গছপাত আৰু বৰষুণৰ কণিকা

সৌৰভ শইকীয়া
 
সকলোতকৈ শক্তিশালী
কল্পনাবোৰ
পোনে পোনে প্ৰকৃতিৰ মাজৰ
পৰাই আহে৷
 
ডাল এৰি হঠাতে কিয় উৰি
গ’লা?
অলপ আগলৈকে তুমি
প্ৰশ্নবিদ্ধ আছিলা৷
 
তুমি সেউজীয়া কাঁইট
মই পিপাসাৰ্ত, তেজলগা
গানৰ কণিকা
দৰ্শক হৈয়ে চাই থাকিবা?
 
মই কেতিয়াও, কোনো দিনে
দৰ্শকৰ কাৰণে
নাটক কৰা নাই৷
নাটক কৰিছোঁ নিজৰ কাৰণে
যি নাটকত নিজকে চাব
বিচাৰিছোঁ
 
তুমি কোন?
গানৰ গছ-গছনিবোৰ ক’ৰ পৰা
আহিল?
বিচাৰিলেই নাপাবা
বহুতো ধুনীয়া গান আজি
হেৰাই গৈছে
 
বিলীন হৈ যায় দৃশ্যবোৰ৷
তাৰ আগতেই
মই শেষ হৈ যাম
বৰষুণে জুই লগাই দিয়া
অংকবোৰত৷ নাটক?
 
নাটক তিনি ঘণ্টা চাইছিল
মানুহে৷
অজি-কালি এক ঘণ্টাৰ নাটকো
ভালকৈ চাব নোৱাৰে৷
সকলো সময়তে জেপত হাত ভৰাই
ভাবি থাকে
ফ’নটো কেতিয়া বাজিব …
 
কোন তুমি?
কেন্‌ভাছ অতিক্ৰমি কিয়
উৰি গ’লা?
স্বপ্নৰ অভ্যন্তৰত উন্মাদ
ভেনচেণ্ট্ আছিল৷

শ্ৰব্য ৰূপ