ন’বেল বঁটা বিজয়ী কবি উইলিয়াম বাটলাৰ য়েট্‌ছ

 ৰুদ্ৰসিংহ মটক

  “Caught in that sensual music all neglect

   Monuments of unaeging intellect.” (উইলিয়াম বাটলাৰ য়েট্‌ছ)

বিংশ শতাব্দীৰ এগৰাকী অন্যতম শ্রেষ্ঠ
ইংৰাজ কবি উইলিয়াম বাটলাৰ য়েটছ্
ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মৰ চাৰিবছৰ এমাহ তিনিদিন পাছত (১৮৬৫) সুদূৰ আয়াৰলেণ্ডৰ ছেণ্ডি মাউণ্টত জন্ম গ্রহণ কৰে আধুনিক কাব্যজগতৰ এজন আশ্চর্যজনক, অলৌকিক প্রতিভাই“I
have mummy truths to tell/Whereat the living mock”
বুলি দীপ্তকণ্ঠে ঘোষণা কৰা বিশ্বৰ প্ৰথিতযশা কবি য়েট্‌ছৰ পিতৃ জন্ বাটলাৰ আছিল এজন যশস্বী প্ৰিৰাফেলাইট চিত্রশিল্পীমাতৃ ছুছান পলেক্সেন আছিল সম্ভ্ৰান্ত পৰিয়ালৰ মহিলায়েট্‌ছে শৈশৱকাল অতিবাহিত
কৰিছিল আয়াৰলেণ্ডৰ পশ্চিম উপকূলত
,  শ্লিগআৰু লণ্ডনত ১৮৮১ য়েটছ্ ডাবলিনলৈ আহেমেট্র’পলিটান কলা বিদ্যালয়ত পঢ়ি থকা কালছোৱাত তেওঁ কবি, নাট্যকাৰ, চিত্ৰশিল্পী জৰ্জ ৰূছেলৰ সান্নিধ্যলৈ আহি কবিতা লিখিবলৈ লয় ১৮৮৫ চনত য়েট্ৰছৰ দুটিমান
ন-কৈ লিখা কবিতা ডাবলিন
য়ুনিভৰ্টিছি ৰিভিউত প্ৰকাশ পায় ইয়ে সংবেদনশীল কবিপ্ৰাণত জন্ম দিয়ে কাব্যসৃষ্টিৰ
প্ৰবল ধাউতি
১৮৯২ চনত তেওঁ জাতীয় লোককাহিনীৰ আলমত শিশুৰ বাবে লিখি উলিয়ায় আইৰিছ ফেইৰী টেলছ

য়েট্ছ আছিল মূলতঃ প্ৰতীকবাদী কবি য়েট্‌চে কবিতাৰ ফৰ্ম
বা আংগিক বিনিৰ্মাণৰ বাবে নিভাঁজ শব্দচয়নৰ লগতে ৰূপক
, চিত্রকল্প, অৰ্থ শ্লেষৰ দৰে কাব্যালংকাৰৰ সজীৱ, অৰ্থোজ্বল ব্যৱহাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিলকবিৰ বিশিষ্ট শব্দচয়নে বিশেষ অৰ্থসূচনাৰ ওপৰিও তেওঁৰ
কাব্যচিন্তাক এক অনিৰ্বচনীয়
নৈৰ্ব্যক্তিক তাৎপর্যৰ নতুন মাত্রা দান কৰিছিল ইন্দ্রিয়জ আবেগঅনুভূতিৰ উৰ্দ্ধতো কবিৰ চিত্রকল্প বা প্ৰতীকসমূহ হৈ পৰিছিল কালাতীত
চেতনাৰ শিল্পীত ব্যঞ্জনা
সমসাময়িক আধুনিক কবিসকলে মুক্তক ছন্দৰ( free verse) বহুল পৰীক্ষানিৰীক্ষা কৰাৰ বিপৰীতে য়েট্‌ছে কিন্তু পৰম্পৰাগত কাব্যৰীতিতে নিজৰ বৌদ্ধিক বিচক্ষণতা , নতুনত্ব আৰু বৈচিত্র প্ৰদৰ্শন কৰিছিলউল্লেখযোগ্য যে সময়ৰ লগে লগে উইলিয়াম বাটলাৰ য়েট্‌চে
আগবয়সৰ পৰম্পৰাগত কাব্যশৈলীৰপৰা আঁতৰি আহি আধুনিক বাকভংগী আৰু সমাজনিষ্ঠ
, যুগসাপেক্ষ বিষয়বস্তুৰ ওপৰতহে অধিক মনোনিবেশ কৰিবলৈ লয়সেয়া আমি স্পষ্টৰূপত
প্ৰত্যক্ষ কৰিবলৈ পাওঁ কবিৰ
‘‘ছেভেন উডচ্’’ “ৰেচপনছিবিলিটিচ্’’ আৰু  ‘‘দা গ্ৰীন হেলমেট’’ সংকলনৰ কবিতাসমূহতকবি য়েট্‌ছৰ কাব্যচিন্তা বা কাব্যিকভিছন সমৃদ্ধ আইৰিচ ঐতিহ্য
আৰু আইৰিছ মাটিত প্রোত্থিত শিপাৰপৰা কাহানিও বিচ্ছিন্ন নাছিল
আইৰিছ জাতীয় লোকগাথা, বীৰত্বৰ কাহিনী আৰু সাধাৰণ মানুহৰ মুখে মুখে চৰ্চিত প্ৰাচীন
কিংবদন্তি
বোৰকে তেওঁৰ সৃষ্টিকৰ্মৰ
উৎস আৰু প্রধান সমল হিচাপে গ্ৰহণ কৰিছিল
এই প্রসঙ্গত স্বাভিমানী কবি য়েট্‌ছে নিজে এনেদৰে উল্লেখ কৰিছে, –”I  should never go for the scenery of a poem to
any country but my own, and I think that I shall hold to that conviction to the
end.”

১৯১৯ চনৰ পৰা ১৯২৯ চনলৈ প্ৰায় এটা দশক
য়েটছে গালৱেৰ থোৰটে
বেল্লিলত জীৱন যাপন
কৰিছিল
জীৱনৰ বাকী দিনবোৰ অতিবাহিত
কৰিছিল আয়াৰলেণ্ডৰ বাহিৰত
, ঘাইকৈ ৰাথফাৰ্ণহামৰ ডাবলিনত অৱস্থিত ৰিভাৰছদেল ভৱনতশেষ বছৰকেইটাত বহু ৰসোত্তীৰ্ণ কবিতা, গদ্য আৰু নাটক ৰচনাৰে য়েটচে স্বদেশৰ লগতে বিশ্বসাহিত্যত আলোড়ন
সৃষ্টি কৰিছিল
১৯৩৮ চনত আব্বা থিয়েটাৰে মঞ্চস্থ কৰা তেওঁৰ পাৰগেটৰীনাটকৰ প্ৰথম দৰ্শনী উপভোগ কৰিসাহিত্যিক গৰাকী
অভিভূত হৈ পৰিছিল
এই একেটা বছৰতে কবিৰ আত্মজীৱনীমূলক গ্ৰন্থখন* প্রকাশ পায়১৯১২ চনত হেম্পষ্টিডহেথত অনুষ্ঠিত কাব্যসন্ধ্যাত(Poetry
Evening)
প্রথমবাৰৰ বাবে ৰবীন্দ্ৰনাথক লগ পায়উল্লেখযোগ্য যে ১৯১৩ চনত য়েট্‌ছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইংৰাজীলৈ অনুদিত কাব্যগ্রন্থ গীতাঞ্জলি”-ৰ পাতনি লেখেএইখন পুথিৰ বাবেই নোবেল বঁটাৰে পুৰস্কৃত ৰবীন্দ্ৰনাথে বিশ্বসাহিত্যৰ এগৰাকী বৰেণ্যস্ৰষ্টা
আৰু চিন্তাবিদ হিচাপে যুগজয়ী খ্যাতি লভিবলৈ সক্ষম হয়
সবাতোকৈ তাৎপর্যপূর্ণ কথাটো এয়ে যে ইয়াৰ লগে লগে
প্ৰাচ্যৰ সাহিত্য
শিল্প, কাব্যচিন্তা আৰু কাব্যদৰ্শনৰ বাবে পাশ্চাত্য সাহিত্যজগততো বহুল
চৰ্চা
প্ৰচাৰৰ যেন এক বিশাল
দিগন্ত মুকলি হ

য়েট্‌চৰ আগ বয়সৰ কবিতাৰ ভাবমণ্ডলত আইৰিছ
ৰূপকথা আৰু লোককাহিনীৰ সমলবোৰ আছিল মূল উপাদান
প্রেমভালপোৱাৰ লগতে অতীন্দ্রিয় ভাবাৱেগ আৰু মহাজাগতিক ৰহস্যবাদী সুৰটোৱেও তেওঁৰ বহু কবিতাত প্ৰাধান্য
লাভ কৰা পৰিলক্ষিত হয়
শেহ বয়সৰ সৃষ্টিৰাজি আছিল স্বাভাৱিকতেই অধিকতৰ সূক্ষ্ম, গম্ভীৰ(subtle) আৰু মননশীল; সমাজনিষ্ঠ সমকালীন ঘটনাপ্রবাহৰ
দ্বন্দ্ব
অভিঘাতে সমৃদ্ধ কৰা
পৰিপক্ক জীৱনচেতনা আৰু অভিজ্ঞতাৰ অভিজ্ঞান
দা আইজলঅব্যাহতস্টেচুছআৰু দা ৱাণ্ডাৰিঙচ্ অব্ অইচিনকবি য়েট্‌চৰ ঘনায়মান অন্তৰ্জীৱনৰ মহাকাব্যিক ৰূপকল্প, ওৰেটো জীৱনৰ সম্পৰীক্ষা আৰু সাধনাৰ বিশ্বজনীন ফছলকবিৰ পাৰ্থিৱ, সামাজিক সত্ত্বা আৰু আধ্যাত্মিক অন্তৰ্জীৱনৰ চিৰায়ত দ্বন্দ্ব
আৰু সমন্বয়ৰ কাব্যানুবাদ হ
  “এ ডায়েলগ বিটুইন ছেল্ফ্
এণ্ড ছউল
নিজৰ ৰামধেনুবুলীয়া অন্তৰ্দৃষ্টি আৰু অন্তৰ্জীৱনেই যে তেওঁৰ
বহুব্যস্ত কৰ্মজীৱন আৰু বৰ্ণিল সৃষ্টিৰ উৎস
, সেই কথা তেওঁ অকপটে কৈ গৈছে, – “The
mystical life is the centre of all that I do and all that I think and all that
I write.”
হয়, পৰমাণুসূক্ষ্ম ৰহস্যময়
জী
নবোধ, প্ৰসাৰিত বিশ্ববীক্ষাৰ পোহৰলেন্সত তেওঁ অৱক্ষয়ৰ আৱৰ্তত পতিত, পংকিল পৃথিৱীখন যেন নিজৰ চকুৰে, নতুনধৰণে জুকিয়াই চাইছিলসেয়ে হয়তো সম্ভাৱনা আৰু উত্তৰণৰ চেতনাৰে উজ্জ্ব, গতিশীল আৰু বৈচিত্র্যপূণৰ্ য়েট্‌ছৰ কলমৰ প্ৰতিটো কবিতা

 “দা টাৱাৰ” (১৯২৮), দা উইণ্ডিং ষ্টেৱাৰ” (১৯৩৩), আৰু নিউ পয়েমছ্” (১৯৩৮) কবিতাত য়েট্‌ছে কিছু মৌলিক, অৰ্থব্যঞ্জক চিত্রকল্পৰে বিংশ শতাব্দীৰ আধুনিক ইংৰাজী কবিতাত অভিনত্বৰ সূচনা কৰেকবি তথা সমালোচক অদেনৰমতে আধুনিক যুগৰ ভালে সংখ্যক কালোত্তীর্ণ কবিতাৰ স্ৰষ্টা
উইলিয়াম বাটলাৰ য়েটছ
প্রমূল্যগত সামাজিক সাৰৱত্তা আৰু স্বতস্ফূর্ত ভাষাৰ নান্দনিক শৌৰ্যৰ বাবে তেওঁৰ
কবিতা হৈ পৰিছিল আইৰিছ জাতীয় সাহিত্য আৰু জাতীয় সংস্কৃতিৰ প্ৰাণপ্ৰবাহ
, -”
iinspired poetry, which in a highly artistic form gives expression to the
spirit of a whole nation”.

কবিতাক দান কৰা বহুমাত্রিকতা আৰু বিশাল
আয়তনেই তুলি ধৰে পাঠকৰ মানসপটত কবি য়েট্‌ছৰ কল্পদৃষ্টিৰ আলোকিত দিগ্বলয়
য়েট্‌ছৰ বহুচৰ্চিত কবিতা দা ছেকেণ্ড কামিঙছ”-ত ছিৰিয়াছ পাঠকে যেন ৰিণিকি ৰিণিকি শুনিবলৈ পায় যুদ্ধবিধ্বস্ত
ইউৰোপীয় সভ্যতাৰ বেলিমাৰৰ কৰুণগীতি
,–”The
darkness drops again; but now l know /That twenty centuries of stony sleep/Were
vexed to nightmare by a rocking cradle,”
কিন্তু দ্ৰষ্টাকবিৰ
কবিতাটোৱে নতুন সূৰ্যোদয়ৰ আশাৰ বতৰাও বহন কৰিছে
..”প্ৰেয়াৰ ফৰ মাই দাটাৰ”(১৯২১)  কবিতাটি য়েট্‌ছে জীয়েক
এনিক লৈ ৰচনা কৰিছে
সেই সময়ত আইৰিছ গৃহযুদ্ধ প্ৰায় তুঙ্গতয়েট্‌ছ এই কথা ভাৱি বৰকৈ শংকিত হৈছিল যে তেওঁৰ ছোৱালীয়ে
জীৱন যাপন কৰিব লাগিব এখন সন্ত্ৰাসজৰ্জৰ
, যুদ্ধবিধ্বস্ত দেশতঅৱশ্যে কবিতাটোত আইৰিচ জাতীয় জীৱনলৈ আহিব পৰা ধুমুহা আৰু প্ৰত্যাহ্বানৰ কিছু ইংগিতো
উন্মোচিত হৈছে

পলিটিক্সকবিতাটি লেখাৰ সময়ছোৱাত (১৯৩৮চন, ২৪মে ) স্পেইনত গৃহযুদ্ধৰোম, ৰাছিয়াতো যুদ্ধকলৈ অস্থিৰতা আৰু উদ্বিগ্নতাতেতিয়া হিটলাৰৰ মগজুত
নৰকৰ কীট
কবিতাটিৰ প্রথম শাৰীবোৰত ৰোম
ৰাছিয়া, স্পেইনৰ ৰাজনৈতিক পৰিস্থিতিৰ ইঙ্গিতকিন্তু শেষৰফালে স্ফিংক্সৰূপী মানুহৰ চকুত ধুমুহা অতিক্রমি ফৰকাল
আকাশ চোৱাৰ হেঁপাহ
য়েট্‌চৰ কবিতাটোৱে মনত পেলাই দিয়ে থমাস মানৰ সেই বিখ্যাত উক্তি,–”In
our time the destiny of man presents its meanings in political terms”.
কবি য়েট্‌ছে এমং স্কুল চিল্ড্ৰেন” (১৯২৮)-ত ষাঠিবছৰ বয়সত চিনেটৰ হিচাপে ৱাটাৰফৰ্ডৰ এখন কনভেণ্ট বিদ্যালয় পৰিদৰ্শন কৰিবলৈ
গৈ হঠাতে মনোজগতত উদয় হোৱা প্ৰেমৰ মৌ হেৰুৱা তিতিক্ষু যৌৱন
, বাৰ্ধক্যজনিত দুৰ্বলতা , মৃত্যুজৰ্জৰ জীৱন যাতনাৰ কৰুণ অনুভূতি প্রকাশ কৰিছে দা ষ্টলেন চাইল্ড” (১৮৮৬)-ৰ বিষয়বস্তু হল আধুনিক বিশ্বত সাধুতাৰ দৰে মানৱীয় মূল্যবোধৰ চৰম অক্ষয় এধ উইছেচ ফৰ্‌ দা ক্লথচ্ অব্‌ হেভেন” কবিতাটোত তেওঁ প্ৰেয়সীক কয় যে সংগ্রহ
কৰিব পাৰিলে কবিয়ে তাইৰ পদতলত সৰগৰ তৰা বছা কাপোৰ পাৰি দিলেহেঁতেন
কিন্তু কবি যিহেতু দুখীয়া
মানুহ
, সেয়ে তেওঁ পদতলত সপোনৰ
দলিল এখনকে পাৰি দিব যাৰ ওপৰেদি প্ৰেয়সী মডগ
নে খুব আলফুলকে খোজকাঢ়িব লাগিব যাতে তেওঁৰ দীৰ্ঘলালিত সপোন
ভাগি চুৰমাৰ হৈ নাযায়

ছেকেণ্ড ট্রয়কবিতাত কবি য়েটছে মডগানক ধ্বংসাত্মক গ্রীক সুন্দৰী হেলেনৰ লগত তুলনা কৰিছেআনহাতে তেওঁ নিজেই নিজকে
প্ৰশ্ন কৰিছে
, কিহৰ বাবে জীৱনটো বিষাদগ্রস্ত
কৰিলে বুলিয়ে মডগানক দোষাৰোপ কৰিব
য়েটছে মডগানক গ্রীক ট্র্যাজিক নাটকৰ চৰিত্র হিচাপে তুলনা কৰিবলৈকো
দ্বিধাবোধ কৰা নাই
কবিতাটোৰ শেষৰফালে য়েটছ এনে আশঙ্কাও কৰিব লগা হৈছিল,–”Why, what
could she have done, being what she is?/ Was there another Troy for her to
burn?’’
এই সময়ছোৱাত কবিয়ে ৰচনা কৰা আনকেইটামান
প্রেমৰ কবিতা হ
টু এ চাইল্ড ডেন্সিং ইন দা উইণ্ডচ্”, “টু এ ইয়ং বিউটি”, “টু এ ইয়ং গাৰ্লকবিয়ে, কেতিয়াও মডগানৰ স্বপ্ন হৃদয়ৰপৰা মচি পেলাব পৰা নাছিলমডগানৰ প্রতি তেওঁৰ সুগভীৰ ভালপোৱাৰ কথা প্রকাশ পাইছে এ লাষ্ট কনফেছনশীর্ষক কবিতাতকবিয়ে জানে যে ইহজগতত কবিৰ ভালপোৱাই মডগানক তুষ্ট কৰিব নোৱাৰিবসেয়ে তেওঁ পৰজনমত তাইক
লাভ কৰাৰ সপোন দেখিছে
দা ৱাইল্ড ছোৱানচ্ এট্‌ কোলেকবিতাত জর্জ হাইডলীৰ সৈতে কবিৰ বিবাহৰ অনুভূতি ও অভিজ্ঞতা প্রকাশ
পাইছে
এগৰাকী আধুনিক ৰোমাণ্কটি কবি য়েট্‌ছ আছিল প্রেমৰ ক্ষেত্রত সকলো সময়তে বেছ অভিমানী আৰু সংবেদনশীল ব্যক্তিযদিও কেতিয়াবা বোধ
হয় কবিয়ে আপাত
: স্থুল তথা জটিল বস্তুকো
কবিতাত গ্রহণ কৰিছে
কিন্তু কোনো সময়তে প্রেমে যেন কবি য়েট্‌চক লগ এৰা নাইয়েটছে কবিৰ জীৱন আৰু
সৃষ্টিত প্রেমৰ প্রভাৱ সন্দৰ্ভত কৈছিল
-”এজন পুৰুষ কবিৰ হৃদয় সকলো সময়তে দখল কৰি থাকে এগৰাকী নাৰীয়েতেওঁৰ কবিতাৰ পৰিমণ্ডল
নাৰী আৰু কবিতাৰ অন্তৰ্লীন বৈশিষ্ট্যৰদ্বাৰা গঢ়ি উঠে
মূলতঃ এই দুই উপাদানৰ সমন্বয়তে গঢ়ি উঠে একোটা কবিতা

   “ছেইলিং টু বাইজেণ্টিয়ামকবিৰ কাপৰ এটি সৰ্বোৎকৃষ্ট সৃষ্টিএই কবিতাটো কবিৰ বহুকাংক্ষিত আধ্যাত্মিক জীৱনযাত্রাৰ প্ৰতীকী অভিব্যক্তিএই কবিতাটিত কবিয়ে
প্ৰথম বাক্যটিৰে এটি ডাঙৰ সত্য প্ৰকাশ কৰিছে যে ভিতৰি ভিতৰি মৃত প্ৰাণ
প্ৰাচুৰ্য হেৰুৱা বৃদ্ধসকলৰ বাবে
নহয় শিল্প
সংস্কৃতিৰ মহিমামণ্ডিত
জগতখন
কবিয়ে কবিতাটোত আপোন
হৃদয়ৰ আকূতি প্ৰকাশ কৰি দেহটোৰ বিনিময়ত অনন্তৰ বুকুৰ
( artifice of
eternity)
পোহৰৰ আত্মা এটিৰ বাবে প্রাৰ্থনা জনাইছেআনহাতে কবি জনে মানমানস আলোড়িত কৰিব পৰা
সাৰস্বত কলাকৰ্মক
“monuments of unaeging intellect’’ বুলি অভিহিত কৰিছে হুয়েন ইউ আৰ অল্ডকবিতাটি য়েট্‌ছৰ প্ৰেয়সী মডগানৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু
অপূর্ণ প্ৰেমৰ যন্ত্রণাৰ বাঙ্ময় পোহৰ
অনুবাদ  “দা টাৱাৰকাব্যগ্ৰন্থত সন্নিবিষ্ট লেদা এণ্ড দা ছোৱানকবি য়েট্‌ছৰ আন এটি উচ্চমানৰ সৃষ্টিএই কবিতাৰ বিষয়বস্তু নাৰীৰ অপূর্ব সৌন্দর্য আৰু পুৰুষৰ অদমনীয়
যৌনক্ষুধা
ইয়াত গ্ৰীকদেৱতাৰ অধিপতি জিউচে (Zeus) ছোৱানৰ ছদ্মবেশত ৰাতি টোপনিত থকা সুন্দৰী তমালেদাৰ সৈতে ৰতিক্ৰীড়াত লিপ্ত হৈ নিজৰ
স্বপ্ন
ক্ষুধা পূৰণ কৰেলেদা আছিল স্পাৰ্টাৰ
ৰজা টিন্দেৰিউছৰ
(Tyndareus) মোহময়ী পত্নীসৌন্দর্যৰ শক্তি অপৰিমেয়মৰতৰ মানবীৰ ৰূপলাৱণ্যৰ মোহত সৰগৰ দেৱতাও মুগ্ধঅভিভূত হোৱাটো হয়তো মানৱীয় শৌৰ্য আৰু গৰিমাৰেই জয়গানপ্রাচীন গ্ৰীক ৰূপকথাৰ
আধাৰত ৰচিত এটি উৎকৃষ্ট সৃষ্টি বাবেই বিশ্বৰ পাঠকমহলত ই এটা বহু জনপ্রিয় কবিতা
 ইষ্টাৰ ১৯১৬” 
জাতীয় চিন্তা আৰু জাতীয় প্রেমেৰে গভীৰভাৱে
উদ্বুদ্ধ য়েট্‌চৰ এটি বিখ্যাত কবিতা
বৃটিছে প্ৰথম বিশ্বযুদ্ধৰ শেষত আয়াৰলেণ্ড এৰি যোৱাৰ প্ৰতিশ্ৰুতি
দিছিল যদিও সময়ত সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰাত আইৰিছসকল ক্ষুব্ধ হৈ পৰে
ইষ্টাৰ কবিতাটো বৃটিছ
শাসন ওফৰাই পেলোৱাৰ মানসেৰে ১৯১৬ চনত সংঘটিত ছদিন ধৰি চলা ইষ্টাৰ বিদ্ৰোহত বৃটিছৰাজৰ
দমনউৎপীড়ন, নিৰ্যাতন আৰু ঘাতকতাৰ বলি হোৱা শ্বহীদ স্মৃতিত ৰচিতএই শ্বহীদসকলৰ ভিতৰত পেট্রিক হেনৰি পাচ্ছে, টমাছ মেক ডনাঘ, জোছেফ প্লানকেটৰ দৰে জাতীয়তাবাদী দু:সাহসী কবিৰ নাম প্রণিধানযোগ্যইষ্টাৰ বিদ্ৰোহ সফল নহল যদিও পৰৱৰ্তীকালত এই বিদ্ৰোহৰ ফিৰিঙতিয়েই জন্ম দিছিল ঐতিহাসিক
আইৰিচ স্বাধীনতা সংগ্ৰাম
আপোচহীন এই জাতীয়* **মুক্তি সংগ্রামৰ জয়গান গাবলৈ গৈ য়েট্‌ছে লিখিলে –”A
terrible  beauty is born.”

য়েটছৰ দা গ্ৰেট দে”, “পাৰনেল” , “হোৱাট ৱাজ লষ্ট” – এই কবিতাকেইটা যুদ্ধ বিষয়ক ভাবনাকেন্দ্ৰিক, ত অপ্রয়োজনীয়
হিংস্ৰতা
, হত্যাকাণ্ডৰ প্রতি কবিৰ
বিৰূপ মনোভাৱ প্রকাশ পাইছে
কবিয়ে দেখা পাইছে যুদ্ধই কোনো সংকটসমস্যা সমাধান কৰিব পৰা নাইযুদ্ধৰ পিছত আকৌ যুদ্ধ হৈছেভয়, শংকা, প্ৰল ৰক্তপাতৰ পিছতো পৃথিবীৰ প্রেমৰ
মানুহক শুনাব পৰা নাই শান্তি
, প্ৰগতি অথবা প্ৰভাতৰ আৱাহনীসেয়ে হয়তো মানবীয় প্রেমৰ শক্তি আৰু মৰ্ম, সত্য আৰু সৌন্দর্যৰ চিৰন্তন উপলব্ধি য়েট্‌চৰ কবিতাৰ অন্তৰ্লীন
ৱেদন নেভাৰ গিভ অল
দা হাৰ্ট
কবিতাত কবিয়ে লেখিছে, –”For
everything that’s lovely is / But a brief, dreamy, kind delight.’’
তেওঁৰ দীপ্ত অন্তৰ্দৃষ্টি আৰু কাব্যকৃতিৰ আন এক উজ্বল চানেকি

জ্ঞানোদয়ৰ সময় যেতিয়া আহে”—-

পাত অলেখ যদিও
শিপা

এডালেই

মোৰ যৌৱনৰ অকামিলা
দিনবোৰত

মোৰ পাত আৰু
ফুলবোৰ বেলিৰ বুকুত

মেলি দিলো;

এতিয়া ময়ো হয়তো
লীন হ
ম সত্যৰ গৰ্ভত

য়েটছৰ শেষবয়সৰ
সৃষ্টিকৰ্মবোৰত বৃদ্ধকালৰ অৱশ্যম্ভাৱী একাকিত্ব
, স্মৃতিকাতৰতা, শূন্যতাৰ কাৰুণ্য আৰু বাস্তৱ অভিজ্ঞতাৰ নিৰ্যাস প্রকাশ কৰিছেকবিয়ে দা চাৰ্কাচ এনিমেলচদিজাৰচনকবিতাত কৈছে, —Now that my ladder’s gone/ I must lie down
where all the ladders start/  In the foul
 rag
and bone
 shop of the heart.

উইলিয়াম বাটলাৰ য়েট্‌ছ আছিল একাধাৰে
কবি
, নাট্যকাৰ, গল্পকাৰ, গদ্যলেখক, লোকসংস্কৃতি বিশাৰদ, জাতীয়তাবাদী ৰাজনীতিবিদ১৯৩২ চনত য়েট্‌চে গঠন কৰে আইৰিচ একাডেমী অব লেটাৰছ্তেওঁ আছিল বিখ্যাত এব্বে
থিয়েটাৰৰ জন্মদাতা
সেই থিয়েটাৰক জনগণৰ মাজলৈ লৈ যোৱাৰ একান্ত প্ৰয়াস আৰু সাধনাৰে কবি য়েট্‌চে দহখনকৈ
নাটক ৰচনা কৰিছিল
কিছু সমালোচকে কব খোজে যে বিংশ শতাব্দীৰ
আধুনিক কবিতাৰ বিৱৰ্তনত কবি য়েট্‌চে এক উল্লেখযোগ্য ভূমিকা পালন কৰিছিল
কবিতাৰ ক্ষেত্রত তেওঁৰ
এই অনিবার্য প্রভাৱক কলা
শিল্পৰ জগতখনত
পাবলো পিকাচোই সূচনা কৰা বৈপ্ল
ৱিক পৰিৰ্তনৰ সতে ৰিজাব খোজে
কিছু সমালোচকে
আনহাতে কোনো সমালোচকে কব বিচাৰে যে
য়েট্‌চৰ সৃষ্টিৰাজিয়ে বিষয় বৈচিত্র
, শিল্পগত ঔদাৰ্যৰ দিশত এজৰা পাউণ্ড আৰু ইলিয়টক অতিক্রম কৰিব পৰা নাছিলকিন্তু প্রথিতযশা কবিসমালোচক এলভাৰেজে তেওঁৰ  “দা ছেপিং স্পিৰিটগ্ৰন্থত (পৃষ্ঠা নং ৪০) ভাষা আৰু প্ৰমূল্যগত
মূল্যায়নৰ তুলাচনীত য়েট্‌ছক শ্বেইকছপীয়েৰ আৰু জনচনৰ সৈতে একেশাৰীতে আসন দিছে
“The
writing deals only with the concrete, the values behind them are valuable only
as they become personal. It is in this that Yeats is at one with Shakespeare and
Donne”
কোন বেছি শ্ৰেষ্ঠ, সেই বিচাৰ আমি পাঠকলৈ এৰিলোঁআমি কবিতাৰ সমালোচক নহয়, কেৱল য়েট্‌ছৰ মহৎ কবিতাৰাজিৰ এজন মুগ্ধ পাঠকতেওঁৰ কবিতাৰ শাৰীবোৰ, শব্দৰ তেজৰ সেউজীয়া বীজবোৰ তেজৰ মাজত ধাৰণ কৰাৰ সময়ত যেন বাৰে
বাৰে বুৰ যাওঁ সুশ্ৰুত
নীৰৱতাত
বাৰে বাৰে মনত পৰে নীলমণি ফুকনদেৱৰ কবিতালে’, নজহানপমা সেই সাগৰতলিৰ
শংখবোৰলে

এটা কথা অনস্বীকার্য যে কবি য়েট্‌ছে আইৰিছ
সাহিত্যজগতত আধুনিক চিন্তা আৰু সৃষ্টিৰে ৰেনেছাঁৰ জন্ম দিছিল
আইৰিছ আৰু ইংৰাজী সাহিত্যৰ সোণালী সেতু ৰচনাত য়েট্‌ছৰ
অভূতপূর্ব অৱদানৰ কথা সকলোৱে একমুখে স্বীকাৰ কৰিব
১৯২৩ চনত য়েট্‌ছক সাহিত্যৰ সৰ্বোচ্চ স্বীকৃতি নোবেল
বঁটা প্ৰদান কৰা হয়
আইৰিচ সাহিত্যজগতত এই পুৰস্কাৰ লাভ কৰা তেওঁ হল প্ৰথমজন কবিসমাজ, সভ্যতাৰ বৌদ্ধিক উত্তৰণৰ উদ্দেশ্যৰেই য়েট্‌চে ওৰেটো জীৱন কাব্যচৰ্চাপ্ৰচাৰত আত্মোৎসর্গ কৰিলে১৯৩৫ চনত কবিৰ আত্মজীৱনী “The
Autobiography
 of William
Butler Yeats”
প্রকাশিত হয়১৯৩৬ আৰু ১৯৩৮ চনত ক্ৰমে প্রকাশ পায় কবিৰ দা অক্সফোর্ড বুক অব ভাৰ্ছআৰু নিউপয়েমচ্য়েট্‌ছৰ চৰ্চিত আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হল দা কেল্টিক টুইলাইট্, মাইথলজিজ, দা লেন্স অব হাৰ্টচ্‌ ডিজায়াৰ, এ ভিছন, দা টাৱাৰ, আইডিয়াজ অব্‌ গুড্ এণ্ড এভিলছ্১৯৩৯ চনত কবি য়েট্‌ছৰ জীৱনবন্তি নিৰ্বাপিত হয় ফ্রান্সৰ মেন্টনতমৃত্যুৰ আগে আগে কবিয়ে ৰঙা তেজৰ তৰা ছিঙি খোদিত কৰা
কবিতাৰ যুগমীয়া স্তৱক এটিৰে আজিও উজলি আছে কবিৰ সমাধি ফলক
,-”Cast
a cold eye on life, on death, Horseman pass by!”
য়েট্‌চে যেন অনন্তৰ বুকুৰ পোহৰছায়াৰ আকাশীৰথত
ৰৈ আমাক আজিও ৰিঙিয়াই কয়
মাথো দেহজ আঁচোৰৰ সুৰসুৰণি নহয়; সভ্যতাৰ হৃদয়ৰ ফল্গু হৈছে কবিতাস্বদেশক গোঁৱাৰৰ দৰেই ভাল পায়ো এই পৃথিৱীৰ পোহৰপিয়াসী
কোটি কোটি মানুহক ৰূপান্তৰৰ চেতনা আৰু ৰৌদ্ৰোজ্বল কবিতাৰ সেতুৰে এক কৰি ৰাখিব বিচৰা
অন্তৰতম প্ৰয়াসৰ বাবেই য়েট্‌ছ হ
ল যুগদ্ৰষ্টা
এগৰাকী চিৰমহান
, বিশ্ববৰেণ্য কবি

০০০

ঠিকনা

লাৰিকাগ্ৰীনভেলীআজাৰা,

হাটখোৱাপাৰাপিন-৭৮১০১৭,

গুৱাহাটী