ধনিৰাম দত্ত আৰু অসমীয়া প্ৰকৃতি সাহিত্য

মানস প্ৰতিম
দত্ত


          প্ৰকৃতি সাহিত্য
ল সাহিত্যৰ এনে এটি নৱ্য ধাৰণা যত প্ৰকৃতি বৰ্ণন
আৰু সংৰক্ষণ দুয়োটা ক্ষেত্ৰৰ সমগুৰুত্ব প্ৰদান কৰা সৃজনশীল পৰিৱেশভিত্তিক সাহিত্যক
সাঙুৰি লোৱা হয়। অসমীয়া ভাষাৰ প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অভিহিত
কৰা প্ৰথমখন গ্ৰন্থই হৈছে ১৯৪০ চনত প্ৰকাশিত শ্ৰীধনিৰাম দত্তৰ 
উদ্ভিদ বিৱৰণ । আৰম্ভণী অধ্যায়ক বাদ আন সাতটা আধ্যত ভাগ কৰা গ্ৰন্থখনত উদ্ভিদৰ বিভিন্ন
অংশৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণমূলক দিশটোক গুৰুত্ব প্ৰদান কৰা হৈছে।

উদ্ভিদ বিৱৰণ কোনো অনুবাদ গ্ৰন্থ নহয়। অৱশ্যে এই গ্ৰন্থৰ প্ৰস্তুতিৰ
বেলিকা লেখকে বিভিন্ন প্ৰবন্ধ-পাতিৰ সহায় লৈছে। এই সম্পৰ্কে তেওঁ পাতনিত লিখিছে

এই পুথিখন কোনো পুথিৰ অনুবাদ নহয়। ইয়াক সংগ্ৰহ কৰোতে ডাক্তাৰ
যদুনাথ চট্টোপাধ্যায়ৰ উদ্ভিদ বিচাৰ
; বাবু জগদানন্দ দাসৰ গাছপালা;
বি, চি, বসুৰ
কৃষিবিজ্ঞান
; মাননীয় মজিদ চাহাবৰ নিম্ন প্ৰাইমাৰী পাঠ আৰু
কোনো কোনো মাহিলী কাকতৰ উদ্ভিদ সম্বন্ধীয় প্ৰবন্ধৰ সহায় লোৱা হৈছে।

ধনিৰাম দত্তই
গ্ৰন্থখন প্ৰস্তুত কৰা বেলিকা বহুকেইটা বৈজ্ঞানিক পাৰিভাষিক শব্দ নিজে তৈয়াৰ কৰাৰ
লগতে সেই সময়ত নিম্ন প্ৰাথমিক পাঠ্যপুথিত ব্যৱহৃত মৌলবী আব্দুল মজিদৰ (যাক তেওঁ
মজিদ চাহাব হিচাপে সম্বোধন কৰিছিল) উদ্ভিদ পাৰিভাষিক শব্দ ব্যৱহাৰ কৰিছে।

লেখকে আৰম্ভণী অধ্যায়ত আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰা উদ্ভিদৰ অনুভৱ প্ৰৱণ গুণৰ ওপৰত
নিৰ্ভৰ কৰি উদ্ভিদৰ সংজ্ঞা দিছে এনেদৰে
– “যিবিলাক শৰীৰী বস্তুৰ
জীৱন আছে আৰু যিবিলাকে মাটিৰ ৰস দেহলৈ আনি বাঢ়ে
, যিবিলাকে
প্ৰাণীবোৰৰ নিচিনা সুখ দুখ অনুভৱ কৰিব পাৰে কিন্তু ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে
সেইবিলাকক উদ্ভিদ বোলে।

সপুষ্পক উদ্ভিদক
সাধাৰণতে দুটা ভাগত ভাগ কৰা হয় । এটা হৈছে দুশহীয়া উদ্ভিদ আৰু আনটো হৈছে এশহীয়া
উদ্ভিদ। লেখকে দুশহীয়া আৰু এশহীয়া উদ্ভিদৰ সংজ্ঞা দিছে এনেদৰে-      

সকলোৱে দেখিছে
যে
 আম, উৰহী, মাহ, তেঁতেলী, কোমোৰা প্ৰভৃতিৰ গুটীত দুফাল শাহ থাকে আৰু
পুলি গজোতে সেই শাহ দুফাল কেতিয়াবা পুলিৰ দুফালে দুটা শাহ হৈ পাত ওলায়। এনেকুৱা
বিলাক উদ্ভিদক দুশহীয়া উদ্ভিদ বোলে।

তামোল, নাৰিকল, ধান প্ৰভৃতি উদ্ভিদৰ শাহ গোটা আৰু পুলি
গজোতে এটা মাথোন শাহ পাত ওলায় আৰু পুলিটো এটা ঢাকনি বা থোৰৰ ভিতৰত থাকে। এই
বিলাকৰ এশহীয়া বা গুটীয়া উদ্ভিদ বোলে।

লেখকে প্ৰথম
আধ্যাত মূল বা আলু
, শিপাৰ কাম, ৰস
আকৰ্ষণ বিষয়কেইটা অন্তৰ্ভুক্ত কৰিছে। এই আধ্যাতে শিপা আৰু উদ্ভিদৰ
আন্ত:সম্বন্ধৰ কথা উল্লেখ কৰি লেখকে লিখিছে-
গছবিলাক সদায়
একে ঠাইতে থাকে
, এঠাইৰ পৰা আন ঠাইলৈ ইচ্ছামতে লৰচৰ কৰিব
নোৱাৰে। এতেকে য
ত উদ্ভিদৰ তলৰ মাটিত সময়ত সেই উদ্ভিদৰ
পোষণোপযোগী খোৱা বস্তুৰ অভাৱ হয়
, তাত উদ্ভিদক জীয়াই
ৰাখিবলৈ আন উপায় হোৱা উচিত। মাটিৰ ভিতৰত শিপা বিস্তাৰেই সেই উপায়। মাটিৰ তলত
যিফালে উদ্ভিদৰ আহাৰ (সাৰ) বেচি থাকে স্বভাৱতে শিপাও সেইফালে বাঢ়ি যায়। এইদৰে
শিপাবিলাক বহুদূৰলৈ বাঢ়ে। সচৰাচৰ গছৰ ঠাল ঠেঙ্গুলি যিমান দূৰলৈ যায়
, মাটিৰ ভিতৰত শিপাও সিমান দূৰলৈ যায়। কঁঠাল-প্ৰভৃতি কোনো কোনো উদ্ভিদৰ শিপা
তাতোকৈ দূৰৈলৈ যোৱা দেখা যায়। উদ্ভিদৰ ওচৰৰ মাটি কুৰি দিলে শিপা বঢ়াত সুবিধা
হয়। সেই কাৰণে কোনো গছক সতেজ কৰিব খুজিলে মাজে সময়ে তাৰ গোৰৰ মাটি কুৰি দিব
লাগে।

দ্বিতীয় আধ্যাত
লেখকে ঠাৰি বা কাণ্ড আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰিছে। মাটিৰ ওপৰত থকা
ঠাৰিক বাহ্যঠাৰি আৰু তলত থকা ঠাৰিক অন্তৰ্ভৌমঠাৰি বুলি কোৱা হয়। এই অন্তৰ্ভৌমঠাৰি
আকৌ চাৰি প্ৰকাৰৰ। এইবোৰ হৈছে কন্দ
, বজ্ৰকন্দ, সংযুক্ত গোটা কন্দ আৰু ওফোন্দা কন্দ। একেদৰে বাহ্যঠাৰিক তৃণ, লতা, গুল্ম আৰু বৃক্ষত ভাগ কৰিছে। এই আধ্যাতে লতাৰ
তিনিটা ভাগ নখীয়া লতা
, পৰিৱেষ্টিকা আৰু আকৰ্ষিকাৰ কথাও
উনুকিয়াই বৰ্ণনা কৰিছে। ইয়াৰ উপৰিও এই আধ্যাত কাঠ
, ছাল,
ঠাল আদিৰ পৰিচয়মূলক বৰ্ণনা দাঙি ধৰিছে।

তৃতীয় আধ্যাত
লেখকে পাত
, পাতৰ দাঁতি, পাতৰ অংগ, লতিপাত, পাতৰ শুং আৰু কাঁইট, পাতৰ
শিৰ আদি বিষয়কেইটা সামৰি লৈছে। উপপাত সম্পৰ্কীয় সৰ্বসাধাৰণৰ মাজত থকা ভুল ধাৰণা
ভাঙিবলৈ লেখকে লিখিছে- 
নেমুটেঙ্গা, ৰেবাব টেঙ্গা
প্ৰভৃতি কিছুমান গছৰ পাতৰ গুৰিৰ ফালে চৰাইৰ পাখিৰ নিচিনা একোটি সৰু পাত দেখা যায়।
এইবিলাক হ
ল সেই সেই গছৰ উপপাত নহয়। উপপাতে প্ৰায়ে কোমল পাতক
ঢাকি ৰাখে। সেই কাৰণে কোমল পাতবিলাক জাৰ
, , বৰষুণ পৰা ৰক্ষা কৰে। টেঙ্গাৰ পাতৰ গুৰিৰ সেই সৰু
পাতে কোমল পাতক নাঢাকে। এতেকে এইবিলাক উপপাত নহয়।

ফুল, ফুলৰ বিভাগ, ফুলৰ কাম, প্ৰজনন
আদিৰ বিষযে চতুৰ্থ আধ্যাত
, ফলোৎপত্তি, পাতৰ পৰিৱৰ্তন, ফল, স্ফোটক ফল,
অস্ফোটক ফল, যুক্ত ফল, বীজ,
ফলৰ কাম আদিৰ বিষয়ে পঞ্চম আধ্যাত, উদ্ভিদৰ
উষ্ণতা
, তাপ আদি সম্পৰ্কে ষষ্ঠ আধ্যাত আৰু সপ্তম আধ্যাত
অপুষ্পক উদ্ভিদৰ বিষয়ে প্ৰণালীৱদ্ধভাৱে উদ্ভিদৰ জীৱনচক্ৰ আৰু ইয়াৰ গুৰুত্ব
সম্পৰ্কে পৰিচয়মূলক বৰ্ণনা আগবঢ়াইছে। ইয়াৰ উপৰিও ওপৰঞ্চি আধ্যাত উদ্ভিদৰ বিকাশত
মাটি আৰু সাৰ সম্পৰ্কে নিখুঁত বৰ্ণনা কৰিছে।

এই গ্ৰন্থখনৰ
উপৰি শ্ৰীধনিৰাম দত্তই আৱাহন আলোচনীৰ ১৮৫৪ শঁকৰ চ
ত মাহৰ ৪ৰ্থ বছৰ, ৬ষ্ঠ সংখ্যাতো উদ্ভিদ বিষয়ক লেখা লিখিছিল। এই লেখাত তেওঁ ফকৰা যোজনাৰ পৰা
আৰম্ভ কৰি চৰক সংহিতা
, বৃহৎ সংহিতা আদিত উদ্ভিদৰ পৰিচয়মূলক
বৰ্ণনা সম্পৰ্কেও উদ্ধৃতি দিছিল।

অসমীয়া পৰিৱেশ
সাহিত্যৰ বাটকটীয়া হিচাপে শ্ৰীধনিৰাম দত্ত তেখেতৰ উদ্ভিদ বিৱৰণ গ্ৰন্থৰ বাবে সদায়ে
চিৰস্মৰণীয় হৈ থাকিব।