ গাত ধৰি জোকাৰি জোকাৰি
চিঞৰি দিছিল–‘বাবা
, বাবা’৷

      গণেশৰ এতিয়াও মনত আছে সেই দিনবোৰৰ কথা৷
ভাবিলে এনেকুৱা লাগে যেন সৌ সিদিনাৰ কথাহে৷ এতিয়া সেইবোৰ একো নাই৷ ভাৰিগানৰ প্ৰতি
মানুহৰ আকৰ্ষনো নাই
, ভাৰিগান চাবলৈ মানুহৰ দৌৰা-দৌৰিও নাই৷  ভাৰিগানৰ যিবোৰ ভাউৰীয়াই এসময়ত দপ্‌দপাই আছিল,
সেইবোৰে
এতিয়া মূৰে কপালে হাত দি বহি থাকে৷ বিড়ি এটা কিনি খাবলৈ হাতত পইচা নাথাকে৷ সেইযে
গোপাল ৰাভা
, যি আছিল ভাৰিগানৰ গীদাল, যাৰ প্ৰদৰ্শনত
এটা সময়ত নিজৰ গাঁওখনেই নহয়
, কাষৰ গাঁওকেইখনো আছিল প্ৰশংসাত পঞ্চমুখ,
বায়ন
আৰু ঝালীদাৰে ঝালী বজাই খোল বাজনাৰে বন্দনা শেষ কৰাৰ পাছতেই গোপাল ৰাভাই যেতিয়া
শ্ৰীৰামচন্দ্ৰক উদ্দেশ্যে স্তুতিগীত আৰম্ভ কৰে
, দৰ্শকে কেৱল
মন্ত্ৰমুগ্ধৰ দৰে চাই থাকে
, শুনি থাকে৷ গোপাল ৰাভাই গীদালৰ
নিদ্দিৰ্ষ্ট নৃত্যৰ ভংগীমাৰে গাই  যায়–

                                                 হাঁ
– হাঁ – হাঁ – ৰঘুনাথ – হাঁ -হাঁ

                                                 ওহে
– ৰঘুনাথ – হে হে …. এ….এ

                                                 ভূমি
খান শুদ্ধ হৈলো গুৰুৰ চৰণ ধৰি

                                                 দেৱগৈজ্য
শুদ্ধ হৈলো বিষ্ণুৰ নাম স্মৰি৷

                                                 সৰস্বতী
মাওঁৰে পদ গাঁৱৰে বসিয়া

                                                 আমাৰ
কে
_ থাক মাঁও আনন্দ কৰিয়া৷৷

আঃ কি কণ্ঠ!
কি
নৃত্য! হা কৰি মুখখন মেলি সকলোৱে কেৱল চাই থাকে৷ ভাৰিগানৰ পাল্লা শেষ হোৱাৰ পাছত
গোপাল ৰাভাক লৈয়ে সকলো ব্যস্ত৷ সেই দিনবোৰত গোপাল ৰাভাক কোনোবাই আপ্যায়ন কৰাৰ
সুবিধা পালে তেওঁ নিজকে ধন্য মানিছিল৷ কাৰোবাৰ ঘৰলৈ গোপাল ৰাভা গ’লেই ওচৰ-চুবুৰীয়া
উবুৰি খাই পৰিছিল গোপাল ৰাভাক ওচৰৰ পৰা চাবলৈ৷ এষাৰ কথা পাতিবলৈ৷ আজি সেই গোপাল
ৰাভাৰেই অৱস্থা নাই৷ অনাদৃত গোপাল ৰাভা৷ গোপাল ৰাভাতকৈ টিভি চিৰিয়েলৰ
, চলচ্চিত্ৰৰ
অভিনেতাৰ গুৰুত্ব বেছি৷ বিহুৰ দিনত লাখ লাখ টকাৰে শিল্পীৰ নামধাৰী এসোপাক
নিমন্ত্ৰন কৰি গীতৰ তালে তালে নাচি ভালপোৱাবোৰে গোপাল ৰাভাক টকাকেইটামান দি সহায়
কৰিবলৈ টান পায়৷ মাজতে গোপাল ৰাভাৰ টান নৰিয়া হৈছিল৷ ভাল চিকিৎসা কৰাবলৈ হাতত ধন
নাই৷ বিপদৰ সময়ত গোপাল ৰাভাক না চৰকাৰে সহায় কৰিলে
, না স্থানীয়
জাতীয় অনুষ্ঠানে সহায় কৰিলে৷ বেচেৰা গোপাল ৰাভা চৰকাৰী চিকিৎসালয়তে লেলাই-ধেলাই
পৰি থাকিল৷ এতিয়াও গোপাল ৰাভা সম্পূৰ্ণ সুস্থ নহয়৷ তাৰ জৰাজীৰ্ণ জুপুৰীটোৰ
সন্মুখতে খুহুৰ খুহুৰ কাহি কাহি বহি থাকে৷ সকলো সলনি হ’ল৷ ঘৰে ঘৰে টিভি হ’ল
,
প্ৰত্যেকৰে
হাতলৈ ম’বাইল আহিল
, এতিয়া গোপাল ৰাভাক দেখিলে মানুহবোৰে কয়–‘ এলাও
আৰো ভাৰীগান চাই  নাকি
? ইউ
টিউবতে কেমান ভাল ভাল বস্তু দেখা  পায়’৷
সকলো সলনি হ’ল৷ গোপাল ৰাভা সলনি নহ’ল৷ অতীতৰ দিনবোৰকে খামুচি ধৰি থাকি কাহি কাহি
বহি থাকে৷ সিয়ো জানে সেইদিনবোৰ আৰু কোনো দিনেই ঘূৰি নাহে৷ তথাপিও সেইদিনবোৰৰ সি
মোহ এৰিব পৰা নাই৷ সেই স্মৃতিৰ বাহিৰে গোপাল ৰাভাৰ এতিয়া আৰু আছেনো কি
? গোপাল
ৰাভাৰ দৰে গনেশৰো এতিয়া অতীতৰ সেই স্মৃতিবোৰৰ বাদে একো নাই৷ কেৱল গনেশ আৰু গোপাল
ৰাভাৰে নহয়
, এই গাঁওখনৰ বহুতৰে কাষৰ পৰা বহু কিবা-কিবি
হেৰাই গ’ল৷ আগৰ বহুত কিবা-কিবি এতিয়া নাই৷ বিশাল পথাৰখন নাই
, কাতিমহীয়া
ছিৰিলিপতীয়া গেঁৰ ধৰা ধাননীডৰা আৰু আঘোনৰ পকা ধানেৰে হালি পৰা ধাননীডৰাও নাই৷
এতিয়া সেইবোৰ জলাশয়৷ বন্ধ্যা৷ একো খেতি নহয়৷ গাঁওখনৰ বেছি ভাগ মানুহৰে মাটি জলাশয়ৰ
বুকুত জাহ গ’ল৷ সেইখিনিতে আমাৰ মাটিডৰা আছিল বুলি এতিয়া আঙুলিয়াব লগা হয়৷ গাঁওখনৰ
মানুহবোৰে আজিকালি বেংডোবাক শাও দিয়ে৷ ‘মৰন নোহোৱা বেংডোবাই চব চেছ কুৰিল’ বুলি
কথাই কথাই গালি পাৰে৷ চাক্‌ৰি-বাক্‌ৰি কৰাকেইঘৰ গাঁওখনৰ পৰা উঠি গ’ল৷ কিছুমানে
ধুপধৰাত যেনে-তেনে মাটি এটুকুৰা কিনি ঘৰ সাঁজি বহিলে৷ বকোলৈ উঠি গ’ল৷ ধূপধৰালৈ
ওলাই আহিলে হেনো মনটো মুকলি মুকলি লাগে৷ ঘাইপথৰ দাঁতিতে থকা ঠাইখন এতিয়া এখন সৰু
সুৰা নগৰৰ ৰূপ লৈছে৷ আগতে মানে প্ৰায় আঢ়ৈশ বছৰৰ আগতে এই অঞ্চলত হেনো প্ৰচুৰ
পৰিমানে ধূপ গছ পোৱা গৈছিল৷ ইয়াৰ সৰহভাগ মানুহেই হেনো সেই গছৰ আঠাৰ পৰা ধূপকাঠি
তৈয়াৰ কৰিছিল৷ বাঁহৰ কাঠিত ধূপ গছৰ আঠা লিপি ধূপকাঠি তৈয়াৰ কৰি বজাৰত বিক্ৰী
কৰিছিল৷ তাৰপৰাই এই ঠাইখনৰ নাম ধূপধৰা হ’ল বুলি বহুতে কয়৷ আজিকালি ধূপকাঠি তৈয়াৰ
নকৰে যদিও ঠাইখনৰ নাম ধূপধৰাই হৈ থাকিল৷ কিছুমানে আকৌ কয়–‘নহয় নহয়
, এই
ঠাইৰ নাম তেনেকৈ হোৱা নাই৷  মাধৱদেৱে ধৰ্ম
প্ৰচাৰ কৰি আহি আহি যেতিয়া এই ঠাই পালে
, তেতিয়া গুৰুজনাই সকলোকে ঢোপ মানে
তুলসীৰ মালা দিছিল৷ সেই কাৰণে এইঠাইৰ নাম ধূপধৰা হ’ল৷

হ’বই নোৱাৰে৷ এই
ঠাইৰ নাম কেনেকৈ হ’ল মই কওঁ শুনা৷ শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই আনি এই ঠাইতে জিৰণি
লৈছিল৷ জিৰণি লোৱা সময়কনতে শ্ৰীকৃষ্ণই ৰুক্মিণীৰ লগত ঢোপ খেল খেলিছিল৷ তাৰপৰাই এই
ঠাইৰ নাম ধূপধৰা হয়৷ নামটো যেনেকৈয়ে নহওক
, ঠাইখনৰ প্ৰতি আগতে কিন্তু কাৰো একো
আকৰ্ষণ নাছিল৷ আকৰ্ষণ আছিল গাঁৱত৷ গাঁৱৰ নিঃশব্দ কলৰৱত সকলোৱে বুকু ভৰাই উশাহ লৈ
আকাশলৈ চাইছিল আৰু নিজেই একো একোখন আকাশ হৈ পৰিছিল৷ গাঁৱৰ দুপৰ দিক্‌ভ্ৰান্ত নাছিল
,
আছিল
সুখ-দুখৰ বিনিময়ৰ নিৰিবিলি আলাপনৰ সময়৷ আদালত
, কাছাৰী, পুলিছৰ
লগত গাঁৱৰ মানুহৰ সম্পৰ্কই  নাছিল৷ সকলোৱে
মানি লৈছিল ‘ৰাইজ গয়ৰহে’ নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম৷ ৰাইজ গয়ৰহে নামঘৰত বা
সভাঘৰত মেল পাতিছিল৷ ‘সাৰা’ই ‘ডামা’ বজাই সকলোকে মেল হোৱাৰ বাতৰি দিছিল৷ বিচাৰ
চলিছিল৷ ৰাইজ গয়ৰহে ৰায় দিছিল৷ সেই ৰায়কে সকলোৱে মানি লৈছিল৷ ৰাইজ গয়ৰহে বান্ধি
ৰাখিছিল গাঁওখনক৷ গাঁৱৰ মানুহবোৰক৷ তেতিয়া গাঁওখনৰ ইটোৰ প্ৰতি সিটোৰ মৰম আছিল৷
বিপদ এটা হ’লে সকলো দৌৰি আহিছিল৷ লাহে লাহে মৰমৰ টানবোৰ কমি আহিল৷ গাঁৱত থাকি
অসুবিধা পোৱা হ’ল৷ যেতিয়াৰ পৰা ঘাই আলিটোৰ দুয়োকাষে এটা এটাকৈ অনুষ্ঠান
প্ৰতিষ্ঠানবোৰ হ’বলৈ ধৰিলে
, সেইবোৰৰ গইনা লৈ দুই এখন  দোকান বহিবলৈ ল’লে, সাপ্তাহিক বজাৰ
এখন বহিবলৈ ল’লে
, তেতিয়াৰ পৰাই ধূপধৰাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গ’ল৷
ৰাস্তাটোৰ দুয়োকাষে গাঁৱৰ পৰা গৈ মানুহবোৰে ঘৰ সাজিবলৈ ল’লে৷ এতিয়া ধূপধৰা
সৰু-সুৰা এখন নগৰেই৷ যিবোৰে নগৰলৈ আহিব নোৱাৰাৰিলে সেইবোৰে গাঁৱতে থাকি গ’ল বহু
অসুবিধা আৰু নোপোৱাৰ মাজত৷ গজেনহঁতেয়ো নোৱাৰিলে৷ থাকি গ’ল বেংডোবাৰ পাৰতে৷

ঔ-টেঙাজোপাৰ তলত
ৰৈ থকা অৱস্থাতে গজেনে হুমুনিয়াহ এটা কাঢ়িলে৷ আজিকালি খং উঠিলেই সি লেঙেৰিয়াই
লেঙেৰিয়াই এই ঔ-টেঙাজোপাৰ তললৈ আহে৷ খঙত সি বেংডোবালৈ চায়৷ জলাশয়ত ডুবি থকা
বন্ধ্যা পথাৰখনলৈ চায়৷ খংটোৱে এটা হাহাকাৰৰ ৰূপ লৈ বুকুৰ ভিতৰতে গুজৰি-গুমৰি থাকে৷
তাৰ পিছত এটা হুমুনিয়াহ হৈ ওলাই আহে৷ এয়াই তাৰ জীৱনৰ বৃত্ত৷ খং উঠিলেই  লেঙেৰিয়াই লেঙেৰিয়াই  ঔ-টেঙাজোপাৰ ওচৰলৈ আহে
, হুমুনিয়াহ এটা
কাঢ়ি আকৌ লেঙেৰিয়াই লেঙেৰিয়াই  ঘৰলৈ উভতি
যায়৷ এই মাটি আৰু তাৰ মাজত যেন এটা সম্বন্ধ আছে৷ আগতে এই মাটিখিনিও এনেকুৱা নাছিল
,
এসোপা
সপোন আছিল তাত৷ এতিয়াহে বন্ধ্যা হ’ল
, সপোনবোৰ নাইকিয়া হ’ল৷ আগতে সিও
লেঙেৰা  নাছিল৷ তাৰো এসোপা সপোন আছিল৷
এতিয়াহে লেঙেৰা হ’ল৷ লগে লগে সপোনবোৰো হাহাকাৰ হ’ল৷ কিয়
? কিয়? কাৰ
ভুলৰ পৰিনাম এয়া
? কোনে সিহঁতৰ সপোনবোৰ মোহাৰি পেলালে? কোনে?
খঙত
এফালৰ পৰা গোটেইখন মহতিয়াই পেলাবলৈ মন যায় তাৰ৷

পথাৰখনত সিহঁতৰ
বেছি মাটি নাছিল
, যি কেইডৰা আছিল তাৰেই বছৰটো চলি গৈছিল৷ বাপেকটো
আছিল মস্ত এলেহুৱা৷ সুবিধা পালেই শুই থাকে৷ তেওঁৰ অভাবো নাই
, অভিযোগো
নাই৷ খাবলৈ দিলে খালে
, নাপালে ওলাই যায়৷ কাৰোবাৰ ঘৰত কিবা এটা পালে
খায়
, নাপালে নাই৷ কাম কৰিবলৈ দিলে কিন্তু বৰ বেয়া পায়৷ খুব মদ খায়৷ মদ
খাবলৈ পালে ঘৰৰ কথা পাহৰে৷ মদ খাই ঢলং পলংকৈ আহিলেই গজেনৰ মাকৰ খং উঠে৷ মানুহজনীয়ে
ৰণচণ্ডী মূৰ্তি ধৰে৷ ইপিনে  গেজেৰা মাৰি
কিবা এটা ক’লেই গজেনৰ দেউতাকৰ বৰ দুখ লাগে৷ মদৰ নিচাত থাকিলে দুখৰ পৰিমানটো বাঢ়ি
যায়৷ বুকুখনত কিবা এটাই খোচ মাৰি দিয়া যেন লাগে আৰু উশাহটো ঘূৰাবলৈ টান পোৱা যেন
লাগে৷  আচলতে দেউতাকে কৰো বুলি এনেকুৱা
নকৰে
, হৈ যায়, কোনোবাই কিবা এষাৰ টানকৈ ক’লেই চকুহাল চলচলীয়া
হৈ যায়৷ তাকে গজেনৰ মাকজনীয়ে নুবুজে৷ 
মুখখন ভেঙুচালি কৰি কয়–‘চা টো চা আমাৰ মহাৰাজা টা৷ কথাকে কবা নোৰা৷ পেংটাবা
ধুৰিলে৷ অই লাজ নোহোৱা
, ভাতাৰ টা হুই তিৰিৰ আগত কান্দিবা নাহিবি৷ কিবা
খং উঠিলি মেখ্‌লা কে গলত আলায় দিম৷ ঘৰ চলাবা মুৰাত নাই
, চাল্লা তিৰিক
আজিক লাগি একো এটা দি পোৱা নাই ৷ তাকে কুলি নাকত পানী লাগে৷ কান্দিবা জানা৷
কান্দিলি মৰম কুৰিম ভাব্‌চা বো…৷ দে চুন দে আৰো কান্দেক
; একেবাৰে গোবৰ কে
থোপ্‌লা মাৰি দি থম দে৷ বিছি বিছি কুৰি নুদুখাবি চাবি৷ চিন পোৱা নায় তুই মোক’
?
ভয়তে
গজেনৰ দেউতাকে সেইভাগেই চুচুক-চামাক্‌কৈ নঙলামুখলৈ ওলাই যায়৷ ক’বতো নোৱাৰি
ডাংকাটীজনীয়ে সঁচাকৈয়ে মুখত গোবৰ এসোপা সানি দিবও পাৰে৷ জেওৰা খৰি এডালেৰে সাৰৌপ
সাৰৌপকৈ মৰিয়াই দহোজনে শুনাকৈ ‘‘গাম্‌চা খুল
, গাম্‌চা খুল’’
বুলি চিঞৰি টান মাৰি চুৰীয়াখন খুলি দিবলৈ চেষ্টা কৰিবও পাৰে৷ ক’ব নোৱাৰি
, এইজনীৰ
মন-মেজাজ ধৰিব নোৱাৰি৷ যি মন যায় তাকে কৰি দিয়ে৷ এবাৰ কি হ’ল
, ধনুভাঙাৰ
হৰেশ্বৰৰ ঘৰত ৰাতিবাঞ্চা নাম
, ঢেঁকীশালত থকা চৌকাটোৰ ওচৰত বহি বটলটো
খুলি গলাদ্ধৰ্কৰণ কৰি থকা ৰূপৰামে ক’লে বোলে গোটেই ৰাতি নাম ধৰি থাকিব লাগিব
,
মহাপ্ৰভুৰ
প্ৰসাদ অকন পালে ভাল আছিল৷ মলাধঁপাত সোপাকে কিমান হুপি থাকিবাহে
? ক’বলৈ
পালেহে মহোদাই মাত-ষাৰ দিলেই নহয়বোলে হেৰৌ হৰেশ্বৰ
,  ইমানসোপা যা-যোগাৰ কৰিলি, সেইকনো
যোগাৰ কৰিব নোৱাৰিলিনে
? উঃ যেনিবা ভাওনাৰ বচনবোৰহে একেবাৰে মুখস্থ আছে,
লগে
লগে সূত্ৰধাৰীয়ে অংগী-ভংগী কৰাৰ দৰে গাটোত সাঁতটামান ভাঁজ দি ‘‘এ কাকা
, তুমা
মোক কি ভাব্‌চা’’ বুলি হৰেশ্বৰে চুক এটাত লুকুৱাই থোৱা চুলাইৰ বটল এটা উলিয়াই
দিলেই নহয়৷ তাৰপিছত আৰু কোনে পায়
? বটলৰ পৰাই ঢোক গিলাত আকৌ ৰূপৰাম পাকৈত৷
এনেকুৱা এটা কায়দাত
, এনেকুৱা অংগী-ভংগী কৰি সি বটলৰ মদখিনি ডিঙিত
ঢালে
, দেখিলেই কিবা খাওঁ খাওঁ লাগে৷ বটলটো পোৱাৰ পিছত মহোদা আৰু ৰূপৰামে
সকামৰ কাম এৰিলে
, বটলৰ পৰাই ডিঙিত ঢালিবলৈ ধৰিলে৷ দুয়োটাৰ চকুৱে
মুখে ইমান তৃপ্তিৰ ভাৱ ফুটি উঠিল যেন নিচাত সিহঁত দুটাও উৰি উৰি গৈহে আছে৷ হেন
সময়তে লেঙেৰিয়াই লেঙেৰিয়াই তাত গৈ ওলালগৈ আমাৰ গনেশৰ বাপেক৷

: অই
কি কুৰ্‌বা লাগ্‌চা
?

: দেখা
নাই হাতত মহাদেব পৰ্হাদ লৈ আছুং৷

: তুমা
দুটাক খোল চিলাবা বিচিৰায় আছে
; আৰো তুমা ইয়াত গেলা খাই আছা?

: ধুৰৰৰ্‌,
কাম
নায় সিগিলা
; সো এক কাপ লো…৷

সন্মুখত মাছ এটা
পৰি থকা দেখিলে মেকুৰীৰ চকুহাল যেনেদৰে উজ্বল হৈ উঠে
,গনেশৰ বাপেকৰো
তেনেকুৱা হ’ল আৰু  কোনোবাই চাই আছে নেকি
সেইটো নিশ্চিত হ’বৰ বাবেই লুভীয়া দৃষ্টিৰেই ইফালে সিফালে চালে৷ তাৰপিছত মহোদা আৰু
ৰূপৰামৰ ওচৰতে আঁঠু কাঢ়ি বহি চকুহাল মুদি বটলটোৰ মুখখন মুখত ভৰাই দিলে৷

ইফালে আগ চোতালত
হুলস্থুল লাগিল– খোল চিলাবলৈ আহি এই এলাইবাদুকেইটা ক’লৈ গ’ল
? কোনোবা
এটাই ক’লে বোলে টেঁকীশালত বহি মদ খাই আছে৷ ৰাইজখন একেবাৰে জাঙুৰ খাই উঠিল নহয়– ‘‘চা
,
তামাৰ
ফুতানি চা৷ কিবা এটা কুৰ্‌বা ইৰি মদ খাই আছে৷’’ তাৰপিছত অলপ আঁতৰত দীঘলকৈ ওৰণি লৈ
তামোল কাটি থকা গনেশৰ মাকক কোনোবা এটাই ডাঙৰকৈ ক’লে–‘‘অই গুণ
, ভাতাৰৰ
চভাব গিলা বদলাবা পাৰা নায়
?’’ অ’ তেনেকৈ ক’বলৈ পালেহে, ভোজ
ৰান্ধিবলৈ অনা ফলাখৰি এডাল লৈয়ে গনেশৰ মাকজনী ফোঁ-ফোঁৱাই একেকোবে ঢেঁকীশাল পালেগৈ
আৰু পৰম আৱেশত চকুহাল মুদি মদ খাই থকা গনেশৰ দেউতাকৰ পিঠিত দিলে নহয় দুটা কোব৷ মহোদা
,
ৰূপৰাম
আৰু গনেশৰ দেউতাকে কি হ’ল টলকিবই নোৱাৰিলে৷ ঘৈনীয়েকৰ ৰূপ দেখি গনেশৰ দেউতাকৰ
অৱস্থা নাইকিয়া হ’ল৷ মদৰ নিচা
, ইপিনে পিঠিত ফলাখৰিৰ কোব¸, ঢলকুচিয়াই
ঢলকুচিয়াই  সি ঢেঁকীশালৰ পৰা ওলাই দৌৰ
মাৰিব খোজোতেই পিন্ধি থকা চুৰীয়াখনৰ গাঁঠিটো ঢিলা হৈ গ’ল৷ সুলকি নপৰিবলৈ চুৰীয়াৰ
গাঁঠিটো কোনোমতে ধৰি সি ঘৈণীয়েকক ফেপেৰি পাতি ধৰিলে–‘মৰণ নহায়টি
, ভাতাৰক
কুবাবা আহিছা
? পাপ লাগ্‌বো তোৰ৷ পকা লাগি মুৰ্‌বি তুই৷’ অ’
ক’বলৈ পালেহে
, সকামলৈ অহা গোটেই তিৰোতাখিনি জঁকি উঠিল নহয়৷
‘চুৱা চিল্‌কা জাত
, গেলা খাবা নেদা কাৰ্‌নে তিৰি কুবাবা আহিছা?
অই
বাই
, কায় ক’ত আছা, দাকায় আন টো৷ ইয়াক আজি থিক্‌চে কুবাং
আহ
, বাৰ্‌নী মাখা লুই লুই আহ৷’ ঘটনাৰ ৰূপ বেলেগ হ’বলৈ ধৰাত অকল গনেশৰ
বাপেকেই নহয়
, মহোদা আৰু ৰূপৰামো তাৰ পৰা ফৰিং চিটিকা দিলে৷
সকাম খোৱা আৰু নহ’ল৷ এই ঘটনাটোৰ পিছত দুদিনমান গনেশৰ বাপেক ঘৰৰ পৰা লাজতে ওলোৱা
নাছিল৷ ঘৰৰ ভিতৰত থাকিলে ঘৈনীয়েকলৈ খং উঠি থাকে
, বাহিৰলৈ গ’লে
সিদিনাৰ ঘটনাটোৰ বাবে মানুহৰ চকুলৈ চাবলৈ লাজ লাগে
, কিজানি কোনোবাই
সুধি দিয়ে–‘‘কি এ কাকা
, আৰো কুব খালি না কি?’’ সেই তেতিয়াৰে
পৰা গনেশৰ বাপেকে মাকৰ লগত মুখ-চুপতিটো বাদেই
, ভালকৈ কথা এষাৰো
নপতা হ’ল৷ ঘৈনীয়েকৰ মুখখন মনলৈ আহিলেই কিবা খংহে উঠা হ’ল৷ সিদিনা ৰূপৰামে কৈছে নহয়
বোলে গিৰিয়েকবোৰ হ’ল পৰম আৰাধ্য দেৱতা
, সাক্ষাৎ ঈশ্বৰ৷ কিয় খোবা-খুবীৰ দিনা
ৰাতি ভৰি ধুৱাই মূৰৰ চুলিৰে মোহাৰি নিদিয়ে
? আৰু পুৰুষ পুৰুষ
ধৰি এষাৰ কথা চলিয়েই আছে বোলে লাও যিমানেই ডাঙৰ নহওঁক
, সদাই পাতৰ তল৷
ৰূপৰামেয়েতো মদ খায়
, মহোদায়ো খায়, সিহঁতক কিবা
ঘৈনীয়েক কেইজনীয়ে মৰিয়াবলৈ খেদি আহে নেকি
? খলেপাৰা গাঁৱৰ গাঁঠিযে, তাৰ
মাকজনীয়ে দেখোন সকলোৰে সন্মুখতেই বিড়ি খায়৷ এবাৰ কিয় কীৰ্ত্তনঘৰত বৰসবাহৰ দিনা
বৰজোপাৰ তলত বহি কেইবাজনীয়ে মিলি বিড়ি খাই থাকোতে হুলস্থূল লগা নাই
? বৰদেউৰী
দুজনমানেতো ঠেহঁ পাতি নামঘৰৰ পৰা গুছি যাবলৈকে ওলাইছিল–‘‘এ ইগিলা গোহায় চোহায়
নামানে৷ কায় থাক্‌বো এ
?’’ পিছত ৰাইজ গয়ৰহ বহিব লগা হ’ল৷ গাঁঠিৰ
মাকে গুৱা-পাণ দি ৰাইজৰ সন্মুখত আঁঠু ল’ব লগা হ’ল৷ তেতিয়া কিবা গাঁঠিৰ বাপেকে
ঘৈণীয়েকক ফলাখৰিৰে কোবাইছিলনেকি
? ৰূপৰাম আৰু মহোদাইহে গনেশৰ বাপেকক আচল
কথাটো বুজাই দিলে–‘তুই বুজি পাইছা না নাই
, তোৰ তিৰি টা তোৰ মাথাৰ উপৰত উঠা বুদ্ধি
কুৰি আছে৷ চাবি অলপ
, ইমান লাই নিদিবি৷’ সেই তেতিয়াৰে পৰা গনেশৰ
দেউতাকে মাকক অনবৰতে গালি পাৰি থকা হ’ল৷ সামান্য কথাতে গুৰুলা-গুৰুলকৈ পিটা হ’ল৷
অথচ মাকেই ঘৰখন চলাই থাকে৷ আনকি মাৰ-পিট কৰি মদ খাবলৈও বাপেকে মাকৰ পৰা টকা কাঢ়ি
নিয়েহে৷ বায়েকজনী আঁকৰী৷ কথা ক’ব নোৱাৰে৷ ঘৰটো সাৰিবলৈ দিলে দেখিবা চুকটোত ধূলি
এসোপা থাকিয়েই গ’ল৷ চোতালখন সাৰিবলৈ দিলে এফালে সাৰে
, এফালে নাসাৰে৷
তাঁতৰ পাতত বহুৱাই থৈ গ’লে সূতা এসোপা চিঙে৷ মুঠতে একোৰে লায়েকৰ নহয়৷ চঞ্চল৷ ডেকা
ল’ৰা দেখিলেই ‘‘ই – আ’’ কৰি অংগী-ভংগী দেখুৱাই খিকিন্দালি মাৰিবলৈ লাগে৷ মাকে
পিটে৷ ল’ৰাবোৰৰ আগতে পিটে৷ ‘নটী হৈছা না
; নটী হৈছা, গলত টিপি মাৰি
ফেলাম
, গম পোৱা নাই৷’ আচলতে মাকেই গোটেই ঘৰখন চলাই আছিল৷ লোকক খাতিৰ-বাতিৰ
কৰি মাটিকেইডৰাত হাল বোৱাৰ পৰা ধান দাই অনালৈকে সকলো মাকেই চম্ভালিছিল৷ তাৰ মাজত
তাঁতৰ শালখন আছেই৷ লোকৰ হৈও তাঁত বৈ দিয়ে
, পইচা দিয়ে৷ নিজে বৈয়ো বেচে৷ তেনেকৈয়ে
মাকজনীয়ে নিমখ-তেলৰ
, সিহঁতৰ কাপোৰ-কানিৰ জোৰাটো মাৰি আছিল৷ জোৰকৈ
তাক স্কুললৈ পঠাইছিল৷ বোধহয় মাকে তাক লৈ এটা সপোন দেখিছিল৷ ৰাতি সি মাকৰ লগত
একেলগে শুইছিল৷ শুই থাকোঁতে তাৰ কপালত হাত ফুৰাই মাকে প্ৰায়েই কৈছিল–‘লিখি পুঢ়ি
তুই ডাঙাৰ হোৱাটাকে ৰুখি আছুং বাবা৷ তুই ডাঙাৰ মানু হুলি মোৰ কষ্ট গিলা কুমিব৷
দেখায় পোৱা
, বাইদু ইমান অকৰা৷ কায় নু বিয়া কৰাব তাক?
তুইয়ে
চাবা লাগ্‌বো
, আলায়-বিলায় হবা নিদিবি দে…৷’সেই সময়ত এই
কথাবোৰৰ গুৰুত্ব সি উপলব্ধি কৰিব পৰা নাছিল৷ মাকে যে তাৰ কপালত হাত ফুৰাই আছিল
,
সেইটোহে
তাৰ ভাল লাগিছিল৷

হঠাতে এদিন
মাকজনী ঢুকাই থাকিল৷ বৰ অকল্পনীয় আৰু অবাঞ্চিত আছিল সেই ঘটনাটো৷ গাঁৱৰে তিৰোতা
দুগৰাকী আহি মাকক লগ ধৰিলে দেওবৰীয়া বজাৰখনলৈ৷ তাত হেনো সস্তাতে সূতা কিনিবলৈ পোৱা
যায়৷ মাকৰ যাবলৈ মন নাছিল
, কিন্তু ‘‘সস্তা’’ শব্দটো শুনাৰ লগে লগে
যোৱাটো ঠিক কৰিলে৷ সেই যে গ’ল
, ঘূৰি আৰু নাহিল৷ দেওবৰীয়া বজাৰখনত
সেইদিনাখনেই বোমাটো ফুটিছিল আৰু নিথৰ হৈ গৈছিল সূতা বেচা দোকানীজন
, সূতা
কিনিবলৈ যোৱা মানুহকেইজনী আৰু কেইবাজনো৷ পুৰি ছাই হৈ যোৱা
, হাত-ভৰি নথকা
মৃতদেহকেইটাহে সিহঁতে ঘূৰাই পাইছিল৷ সেই যে বোমাটো ফুটিছিল
, এটা প্ৰচণ্ড
শব্দ হৈছিল
, সেই শব্দই সিহঁতৰ ঘৰখন নিঃশব্দ কৰি পেলাইছিল৷
কোঠাটোত জ্বলি থকা একমাত্ৰ চাকিগছ যেন দুপকৈ নুমাই থাকিল৷ গোটেইখন অন্ধকাৰ৷ ঘনঘোৰ
অন্ধকাৰ৷ সেই অন্ধকাৰৰ মাজত প্ৰথমবাৰৰ বাবে সি মাকে তাৰ কপালত হাত ফুৰাই কোৱা
কথাকেইটাৰ গুৰুত্ব উপলব্ধি কৰিছিল–‘‘দেখায় পোৱা
, বাইদু ইমান
অকৰা৷ কায় নু বিয়া কৰাব তাক
? তুইয়ে চাবা লাগ্‌বো, আলায়-বিলায়
হবা নিদিবি দে…৷’’ তাৰ বুকুখনে হাহাকাৰ কৰি উঠিছিল৷ কাৰোবাৰ ওপৰত খং উঠিছিল৷
সেইকেইটা দিন সিহঁতৰ ঘৰখন মানুহে নধৰা হৈ আছিল৷ সিহঁতৰ ফটো টি ভি আৰু বাতৰি কাকতত
ওলাইছিল৷ গাড়ী লৈ মন্ত্ৰী এজনো আহিছিল৷ মন্ত্ৰী অহাৰ দিনা সিহঁতৰ ঘৰৰ আগত থিয়
হ’বলৈ ঠাই নোহোৱা মানুহ৷ ডিঙিৰ সিৰ ফুলাই চিঞৰি চিঞৰি মন্ত্ৰীয়ে কৈছিল–‘‘এনেকৈ
মানুহ মৰাটো কাপুৰুষালী৷ চৰকাৰৰ ফালৰ পৰা মৃতকৰ আত্মীয়লৈ দুই লাখ টকা সাহাৰ্য
আগবঢ়োৱাৰ কথা মই ঘোষণা কৰিলোঁ৷’’ লগে লগে থিয় হৈ থকা মানুহখিনিয়ে হাতচাপৰি বজালে৷
চকুহাল মুদি গণেশে মাকৰ মুখখন মনত পেলালে–জীয়াই থাকোতে খুৱাই গ’লেই
, মৰাৰ
পিছতো সিহঁতে খাবলৈ ব্যৱস্থা কৰি গ’ল৷ কথাটো ভাবি সি হুক্‌হুকাই কান্দি দিছিল৷ সি
কান্দি থাকোতেই মন্ত্ৰীয়ে তাৰ কাষত থিয় হৈ ফটো তুলিছিল৷ ফটোখন পিছদিনা বাতৰি কাকতৰ
প্ৰথম পৃষ্ঠাতে ওলাইছিল৷ সেই যে ফটোখন ওলাল
, তাৰপিছতে সকলো
তল পৰিল৷ বাতৰি কাকতত বেলেগ বেলেগ কথা ওলাল
, মন্ত্ৰীয়ে বেলেগ
বেলেগ মিটিঙত ভাষণ দিলে
, সেইমতে মানুহবোৰেও হাতচাপৰি বজালে,
কিন্তু
কোনেও ঘূণাক্ষৰেও গণেশহঁতৰ কথা নুলিয়ালে৷ এদিন ভোলা মাষ্টৰেই বাপেকক ক’লে বোলে
হেৰি অ’ এবাৰ ডি চি ক লগ কৰি কথাবোৰ কোৱাচোন৷ কাৰণ টকাখিনি তেওঁৰ জৰিয়তেহে আহিব৷
গনেশৰ লগতে বাপেকেও ভোলা মাষ্টৰলৈ কপাল কোঁচ খুৱাই চালে৷ এই ডি চি আকৌ কি
?
মন্ত্ৰীৰ
নিচিনাই কোনোবা এটা নে বেলেগ জিনিচ
? ভোলা মাষ্টৰেই কথাবোৰ বুজাই দিলে আৰু
সেইমতেই গণেশ এদিন আক-তাক সুধি সুধি ডি চি অফিচ ওলালগৈ৷ সি ভাবিছিল
, বোমা
ফুটি মৰা মানুহৰ ঘৰৰ ল’ৰা বুলি তাক সকলোৱে গুৰুত্ব দিব৷ পিছে তাৰ ওলোটাটোহে হ’ল৷
পুলিচকেইটাই তাক সোমাবলৈকে নিদিলে৷ সি যেতিয়া ক’লে ‘ডি চিয়ে তাক টকা নিবলৈ মাতিছে’
,
এটা
পুলিচে তাক লাঠিৰে দুই কোব লগাই দিলে–‘‘পাগলটো ক’ৰবাৰ৷ আহিবলৈ আৰু সময় নাপালি
?
অলপ
পিছতে এটা দুধৰ্ষ সন্ত্ৰাসবাদী কৰ্টলৈ আনিব
, ল এণ্ড অৰ্ডাৰৰ
কথা আছে
, আঁতৰ হ৷ এইবাৰ আহিলে ঠেং ভাঙি দিম৷’’ ভয়তে সি আঁতৰি গ’ল৷ অলপ
আঁতৰিয়েই দেখিলে কৰ্টলৈ সোমোৱা গেটখনৰ ওচৰত এসোপামান পুলিচ মিলিটেৰী৷ গোটেই ঠাইখন
ঘেৰি ধৰি আছে৷ চাৰিওফালে মানুহৰ হেঁচা-ঠেলা৷ গণেশে এজনক সুধিলে–‘‘কিবা হৈছে না কি
?’’

: বাজাৰত
যে বোমা ফুটাইছিল
, উগ্ৰপুন্থী মাখা, তাৰে মেইন টাক
কৰ্টত আন্‌ব৷

: পুলিচে
ধুৰিল না কি
?

: নাজানং,
ধুৰিলে
না চাৰেণ্ডাৰে কুৰিল গমে নাপাং৷ এহ্‌
, ইগিলা কথা আমি পাতিবা লাগা কথা নোহায়৷
উপৰৰ লেবেলত চব ফিক্স৷ তলৰ গিলাহে গুলী খাই মৰে৷

গণেশে দেখিলে
পুলিচৰ ভান এখন আহি গেটৰ ওচৰত ৰৈছেহি৷ কটকটীয়া পহৰাৰ মাজত সন্ত্ৰাসবাদীটোক গাড়ীৰ
পৰা নমাইছে৷ গণেশৰ শৰীৰৰ উষ্ণতা ঘপহকৈ বাঢ়ি গ’ল৷ ইহঁতেই বোমা দি মানুহ এসোপাক
মাৰিছিল৷ ইহঁতেই বোমা দিয়াৰ কাৰণেই সূতা কিনিবলৈ যোৱা তাৰ মাকজনীৰ শৰীৰটো
ছিন্ন-ভিন্ন হৈ পৰিছিল৷ গণেশৰ এনেকুৱা লাগিল
, দৌৰ মাৰি গৈ যেন
সন্ত্ৰাসবাদীটোৰ ডিঙিটো চেপা মাৰি ধৰিব৷ পিছে তাক আচৰিত কৰি হঠাৎ তাত ৰৈ থকা
মানুহবোৰে সন্ত্ৰাসবাদীটোৰ নাম লৈ জিন্দাবাদ ধবনি দিবলৈ ধৰিলে৷ বিস্ময়ত গণেশ
হতবাক৷ হে ঈশ্বৰ
, যিটোৱে বোমা দি, গুলী কৰি
ইমানবোৰ মানুহ মাৰিলে
, সিয়েই আজি ইমান সন্মান পাইছে? এইখন
পৃথিৱী নে নৰক কুণ্ড
? এসোপা খং ক্ষোভ লৈ সি সেইদিনা টাউনৰ পৰা গুচি আহিল আৰু মাক মৰা কাৰণে চৰকাৰে টকা দিম
বুলি কোৱা কথাটো কোনো দিন আৰু নুলিয়ালে৷


(আগলৈ)