নিৰ্মালি নয়নতৰা 



 :প্ৰভঞ্জন মানে কি আচলতে?

:মই….মই নাজানো।

:প্ৰভাকৰ বুলি মাতিব
পাৰিম চাগৈ
?

:প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই
ইচ্ছা কৰে মাতিব পাৰে।

 সুসজ্জিত ড্ৰয়িং ৰুমটোত বহি থকা সাতাইছ বছৰীয়া লৰাটোলৈ চাই চাই অঞ্জনাময়ীয়ে
একেলেথাৰিয়ে কেইবাটাও প্ৰশ্ন সুধিলে।

কিন্তু প্ৰশ্নৰ
উত্তৰ দিয়াতকৈ সি সোনকালে গুচি যোৱাত বেছি আগ্ৰহ প্ৰকাশ কৰিছিল৷
 তাৰ চকুৱেমুখে অস্বস্তিৰ চিন
ফুটি উঠিছিল। তাৰ ব্যতিব্যস্ততা আৰু উচপিচনিৰ পৰিৱৰ্তে অঞ্জনাময়ীৰ অৱহেলামিশ্ৰিত
অলস মন্থৰ বডি লেংগুৱেজে তাক সঁচাই বিৰক্ত কৰিলে৷

পশ্চি‍মৰ আকাশখন কলাকৈ আহিছে৷ অলপ পিছতেই
মুষলধাৰে বৰষুণ নামেহে লাগে! এই মানুহজনীয়ে বাৰু বৰষুণ অহালৈ ৰৈ আছে নেকি
?
 সি ভাবিলে, কি অদ্ভুত চখ, অদ্ভুত বিকৃতি থাকে মাইকী মানুহবোৰৰ!

ব্লু পেৰাডাইজৰ
নৰ্থব্লকৰ শকত মানুহজনীয়ে তাক খাই পেলাব খোজে
, জামনগৰৰ পৰা আহি চাকৰিসূত্ৰে ইয়াত থকা ওখ মানুহজনীয়ে
তাৰ পিঠি নখেৰে নেফানেফ কৰিব খোজে। আৰু হৰিদ্বাৰৰ যে জৈমিনী বোলা ডাইনীজনী!

উস্,তাইতো মানুহ নহয়েই!

এলেপা গ্লানি আৰু
মনৰ এচুকত এসোপা ক্লেদ সানি অলপ অলপকৈ খোৰাই সি যেতিয়া তাইৰ ঘৰৰ পৰা ওলাই যায়
, তেতিয়া এক অদ্ভুত তিৰ্‌বিৰণিৰে তাইৰ
চকুহাল
 জ্বলি উঠে। এবাৰতো তাই আৰু চাৰিজনী ফ্ৰেণ্ড গোটাই থৈছিল। সিহঁতে মাতাল হৈ
তাৰ মূৰ্ছিত
, অৰ্ধনগ্ন শৰীৰত বমি কৰিছিল, তাক আঁচুৰিছিল, তাক নেফানেফ কৰিব খুজিছিল, তাৰ মৰ্মস্থলত দাঁতেৰে কামুৰি
ক্ষতবিক্ষত কৰিব খুজিছিল। কোনোমতে সি সাৰিছিল।

টয়লেটলৈ যাওঁ বুলি কৈ আধানাঙঠ শৰীৰেৰে
সি নিজক বচাই কেৱল দৌৰিছিল আৰু দৌৰিছিল। নিশাৰ ৰাজপথত তাক এক উদ্ভ্ৰান্ত পগলা
  কুকুৰৰ দৰে দেখা
গৈছিল৷

 :চাহ খাবা? মই অৱশ্যে চাহতকৈ
টিজেন খাওঁ। অপৰাজিতা ফুলেৰে বনাম
, খাবা?

 প্ৰভঞ্জনে মূৰ
জোকাৰিলে।
 

এইজনী পাগলীয়েই নে কিয়েইনে জানো? চাহ খাবলৈকে তাই প্ৰভঞ্জনক মাতিব
লাগেনে
? অহ্ তাইতো প্ৰভঞ্জনক
মতা নাই
? তাই
মাতিছিল এটা জিগ
, এটা পুৰুষ বেশ্যাক। সি দিবাকৰ,
 প্ৰভাকৰ যিয়েই নহওক কিয়, তাতে তাইৰ কি আহেযায়?

 :বৰষুণেই দিব এতিয়া। ৰবা মই খিৰিকীবোৰ জপাই থৈ আহোঁ।
এছাৰকণি পৰি এবাৰ জানা
, মোৰ টেবুলৰ গোটেই কিতাপবোৰ তিতিছিল! আৰু এনে‍কুৱাকৈ উৱলি গৈছিল নহয় কি কম তোমাক? বৰষুণ আহিলেই মোৰ উচ্‌পিচ্
লাগে। কিবা ফ
বিয়া নে কি জানো? 

প্ৰভঞ্জন মনে মনে থাকিল। 

বান আৰু বৰষুণৰে তাৰ
আজন্ম সম্বন্ধ। বছৰটোৰ এখিনি সময় ছিগা মথাউৰিৰ পাৰত টিৰ্পাল তৰি সজা ঘৰত তাৰ শৈশৱ
আৰু কৈশোৰৰ এখিনি ভয়ানক নৈৰাশ্য আৰু অভাৱৰ দিন
ৰাতি পাৰ হৈছে। তাৰ মনত আছে, এবাৰ তাৰ চৈধ্য বছৰীয়া বায়েক নীতিক
ৰিলিফ্ দিবলৈ অহা মানুহ এজনে বৰষুণৰ এদিন অট
বাইল দোকান
এখনলৈ মাতি নিছিল। সেইদিনা তাই আন মানুহতকৈ পাউডাৰ গাখীৰ
,
 বিস্কুট আৰু দাইলৰ
টোপোলা এটা এক্সট্ৰাকৈ পাইছিল। কিয় পাইছিল সি তেতিয়া নাজানিছিল। মাত্ৰ তাৰ মনত আছে
, নীতিৰ মুখখন ওন্দোলাই অনা আকাশৰ দৰে কলা হৈ আছিল। তাই যেন ভয়
খাইছিল!

বৰষুণ দিলে তাৰ
কিতাপবোৰেই নহয়
, কাপোৰ-কানিবোৰো তিতিছিল। পাকঘৰৰ চৌকাটো, পিৰালিত উঠি থকা ছাগলীকেইজনী, পিছফালৰ বাৰান্দাত থকা আটকীয়া ধানৰ
ডুলিটো
 সকলো তিতিছিল।
এতিয়াও বাহিৰৰ ৰছীডালত মেলি থৈ অহা তাৰ কাপোৰবোৰ তিতিছে চাগৈ!

 :মই যাব লাগিছিল। 

সি অলপ কঠোৰভাৱে কলে। প্ৰফেচন এটাত থকা
মানুহে টাইম মেনেজমেণ্ট নাজানিলে নচলে। এই মানুহজনীৰ ঘৰত টিজেন
,
 বৰষুণ আৰু তাৰ নামৰ
অৰ্থ আলোচনা কৰি থাকিলে তাৰ ঘৰ নচলে।
 

 অঞ্জনাময়ী চোফাৰ পৰা উঠিল। তাইৰ দীঘল চুলিকোছাও যেন মানুহজনীৰ সৈতে একেলগে
উঠিল। বান্ধি থোৱা চুলি একোছা খোপা খুলি মেল খাই পৰিলে চুলিকোছা উঠি অহাৰ দৰেই
লাগেচোন! এই চকুত নপৰা কথাটো প্ৰভঞ্জনৰ প্ৰথম বাৰ দেখা যেন লাগিল। সাধাৰণ চকু-মুখৰ
এজনী সাধাৰণ মানুহ। মাতটো হৃদয়ৰ আটাইতকৈ কোমল এচুকৰ পৰা ওলায় চাগৈ! সিয়েই
মানুহজনীক অসাধাৰণ যেন লগা কৰি তুলিছে।

 

অঞ্জনাময়ী নিশব্দে  আন এটা কোঠালৈ গল আৰু হাতত ছাতি এটা লৈ
উভতি আহিল।
 

:এইটো লৈ যোৱা৷ তোমাক
ছাতি অনা দেখা নাই মই।

:কাইলৈ ঘূৰাই দিমহি! 

তাই মিঠাকৈ হাঁহিলে।

ছাতিটো লৈ সি ওলাই গল। পুৰণি অন্তৰংগ
বন্ধুক বিদায় দিয়াৰ দৰে তাই তাক দুৱাৰমুখলৈকে আগবঢ়াই দিলে।
 

:আহিবা দেই! এইবাৰ চাহো
নেখালা। নেক্সট যেতিয়াই আহাঁ
,
 সময় লৈ আহিবা। 

 হয়, হয়! পাগলীয়েই হয়
এইজনী।

 

০০০

 

দুদিন ধৰি প্ৰভঞ্জনৰ তমোময় জ্বৰ। কলৈকো
ওলাব পৰা নাই। কাষৰ ৰুমৰ ল
ৰাটোৱে দৰব আনি দিছে। ভাত দুটামানো ৰান্ধি দিছে।

এনেকুৱাতে তাৰ মাকলৈ মনত পৰে। পৃথিৱীৰ
সকলো মানুহেই এনেকুৱা সময়ত মাকৰ স্পৰ্শ বিচাৰি আকুল হয়। সিও।

ট্ৰাক ড্ৰাইভাৰ এজনৰ সৈতে গুচি যোৱা
নীতি আৰু তাৰ
  পাছৰে পৰা  দুখে খঙে ক্ৰমশঃ ৰুগীয়া হৈ পৰা তাৰ মাকৰ মৃত্যু যন্ত্ৰণাৰ দিনবোৰ মনলৈ
আহিলে সি চমকি উঠে। সিও যেন সেই যন্ত্ৰণাদীৰ্ণ মৃত্যুৰ চিকাৰ হ
ব! ভয় এটাই তাক খেদি ফুৰে। সি বিহ্বল হয়।

 আবেলিলৈ সি অঞ্জনাময়ীৰ ঘৰ ওলালগৈ। তাই ঘৰত নাই। বনকৰা মানুহজনীৰ কথামতে সি
বহিল। ছাতিটো দি থৈ যাওঁগৈ বুলি ভাবিও সি বহিল। তাৰ মূৰটো আচন্দ্ৰাই ধৰিলে। জ্বৰীয়া
, অৱশ শৰীৰটোৰে সি
নিৰ্জন কোঠাটোৰ চোফাতে বহি থাকিল।

এসময়ত ঘামি জামি তাই ওলালহি।

সি যেন খবৰ দি হে ওলাইছেহি, তেনেকৈ তাই সুধিলে,
আহিলা?”

মূৰটো দুপিয়াবলৈও তাৰ দেহত বল নাছিল।

: ছাতিটো!

: অহ্! দিয়া।

 ছাতিটো লবলৈ লৈ তাই সুধিলে। 

:গা বেয়া নেকি তোমাৰ
অঞ্জন
?
 উস্ নহয়,দিবাকৰ! আস্ চৰী ….প্ৰভাকৰ।

 প্ৰভঞ্জনে হাঁহিলে। কিন্তু লগে লগে সি
বহা ঠাইতে ঢলি পৰিল।
 

যেতিয়া সি সাৰ পালে,তেতিয়া সি তাইৰ বেডৰুমৰ
এখন বিছনাত। বিছনাখন নিশ্চয় তাইৰ নহয়। তাৰ বেশ ভূষাই কয়
,
 এইখনত চাগৈ তাই
কেতিয়াবা এনেয়ে পেট পেলাই পঢ়ে
, গান শুনে, চিনেমা চায়।

অঞ্জনাময়ীয়ে নিজৰ বিছনাত বহি কাপত কিবা
খাইছিল। হয়তোবা টিজেন!

সি চকু মেলা দেখি তাই কলে, “ডাক্তৰে কৈছে তুমি খুব দুৰ্বল হৈ পৰিছা হেনো। অলপ
যত্ন ল
বা বুইছা৷” তাই তাৰ একেবাৰে
কাষলৈ আহিল।

: তুমি বমিও কৰিছিলা। চোলা-তোলাবোৰ
লেতেৰা হ
ল।
মই ধুবলৈ দিয়া
লোঁ। তোমাৰ গোটেই পিঠিতে নখ আৰু দাঁতৰ দাগ! বৰ
কষ্টত আছা অঞ্জন
?

 সি একো নকলে। বেৰৰ পিনে চাই থাকিয়ে সি অনুভৱ কৰিলে,তাৰ চকুহাল সেমেকি আহিছে। তায়ো আৰু একো নুসুধিলে।

: মই তোমাক ঘৰলৈকে থৈ আহিম দেই। বেয়া
নেপালে আজি তুমি ইয়াতো থাকিব পাৰা।

 ৰাতি ভালেমান পৰ
হৈছিল। সি যাব নে থাকিব একো ঠিৰাং কৰিব নোৱাৰিলে। এসময়ত সি আকৌ টোপনি গ
ল।

 : গুডমৰ্ণিং অঞ্জন! গা ভাল পাইছা চাগৈ?

 গা ধুই অহা
অঞ্জনাময়ীয়ে চন্দনৰ সুগন্ধি কঢ়িয়াই আনিছে। চেলফৰ ধূপদানিটোত গুজি দিয়া ধূপডালৰ
সুবাসে কোঠাটো আমোলমোলাই উঠিল।

 পৱিত্ৰ মনৰ মানুহৰ
মুখত কিবা এক পোহৰ থাকে। সেই পোহৰৰ নাম চাগৈ সৰলতা!

অঞ্জনাময়ীয়ে তাক নেজানে। সি আচলতে কি
কামৰ বাবে
  প্ৰথমদিনা তাইৰ ওচৰলৈ আহিছিল,তাই তাকো নেজানে। জনা হলেও, অঞ্জনাময়ীৰ দৰে
নাৰীয়ে কেৱল নিজৰ শৰীৰৰ ক্ষুধা গুচাবৰ বাবেই কেতিয়াও অচিনাকি পুৰুষৰ আগত কাপোৰ
নোখোলে। তাই কিজানি ভাবিছিল
, টকাৰ বিনিময়ত কোনোবাই অলপ পৰ তাইৰ সৈতে কথা পাতিব!

তাই প্ৰভঞ্জনক পুৰুষ বেশ্যা বুলি
তেতিয়া হে জানিছিল কিজানি
, যেতিয়া তাৰ চোলাটো খুলি তাই তাৰ পিঠিৰ আঘাতবোৰ দেখিছিল।

 খোৱাৰ টেবুলত বহি সি
সুধিলে
, “তুমি
কিয় ইমান ভাল অঞ্জনা
?”
 সৰু লৰা এটাৰ দৰে সৰল প্ৰশ্নটোৰ উত্তৰটো
জটিলৰ পৰা জটিলতৰ হবগৈ বুলি ভাবি তাই একোকে উত্তৰ নিদিলে।
 

চৌত্ৰিছ বছৰীয়া অঞ্জনাময়ীক ছল্লিছ
বছৰীয়া অচ্যুতে বাহী ফুল এপাহৰ দৰে এৰি থৈ গৈছে। অৱশ্যে এই বৃহৎ ঘৰটো
, গাড়ীখন, ভাড়াঘৰবোৰৰ টকাবোৰ….সকলো তাইৰ হৈয়েই
আছে।
 

অচ্যুতে সদায়ে কৈছিল, “তোমাৰ কিবা এটা নাই
অঞ্জু! কি নাই আই এম নট চিঅ
ৰ। বাট আই ফীল ইনকমপ্লিট ৱিথ য়ু!
তাতকৈ মোৰ জাহানক ভাল লাগে। তুমি ভাল। অফকৰ্চ ভাল। বাট্ । নাজানো। মানে মই বুজাব
জনা নাই৷

বুজাব নাজানিলেও অঞ্জনাই বুজিছিল।
অচ্যুতে কোনোদিন তাইৰ সৈতে কাজিয়া পেঁচালো লগা নাছিল। কেৱল নিৰ্লিপ্তি আৰু
প্ৰেমহীনতাৰ বাবেই সিহঁত একেলগে থাকিব নোৱাৰা এটা উশাহ বন্ধ পৰিস্থিতিৰ সৃষ্টি হৈ
আহিছিল।

 জাহান! জাহানাৰা।
তাৰ অফিচৰ কলিগ।

তাইৰ সৈতে অচ্যুত গুচি যোৱাৰ দিন ধৰি
অঞ্জনা অকলশৰীয়া হৈ পৰিছিল।
নিঃসংগ তাই আগতেও আছিল। কিন্তু অচ্যুতক কেন্দ্ৰ কৰি উপগ্ৰহ
এটাৰ দৰে ব্যস্ত হৈ ৰ
বলৈকে তাইৰ অন্ততঃ এটা কক্ষপথ আছিল।

অফিচত এদিন চেমিমে তাইক সুধিছিল, “টাইম পাছ কৰিবলৈ
আজিকালি মানুহ ভাড়াত পায়। নম্বৰ দিওঁ নেকি
?”

চেমিমৰ অৰ্থপূৰ্ণ দুষ্টালিৰ হাঁহিটো
নেওচি তাই সহজকৈ কৈছিল
, “সঁচা নেকি? দেচোন তেনে!

চেমিমে নম্বৰ দিছিল৷

তাৰ তিনিদিনৰ পিছত প্ৰভঞ্জন আহিছিল।

অঞ্জনাই তাক চাহ নে টিজেন খাব সুধিছিল।

সি যোৱাৰ পাছত ভাবিছিল, ৰাটো বয়সত সৰু হলেও বৰ ভদ্ৰ, অমায়িক। ইয়াৰ লগত
কথা পাতিব পৰা যাব! সি কেনে ধৰণৰ কথা পাতিব জানে
, সি কি কামৰ বাবে আহিছে সেয়া তাই
নজনাকৈয়ে থাকি গ
ল।

 অঞ্জনাই দৰক লাগি
থকা দেখি সি দুনাই একো নুসুধিলে। খাই বৈ সি যাবলৈ ওলাল। অঞ্জনাই তাক দুৱাৰদলিলৈকে
আগবঢ়াই দিলে। সি এবাৰ উভতি চাই সুধিলে
,

 : বৰষুণ দিলে তুমি কি কৰাঁ? তাৰ প্ৰশ্নটোৰ উত্তৰত অঞ্জনাই হাঁহিলে।

: একো নকৰোঁ। আগতে, সৰুতে পানীৰ ডোঙাত কাগজৰ নাও উটুৱাই
দিছিলোঁ।

: নাও সাজিব জানা?

: ওহোঁ নেজানো। ভণ্টিয়ে সাজিছিল।

: মই সাজি দিম?

: ওঁ।

 অঞ্জনাময়ীয়ে
হাঁহিলে।
 কিছুমান নাৰীয়ে হাঁহিলে ৰদ এজাক সোণবৰণীয়াকৈ ওলায়, নিজান বুকুৰ পুখুৰী
এটাত সৰুকৈ ঢৌ এটা উঠে।
 

 : বৰষুণ দিলে নাওবোৰ সাজি লৈ আহিম।
যাওঁগৈ।

: আঁহাগৈ তেনে! চাহ খোৱাকৈ আহিবা দেই।

: বেলিফুলৰ চাহ খাম!

: অপৰাজিতাৰ হে!

: অহ্, হয়তোন! ধেৎ।

 প্ৰভঞ্জন গলগৈ। অঞ্জনাময়ী বাৰাণ্ডাতে বহি থাকিল। 

এসময়ত তাই পুৰণি
বাতৰি কাকত এখিলাৰে নাও এখন সাজিবলৈ ভাঁজ-ভুজ দিয়াৰ চেষ্টা এটা কৰি চালে
, নহলগৈ। নিজকে নিজে তাই কলে, “প্ৰভঞ্জনে নাওবোৰ আনিবই নহয়! মইও সাজিবলৈ শিকি
ব লাগিব৷”
 

প্ৰভঞ্জনে বা বৰষুণৰ দিনত কি কৰে? অঞ্জনাময়ীৰ জানিবলৈ বৰ
মন গ
ল।

প্ৰভঞ্জনৰ পিঠিত ইমানবোৰ দাঁত আৰু নখৰ
চিন কেনেকৈ
? তাইৰ তাকো জানিবৰ মন গল।

 

 

 

 

 

  নিৰ্মালি নয়নতৰা

ফোন:৭০০২৭৯৪২৩৯

বকলিয়াঘাট-৭৮২৪৮২

কাৰ্বি আংলং

 

 

শ্ৰব্য ৰূপ