ধন দাস
তোমাক
ভাল পাম নে
ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিম
তোমাৰ
চকুত চকু থৈ বিশ্বাস কৰা বুলি ক’ম নে
ধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম সবল-শালিনতাৰে
তোমাক
দেহৰ ভাঁজৰ কথা সুধিম নে
সুখ নামৰ কাইলৈ এটাৰ বাবে বিষৰ বিছনাত শুই থাকিম
তোমাক
তপত চুমা এটা খাম নে
টেঁটুত লাগি থকা ধাৰবোৰৰ কথা আলোচনা কৰিম�
তোমাৰ
ঘন উশাহবোৰৰ হিচাপ ল’ম নে
বাঢ়ি অহা আঁচনিৰ পিঠিত উঠি মূল্যবৃদ্ধিৰ বিৰোধ কৰিম
তোমাক
ভাল পোৱাৰ এটা সহজ উপায় লাগে
তোমাৰ এধান্মান হাঁহিৰ বাবে
মাইক্ৰ’ ফাইনান্সৰ জেইলত বন্দি হৈ যদি কওঁ
” ভাল পাওঁ ভাল পাওঁ”
তুমি বাৰু বুজি পাবা নে ??