অত্ৰেয়ী গোস্বামী
মাইকী মানুহৰ গাৰ
বৰ ধুনীয়া ৰং এটা বুজাবলৈ সাধাৰণতে দুটা উপমা ব্যৱহাৰ কৰা হয়৷ মাগুৰ বৰণীয়া আৰু গাখীৰত
সেন্দূৰ মিহলোৱা৷ পিছৰ বিধে পাতলকৈ গুলপীয়া ৰঙৰ আভাস এটা দিয়ে৷ তাইৰ ছালখন সেইটো ৰঙৰ৷
কাম কৰোতে গালদুখন টিক্টিক্কৈ ৰঙা পৰি থাকে৷ ওখ ছফুটমানেই হ’ব৷ ওখই শকতে মিলা৷ তাইৰ
কামবোৰ বৰ লেহেমীয়া, হ’লেও নিৰহ-নিপানী৷ সেয়েহে বৰানী খুড়ীৰ সোঁহাত যেন৷ আমাৰ ঘৰৰ পিছফালে
ঢাপৰ সিপাৰে এনেয়ে থকা মাটিখিনিতে একোঠলীয়া জুপুৰি এটাত সিহঁত থাকিছিল৷ তাই, গিৰীয়েক,
ছোৱালীজনী আৰু এমূৰ জপৰা বগা চুলিৰ শাহুৱেকজনী৷ ৰাতি হ’লে মানুহটোৰ গগন ফলা আটাহকেইটাই
যিমান পৌৰুষত্ব জাহিৰ কৰে পুৱা হ’লে মানুহজনীৰ জঠৰ কঁকাল আৰু সেৰ পতা পিঠিটোৱে সেই
অহংকাৰ নিমিষতে উৰুৱাই লৈ যায়৷ পুৱা তাই সুদা পেটেৰে হাজিৰা কৰিবলৈ ওলায়৷ সিও চাধা
এপালি মুখত সুমুৱাই দা এখন কাষলতিৰ তলত ভৰাই কোঁ-কোঁৱাই ওলাই গুচি যায়৷ আগদিনাৰ নিচা থাকেই৷
ছোৱালীজনীৰ বাবে চৰুত চাউল সিজোৱা থাকে৷ অঙঠাৰ মাজত পোৰা আলু এটাও থাকে৷ তাকে খাই তাই
স্কুললৈ যায়৷ তাইৰ বাবে দুপৰীয়া সাঁজৰ চিন্তা নাথাকে৷ সকলো কামে-কাজে ওলাই যোৱাৰ পাছত
বুঢ়ী মানুহজনীয়ে আৰ ঘৰে তাৰ ঘৰে চাহ পানী এটোপা বিচাৰি ফুৰে৷
এইখিনিলৈকে কথাবোৰ
সৰল ৰেখা এডালৰ দৰে পোন৷ আকৰ্ষণ বুলিবলৈ একো নাই৷ পাঠকেও আমনি পাব লগীয়াহে৷ কাৰণ, এনেকুৱা
এটা আৰম্ভণি মুঠেই আশা কৰা নাযায়৷ কিন্তু ইয়াৰ আগলৈকে মই সেই ধুনীয়া আটিল দেহৰ তিৰোতাগৰাকীৰ নামটোকে জনা নাছিলোঁ৷ তাই কেতিয়াবা আমাৰ ঘৰতো লাচনি-পাচনি কৰি দিছিলহি৷ মানুহজনীয়ে
বৰকৈ কথা নকয়৷ গতিকে আমাৰ মাজত বিশেষ কথা-বতৰা নহৈছিল৷ ছোৱালীজনীৰ পঢ়া-শুনাৰ ইটো-সিটো
খবৰ দিনটোৰ হাজিৰাৰ টকাকেইটা দিওঁতেই যি লৈছিলোঁ৷ তেতিয়াই এটা কথা বুজা গৈছিল যে কোনো দিনে
হাঁহি এটা নসৰকা এই তিৰোতাগৰাকীৰ নাম জোনালী৷
জীৱনটো বৰ বিচিত্ৰ৷
কেতিয়া কোন দিশে গতি কৰিব কোনেও নাজানে৷ এটা কথা ঠিক যে, জীৱনৰ পকনীয়াতকৈ নদীৰ পকনীয়া
ভাল৷ জীৱনৰ পকনীয়াই মানুহবোৰক বোবা কৰি পেলায়৷ এই জীৱন অনেক কথাৰ সমাহাৰ৷ এই কথাবোৰে
মানুহক খোলা এটাৰ ভিতৰলৈ ঠেলি নি থাকে৷ খোলাটোৰ ভিতৰত মানুহবোৰে কথাৰ দ’ম একোটা পহৰা
দি থাকে৷ এনেকুৱা অনেক কথাৰ ৰখীয়া হৈ থকা জোনালীয়ে মোক এদিন বাতৰি এটা হৈ মেৰিয়াই ধৰিলেহি৷
মেৰটো বিজলুৱা অজগৰ এটা যেন লাগিল৷ মই বৰ ভয়ে ভয়ে নিজকে মুক্ত কৰিবলৈ যত্ন কৰিলোঁ৷
এদিন মই বৰানী খুৰীৰ
ঘৰলৈ গৈছিলোঁ৷ জোনালীয়ে ঘৰ মচি আছিল৷ তাই ৰঙীন বোৱা মেখেলা এখনৰ সৈতে পকোৱা সূতাৰ চাদৰ
এখন গাত মেৰিয়াই লৈছিল৷ হাত খঁৰা ৰঙা ব্লাউজটো দেখিলেই গম পোৱা যায় যে গৰমৰ দিন বাবে
হাতটো কাটি তাই নিজেই চিলাই কৰি লৈছে৷ (ঠাণ্ডা দিনত লগাই ল’বলৈ তাই বাৰু ব্লাউজৰ হাত দুটা
ক’ত থৈছিল?) চাদৰখন জোনালীৰ বাবে অলপ চুটি হৈছিল৷ মই তাইলৈ চাই আছিলোঁ৷ গাল দুখন টিক্টিকিয়া
ৰঙা৷ আমাৰ বিশেষ কথা পতা নহ’ল৷ মই খবৰ লওঁতে তাই কৈছিল যে সিহঁত আজিকালি আমাৰ পিছফালে
নাথাকে, নিজৰ ঘৰলৈ গ’ল৷ কথাটো শুনি কিবা এটা ভাল লাগিল৷ বৰানী খুড়ী কেই বছৰমানৰ বাবে
আঁতৰৰ টাউন এখনলৈ যাব৷ ল’ৰা-ছোৱালীহালে ভাল ঠাইত পঢ়াৰ সুযোগ পাইছে৷ তেৱোঁ লগতে থাকিবগৈ ভাড়া
ঘৰ লৈ৷ ঘৰত খুড়া অকলে থাকিব৷ মই খা-খবৰ লৈ ঘূৰি আহিলোঁ৷
হঠাতে হোৱা অসুস্থতাই
মানুহৰ সৈতে মোৰ যোগাযোগ নোহোৱা কৰিলে৷ মই অলপ ভয় খাইছিলোঁ৷ মানুহৰ স্বাস্থ্যই আচল সম্পদ৷
স্বাস্থ্যৰ হীন-ডেঢ়ি হ’লে সকলোতে আউল লাগে৷ বাৰে বাৰে নাভাবোঁ বুলি একাষৰীয়া কৰি থোৱা
কথাবোৰে মগজুটো তোলপাৰ লগাই থাকে৷ তেনেকুৱা সময়বোৰতে এদিন বৰানী খুড়ী আহিছিল আমাৰ ঘৰলৈ৷
মই এফালৰ পৰা মোৰ কথাবোৰ কৈ গ’লো৷ তেওঁ বৰ বিশেষ গুৰুত্ব নিদিয়া যেন লাগিল৷ মোৰ খুব বেয়া লাগিল৷ মই
তেওঁ মোৰ খবৰ ল’বলৈ অহা বুলিয়েই ভাবিছিলোঁ৷ পিছে মানুহজনীক বৰ ভাবুক যেনো লাগিল৷ আচম্বিতে
তেওঁ মোৰ হাতখন থাপ মাৰি ধৰি হুকহুকাই কান্দি পেলালে৷ মই হতভম্ব হ’লোঁ৷ কি কৰোঁ কি
নকৰোঁকৈ তেওঁৰ হাতৰ ওপৰত মোৰ হাত থৈ যিমান পাৰোঁ সিমান কোমলকৈ তেওঁলৈ চালোঁ৷ মোৰ দৃষ্টিত
আছিল অনেক প্ৰশ্ন৷ তেওঁ তৎপৰ হ’ল আৰু ক’বলৈ আৰম্ভ কৰিলে-
: তাই মৰি থাকিল
অ’?
: কোন?
: জোনালী৷
মোৰ মুখৰ মাত নোহোৱা
হ’ল৷ মানুহ এনেকৈ নোহোৱা হয়নে? সেইহেনজনী গজগজীয়া মানুহ নোহোৱা হ’লনে? মই কোনোমতে নিজকে
চম্ভালি ল’বলৈ চেষ্টা কৰিলোঁ৷ ভিতৰি থৰথৰকৈ কঁপনি উঠিছিল মোৰ৷ জোনালীৰ মৃত্যুৰ খবৰটোৱে
মোৰ দুৰ্বল মন আৰু শৰীৰ বাৰুকৈয়ে জোকাৰি পেলালে৷ মই নিজকে চম্ভালি কিবা এটা ক’বলৈ লওঁতে মাতটো বৰ নিশকতীয়া হৈ ওলাল৷
: তাইৰ কি হৈছিল
খুড়ী?
এইবাৰ বৰানী খুড়ী
মোৰ কাষ চাপি বহিল৷ তেওঁ শাৰীৰ আচলেৰে নাক-মুখ মোহাৰি সোঁতসোঁতাই থাকিল৷ মই কোনোমতে পানী এগিলাছ আনি দিলোঁ৷ তেওঁ
কোট্কোটকৈ পি থ’লে, যেন বহুদিনীয়া পিয়াহে মানুহজনীক চেপি-খুন্দিহে আনিব খুজিছিল৷ কোনো কথাৰ
অৱতাৰণা নকৰাকৈ তেওঁ ক’লে, “তাইক গিৰীয়েকে ডোখৰ ডোখৰকৈ কাটি পেলালে৷” মই বহা ঠাইতে
ঢলি পৰিলোঁ৷ এই কথাটো শুনাৰ পিছত প্ৰকৃতিস্থ হ’বলৈ মোৰ বহুত দিন লাগিল৷ জোনালী বোলা সত্তা এটা মোৰ
সৈতে এনেদৰে সংপৃক্ত হৈ পৰিল যে দিনে দিনে মোৰ প্ৰেছাৰ, হিম’গ্লবিন কমি কমি গৈ থাকিল৷
এদিন মোৰ শুভবুদ্ধি উদয় হ’ল৷ নিজক ভালে ৰখাৰ প্ৰতিশ্ৰুতি নিজকে দিলোঁ৷ নিজক আব্দাৰ
কৰা হ’লোঁ৷ নিজলৈ মোহ বাঢ়িল৷ নিজৰ প্ৰতি থকা ভালপোৱাও মানুহৰ এক নিচা (আচলতে প্ৰেম
মানেই নিচা)। মই আত্মপ্ৰেমৰ নিচাত বন্দী হৈ থকা সময়তো জোনালী হ’লে মোৰ কাষৰ পৰা আঁতৰি
নগ’ল৷
ক্ৰমশঃ জোনালীৰ ঘটনাটো
মানুহে পাহৰি পেলালে৷ নাপাহৰিলোঁ মই আৰু পাহৰিব নোৱাৰিলে বৰানী খুড়ীয়ে৷ তাইক পাহৰিবলৈ
ওচৰ-চুবুৰীয়াৰ এসপ্তাহো নালাগিল। পাহৰি যাব পৰাটো মানুহে লাভ কৰা শ্ৰেষ্ঠ আশীৰ্ৱাদ৷
পাহৰিব নোৱাৰিলে কত যে বেমেজালি লাগিলহেঁতেন৷ জীৱশ্ৰেষ্ঠ হৈও মগজুৰ বিস্মৰণ ক্ষমতাৰ
বাবেই মানুহে সময়ৰ শোক সময়ত পাহৰি যায়৷
বৰানী খুড়ীহঁত টাউনলৈ যোৱাৰ
আগদিনা মই তেওঁলোকৰ ঘৰলৈ এনেয়ে এপাক গৈছিলোঁ৷ খুড়ীয়ে মোক হাতত ধৰি ভিতৰলৈ টানি নিয়াদি
নিলে৷ তেওঁৰ চকু-মুখ উখহা৷ মই অলপ অপ্ৰস্তুত হ’লোঁ৷ তেওঁ মোক বহিবলৈ কৈ বাথৰূমত সোমাল৷
হয়তো মুখখন ধুই ল’লে! কোঠাটোত কাপোৰবোৰ, অত্যাৱশ্যকীয় বাচন-বৰ্তনবোৰ ভাগে ভাগে টোপোলা
কৰি বান্ধি থোৱা আছিল৷ মই সেইবোৰকে চাই থাকিলোঁ দুই মিনিটমান৷ তেওঁ আহি মোৰ সন্মুখৰ বিছনাখনতে
বহি ল’লে৷
“তাই কিবা জানিছিল৷
মানুহৰ ছিক্স ছেঞ্চ্ বুলিও কিবা এটা থাকে৷ নহ’লে তাই মোক সেইদিনাহে কথাবোৰ ক’ব লাগেনে?
চোৱাঁচোন এইবোৰ সেইদিনা তায়েই ভাগে ভাগে জাপি থৈ গৈছিল৷ মই বোলোঁ, আজি নালাগে, আমি যাবলৈ
সময় আছে নহয়৷ পাছত জাপিলেও হ’ব৷ নাই, তাই নুশুনিলে৷”
মই বুজিলোঁ, কথাবোৰে
তেওঁক আমনি কৰিছে৷
: তাইনো আপোনাক কি
কৈছিল?
: তাই সেইদিনা আহিয়েই
ঝাৰুটো হাতত লৈয়েই মোক সুধিছিল, “বাইদেউ, আপুনিও মোক বেয়া তিৰোতা বুলি ভাবে নেকি?”
: তোকনো কোনে বেয়া
বুলি ক’লে অ’ জোনালী?
: বাইদেউ, মই এনেকুৱা নাছিলোঁ৷ মোৰ কাহিনী বেলেগ। আপোনাক
ক’ম আজি৷
সমাজৰ এটা শ্ৰেণী
কিছুমান কথাৰ প্ৰতি বৰ সচেতন৷ কোনোবাই বেয়া বুলি ভবাটো সিহঁতৰ বাবে বৰ লজ্জাজনক কথা৷
এই বেয়া আৰু ভালৰ কোনো ধৰা-বন্ধা সংজ্ঞা নাথাকে৷ জোনালীৰো তেনেকুৱাই হৈছিল৷ মানুহৰ
বু-বু বা-বা তাইৰ কাণতো পৰিছিল৷ আমিহে একোৰে উৱাদিহ পোৱা নাছিলোঁ৷ যি কি নহওক বৰানী খুড়ীয়ে
আকৌ ক’বলৈ আৰম্ভ কৰিলে৷
“জোনালী কাৰ ছোৱালী
জানা? শইকীয়া ফাৰ্মাচীৰ মালিকৰ৷”
এইবাৰ মোৰ অবাক হোৱাৰ
পাল৷ সেইজন মানুহ ধনে-মানে সমাজৰ আগশাৰীৰ মানুহ৷ তাতে মানুহজন বৰ নিৰহংকাৰী৷ মানুহে
ভাল পায়৷ সমাজ প্ৰিয় মানুহ৷ সেইজন মানুহৰ ছোৱালী আছিল জোনালী? মোৰ বুজিবলৈ বাকী নাথাকিল
যে কথাবোৰত বহুত পাক আছে৷
: দত্ত ছাৰ যে, তেওঁ
জোনালীৰ দেওৰেক৷
: মানে অংকৰ দত্ত
ছাৰ৷
: অঁ, অঁ৷
কেৱল অঞ্চলটোতে নহয়
গোটেই জিলাখনতে অংকৰ শিক্ষক সমীৰ দত্তৰ এক বিশেষ স্থান আছে৷ মানুহৰ মতে তেওঁ অংকৰ বাঘ৷
অতি দুৰ্বল ল’ৰা-ছোৱালীয়েও তেওঁৰ ওচৰত পঢ়ি অংকত লেটাৰ পোৱাৰ উদাহৰণ আছে৷ আমি সকলোৱে
তেওঁক সন্মান কৰোঁ৷ ল’ৰা-ছোৱালীহঁতেও তেওঁক বৰ সমীহ কৰে৷ সেইজন দত্ত ছাৰেই জোনালীৰ
দেওৰেক! মোৰ চকু ডাঙৰ হৈছে, মুখ মেল খাইছে৷ কথাবোৰ মোৰ কাৰণে আশ্চৰ্যকৰ হৈ পৰিছে৷ বৰানী
খুড়ীয়ে কথাবোৰ কওঁতে মাজে মাজে নাক উজায়৷ শোকে তেওঁক খুন্দা মাৰি ধৰে৷
“শইকীয়াৰে ডাঙৰ জীয়েক
জোনালী৷ যিবাৰ জোনালীৰ যঁজা ভায়েক-ভনীয়েকহালে নাম কৰি মেট্ৰিক পাছ কৰিছিল সেইবাৰ জোনালীয়ে
কোনোমতে হায়াৰ ছেকেণ্ডাৰীৰ দেওনাখন পাৰ হৈছিল৷ ঘৰখনৰ বাবে সেইটোৱেই আছিল ডাঙৰ কথা৷
জোনালীয়ে পাছ কৰিব বুলি কোনেও আশাই কৰা নাছিল৷ পঢ়াৰ বাহিৰে তাই বাকী সকলো কাম ভালকৈ কৰিব
পাৰিছিল৷ সেইবুলি পাকৈতো নাছিল৷ গতিকে মাক-দেউতাকে তলে তলে তাইক বিয়া দিয়াৰ কথা পাঙিলে৷
শেষত যেনিবা বন্ধুৰ বৰপুতেকৰ লগত জোনালীৰ বিয়া ঠিক কৰিলে৷ ল’ৰা সফল ব্যৱসায়ী৷ বয়সৰ
পাৰ্থক্য অলপ বেছি হ’লেও ছোৱালীজনী ধনে-ধানে বিপদত নপৰিব বুলিয়েই ল’ৰাজনক দেউতাকে ঠিক
কৰিলে৷ দত্ত পৰিয়ালৰ বৰবোৱাৰী হৈ জোনালীৰ জীৱন সুখেৰেই পাৰ হ’ল৷ বিয়াৰ পাঁচ বছৰৰ ভিতৰতে তাই ল’ৰা-ছোৱালী এহালৰ মাক হ’ল৷ অভাৱ কি, কামৰ বোজা কি তাই বুজিয়েই পোৱা নাছিল৷
পিছে কেণা লাগিল
সপ্তমটো বছৰত৷ এদিন ৰাতি সিহঁতৰ ঘৰলৈ অহা ফোনকল এটাই জোনালীৰ জীৱনটোকে ওলট-পালট কৰি দিলে৷ ইথাৰৰ সিপাৰৰ পৰা ভাহি
অহা অচিনাকি কণ্ঠটোৱে বিনাদ্বিধাই কৈ দিছিল যে “তোৰ গিৰীয়েৰ মৰিল৷ চাই যাহি আহ৷” সৰগ
পৰা মানুহৰ দৰে তাই শিল হৈ পৰিছিল৷ দুয়োটা দেওৰেক ওলাই গৈছিল ককায়েকক বিচাৰি৷ পাছদিনাহে
উদ্ধাৰ হৈছিল ছিৰিলাছিৰিল দেহাটো৷ এমা-ডিমা ল’ৰা-ছোৱালী দুটাৰ সৈতে মানুহজনীয়ে গোটেইখন
ধুঁৱলি-কুঁৱলি দেখিলে৷ দিন যোৱাৰ লগে লগে মানুহৰ শোকবোৰ পাতলি যায়৷ সেই শোকৰ ঠাই আন
কিছুমান দহনে দখল কৰি লয়৷ জোনালী কেতিয়াৰ পৰা নিজৰ ঘৰতে আলহী হ’ল তাই নিজেই তলকিব নোৱাৰিলে৷
তাহাঁত তিনিও ঘৰখনৰ বাকীবোৰৰ বাবে বোজা হৈ পৰিল৷ ডাঙৰ বোৱাৰীয়েকৰ শোৱনি কোঠাটোও ঘৰৰ বাহিৰ
কৰা হ’ল৷ এইবোৰ কথা শইকীয়া পৰিয়ালে ঘুণাক্ষৰেও গমকে নাপালে৷ অৱশেষত ডাঙৰ দেওৰেক মানে দত্ত
ছাৰে কৰি পেলালে সেই জঘন্য কাণ্ডটো৷
সেইখন ঘৰত চাকৰ-নাকৰৰ
অভাৱ নাছিল৷ মিছাইলো আছিল তাতে৷ তেওঁলোকে তাক সৰুতেই
আনিছিল৷ সি খেতি-খোলাৰ কাম কৰিছিল৷ বিয়া হোৱাৰে পৰা জোনালীৰ তাৰ লগত বিশেষ কথা-বতৰা
নহৈছিলেই৷ তাইক কণমানি দুটাৰ সৈতে বাহিৰত থাকিবলৈ দিওঁতে সিহে মাত দিছিল৷ সেইটো কথাৰে
অচিলা লৈ তাৰ লগত আগৰে পৰা তাইৰ লেটিপেটি আছে বুলি ধৰি-বান্ধি দুয়োটাকে দত্ত ছাৰে বিয়া
পাতি দিছিল৷” এইখিনিলৈকে কৈ বৰানী খুড়ী অলপ ৰ’ল৷ মোৰ মানুহ নামৰ দুঠেঙীয়া প্ৰাণীটোলৈ
ঘৃণা উপজিল৷ ছিঃ! দত্ত ছাৰৰ প্ৰতি তিলমানো ভাল ভাব নাথাকিল৷
“তাৰ পাছত কি হ’ল
জানা? জোনালীৰ দেউতাকক তেওঁলোকে ক’লে বোলে সিহঁতৰ নাক-কাণ কাটি হালোৱাটোলৈ তাই পলাই
গ’ল৷ ইপিনে মিছাইলৰ নিজৰ বুলিবলৈ থিয় দিবলৈও মাটি অকণ নাছিল৷ টেঁটুত আৰু তিনিটা প্ৰাণী৷
আগ-পিছ ভাবি তাই ল’ৰা-ছোৱালী দুটাক মাকৰ ওচৰত থৈ আহিল৷ সেই সুযোগতে কোনেও শুনিব নোখোজা
কথাবোৰ ভায়েকে শুনিছিল৷ সুধিছিল সি কিবাকিবি৷ তাই মাত্ৰ সন্তান দুটা লঘোণে থাকিবলগীয়া নোহোৱাৰ ব্যৱস্থা এটা কৰি থৈ গুচি আহিছিল৷
তাৰ পাছত মিছাইল
আৰু তাই ক’ৰবালৈ গুচি গৈছিল৷ সিহঁত ক’ত আছিল, কি কৰিছিল কোনেও খবৰ লোৱা নাছিল৷ কোনোমতে
দুটা পেট পুহি তাহাঁত জীয়াই আছিল৷ কেই বছৰমানৰ পাছত তাহাঁতৰ ল’ৰা এটা হ’ল৷ তাৰ পাছত ছোৱালীজনী৷
চাৰিজনীয়া সংসাৰখনত অভাৱ বাঢ়িল৷ তাই দুঘৰমান মানুহ বেছিকৈ গোটালে৷ পাৰ্ট টাইম কৰে৷
তথাপি নুকুলায়৷ অভাৱৰ দিনবোৰতে মিছাইলৰ মদৰ নিচা বাঢ়ি যাবলৈ ধৰিলে৷ এদিন সুস্থ মগজুৰে
চিন্তা কৰি দুয়োটা আকৌ নিজৰ ঠাইলৈকে ঘূৰি আহিল৷
ইয়াত মিছাইলে স্থায়ী
কাম এটা গোটাই ল’লে৷ তায়ো কেইঘৰমানত ইটো-সিটো কৰি চলি থাকিল৷ ল’ৰাটোক মানুহ এঘৰত থ’লে৷
তাৰ বয়স তেতিয়া বয়স দহবছৰমান হ’ব৷ মানুহঘৰৰ কৃপাত সি দুশ্ৰেণীমান পঢ়িলেও৷ তেওঁলোকেই কলঘৰৰ
কাম এটাত সুমুৱায়ো দিলে৷ ছোৱালীজনী ক্লাছ নাইন পাওঁতেই পলাই গ’ল৷ জোনালীয়ে ভালেই পালে। এনেয়েও জীয়েকক
লৈ তাইৰ চিন্তা বাঢ়িছিল৷ এতিয়া অন্ততঃ ভোকত নাথাকে৷
লাহে লাহে জোনালীয়ে
বেছিকৈ কাম কৰিবলৈ ল’লে৷ শৰীৰৰ যাতনা, মনৰ অশান্তি, জীৱনৰ থাউনি নোহোৱা গতি আৰু অপুষ্টিয়েও
জোনালীৰ সৌন্দৰ্য ম্লান কৰিব পৰা নাছিল৷ জোন হেন জোনালী! মিছাইলৰ মদৰ নিচা বাঢ়ি বাঢ়ি
গৈ থাকিল৷ সমানে বাঢ়িবলৈ ধৰিলে সন্দেহ৷ জোনালীয়ে ওচৰৰ দুটামান টেণ্ট হাউছৰ বাচন ধোৱাৰ কামো ল’লে৷ যিখন ঘৰত তাই দুহাতেৰে নোগোটালে চৰু নজ্বলে সেইখন ঘৰতে তাই অদৰকাৰী জীৱ এটাহে
হ’ল৷ অশ্ৰাব্য গালি-গালাজ ওচৰ-চুবুৰীয়াৰ কাণতো ছিটিকি পৰিছিল৷ ল’ৰাটো ঘৰলৈ আহিলে বাপেক
শান্ত হৈ থাকে৷ সি থকা মানুহঘৰৰে মাটি কেইলোচামান এনেয়ে পৰি আছিল৷ তাতে তাহাঁতক থাকিবলৈ
দিলে৷ কোনোমতে চালিৰ পৰা ঘৰ নামৰ কিবা এটালৈ সিহঁতৰ উন্নতি হ’ল৷ পিছে যি যিমান পানীৰ
মাছ৷ মিছাইলে ভাবিলে যে মালিকৰ লগত তাইৰ হলিগলি বেছি৷ সেইবাবেহে মাটি দিলে৷ এই কথাটোৱেই
গৈ কোনোবাখিনি পালেগৈ৷ পুতেকে মাকক কাম কৰিবলৈ যাবলৈ মানা কৰা হ’ল৷ সি বেয়া পায়৷ পিছে তাই কাম নেৰিলে৷
সেইদিনা তাই হেঁহো-নেহো কৰি আছিল৷ মই তাইক পোহৰে পোহৰে যাবলৈ কৈছিলোঁ৷ ময়েই তাইক মৰিবলৈ পঠিয়ালোঁ সেইদিনা৷
ওচৰৰ কোনেও চিঞৰ এটাও নুশুনিলে৷ তাই আমাৰ ঘৰৰ পৰা যোৱাৰ পাছতে সি তাইক কাটি পেলালে৷
মাজনিশা থানালৈ গৈ ক’লেগৈ “মই মোৰ মাইকীটো কাটি পেলালোঁ”৷ তাৰ হাতত থকা দাখনত তেতিয়াও
তেজ লাগিয়েই আছিল বোলে৷ পুলিচ আহি পোৱালৈ ডিঙিৰ পৰা ওলমি থকা মূৰটোৰে সৈতে টুকুৰা-টুকুৰ
হৈ জোনালী তেজৰ ডোঙাত শ এটা হৈ ওপঙি আছিল৷”
কেঁচা মজিয়াত কেঁচা
তেজৰ মাজত মই জোনালীক চুই চালোঁ যেন লাগিল৷ তেতিয়া বৰানী খুড়ী মোৰ ওচৰত নাছিল৷ মই একে
জাপে উঠিলোঁ আৰু ঘৰলৈ আহি গোটেই কথাখিনি হুবহু লিখি থ’লোঁ৷ কেৱল এটা নিজা বাক্য লিখিব
খুজিছিলোঁ জোনালীৰ বাবে৷ ক’তা মোৰ কলমটোৱে দেখোন নিলিখা হ’ল৷ চিঞাহী শুকাল হ’বলা৷ দোৱাতটো
ওভতাই থৈও এটোপালো চিঞাহী নাপালোঁ৷
অৱশেষত ময়ো তেন্তে জোনালীৰ প্ৰতি অন্যায়হে কৰিলোঁ! এই
সময়ত এটা কথাৰ সম্ভেদ বিচাৰি মই উৱাদিহ নোপোৱা হৈছোঁ৷ এই যে বৰানী খুড়ী, এওঁনো কোন? আমাৰ ওচৰত দেখোন বৰা উপাধিৰ কোনোৱেই নাই৷
ছেঃ! এটোপাল চিঞাহী
পোৱা হ’লে!
মোৰ গা বেয়া হওঁতে
মানুহবোৰে মোক মানসিক ৰোগী বুলি কৈছিল৷
——-
.jpg)