মূল : দীনেশ চন্দ্ৰ সেন
অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতী

অংকন: বৰ্ণিল মহন্ত

 
এজন সদাগৰ আছিলতেওঁৰ নাম ধনেশ্বৰ৷
সদাগৰৰ বহুতো ধন-সোণ আছিল৷ তদুপৰি সদাগৰৰ ঘোঁৰাশালত ঘোঁৰা আৰু পদূলিত হাতী বান্ধি
ৰাখিছিল৷ এটা সময়ত সদাগৰৰ মনত জুৱা খেলাৰ নিচা লাগিল৷ জুৱাখেলত বাজি মাৰি মাৰি
সদাগৰে সকলো ধন-ৰত্ন হেৰুৱালে৷ অৱশেষত সকলো হেৰুৱাই
  সদাগৰে পুতেক আৰু
জীয়েকক লগত লৈ শুদা হাতেৰে বাটৰ ভিক্ষাৰী হ
ল৷ সদাগৰৰ জীয়েকৰ
নাম কাজল ৰেখা আৰু পুত্ৰৰ নাম ৰত্নেশ্বৰ৷ ছোৱালীজনী ল
ৰাটোতকৈ
বয়সত ডাঙৰ৷

এনেকৈ ঘূৰি ফুৰোঁতে
এদিন এজন সন্ন্যাসীয়ে সদাগৰক এটা ভাটৌ চৰাই আৰু এটা অপৰূপ আঙঠি দি ক
লেএইটো হল ধৰ্মমতী ভাটৌ৷ এই ধৰ্মমতী ভাটৌৰ কথামতে
চলিলে তোমাৰ দুখ আঁতৰ হ
ব৷ এইবুলি কৈ সন্ন্যাসী গুচি গল৷

দুখৰ সাগৰত পৰি
এদিন সদাগৰে ভাটৌ চৰাইটোক ক
লেকোৱাঁ, আমাৰ জীৱনৰপৰা দুখ
কিদৰে আঁতৰ হ
? মোৰ ধন-সোণ গ, হাতী গ, ঘোঁৰা গল আৰু আজি লগত পানী খাবলৈ ঘটিটোও নাই৷
এনেদৰে মই কেনেকৈ এই ল
ৰা-ছোৱালীহালক ডাঙৰ-দীঘল কৰিম,
জীৱন বচাম?

ধৰ্মমতী ভাটৌ
চৰাইটোৱে ক
লেএইবাৰ তোমাৰ দুখ দূৰ হ! তুমি বজাৰলৈ গৈ আঙঠিটো বিক্ৰী কৰি থৈ আহাঁ৷ সেই আঙঠি বেচা টকাৰে এখন নাও
তৈয়াৰ কৰাঁ আৰু সেই নাৱত বণিজ কৰিবলৈ ওলোৱাঁ৷

ভাটৌৰ কথা মিছা
নহয়৷ লগে লগে সদাগৰে আঙঠিটো বেচি নাও সজাত লাগিল আৰু তাৰ পাছত বণিজলৈ বুলি ৰাওনা হ
ল৷ কিছুদিনৰ পিছত অনেক
ধন-ৰত্ন ঘটি বাণিজ্যৰ পৰা সদাগৰ ঘৰলৈ উভতি আহিল৷ ইতিমধ্যে সদাগৰৰ টকা-পইচাৰ দুখ
আঁতৰ হ
ল৷ কিন্তু অন্য এটা দুখ সমুখত আহি পৰিল৷ সুন্দৰী কাজল
ৰেখাৰ বাবে ভাল দৰা বিচাৰি নোপোৱা হ
ল৷ সদাগৰে ভাটৌ চৰাইটোক
এদিন মনৰ দুখৰ কথা খুলি ক
লে৷

তেতিয়া ভাটৌ
চৰাইটোৱে ক
লেকাজল ৰেখাৰ বিয়া হব এক
মৃত ৰাজকুমাৰৰ সৈতে৷ তাইক এতিয়া আৰু ঘৰত নাৰাখি তুমি বনত এৰি থৈ আহাঁ৷ তোমাৰ সকলো
দুখৰপৰা পৰিত্ৰাণ পাবলৈ এতিয়াও যথেষ্ট সময় আছে৷
 

ভাটৌ চৰাইটোৰ কথা
শুনি সদাগৰে উপায়বিহীন হৈ কান্দিবলৈ ধৰিলে৷ আনহাতে সন্ন্যাসীৰ উপদেশ মানি এদিনাখন
ভাটৌ চৰাইটোৰ মতে নাৱত তুলি ছোৱালীজনী হাবিৰ ফালে লৈ গ
ল৷

নাও চলিল উজনিৰ
ফালে৷ বহু দূৰ আগুৱাই গ
ল৷ এখন মহাঅৰণ্য, মানুহৰ কতো
চিন-চাব নাই৷ এটা ঘাটত সদাগৰে নাওখন ৰখাই কাজল ৰেখাক লগত লৈ হাবিৰ ভিতৰলৈ প্ৰৱেশ
কৰিলে৷ কাজল ৰেখাই ভয় খাবলৈ ধৰিলে৷ তাই ভাবিবলৈ ধৰিলে
দেউতাকে
তাইক ক
লৈ আনিছে! সিহঁত হাবিৰ মাজে
মাজে খোজ কাঢ়ি বহু দূৰ আগুৱাই গ
ল৷ দূপৰৰ ৰদ মূৰৰ ওপৰ পালেহি, ভাগৰ লাগিছে৷ কাজল ৰেখা আৰু খোজ
কাঢ়িব নোৱাৰা হৈ আহিছে৷ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই আহিছে৷ এই সময়তে সন্মুখত দেখা গ
ল এটা পুৰণা মন্দিৰ৷ মন্দিৰৰ দুৱাৰ বন্ধ৷ দুয়ো মন্দিৰৰ খটখটিত বহি পৰিল৷
কাজল ৰেখাই ক
লেদেউতা, পানী খাম৷ লগে লগে সদাগৰ গল পানীৰ সন্ধানত৷ ইফালে
কাজল ৰেখাই মন্দিৰৰ চাৰিওফালে ঘূৰি ঘূৰি চাবলৈ ধৰিলে৷ এবাৰ তাই হাতেৰে মন্দিৰৰ
দুৱাৰত হেঁচিবলৈ ধৰিলে৷ দুৱাৰখন খোল খাই গ
ল৷ কিনো আছে চাবলৈ
কাজল ৰেখা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলে৷ যেতিয়াই তাই মন্দিৰৰ ভিতৰলৈ সোমাল লগে লগে
খোলা দুৱাৰখন নিজে নিজে বন্ধ হৈ গ
ল৷ আপ্ৰাণ চেষ্টা কৰিও তাই
দুৱাৰখন পুনৰ খুলিব নোৱাৰিলে৷ ভয় খাই কাজল ৰেখাই কান্দিবলৈ ধৰিলে৷ কিছু সময়ৰ পিছত
সদাগৰে পানী লৈ উভতি আহি মন্দিৰৰ ভিতৰত কাজল ৰেখাৰ কান্দোন শুনিবলৈ পালে৷ তেতিয়া
সদাগৰে দৰজাত ঢকিয়াই বাহিৰৰপৰা চিঞৰিলে
কাজল, দৰজা খোল৷

কেনেকৈ খুলিব সেই
দৰজা
? সদাগৰে
দৰজাখন ভাঙিবলৈ চেষ্টা কৰিলে
কিন্তু নোৱাৰিলে৷ কাজল ৰেখা
বন্দী হৈ ভিতৰতে থাকিল৷

সদাগৰে সুধিলেকাজল, মন্দিৰৰ ভিতৰত কি আছে?

কাজল ৰেখাই কান্দি
কান্দি ক
লে
এজন মৃত ৰাজকুমাৰ, তেওঁৰ গোটেই শৰীৰত হুলেৰে
বিন্ধোৱা আছে৷ মূৰৰ কাষত এটা জ্বলন্ত ঘিউৰ বাটি৷ কথা শুনি সদাগৰ আচৰিত হৈ পৰিল৷
মনলৈ আহিল ভাটৌ চৰাইটোৰ কথা৷ সদাগৰে ক
লেহে ভগৱান, কাজল ৰেখা সেই মৃত ৰাজকুমাৰেই তোমাৰ স্বামী৷
যেনেকৈ পাৰ তোৰ স্বামীক তই জীয়াই তোল৷ এয়াই তোৰ কপাল
এইবুলি
কৈ সদাগৰ দুখ মনেৰে ঘৰলৈ উভতিল৷

কাজল ৰেখাই মৃত
ৰাজকুমাৰৰ মূৰৰ কাষতে বহি কান্দিবলৈ ধৰিলে৷ তেনেতে তাই দেখিলে মন্দিৰলৈ এজন
সন্ন্যাসী সোমাই আহিছে৷ অলপ সাহস পাই কাজল ৰেখা সন্ন্যাসীৰ ভৰিত পৰি মূৰ দোঁৱালে৷
সন্ন্যাসীয়ে তাইক আশীৰ্বাদ কৰি ক
লেমা, তোমাৰ
কোনো ভয় নাই৷ এই মৃত ৰাজকুমাৰক ময়েই বনৰ মাজৰ পৰা আনি ইয়াত ৰাখিছোঁ৷ এওঁ জন্মৰপৰাই
মৃত হৈ আছে৷ মাথোঁ মোৰ মন্ত্ৰৰ জোৰত তেওঁ ক্ৰমে ডাঙৰ হৈ আহিছে৷ এতিয়া তোমাৰ হাতৰ
স্পৰ্শত তেওঁ প্ৰাণ পাব৷ কাজল ৰেখাই অবাক হৈ সন্ন্যাসীৰ ফালে চাই থাকিল৷
 

সন্ন্যাসীয়ে
কিছুমান গছৰ পাত ছিঙি আনি কাজল ৰেখাৰ হাতত দি ক
লেএই পাতেৰে তুমি
ৰাজকুমাৰৰ গাৰপৰা হুলবোৰ উলিয়াই দিয়া আৰু সকলোতকৈ শেষত চকুৰ হুল তুলিবা৷ তাৰ পাছত
চকুত এই পাতৰ ৰস উলিয়াই বাকি দিবা৷ সেয়া সম্পূৰ্ণ হ
লেই
ৰাজকুমাৰ জী উঠিব৷ কিন্তু খবৰদাৰ
, তুমি নিজৰ পৰিচয় ৰাজকুমাৰক
কেতিয়াও নিদিবা৷ তেনে কৰিলেই পুনৰ ৰাজকুমাৰ মৃতু্যৰ মুখত পৰিব৷ তোমাৰ দেউতাৰ হাতত
থকা সেই ভাটৌ চৰাইটোৱে যেতিয়ালৈকে আহি ৰাজকুমাৰক তোমাৰ পৰিচয় নকয়
, তেতিয়ালৈকে তোমাৰ দুখ শেষ নহয়৷ এইবুলি কৈ সন্ন্যাসী গুচি গল৷

তাৰ পিছত কাজল ৰেখাই
একান্ত মনে বহুপৰ বহি বহি ৰাজকুমাৰৰ গাৰ হুলসমূহ
  তুলিবলৈ ধৰিলে৷ সময় ক্ৰমে দীঘলীয়া হৈ পৰিল৷
আহাৰ-নিদ্ৰা একো নাই৷ তেনেকৈয়ে পাৰ হ
ল সাত দিন, সাত ৰাতি৷ তেতিয়াও দুচকুৰ হুল তুলিবলৈ বাকী, তেতিয়াই
কাজল ৰেখা যাবলৈ ওলাল গা ধুবলৈ৷ তাই মনে মনে ভাবিলে
, গা ধুই
আহি শান্ত আৰু পৱিত্ৰ হৈ অন্তিম হুল তুলি ৰাজকুমাৰৰ শৰীৰত প্ৰাণ দিব৷

মন্দিৰৰ অলপ দূৰৈত
এটি ডাঙৰ সৰোবৰ আছে৷ তাতে কাজল ৰেখা গা ধুবলৈ নামিল৷ তেনেতে সৰোবৰৰ সেই ঠাইলৈ এজন
অচিনাকি লোক আহিল লগত জীয়েকক লৈ৷ তেওঁ কাজল ৰেখাক দেখি ক
লেএই ছোৱালীজনীক তুমি দাসী হিচাপে ৰাখিবা? পেটৰ ভোকত
মই ছোৱালীজনীক বেচিবলৈ আহিছোঁ৷ কাজল ৰেখাই
  ভাবিলেহায় হায়, এজন পিতৃয়ে নিজৰ ছোৱালীক বনবাসত এৰি থৈ গৈছে আৰু এইজন পিতৃয়ে নিজৰ ছোৱালীক
বেচিবলৈ আহিছে
! ছোৱালীজনীৰ দুখত কাজল ৰেখাৰ চকুৰে পানী বৈ
আহিল৷ তাই হাতৰ কঙ্কণ
(খাৰু) দি
ছোৱালীজনীক কিনি ৰাখিলে৷ তেতিয়াৰে পৰা তাইৰ নাম হ
কঙ্কণ দাসী৷ কাজল ৰেখাৰ ওচৰত কঙ্কণ দাসীক থৈ দেউতাক গুচি গল৷

কাজল ৰেখাই কঙ্কণ
দাসীক ক
লে
তুমি সেই মন্দিৰৰ ভিতৰলৈ যোৱাঁ৷ তাতে এজন মৃত ৰাজকুমাৰ আছে৷ চকুত
দুডাল হুল বিন্ধা আছে৷ তেওঁক দেখি ভয় নাখাবা৷ তেওঁৰ মূৰৰ কাষত অলপ গছপাত আছে৷ তুমি
গৈ তাৰ ৰস উলিয়াই থ
বা৷ মই গৈ তাৰ ৰস ৰাজকুমাৰৰ চকুত দিম৷
তেতিয়া ৰাজকুমাৰ জী উঠিব৷

কঙ্কণ দাসীৰ মনটো
আছিল অতি কপটীয়া৷ তাই মন্দিৰৰ ভিতৰলৈ গৈ ৰাজকুমাৰৰ চকুৰ হুল তুলি দিলে আৰু চকুত
সেই পাতৰ ৰস ঢালি দিলে৷ লগে লগে ৰাজকুমাৰ যেন টোপনিৰ পৰাহে উঠি পৰিল৷ ৰাজকুমাৰে কঙ্কণ
দাসীক ক
লে
তুমি যিয়েই নোহোৱা, আজি তুমি মোক প্ৰাণদান
দিছা৷ তোমাতকৈ এতিয়া মোৰ আৰু কোনো আপোন নাই৷ আজিৰপৰা তুমি হ
লা
মোৰ ৰাণী৷

এনে সময়তে কাজল
ৰেখা গা ধুই উভতি আহিল৷ ৰাজকুমাৰে তেওঁক দেখি সুধিলে
এওঁ কোন? কঙ্কণ দাসীয়ে কলেএওঁক মোৰ
কঙ্কণ দি কিনিছোঁ৷ এওঁৰ নাম কঙ্কণ দাসী৷

কাজল ৰেখাই
কান্দিবলৈ ধৰিলে৷ আনহাতে

তাইৰ সন্ন্যাসীৰ কথা মনত পৰাত নিজৰ পৰিচয় ৰাজকুমাৰৰ আগত দাঙিও
নধৰিলে৷ সেই দিনাৰপৰাই কঙ্কণ দাসী ৰাজৰাণী হৈ পৰিল৷ আৰু কাজল হ
লগৈ কঙ্কণ দাসী৷ তাৰ পাছত ৰাজকুমাৰ এদিন ঘূৰি গ
নিজ ৰাজ্যলৈ৷ কাজল ৰেখা তেওঁলোকৰ লগতে গ
ল দাসীৰ দৰে৷ দেশলৈ
উভতি গৈ ৰাজকুমাৰৰ নাম হ
ল হুল ৰাজকুমাৰ৷

কাজল ৰেখা
ৰাজকাৰেঙত দাসীৰ দৰে থাকে আৰু দাসীৰ দৰে খোৱা-বোৱা কৰে৷ লগতে তাই পানী তোলে
, বাচন ধোৱে, কাপোৰ ধোৱে আৰু নকল ৰাণীৰ আল-পৈচান ধৰে৷ এনেকৈ দিনবোৰ পাৰ হবলৈ ধৰিলে৷ ইফালে ৰাজকুমাৰৰ সন্দেহ ওপজিল৷ নকল ৰাণীৰ ব্যৱহাৰ বৰ বেয়া৷
দাসী-চাকৰণীৰ দৰে তাইৰ কথা-বাৰ্তা আৰু চালচলন৷ ইফালে কাজল ৰেখাৰ গুণৰ সীমা নাই৷
যেনে ৰূপ
, তেনে তাইৰ সুন্দৰ স্বভাৱ-চৰিত্ৰ৷ এই দুয়োগৰাকী
কন্যাক পৰীক্ষা কৰি চাবৰ বাবে ৰাজকুমাৰে এদিন নকল ৰাণীক ক
লে
মই দেশ ভ্ৰমণ কৰিবলৈ যাম, তোমাৰ বাবে কি আনিব
লাগিব
? নকল ৰাণীয়ে দাসী-চাকৰণীৰ দৰেই কলেবাঁহৰ বাচোন, বাঁহৰ কুলা,
তেঁতেলি কাঠৰ ঢেঁকী, পিতলৰ নাকফুলি আৰু কাঁহৰ
ঘটি৷

কথা শুনি ৰাজকুমাৰ
অবাক৷ তাৰপিছত তেওঁ কাজল ৰেখাক শুধিলে
তোমাৰ বাবে কি কি আনিম৷ কাজল ৰেখাই কলেমোৰ বাবে একো আনিব নালাগে৷ আপোনাৰ ঘৰত মই সুখেৰে
আছোঁ৷ কিন্তু ৰাজকুমাৰে জোৰকৈ ধৰাত তাই ক
লেতেনেহলে মোৰ বাবে এটা ধৰ্মমতী ভাটৌ চৰাই এটি কিনি
আনিব৷

ৰাজকুমাৰ দেশ ভ্ৰমণ
কৰিবলৈ ওলাল৷ নকল ৰাণীৰ বস্তুসমূহ পোৱা গ
ল আতি সহজতে৷ কিন্তু কাজল ৰেখাৰ ধৰ্মমতী ভাটৌ চৰাই কতো পাবলৈ নাই৷ বিচাৰি বিচাৰি তেওঁ গল ধনেশ্বৰ
সদাগৰৰ দেশলৈ৷ তাত ঢোল-মৃদংগ বজাই তেওঁ ঘোষণা কৰি দিলে
যিমান
দামেই নহওক কিয় তেওঁক ধৰ্মমতী ভাটৌ চৰাই লাগে৷

ধনেশ্বৰ সদাগৰে সেই
কথা শুনি আচৰিত হৈ পৰিল৷ কোনে বিচাৰিছে এই ধৰ্মমতী ভাটৌ চৰাইটো৷ নি
শ্চয় কাজল ৰেখাই হব৷ সদাগৰে ৰাজকুমাৰক ভাটৌ চৰাইটো দি বিদায় দিলে৷ ৰাজকুমাৰে আনন্দ মনেৰে
নিজ ৰাজ্যলৈ ৰাওনা হ
ল৷

ঘৰলৈ আহি ৰাজকুমাৰে
মন্ত্ৰীৰ সৈতে পৰামৰ্শত মিলিত হ
ল৷ কেনেকৈ পোৱা যাব ৰাণী আৰু দাসীৰ আচল পৰিচয়?

মন্ত্ৰীয়ে কবলৈ ধৰিলেআপুনি যেতিয়া ৰাজ্যত নাছিল, তেতিয়া মই দুয়োগৰাকীকে
ৰাজ্যৰ কাম-কাজৰ বিষয়ে সুধিছিলোঁ৷ তেতিয়া দেখা পোৱা গ

ৰাণীৰ বুদ্ধি একেবাৰে নাই৷ কিন্তু দাসী খুব বুদ্ধিমতী৷

ৰাজকুমাৰে ভাবিবলৈ
ধৰিলে৷

মন্ত্ৰীয়ে কলেআপুনি আন এটা পৰীক্ষা লওক৷ আপোনাৰ বন্ধুসকলক এদিন খাবলৈ নিমন্ত্ৰণ দিয়ক৷
দুয়োগৰাকীকে ৰান্ধিবলৈ দিব
কোনে কেনেকৈ ৰান্ধে, তেতিয়াই জানিব পাৰিব দুয়োগৰাকীৰ গুণ৷ কথা মতেই কাম৷ দাসী আৰু ৰাণী
দুয়োগৰাকীকে ৰান্ধিবলৈ দিয়া হ
ল৷ নকল ৰাণীয়ে ৰান্ধিলে ঔটেঙাৰ
ছাটনি
, কচু-শাক আৰু জলকীয়াৰ আঞ্জা৷ আৰু দুখুনী কাজল ৰেখাই
ৰান্ধিলে পৰমান্ন
, পঞ্চাছ বিধমান সুস্বাদু ব্যঞ্জন, গাখীৰ আৰু খীৰৰ মিঠাই৷

হুল ৰাজকুমাৰে সকলো
দেখিলে৷ কিন্তু পতিয়ন যাব নোৱাৰিলে৷ তাৰ পাছত আকৌ এবাৰ এটা পৰীক্ষা কৰিলে৷ লক্ষ্মী
পূৰ্ণিমাৰ দিনা কাজল ৰেখা আৰু নকল ৰাণীক মাতি ক
লেমোৰ বন্ধুসকল
আহিব
, যিমান সুন্দৰকৈ পাৰা দুয়ো আল্পনা
আঁকিবা৷
 

আদেশ পাই নকল
ৰাণীয়ে আঁকিলে কেঁকোৰাৰ ঠেং
,
বগলীৰ ঠেং, ধানৰ ঠোক, পোক-পতঙ্গ
ইত্যাদি৷ ইফালে কাজল ৰেখাই আঁকিলে সকলোতকৈ আগত মাক-দেউতাকৰ চৰণ
, কলচী, লক্ষ্মীৰ ভৰিৰ ছাপ আৰু বিভিন্ন দেৱ-দেৱীৰ
জ্ঞানমন্দিৰ
, নদ-নদী, পাহাৰ-পৰ্বত৷
শেষত আঁকিলে মন্দিৰৰ
  ভিতৰত থকা সেই মৃত ৰাজকুমাৰৰ ছবি৷ কিন্তু তাত নিজক অংকন নকৰিলে৷ লগতে আল্পনা আঁকি কাজলে চাৰিওফালে বন্তিও জ্বলাই দিলে৷

সকলোৱে নকল ৰাণীৰ আল্পনা দেখি অবাক হৈ
পৰিল৷ কিন্তু কাজলৰেখাৰ
আল্পনা দেখি সকলো মুগ্ধ হল৷ সকলোৱে বুজি পালেএওঁ কোনো ভদ্ৰঘৰৰ ছোৱালী বুলি৷
সকলোৱে কাজল ৰেখাক প্ৰশংসা কৰিবলৈ ধৰিলে৷ ইয়াতে নকল ৰাণী
ক্ষোভত জ্বলিবলৈ ধৰিলে আৰু কাজলৰেখাই ঘৰৰ ভিতৰত সোমাই কান্দিবলৈ ধৰিলে৷ কন্দা
শুনি ভাটৌ চৰাইটোৱে ক
লেনাকান্দিবা
কাজল৷ তোমাৰ দুখৰ দহ বছৰ পাৰ হ
ল আৰু দুবছৰ ধৈৰ্য ধৰা৷ তোমাৰ
দুখ এদিন শেষ হ
বই৷

কিন্তু কত দুখৰ অন্ত পৰিল! নকল ৰাণীৰ অত্যাচাৰ দিনক দিনে বাঢ়ি গল৷ তাই নানা
ধৰণৰ ষড়যন্ত্ৰ কৰি হুল ৰাজকুমাৰৰ মন বিষাক্ত কৰি তুলিলে৷ এদিন বিৰক্ত হৈ
ৰাজকুমাৰে আদেশ কৰিলে
যোৱা, দাসীক বনত
এৰি থৈ
আঁহাগৈ৷

হায় হায়, আকৌ বনবাস! নাৱত তুলি কাজল ৰেখাক পুনৰ লৈ গল বনলৈ৷ বিভিন্ন
দেশ
, বিভিন্ন নদী অতিক্ৰম কৰিলে৷ দুখ মনেৰে নাৱত কাজল ৰেখা
কান্দি কান্দি গৈ থাকিল৷

এই যাত্ৰাৰ মাজতে
হুল ৰাজকুমাৰৰ এজন বন্ধুৱে ক
লেতোমাৰ কন্দা-কটা বন্ধ কৰাঁ,
তোমাক মই বিয়া পাতিম৷ মই কাঞ্চনপুৰৰ এজন ধনী কোটিপতিৰ পুত্ৰ৷ বলা মোৰ লগত, তোমাৰ কোনো ভয় নাই৷ কাজলে কলেনহয়, ৰাজকুমাৰে মোক বনত
দিবলৈ কৈছে যেতিয়া বনতেই এৰি দিয়া৷

ইফালে নাও গৈ
পালেগৈ সাগৰ৷ এয়া কপালৰ দোষ
,
সাগৰৰ ঢৌত নাও উটি-ভাহি গল৷ তেতিয়া নাৱৰ
গুৰিয়ালে ক
লেএই ছোৱালীজনী পোৰা কপাল,
এই ডাইনী, এইক সাগৰৰ পাৰৰ বালিত এৰি থৈ আমি
উভতি যাওঁগৈ৷ কথা মতেই কাজল ৰেখাক সাগৰ পাৰৰ বালিত নমাই সকলো উভতি আহিল৷ সাগৰ পাৰৰ
বালিত কেৱল সৰু সৰু নল-খাগৰিৰ বন৷ কাজল ৰেখাই সেই নল-খাগৰিকে খাই বাচি থাকিল৷

এদিন সাগৰত এক ডাঙৰ
ধুমুহা আহিল৷ সেই ধুমুহাৰ কোবত ক
ৰবাৰপৰা ভাহি আহিল সদাগৰৰ এখন নাও৷ পুৱা ধুমুহা শাম
কাটিলে
তেতিয়া নাৱৰপৰা নামি আহিল ৰত্নেশ্বৰ সদাগৰ, অৰ্থাৎ কাজল ৰেখাৰ ভায়েকটো৷ শৈশৱতেই কাজল ৰেখাৰ সৈতে তাৰ বিচ্ছেদ হৈছিল৷ তাৰ পাছত বাৰ বছৰ পাৰ হৈ গল৷ ধনেশ্বৰ
সদাগৰৰ তেতিয়া মৃত্যু হৈছিল৷ দেউতাকৰ পিছত ৰত্নেশ্বৰ এতিয়া সদাগৰ৷ স
দাগৰে দেখিলে সাগৰ পাৰত এগৰাকী অপৰূপ সুন্দৰী কন্যা৷ কিন্তু ভাই-ভনী কোনেও
কাকো চিনিব নোৱাৰিলে৷ অকলশৰীয়া ছোৱালীজনীক ৰত্নেশ্বৰে উদ্ধাৰ কৰি ঘৰলৈ লৈ আহিল৷
পূৰ্বৰ নিজা ঘৰত উপস্থিত হৈ কাজল ৰেখাই সকলো চিনিব পাৰিলে৷ সিহঁতৰ মাক-দেউতাৰ
মৃত্যু হৈছিল৷ তেওঁলোকলৈ মনত পৰি কাজল ৰেখাৰ মনৰ দুখত চকুৰ পানী ওলাবলৈ ধৰিলে৷

ৰত্নেশ্বৰে শুধিলেকাৰ কন্যা তুমি,
ত তোমাৰ ঘৰ? তোমাৰ
পৰিচয় কোৱাঁ৷ কাজলে কান্দি কান্দি ক
বলৈ ধৰিলেমোৰ পৰিচয় মই কব নোৱাৰিম৷ হুল ৰাজকুমাৰৰ দেশত আছে
এটা ধৰ্মমতী ভাটৌ চৰাই৷ তেৱেঁই জানে মোৰ পৰিচয়৷ সেই চৰাইটোক যদি আনিব পাৰাঁ

তেতিয়াই জানিব পাৰিবা মোৰ পৰিচয়৷

ৰত্নেশ্বৰে
মানুহ-কটকী পঠালে হুল ৰাজকুমাৰৰ দেশলৈ৷ সেইফালে হুল ৰাজকুমাৰ কেৱল পাগল হ
বলৈহে বাকী৷ কাজল ৰেখাক
বনলৈ পঠিয়াই তেওঁৰ দুখৰ সীমা নোহোৱা হ
ল৷ নকল ৰাণীৰ বেয়া
ব্যৱহাৰত তেওঁৰ জীৱন জ্বলি-পুৰি ছাই হৈ গৈছে৷ এনে সময়তে ভাটৌ চৰাই বিচাৰি আহিল
সদাগৰ ৰত্নেশ্বৰৰ মানুহ-কটকী৷ নকল ৰাণীয়ে টকাৰ লোভত ভাটৌ চৰাইটো বিক্ৰী কৰি দিলে৷
ৰত্নেশ্বৰৰ লোক চৰাইটো লৈ উভতি আহিল৷ সিহঁতৰ পিছে পিছে পাগলৰ দৰে হুল ৰাজকুমাৰো
আহিবলৈ ধৰিলে৷

ভাটৌ চৰায়ে কাজল
ৰেখাৰ দুখৰ কথা ক
, সেই কথা শুনিবলৈ বিভিন্ন লোক আহিল৷ সকলোৱে ভাবিব
ধৰিলে যে কাজল ৰেখা আচলতে জলপৰীহে৷ সাধু ৰত্নেশ্বৰে তাইক সমুদ্ৰৰপৰা ধৰি আনিছে৷
জলপৰীৰ পৰিচয় জানিবলৈ দেশৰ লোক অফলা ভাঙি আহি সদাগৰৰ চোতালত উপস্থিত আৰু যেয়ে
যেনেকৈ পাৰে চোতালতে বহিল৷ সকলোৰে পিছত বহি ৰ
ল পাগল হুল
ৰাজকুমাৰ৷

সোণৰ সঁজাত থকা
ধৰ্মমতী ভাটৌ চৰাইটো সকলোৰে সমুখলৈ অনা হ
ল৷ তেতিয়া ধৰ্মমতী ভাটৌটোৱে কবলৈ
ধৰিলে
কেনেকৈ কাজল ৰেখাই হুল ৰাজকুমাৰৰ প্ৰাণ দান কৰিলে,
কেনেকৈ কঙ্কণ দাসীয়ে তেওঁক ঠগি নিজে ৰাণী হল৷
অৱশেষত ভায়েক-ভনীয়েকৰ পৰিচয় দি ক
বলৈ ধৰিলেআজিৰপৰা কাজল ৰেখাৰ দুখৰ দিন শেষ হল৷ এইবুলি কৈ
সোণৰ সঁজাৰপৰা ভাটৌ চৰাইটো উৰি গুচি গ
ল৷

বায়েক কাজল ৰেখাক
ৰত্নেশ্বৰে তুলি ধৰিলে৷ দুয়ো দুয়োৰে কাষলৈ গৈ আনন্দতে কান্দিবলৈ ধৰিলে৷ তাৰ পাছত
হুল ৰাজকুমাৰৰ লগত কাজলৰ বিয়া হৈ গ
ল৷ দেশলৈ উভতি গৈ হুল ৰাজকুমাৰে নকল ৰাণী কঙ্কণ দাসীক
মাটিত পুতি থ
লেগৈ৷

নগাঁও (অসম)

ভ্ৰাম্যভাষ: ৯৪৩৫৭
৬৯৬৮৫