যুগসন্ধিৰ মহীৰুহ

Amulya Baruah
অমূল্য বৰুৱা
জন্ম: ৩০ জুন১৯২২
মৃত্যু: ১৮ আগষ্ট ১৯৪৬

    যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত
উত্তীৰ্ণ হৈ জে.বি. কলেজৰ পৰা বি.এ. পাছ কৰি ১৯৪৫ চনত এম.এ. পঢ়িবলৈ কলিকতালৈ যায়।
ইয়াৰ লগতে আইন বিষয়তো নাম লগায়। প্ৰথমতে কলিকতাত যতীন্দ্ৰ নাথ দুৱৰাৰ লগত আছিল
যদিও বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত থাকিবলৈ লয়
দেশ বিভাজনৰ পূৰ্বে ১৯৪৬ চনত কলিকতাত সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰতিভাৱান
কবি-সাহিত্যিকজনাৰ অকাল মৃত্যু হয় আৰু মৃতদেহো লুকুৱাই পেলাইছিল উত্তেজিত লোকে।
স্কুলীয়া জীৱনতেই কবিতা আৰু সাহিত্য চৰ্চা কৰা বৰুৱাই গণেশ গগৈৰ কবিতাসমূহ সংগ্ৰহ
আৰু সম্পাদনা কৰি ৰূপজ্যোতি নাম দি প্ৰকাশ কৰে। তাতেই গণেশ গগৈৰ জীৱন আৰু কবিতাৰ
আলোচনা কৰিছে। বৰুৱা গণেশ গগৈ
, যতীন্দ্ৰ নাথ দুৱৰা, দেৱকান্ত বৰুৱাৰ একান্ত ভক্ত আছিল। কেয়োগৰাকীৰ পৰা প্ৰভাৱিত হ’লেও তেওঁ নিজৰ
মৌলিকতাও প্ৰদৰ্শন কৰিছিল। কলেজত পঢ়ি থাকোঁতেই যোৰহাটৰ ৰ’দালি সভা-ৰ হাতেলিখা
আলোচনীও সম্পাদনা কৰিছিল। সুখৰ কথা যে যোৰহাটৰ ৰ’দালি সভা এতিয়াও বৰ্তী আছে।
আকাশবাণী কলিকতা কেন্দ্ৰৰ যোগেদি কেইবাখনো নাটকৰ সম্প্ৰচাৰ হয়। অচিনা তেওঁৰ
শ্ৰেষ্ঠ কবিতা-সংকলন। তাত অন্তৰ্ভুক্ত বেশ্যা নমৰ কবিতাটো বৰুৱাৰ অমৰ সৃষ্টি।
তেওঁৰ এটি কবিতাৰ পাণ্ডুলিপি যুগো আহিছিল যদিও উদ্ধাৰ কৰিব পৰা নহ’ল। পাঠকৰ বাবে
বেশ্যা কবিতাৰ একাংশ উদ্ধাৰ কৰা হৈছে




Ganesh Gogoi
গণেশ গগৈ
জন্ম: ২৮ ডিচেম্বৰ১৯০৭
মৃত্যু: ২১ আগষ্ট ১৯৩৮


   কবি, নাট্যকাৰ গণেশ গগৈ
যোৰহাটৰ চৰকাৰী হাইস্কুলৰ
 পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজ
আৰু তাৰ পাছত কলিকতাৰ ৰিপন কলেজত আৰু ইয়াৰ পাছত কাশী হিন্দু বিশ্ববিদ্যালয়ত
নামভৰ্তি কৰে। কিন্তু কবিতাৰ প্ৰতি প্ৰবল অনুৰাগৰ বাবে বি.এ. পৰীক্ষা নিদিয়াকৈয়ে
ঘৰলৈ গুচি আহে। গগৈ এজন সুদক্ষ খেলুৱৈ আৰু চিকাৰীও আছিল। শকুনিৰ প্ৰতিশোধ
, দক্ষযজ্ঞ, কাশ্মীৰী কুমাৰী, নাটক, লাচিত, জেৰেঙাৰ সতী, কমলা কুঁৱৰী কুৰি শতিকা
নাটিকা উল্লেখযোগ্য। পাপৰি
, স্বপ্নভংগ, ৰূপজ্যোতি উল্লেখযোগ্য কবিতা পুথি। সপোন কথা কবিতা, ব্যৰ্থজীৱন একমাত্ৰ গল্প। বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ অন্তৰংগ বন্ধু গগৈ।
বন্ধুৰ বিয়োগত গাগৰিৰ পৰিমল নামৰে বৰুৱাই এটি সুদীৰ্ঘ কবিতা লিখিছিল। তাৰ মাজতেই
গগৈৰ ৰূপটো বিচাৰি পোৱা যায়


চকুত আছিল সোণ সপোনৰ ধন

বুকুত আছিল সোণ প্ৰেমৰ কিৰণ

হাতত আছিল সোণ স্নেৰহৰ ...

সোণেৰেই গঢ়িছিলোঁ সোণৰ জীৱন



ইমান সোণেৰে ভৰা বাটত আমাৰ


ৰূপালী দলিচা পাৰি দিছিল সোণে;


ফৰিং উফৰি ফুটা সেই সপোনৰ

যাউতীযুগীয়া স্মৃতি পাহৰিব কোনে?

কোন সিটি দেৱদূত কবিতাক লৈ

আহিছিল খন্তেকৰ তেজ খাবলৈ

জননীৰ চৰণত প্ৰাণৰ সাগৰ সিঁচি

মনে মনে কাহানিবা গুচি গ’লগৈ