গ্ল’বেল ৱাৰ্মিং

মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা) 

অসমীয়া অনুবাদ :  কুমুদ ঘোষ

(মিথিলেশ
ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা গাঁৱত ১৯৪৬ চনৰ ২৩
ফেব্ৰুৱা
ৰিত৷ ষাঠিৰ দশকৰ শেষৰ ফালে শ্যামলেন্দু চক্ৰৱৰ্তী সম্পাদিত অনীশপত্ৰিকাত
গল্প লেখক হিচাপে আত্মপ্ৰকাশ৷ শিলচৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী
শতক্ৰতু’-ৰ অন্যতম সম্পাদক৷  তদুপৰি তেখেতৰ একক
প্ৰচেষ্টা আৰু সম্পাদনাত প্ৰকাশিত হয়
পৰম্পৰানামৰ গল্পৰ এখন বিশেষ আলোচনী৷ উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা
প্ৰকাশিত প্ৰায় প্ৰতিখন বাংলা ভাষাৰ লিটল মেগেজিনত মিথিলেশ ভট্টাচাৰ্যৰ গল্প
প্ৰকাশ হৈছে৷ আজীৱন সাহিত্যসেৱাৰ বাবে তেখেতক ২০১০ চনত
দ্বিৰালাপ
সম্মানেৰে ভূষিত কৰা হৈছে৷ বৰ্তমানলৈকে প্ৰকাশিত উল্লেখযোগ্য
সঙ্কলনকেইখন হ
ল – কক্ষপথ, চৈত্ৰপৱনে,
আত্মকথা ইত্যাদি৷ শ্ৰীযুত ভট্টাচাৰ্যৰ সানন্দ অনুমতি সাপেক্ষে
বৰ্তমানৰ গল্পটি অনুবাদ কৰা হ
ল৷] 

কি যে টিকটিকীয়া
ৰঙা চেহেৰা! যেন ৰক্তাম্বৰ পৰিহিত ভয়ংকৰ চেহেৰাৰ কাপালিক এজন আহি দুৱাৰডলিত থিয় হৈছেহি৷ বিচ্ছুৰিত তাপত চৌপাশ ডেই গৈছে৷
যিমান দূৰলৈকে নীলা সিমান দূৰলৈকে ৰূপালী জুই জ্বলিছে৷ পুৱাতেই পোনপটীয়াকৈ
বেলিটোৰ ফালে চাব নো
ৰা অৱস্থা৷ নমস্কাৰৰ ভঙ্গীত ওপৰলৈ দঙা হাত
দুখনেৰে চকু দুটাক আঁৰ কৰিব লগা হৈছে৷ সূৰ্য নমস্কাৰ৷ অবিনাশৰ ল
ৰালি কালৰে অভ্যাস৷ বিছনাখনৰ পৰা নামিয়েই প্ৰথমে কৰযোৰ কৰি পূবমুৱা হৈ থিয়
ল৷ দেউতাকৰ বুকুৰ ওচৰতে শুই শুয়েই পুৱাৰ ভাগত সি সেই লৰালি কালৰে পৰাই দেউতাকৰ কণ্ঠৰ সৈতে সুৰ মিলাই ডাঙৰ ডাঙৰকৈ সূৰ্যস্তুতি আওঁৰাইছিল৷ প্ৰভাতেজঃ স্মৰেনিত্যং দুৰ্গা দুৰ্গা
খৰোদ্দয়ং …৷
আৰু এতিয়া তেনেই অকণমানি চোতালখনত পূবমুৱা
হৈ সূৰ্য বন্দনা৷
ওম জবাকুসুমসঙ্কাশং কাশ্যপেয়ং মহাদু্যতিম্‌৷

        দপ্‌দপাই জ্বলিছে সূৰ্য৷ যেন গধূলিৰ চৌকা৷ ৰুটিৰ দৰে অবিৰাম ডেই গৈছে
পৃথিৱী৷ মানুহ
, গছ-লতা, জীৱ-জন্তু,
চৰাই-চিৰিকটি, কীট-পতঙ্গ সকলো পুৰিছে৷ আৰু
ইয়াকে লৈ সৰু-বৰ অন্তহীন জল্পনা-কল্পনা৷

        গ্ৰীণ হাউছ এফেক্ট!

        কাবৰ্ন-ডাই-অক্সাইড!

        এছিয়ান ব্ৰাউন ক্লাউড!

        এল্ নিনো!

 

        বেলিটো বোলে বহুখিনি তললৈ নামি আহিছে?’

        কোনে কৈছেহে, জানোচোন?’

        সৌ ৰতনৰ চাহৰ দোকানত শুনি আহিলোঁ৷

        গল্প-গুজৱ হৈছে৷

        সেয়ে৷

        অজলাটো৷ বেলিটো স্থিৰ৷ পৃথিৱীখনহে ঘূৰি থাকোঁতে তাৰ ওচৰলৈ গৈছেগৈ৷

        , সেয়ে ইমান গৰম৷

আজিৰ পৰা পোন্ধৰ
বছৰ আগতে সদলবলে অবিনাশ যেতিয়া এই ঠাইডোখৰলৈ প্ৰথম বসতি স্থাপনৰ বাবে আহিছিল
তেতিয়া ঠাইডোখৰৰ সৌন্দৰ্য চকুত পৰা বিধৰ আছিল৷ চৌদিশ মুকলি৷ মুকলি পথাৰৰ
ফিৰফিৰীয়া সেউজীয়া বতাহ৷ বিস্তৃত ধাননি পথাৰৰ একাষে এখন সৰু নদী৷ ইফালে-সিফালে কত
ৰকমৰ চৰাই-চিৰিকটিৰ উৰণ৷ শালিকা
, ঘৰচিৰিকা, পাতসিয়া,
বুলবুলি, মাছৰোকা, পাতি
কাউৰী আৰু বগলীৰ জাক৷ শস্যহীন পথাৰ বা বাটৰ কাষৰ সকলোতে গৰু-গাই
, হ-ছাগলী-ভেৰা আদি যেনেকৈ চৰিছে, তেনেকৈয়ে খেতি-পথাৰৰ ওপৰেদি চৰাইবোৰ উৰিছে, কেতিয়াবা
চঞ্চল
ঠোঁটেৰে অতি ব্যস্ততাৰে দানা খুঁটি খাইছে৷ পূব-দক্ষিণ
দিগন্তত ঢৌ তোলা ভুৱন পাহাৰ শীৰ্ষ পটত অঁকা ছবিৰ দৰে৷

        আৰু সেই মানুহবোৰ৷ প্ৰায় প্ৰথমৰ পৰাই তেওঁলোক ইয়াত আছে৷ কিছু মানুহ উঠি যোৱা ৰিফিউজি কেম্পৰ,
কিছু পৰিত্যক্ত চাহ বাগিচা আৰু ইটাখলিৰ শ্ৰমিক আৰু কিছু সংখ্যক গাওঁ
এৰি চহৰলৈ অহা মানুহ৷ সিহঁতৰ চেহেৰাত কোনো পলিছ নাই৷ কিবা যেন শুকান-উবান
, শিক্ষা-সংস্কৃতিহীন
দুখীয়া-নিচলা মূৰ্খৰ দল৷ বেছিভাগ মানুহেই
দিন-মজুৰ৷ কাৰো কাৰো সৰু-সুৰা ব্যৱসায়-বাণিজ্য বা অতি সৰু চাকৰি৷ সিহঁতৰ
জীৱন-যাপনৰ প্ৰণালী বৰ বেলেগ ধৰণৰ৷ চহৰৰ শিক্ষিত মানুহৰ সৈতে একেবাৰে নিমিলে৷

        সিহঁতৰ মাজৰে লৰা-বুঢ়া-ডেকা
এনে কিছুমান মানুহ আছে
, যিয়ে টোপনিৰ পৰা উঠিয়েই হাতত খেৱালি
জাল বা বৰশী লৈ জলাহ বা নদীত মাছ ধৰিবলৈ যায়
; আৰু কিছুমান
জীৱিকাৰ ধা
ন্দাত বাটলৈ ওলায়৷ ৰাতিৰ পৰত কেতিয়াবা
আমোদ-প্ৰমোদৰ বাবে ভা
ড়া কৰি অনা মাইকত গান বজায় বা ভিডিঅত ৰঙীণ চিনেমা চোৱাৰ আড্ডা পাতে৷ খোৱা-পানীৰ প্ৰয়োজন বোধ কৰিলে বাটৰ কাষৰ
প্লাষ্টিকৰ পাইপ ফুটুৱাই সেয়া যোগাৰ কৰে৷ সেইবোৰ গৰ্হিত কাম-কাজ সিহঁতে ইমান শীতল
মস্তিস্কৰে কৰে যে সিহঁতৰ কোনো অপৰাধ বোধ নহয়৷

খৰধৰকৈ
চকুৱে-মুখে পানী এছাটি মাৰি চাহ-বিস্কুট খাই বাহিৰলৈ যাবলৈ অবিনাশ সাজু হ
ল৷
আজিকালি বাহিৰলৈ ফুৰিবলৈ যোৱাটো যেন তাৰ নিয়মত পৰিণত হৈছে৷ তাৰ নিজৰেই কথাটো
কিবা অবাক লাগে৷ আজিকালি ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই অবিনাশে সেই তাগিদাটো অনুভৱ
কৰে
, যিটো সি এৰাব নোৱাৰে৷ অৱশ্যে ইয়ালৈ স্থানান্তৰিত হৈ
পাছৰে পৰাই ৰাতিপুৱা এবাৰ বাহিৰলৈ ফুৰিবলৈ যোৱাটো তাৰ অভ্যাস হৈ পৰিছিল৷ কিন্তু
বহুদিন হ
ল তাত যতি পৰিছে৷ বৰ বিশেষ প্ৰয়োজন নহলে আজিকালি সি বাহিৰলৈ নোলায়৷ কেইদিনমানৰ পৰা অফিচলৈ ওলোৱাৰ আগতে বাহিৰখনে
তাক বৰকৈ আকৰ্ষণ কৰিবলৈ লৈছে৷ কাৰো ঘৰত বহি আড্ডা দিয়াৰ মানসেৰে নহয়
, আগতে যি অভ্যাস আছিল তাৰেই পৰিণতিত এই আকৰ্ষণ৷ সিহঁতৰ সৰু গলিটো পাৰ
হৈয়েই চহৰমুখী ৰাস্তাটোৰ সিপাৰে পকা দালানবোৰৰ খাপে খাপে বহু কেইখন দোকান আছে৷
চাহৰ দোকান
, চেলুন, পিচিঅ’, ষ্টেশ্বনাৰী আৰু এখন গেলামালৰ দোকান৷ তাৰ লক্ষ্য সেই শেষৰ দোকানখন৷ কিন্তু
অবিনাশ পোনে পোনে তালৈকে নাযায়৷ পিচিঅ
বা ষ্টেশ্বনাৰী
দোকানত দুই-এপাক মাৰিহে তাত উপস্থিত হয়৷ সেই দোকানখন ইৰাৰ৷ খোকা মহাজনৰ বিধৱা ঘৈণী
ইৰা মধ্যযৌৱনা৷ কিছুদিনৰ পৰা তাইৰ সৈতে অবিনাশৰ এক সু-সম্পৰ্ক গঢ় লৈ উঠিছে৷
চুবুৰীয়া হিচাপে আৰু খোকা
মহাজনৰ ঘৈণীয়েক হিচাপে আগৰে পৰাই
ইৰাৰ সৈতে তাৰ পৰিচয় আৰু কথা-বতৰা আছিল৷ তেতিয়া অৱশ্যে এতিয়া নিচিনাকৈ ঘনি
ষ্ঠতা নাছিল৷

        খোকা মহাজনৰ আকস্মিক মৃত্যু
পাছৰে পৰাই ইৰাই দোকানখন চম্ভালিব লগা হৈছে৷ খাই-বৈ জীয়াই থাকিব লাগিব৷ কোলাৰ
কেঁচুৱাটোকো ডাঙৰ কৰিব লাগিব৷

        সেই দোকানখনৰ মালিকে পুৰণি এগ্ৰিমেণ্টখন পুনৰ নতুন কৰাৰ সময়ত তাত সাক্ষী
হিচাপে অবিনাশে চহী কৰিছিল৷ কেইদিনমানৰ আগতে দাঢ়ি খুৰাবলৈ
ব্লেড কিনিবলৈ যাওঁতেই হঠাৎ ইৰাৰ দোকানত সোমাইছিল৷ তেতিয়াই ইৰাই তাক সাক্ষী হবলৈ অনুৰোধ কৰিছিল৷ তেতিয়াৰ পৰাই দুয়োজনৰ মাজত ঘনিষ্ঠতাৰ সূত্ৰপাত৷

        গেইটখন খুলি বেগাই অবিনাশ দুখোজমান গৈছেহে মাত্ৰ, তেনেতে
মুখামুখি হ
ল পীতাম্বৰৰ সৈতে৷ মূৰত
ছাতি হাতত লাখুটি লৈ দীৰ্ঘদেহী সৌম্যকান্তি মানুহজনে লাহে-ধীৰে খোজ দিছিল৷ অবিনাশক
দেখি ৰৈ দিলে৷

       
কোনফালে যোৱা সোণটো৷

       
অলপমান দোকানৰ পৰা আহোঁগৈ৷ ইমান যে ৰদত
আপুনি ওলাল
, মহাদেউ?’

       
অভ্যাস বুজিলা৷ ৰাতিপুৱা অলপমান ইফালে-সিফালে কেইখোজমান নিদিলে ভাল
নালাগে!
’ – হাঁহিমুখে পীতাম্বৰে কলে৷

       
বুজিলোঁ৷ কিন্তু এই গৰমে আপোনাৰ গাটো বেয়া কৰিব!’ – অবিনাশৰ কণ্ঠত যথেষ্ট উদ্বেগ ফুটি উঠিল৷

       
কিমাননো আৰু বেয়া হ? চোৱা,
সকলোবোৰ সমূলে বিনষ্ট হবলৈকে সৃষ্টি হৈছে৷ এই
দেহাটোও তাৰ বাহিৰত নহয়৷

        অবিনাশৰ ভিতৰখন চমকি উঠিল৷ কৌতূহলী দৃষ্টিৰে পীতাম্বৰে
তাৰ মুখৰফালে চালে৷ এই তীব্ৰ দহন উত্তাপ
, ৰঙাচকুৱা সূৰ্যৰ
ৰুদ্ৰৰোষ – সেইবোৰত যেন তেওঁ অলপো বিচলিত নহয়৷ চকুৱে-মুখে এক শান্ত
, সমাহিত ভাব৷

        অবিনাশৰ অসংযমী মনে সেইবোৰৰ গূ উপলব্ধিক কোনো ধৰণৰ
গুৰুত্ব নিদি কেৱল ডেউকা মেলি উৰি গ
ল ইৰাৰ উদ্দেশ্যে! তাৰ
চিন্তা
, কল্পনা, সপোন, সকলো ভৰি পৰিছে ইৰাৰ ভাবনাত৷ ইৰাই এতিয়া তাৰ একমাত্ৰ লক্ষ্য৷ চকু যেন পখীৰ
চকু৷ তাৰ ধ্যান জ্ঞান সকলোতে কেৱল ইৰা৷

        আহোঁ মহদেউ!’ – বুলি কথাষাৰ কৈয়েই খৰখেদাকৈ অবিনাশে পীতাম্বৰৰ পৰা ফালৰি কাটিলে৷

        এনেয়ে অবিনাশ ইৰাৰ দোকানত নোসোমায়৷ বিশেষ প্ৰয়োজনো নহয়৷ প্ৰতি মাহে
প্ৰয়োজনীয় যিবোৰ বস্তু সি বাহিৰৰ পৰা কিনে
তাৰ প্ৰায় একোৱেই ইৰাৰ দোকানত পোৱা নাযায়৷ নামী-দামী কোম্পানীৰ ভিন্ন স্বাদৰ
বিস্কুট
, চানাচুৰ, আচাম-জেম-চচ্চ্‌,
তেল, চাহ বা কচমেটিকৰ দৰে সামগ্ৰী থোৱাৰ
সামৰ্থ্য ইৰাৰ নাই৷ অৱশ্যে কিছুমান বস্তু সৰু-ডাঙৰ সকলো দোকানতে কমন আৰু প্ৰায়
একেই মানৰ৷ যেনে
, চাউল-দাইল-আটা-আলু-পিয়াজ-নহৰু-নিমখ-চেনি-চিৰা-মুড়ি ইত্যাদি৷ কেতিয়াবা  হঠাৎ সেইবোৰৰ কিবা দৰকাৰ হলে অবিনাশ ইৰাৰ দোকানত সোমায়৷ আৰু তেতিয়া অসহায় ইৰাক পৰোক্ষভাৱে সহায় কৰাৰ
এক তৃপ্তি বোধ কৰে সি৷

        আজিকালি পুৱাই পুৱাই অবিনাশে কিবা একোটা অজুহাতত ইৰাৰ দোকানত এপাক মাৰে৷
তাক দেখিলে ইৰায়ো তাক বেছ আদৰ-সাদৰেৰে আদৰণি জনায়৷ ইৰাৰ চকু দুটাই অবিনাশক আকৰ্ষণ
কৰে৷ চকু দুটা সমূলি ডাঙৰ নহয়৷ অৱশ্যে সৰু হ
লেও বেছ
আকৰ্ষণীয়৷ সেই চকু দুটাত চকু থ
লে অবিনাশৰ কিয় জানো অনুভৱ হয়
ইৰাই তাক কিবা এটা ক
ব বিচাৰিছে৷ কেইদিনমানৰ পৰা কথাটোৱে
ভিতৰি ভিতৰি বেছ আলো
ন তুলিছে আৰু সিয়ো অন্তৰে অন্তৰে ইৰাক
প্ৰশ্নও কৰিছে
, ‘তুমি মোক কিবা ক
বিচাৰিছা
?’

        অবিনাশে লক্ষ্য কৰিছে, তাক দেখা পালে ইৰা সপ্ৰতিভ
আৰু উচ্ছ্বল হৈ উঠে৷ পাৰ্টিশ্বনখনৰ গাতে গা লগাই থোৱা কাঠৰ পাতল বেঞ্চখনত তাক
বহিবলৈ কয়৷ কিবা লাগে নেকি সেয়াও সোধে৷ অবিনাশে তেতিয়া অন্তৰতে তাইক উদ্দেশ্যি কয়
,
মোক একো নালাগে৷ কেৱল তোমাক চাবলৈকে ইয়ালৈ আহোঁ৷ তোমাৰ দুটি নয়ন
আৰু শ্যামবৰণীয়া মুখৰ মিঠা হাঁহিয়ে মোক বৰকৈ আকৰ্ষিত কৰে৷

        আৰু অতদিনে মূৰ তুলি তাইৰ চেহেৰাটো ভালকৈ লক্ষ্য নকৰাৰ বাবে অবিনাশৰ অলপ
আপচোচ বোধো হয়৷

       
অবিনাশদা, একো নিনিলেও নাই, বহকচোন৷’ – আন্তৰিক সুৰত ইৰাই অনুৰোধ কৰে৷

       
অকল বহিমনো কিয়?’ – বুলি মুখেৰে কলেও সেই অনুৰোধৰ বাবে অবিনাশে অপেক্ষা কৰে৷

       
চিগাৰেট খাবনে?’

       
কি ব্ৰেণ্ডৰ আছে?’ – জানিবলৈ
গৈও সি ভাবে
, ইৰাই জানো ‘ব্ৰেণ্ড শব্দৰ অৰ্থ বুজিব৷

       
ফ্লেক আছে৷’ – অৰ্থ বুজক বা নুবুজক ইৰাই
ঘপহকৈ চিগাৰেটৰ নাম কয়৷

       
মই ফ্লেক নাখাওঁ৷ তথাপি দিয়াঁ এটা৷

       
আপুনি আহি বহিলে মোৰ বিক্ৰী ভাল হয়৷
চিগাৰেট আৰু জুইশলা একেলগে আগবঢ়াই দি ইৰাই
কয়৷

       
মানে?’ – দুই ওঁঠৰ ফাঁকত
চিগাৰেটটো গুঁজিবলৈ লৈ প্ৰশ্নবোধক দৃষ্টিৰে অবিনাশে ইৰাৰ মুখৰফালে চায়৷

       
বেছিকৈ কাষ্টমাৰ আহে৷’ – হাঁহি হাঁহি ইৰাই
উত্তৰ দিলে৷

       
মোৰ শৰীৰৰ পৰা এনে কি সুগন্ধি ওলায় যে বতাহ শুঙি শুঙি মৌ মাখিৰ
নিচিনাকৈ গ্ৰাহক আহি দোকানত ভিৰ কৰেহি
?’ – অন্তৰতে অবিনাশে
নিজকে প্ৰশ্ন কৰিলে৷

       
সেয়াই!’ – সি যেন অলপমান অবাক হল৷

       
আপুনি বহনি কৰিলে মোৰ বিক্ৰী ভাল হয়৷’ – নম্ৰভাৱে
ইৰাই ক
লে৷

       
মই  কিবা পীৰ বা ফকীৰ নেকি?
দোকানত ভৰি থোৱা মাত্ৰেই অলৌকিক চব কাণ্ড হ,
হুৰমূৰাই গ্ৰাহক আৰু টকা আহিবলৈ লব৷ ধুৎ৷
অৱশ্যে সি শুনিছে সি বোলে লক্ষ্মী৷ অনেক সচেতন মানুহেও সেই কথা
কয়৷ লক্ষ্মী-অলক্ষ্মী সেইবোৰ আকৌ কি
? কুসংস্কাৰ! হাজাৰ-লক্ষ
বছৰৰ কুসংস্কাৰ৷ ছাল ওকণিৰ দৰে মানুহৰ মনত লিপিট খাই আছে৷ নাযায়
, মনৰ পৰা কেতিয়াও নাযায়৷ সেই অঙ্গাৰঃ শতধৌতেন
মলিনত্বং ন মুঞ্চতি
ৰ নিচিনা৷

        অবিনাশে ইৰালৈ চালে৷ একহাৰা শ্যামবৰণীয়া৷ মধ্য যৌৱনা৷ বেছ সুগঠিত শৰীৰ৷
ব্লাউজৰ তলত
অন্তৰ্বাস নথকাত পুষ্ট স্তন দুটা থুলথুলীয়া
লাগিছে৷
নিৰ্লজ্জ দৃষ্টিৰে সেইফালে চাই থাকোঁতে সি ভাবিলে
ইৰাৰ চকু বা মুখ নহয়
, আচলতে তাইৰ শৰীৰটোৱে তাক এক তীব্ৰ
যৌনকাংক্ষা
ত আকৰ্ষণ কৰে৷ সি যিদিনাৰ পৰা তাইৰ ফালে মূৰ তুলি
চাবলৈ ল
লে, সিদিনাৰ পৰাই সি তাইৰ
প্ৰতি আকৰ্ষণ বোধ কৰিছে৷ সেই শৰীৰৰ আকৰ্ষণতে আজিকালি সি ৰাতিপুৱা ওলায়৷ অজুহাত
বিচাৰি ইৰাৰ দোকানত সোমাইছে৷ ইটো-সিটো কথা পাতি থাকোঁতে
, ইৰাৰ
নানা ভঙ্গিমাৰ শৰীৰটো সি চাই আছে
; 
এনেদৰে চাই থাকোঁতে কেতিয়াবা পাইজামাৰ তলৰ যৌনাঙ্গটো স্ফীত হৈ উঠিছে আৰু সি শৰীৰৰ সমগ্ৰ নিম্নাঞ্চলত এটা গৰম ভাব অনুভৱ কৰিছে৷

       ৰাতিপুৱা সৰু-সুৰা ইটো-সিটো কিনিবলৈ অহা গ্ৰাহকসকল অলপ পৰ দোকানখনৰ খালী বেঞ্চখনত বহে৷ অবিনাশক দেখিলে সসম্ভ্ৰমে থিয় হয়৷ ৰূপলাল বোলা
এজন আছে৷ সি সদায় আহে৷ অৱশ্যে তাৰ সৈতে অবিনাশৰ সদায় দেখা-সাক্ষাৎ নহয়৷ কাষতে
ৰূপলালৰ চাহৰ দোকান৷ 
ৰাক দোকানত বহুৱাই ইৰাৰ দোকানলৈ বাতৰি কাকত পঢ়িবলৈ  আহে৷ দুহাত মেলি বাতৰি-কাকতখনেৰে ৰূপলালে শৰীৰৰ
আধাখিনি ঢাকি ৰাখে৷ অৱশ্যে অবিনাশ অহা গম পালে সিও বেঞ্চখন এৰি হাততে কাকতখন
লৈ  থিয় হয়৷

        হকাৰজনে অলপ আগেয়ে বাতৰি-কাকতখন দি গৈছে৷ চাউল-দাইল-আলু-পিঁয়াজৰ বস্তাৰ ওপৰত কাকতখন পৰি আছে৷ ইফালে-সিফালে চাই অবিনাশে কাকতখনৰ
হেডলাইনত চকু ফুৰালে
স-সম্মানে ঘৰলৈ ওভতিল ডঃ হানিফ৷
ব্ৰহ্মপুত্ৰৰ বানত এঘাৰ লাখ মানুহ গৃহহীন৷ বৰাকত বানৰ পদধ্বনি৷ অশ্লীলতাৰ দায়িত্ব
মূৰ পাতি হিমাচলৰ মন্ত্ৰীৰ পদত্যাগ৷ নন্দীগ্ৰামত পুনৰ ৰক্তপাত৷ শ্ৰীনগৰত পৰ্যটন
বাছত
বিষ্ফোৰণ৷ গ্লবেল ৱাৰ্মিঙৰ
প্ৰভাৱ
: গ্ৰীচৰ প্ৰায় পোন্ধৰটা অঞ্চলত একেলগে বনজুইৰ
প্ৰকোপ৷ চাইমন টফেলৰ ভুলৰ বাবেই চেঞ্চুৰীৰ স্ব
প্নভঙ্গ
সৌৰভৰ৷ আজি টাডা আদালতত মুন্নাভাই সঞ্জয়
দত্তৰ ভাগ্য নিৰ্ণয়৷

        ওলাই অহাৰ সময়ত অবিনাশে দেখিছিল, ড্ৰয়িংৰুমৰ খোলা
খিৰিকীখনেদি হকাৰে বাতৰি-কাকতখন দলিয়াই দিছে৷ দিনত সময় নহয়
, সেয়ে
ৰাতিহে সি বাতৰি-কাকতখন পঢে.৷ এতিয়া সেইখন দেউতাকৰ দখলত৷ তেখেতে নিজে প
ঢ়িব নোৱাৰে৷ দুচকুত ছানি পৰিছে৷ ৰাঙলী বাইদেৱে দেউতাক পঢ়ি শুনায়৷ অসুস্থ মৃগীৰোগী ৰাঙলী বাইদেউৰ গোটেই দিনৰ কাম সিমানখিনিয়েই৷
পাকঘৰৰ লগতে আনবোৰ কাম মাক আৰু বন কৰা তিৰোতাগৰাকীৰ৷ মাকৰ বয়স হৈছে৷ তথাপি অবিনাশে
বিয়া কৰাই কইনা এজনী ঘৰলৈ আনিবলৈ সাহস নকৰে৷ এগৰাকী মানুহে বৃদ্ধ মাক-দেউতাকৰ লগতে
এজনী বেমাৰীক চম্ভালিব কেনেকৈ
? সেয়ে বিয়াৰ প্ৰসঙ্গত
হোঁহকা-পিছলা কৰিছে আৰু পিছুৱাইছে৷ ইফালে আকৌ ফুলে ফুলে পৰি মৌ চোহাৰ 
চ্ছাও অবিনাশৰ নাই৷
প্ৰেমৰ ফান্দ পতা এই পৃথিৱীখন যেন ক্ৰমশঃ কামসবৰ্স্ব হৈ উঠিছে৷

        খালি হৈ পৰি থকা বেঞ্চখনত অবিনাশ বহিল৷ দোকানৰ সৰু গাদীখনত বহি ইৰাই তেতিয়া সৰু এক্সাৰচাইজ বহী এখনত সম্ভৱত
হিচাপ টুকিছিল৷ সেইফালে চাই অবিনাশে ক
লে, ‘কথা এটা জানিব বিচাৰিছোঁ, বেয়া নোপোৱাঁ নহয়?’

       
নাপাওঁ, নাপাওঁ৷ কওকচোন৷’ – ইৰাই মূৰ দাঙি পোনপটীয়াকৈ তাৰ ফালে চাই কলে৷

       
তুমি কিমানলৈকে পঢ়া-শুনা কৰিছা?’

       
এইছ এছলৈকে৷

       
পাছ নে ফেইল?’

       
পাছ৷

       
আৰু পঢ়া-শুনা নকৰিলা তেনেহলে?’

       
আৰু পঢ়া-শুনা কৰিবলগা হলে দহ কিলোমিটাৰ দূৰৈৰ চহৰলৈ যাব লাগিলহেঁতেন, দেউতা
মান্তি নহ
ল৷

       
কিয়?’

       
ছোৱালী বাবেই দেউতাই ৰিস্ক্ লব নিবিচাৰিলে৷

       
কিহৰ ৰিস্ক্?’

       
সেইবোৰ বহুত কথা৷ আপোনাক কব নোৱাৰোঁ৷

      
ঠিক আছে৷ তোমাৰ গিৰীহঁতেতো এক শ্ৰেণীও পঢ়া-শুনা
কৰা নাছিল৷
’ – পোনপটীয়াকৈ খোকাক জধামূৰ্খ বুলিবলৈ অবিনাশৰ মন
নগ
ল৷

       
সেয়া জানো৷

       
তথাপি তোমাৰ দেউতাৰাই তোমাক তাৰ সৈতেই বিয়া দিলে৷ তুমি তেতিয়া
আপত্তি কৰা নাছিলা নেকি
?’

     
দেউতা সহজ-সৰল মানুহ৷ তেওঁৰ কথা হল যাৰ ঘৰত
ভাত-কাপোৰৰ অভাৱ নহ
ব তেনে এখন ঘৰলৈকে ছোৱালীক বিয়া দিব৷
দেউতাৰ মুখৰ ওপৰত কথা কোৱাৰ সাহস আমাৰ নাছিল৷

        সহজ-সৰল মানুহ হলেও ইৰাৰ দেউতাকক দূৰদৰ্শী বুলিবই লাগিব৷ অজলা খোকা মাজনৰ তেতিয়া তেতিয়া ৰমৰমীয়া ব্যৱসায়৷ বেঙ্ক
একাউণ্টত প্ৰচুৰ টকা৷ প্ৰথম প্ৰথম খোকা মহাজনে টকা তুলিবলৈ শ্লিপত টিপচহী দিছিল৷
এদিন অবিনাশক খাটনি ধৰি ক
লে, ‘ককাইদেউ,
বেঙ্কত আপোনাৰ অনেক জনা-শুনা মানুহ আছে৷ মোক এখন চেক বুকৰ বন্দৱস্ত
কৰি দিয়কচোন৷
পেমেণ্ট নগদ ধনেৰে নকৰি চেকত দিলে মহাজনৰ
সুবিধা হয়৷ কিন্তু চেকত টিপচহী দিলে নহ
ব৷ খোকা তথাপি
নাচোৰবান্দা৷ কৈছিল
, ‘তেনেহলে চহীটো
কৰিবলৈ শিকাই দিয়ক৷
চহী কৰিবলৈ শিকাবলৈ গৈ আন এক সমস্যা৷
নামৰ প্ৰথম আখৰটো কোনোমতেই খোকাই ঠিককৈ লিখিব পৰা নাই৷

হয়গৈ ৷ ওকাৰ হয়গৈ
হ্ৰস্ব উকাৰ৷ খোকা দাস হয়গৈ থুকা দাস৷ সেয়াই চহী৷ কাম চলাব পৰা দস্তখত৷

       
দেখিছেনে বাৰু, কি যে গৰম পৰিছে৷’ – শাৰীৰ আঁচলেৰে মুখমণ্ডলৰ ঘাম মচি মচি ইৰাই কলে৷

       
আৰু পৰিব৷’ – নিবিৰ্কাৰ কণ্ঠেৰে অবিনাশে
উত্তৰ দিলে৷

       
আই, তেনেহলেচোন মৰিম৷

       
গ্লৱেল ৱাৰ্মিং৷’ – অবিনাশে
ষ্ফুভাৱে শব্দ দুটা উচ্চাৰণ কৰিলে৷

       
কি কলে দাদা?’

       
কৈছোঁ, এতিয়া উষ্ণায়নৰ যুগ৷

       
দত ভাজ খাওঁতে খাওঁতে তেনেহলে ভস্ম হৈ যাম৷

       
তেনেকুৱাই হব যেন লাগিছে৷ কালি ইয়াত কিমান
গৰম পৰিছিল জানানে
?’

       
নাজানো৷ অৱশ্যে ৰাতি উশাহ-নিশাহ বন্ধ হৈ মৰিম যেন লাগিছিল৷

       
কালি গৰম হৈছিলগৈ বিয়াল্লিছ ডিগ্ৰী৷ আমাৰ ইয়াত সেয়া প্ৰায় পঞ্চাছ ডিগ্ৰীৰ
সমান৷ হিউমিডিটিও বেছি৷

       
কি বুলি কলে?’

       
হিউমিডিটি৷ অৰ্থাৎ আৰ্দ্ৰতা৷

       
আৰ্দ্ৰতা ?’ – শব্দটো যে ইৰাৰ অপৰিচিত সেয়া
তাইৰ মুখৰ ভঙ্গিমাৰ পৰা বুজি পোৱা গৈছিল৷

       
বতাহত থকা জলীয়-বাষ্পৰ পৰিমাণেই হ
আদ্ৰৰ্তা৷

       
সেয়ে ইমান গৰম?’

       
কেৱল গৰমেই নে? ঘাম আৰু ঘামচি দুয়োটাই বেছি৷

        ‘মোৰ নহয় বৰকৈ ঘামচি ওলাইছে৷ হাত দুখন চাওকচোন৷’ – অবিনাশৰ চকুত পৰাকৈ ইৰাই তাইৰ খীণ হাত দুখন মেলি দিলে৷ কাঁইটীয়া জোপোহাৰ
দৰে তাইৰ দুহাতত ঘামচিৰ অৰণ্য অবিনাশৰ চকুত পৰিল৷

       
আৰু ক?’ – চকুৰ চাৱনি
আৰু কণ্ঠৰ সুৰত ইৰাৰ গোপনাঙ্গৰ বতৰা লোৱাৰ কৌতূহল৷

       
গোটেই গাত৷’ – মুহূৰ্ততে ইৰাৰ সমগ্ৰ শৰীৰ পান
কৰি ওলাই অহা অবিনাশৰ দৃষ্টি স্থিৰ হ
লহি আঁচলেৰে ঢকা
বৰ্তুলাকাৰৰ হাউলি পৰা স্তুন যুগলত৷

       
তোমাক পাউদাৰ এটা আনি দিম৷

       
নাইচিল?’

       
ওহোঁ৷ ডাৰ্মিকুল৷ সেইটো গোটেই গাত ঘঁহিলে গাটো ঠাণ্ডা হব৷ ঘামচি মৰিব৷

       
বৰ দামী চাগে’, নহয়নে?’

       
সেয়া তুমি চিন্তা কৰিব নালাগে৷ মই তোমাক সেইটো গিফট দিম৷

সন্ধিয়াপৰত
অফিচৰ পৰা ঘূৰি আহোঁতে অবিনাশ ইৰাৰ দোকানত সোমাল৷ হাতত ওলমাই থোৱা চামৰাৰ বেগৰ
ভিতৰত
গৰ্মিকা মৌচমমে ঘমনিয়ামৰাৰ অব্যৰ্থ পাউদাৰৰ টেমা৷
দোকানত কোনো গ্ৰাহক নাই৷ সি মনতে বেছ স্বস্তি পালে৷ কাৰো সমুখতে সেইটো ইৰাক দিব
নোৱাৰে৷ টেবুলত স্তূপ কৰি থোৱা বিভিন্ন ধৰণৰ পেকেট আৰু ঠোঙা এটা মেল খাই থকা মোনা
এটাত ইৰাই ভৰাই আছিল৷ সেইফালে চাই অবিনাশে ক
লে, ‘বৰ ডাঙৰ অৰ্ডাৰ পাইছা যেন ধাৰণা হৈছে৷

মূৰ তুলি ঘৰ্মাক্ত
মুখেৰে ইৰাই উত্তৰ দিলে
,‘নহয়, নহয়৷ দুদিনৰ
পাছত মুন্নাৰ দেউতাকৰ বছৰেকীয়া৷ শৰাধৰ বাবে যা-যোগাৰ কৰিছোঁ৷

       
খোকা মৰা কেইবা বছৰ হল নহয়নে?’

       
কেইবা বছৰ নহয়৷ মাত্ৰ এবছৰ৷ 

       
৷ মই আকৌ কেইবা বছৰ হল বুলি ভাবিছিলোঁ৷

       
তেওঁ মৰাৰ সময়ত আপুনি বাহিৰত আছিল৷ সেয়ে তেনে ধাৰণা হৈছে৷ আন কথানো
কি আৰু
?’

      
ব পাৰে৷’ – বুলি
লাহেকৈ কৈয়েই অবিনাশে কান্ধত ওলোমাই থোৱা বেগটোৰ চেইনডাল খুলিলে৷ বেগৰ ভিতৰলৈ
হাতখন সুমুৱাই পাউদাৰৰ টেমাটো উলিয়াই আনি চাউলৰ খোলা বস্তাটোৰ ওপৰত থ
লে৷

       
তোমাৰ বস্তুটো ইৰা৷

       
কিনো?’

       
ঘামচিৰ পাউদাৰ৷

       

       
ৰাতিলৈ এবাৰ গাত ঘঁহিবা৷ আৰাম পাবা৷

       
ঘঁহিম বাৰু৷’ – অৱশ কণ্ঠৰে ইৰাই কলে৷ তাৰ পাছতে কলে, ‘আৰু
নোৱাৰিছোঁ অবিনাশদা৷

       
কি নোৱাৰিছানো?’

       
এই দোকানদাৰী৷ টকা-পইচা নাই৷ বেঙ্কৰ পৰাও টকাখিনি উলিয়াব পৰা নাই৷
সেইবোৰ চিন্তাতে মোৰ মূৰটো গৰম৷

– ‘কালিলৈ এপাক যাবানে?’

       
লৈ?’

       
বেঙ্কলৈ৷ ময়ো তোমাৰ লগতে যাম৷

       
ঠিক আছে৷ কেই বজাত যাব আপুনি?’

       
এই ধৰা চাৰে দহমান বজাত৷ তুমি ৰেডি হৈ থাকিবা৷

       
কালিলৈ অফিচলৈ নাযায় নেকি?’

       
যাম৷ অলপ দেৰিকৈ যাম আৰু, কি কথানো৷ তোমাৰ
কামটো হ
লে ভাল লাগিব৷

        অবিনাশ আৰু ইৰা লগা-লগিকৈ খোজ কাঢ়ি গলিটো পাৰ হৈ
মেইন ৰ
ডত থিয় হলহি৷ ৰদৰ প্ৰচণ্ড তাপত চৌদিশ ডেই গৈছে৷ বতাহত জুইৰ উত্তপ্ত প্ৰৱাহ৷ ছাতিৰ তলত
ঘামি-জামি দুয়োৰে শৰীৰ জেপজেপিয়া৷ ৰাস্তাত পথচাৰী আৰু যানবাহন একোৱই নাই৷ চৌপাশে এক অস্বাভাৱিক নীৰৱতা বিৰাজমান৷
আজি তীব্ৰ শোক যাপন
, অসহনীয় ক্ৰোধ অথবা ঘোৰ বিৰোধিতাৰ কোনো
বন্ধ পালিত হৈছে নেকি
?

       
অবিনাশদা খোজকাঢ়ি যোৱা অসম্ভৱ৷’ – ইৰাই কাতৰ কণ্ঠেৰে কলে৷

       
তেনেকুৱাই ধাৰণা হৈছে৷ কিন্তু কোনো গাড়ী-মটৰো
দেখা নাই৷

       
এয়াতো অফিচৰ সময়৷ গাড়ী-মটৰৰে ৰাস্তা
গিজগিজাই থকাৰ কথা৷

       
কোনোবাই বন্ধ-চন্ধ দিয়া নাইতো৷

        ঠিক সেই সময়ত জনশূন্য নৈঃশব্দৰে ভৰা ৰাস্তাত ঠিক যেন পানীত উপঙি থকা
হাতীটোৰ নিচিনাকৈ খালী ৰিক্সা এখন চকুত পৰিল৷ দুয়োজন ৰিক্সাখন দেখি উৎসাহিত হ
ল৷

       
বলক, উঠোঁগৈ৷

       
আগেয়ে আহিবলৈ দিয়াচোন৷

        কেইমুহূৰ্তমানৰ ভিতৰত ৰিক্সাখন আহি তেওঁলোকৰ ওচৰ পালেহি৷

       
লৈ যাব৷

       
ওচৰতে৷

       
কোন ঠাই?’

       
বজাৰৰ ওচৰত৷

       
দহ টকা লাগিব৷

       
এইকণ বাট দহ টকা! ইহঁতে চকু কপালত তুলিহে এৰিব৷

       
দৰ কোব দেখিছে নহয়৷ গা-মূৰ পুৰিছে৷ যায় যদি
উঠক৷

        অবিনাশে ইৰাক ৰিক্সাত উঠিবলৈ ইঙ্গিত দিলে৷ ধীৰ গতিৰে মধ্য বয়সীয়া ৰিক্সা
চালকজনে পেডেল মাৰিবলৈ ল
লে৷ ৰাস্তাৰ দুকাষে মধ্যযুগৰ
নীৰৱতা৷ জিলীৰ মাত অবিনাশৰ কাণত পৰিছে৷ ইয়াৰ ফলত নীৰৱতা যেন আৰু গাঢ় আৰু গভীৰ হৈ
পৰিছে৷ এনে পৰিৱেশত তাৰ গাটো শিয়ৰি উঠে৷ অলপ দূৰ গৈয়েই বাওঁহাতে ৰবৰ বাগানৰ টিলা৷
তাত ৰবৰ গছৰ ছাঁৰে আৱৰা আৰু গভীৰ নিৰ্জনতা৷ ৰিক্সাৱালাই হঠাৎ ৰিক্সাখন ৰাখিলে৷
আপোনালোক অলপমান বহক৷ মই মূতি আহোঁ আৰু অলপমান পানী খাই আহোঁ৷’ – কথাষাৰ কৈয়েই ৰবৰ বাগানৰ ঘোপমৰা ছাঁৰ মাজত ৰিক্সাৱালাজন ঘপহকৈ বিলীন হৈ গল৷

        অবিনাশ আৰু ইৰা ৰিক্সাৰ ছিটত চুপ-চাপ বহি থাকিল৷ তেওঁলোকক জুইৰ দৰে
উত্তপ্ত বতাহৰ প্ৰৱাহ আৰু চোকা ৰ
দে আগুৰি ধৰিলে৷ ৰিক্সাৰ
ছিট সিমান আহল-বহল নহয়৷ দুয়োজন দুজনৰে শৰীৰত প্ৰায় লিপিট খাই ধৰাদি বহি ৰ
ল৷  ইৰাৰ শৰীৰৰ ঘৰ্ষণৰ ফলত অবিনাশৰ
শৰীৰত তীব্ৰ তাপ বিয়পি পৰিল৷ এক অমোঘ পৰিণতি স্বৰূপে দুয়োৰে শৰীৰত জ্বলি উঠিল
প্ৰৱল কামাগ্নি৷ সুদূৰ গ্ৰীচৰ বনাঞ্চলৰ প্ৰলম্বিত দাবানল যেন পৃথিৱীৰ এক প্ৰান্তিক
প্ৰদেশৰ দুই নৰ-নাৰীৰ শৰীৰত বিয়পি পৰিল৷ আৰু সেই জুইত দুয়োজন পুৰিবলৈ ল
লে পুৰি পুৰি ছাই হবলৈ
ধৰিলে৷

অনুবাদকৰ ঠিকনা :

বাইল : ৯৪৩৫৪৬৩৪৪৫