দুখে কেওড়া (অনুবাদ উপন্যাস)

 

মূল : ৰামকুমাৰ মুখোপাধ্যায়

অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যে
চৌধুৰী

 

(ৰামকুমাৰ মুখোপাধ্যায় এজন বাঙালী সাহিত্যিক৷
ভাৰতৰ সাহিত্য অকাডেমিৰ সহকাৰী সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ চৈধ্য বছৰ
পূৱ ভাৰতৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ পৰৱ
ৰ্তী সময়ত তেওঁ সাহিত্য অকাডেমিৰ বাংলা পৰামৰ্শদাতা ব’ৰ্ডৰ আহ্বায়ক হয়৷ তেওঁ ভাৰতীয় ভাষা
পৰিষদৰ সভাপতিও আছিল৷ বিশ্ব ভাৰতীৰ প্ৰকাশন বিভাগৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ
কৰাৰ পাছত তেওঁ অৱসৰ গ্ৰহণ কৰে৷ ১৯৮৪ চনত কলকাতাৰ পৰা ‘মাদলে নতুন বোল’ নামেৰে
তেওঁৰ চৈধ্যটা চুটিগল্পৰ প্ৰথমখন সংকলন প্ৰকাশ পাইছিল৷ কলকাতাৰ পৰা ১৯৯৩ চনত তেওঁৰ
প্ৰথমখন
উপন্যাস ‘চাৰণে প্ৰান্তৰে’
প্ৰকাশ পায়৷ তেখেতে ইতিমধ্যে সাহিত্য-কৰ্মৰ বাবে পশ্চিমবঙ্গ বাংলা অকাডেমিৰ সোমেন
চন্দ সোঁৱৰণী পুৰস্কাৰ
(২০০০), গল্প মেলা
পুৰস্কাৰ
(২০০৪), কথা পুৰস্কাৰ (২০০৫), শিস পুৰস্কাৰ (২০০৮), শৰৎ স্মৃতি পুৰস্কাৰ (২০০৭), গজেন্দ্ৰকুমাৰ মিত্ৰ জন্ম শতবাৰ্ষিকী পুৰস্কাৰ (২০০৯), আনন্দ পুৰস্কাৰ (২০১৩), দ্বিজেন্দ্ৰলাল ৰয় স্মৃতি পুৰস্কাৰ (২০১৪), কুসুমাঞ্জলি পুৰস্কাৰ, নতুন দিল্লী (২০১৪), কৃতিত্ব সমগ্ৰ পুৰস্কাৰ (ভাৰতীয় ভাষা পৰিষদ),
কৰ্মযোগী ননীগোপাল চক্ৰৱৰ্তী
সোঁৱৰণী সাহিত্য পুৰস্কাৰ
(২০২৩আদি লাভ কৰিছে৷ ২০০৭ চনত দুখে
কেওড়া
’ উপন্যাসখনৰ বাবে তেখেতে বঙ্কিমচন্দ্ৰ স্মৃতি পুৰস্কাৰেৰে সন্মানিত হয়৷)


 

প্ৰথম খণ্ড

পৰিচয়


পৰিচয়

পুংলিঙ্গ ১ বিশেষ জ্ঞান; পৰিজ্ঞান ‘শাস্ত্ৰানাং পৰিচয়ঃ’ (কাদম্বৰী)৷ পাপ পূণ্য কাৰ্যকালত সমান সৰল/অনুশোচনাই মাত্ৰ পৰিচয়স্থল – নবীনচন্দ্ৰ৷ ২ অভ্যাস৷ ‘পৰিচয়ং চললক্ষ্যনিপাতনে’ (কৰোত্যসৌ) – ৰঘুবংশ৷ ‘গৰ্ভাধানক্ষণং পৰিচয়’, পূৰ্বমেঘ – মেঘদূত৷ পৰিচয় স্থৈৰ্য্য, মাঘকাব্য – শিশুপালবধ৷ ৩ প্ৰণয়৷ ‘অনবগীতঃ পৰিচয়ঃ’, উত্তৰ-চৰিত৷ বিদ্যাসাগৰ৷ ন পৰিচয়ো মলিনাত্মনাং প্ৰধানম্‌, মাঘকাব্য৷ নৱ পৰিচয় পৰিহৰ কোন অপৰাধে, বিদ্যাপতি৷ নৱপৰিচয়/কালিয়া বঁধুৰ সনে, চণ্ডীদাস৷ ৪ দীৰ্ঘসাহচৰ্য৷ পৰিচয়বিকাস, উত্তৰ-চৰিত, বিদ্যাসাগৰ৷ *

  

হেৰি, পৰিচয়ৰ কিনো আছে? ঘৰলৈ নিজেই আহিছে,
এয়াতো বৰ সুখৰ কথা৷ মোৰ
হাড়িয়াৰ মেলত কেইবাখনো গাঁৱৰ মানুহ আহি বহে
, আপুনিও বহিল৷ এবাৰ যেতিয়া বাট বিচাৰি পালে আৰু
হেৰুওৱাৰ ভয় নাই৷

অ’ কথা পাতিব? পাতক তেনেহ’লে৷ কথা পাতিব পাৰোঁ তবে কথা দিব
নোৱাৰিম৷ কথা দিয়া মানে মূৰ দিয়া৷ আৰু এটা কথা
, হাড়িয়াৰ দাম কিন্তু বাকীত নহ’ব৷

নাম সুধিছে? দুখে কেওড়া৷

হয়, দুখহৰণ৷ তবে দুখহৰণ বুলিলে আপোনাক বামুণ-চুবুৰীলৈ লৈ যাব৷ দুখহৰণ ভট্ট ইচকুলৰ
মাষ্টৰ৷ গাঁৱৰ মূৰ
, পঞ্চায়তৰ
মুৰব্বী৷ দুখীৰাম হ’ল তেলী-চুবুৰীৰ৷ খেতি-বাতি আছে৷ বাৰাণ্ডা দিয়া ঘৰ৷ বেছ
সজাই-পৰাই কথা ক’ব পাৰে৷ মই হ’লোঁ দুখে৷ মূল বস্তুটো একেই
; তবে কেনোবাজন বিশ্বনাথ, কোনোবাজন বিছু আকৌ কোনোবাজন বিছাই৷

বয়স? সেয়া কম হোৱা নাই দেই৷ দীঘলীয়া দুটা খৰাং, দুটা ডাঙৰ ধুমুহা দেখিছোঁ৷

চন ক’ব নোৱাৰিম৷ মোৰ যেতিয়া বিয়া হৈছিল তেতিয়া
মোৰ খুল্‌শালিটোৱে নঙঠা হৈ ঘূৰি ফুৰিছিল৷ আৰু সেই যে তেঁতেলি চুপি থকা নাঙঠ ল’ৰাটো
,
সেইটি মোৰ খুল্‌শালিৰ
নাতি৷

আশী নহ’বনে সুধিছে? হ’ব নি(য়৷ ডাৱৰে ডাৱৰে বেলি কিন্তু কম হোৱা নাই
দেই৷ মই ওপজাৰ সময়ত গাঁৱত বান্দৰে পিংপিঙাই ফুৰিছিল৷ লেঙেৰা মাষ্টৰক তেল সানি ৰ’দত
দিছিল৷ বছ্,
 বান্দৰে দাঙি
নিলে৷ তাৰ পাছত লাঠি-টোকোন লৈ মানুহৰ দৌৰাদৌৰি৷ কেঁচুৱা কোলাত লৈ বান্দৰীজনী
বেলগছৰ ডালত বহি আছিল৷ খেদা খাই এৰি দিলে৷ ভৰিখন গ’ল ভাগি৷ লেঙেৰা মাষ্টৰৰ ভৰি আৰু
জোৰা নালাগিল৷

নাই নাই, মোক কিন্তু বান্দৰে লৈ যোৱা নাছিল৷ মোৰ ওপৰত
দুজনী বাই আৰু এজন ককাই আছিল৷ সিহঁতে টোকোন লৈ বহি বহি পহৰা দিছিল৷ আচল কথা কি
জানে
, পানী-কেঁচুৱা আৰু বান্দৰৰ
পোৱালিৰ মাজত কোনো ভেদ নাই৷ দুয়োটাই দেখাত এক৷ সেয়ে বান্দৰে ভালপাই নিজৰ ধন বুলি
ভাবি লৈ যায়৷ নঙঠা কালত চবেই এক – ডাঙৰ হ’লে কোনোবা ৰাম
, কোনোবা লক্ষ্মণ, কোনোবা সীতা, কোনোবা সুগ্ৰীৱ, কোনোবাটো মই আৰু কোনোবাটো আপুনি৷

লেঙেৰা মাষ্টৰ মোতকৈ ডাঙৰ নেকি সুধিছে? কি যে কয়, ময়েইতো লেঙেৰা মাষ্টৰক টোকোনেৰে গছৰ পৰা নমাবলৈ
গৈছিলোঁ৷

লেঙেৰা মাষ্টৰ জী আছেনে নাই সুধিছে? নাই বুজিছে, পঢ়ুৱাই পঢ়ুৱাইয়ে মৰি থাকিল৷ তেওঁৰ টোলত
ল’ৰা-ছোৱালীয়ে গিজ্‌গিজাই আছিল৷

গাঁৱত মোৰ সমনীয়া কোন সুধিছে? কৈৱৰ্ত চুবুৰীৰ অনাথ৷ তাৰ সৈতে আপোনাৰ সাক্ষাৎ
হৈছেনে
? বুঢ়া হ’লে কি
হ’ব
, গাঞ্জাৰ চিলিমত তাৰ
নিচিনা টান কোনোৱে মাৰিব নোৱাৰে৷

ইচ্‌ ৰাম, তাক চিনিপোৱা নাইনে৷ আপুনি থাকেনো ক’ত?

আচ্চা, কলিকতাত৷ জ্যোতিবাবুক চিনি পায়নে?

কোন জ্যোতিবাবু বুলি সুধিছে? হৈছে আৰু, জ্যোতিবাবুতো এজনেই৷ কলিকতাত থাকে, আগেয়ে মুখ্যমন্ত্ৰী আছিল৷ আৰামবাগৰ মিটিঙত
দেখিছিলোঁ৷ সেয়া ধৰক বিছ-তিৰিছ বছৰ আগতে৷ তেতিয়া তেওঁ মোৰেই বয়সী৷ দুই-এক বছৰ
ডাঙৰো হ’ব পাৰে৷ তেনেহ’লে এইবাৰ অলপ চলিবনে
?

নহয় নহয়, ঘৰত চাহ নহ’ব৷ চাহ হয় দোকানত৷ আমাৰ হাড়িয়াৰ
বেপাৰ৷ খৰিদ্দাৰৰ ডিঙিত গোটেই বটল বাকি দি আমাৰ নাতিৰ তেজ পৰীক্ষা
, পেট-ভাৰী নাতিনীৰ জেউৰাৰ খৰচ, তিৰীৰ হাঁপানিৰ চিকিৎসা৷

কি ক’লে, হাড়িয়া খাব?

ভাল দেই, আপুনিচোন ৰসিক মানুহ৷ পেটত হাড়িয়া পৰিলে
জগৎসংসাৰক নতুন দেখিব৷ তাল-গছত উঠি জোনটো চুবলৈ মন যাব৷

মোৰ কাম বুলি একো নাই৷ আগেয়ে লোকৰ খেতি-পথাৰত
হাজিৰা কৰিছিলোঁ
, এতিয়া গাত বল
নাই৷ কঁকালত বিষ৷ ল’ৰা দুটা আনৰ খেতি-পথাৰত খাটিবলৈ যায়৷ কিন্তু সিহঁতৰ সংসাৰ
বেলেগ৷ নিজে-নিজৰটো বুলি লৈছে
, ভাল কথা৷ তবে
অসুখ-বিসুখত খুজিলে টকা-পইচা দিব লাগে৷ আমি দুয়ো মতা-মাইকীয়ে হাড়িয়াৰ বেপাৰটো
কৰোঁ৷ লওক
, বটল আহি গ’ল৷
আপুনি খাওক
, অনুমতি দিলে ময়ো
এটুপি ডিঙিত ঢালোঁ৷

হয়, অনুমতি লাগিবতোন৷ আপোনাৰ আগত বহি হাড়িয়া খাম, পাৰমিট নালাগিবনে আৰু? তেনেহ’লে কাহিনী এটা শুনক৷ সীতাৰ বিচাৰ-খোঁচাৰ
কৰিবলৈ লঙ্কালৈ গৈছে হনুমান৷ বুইছে
, অশোক বনত নানান ফলৰ গছ৷ তাৰে ভিতৰত এটি গছ গোলাপী-আমৰ৷ সীতাই গছৰ তলৰ পৰা
তিনিটা আম বুটলি হনুমানক দিলে৷ তিনিটা কিয় দিলে কওকচোন বাৰু
?

ঠিক ধৰিছে৷ এটা ৰামৰ, এটা লক্ষ্মণৰ আৰু আনটো হনুমানৰ৷ তাৰ পাছত বুইছে,
আম তিনিটা লৈ হনুমান
উভতিছে৷ নিজৰ ভাগৰ আমটো খালে৷ খাই বৰ আনন্দ পালে৷ তাৰ পাছত লক্ষ্মণৰটো হাতত লৈ
লাৰিছে-চাৰিছে৷ খাবনে নাখায় ভাবিছে৷ শেষত ঠিক কৰিলে লক্ষ্মণেতো অনেক ভাল ভাল আম
খাইছে
, এইটো নাখালেও
হ’ব৷ তেতিয়া হনুমানে লক্ষ্মণৰ আমটোও খালে৷ তাৰ পাছত সমুদ্ৰ পাৰ হৈ আহি বালিত
পৰিলহি৷ ইমানদূৰ অহাত ভোক লাগিল৷ ৰামৰ ভাগৰ আমটো হাতত লৈ লাৰিছে-চাৰিছে৷ এবাৰ ভাবে
খাও
, এবাৰ ভাবে নাখাও৷ শেষত
ভাবিলে ৰাম প্ৰজাপালক ৰজা
, প্ৰজাৰ সুখেই
তেওঁৰ সুখ৷ তাৰ পাছত বাকলি গুচাই হনুমান আম চোহাত লাগিল৷ বছ্
, লাগি ধৰিল ডিঙিত৷ কিয় লাগিল কওকচোন? অনুমতি লোৱা নাছিল৷ দৰা আছে, কইনা আছে কিন্তু ডাঙৰীয়াৰ অনুমতি নহ’লে বিয়া
নহ’বই৷ তেনেহ’লে ডিঙিত ঢালোঁ৷

কি ক’লে? শুভ শীঘ্ৰম্‌? কি ভাষা হেৰি?

দেৱভাষা? বুজিছোঁ৷ মন্ত্ৰৰ ভাষা৷ দেৱভাষা মানে দেৱতাসকলৰ
ভাষা৷ দেৱীসকলৰ ভাষাটোবা কি
?

একে বুলি কৈছে? হেৰি, মোক অঁকৰা পাই আচল কথাত আন কিবাকিবি সুমুৱাই দিছে দেখোন৷ এক হ’ব কেনেকৈ?
মতা-মাইকী, খুল্‌শালি-খুল্‌শালীয়েৰা এক বস্তু নেকি? দমৰা আৰু দামুৰীৰ
মাত একনে
? মতা হাঁহ আৰু
মাইকী হাঁহৰ মাত একনে
? কোনটো ডাক মতা
কুকুৰাৰ আৰু কোনটো মাইকী কুকুৰাৰ আনকি মোৰ সৰু নাতিটোৱেও কৈ দিব৷

আমাৰ গাঁখন কেনে সুধিছে? বৰ ভাল৷ এনে গাঁও
ক’তোৱেই নাপাব৷ দুদিন বাহিৰলৈ গ’লে ঘৰলৈ দৌৰি উভতিবলৈ মন যাব৷ তবে
, মাটি যদি কিনে চুবুৰী চাই কিনিব৷ হেৰি নহয়,
জাতত আপুনি কি বাৰু?

বামুণ৷ অ’, তেনেহ’লে চিন্তা নাই৷ গাঁৱৰ মাজভাগত থাকিব৷ বৰ
ভাল ঠাই৷ ৰথ
, শিৱৰ গান,
যাত্ৰা, বজাৰ-সমাৰ সব তাত৷ সীতাৰাম, ৰঘুনাথ, দুৰ্গা আদি সকলো দেৱদেৱীৰ বাস৷ কৃষ্ণ, বলৰাম, সুভদ্ৰা ৰথত উঠি ফুৰে৷ দেৱ-দেৱীৰ স’তে বসবাস কৰিলে মন ভালে থাকে৷

হয়, আমাৰ কালবীৰ গোসাঁই আছে৷ তেৰাৰ দয়াতেইতো জী আছোঁ৷ তবে বামুন-চুবুৰীৰ দেৱতাসকলৰ
নিচিনা কালবীৰ গোসাঁইৰ সুখ নাই৷ সৌৱা চাওকচোন
, তিনিআলিৰ মুখত আকাশৰ তলত বহি আছে৷ ইচ্ছা গ’লেই
ভাটৌফুল সৰি পৰে মূৰত৷ গোসাঁইৰ গা-ধোৱা বুলিবলৈ সৌ আকাশৰ পানীৰে৷ ছাগলীবোৰে
মাজে-সময়ে গাত মূতিও দিয়ে৷ কুকুৰে ঠেং ডাঙে৷ ফেঁটি সাপে গা চেলেকে৷ গোসাঁই থানৰ
নাগফেনাৰ জোপোহাত সিদিনা বিপিনৰ হাঁহটো মৰি পৰি আছিল৷ শিয়ালটোৱে গোটেইখিনি খাব
নোৱাৰিলে৷

আমাৰ চুবুৰীটো ভাল, সেই কথা সঁচা৷ বতাহৰ কোনো অভাৱ নাই৷ গাঁৱৰ
পথাৰৰ পৰা গৰমকালি বৰদৈচিলা
, বাৰিষাত কোবাল
বতাহ
, কাতিত কঁপনি ধৰে৷ মাথোন
জাৰকালি এখন ডাঠ কেঁথা পালে বৰ ভাল হ’লহেঁতেন৷ শুনিলোঁ বোলে এইবাৰ ঘৰে প্ৰতি এখনকৈ
কম্বল দিব! কম্বলৰ গৰমেই বেলেগ৷ মিলিটাৰীৰ ভূপতি দত্তই এবাৰ এখন পুৰণি কম্বল
দিছিল৷ মিলিটাৰীৰ মাল
, এবাৰ তলত সোমালে
মাঘৰ জাৰ বুলি গমকেই নাপাব৷ ধাৰণা হ’ব এয়া বসন্তকাল৷

সেয়া এতিয়া নাই বুইছে৷ ফাটি-ছিগি গ’ল৷ কম্বল
ফাটি-ছিগি মাটিত পাৰি বহা আসন হ’ল
, সেই আসনো ছিগি
ফটাকানি হ’ল৷ হেৰি বুইছে
, মানুহৰ ছাল ফাটি
গৈছে
, কম্বলনো কিহৰ কি! পহিলাত
মূৰৰ চুলি সৰিল
, তাৰ পাছত দাঁত৷
চাওঁতে চাওঁতে চকুৰ পাৱাৰ গ’ল
, কাণ গ’ল৷ ছালেৰে
ঢকা বাবেহে ভিতৰখন দেখিবলৈ পোৱা নাই৷ ভিতৰত চব উদং৷ পূজাৰ ঘট উটুওৱা হৈ গৈছে৷
এইবাৰ চাব এদিন কান্ধত তুলি পুৰিবলৈ নিচে৷

হয়, ঘৰ সাজিবলৈ সেই বামুণ, কায়স্থ নাইবা
তেলী চুবুৰীটো ভাল৷ চাউল-দালি পায় বাবেই পাৰ আছে
, কাউৰী আছে, ঘৰচিৰিকা আছে৷ আমাৰ চুবুৰীৰত সেইবোৰ চৰাই নাপাব
দেই৷ শগুন পাব৷ সৌৱা জাবৰণি৷ বগলীও পাব৷ পথাৰৰ পৰা মাছ ধৰি আনি আমাৰ চুবুৰীতহে
খায়হি৷ বগলী আৰু মেকুৰী হ’ল এক জাতৰ
, দুয়োটাই হ’ল মাছ খকুৱা৷

অ’ বামুণ-চুবুৰী পছন্দ নহ’ল৷ তেনেহ’লে বাছ অহা-যোৱা
কৰা বাটৰ কাষতে ঘৰ বান্ধক৷ তলত বেপাৰ কৰক
, ওপৰত থাকক৷ তাত জাত-পাতৰ কোনো কথা নাই৷ মানুহে কয় বজ্জাত চুবুৰী৷ সবকেইটা ঘৰ
পকা৷ কাৰোবাৰ বেপাৰ
, কাৰোবাৰ চাকৰী৷
সকলোৱে নিজৰ নিজৰ ঘৰত কুঁৱা খান্দিছে৷ পানী চুৱা হোৱাৰ কথা নাই৷ ধন যদি হাতত ৰৈ-বৈ
গৈছে তেন্তে তাতেই ভাল৷ ঘৰৰ পৰা ওলায়েই পুটুককৈ বাচত উঠিলে৷ ৰাতিৰ পৰত ছাদত উঠি
হাড়িয়া খালে কোনোৱেই বুজিবও নোৱাৰিবচোন৷

অ’ মোৰ শিক্ষাৰ কথা সুধিছে? জানে ধান ৰোৱাৰ শিক্ষাকণ উত্তৰ চুবুৰীৰ ভৱ
নন্দীৰ পৰা পাইছোঁ৷ ভৱদাই কৈছিল ঘৈণীক পেট-ভাৰী কৰা আৰু ধান ৰোৱা একেই কথা৷
দুয়োটাই সন্তান৷ এটা ঘৈণীৰ আৰু এটা মাটিৰ৷ যদি কঠিয়া বেছিকৈ পুতি দিয়ে গেলি-পচি
যাব
, আকৌ ওপৰতে ৰুলে হাউলি
পৰিব৷ আঙুলিৰ কিটিপ লাগিব৷ আঙুলিয়েই কৈ দিব মাটিৰ কিমান তলত আপুনি কঠিয়া পুতিব
লাগিব৷ আঙুলিবোৰ বেঁকা-চেকা হ’লে চব বৰবাদ৷

পাঠশালাৰ শিক্ষাৰ কথা সুধিছে? সেই গ’লোঁ আৰু আহিলোঁ৷ মিছা কথা নকওঁ, ডাঙৰজন মাষ্টৰে মোৰ দেউতাক হাটৰ-চালিত খুব
বুজাইছিল৷ মাষ্টৰে মোক ভাল পাইছিল৷ যতদিন জী আছিল ৰাষ্টাত দেখা পালেই চৰণৰ ধূলি
জিভাৰে চেলেকিছিলোঁ৷

পাঠশালালৈ কতদিন গৈছোঁ সুধিছে? তিনিদিন, এতিয়াও মনত আছে বুজিছে৷ মঙ্গলবাৰে আপদীয়া দিন
বুলি যোৱা নাছিলোঁ৷ সেই দিনটোত যি কামেই কৰিব সেইটোতেই গোলমাল৷ সেয়ে শনি আৰু
মঙ্গলত শুভ কাম কৰিব নালাগে৷ শিক্ষাও হ’ল শুভ কাম৷ হেৰি
, ইচকুললৈ প্ৰথম যাম, সেয়ে ভাল দিন দৰকাৰ নহয়নে৷
মঙ্গলবাৰ পাৰ হৈ বুধবাৰ আহিলত পাঠশালালৈ গ’লোঁ৷ বুধ
, বিহস্পতি, শুকুৰবাৰলৈকে পঢ়িলোঁ৷ শনিবাৰৰ পৰা আকৌ গৰু
চৰালোঁ৷

নাই, আগুৱাব নোৱাৰিলোঁ৷ এফালে নিজে আৰু আনফালে দহঘৰৰ কুৰিটা গৰুপোৱালি৷ কওকচোন বাৰু
কেনেকৈ আগুৱাওঁ
? গৰু-পালে হুৰ্‌হুৰাই
টানি লৈ যাব৷ মই বেছিকৈ টানিলে টিকাৰ ছাল উঠি গ’লহেঁতেন৷

দেউতাই কি ক’লে সুধিছে? দেউতাই ক’লে বাৰ বছৰ গৰুৰ সেৱা-শুশ্ৰূষা কৰিলে
গাৰ পৰা চন্দনৰ গোন্ধ ওলায়৷ হেৰি বুইছে
, মিছা মতা নাই৷ হাতে এতিয়াও সুগন্ধি এৰে৷

হয়, সাক্ষৰতা অভিযানলৈ গ’লোঁ৷ নিজেই যোৱা নাই, ধৰি-বান্ধি লৈ গ’ল৷ ক’লে, পঢ়া-শুনা কৰিবলৈ মানুহ নিচেই তাকৰ, বৰদেউতা তুমি ব’লা৷ গ’লোঁ৷ জ্ঞান-বিদ্যা
বাঢ়িল৷ ৰাজীৱ গান্ধী মৰি যোৱাত যেনিবা নচলিল৷ ৰাজীৱ গান্ধীৰ মাক আছিল ইন্দিৰা
গান্ধী৷ বৰ সাহসী ছোৱালী
, গুলি কৰি মাৰি
পেলালে৷ পাৰ্টিয়ে পাৰ্টিয়ে আজিকালি বৰ মৰামৰি হৈছে৷ হুঁ বুলিয়েই হাত তুলি দিয়ে৷
বন্দুক-বোমাৰ আমদানি বাঢ়ি গৈছে৷ আগেয়ে বোমা বনাইছিল হৰে হালৈয়ে
, এটাত এক পইচা৷ বেলৰ নিচিনা ডাঙৰ একোটা বোমাৰ
ওজনত দু-সেৰ মুড়ি উঠিছিল৷

–  পাঠশালালৈ গৈ কি
বুজিলোঁ সুধিছে
? জানে, বুজিলোঁ সকলোৰে কপালত বিদ্যা নাই৷ কিছুমান
মানুহ হ’ল গৰু-ছাগলী
, হাঁহ-কুকুৰাৰ
নিচিনা৷ ঠগ খাই খাই শিকা৷ পাঠশালালৈ গ’লে বিদ্যা হয়
, ঠগ খোৱাৰ ভয় নাথাকে৷ পাৰিলে দুই-চাৰিজনৰ লগত
ঠগামিয়ো কৰিব পাৰে৷

নাই নাই, বিদ্যাৰ স’তে ঠগামিৰ একো নাই৷ কিন্তু বিদ্যা
আৰু অ-বিদ্যাৰে ভাগ-ভাগ কৰিলে গোলমাল৷ তেতিয়া অ-বিদ্যাৰফালে পাঁচপোৱা গাখীৰৰ গাই
,
মাহেকত কুৰিটা কণীৰ
হাঁহ-কুকুৰা বাদ পৰি যাব৷ মিঠা আমজোপা অ-বিদ্যাৰফালে আঁতৰি যাব৷ সুখৰ হাড়িয়াৰ বটল
লুটি খাই পৰিব৷

অ’ মানুহেৰে ভাগ কৰিছে৷ জানে, বিন্দে দাসীৰ নিচিনা গলা কাৰো নাছিল৷ এনে
লাগিছিল ৰাধাৰ চকুত যেন যমুনাৰ বান নামিছে৷ শুনিলে আপুনিয়ো চকুপানী সামৰিব
নোৱাৰিলেহেঁতেন৷ বিন্দেই ‘অ’ লিখিবলৈয়ো শিকা নাছিল৷ তাইক অশিক্ষিত বুলিলে কথাটো
জানো ভাল হ’ব
?

উপায় আছে৷ ধৰক ভাল আৰু বেয়াৰ ভাগ লগাইছে৷
সোঁফালৰটো বেয়া
, বাঁওফালৰটো ভাল৷
যদি কয় পাল্লাত ফেৰ আছে তবে দুনাই ওজন কৰক৷

মই কোনোবা দলৰ সদস্য হয়নে নহয় সুধিছে? হেৰি, সদস্য মানে কি কওঁকচোন?

অ’ মেম্বৰ৷ নহয় বুইছে, তবে এবাৰ পঞ্চায়তত থিয় হ’বলৈ কৈছিল৷ নিজিকা আসন,
তথাপি কৈছিলোঁ থিয় হ’ম৷ কিন্তু
অকলে থিয় হ’ব নোৱাৰিম৷ আমি পথাৰৰ কাষৰ মানুহ
, গাঁৱৰ ভিতৰলৈ অকলে’ গ’লে ফুপাম৷

কৈছোঁ৷ কঁঠাল-গুটি পোৰাৰ নিচিনা সোৱাদ নাপাব৷
অকমান নেমু সানি খাওক
, জিভাই সোৱাদ পাব৷
অ’ সেয়ে গাঁৱৰ মুখীয়ালসকলক ক’লোঁ মোৰ স’তে যাব দুটা গাহৰি আৰু পাঁচটামান কপৌ৷ আৰু
দুখেৰ কাণত উলমিব ভাটৌফুল
, ডিঙিত মা-মনসাৰ
এটি বাহন৷ লগতে লেঙেৰা কুকুৰটোও যাব৷

নিচা? নাই নাই, নিচাৰ কি আছে?
এইমাত্ৰ মাথোন
প্ৰেতিনীজনী গছৰ পৰা নামিল৷

দেখা পোৱা নাই নেকি? নাপাবতোন৷ আপুনি নগৰীয়া মানুহ সেয়ে
প্ৰেতিনীজনীয়ে লাজ কৰিছে৷ গাঁৱৰ ভিতৰত যেতিয়াই লেমবোৰ জ্বলি উঠিল
, সকলো চালা-চালি আহি আমাৰ চুবুৰীৰ নিম আৰু
কেতেকীৰ তলত জুম বান্ধিলে৷ হাটৰ চালিৰ কাষৰ দালানটো সুজন মুখাৰ্জীৰ৷ ধানৰ মিল আছে৷
সেই যে বৰকৈ আমাৰ ভাদৰ ঘৈণীৰ পিছে-পিছে ঘূৰাফুৰা কৰে! সুজন মুখাৰ্জীৰ ঘৈনী নাই৷ পণ
লৈ গণ্ডগোল
, ডিঙিত চিপ লৈছিল৷
সেই পুখুৰী পাৰতে দাহ হ’ল৷ গাভৰু ছোৱালী
, কাম আৰু কামনা দুয়োটাই ৰৈ গ’ল৷ সন্ধ্যা হ’লেই মোৰ কাষ নেৰে৷ কওঁ – ‘হেৰ’ তিনি
কাল পাৰ হৈ মোৰ একাল পালেহি
, কোনে শুনে কাৰ
কথা
?

নহয় বুইছে, নুশুনে৷ কোনোৱেই কাৰো কথা নুশুনে৷ যাৰ যি
ক’বলগীয়া কৈ গৈছে৷ গাঁৱৰ মুখীয়ালসকল সেই যে ‘আহিছোঁ’ বুলি গ’ল
, আৰু নাহিল৷ এফালে ভালেই হৈছে৷ ঈশ্বৰে যি কৰে
ভালৰ বাবেই কৰে৷ পঞ্চায়তত চিয়াৰত বহিব লগা হয়
, আঠুকাঢ়ি বহিব নোৱাৰিব৷ মূৰৰ ওপৰত পাংখা ঘূৰে৷
চৰ্দিৰ মেনিয়া থাকিলে জ্বৰ উঠি যাব৷ দিনে চাৰি কাপ চাহ পাব তবে ব্যাখ্যানো পাণ
কৰিব লাগিব৷ এনেয়ে মান দিব কিন্তু মাল নাপালে গোলমাল৷ তেতিয়াই নলাৰ চুইজ গেট খোল
খাই যাব৷

মোৰ ঠিকনা জানিব বিচাৰিছে? নালাগে৷ কেওড়া চুবুৰীৰ দুখে বুলিলে
কাউৰী-কুকুৰেও কৈ দিব৷

চিঠি? নোৱাৰিম, চিঠিৰ ঠিকনা ক’ব
নোৱাৰিম৷

ডাকঘৰ? গাঁৱৰ হাট-খোলাৰ ওচৰতে৷ পিয়নৰ নাম বিনোদ৷ খাকি চোলা, বগা কাপোৰ৷ মূৰত ঘন চুলি৷ আগেয়ে ৰাজকুমাৰীৰ
ভাওঁ লৈছিল
, এতিয়া মতাৰ৷

নাই, কোনোদিন চিঠি পোৱা নাই৷

–  নাই, চিঠি দিয়াও নাই৷ সদায় পাঁচখন গাঁৱৰ মানুহৰ স’তে
দেখা-সাক্ষাৎ হয়
, চিঠিৰ কিনো
দৰকাৰ! মন বেয়া হ’ল জীৰ ঘৰলৈ গুচি যাওঁ৷ গ’লে মৰম-চেনেহেৰে তিয়াই দিয়ে৷ জীৰ মন
বেয়া হ’লে গুচি আহে৷ খৰা-বানতো আহে৷ বিপদততো জী-জোঁৱাই আহিবই
, কি কয় হয়নে? ভোট বিচাৰি মানুহ আহে, জী-জোঁৱাই নাহিবনে?

নিচা কি সুধিছে? বিড়ি বুইছে৷

হাড়িয়া? সেইটো নিচা নহয়৷ গাখীৰৰ পৰা দৈ হয়, এইটোও সেই৷ গুড়ৰ স’তে চাউল মিহলাই জুশালত
উতলাই দিলে
, হৈ গ’ল৷ মাছৰ জোল
হয়
, জ্বলা হয়, টেঙা হয়৷ টেঙাটোক নিচা ক’বনে?

গান? গাব পাৰোঁ৷ কীৰ্তন ভাল লাগে৷

কোনটো ৰং ভাল সুধিছে? হালধীয়া৷ সেইটো বিয়াৰ ৰং৷

ভাল লগা গান কোনটো সুধিছে? হৰি দিন তো গ’ল, সন্ধিয়া হ’ল, পাৰ কৰা মোক৷

এতিয়াই সৰগলৈ যাবলৈ ক’লে যাম নে নাযাম সুধিছে?
নহয় বুইছে নাযাওঁ,
ফুলুৱে দুঃখ পাব৷

                                                                              ***

অনুবাদকৰ টোকা : ঔপন্যাসিকে প্ৰতিটো অধ্যায়ৰ শিৰোনাম এটা এটা শব্দৰে থৈছে। তাৎপৰ্যপূৰ্ণভাৱে প্ৰতিটো অধ্যায়ৰ আৰম্ভণিত বিখ্যাত আৰু কালজয়ী বাংলা ভাষাৰ অভিধান “বঙ্গীয় শব্দকোষ” (হৰিচৰণ বন্দ্যোপাধ্যায় প্ৰণীত আৰু সঙ্কলিত)ত শিৰোনামত ব্যৱহাৰ কৰা শব্দৰ যি অৰ্থ দিয়া হৈছে সেয়া উল্লেখ কৰিছে। পাঠকে প্ৰতিটো অধ্যায়ৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ পাছত তেনেদৰে শব্দাৰ্থ দিয়াৰ মাজত নিশ্চয় যোগসূত্ৰ বিচাৰি পাব। ইচ্ছাকৃতভাৱে এই অংশ অনুবাদ কৰা হোৱা নাই।

(আগলৈ)