চন্দনা
পাঠক

ছেফ্‌টি পিনৰ প্ৰেমত একেলগে পৰিল ক্লথ ক্লিপ্‌
আৰু ফাইল পিন্৷ নপৰিবনো কিয়? ছেফ্‌টি পিনৰ যিহে লাৱনী শৰীৰ! চিক্‌চিকীয়া৷ তাতে আক
 সুন্দৰীসকলৰ শৰীৰৰ সুবাস সনা
শাড়ী-ব্লাউজ
, চাদৰ-দোপাট্টাত গা ঘঁহি ঘঁহি একেবাৰে আৱেদনময়ী
হৈ উঠিছে৷

দুই : প্ৰেমিক সুযোগৰ সন্ধানত আছিল৷

এদিন সুন্দৰী গৰাকি‍নীৰ অসাৱধানতাবশতঃ ছেফ্‌টি
পিন তেওঁৰ চাদৰৰ পৰা সুলকি চোতালতে পৰিল৷ কাপোৰ মেলি দিয়া তাঁৰতে ওলমি আছিল ক্লথ
ক্লিপ্‌৷ ফাইল পিনো আছিল চোতালতে ৰৈ থকা গাড়ীখনৰ ছি‍টত পেট পেলাই৷ ছেফ্‌টি পিন
পৰাৰ শব্দটো শুনিয়ে দুয়ো জাঁপ মাৰি উঠিল
, মানে নামিল, এটাই গাড়ীৰ পৰা, আনটো তাঁৰৰ পৰা৷

ফুলনিৰ ফুলত হাত দিব নোৱাৰি৷ টমিটোৱে খেদি আহি
বখলা-বখল কৰিহে এৰিব৷ গতিকে দুয়ো সকলোৱে অলাগতিয়াল বুলি ভবা চোতালৰ দূবৰি বন
দুডালকে ছি‍ঙি লৈ প্ৰেয়সীৰ আগত প্ৰেমপ্ৰস্তাৱ দিলে৷ মানে
 মই
তোমাক ভালপাওঁ
 বুলি কৈয়েই পেলালে৷

খামুচীয়া কঁকালটো মোহাৰি মোহাৰি ছেফ্‌টি পিন
পৰাৰ পৰা কোনোমতে উঠিছিলহে
, এতিয়া দুই প্ৰেমিকৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাই
পুনৰ মূছ্‌কঁছ যোৱাৰ উপক্ৰম হ
ল৷ প্ৰেমিকদ্বয়ো স্থিৰপ্ৰতি:
প্ৰেমিকাৰ পৰা উত্তৰ নোপোৱালৈকে এখোজো নলৰে৷

উপায়ান্তৰ হৈ লাজুকী হাঁহিৰে ছেফ্‌টি পিনে কলে

 ‘‘মই হলোঁ
একেটি৷

আপোনালোক দুটি৷৷

কাক ধৰোঁ, কাক এৰি/

পোৱা নাই যে ভাবি//’’

বলৈহে পালে, ফাইল পিনে ডাংকোপ মাৰি উঠিল

 মই
পিন চৰকাৰী
, ৰজাঘৰীয়া স্থান৷

কোটিটকীয়া হাঁহি মাৰি বঢ়াওঁ নিজৰ মান৷৷

হোৱাটোও হেৰাই যায় দিওঁ যদি এৰি৷

নহবৰটোও হৈ যায় যদিহে ৰাখোঁ ধৰি৷৷

ৰাজ-চিন্তা বুকুত লৈ তামোল-চালি খাওঁ৷

সৰ্বহাৰাৰ আশা-ভৰষা নাচি নচুৱাওঁ৷৷

প্ৰভাৱশালী, ধনবলী, শ্ৰেষ্ঠ
মোৰ গোত্ৰ৷

সুন্দৰী! ময়ে তোমাৰ উপযুক্ত
প্ৰেমপাত্ৰ৷৷
’’

 

ফাইল পিনৰ কথা শুনি ছেফ্‌টি পিনে মিচিকিয়াই
হাঁহি ক্লথ ক্লিপলৈ চালে৷ প্ৰেয়সীৰ চাৱনিৰ উত্তৰ দি ক্লথ ক্লিপে ক
লে

 বস্ত্ৰ
নামক সভ্যতাৰ ধাৰক৷

মান ৰক্ষক, প্ৰীতিৰ বাহক৷৷

দে-বৰষুণে ঘামি-তিতি৷

ৰাখোঁ ধৰি, নস্যাৎ কৰি ধুমুহাৰ গতি৷৷

নহয় মানী, নহয় দামী, সাধাৰণ সেৱাৰ কৰ্মী!

সুন্দৰী তুমি গুণৱতী! বানে
মোৰ সহধৰ্মিণী
?’

ক্লথ ক্লিপৰ কথাৰ মূৰত ছেফ্‌টি
পিনে কিবা ক
বলৈ পোৱাৰ আগতে পুনৰ ফাইল পিনে গৰ্‌গৰাই উঠিল

 হে
সুন্দৰী
! কৰা কৰ্ণপাত৷

মোৰ প্ৰতিদ্বন্দ্বীৰ নাই জাত৷৷

ময়ে সুগুণী, ময়ে সুনামী৷

ৰাজবিলাসত ভ্ৰমিবা তুমি৷৷’’

শুনি ছেফ্‌টি পিনে হাঁহি এটি মাৰি প্ৰথমে ক্লথ
ক্লিপলৈ চাই ক
লে

যাৰ মনত স্বচ্ছতা৷

সি সুন্দৰ সৰ্বদা৷৷

পৰোপকাৰত যিটি সুখী৷

তোমাকো নকৰে কদাপি দুখী৷৷

মোৰ দৃষ্টিত যোগ্যজন৷

তোমাতেই কৰিলোঁ হৃদয় অৰ্পণ৷৷’’

তাৰ পাছত অবাক হৈ মুখ মেলি থকা ফাইল পিনক
উদ্দেশ্যি ক
লে

 মোৰো
আছে জীৱন-পণ৷

স্ত্ৰী-সন্মানত সমৰ্পণ৷৷

মামৰে বন্ধা ৰাজবিলাস৷

নাই যে মোৰ সিটি হাবিয়াস৷৷

ৰাজবিলাসতো যিটি মলিন!

কিদৰে হওঁ সিটিত বিলীন!!’’

               

জোকৰ মুখত চূণ দি ছেফ্‌টি পিন পুনৰ ক্লথ ক্লিপৰ
ফালে ঘূৰিল

মই ৰাখিম সন্মানৰ বস্ত্ৰ৷

তুমি হবা স্বচ্ছতাৰ অস্ত্ৰ৷৷

দুয়ো মিলি ৰাখিম ধৰি৷

কোনেও কাকো নিদিওঁ এৰি৷৷

সহজ নহলেও সৰল হব৷

জীৱন আমাৰ সুন্দৰ হব৷৷’’

ফাইল পিনে ভেবা লাগি চাই ৰল৷
চকুত চকু থৈ ক্লথ ক্লিপ্‌ আৰু ছেফ্‌টি পিন এক হ
ল৷

ঠিকনা:
গজিয়া ৰোড, মেটুৱাকুছি, বৰপেটা
ডাকঘৰ আৰু জিলা : বৰপেটা-৭৮১৩০১
ভ্ৰাম্যভাষ: ৬০০০৩০৫৯১০
e-mail ulkaasom@gmail.com