স্মৃতিৰেখা
দেৱী

চুমীহঁতৰ স্কুলৰ
বছৰেকীয়া পৰীক্ষা কালি শেষ হ
ল৷ প্ৰতি বছৰৰ দৰেই
এইবাৰো পৰীক্ষা শেষ হোৱাৰ পাছদিনাই সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী লগ
হৈ আজি বৰ্ষপূৰ্তিৰ আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন বিষয়ৰ কথা পাতিলে৷ গান
, সাধুকথা, প্ৰশ্নোত্তৰ, আকস্মিক বক্তৃতা, হাঁহি উঠা অভিনয়, কৌতুক আদিৰে উপচি উঠা এই দিনটো সকলো ছাত্ৰ-ছাত্ৰীয়ে খুব উপভোগ কৰে৷ এই দিনটোলৈ
সকলো ল
ৰা-ছোৱালীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে৷ কাৰণ বছৰটোৰ ভিতৰত মাত্ৰ এই দিনটোতহে
ছাৰ-বাইদেউসকলে পঢ়া-শুনাৰ কথা নকয়৷

আচলতে নোকোৱাও নহয়, কয়৷ কিন্তু শ্ৰেণীকোঠাত বিভিন্ন বিষয় পঢ়াবলৈ আহি তেখেতসকলে যিটো সুৰত কথা কয়
এই বিশেষ দিনটোত সেইটো সুৰ নাথাকে৷ তাৰ বিপৰীতে তেওঁলোকে আজি ৰিজাল্ট দিয়ালৈকে
সময়বোৰ কেনেকৈ পাৰ কৰিব লাগিব
, কি কি বাহিৰা কিতাপ পঢ়ি ছাত্ৰ-ছাত্ৰীয়ে নিজকে ভাল মানুহ হিচাপে গঢ় দিবলৈ সুবিধা
পাব ইত্যাদি বিবিধ কথাহে আদিৰ দিনটোত ছাৰ-বাইদেউসকলে ক
লে৷

গতিকে স্কুলৰ পৰা ঘূৰি আহি চুমীৰ মনটোও ভাল লাগি থাকিবই লাগিছিল৷ কিন্তু তাইৰ
মনটো তেনেই ডাৱৰীয়া হৈহে পৰিল৷

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী চুমী৷ এইবাৰ সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হব৷ পৰীক্ষাও তাইৰ ভাল হৈছে৷ আজিলৈকে প্ৰতিটো শ্ৰেণীতে তায়েই প্ৰথম হৈ আহিছে৷
সেয়ে ছাৰ-বাইদেউসকলেও তাইক বেচ মৰম কৰে৷

কিন্তু আবেলি স্কুলৰ পৰা আহি তেনেই সেমেকা মন এটাৰে চকী এখনত বহি থকা দেখি
চুমীৰ মাকৰ মনটো চিন্তিত হৈ উঠিল৷ স্কুলত কিবা হ
ল নেকি? কোনোবাই কিবা কলে নেকি তাইক?— মাকে চিন্তা কৰিলে৷ 

: ‘‘চুমী, অকলে অকলে এনেকৈ বহি আছা যে! কি হ?’’

মাকৰ প্ৰশ্নত চুমী উচাপ খাই উঠিল৷ তাই বাৰু এতিয়া কেনেকৈ কব কি কাৰণে তাইৰ মনটো বেয়া লাগিছে? মাকৰ মুখলৈ চাই থাকিল যদিও তাইৰ
মুখেদি একো শব্দই বাহিৰ নহ
ল৷ বৰং তাইৰ মনটো আজিৰ স্কুলৰ সময়খিনিলৈহে উৰা
মাৰিলে…

 অকলে অকলে বহি আছিল তাই৷ লগৰে কংকনা আহি তাইক সুধিছিলহি

: ‘‘কি হল চুমী? অকলে অকলে বহি আছা যে?’’ 

চুমীৰ কাষতে বহিল কংকনা৷ অলপ পাছতে তাতে বহিলহি কৰৱী আৰু জোনাক৷ তিনিওজনীয়ে
চুমীক প্ৰশংসা কৰিবলৈ ধৰিলে

: ‘‘তুমি ইমান ধুনীয়াকৈ গান গোৱা, চুমী৷’’

তাই কিবা এটা কব খোজোঁতেই জোনাকে সুধিলে

: ‘‘ত শিকিছা তুমি গান গাবলৈ?’’ লগে লগে কৰৱীয়ে কলে, ‘‘মোক মল্লিকা
বাইদেউৰ ওচৰত গানৰ টিউশ্যন দিছিল নহয়৷ মই কিন্তু নোৱাৰিলোঁ৷
’’

: ‘‘মোৰ কিন্তু তোমাৰ গান শুনিয়েই থাকিবলৈ মন যায়৷’’— আকৌ কলে কংকনাই৷

চুমীয়ে এবাৰ ইজনীলৈ আনবাৰ সিজনীলৈ চাই চাই কেৱল হাঁহি থাকিল৷ 

: ‘‘চুমী, এবাৰ কঁহুৱা বন মোৰ অশান্ত মনটো গোৱানা৷ মই খুব ভাল পাওঁ গানটো৷’’

কংকনাৰ কথাৰ লগে লগে ইদুজনীয়েও গোৱানা গোৱানা বুলি আবদাৰ কৰাত চুমীয়ে গানটো গাবলগীয়া হল৷

গানটো গাই শেষ হলতহে তাই মন কৰিলে, তাইৰ কাষত আৰু বহুতো লৰা-ছোৱালী জমা হৈছে৷ দুজনমান ছাৰ-বাইদেৱো৷
আটায়ে হাত চাপৰি বজাই তাইক প্ৰশংসা কৰিলে৷

কংকনাই সুধিলে, ‘‘তোমাক এই গানটো কোনে শিকাইছিল?’’

: ‘‘মায়ে৷’’ গৌৰৱেৰে কলে চুমীয়ে৷

সেইখিনিলৈকে সকলো ঠিকেই আছিল৷ কিন্তু তাৰ পাছত লগৰীবোৰে পতা কথাবোৰতহে চুমীয়ে
অংশ গ্ৰহণ কৰিব নোৱাৰিলে৷

জোনাকেই সুধিছিল প্ৰথমে

: ‘‘তোমালোকে বন্ধত কলৈ কলৈ যাবা? কোৱানা৷’’

: ‘‘আমি শ্বিলঙলৈ যাম৷’’— কংকনাই কৈছিল৷

: ‘‘ই শ্বিলং! শ্বিলঙলৈ মই দুবাৰ গৈছোঁ৷ এইবাৰ আমি নাইনিতাললৈ যাম৷ টিকেট বুক কৰি
থৈছে পাপ্পাই৷
’’— জোনাকে কলে৷

: ‘‘আমি কাইলৈ দিল্লীলৈ যাম৷ তাৰ পৰা ৰাজস্থানলৈ যাম৷’’— কৰবীয়ে কলে৷

চুমীয়ে কথাবোৰ নুশুনিবলৈ যত্ন কৰিলেও নুশুনাকৈ নাথাকিল৷ এটা সময়ত কিবা এটা
অজুহাত উলিয়াই তাই জোনাকহঁতৰ কাষৰ পৰা আঁতৰি আহিল৷ ক
বতো নোৱাৰি কোন মুহূৰ্তত কংকনাই সুধি দিব— ‘‘তোমালোক কলৈ যাবা চুমী?’’…

তেতিয়াৰ পৰাই কিয় জানো তাইৰ মনটো তেনেই বেয়া লাগি আছে৷ অথচ মন বেয়া
লাগিবলগীয়াকৈ আচলতে একোৱেই হোৱা নাই৷ তথাপি তাইৰ মনটো ভাল লগা নাই৷

কংকনাজনীক দেখিবলৈ মন নাযায় চুমীৰ৷ সৱ কথাতে ইমান বাহাদুৰি কৰে!

মাকৰ প্ৰশ্নৰ উত্তৰত আবেলি একোকে নকলেও  ৰাতি বিছনাত পৰাৰ পাছতো চুমীৰ টোপনি নধৰিল৷ বিছনাখনতে খচমচাই থকা ছোৱালীজনীৰ
মনৰ অস্থিৰতাখিনি মাকে বুজিবলৈ যত্ন কৰিলে৷ কি হ
ব পাৰে ছোৱালীজনীৰ?

: ‘‘কি হৈছে কোৱাচোন সোণজনী৷’’— তাইক কাষলৈ চপাই আনি মাকে সুধিলে৷ তায়ো দিনৰ পোহৰত কব নোৱৰা কথাখিনি আন্ধাৰৰ সুবিধাতে কৈ পেলালে

: ‘‘মা, এইবাৰ বন্ধত আমি বাৰু কৰবালৈ ফুৰিবলৈ যামনে? আমাৰ লগৰ সৱ কৰবালৈ ফুৰিবলৈ যাব৷ জোনাকহঁত শ্বিলঙলৈ যাব৷
কংকনাহঁত যাব নাইনিতাললৈ৷ জোনাকহঁত দিল্লীলৈ যাব৷ আমিও যামনে মা
?’’

মাকে বহু পৰ তাইৰ পিঠিটো মোহাৰি থাকিল৷ এবাৰ হঠাৎ নাযাওঁ বুলি কৈ তাইৰ ফালে পিঠি দি শুই পৰিল৷

মনটো আগতকৈও বেছি বেয়া লাগি গল চুমীৰ৷ কেনিবা ফুৰিবলৈ
নোযোৱাতকৈও মাকে তাইক যে ভেকাহি মাৰি ক
লে, সেইটোৱেহে তাইক বেছি দুখ দিলে৷ তাইৰ চকুহাল পানীৰে উপচি উঠিল৷ 

মাকেও বোধহয় চুমীৰ অৱস্থাটো উপলব্ধি কৰিলে৷ তেওঁ আকৌ তাইৰ ফালে ঘূৰি তাইৰ
গালে-মুখে হাত ফুৰাই থাকিল৷ লগতে সিটো কোঠাত ভায়েকৰ সৈতে শুই থকা দেউতাকে
নুশুনিবলৈ যিমান পাৰে সৰু সৰুকৈ কৈ গ

: ‘‘মাজনী, দেউতাই তেনেই সৰু চাকৰি এটা কৰি কেনেকৈ ঘৰখন চলাই আছে তুমিতো জানাই৷ তোমাৰ আৰু
ভাইটিৰ পঢ়া-শুনাৰ ক্ষেত্ৰত তেখেতে দেখোন একোৰে অভাৱ হ
বলৈ দিয়া নাই৷ আমাতকৈ ধনী মানুহবোৰৰ লগত নিজকে তুলনা নকৰিবাচোন৷ এতিয়া চোৱা, তোমাৰ দিল্লী-কলিকতালৈ ফুৰিবলৈ মন যোৱা বুলি জানিলে দেউতাই কষ্ট নাপাবনে?’’

: ‘‘কিয় কষ্ট পাব?’’

: ‘‘সেইটো তুমি নুবুজিবা৷ নিজৰ সন্তানৰ ইচ্চা পূৰণ কৰিব পাৰিলে মাক-দেউতাকে কিমান
আনন্দ পায় আৰু নোৱাৰিলে কিমান দুখ পায় ডাঙৰ হ
লেহে তুমি বুজি পাবা৷
দেউতাৰাই মোক কয় জানানে
, তোমালোকক কেনিবা ফুৰাবলৈ নিয়াৰ কথা তেখেতে মোক প্ৰায়ে কৈ থাকে৷ কিন্তু
টকা-পইচাৰ জোৰা মাৰিবই নোৱাৰে দেখোন৷
’’

: ‘‘ঠিক আছে মা৷ মই সকলো বুজি পাইছোঁ৷’’— সৰু সৰুকৈয়ে কলে চুমীয়ে, ‘‘তুমি মই কোৱা কথাটো দেউতাক নকবা কিন্তু৷’’ 

তাই সকলো বুজি পায়৷ তাইৰ বয়সৰ কংকনা-কৰবীহঁতে বুজি নোপোৱা বহুত কথাই বুজি পায়
চুমীয়ে৷

: ‘‘শুই থাকাঁ মাজনী’’ বুলি মাকে তাইক সাবটি ধৰিলে৷ মাকৰ বুকুতে কেতিয়ানো টোপনি আহিল চুমীয়ে গমকে
নাপালে৷

*******

ৰাতিপুৱাৰ কেঁচা টোপনিৰ আমেজকণ লব খুজিছিলহে, তেনেতে দেউতাকে আহি ব্যস্তভাৱে চুমীৰ গাৰ পৰা কম্বলখন টানি আঁতৰাই দিলে৷ 

: ‘‘উঠা, উঠা… পাহিহঁত আহি পাবহিয়েই এতিয়া৷… তুমি থাকি যাবা কিন্তু…’’

চকুহাল মোহাৰি এঙামুৰি এটা দিহে চুমীয়ে ভালকৈ চাই দেখিলে, দেউতাক কেনিবা যাবলৈ পিন্ধি-উৰি একদম সাজু৷ মাকো বিছনাত নাই৷ বেৰৰ ঘড়ীটো চালে
তাই
, চাৰি বাজিছেহে৷ এনেয়ে পাঁচ-চাৰে পাঁচ বজাতহে শুই উঠাৰ নিয়ম… আজি কি হৈছেনো
ঘৰখনত
? ভাবিলে তাই৷

: যোৱা যোৱা৷ সোনকালে গা-পা ধুই ৰেডি হোৱা৷ কুইক্‌৷ কুইক্‌৷

আচৰিত হবলগীয়া পৰিস্থিতিত পৰি চুমীয়ে দেউতাকক সুধিলে

: ‘‘তুমি কৰবালৈ যাবা নেকি দেউতা? ইমান সোনকালে?’’

: ‘‘মই নহয় মাজনী৷ আমি যাম৷ আমি আজি শিৱসাগৰলৈ ফুৰিবলৈ যাম৷ পাহিহঁতো যাব আমাৰ
লগত৷ এতিয়া কথা নহয়
, কাম৷ সোনকানে ৰেডি হোৱা৷’’

পাহি চুমীৰ পেহীয়েকৰ ছোৱালী৷ তাইতকৈ এবছৰে সৰু৷ ইমান ৰাতিপুৱাই দেউতাকে ইমান
লৰালৰি কৰাৰ কাৰণটো তাই এতিয়াহে বুজি পালে৷ তাৰমানে দেউতাকে আজিৰ প্ৰগ্ৰেমটো আগতেই
ঠিক কৰি থৈছিল৷ কালিৰাতি বিছনাত মাকে কোৱা কথাখিনিও মনত পৰিল তাইৰ৷
 

********

দেউতাকে ঠিক কৰি থোৱা গাড়ীখনত ইতিমধ্যে বয়-বস্তু উঠাই চুমীৰ ভায়েক
ড্ৰাইভাৰজনৰ কাষতে বহি আছিল৷ মাক-দেউতাকৰ সৈতে পাহি আহি পোৱাৰ লগে লগে যাত্ৰা
আৰম্ভ হ
ল৷

: ‘‘দূৰৰ ঠাইবোৰ পাছতো তোমালোকে চাব পাৰিবা৷ এতিয়া নিজৰ ওচৰৰ ঠাইবোৰকে চাই
লোৱাঁচোন৷
’’— দেউতাকে চুমীহঁতক উদ্দেশ্যি কলে৷ পাহিৰ দেউতাকে সংযোগ
কৰিলে

: ‘‘হয়, দিল্লী-বম্বেৰ মানুহবোৰে ভাবে অসমীয়া মানুহবোৰে আমাৰ
ইয়াত যে কিবাকিবি চাবলৈ আহে
, সিহঁতৰ নিজৰ ঠাইত একো নায়েই কিজানি৷ আমাৰ মানুহবোৰেও বাহিৰত গৈ তাৰ মানুহৰ আগত
অসমত কি কি চাবলগীয়া ঠাই আছে ক
বগৈ নোৱাৰে৷ জানিলেহে কব৷’’ 

হাঁহি হাঁহি পেহাকে কোৱা কথাষাৰ শুনি চুমীয়ে যেন কিবা এটা ডাঙৰ সত্যহে
আৱিষ্কাৰ কৰিলে৷ হয়তো
, কংকনা বা জোনাকহঁতে কাহানিও অসমৰ কোনো ঠাই চাবলৈ যোৱাৰ কথা কোৱা তাই শুনা নাই৷
তাৰ মানে
, কংকনাহঁত ফুৰিবলৈ যোৱাৰ মাজত কিবা জানিবলৈ বা চাবলৈ আগ্ৰহ নাই৷ যদি আনন্দৰ
সমানে নজনাক জনাৰো সুবিধা হয় তেন্তে সেই আনন্দ দুগুণে বৃদ্ধি পায়৷ তাই এইবাৰ
আনন্দত উৰুলীকৃত হৈ ক
বলৈ ধৰিলে

: ‘‘দেউতা, তুমি যে কিমান ভাল৷ আমাৰ আনন্দৰ কথা তুমি ইমান চিন্তা কৰাঁ৷ তদুপৰি আনন্দৰ
লগতে তোমালোকে শিক্ষাও দিছা৷ ঠিকেই কৈছা
, আমি প্ৰথমে আমাৰ সম্পদবোৰৰ বিষয়েহে
জনা উচিত৷ নিজৰ ঠাইবোৰৰ বিষয়ে জানি উঠাৰ পাছতহে আন ঠাইৰ বিষয়ে জানিবলৈ যত্ন কৰা
উচিত৷
’’

: ‘‘ওঁ… আমি তোমালোকক অসমখন ভালকৈ দেখুৱাম৷ অসমৰ বাহিৰখন তোমালোকে নিজে চাবগৈ
লাগিব৷ কাৰণ তোমালোক আমাতকৈ ডাঙৰ মানুহ হ
ব লাগিব, ধনী মানুহ হব লাগিব৷’’

চুমীয়ে পাহিকো বুজালে যে নিজৰ জন্মভূমিখনৰ বিষয়ে আঁতি-গুৰি মাৰি জানিবলৈ যত্ন
কৰা উচিত৷ নিজকে নজনাকৈ আনৰ বিষয়ে জানি লাভনো কি হ
?

চুমীৰ ভায়েকে ড্ৰাইভাৰজনৰ কাষতে বহি ৰাস্তাত দেখা ইটো কি সিটো কি বুলি সুধি
গৈছিল৷ তাৰ কাষতে বহি দেউতাকে পিছৰ ছিটত বহা চুমীহঁতৰ লগত কথা পাতিছিল৷

: ‘‘পেহা, আমি ইয়াৰ পাছত মাজুলীলৈ যাম দেই৷ তাৰ পাছত এবাৰ তেজপুৰ চাবগৈ লাগিব৷ আমাৰ
স্কুলৰ তৰালি বাইদেৱে কৈছিল
, এই দুখন ঠাইত চাবলগীয়া বহুত বস্তু আছে৷’’

চুমীৰ কথা শুনি দেউতাকে সুধিলে

: ‘‘পেহাক কলা যে চুমী, মোৰ লগত নাহা নেকি?’’

দেউতাকৰ কথাৰ লগে লগে আটায়ে গিৰ্জনি মাৰি হাঁহি উঠিল৷