গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ

 (শ্ৰদ্ধাৰ
বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত
)

বুবুল শৰ্মা

()

টেবুলত থকা মবাইলটো
হঠাৎ বাজি উঠিল৷ গোটেই ৰাতি ডি্উটি কৰি বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ বৰাই
দহ মিনিটৰ বাবে চকীখনত ভাগৰুৱা শৰীৰটো এৰি দিছিলহে৷

       
হেল্লো।

       
ছাৰ মই জগদীশ ডেকাই কৈছোঁ কান্তঘাট কেম্পৰ
পৰা৷

       
কওক ডেকা ? কিবা সমস্যা?

কঁপা কঁপা, থোকাথুকি মাতেৰে ডেকাই ঘটনাটো বিৱৰি কলে৷ কেম্পৰ কাষলৈ এটা মৃত বুঢ়া গঁড় উটি আহিছে, খড়্গটো নাই৷ ৰেঞ্জ অফিচাৰ বৰাই মাতটো
যিমান পাৰি কঠিন কৰি খড়্গটো যিকোনো পৰিস্থিতিত বিচাৰি উলিয়াবলৈ ক
লে৷ প্ৰলয়ঙ্কৰী বানপানীৰ মাজত বনৰক্ষীসকলক তেনেকৈ নিৰ্দেশ দিবলৈ মন নাথাকিলেও,
তেওঁ নিৰ্দেশ দিবলৈ বাধ্য৷ কাৰণ মৃত গঁড়ৰ খড়্গ বিচাৰি নোপোৱাটো মাৰাত্মক
কথা৷ বহু প্ৰশ্নৰ অৱতাৰণা হ
ব পাৰে৷ বানপানীৰ সময়ত ৰাষ্ট্ৰীয়
উদ্যানৰ কিছুমান কেম্পত বনৰক্ষীসকল থকাৰো উপায় নোহোৱা হয়৷ তেনে কেম্পবোৰ বনৰক্ষীসকলে
নাৱেৰে গৈ নিৰীক্ষণ কৰি থাকিব লগা হয়৷ কথাবোৰ ভাবি ভাবি ৰেঞ্জ অফিচাৰ বৰাই কান্তাঘাটলৈ
বাগৰি বন কাৰ্যালয়ৰ পৰা টিম এটা পঠাই দিলে৷

 চৌদিশে সাগৰ
যেন পানী৷ পুৱা আঠ বাজিছে৷ বনৰক্ষীসকলে সাঁতুৰি
, সাঁতুৰি বুৰ মাৰি
পানীৰ তলত খড়্গটো পৰি আছে নেকি বিচাৰিবলৈ ধৰিলে৷ নাই। প্ৰায় চাৰিঘণ্টা সময় পানীৰ তলত বিচাৰি বিচাৰি
বনৰক্ষী দলটো ভাগৰি পৰি
ল৷ ৰেঞ্জ অফিচাৰ বৰাই কিছু সময় জিৰণি লৈ পুনৰ
খড়্গটো বিচাৰিবলৈ উৎসাহ যোগালে৷ ভোকে
পিয়াহে সাঁতুৰি সাঁতুৰি
অৱশ হৈ পৰা বনৰক্ষীসকলে এবুকু পানীত মৰসাহ কৰি বহু চেষ্টাৰ
, বহু
পৰিশ্ৰমৰ মূৰত গঁড়ৰ খহি পৰা খড়্গটো অবেলি ৪ বজাত উদ্ধাৰ কৰিবলৈ সক্ষম হ
ল৷ আনন্দ আৰু উৎসাহত বনৰক্ষীসকলে কিৰিলি পাৰিলে৷ বৰাছাৰলৈ ফন কৰি কলে, “পাই গলোঁ ছাৰ৷ৰেঞ্জ অফিচাৰ বৰা চিঞৰি উঠিল,“চাব্বাছ! তোমালোকক অশেষ ধন্যবাদ!”

() 

গেলা গোন্ধ
এটা বতাহত বিয়পি পৰিছে৷ বনৰক্ষী দলটোৱে নাকত কাপোৰ ল

লগা হৈছে৷ ক
ৰপৰা গোন্ধটো বাৰু আহিছে? কিবা জন্তু
যে মৰিছে ই খাটাং৷ ইফালে
সিফালে চাওঁতে, এজনে চিঞৰি উঠিল –“সৌ তাত৷টহলদাৰী
বনৰক্ষীৰ দলটো আগবাঢ়ি গ
ল৷ গোন্ধত কাষলৈ যাব নোৱাৰি৷ ভেনামাখিৰ
ভুলভুননি৷ গঁড় এটা মৰি পচি
, জহি গৈছে৷ খড়্গটো দেখোন নাই!

      ছাৰ, ৰৌমাৰিৰফালে গঁড় এটা মৰি
পঁচি গৈছে৷

  
কি? ৰেঞ্জ অফিচাৰ পংকজ বৰা জাপ
মাৰি উঠিল৷ ইচ্
, খড়্গটো আছে নাই?

  
ছাৰ, খড়্গটো নাই৷ গোটেই নাড়ীভুৰুবোৰ ওলাই আছে৷ পোকে লেওলেও দিছে৷

  
চাওকচোন আপোনালোকে ভালকৈ খড়্গটো কৰবাত সুলকি
পৰিছে নেকি
?

  
সুলকি পৰি গঁড়টোৰ পঁচা শৰীৰটোৱে হেঁচা মাৰি
ধৰিছে৷ যেনেতেনে
, কষ্ট কৰি হলেও বিচাৰি
উলিয়াব লাগিব৷ নহ
লে ডিপাৰ্টমেণ্ট বদনাম হব৷ শুনিছেনে?

  
ব ছাৰ, চেষ্টা কৰি চাওঁ৷ এই বুলি লগত থকা গামোছা দুখন দুজনে মুখত বান্ধি নাড়ীভুৰুৰ মাজত হাত ভৰাব খুজিও ৰৈ গল৷ কি দুৰ্গন্ধ!
লেওলেওকৈ পোক৷ চকুনাক বন্ধ কৰি দুজনে গেলি যোৱা
নাড়ী
ভুৰুবোৰ খুঁচৰিবলৈ ধৰিলে৷ কা্তে থকা এজনৰ ওকালি আহিল৷ তথাপিও
দুজনে ধৈৰ্য ধৰি গেলে
পঁচা নাড়ীভুৰু আঁতৰাই
আঁতৰাই অৱশেষত খড়্গটো উলিয়াই ওকলিয়াবলৈ ধৰিলে৷তেনেতে ৰেঞ্জ অফিচাৰ বৰা দুজনমান বনৰক্ষী
আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভেটেৰ্
নেৰী ডাক্তৰ সহিতে ঘটনাস্থলীত
হাজিৰ হ
ল৷ ৰফেঞ্জ অফিচাৰে ৱায়াৰলেৰছেৰে বনাঞ্চলৰ(?) বিষয়াসঞ্চালকক প্ৰাথমিক কথাখিনি জনালে৷ ভেটেৰ্নেৰী  ডাক্তৰজনে
নাকত সোপা দি বহু সময় গেলি
পঁচি যোৱা গঁড়টো নিৰীক্ষণ কৰি,
ডায়েৰীত কিবাকিবি লিখিলে৷ ৰেঞ্জ অফিচাৰে ঘটনাটোৰ বিষয়ে উপস্থিত বনৰক্ষীসকলক
সুধি
পুচি ডায়েৰীত টুকি ললে৷ খড়্গটো মোনা
এটাত ভৰাই জীপত উঠোৱা হ
ল৷

 

খড়্গবোৰ উদ্ধাৰ হোৱাৰ পিছতেই ব্যস্ততাৰ
অন্ত নাই৷ প্ৰথমে খড়্গটো গৰমপানীত উতলাই
, খড়্গত লাগি থকা মাংসবোৰ আঁতৰাই
লোৱা হয়৷ তাৰ পিছত নিতৌ এসপ্তাহ ধৰি ৰ
দত শুকাবলৈ দিয়া হয়৷ সম্পূৰ্ণ
শুকোৱাৰ পিছত খড়্গটোৰ ওজন
, উচ্চতা আৰু প্ৰস্থ আদিৰ মাপ লৈ এখন
ৰেজিষ্টাৰ বহীত লিপিবদ্ধ কৰিব লগা হয়৷ ইয়াত লাগে মৃত গঁড়টোৰ সম্পৰ্কে কেতবোৰ তথ্য যেনে

কোন অঞ্চলত গঁড়টোৰ মৃত্যু হৈছিল, মৃত্যুৰ কাৰণ,
উদ্ধাৰ কৰোঁতাৰ নাম, গঁঢ়টোৰ লিংগ, বয়স, জি.পি.এছ লকেশ্বন আদি তথ্যসম্বলিত এক লিখিত প্ৰতিৱেদন বনসংমণ্ডল
প্ৰাধিকাৰীলৈ প্ৰেৰণ কৰি উদ্যানৰ সঞ্চালকলৈ পঠাব লগা হয়
, লগত
গাঁঠি দিব লগা হয় বন পশুপালন বিষয়াই দিখিল কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিৱেদন৷ সেইসমূহ
প্ৰতিৱেদন আৰু তথ্যৰ আধাৰত বন সংমণ্ডল বিষয়াই সমগ্ৰ বিষয়টিৰ ওপৰত এক বিশেষ প্ৰতিৱেদন
প্ৰস্তুত কৰি মুখ্য বনসংৰক্ষক তথা প্ৰধান বন্যপ্ৰাণী অধীক্ষকলৈ প্ৰেৰণ কৰে৷ তাৰপিছত
গঁড়ৰ খড়্গসমূহ কোষাগাৰলৈ পঠিয়াব লগা হয়৷

 

বিগত কেইবাবছৰ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয়
উদ্যান কৰ্তৃপক্ষই এইদৰে গোলাঘাট
, নগাওঁ আৰু শোণিতপুৰ জিলাৰ কোষাগাৰত দি
আহিছিল যদিও আজি কেইমাহমান ধৰি এই খড়্গসমূহ থবলৈ ঠাইৰ অভাৱ হোৱা বুলি বাতৰি কাকতত পঢ়িবলৈ
পাইছোঁ৷ কোষাগাৰৰ সলনি কাজিৰঙাৰ বনাঞ্চল কাৰ্যালয়সমূহতো এই খড়্গবোৰ থবলৈ পৰ্যাপ্ত আৰু
সুৰক্ষিত স্থানৰ অভাৱ
, ত দীঘলীয়া সময়ৰ
বাবে খড়্গ সংৰক্ষিত কৰি ৰাখি থব পৰা যায়৷

প্ৰায়ে মনত প্ৰশ্ন জাগে, যিহেতু গঁড়ৰ খড়্গৰ কোনো বৈজ্ঞানিক মূল্য শূন্য, তেন্তে
ইমান দীঘলীয়া ব্যৱস্থা আৰু শ্ৰমৰ মাজেদি কেইবাবছৰো ধৰি খড়্গসমূহ ৰাজ্যৰ মূলয়বান সম্পত্তি
হিচাপে কোষাগাৰত সংৰক্ষিত কৰি ৰখা হৈছে কিয়
?

বাঘৰ মৃত্যু হলে
সম্পূৰ্ণৰূপে দাহ কৰি বা এই দাহ কাৰ্য সিনিশ্চিত কৰি দায়িত্বত থকা বনবিষয়া আৰু মৰণোত্তৰ
  পৰীক্ষাকাৰী গোটৰ সদস্যসকলৰ স্বাক্ষৰসম্বলিত
এখন পঞ্চনামা প্ৰস্তুত কৰি
, Annexure-I ত দিয়াৰ দৰে এটা চুড়ান্ত
ৰিপ
ৰ্ট প্ৰধান বন্যপ্ৰাণী অধীক্ষকলৈ প্ৰেৰণ কৰাৰ লগতে ত্ৰ প্ৰতিলিপি
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকাৰীলৈ প্ৰেৰণ কৰিব লগা হয়৷
বাঘৰ ক্ষেত্ৰত এটা
নিৰ্দিষ্ট নিৰ্দেশনা থকাৰ ফলত বাঘৰ শৰীৰৰ অংগ-প্ৰত্যংগবোৰ কোষাগাৰত বা অন্যান্য ঠাইত
সংৰক্ষিত কৰি ৰাখিবলগীয়া নহয়৷ এনে ব্যৱস্থাই বাঘৰ কোনো অংগ-প্ৰত্যংগ কোনো প্ৰকাৰে চোৰাং
বেপাৰীৰ হাতলৈ বা বজাৰলৈ যাব নোৱৰা ব্যৱস্থা এটাক সুনিশ্চিত কৰিলে৷ গঁড়ৰ ক্ষেত্ৰত খড়্গবোৰ
এনেকৈ ধ্বংস কৰি দিয়াৰ সুনিৰ্দিষ্ট নিৰ্দেশনা এটা থকা হ’লে বৈজ্ঞানিক মূল্য শূন্য খড়্গবোৰ
সংৰক্ষণ কৰি ৰখাৰ দৰে সময় আৰু ধন খৰচৰ বেপাৰ এটা নাথাকিলহেতেন৷ অথবা কোষাগাৰত জমা থকা
গঁড়ৰ খড়্গৰ সত্যাসত্য সন্দৰ্ভত থকা সন্দেহ আৰু বিতৰ্ক সৃষ্টিৰ সুৰুঞা নাথাকিলহেতেন৷
সেয়ে ২০১৬ চনত ডিয়াগো জু চাফাৰী উদ্যান ….? সংস্থা, ব্যক্তিৰ উপস্থিতিত গঁড়ৰ খড়্গ
জ্বলাই দিয়াৰ দৰে অসমৰ গঁড়ৰ খড়্গ জ্বলাই দিয়াৰ নিৰ্দিষ্ট নিৰ্দেশৰ প্ৰয়োজন৷