অত্ৰেয়ী
গোস্বামী

 
বায়ু
আৰু পানীৰ দৰে
 
এক
নিখুঁত সত্য—
 
মাটি৷
 
সকলোৰে
আদি স্থিতি
 
সকলোৰে
ইতিবৃত্তি
 
সংগোপনে
শুই থাকে মাটিত৷
 
 
কোনেও
নাজানে মাটিৰ ভৰ
 
সকলোতে
কেৱল মাটিৰ দামদৰ৷
 
 
উস্‌আস্‌
নকৰা
  
 
ইমানবোৰ
বোজা মাটিৰ পিঠিত!
 
 
জীৱ-জড়
অথবা
 
মাত-অমাত,
 
পাপ-পুণ্য
আনকি
 
 
অপাপঅন্যায়ৰ
এক অলিখিত
 
 
ইতিহাস
সামৰি থোৱা আছে
 
মাটিৰ
বুকুত৷
 
 
আদম-ইভৰ
পূৰ্বজ কাহিনী
 
মহৰ্ষিৰ
অভিষন্ধি
,
 
যদুবংশৰ
বিনাশ
 
গান্ধাৰীৰ
অভিশাপ৷
 
গন্ধমাদন
পৰ্বত
, বিষল্যকৰণি
 
হনুমানৰ
ঈশ্বৰভক্তি
,
 
সকলোৰে
সাক্ষী
 
সেই
একেখিনিয়েই মাটি৷
 
বিহলঙনিৰ
পৰা অমৰলতালৈ
 
নাৰিকলৰ
পৰা কাঠফুলালৈ
 
বৰষুণৰ
পৰা ৰ
দলৈ
 
ভূঁইকঁপৰ পৰা লাভালৈ…
 
বোজাৰ
উপৰি বোজা
 
একালৰ
মাটি একালত পৰে ছন
 
বুঢ়া
লোকৰ কথা কোনে কৰে তং
?
 
 
মাটি
নিমাত
, মাটি নিস্তব্ধ
 
মাটি
অসহায়
, মাটি নিৰ্বিকাৰ৷
 
আহক, আকৌ
এবাৰ কঠা হিচাপ কৰোঁ
 
এলোচা, দুলোচা
এতিয়া ক
ৰবাতে এৰোঁ৷
 
 
 
মাটি
মাটিয়েই
,
মাত্ৰ পাঁচ হাত৷
 ———————

তিতাবৰ,যোৰহাট 

ভ্ৰাম্যভাষ: ৯১০১৫৩৫৭৭৩

শ্ৰব্য ৰূপ