মহাকবি কালিদাসৰ ৰঘুবংশ

 

 অধ্যায় ৩

অনুবাদ- কৌস্তুভমণি
শইকীয়া দত্ত




 

 ৰঘুৰ অগ্নিপৰীক্ষা

 

 

কিছুদিন গল-

ইক্ষ্বাকুকুলৰ
উত্তৰাধিকাৰে সুদক্ষিণাৰ গৰ্ভত ল
লে
থিত।

সখীসকলে দেখিলে ৰাণীৰ কৌমুদী মুখ

স্বামীৰ বাবে এই বাৰ্তা
পৰম আকংক্ষিত।

 

অথেপ্সিতং
ভর্তুৰুপস্থিতোদয়ং সখীজনোদ্বীক্ষণকৌমুদীমুখম্
|

নিদানমিক্ষ্বাকুকুলস্য
সংততেঃ সুদক্ষিণা দৌহৃদলক্ষণং দধৌ 
|| ৩-১||

 

 

সগৰ্ভা ৰাণীৰ ক্ষীণ দেহা
সমগ্ৰ অলংকাৰ ধাৰণ কৰিবলৈ অক্ষম

মুখখনি হল লোধ্ৰপুষ্পৰ দৰে ঈষৎ পাণ্ডু ৰং।

তেওঁৰ শৰীৰ যেন পুৱতি নিশাৰ
আশা

তাৰকাবিহীন আকাশৰ ম্লান চন্দ্ৰমা।

 

শৰীৰসাদাদসমগ্রভূষণা মুখেন
সালক্ষ্যত লোধ্রপাণ্ডুনা
|

তনুপ্রকাশেন বিচেয়তাৰকা
প্রভাতকল্পা শশিনেব শর্বৰী
|| ৩-২||

 

 

গ্ৰীষ্মৰ শেষৰ বৰষুণজাকত
শুকান জলাধাৰ আৰু

বনপল্লৱৰ পৰা ওলোৱা সুঘ্ৰাণ লৈ গজৰাজ যিদৰে সুখী হয়,

ৰজাও তৃপ্ত হয় গোপনে ৰাণীৰ
মুখৰ মাটিৰ গোন্ধ লৈ।

 

তদাননং মৃৎসুৰভি
ক্ষিতীশ্বৰো ৰহস্যুপাঘ্রায় ন তৃপ্তিমায়য়ৌ
|

কৰীব সিক্তং পৃষতৈঃ
পয়োমুচাং শুচিব্যপায়ে বনৰাজিপল্বলম্
|| ৩-৩||

 

দেৱৰাজে স্বৰ্গভোগ কৰাৰ
দৰেই সন্তানৰ ৰথ ক্ষান্ত হ
ব দিগন্তত

যি হব ভূমিৰ অধিপতি।

সেইবাবেই যেন সকলো ৰাজভোগ
এৰি 

গৰ্ভৱতী ৰাণীৰো মাটি খোৱাতেই
তৃপ্তি।

 

দিবং মৰুৎবানিব ভোক্ষ্যতে
ভুবং দিগন্তবিশ্রান্তৰথো হি তৎসুতঃ
|

অতোঽভিলাষে প্রথমং তথাবিধে
মনো ববন্ধান্যৰসান্বিলঙ্ঘ্য সা
|| ৩-৪||

 

মগধকন্যাৰ ঈপ্সিত বস্তু কি
ব্যক্ত নকৰে মোক লাজতে

উত্তৰকোশলপতিয়ে সেয়ে
প্ৰিয়াৰ স্পৃহাৰ কথা সখীসৱক সোধে।

 

ন মে হ্রিয়া শংসতি
কিংচিদীপ্সিতং স্পৃহাবতী বস্তুষু কেষু মাগধী
|

ইতি স্ম
পৃচ্ছত্যনুবেলমাদৃতঃ প্রিয়াসখীৰুত্তৰকোসলেশ্বৰঃ
||
৩-৫||

 

ৰাণীয়ে বিচাৰিলে ত্ৰিলোকৰ
সকলো আনিব পাৰে ধনুৰ্ধৰ ৰজাই

গৰ্ভাৱস্থাৰ কঠিন অভিলাসৰ
দুখ দূৰ কৰিব পাৰে বিচাৰিলেই।

 

উপেত্য সা দোহদদুঃখশীলতাং
যদেব বব্রে তদপশ্যদাহৃতম্
|

ন হীষ্টমস্য ত্রিদিবেঽপি
ভূপতেৰভূদনাসাদ্যমধিজ্যধন্বনঃ
|| ৩-৬||

 

ক্ৰমে দূৰ হল ৰাণীৰ গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক অসুস্থতা

ভৰি পৰিল ক্ষীণ শৰীৰ বাঢ়ি
আহিল শোভা

নতুন পাতেৰে যিদৰে জিলিকি
উঠে লতা।

 

ক্রমেণ নিস্তীর্য চ
দোহদব্যথাং প্রচীয়মানাবয়বা ৰৰাজ সা
|

পুৰাণপত্রাপগমাদনন্তৰং
লতেব সংনদ্ধমনোজ্ঞপল্লবা
|| ৩-৭||

 

দিন যোৱাৰ লগে লগে ৰাণীৰ
ঈষৎ নীলা স্তনবৃন্তৰ ভৰা স্তনদ্বয়ে

সৌন্দৰ্য চেৰাই গল ভোমোৰাক আকৰ্ষণ কৰা দুটি পদুম ফুলৰ দৰে।

 

দিনেষু গচ্ছৎসু
নিতান্তপীবৰং তদীয়মানীলমুখং স্তনদ্বয়ম্
|

তিৰশ্চকাৰ ভ্রমৰাভিনীলয়োঃ
সুজাতয়োঃ পঙ্কজকোশয়োঃ শ্রিয়ম্
|| ৩-৮||

 

ৰজাৰ এনে লাগিল যেন

সগৰ্ভা ৰাণী ৰত্নগৰ্ভা
বসুন্ধৰা

সমিধৰ অভ্যন্তৰত যজ্ঞাগ্নি প্ৰজ্জ্বলিত কৰা

বা সৰস্বতী অন্তঃসলিলা।

 

নিধানগর্ভামিব সাগৰাম্বৰাং
শমীমিবাভ্যন্তৰলীনপাবকাম্
|

নদীমিবান্তঃসলিলাং সৰস্বতীং
নৃপঃ সসত্ত্বাং মহিষীমমন্যত
|| ৩-৯||

 

প্ৰিয়তমাৰ স্নেহত
বাহুবলেৰে জয় কৰা দিগন্তব্যাপি ঐশ্বৰ্যৰে

ৰজাই সম্পন্ন কৰিলে
পুংসৱণাদি শুভকাৰ্য উদাৰ মনেৰে।

 

প্রিয়ানুৰাগস্য মনঃ
সমুন্নতের্ভুজার্জিতানাং চ দিগন্তসংপদাম্
|

যথাক্রমং পুংসবনাদিকাঃ
ক্রিয়া ধৃতেশ্চ ধীৰঃ সদৃশীর্ব্যধত্ত সঃ
|| ৩-১০||

 

ৰাজন অন্তেষপুৰলৈ আহিলে
সুদক্ষিণাই চায় মুগ্ধ নয়নে

দেৱঅংশপূৰ্ণ গৰ্ভৰ ভৰত
আসনৰ পৰা বহু কষ্টে উঠে

দুৰ্বল হাত অৱসন্ন হয়
আদৰোঁতে অঞ্জলিৰে।

পিছে ৰজাৰ মন হয় আহ্লাদিত
প্ৰিয়তমাক এনেকৈ দেখিলে।

 

সুৰেন্দ্রমাত্রাশ্রিতগর্ভগৌৰবাৎপ্রয়ত্নমুক্তাসনয়া
গৃহাগতঃ
|

তয়োপচাৰাঞ্জলিখিন্নহস্তয়া
ননন্দ পাৰিপ্লবনেত্রয়া নৃপঃ
|| ৩-১১||

 

 

শিশুৰ বাবে কুশলী বৈদ্যই
সম্পাদন কৰে

পুষ্টি আৰু প্ৰসৱৰ আয়োজন

দহমাহৰ গৰ্ভৱতী ৰাণী
বৰ্ষণমুখৰ ভৰামেঘ যেন

দেখি দিলীপৰ প্ৰীতিৰ আৱেশত
ভৰে মন।

 

কুমাৰভৃত্যাকুশলৈৰনুষ্ঠিতে
ভিষগ্ভিৰাপ্তৈৰথ গর্ভভর্মণি
|

পতিঃ প্রতীতঃ
প্রসবোন্মুখীং প্রিয়াং দদর্শ কালে দিবমভ্রিতামিব
||
৩-১২||

 

গৰ্ভাৱস্থাৰ পূৰ্ণতাত-

যিদিনা পঞ্চগ্ৰহ শুভস্থানত

আৰু সৌভাগ্যসূচক শুভক্ষণত,

শশীসমা সুদক্ষিণাই প্ৰসৱ
কৰিলে এনে এটি পুত্ৰ

ত্ৰিগুণ সম্পন্ন যেন অক্ষয়
সম্পদ।

 

গ্রহৈস্ততঃ
পঞ্চভিৰুচ্চসংস্থিতৈৰসূর্যগৈঃ সূচিতভাগ্যসংপদম্
|

অসূত পুত্রং সময়ে শচীসমা
ত্রিসাধনা শক্তিৰিবার্থমক্ষয়ম্
|| ৩-১৩||

 

দিগন্ত হল উদ্ভাষিত বতাহ  ল সুখকাৰী

হোমাগ্নিৰ শিখাই
দক্ষিণমুখী হৈ গ্ৰহণ কৰিলে আহুতি।

জগতৰ মংগলাৰ্থে কোনোবা
জন্মে যেতিয়া

সততে হয় দৃশ্যমান এনে শুভ
সূচনা।

 

দিশঃ প্রসেদুর্মৰুতো ববুঃ
সুখাঃ প্রদক্ষিণার্চির্হবিৰগ্নিৰাদদে
|

বভূব সর্বং শুভশংসি
তৎক্ষণং ভবো হি লোকাভ্যুদয়ায় তাদৃশাম্
|| ৩-১৪||

 

সেই সূতিকাৰ শয্যাৰ চৌপাশ
উজলিল সুজন্মা শিশুৰ তেজস্বিতাত

ছবিৰ দৰে নিষ্প্ৰাণ হৈ
পৰিল ৰাতিৰ উজ্জ্বল আলোকমালা।

 

অৰিষ্টশয়্যাং পৰিতো
বিসাৰিণা সুজন্মনস্তস্য নিজেন তেজসা
|

নিশীথদীপাঃ সহসা হতৎবিষো
বভূবুৰালেখ্যসমর্পিতা ইব
|| ৩-১৫||

 

যি দিলে ৰজাক অমৃতময়
শুভসংবাদ ৰাজকুমাৰৰ জন্মৰ

ভূপতিয়ে উপহাৰ দিলে এটি
চন্দ্ৰোজ্জ্বল ৰাজছত্ৰ আৰু দুটি শুকুলা চামৰ। 

 

জনায় শুদ্ধান্তচৰায় শংসতে
শৱকুমাৰজন্মামৃতসংমিতাক্ষৰম্
|

আদেয়মাসীত্ত্রয়মেব ভূপতেঃ
শশিপ্রভং ছত্রমুভে চ চামৰে
|| ৩-১৬||

 

স্থিৰ বতাহত ফুলা পদুমৰ
দৰে

পলক নেপেলাই সতৃষ্ণ নয়নে

পুত্ৰৰ শ্ৰীমুখ দৰ্শন
কৰিলে দিলীপে।

জোনৰ উদয়ত সমুদ্ৰত উঠা
জোৱাৰৰ দৰে

নৃপতিকো ঢৌৱাই গল আনন্দৰ উচ্ছ্বাসে।

 

নিবাতপদ্মস্তিমিতেন
চক্ষুষা নৃপস্য কান্তং পিবতঃ সুতাননম্
|

মহোদধেঃ পূৰ
ইবেন্দুদর্শনাদ্গুৰুঃ প্রহর্ষঃ প্রবভূব নাত্মনি
||
৩-১৭||

 

তপোবনৰ পৰা আহিল তপস্বী
পুৰোহিত বশিষ্ঠ

কৰিলে যথোচিত সংস্কাৰ
জাতকৰ্ম।

খনিৰ পৰা তোলা মণি শোধনৰ
পিছত উজলি উঠাৰ দৰে

দিলীপৰ পুত্ৰও সুদ্ধিৰ পাছত
অধিক জিলিকি উঠিলে।


স জাতকর্মণ্যখিলে তপস্বিনা
তপোবনাদেত্য পুৰোধসা কৃতে
|

দিলীপসূনুর্মণিৰাকৰোদ্ভবঃ
প্রয়ুক্তসংস্কাৰ ইবাধিকং বভৌ
|| ৩-১৮||

 

বাজিল শ্ৰুতিমধুৰ
মংগলতূৰ্য

বাৰবনিতাই কৰিলে প্ৰমোদ
নৃত্য

আনন্দৰ ধ্বনি নহয় কেৱল
মগধপতিৰ গৃহতে

দেৱলোকৰ পথতো দুন্দুভি
বাজিলে।

 

সুখশ্রবা
মঙ্গলতূর্যনিস্বনাঃ প্রমোদনৃত্যৈঃ সহ বাৰয়োষিতাম্
|

ন কেবলং সদ্মনি মাগধীপতেঃ
পথি ব্যজৃম্ভন্ত দিবৌকসামপি
|| ৩-১৯||

 

পুত্ৰজন্মৰ সুখত দিবলৈ
মুক্তি

সু-সাম্ৰাজ্যত নাছিল কোনো
গৃহবন্দী।

পিছে কুমাৰৰ জন্মত ৰজাই
নিজেই পালে

পিতৃঋণৰ বন্ধনৰ পৰা মুক্তি।

 

ন সংযতস্তস্য বভূব
ৰক্ষিতুর্বিসর্জয়েদ্যং সুতজন্মহর্ষিতঃ
|

ঋণাভিধানাৎস্বয়মেব কেবলং
তদা পিৎৠণাং মুমুচে স বন্ধনাৎ
|| ৩-২০||

 

নৱজাতক শাস্ত্ৰ
অতিক্ৰমি 
ব জ্ঞানত পাৰ্গত

যুদ্ধ অতিক্ৰমি হব পাৰদৰ্শী শত্ৰুদমনত।

সেয়ে কৃৎধাতু অৰ্থ সীমনাৰ দ্ৰুত অতিক্ৰম

ৰাখিলে শিশুৰ ৰঘু শুভনাম।

 

শ্রুতস্য যায়াদয়মন্তমর্ভকঃ
তথা পৰেষাং যুধি চেতি পার্থিৱঃ 
|

অৱেক্ষ্য
ধাতোর্গমনার্থমর্থবিচ্চকাৰ নাম্না ৰঘুমাত্মসম্ভবম্
||
৩-২১||

 

সৰ্বাংগসুন্দৰ ৰঘু কলা কলালৈ
বাঢ়ে বৈভৱশালী পিতাৰ যত্নত

সূৰুযৰ পোহৰ পৰি
শিশুচন্দ্ৰ যেনেকৈ বাঢ়ে শুক্লপক্ষত।

 

পিতুঃ প্রয়ত্নাৎস
সমগ্রসংপদঃ শুভৈঃ শৰীৰাবয়বৈর্দিনে দিনে
|

পুপোষ বৃদ্ধিং
হৰিদশ্বদীধিতেৰনুপ্রবেশাদিব বালচন্দ্রমাঃ
|| ৩-২২||

 

যিদৰে কাৰ্তিক আনন্দৰ কাৰণ
উমা-শংকৰৰ

জয়ন্ত যিদৰে কাৰণ
শচী-ইন্দ্ৰৰ সুখৰ

সেইদৰে ৰঘুও উৎস নৃপতি আৰু
মাগধৰাণীৰ আহ্লাদৰ।

 

উমাবৃষাঙ্কৌ শৰজন্মনা যথা
যথা জয়ন্তেন শচীপুৰন্দৰৌ
|

তথা নৃপঃ সা চ সুতেন মাগধী
ননন্দতুস্তৎসদৃশেন তৎসমৌ
|| ৩-২৩||

 

চাকৈ-চকোৱাৰ দৰে যুগল
প্ৰেমিক

আছিল পৰস্পৰ গভীৰ
প্ৰণয়-বন্ধনৰ আশ্ৰয়ত।

পুত্ৰৰ আগমনত দুয়োৰে স্নেহ
যদিও ভাগ হ

পৰস্পৰৰ গভীৰ প্ৰেম আৰু
অধিক বাঢ়িল।

 

ৰথাঙ্কনাম্নোৰিব ভাববন্ধনং
বভূব যৎপ্রেম পৰস্পৰাশ্রয়ম্
|

বিভক্তমপ্যেকসুতেন তত্তয়োঃ
পৰস্পৰস্যোপৰি পর্যচীয়ত
|| ৩-২৪||

 

ধাইৰ মুখত শুনা কথাবোৰ
ফুটিল প্ৰথম মুখত

আৰু কাঢ়িলে প্ৰথম খোজ ধৰি
আঙুলিত।

প্ৰণাম কৰা বুলি কলে মূৰ দোঁৱাবলৈ শিকিলে

শৈশৱৰ এনে লীলাৰে পিতৃৰ
আনন্দ বঢ়ালে।

 

উবাচ ধাত্র্যা প্রথমোদিতং
বচো যয়ৌ তদীয়ামবলম্ব্য চাঙ্গুলিম্
|

অভূচ্চ নম্রঃ
প্রণিপাতশিক্ষয়া পিতুর্মুদং তেন ততান সোঽর্ভকঃ
||
৩-২৫||

 

শিশুটিৰ শৰীৰৰ স্পৰ্শই যেন
অমৃত বৰষে ছালত।

চকু মুদি
ৰাজনে অনুভৱ কৰে সেই স্পৰ্শসুখ 
ৰঘুক লৈ কোলাত

 

তমঙ্কমাৰোপ্য শৰীৰয়োগজৈঃ
সুখৈর্নিষিঞ্চন্তমিবামৃতং ৎবচি
|

উপান্তসংমীলিতলোচনো
নৃপশ্চিৰাৎসুতস্পর্শৰসজ্ঞতাং যয়ৌ
|| ৩-২৬||

 

সৃষ্টিকৰ্তা ব্ৰহ্মাই
অনুভৱ কৰিছিল যেন নিজৰেই অংশ

সত্বগুণময় বিষ্ণুৱে কৰিব
সৃষ্টি-স্থিতিৰ ৰক্ষা।

পৃথিৱীৰ ৰক্ষক দিলীপেও
অনুভৱ কৰিছিল

সৰ্বগুণী নিজ পুত্ৰই কৰিব
বংশৰ স্থিতি ৰক্ষা।

 

অমংস্ত চানেন
পৰার্ধ্যজন্মনা স্থিতেৰভেত্তা স্থিতিমন্তমন্বয়ম্
|

স্বমূর্তিভেদেন
গুণাগ্র্যবর্তিনা পতিঃ প্রজানামিব সর্গমাত্মনঃ
||
৩-২৭||

 

যথা সময়ত সমনীয়া অমাত্য
পুত্ৰসৱৰ সৈতে হ
ল ৰঘুৰ
চূড়াকৰণ।

টিকনি জোকাৰি সকলোৱে আৰম্ভ
কৰিলে আখৰ লিখন।

মোহনাত যিদৰে নদীৰ প্ৰৱেশ
ঘটে সমুদ্ৰৰ বক্ষত

সিদৰে অক্ষৰজ্ঞানেৰে ৰঘুৱে
প্ৰৱেশ কৰিলে শব্দৰ শাস্ত্ৰত।

 


বৃত্তচূলশ্চলকাকপক্ষকৈৰমাত্যপুত্রৈঃ সবয়োভিৰন্বিতঃ
|

লিপের্যথাবদ্গ্রহণেন
বাঙ্ময়ং নদীমুখেনেব সমুদ্রমাবিশৎ
|| ৩-২৮||

 

বিধিমতে ৰঘুৰ কৰিলে উপনয়ন

কৰিলে বিদ্বান পণ্ডিতে গুৰুপ্ৰিয় ছাত্ৰটিক
শিক্ষাদান ।

শিক্ষা সাৰ্থক হোৱাত
নাথাকিল কোনো বিঘিনি

সজপাত্ৰত শিক্ষাদান হয়
সদায় ফলৱতী।

 

অথোপনীতং বিধিবদ্বিপশ্চিতো
বিনিন্যুৰেনং গুৰবো গুৰুপ্রিয়ম্
|

অবন্ধ্যয়ত্নাশ্চ বভূবুৰত্র
তে ক্রিয়া হি বস্তূপহিতা প্রসীদতি
|| ৩-২৯||

 

দিকপাল সূৰ্যই বায়ুবেগী
হৰিৎঅশ্বৰ ৰথেৰে

যেনেকৈ অতিক্ৰম কৰে চাৰিও
দিশ নিজ পোহৰেৰে

ৰঘুৱে প্ৰখৰ বুদ্ধিমত্তাৰে
চাৰি সমুদ্ৰৰ দৰে

চাৰিবিদ্যা আয়ত্ত কৰিলে
অনায়াসে ।

(টোকা : চাৰিবিদ্যা- বেদ, কৃষি, ৰাজনীতি আৰু
সমৰকলা)

 

ধিয়ঃ সমগ্রৈঃ স
গুণৈৰুদাৰধীঃ ক্রমাচ্চতস্রশ্চতুৰর্ণবোপমাঃ
|

ততাৰ বিদ্যাঃ
পবনাতিপাতিভির্দিশো হৰিদ্ভির্হৰিতামিবেশ্বৰঃ
|| ৩-৩০||

 

পৰিধান কৰি পবিত্ৰ মৃগৰ
ছাল 

পিতাৰ পৰা ললে শিক্ষা মন্ত্ৰপূত অস্ত্ৰচালনাৰ

গুৰুৰূপী পিতা নাছিল কেৱল
অদ্বিতীয় ৰজা

আছিল অপৰাজেয় বীৰ
ধনুৰ্দ্ধৰ।

 

তৎবচং চ মেধ্যাং পৰিধায়
ৰৌৰবীমশিক্ষতাস্ত্রং পিতুৰেব মন্ত্রবৎ
|

ন কেবলং
তদ্গুৰুৰেকপার্থিবঃ ক্ষিতাবভূদেকধনুর্ধৰোঽপি সঃ
||
৩-৩১||

 

দামুৰি যিদৰে হয় বিশাল একোটি বৃষ

হস্তীৰ পোৱালি হয় গজৰাজ

শৈশৱ অতিক্ৰম কৰি যুৱক হল ৰঘু

গম্ভীৰ মনোহৰ হল সুশোভন বপু।

 

মহোক্ষতাং বৎসতৰঃ
স্পৃশন্নিব দ্বিপেন্দ্রভাবং কলভঃ শ্রয়ন্নিব
|

ৰঘুঃ
ক্রমাদ্যৌবনভিন্নশৈশবঃ পুপোষ গাম্ভীর্যমনোহৰং বপুঃ
||
৩-৩২||

 

পিতাই কৰালে বিৱাহ দীক্ষা
গোদান আদি বিধি সম্পন্ন কৰি।

চন্দ্ৰক বৰণ কৰি যিদৰে
সুখী হৈছিল দক্ষকন্যা ৰোহিণী
, তাৰা
আদি

ৰাজকন্যাসকলো সুখী হল ৰঘুক বৰণ কৰি।

 

অথাস্য গোদানবিধেৰনন্তৰং
বিবাহদীক্ষাং নিৰবর্তয়দ্গুৰুঃ
|

নৰেন্দ্রকন্যাস্তমবাপ্য
সৎপতিং তমোনুদং দক্ষসুতা ইবাবভুঃ
|| ৩-৩৩||

 

যুগদণ্ড যেন যৌৱনদীপ্ত
ৰঘুৰ সুদীৰ্ঘ দুবাহু

ভৰপূৰ কান্ধ আৰু অভেদ্য
দ্বাৰ যেন বহল বুকু

পুত্ৰৰ শৰীৰ বাঢ়ি হল পিতাৰ দেহতকৈও উচ্চ

কিন্তু বিনয়-নম্ৰতাত পিতাৰ
আগত সদা হৈ থাকে শিৰ নত।

 

যুবা যুগব্যায়তবাহুৰংসলঃ
কবাটবক্ষাঃ পৰিণদ্ধকংধৰঃ
|

বপুঃপ্রকর্ষাদজয়দ্গুৰুং
ৰঘুস্তথাপি নীচৈর্বিনয়াদদৃশ্যত
|| ৩-৩৪||

 

 

ৰঘুৰ অভিষেক

 

কৰিবৰ অৰ্থে দীঘদিনৰ
প্ৰজাপালনৰ গুৰুভাৰ লঘূ

যুৱৰাজ শব্দৰে অভিষিক্ত
কৰিলে বিনয়ী আৰু সংস্কাৰী ৰঘুক।

 

ততঃ প্রজানাং চিৰমাত্মনা
ধৃতাং নিতান্তগুর্বীং লঘয়িষ্যতা ধুৰম্
|

নিসর্গসংস্কাৰবিনীত ইত্যসৌ
নৃপেণ চক্রে যুবৰাজশব্দভাক্
|| ৩-৩৫||

 

লক্ষ্মীয়ে যিদৰে অৱস্থান
কৰে

আগৰ পূৰ্ণ বিকশিত পদুমৰ
পৰা নৱবিকশিত পদুমত

গুণভিলাষিণী ৰাজলক্ষ্মীয়েও
মূল ৰাজনৰ পৰা

যুৱৰাজৰ নতুন আশ্ৰয়
অৱলম্বন কৰিলে।

 

নৰেন্দ্রমূলায়তনাদনন্তৰং
তদাস্পদং শ্রীর্যুবৰাজসংজ্ঞিতম্
|

অগচ্ছদংশেন গুণাভিলাষিণী
নবাবতাৰং কমলাদিবোৎপলম্
|| ৩-৩৬||

 

বায়ুৰ সহায়ৰ জুই দপদপাই
জ্বলাৰ দৰে

ডাৱৰহীন আকাশত সূৰ্য উজলি
উঠাৰ দৰে

কুমৰ পৰা নিৰ্গত মদে বলৱান
কৰা হাতীৰ দৰে

যুৱৰাজৰ সহায়ত ৰজা অতি
শক্তিশালী হ
ল।

 

বিভাবসুঃ সাৰথিনেব বায়ুনা
ঘনব্যপায়েন গভস্থিমানিব
|

বভূব তেনাতিতৰাং সুদুঃসহঃ
কটপ্রভেদেন কৰীব পার্থিবঃ
|| ৩-৩৭|

 

সংগত লৈ অনুগামী দল
ৰাজকোঁৱৰৰ

ধনুৰ্ধৰ পুত্ৰ ৰঘুক দিলে
ভাৰ

অশ্বমেধৰ অশ্ব ৰক্ষাৰ।

চক্ৰৱৰ্তী ৰাজনে কৰিলে
নিৰ্বিঘ্নে সমাপণ

অশ্বমেধ যজ্ঞ শতেকলৈ মাত্ৰ এটা কম।

 

নিয়ুজ্য তং হোমতুৰংগৰক্ষণে
ধনুর্ধৰং ৰাজসুতৈৰনুদ্রুতম্
|

অপূর্ণমেকেন শতক্রতূপমঃ
শতং ক্রতূনামপবিঘ্নমাপ সঃ
|| ৩-৩৮||

 

ইয়াৰ পাছতে দিলীপে পুনৰ
মেলিলে অন্য অশ্ব

শততম অশ্বমেধ কৰিবলৈ সমাপণ।

ধনুৰ্ধাৰী সকলো বীৰৰ চকুত
ধূলি মাৰি

সংগোপনে ইন্দ্ৰই ঘোঁৰা
কৰিলে অপহৰণ।

 

ততঃ পৰং তেন মখায় যজ্বনা
তুৰংগমুৎসৃষ্টমনর্গলং পুনঃ
|

ধনুর্ভৃতামগ্রত এব
ৰক্ষিণাং জহাৰ শক্রঃ কিল গূঢবিগ্রহঃ
|| ৩-৩৯||

 

আকস্মিক বিপদত ৰক্ষক
ৰাজকুমাৰৰ দল হ
ল বিস্মিত আৰু দুঃখিত

সেই সময়তে সৰ্বজনবিদিত
বশিষ্ঠৰ গাই নন্দিনী নিজেই আহি হ

উপস্থিত।

 

বিষাদলুপ্তপ্রতিপত্তি
বিস্মিতং কুমাৰসৈন্যং সপদি স্থিতং চ তৎ
|

বসিষ্ঠধেনুশ্চ যদৄচ্ছয়াগতা
শ্রুতপ্রভাবা দদৃশেঽথ নন্দিনী
|| ৩-৪০||

(অহা সংখ্যাত)