যেতিয়া কথাবোৰ শেষ হ’ব!

 সংগীতা মেধি

 

যেতিয়া কথাবোৰ শেষ হ

কিহে দুয়োকে জোৰা লগাই থ

 

স্মৃতিকথা পানীৰ ছায়া

বঢ়ালে বাঢ়়ি যায়

 

কথাবোৰ শেষ হোৱাৰ পাছত চাই থাকিম

শীতৰ ধূসৰতাই বিবৰ্ণ কৰিব নোৱৰা নিৰ্মেদ ভাবনা

 

কথাবোৰ শেষ হোৱাৰ পাছত শুনি থাকিম

দক্ষিণৰ বতাহে লেহেমীয়া কৰিব নোৱৰা মৃদু মূৰ্চ্ছনা

 

যেতিয়া কথাবোৰ শেষ হ

তেতিয়াও দূৰত ঢৌবোৰে মূৰ তুলি তুলি থিয় হ

দুয়োপাৰ লগ লাগিব

অথবা আঁতৰি যাব

 

যেতিয়া কথাবোৰ শেষ হ 

দুচকুৰ দুশাৰী পোহৰ থিয়দঙাকৈ

দুৱাৰৰ ফাঁকেৰে আহি স্থবিৰ হ

অথবা গতিময়