অসমীয়া কবিতাৰ গতিধাৰাত কপিল ঠাকুৰৰ কবিতা

 জয়ন্ত ডেকা


অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাসত মননশীল কাব্যপাঠেৰে
নতুন আশাবাদ কঢ়িয়াই অনা অন্য এগৰাকী কবি কপিল ঠাকুৰ৷ ভা
আৰু অৰ্থৰ সুসংহত বিন্যাসৰে
কবিতাৰ নিৰ্মাণশৈলীত তেওঁ ৰোপণ কৰিছে নতুনত্বৰ ভালেকেইটা আংগিক৷ সোঁতৰ বিপৰীতে গতি
লাভ কৰা সামাজিক পটভূমিত মানৱীয়তাৰ সন্ধানৰ লক্ষ্যই আছিল কবিগৰাকীৰ কাব্যিক
অনুপ্ৰেৰণাৰ ফচল৷ জীৱনৰ প্ৰাত্যহিকতাত লাভ কৰা নিদাৰুণ ছবিবোৰে দি যোৱা বেদনা আৰু
হতাশাৰ আৱেগো কাব্যপাঠত উদ্ভাসিত হৈ উঠিছে৷ যোৱা শতিকাত কবি ৰূপে আত্মপ্ৰকাশ কৰা
কবি কপিল ঠাকুৰৰ কবিতাত
 ধ্বনিত হৈছে গীতিময়ী শিল্পৰ আৱেগ৷ স্থিৰ, উত্তেজনাবিহীন, আত্মসংযমশীলতাৰে কবি ঠাকুৰে প্ৰকাশভংগীক আয়তন
দিছে৷ কবিতাত প্ৰতিফলিত জীৱনৰ ব্যাপ্তি আৰু ছন্দ বৈচিত্ৰ্যই তেওঁৰ কবিতাক অনন্যও
কৰি তুলিছে৷ অতি সাধাৰণ ঘটনা
, আপাত দৃষ্টিত তুচ্ছতাৰ ৰেখ
থকা অভিজ্ঞতা আৰু বাস্তৱৰ
 পেৰাডক্সে কবিগৰাকীৰ কবিতাক শক্তিশালী কৰি তুলিছিল৷ কবি
কপিল ঠাকুৰৰ এতিয়ালৈকে দুখন গ্ৰন্থ (নদীৰ নাম ব্ৰহ্মপুত্ৰ
, মাটিৰ গোলাপ) প্ৰকাশ হৈছে৷ দুয়োখন কাব্যগ্ৰন্থৰ
অন্তৰে অন্তৰে দেখা পোৱা পৰ্বান্তৰৰ আভাসৰ প্ৰতিধ্বনি
 ব্যঞ্জিত হৈছে৷ কবিতাৰ পাঠত অগ্ৰজ কবিসকলৰ
ছাঁ-পোহৰৰ আৰ থাকিলেও মৌলিকতাৰ সবল কণ্ঠই কবিক প্ৰতিষ্ঠা কৰিছে৷ ভাষাৰ ব্যঞ্জনাই
কঢ়িয়াই অনা অফুৰন্ত আৱেগে প্ৰতিটো কবিতাক গতিশীল কৰি তুলিছে৷ অনুভৱৰ স্নিগ্ধতা আৰু
মননৰ যুগপৎ উপস্থিতিয়ে কঢ়িয়াই আনিছে কবি কপিল ঠাকুৰৰ কবিতাত প্ৰেমৰ বিমূৰ্ত ৰেখ

পূৰ্ণ কৰা হে প্ৰিয়,
অৰ্ধেকে শীতল কৰে মোক
অৰ্ধেক প্ৰেম, অৰ্ধেক পোহৰ বা ছাঁ
 
তোমাৰ প্ৰেমৰ কোমল চিঠি পাই
পিয়নে ডাঙিব নোৱাৰা হয়,
কিতাপক বেটুপাতে যদি ধৰি
ৰাখিব নোৱাৰা হয়
 
চুমা যদি ওঁঠ বাগৰি যায়
চকুপানী যদি গাৰুৱে
উগাৰি দিয়ে

(মোৰ প্ৰিয়)

প্ৰকৃতিগত সহগৰে বিষণ্ণ অতীতৰ ব্যাখ্যা কৰি কবি
কপিল ঠাকুৰে নতুন সুৰৰ ৰেঙণি কঢ়িয়াই আনিছে৷ কবিতাৰ পৰিমিতিবোধ আৰু সংযমে তেওঁৰ
ভাবনাক ঘনত্ব প্ৰদান কৰিছে৷ কাৰণ আন্তঃপাঠভিত্তিক ধাৰণাই পঢ়ুৱৈক দি গৈছে আৱেগ উথলি
উঠা সত্তাৰ শৃংখল৷ পুৰণি দিনক এৰি আহি বাৰে বাৰে উভতি যোৱাৰ প্ৰৱণতাই ৰোমাণ্টিক উ
চ্ছ্বাসকে প্ৰতীয়মান কৰিলেও ভাবৰ
আধুনিক পটভূমিত বিলীন হৈ পৰিছে

বিচাৰি চোৱা মোৰ ভিতৰত তোমাৰ
হেঁপাহত
টুকুৰা টুকুৰ হিয়া বাহিৰতহে
এৰাল ছি‍ঙা মন
অশ্ৰুৰ সন্ধানত জন্ম লয় হাঁহি
হাঁহিও মৰে ওঁঠ বিচাৰি  

( ফুল অ ফুল)

আন এটা স্তৱকত কবিয়ে জীপাল কৰিছে প্ৰতীকধৰ্মি‍তাৰ গুণ৷ অদম্য বাসনাৰ
দুচকাত সুমুৱাই থকা আশা আৰু ভাবনাক অতি পৰিশীলিত ৰূপত প্ৰকাশ কৰিছে কবিয়ে

হঠাৎ ৰৈ যাবলৈ মন যায় এবাৰ
অন্ততঃ এৰি অহা পথটো ঘূৰি
চাবলৈ
মন গলে জানো ৰৈ যাব পাৰি?  

( ফুল অ ফুল)

আংগিকৰ মাজত দেখা পোৱা সাংস্কৃতিক চেতনায়ো কবি কপিল ঠাকুৰৰ
পাঠত ক্ৰিয়া কৰিছে৷ এই ক্ষেত্ৰত অগ্ৰজ কবিসকলক আৰ্হি হিচাপে পালেও সূক্ষ্মতৰ
দৃষ্টিত কবিৰ কল্পদৃষ্টিৰ মনৰ জন্মজ৷ গ্ৰাম্য আৰু নগৰীয়া ৰীতিৰ জীৱনচৰ্যাই
প্ৰভাৱান্বিত কৰা কবিগৰাকীৰ পাঠত পাওঁ চিত্ৰকল্পৰ মননশীলতা

অসমৰ ৰাজহাড় শুই আছে সৌ
সোঁজোনে অগাধ মলিন
মৌন জলধিৰ অটল তলিত
আৰু এক চিৰায়ত অন্তৰাল
ব্ৰহ্মপুত্ৰৰ ভিতৰত আৰু এক
ব্ৰহ্মপুত্ৰ বৈ আছে ত্ৰিকালৰ
ভাৰ

       

দেখা নাই বিদেশৰ নদী
দৃক্‌পাত কৰা নাই নক্ষত্ৰৰ
প্ৰতি
ৰাইখ নাই জীৱনৰ কৰ্মতেই

(ব্ৰহ্মপুত্ৰ-ৰ)

কবি কপিল ঠাকুৰৰ কাব্য পৰিক্ৰমা দুটা পৰ্বত ভাগ
কৰি ল
লে দুয়োখন
কাব্যগ্ৰন্থত একোগৰাকী নতুন কবিৰ সৈতে পঢ়ুৱৈ মুখামুখি হোৱা যেন লাগে৷ কবিৰ শব্দৰ
প্ৰাচুৰ্যৰ অৰ্থঘন আৱেদনে পঢ়ুৱৈক দি গৈছে প্ৰাপ্তঃবয়স্ক হোৱা বতৰা৷ কবি কপিল
ঠাকুৰে আৰম্ভণি পৰ্যায়তে আহৰণ কৰা ভাষাৰ কৌশলগত ধাৰণা দ্বিতীয় পৰ্বত সমাহিত ৰূপত
উন্মোচিত কৰিছে৷ কবিৰ মনলৈ অহা ভাবৰ বিচিত্ৰ ৰেখবোৰক এক স্থিতাৱস্থাৰে বিষয়-বিষয়ীক
একেটা বিন্দুত উপস্থাপন কৰিছে৷ নিঃসংগতাই দোলা দি যোৱা কবি প্ৰাণত বাখৰ গীতিময়
জীৱনৰ আৰ্তি৷ প্ৰায়বোৰ কবিতাতে অন্তৰ্নিহিত হৈ আছে আধুনিক জীৱনবোধৰ নিঃসংগতা আৰু
মৃত্যুচেতনাৰ ৰূপক৷ সামাজিক জটিলতাক চিত্ৰিত কৰিবলৈ গৈ শংকিত হোৱাও দেখা যায়

যেতিয়া আহিছিলোঁ নাছিল
মোৰ কোনো চেহেৰা

ছিগা চেণ্ডেলেৰে ফুৰিছিলোঁ
ঘূৰ পাক খাই খাই অফিচে অফিচে
দুৱাৰত বহি থাকিছিল লোভৰ
পিয়ন

       

মোৰ আবেদনৰ চাকৰিৰ বিফলতা
ভাই-ভনীৰ অসহায় হাবিয়াস৷

(এই চহৰত মই)

সময় চেতনাৰ শৃংখলাৰ মাজত কবিমন ৰুদ্ধ৷ ভাববিলাসত আহি পৰা বাস্তৱিক সংঘাতে
সময়ক দুঃসময় কৰি তোলাৰ অনুভৱে কবিক ব্যথিত কৰি তোলা দেখা যায়৷ সময় হৈ পৰিছে
নিঃসংগতাৰ ৰূপক৷ হতাশা আৰু সামাজিক অৱক্ষয়ত ক্ষোভিত মনক তেওঁ বান্ধি ৰাখিব পৰা
নাই৷ অস্থিৰতাৰ মাজত আহি পৰা ভীতিগ্ৰস্ততাক প্ৰতীকৰ প্ৰক্ষেপণৰে উজলাই তুলিছে

তথাপি সমষ্টিৰ চোতালত
কৰিছোঁ প্ৰশ্ন
এই ঘৰ জানো বসতিৰ উপযোগী?

 

কাৰ ঠিকনা আছে পুৱাৰ ৰদত
কাৰ সুখ আছে ৰাতিৰ টোপনিত  

(দ্ৰোহ অথবা প্ৰশ্ন নহয়)

ৰাজনৈতিক দৃষ্টিভংগীক প্ৰতীকৰ মাজেৰে প্ৰতিফলিত
কৰি কবিতাত বিভিন্ন আংগিক আৰু চিন্তাৰ আভাস দিছে৷ জীৱনৰ অন্তহীন ৰহস্যৰ সন্ধান
কৰাৰ প্ৰচেষ্টাতো কবিমন ব্ৰতী৷ পৰিচয়ৰ সংঘাতে বৈপ
ৰি‍ত্যৰ ৰূপক সৃষ্টি কৰাৰ লগতে
কবিমনত উদ্ভাসিত হৈ উঠিছে জীৱনৰ আকাংক্ষা৷ জীৱনৰ গভীৰ অৰ্থ সন্ধানত আত্মনিয়োজিত
কবিমনে উদাৰ দৃষ্টিযুক্ত ব্যক্তিমনৰ অনুভূতি প্ৰত্যাশাৰে উজলাই তুলিছে

ছুৰীয়ে অদৃশ্য ইংগিতত
পানীৰ তলেদি গছৰ শিপা কাটি
নিয়ে
       
স্তব্ধ কৰি সময়ক
সম্ভৱামী শব্দক অস্ত্ৰোপচাৰ
কৰি৷
 
মচি নিকা কৰে তেজ স্বদেশ
নামৰ মানচিত্ৰত৷

(দ্ৰোহ অথবা প্ৰশ্ন নহয়)

সাংগীতিক লহৰেৰে কবিতাৰ ভাষাক কাব্যচিত্ৰৰ সূচাংকৰে নিৰ্মাণ কৰি গভীৰ অৰ্থ পঢ়ুৱৈক দিছে৷
এক প্ৰতিভাশালী বাক্‌চাতুৰ্যত কবিৰ প্ৰকাশভংগী অৰ্থৱহ হৈ উঠিছে৷ মনৰ মাজত থুপ খাই
থকা অপাৰ সম্ভাৱনা আৰু ভাষাৰ স্বচ্ছ ৰূপান্তৰেৰে পঢ়ুৱৈৰ মন আন্দোলিত কৰিব পৰা গুণ
আছে কবি কপিল ঠাকুৰৰ৷ আন্তৰিক উ
চ্ছ্বাস অতি সংবেদনশীল হোৱাৰ কাৰণে কবিৰ পাঠে বহুমাত্ৰিকতা লাভ
কৰিছে৷ শিল্পৰ প্ৰতি জাগি উঠা গভীৰ অনুৰাগ আৰু মানৱীয়তাই পাঠত গতি লাভ কৰা দেখা
যায়

মেঘে মেঘে তৰি দিম মোৰ
নীলাৰ আকাশ
দ লাগে বৰষুণ যেনেকৈ বিচৰা
নিপুণ আঙুলিৰে চুঁচি লবা
টোপনিৰ নিচুকনি গীত৷

(যিদিনা দেখিম তোমাক)

দুটা শতিকাৰ আলি দোমোজাত কবিমন বিভিন্ন অভিজ্ঞতাৰে
পৈণত৷ চিন্তা আৰু যুক্তিৰ সৰলৰৈখিক স্নিগ্ধতাক কাব্য পাঠত অসাধাৰণত্বৰে উজলাই
তুলিছে৷ সমসাময়িক কবিসকলৰ পৰা সম্পূৰ্ণ
দূৰৈত অৱস্থান কৰি এক আকৰ্ষণীয় ভাষাৰে শব্দৰ
মায়াজাল সৃষ্টি কৰিছে৷ আংগিকৰ প্ৰায়োগিক শৈলীতো কবিৰ কবিতাত ঐশ্বৰ্যশালী হৈ উঠিছে৷
নিৰাশাৰ মাজতো আশাৰ গভীৰতাৰে কবি কপিল ঠাকুৰৰ কবিতাত জীৱনৰ মৰ্ম ফুটি উঠিছে

মই বৃদ্ধ গলিত নখদন্ত
পদাতিক আলাপচাৰী
জীৱন হৃদয় চিত্ত তিতা-বিৰক্ত
শামুকৰ দৰে স্বখোলাত
স্বেচ্ছাই
লৈছোঁ অৱসৰ কেতিয়াবা
কুমাৰী স্বপ্নেৰে বৃদ্ধত্বক কৰি তিৰস্কাৰ৷

(বৃদ্ধ)

কবিৰ নিয়ত প্ৰচেষ্টাৰ বাবে ব্যক্তিমনৰ সংঘাতক
সত্তাৰ মাজেৰে অৱলোকন কৰিব পাৰিছে৷ সাম্প্ৰতিক পৰিস্থিতিৰ চৰম মূল্যবোধহীনতাক জটিল
প্ৰেক্ষাপটত উপস্থাপন কৰিছে৷ হতাশাৰ মাজতো আশাবাদ কঢ়িয়াই আনিব খোজা কবিকণ্ঠই
 স্বপ্নহীন জীৱন যে অপূৰ্ণ, সেই কথাৰ আভাস কাব্যপাঠত দিছে৷
আত্মবিশ্বাসৰ পূৰ্ণতাৰ মাজত জীৱন
 স্বপ্নৰ বাসনাই কবিক ৰোমাঞ্চিত কৰে

আহা কালৰ কীলক
সেয়ে বন্ধ কৰা,
আচমন, শান্তিস্ত্ৰোত্ৰ, বিগ্ৰহৰ
উপহাস্য-ৰেডিঅ চিলোন৷
 
মই উত্তৰপুৰুষ;
সংশয় নিপাতন কৰি
জড়দ্‌গব হিয়াত জগাইছোঁ
অব্যাহত প্ৰমাৰ প্ৰজ্ঞা৷ (সূত্ৰধাৰ)

অসমীয়া কবিতাক ভিন্ন ৰূপৰসেৰে সমৃদ্ধ কৰা কবি কপিল
ঠাকুৰৰ কবিতাত আধুনিকতাৰ
বহুতো দিশ উন্মোচিত হৈছে৷ এক নিভাঁজ ভাষাৰ অপূৰ্ব কথকতাৰে কবি কপিল ঠাকুৰে পঢ়ুৱৈক ভাষাৰ ক্ষেত্ৰতো যে নতুন
বাটৰ সন্ধান পঢ়ুৱৈক দিছে
, তাৰ সন্দেহ নাই৷ সুখ আৰু দুখৰ
অনুভূতিক বিভিন্ন অনুষংগৰ মাজেৰে উদ্ভাসিত কৰি কবিসত্তাৰ সাৰ্থকতা প্ৰমাণ কৰিলে৷
কবি কপিল ঠাকুৰৰ মূল্যবোধ সম্পৰ্কে থকা গভীৰ ধাৰণাই পঢ়ুৱৈক কাব্যপাঠত নতুন ঋতুৰ
আভাস দিলে৷ সঁচা অৰ্থত অসমীয়া কবিতাৰ দীঘলীয়া বাটত কপিল ঠাকুৰৰ কবিতা অসমীয়া কাব্য
সাহিত্যত উল্লেখনীয় সম্পদ হৈ উজলি থাকিব৷

গৱেষক ছাত্ৰ
গুৱাহাটী বিশ্ববিদ্যালয়