লেজি ডগ, বিস্ময়বৰ্ষ আৰু ন’বেল বঁটা

  ৰমেশ চন্দ্ৰ গোস্ৱামী


বিদ্যালয়ৰ প্ৰায়বোৰ শ্ৰেণীতে ল’ৰাটোৰ মনোযোগ নবহে৷
সি বহেও পিছফালৰ বেঞ্চত৷ কিবা সুধিলেও শিক্ষকৰ মনঃপুত হোৱাকৈ উত্তৰ দিবলৈ অপাৰগ হয়৷
মুঠতে ছাত্ৰ হিচাপে সি একো কৃতিত্ব দেখুৱাব পৰা বিধৰ নাছিল৷ অকল গণিততহে আছিল ৰাপটো৷
মাজে মাজে তাক শিক্ষকে শ্ৰেণীত আনবোৰৰো ক্ষতি কৰা বুলি দোষাৰোপ কৰিছিল৷ মুখলৈ চালেই
ল’ৰাটো কিমান ভোটা অনুমান কৰিব পাৰিছিল তেওঁলোকে৷ সেয়ে তেওঁলোকে তাক এটা নামেৰে ইতিকিং কৰিছিল— ‘লে
জি ডগ’৷ এই লেজি ডগেই
যে এদিন বিজ্ঞান জগতৰ বাঘজৰী হাতত তুলি ল’ব, সেই কথা তেওঁক ভেঙুচালি কৰা শিক্ষকসকলে কিয়,
কোনেও কল্পনাও কৰিব পৰা নাছিল!

কোন সেই লেজি ডগ? কি এনে ডাঙৰ কাম কৰিছিল, যাৰ বাবে
এওঁৰ খ্যাতি চন্দ্ৰ-সূৰ্য থাকে মানে হেৰাই নাযায়?

তেওঁ আছিল সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী
এলবাৰ্ট আইনষ্টাইন, যাৰ নাম নুশুনা লোক এই পৃথিৱীত বিৰলৰো বিৰল৷ যাৰ তাত্ত্বিক আৱিষ্কাৰৰ
পৰীক্ষামূলক প্ৰমাণ আজি এশ একুৰি বছৰৰ পাছতো নিকপকপীয়াকৈ পোৱা বুলি ন দি ক’ব নোৱাৰি৷
যাৰ সহজ-সৰল জীৱন-যাপনে ভব্য-গব্য
সকলক
লাজত পেলাইছিল৷ মৃত্যুৰ পাছত যাৰ মস্তিষ্কটো গৱেষণাৰ উদ্দেশ্যে সংৰক্ষণ কৰা হৈছিল৷

১৯০৫ চন৷ সৰুতে জড় বুদ্ধিৰ (?) এই লৰাটোৰ
বয়স তেতিয়া ২৬ বছৰ৷ সেই বয়সতে তেওঁ পদাৰ্থবিজ্ঞানৰ জগতখনত প্ৰচণ্ড খলকনি তুলিছিল
, যি
এতিয়াও সম্পূৰ্ণৰূপে প্ৰশমিত হৈ পৰা বুলিব নোৱাৰি৷ কিহৰ খলকনি সেয়া
?

২৬ বছৰীয়া চফল ডেকা আইনষ্টাইনে সেই সময়ত কোনো নামজ্বলা
বিশ্ববিদ্যালয়ত চাকৰি বা গৱেষণা কৰি থকা নাছিল৷ কৰিছিল এটা সাধাৰণ কাম—
 ছুইজাৰলেণ্ডৰ
ৰাজধানী বাৰ্নত অৱস্থিত এটা ছুইছ কোম্পানীক পেটেণ্ট অফিচত৷ তেতিয়াই তেওঁ ১৯০৫ চনৰ
মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে অৰ্থাৎ মাত্ৰ সাতমাহ সময়ৰ ভিতৰতে স্বতন্তৰীয়াভাৱে পাঁচখন অতিশয়
গুৰুত্বপূৰ্ণ তাত্ত্বিক গৱেষণাপত্ৰ প্ৰকাশ কৰে৷ আটাইকেইখন প্ৰকাশিত হয় জাৰ্মান দেশৰ
শীৰ্ষমানৰ গৱেষণা পত্ৰিকা
এনালেন
ডাৰ ফিজিক
’-(Annalen
der Physik)
মন কৰিবলগীয়া যে আজিৰ
ইমান উন্নত দিনতো একোখন মানবিশিষ্ট গৱেষণাপত্ৰ প্ৰস্তুত কৰিবলৈ কেতিয়াবা কেবাবছৰো
লাগি যাব পাৰে৷ আইনষ্টাইনৰ সেই পত্ৰসমূহৰ শিৰোনাম আছিল এনে ধৰণৰ—

প্ৰথম পত্ৰ : পোহৰৰ উৎপত্তি আৰু ৰূপান্তৰ সম্পৰ্কে
অনুসন্ধিৎসামূলক দৃষ্টিপাত
(On a
Heuristie Viewpoint Concerning the Production and Transformation of Light— (
প্ৰকাশ : মাৰ্চ, ১৯০৫৷)

দ্বিতীয় পত্ৰ : আণৱিক বিস্তৃতি নিৰূপণৰ এটা নতুন
পদ্ধতি
(A New Determination of Molecular Dimensions)— (প্ৰকাশ : এপ্ৰিল, ১৯০৫)

তৃতীয় পত্ৰ : তাপৰ আৱিক গতি তত্ত্বৰ
আধাৰত স্থিৰ অৱস্থাত থকা জুলীয়া পদাৰ্থত ওপঙি থকা ক্ষুদ্ৰ কণিকাৰ গতিৰ বিষয়ে (
On the Motion of Small Particles Suspended in Liquids at Rest Required by
the Molecular-Kinetic Theory of Heat
)— (প্ৰকাশ : মে’, ১৯০৫)

চতুৰ্থ পত্ৰ : গতিশীল বস্তুৰ বিদ্যুৎ-গতিবিদ্যা
সম্পৰ্কে
(On the Electrodynamics
of Moving Bodies)— 
(প্ৰকাশ : জুন, ১৯০৫)

        পঞ্চম পত্ৰ : কোনো বস্তুৰ জড়তা বস্তুটোত নিৰ্হিত হৈ থকা
শক্তিৰ ওপৰত নিৰ্ভৰ কৰেনে
? (Does the Inertia of a Body Depend on its Energy Content?)— (প্ৰকাশ : ছেপ্টেম্বৰ, ১৯০৫)৷

মাহেকতে একোখনকৈ
গৱেষণাপত্ৰ প্ৰকাশ
! তাতে প্ৰতিখনেই আলোড়ন সৃষ্টিকাৰী! অবিশ্বাস্য৷
সমগ্ৰ বিজ্ঞান  বিশ্বক বিস্ময়াভিভূত কৰি ইঞ্জিনিয়াৰিং পঢ়িবলৈ ছিট এটা যোগাৰ কৰিব নোৱৰা 
অকৰ্মণ্য লেজিডগটোচোন
কালজয়ী পদাৰ্থ বিজ্ঞানী হ
!

        উল্লিখিত প্ৰথমখন গৱেষণাপত্ৰত তেওঁ পোহৰৰ প্ৰকৃতি সম্পৰ্কে
সম্পূৰ্ণ নতুন ধাৰণা এটা নিখুঁতভাৱে দাঙি ধৰিছিল৷ ধাৰণাটো প্ৰতিষ্ঠা কৰিছিল আলোক-বিদ্যুৎ প্ৰক্ৰিয়া
(photo-electric
effect)
নামৰ পৰিঘটনা এটা
কোৱাণ্টাম বলবিদ্যাৰ সহায়ত নিৰ্ভুলভাৱে ব্যাখ্যা কৰি৷ তাৰ বাবেই তেওঁ ১৯২১ চনৰ পদাৰ্থ
বিজ্ঞানৰ ন
বেল বঁটাৰে সন্মানিত হৈছিল৷

        জুলীয়া পদাৰ্থৰ সান্দ্ৰতা (viscosity) নামৰ এটা ধৰ্ম আছে৷ দ্বিতীয়খন গৱেষণাপত্ৰত সেই সান্দ্ৰতা নিৰ্ণয়ৰ
দ্বাৰা এভ
গেড্ৰৰ সংখ্যা যিকোনো পৰ্দাথৰ এক মলত থকা
ণু/ পৰমাণুআয়ন/ ইলেকট্ৰনৰ সংখ্যা হিচাপ
কৰি তাৰ সহায়ত দ্ৰৱীভূত অ
ণুৰ আকাৰ (বা বিস্তৃতি) নিজগন কৰাৰ উপায়
উদ্ভাৱন কৰাৰ বিষয়ে লিখা হৈছিল৷

        বৃটিছ উদ্ভিদ বিজ্ঞানী ৰবাৰ্ট ব্ৰাউনে ১৮২৮ চনত লক্ষ্য কৰিছিল— স্থিৰ অৱস্থাৰ পানী পৃষ্ঠৰ ওপৰত ফুলৰ
পৰাগ ৰেণু ৰাখি থ
লে ৰেণুবোৰে বিশৃংখলভাৱে গতি কৰিবলৈ লয়৷ সেই গতিক বিজ্ঞানীসকলে
ব্ৰাউনীয় গতি নাম দিছে৷ তেনে গতিৰ মূলতেনো কি আছে তাক কোনেও বাখ্যা কৰিব পৰা
নাছিল৷ আইনষ্টাইনে তেওঁৰ চুটি আৰু সুন্দৰ তৃতীয়খন গৱেষণা পত্ৰত তাৰ ব্যাখ্যা আগবঢ়ায়৷
তেওঁৰ ব্যাখ্যা অনুসৰি পানীৰ অণুসমূহৰ গতিৰ ফলতে পৰাগ ৰেণুবোৰৰ যাদৃচ্ছিক গতি সৃষ্টি
হয়৷ এই পত্ৰখনে পদাৰ্থৰ যে অণু-পৰমাণু আছে তাক সন্দেহাতীতভাৱে প্ৰতিষ্ঠা কৰে৷

        চতুৰ্থখন গৱেষণাপত্ৰত উত্থাপন কৰা সম্পূৰ্ণ
নিজস্ব চিন্তাপ্ৰসূত
বিশেষ
আপেক্ষিকতা তত্ত্ব
ই পত্ৰখন প্ৰকাশৰ লগে লগে বিশ্বজুৰি আলোড়ন সৃষ্টি কৰে৷ আন কোনো কাম
নকৰিলেও অকল এই তত্ত্বৰ বাবেই আইনষ্টাইনৰ
খ্যাতি চিৰযুগমীয়া হৈ থাকিলহেঁতেন৷ এই তত্ত্বই প্ৰায় দুই শতিকা জুৰি থকা নিউটনীয়
বলবিদ্যাৰ অবিসম্বাদী ভেঁটিত প্ৰৱল জোকাৰণি সৃষ্টি কৰিছিল৷ এই তত্ত্ব অনুসৰি নিউটনৰ
নীতিসমূহ কম বেগৰ বেলিকাহে প্ৰযোজ্য—
 অত্যন্ত উচ্চ বেগত সেইবোৰ অচল৷

        আইনষ্টাইনৰ পঞ্চমখন গৱেষণাপত্ৰ আছিল মাত্ৰ
তিনি পৃষ্ঠা দৈৰ্ঘ্যৰ৷ তাতেই তেওঁ নিজৰ বিশেষ আপেক্ষিকতা তত্ত্বৰ ফলাফলৰ ওপৰত ভিত্তি
কৰি এটা অতিশয় তাৎপৰ্যপূৰ্ণ সমীকৰণৰ জন্ম দিছিল৷ কালজয়ী সেই সমীকৰণটো আছিল—
 E=mcm-য়ে কোনো পদাৰ্থৰ ভৰ, c-য়ে
পোহৰৰ বেগ (তাৰ মান ছেকেণ্ডত প্ৰায় লাখ ৩ লাখ কিলোমিটাৰ) আৰু
e-য়ে
শক্তিৰ পৰিমাণ সূচায়৷ 
সমীকৰণটোৰ মতে ভৰক শক্তিলৈ আৰু একেদৰে শক্তিকো ভৰলৈ ৰূপান্তৰ কৰিব পাৰি৷ অতি সৰল যেন দেখা এই সমীকৰণটো পদাৰ্থ বিজ্ঞানৰ মহত্তম
আৱিষ্কাৰসমূহৰ ভিতৰত নিঃসন্দেহে শীৰ্ষস্থানীয়৷

        ১৯০৭ চনৰ পৰা এলবাৰ্ট আইনষ্টাইন আন এটা বিশেষ
গৱেষণাত ব্ৰতী হয়৷ তেওঁ নিজৰ সৃষ্ট বিশেষ আপেক্ষিকতা তত্ত্বক সাধাৰণীকৰণ কৰাত
মনোনিৱেশ কৰে৷ আৰু গৱেষণাৰ ফলাফল হিচাপে ১৯১৫ চনত আন এটা
যুগান্তকাৰী তত্ত্ব দাঙি ধৰে৷ তত্ত্বটোক
সাধাৰণ আপেক্ষিকতা
তত্ত্ব
নামেৰে নামাকৰণ কৰা হৈছে৷ ই তেতিয়ালৈকে ২৩০ বছৰীয়া হৈ উঠা
সু-প্ৰতিষ্ঠিত নিউটনৰ মহাকৰ্ষণ তত্ত্বক আধুনিক ৰূপত প্ৰতিষ্ঠা কৰে৷ নিউটনৰ
মহাকৰ্ষণৰ সমীকৰণত দুটা বস্তুৰ মাজৰ আকৰ্ষণ বল বস্তু দুটাৰ ভৰ আৰু দুয়োটাৰ মাজৰ
দূৰত্বৰ সৈতে সম্পৰ্কিত৷ আনহাতে আইনষ্টাইনে তত্ত্বটোত উক্ত বলৰ ধাৰণাকে নাকচ
কৰিছে৷ তেওঁৰ তত্ত্বমতে মহাকৰ্ষণত কোনো বল
জড়িত নহয়
, ই হৈছে স্থান-কালৰ বক্ৰতাৰ ফলহে৷ (স্থান-কালৰ বক্ৰতা
ধাৰণাটো পদাৰ্থবিজ্ঞানৰ ছাত্ৰৰ বাবেও বুজিবলৈ যথেষ্ঠ কঠিন৷ সেয়ে সাধাৰণ পাঠকৰ বাবে
আগ বঢ়াবলৈ চেষ্টা কৰিব বিচৰা নাই৷) মহাকাশত (মানে
, স্থানত)
কোনো বস্তুপিণ্ড থাকিলে তাৰ চাৰিওপিনৰ স্থান আৰু কাল বেঁকা হয়৷ পিণ্ডটোৰ ভৰ
যিমানে বেছি হয় তাৰ চাৰিওফালৰ স্থান-কাল সিমানে বেছি বেঁকা হয়৷ অৰ্থাৎ স্থান-কাল
যিমানে বেঁকা হয়
, তাৰ মহাকৰ্ষণ সিমানে বেছি বুলি কোৱা হয়৷

        আইনষ্টাইনৰ মহাকৰ্ষণ তত্ত্বই মহাকাশত কৃষ্ণগহ্বৰৰ
অস্তিত্ব
, মহাকৰ্ষণীয় তৰংগৰ অস্তিত্ব, পোহৰ
ৰশ্মিৰ বক্ৰগতি আদি ব্ৰহ্মাণ্ড বিজ্ঞানৰ
কেইটামান কথাৰ ভৱিষ্যদ্বাণী কৰিছিল আৰু সময়ত আটাইবোৰেই সত্য প্ৰতিপন্ন হৈছে৷ ই
প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডৰো ব্যাখ্যা দাঙি ধৰিছে৷

        বিজ্ঞানীগৰাকীৰ ইমানবোৰ গুৰুত্বপূৰ্ণ তত্ত্বৰ
প্ৰতিটোৱেই ন
বেল বঁটা লাভ কৰাৰ যোগ্য বুলি কোনো সমীক্ষকে মত পোষণ কৰিছে৷
লেও তেওঁক আলোক-বিদ্যুৎ প্ৰক্ৰিয়াৰ ব্যাখ্যাৰ বাবেহে ১৯২১
চনৰ পদাৰ্থবিজ্ঞানৰ ন
বেল বঁটাৰে সন্মানিত কৰা হৈছিল৷

আলোক-বিদ্যুৎ প্ৰক্ৰিয়ানো কি?

হেইনৰিখ হাৰ্টজ (Heinrich Rudolph Hertz) নামৰ
এগৰাকী জাৰ্মান পদাৰ্থবিজ্ঞানীয়ে ১৮৮৭ চনৰ লক্ষ্য কৰিছিল যে এটা স্ফুলিংগ ফাঁকৰ
ইলেকট্ৰ
ডত অতি বেঙুনীয়া ৰশ্মি পৰিবলৈ দিলে স্ফুলিংগবোৰ সাধাৰণ
অৱস্থাতকৈ বেছি দূৰলৈ ছিটিকি পৰে৷ ১৮৮৮ চনত হলৱাখছ
Hallwachs নামৰ এগৰাকী গৱেষকে দেখিবলৈ পাইছিল যে ধনাত্মক বিভৱৰ অন্তৰিত জিংকৰ
পাত এছটাত অতি বেঙুনীয়া ৰশ্মি পেলালে পাতছটা আধাহীন হৈ পৰে৷ লেৰ্নাড নামৰ আন এগৰাকী
জাৰ্মান বিজ্ঞানীয়ে ইয়াৰ ব্যাখ্যা এই বুলি আগ বঢ়ায় যে অতি বেঙুনীয়া ৰশ্মি পৰিলে
পাতটোৰ পৰা ইলেকট্ৰ
ন নিৰ্গত হয়৷ আচলতে অতি বেঙুনীয়াই প্ৰায়বোৰ
ধাতুপৃষ্ঠৰপৰাই ইলেকট্ৰ
ন নিৰ্গত কৰে৷

        ছেফ জন টমছন নামৰ প্ৰসিদ্ধ পদাৰ্থবিজ্ঞানীগৰাকীয়ে ১৮৯৮ চনত
পৰীক্ষা কৰি দেখুৱায় যে সাধাৰণ পোহৰেও কেতবোৰ ধাতুপৃষ্ঠৰ পৰা ইলেকট্ৰ
নক মুক্ত কৰে৷ তেনে ধাতু কিছুমান হৈছে ছডিয়াম, পটেছিয়াম, ছিজিয়াম, ৰুবিডিয়াম
ইত্যাদি এইবোৰ ক্ষাৰকীয় ধাতু৷

        এনেদৰে সাধাৰণ পোহৰ (আৰু অতি বেঙুনীয়া ৰশ্মি) আপতিত হলে উপযুক্ত
ধাতুপৃষ্ঠৰ পৰা ইলেকট্ৰ
ন নিৰ্গত হোৱা পৰিঘটনাটোক আলোক-বিদ্যুৎ প্ৰক্ৰিয়া
নাম দিয়া হৈছে৷

        প্ৰক্ৰিয়াটোত বেছি প্ৰাৱল্যৰ পোহৰে বেছি সংখ্যক
ইলেকট্ৰ
ন বাহিৰ কৰে৷ গতিকে
প্ৰৱাহৰ মান বাঢ়ে
, কিন্তু ভল্টেজ নাবাঢ়ে৷ আনহাতে বেছি কম্পনাংকৰ পোহৰ পেলালেহে ভল্টেজ বাঢ়ে (লগতে
প্ৰৱাহ কমেও
)৷ এই কথা পৰীক্ষাৰ পৰা লক্ষ্য কৰা হৈছিল৷

        আকৌ মেক্সৱেলৰ তত্ত্ব অনুসৰি যদি পোহৰ এক ধৰণৰ
বিদ্যুৎ চুম্বকীয় তৰংগ হয় তেন্তে বেছি প্ৰাৱল্যৰ পোহৰে ধাতুপৃষ্ঠৰ পৰা বেছি সংখ্যক ইলেকট্ৰ
ন বাহিৰ কৰিব৷ তেতিয়া বৰ্তনীত প্ৰৱাহো বাঢ়িব, ভল্টেজো
বাঢ়িব৷ তাৰ মানে মেক্সৱেলৰ পোহৰৰ প্ৰকৃতি সম্পৰ্কীয় তত্ত্বই পৰীক্ষাত্মক
পৰ্যবেক্ষণটো ব্যাখ্যা কৰিব নোৱাৰে৷ 

        এই খেলিমেলি কেবা দশক জুৰি
ব্যাখ্যা কৰিব পৰা যোৱা নাছিল৷

আইনষ্টাইনৰ ব্যাখ্যা : মেক্সৱেলৰ ধাৰণামতে
পোহৰ বিদ্যুৎ-চুম্বকীয় তৰংগ৷ পোহৰে নিৰৱচ্ছিন্ন তৰংগৰ ৰূপত শক্তি কঢ়িয়াই ফুৰে৷
পোহৰক বিদ্যুৎ-চুম্বকীয় তৰংগ বুলি লৈ পোহৰৰ কেবাটাও ধৰ্ম সফলভাৱে ব্যাখ্যা কৰিব
পৰা গৈছিল৷ কিন্তু আলোক-বিদ্যুৎ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা মুঠেও সম্ভৱ নহ
ল৷

        আইনষ্টাইনে এই ক্ষেত্ৰত এটা সুকীয়া দৃষ্টিভংগী
গ্ৰহণ কৰে৷ তেওঁ তাপ-গতিবিজ্ঞানৰ আলমত ক
ব বিচাৰিছিল যে পোহৰ নিৰৱচ্ছিন্ন
তৰংগ নহয়
, ই অগণন গাইগুটীয়া শক্তিগুচ্ছৰ (কোৱাণ্টাম) সমষ্টিহে৷
সেইবোৰক ফ
টন (photon) নাম
দিয়া হৈছে৷ ফ
টনৰ প্ৰকৃতি হৈছে একোটা তৰংগপেকেটৰ নিচিনা৷ অৰ্থাৎ পোহৰ
হৈছে প্ৰৱাহমান ফ
টনৰ সমষ্টি৷ মন কৰিবলগীয়া যে ফটনবোৰ
কেতিয়াও স্থিৰ অৱস্থাত নাথাকে৷ গতিকে পোহৰ হৈছে এক বিশেষ ধৰণৰ কণিকা (ফ
টন)
আৰু লগতে এক ধৰণৰ বিদ্যুৎ-চুম্বকীয় তৰংগও৷
মেক্স প্লাংক নামৰ জাৰ্মান বিজ্ঞানীগৰাকীয়ে আগতেই পোহৰ যে ফ
টনৰ
সমষ্টি সেই কথা অনুমান কৰিছিল
, কিন্তু নিশ্চিত হব পৰা নাছিল৷

        প্ৰক্ৰিয়াটো আইনষ্টাইনে এনেদৰে ব্যাখ্যা কৰিছিল— উপযুক্ত ধাতুপৃষ্ঠত ফটন এটা আপতিত হলে ফটনৰ
শক্তিৰ এভাগে ধাতুপৃষ্ঠৰ পৰা ইলেকট্ৰ
ন এটা মুক্ত কৰে৷ আনভাগ শক্তিয়ে ইলেকট্ৰনটোক
গতিশীল প্ৰদান কৰে৷ কোনো ধাতুপৃষ্ঠৰ পৰা ইলেকট্ৰ
ন এটা মুক্ত কৰিবলৈ
সদায় একে পৰিমাণৰ শক্তি লাগে৷ গতিকে বেছি শক্তিৰ ফ
টন আপতিত হলে
মুক্ত হোৱা ইলেকট্ৰ
নটোৱে বেছি শক্তি লৈ ওলাই যাব৷
তেনেদৰে কম শক্তিৰ ফ
টনে নিৰ্গত কৰা ইলেকট্ৰনটোৱে কম শক্তিৰে ওলাই যাব৷ এই গতিশীল অনুযায়ী
বৰ্তনীত বেছি বা কম
ভল্টেজ সৃষ্টি হব৷ কিন্তু প্ৰৱাহৰ
মান কম-বেছি নহয়৷

        তেনেহলে অধিক প্ৰাৱল্যৰ
প্ৰৱাহ সৃষ্টি কৰিবলৈ কি কৰিব লাগিব
?

      ধাতুপৃষ্ঠত আপতিত প্ৰতিটো ফটনে
ধাতুপৃষ্ঠৰ পৰা একোটাকৈ ইলেকট্ৰ
নহে মুক্ত কৰিব পাৰে৷ গতিকে একে সময়তে বেছি
সংখ্যক ফ
টন তাত আপতিত হলে (অৰ্থাৎ পোহৰৰ প্ৰাৱল্য বেছি হলে) পৃষ্ঠটোৰ পৰা বেছি সংখ্যক ইলেকট্ৰন ওলাব৷
গতিশীল ইলেকট্ৰ
নৰ সংখ্যা বেছি হলে প্ৰৱাহৰ মানো বেছি হব৷

        আলোক-বিদ্যুৎ প্ৰক্ৰিয়াৰ এই ব্যাখ্যাই পূৰ্বৰ
দুয়োটা আঁসোৱাহ আঁতৰ কৰিছিল৷ লগে লগে ই ফুকলীয়া অৱস্থাত থকা কোৱাণ্টাম তত্ত্ব গঢ়
লৈ উঠাৰ বাট সুগম কৰিলে৷ সেই নতুন তত্ত্বই অ
ণু-পৰমাণু
আৰু পদাৰ্থ কণিকাৰ চৰিত্ৰিক বৈশিষ্ট্য অধ্যয়নত অন
দ্য সহায়
আগবঢ়াইছে৷

        মন কৰিব পাৰি যে সোতৰ শতিকাতে (১৬৭৫) আইজাক
নিউটনে পোহৰ এবিধ বিশেষ ধৰণৰ কণিকাৰ সোঁত বুলি অনুমান কৰিছিল৷ ক্ষুদ্ৰাতিক্ষুদ্ৰ ওজন আৰু আধানবিহীন সম্পূৰ্ণ
স্থিতিস্থাপক সেই কণিকাবোৰক তেওঁ আলোক কণিকা (
Corpuscleনাম দিছিল৷ কিন্তু সেই সময়ত নিউটনৰ তত্ত্বটোৱে সমাদৰ নাপালে৷ কিয়নো তাৰ দ্বাৰা পোহৰৰ সমাৰোপণ, অপৱৰ্তন, সমৱৰ্তন
আদি কেবাটাও ধৰ্ম ব্যাখ্যা কৰিব পৰা নগৈছিল৷ আইনষ্টাইনৰ ফ
টন নিউটনৰ আলোক
কণিকাতকৈ বহু বেলেগ৷

উপসংহাৰ :  

স্পষ্টতঃ ১৯০৫ চনটো বিশেষকৈ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ
বাবে অতিশয় গুৰুত্বপূৰ্ণ বছৰ৷ সেয়ে বছৰটোক বিস্ময়বৰ্ষ
(annus mirabilis— এনাছ মিৰাবিলিছ) বোলা হয়৷

        ১৯০৫ চনৰ পৰাই আইনষ্টাইনৰ খ্যাতিয়ে আকাশ চুবলৈ
আৰ
ম্ভ কৰে৷ কিন্তু তেতিয়াও তেওঁ পেটেণ্ট অফিচৰ সাধাৰণ চাকৰিটোতে
আছিল৷ ১৯০৯ চনতহে তেওঁ জাৰ্মানিৰ জুৰিখ বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞানৰ অধ্যাপনাত
নিযুক্ত হয়৷ তাৰ পাছত ১৯১৫ চনত তেওঁ সাধাৰণ আপেক্ষিকতা তত্ত্ব উদ্ভাৱন কৰি
কীৰ্তিস্তম্ভৰ শিখৰলৈ ঢাপলি মেলে৷ আৰু ক্ৰমে তেওঁ হৈ পৰে বিজ্ঞান জগতৰ জীৱন্ত
কিম্বদন্তি৷ কৈশোৰৰ
লেজি ডগৰ কি অবিশ্বাস্য
অকল্পনীয় উত্তৰণ
! সেয়াও আকৌ ভৰ যৌৱনত ভৰি দিওঁ নৌ দিওঁতেই!