‘মিলেনিয়েল প্ৰজন্ম’- সম্ভাৱনা আৰু সংশয়

 পঙ্কজ প্ৰতিম বৰদলৈ

 

পশ্চিমীয়া দেশবোৰত প্ৰজন্ম অধ্যয়নবিশেষ গুৰুত্ব সহকাৰে কৰা হয় ইয়াৰ দ্বাৰা সমাজ বাণিজ্য, তথা ৰাষ্ট্ৰ নিৰ্মাণত মানৱ সম্পদৰ ব্যৱহাৰ তথা দক্ষতা, মনস্তত্ত্ব আদিৰ ব্যাপক পৰ্যালোচনা কৰা হয় যদিও আমাৰ দেশত এনে ধৰণৰ অধ্যয়নৰ পৰিৱেশ চালুকীয়া, তৎসত্ত্বেও বৰ্তমান সময়ত এনে ধৰণৰ চিন্তাচৰ্চাৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ মুকলি হৈছে

যিসকল পাঠকে শব্দ দুটাৰ লগত প্ৰথম বাৰৰ বাবে চিনাকি হৈছে, তেখেতসকলক থোৰতে বলৈ লে ১৯৮০ পৰা ২০০০ বৰ্ষৰ আশে-পাশে জন্ম লোৱা প্ৰজন্মটোৱেই হৈছে মিলেনিয়েল জেনেৰেশ্ববা সহস্ৰাব্দৰ প্ৰজন্মআৰু ২০০০ বৰ্ষৰ পাছৰসকলক জেনেৰেশ্যন জেড্বুলি কোৱা হৈছে(ইয়াত মিলেনিয়েলশব্দটোৱেই ব্যৱহাৰ কৰা ) সমাজবিজ্ঞান, জনসংখ্যা, ৰাজনীতি আদি বিষয়ক গৱেষণা কৰা আমেৰিকাৰ আগশাৰীৰ গৱেষণা সংস্থা Pew Research Organization- প্ৰজন্মৰ এনে শ্ৰেণী বিভাজনেৰে এক বিজ্ঞানসন্মত গৱেষণা কৰিছে এই প্ৰবন্ধৰ লেখকো মিলেনিয়েল প্ৰজন্ম অন্তৰ্গত। গতিকে এই লেখাৰ জৰিয়তে প্ৰত্যক্ষ অভিজ্ঞতাৰে এক চিন্তাৰ বাট মুকলি কৰা

আমাৰ অসম মুলুকৰ বা ভাৰত বা বিশ্বৰ অন্য প্ৰান্ততো সঘনাই ঘটি থকা এক ঘটনা প্ৰজন্মৰ ব্যৱধানবা জেনেৰেশ্যন গেপ’ ! নিন্দুকসকলৰ মতে প্ৰকৃততে প্ৰজন্মৰ সংঘাতহে সমাজ, সাহিত্য, ক্ৰীড়া, ৰাজনীতি আনকি আমাৰ ঘোকোট গাঁৱতো ইয়াৰ সুলভ পয়োভৰ এঃ! নোৱাৰি বুজিছা, আজিকালিৰ ’-ছালিক নোৱাৰি আৰু’,
আজিকালিৰ ৰা-ছোৱালীবোৰ যে ইম্মান ড্‌ভাঞ্চ্’, ‘নাঃ ককাৰ সেই টী গাৰ্ডেনত থকা টাইমৰ একেবোৰ ষ্টৰীকে শুনিব নোৱাৰি আৰু এভ্ৰিডে!’ এনে ধৰণৰ বাৰ্তালাপ বা ঘটনাদুৰ্ঘটনাৰ সাক্ষী কমবেছি পৰিমাণে আমি সকলো হৈছোঁ প্ৰজন্মৰ ব্যৱধানক প্ৰায়োগিকভাৱে নিয়ন্ত্রণৰ চেষ্টাও সকলোৱে কমবেছি পৰিমাণে কৰিছোঁ গৱেষণাত প্ৰকাশ পাইছে যে একে সময়তে এখন সমাজত থকা তিনিটা প্ৰজন্মই (প্ৰবীণনবীনউত্তৰনবীন) সমাজ আৰু দেশৰ আৰু বহল অৰ্থত মানৱ সমাজৰ চিন্তাচৰ্চা তথা বৰ্তমান আৰু ভৱিষ্যতৰ কাৰ্যপন্থা প্ৰভাৱান্বিত কৰি আহিছে বৰ্তমান সময়ত বৰ্তমান সময় দায়িত্বশীল আৰু সক্ৰিয় প্ৰতিনিধি হিচাপে মিলেনিয়েলসকলৰ গুৰুত্ব সৰ্বাধিক

এতিয়া প্ৰশ্ন হ’ল মিলেনিয়েলসকলৰ গুৰুত্ব কিয় বেছি?
প্ৰথম পৰ্যায়ত জন্মগ্ৰহ
কৰা মিলেনিয়েলসকলৰ বৰ্তমান বয়স ৩৫-ৰ পৰা ৪০ বছৰৰ ভিতৰত
আৰু মানৱ সমাজৰ এই প্ৰজন্মটোৰ এক ব্যাপক সামাজিক
, ৰাজনৈতিক আৰু অৰ্থনৈতিক গুৰুত্ব
থাকে
এই
প্ৰজন্মটোৰ প্ৰত্যক্ষ প্ৰভাৱ সমাজৰ প্ৰায় প্ৰতিটো দিশতে অনুভৱ কৰা যায় আৰু এই
প্ৰজন্মৰ লোকসকলেই অন্ততঃ আৰু অনাগত একুৰি
পাঁচ বছৰৰ বাবে সমাজ আৰু জাতিৰ দিশ নিৰ্ণয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহ
কৰেএয়া প্ৰায়
সকলো সমাজ ব্যৱস্থাৰে অংশ যদিও মিলেনিয়েলসকলে এক দ্ৰুত পৰিৱৰ্তনশীল তথা গতিশীল সমাজত
জন্ম গ্ৰহ
কৰা বাবে এইসকলৰ কৰ্ম আৰু চিন্তাত সেই গতিশীলতা আৰু তৎপৰতা নিত্য
বিদ্যমান
মিলেনিয়েলসকল সেই প্ৰজন্মৰ অংশীদাৰ, যি এক লেহেমীয়া, স্থবিৰ, উত্তৰ শীতল
যুদ্ধৰ যুগৰ ক্ৰমাৎ পৰিৱৰ্তনশীল সমাজত শৈশৱ
কৈশোৰ পাৰ কৰি যৌৱনত দ্ৰুত
প্ৰযুক্তি আৰু বিশ্বায়নৰ মাজেদি আহি কৃত্ৰিম বুদ্ধিমত্তা
, ক্ৰিপ্ট’কাৰেঞ্চি, বিদ্যুৎচালিত বাহন, মহাকাশ
পৰ্যটন আদিৰ  দৰে অত্যাধুনিক ধাৰণা আৰু
প্ৰায়োগিক ব্যৱস্থাৰ লগত জড়িত হৈছে

উনৈছ শতিকাৰ ব্ৰিটিছ দাৰ্শনিক, ইতিহাসবিদ তথা প্ৰসিদ্ধ শিক্ষাবিদ আৰু ব্যংগ লেখক টমাছ কাৰ্লাইলে
বিশ্বাস কৰিছিল যে ইতিহাস হৈছে মহামানৱৰ কৰ্মৰাজিৰ এক
দাস্তান মাত্ৰ৷ তেওঁ কৈছিল যে, history
is nothing but the biography of the great men
এই ধাৰণাটো ১৯ শতিকাৰ ইতিহাস চৰ্চাৰ
এক লব্ধপ্ৰতিষ্ঠ ধাৰণা হিচাপে পৰিগণিত হয়
কাৰ্লাইলে যুক্তি দৰ্শাইছিল যে, ইতিহাস বিভিন্ন ক্ষেত্ৰৰ মহামানৱৰ
কৰ্মৰে প্ৰভাৱিত হয়
ব্যক্তিবিশেষৰ ব্যক্তিগত প্ৰতিভা, বুদ্ধিত্তা, জ্ঞান, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু কৰ্মৰে ইতিহাস ৰনা হয়৷ কাৰ্লাইলে
মহম্মদ
, ডাণ্টে, শ্বেক্সপীয়েৰ, লুথাৰ, ৰুছ, নেপলিয়ন আদিৰ উদাহৰণ আগ বঢ়াইছিলএই ধাৰণাই ইমান গুৰুত্ব লাভ কৰিছিল যে ১৯১১ চনত প্ৰকাশিতএনছাইক্লপেডিয়া ব্ৰিটানিকাৰ একাদশ সংস্কৰণত
ইতিহাসৰ পুৰোধা ব্যক্তিসকলৰ জীৱন আৰু কৰ্মৰ দীঘলীয়া ৰ
না অন্তৰ্ভুক্ত কৰা হৈছিলবহু বিখ্যাত দাৰ্শনিকেও
এই যুক্তিকে গ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত অন্যতম আছিলহেগেলনীৎসে স্পেংলাৰ আদিযদিও এই তাত্ত্বিক ধাৰণাৰ এক সময়োপযোগী আৰু নিৰ্মোহ বিৰোধ ১৮৬০ চনতে ইংৰাজ দাৰ্শনিক
হাৰ্বাৰ্ট
স্পেঞ্ছাৰে কৰিছিল, তৎসত্ত্বেও কাৰ্লাইলৰ
এই
মহামানৱকেন্দ্ৰিক ইতিহাস
অধ্যয়ন
ৰ ধাৰণা দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পাছৰপৰাহে নিষ্ক্ৰিয় হৈ পৰে৷ হাৰ্বাৰ্ট স্পেঞ্ছাৰে কাৰ্লাইলৰ
যুক্তি খণ্ডন কৰি কৈছিল যে সকলো
গ্ৰেটমেনতেওঁলোকৰ সমকালিন সমাজৰো প্ৰতিভূ আৰু তেওঁলোকৰ কৰ্মৰাজি মূলতঃ
সেই সময়ৰ সমাজৰ সামাজিক আৰু ৰাজনৈতিক ইতি পৰিস্থিতিকেন্দ্ৰিক আছিল আৰু ইয়েই তেওঁলোকৰ
কৰ্মৰ দিশ নিৰ্দেশ কৰিছিল। হাৰ্বাৰ্ট স্পেঞ্ছাৰে কোৱা বাক্যশাৰীৰ কিয়দংশ তুলি দিয়াৰ লোভ
সামৰিব নোৱাৰি
লোঁ৷ স্পেঞ্ছাৰে কৈছিল,  “you
must admit that the genesis of a great man depends on the long series of
complex influences which has produced the race in which he appears, and the
social state into which that race has slowly grown…Before he can remake his
society, his society must make him.”
ওপৰৰ আলোচনাই
এটা কথা নিশ্চিত কৰিছে যে প্ৰজন্মৰ বিকাশ আৰু তদানীন্তন সমাজত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে
এক অতি আকৰ্ষণীয় আৰু প্ৰয়োজনীয় গৱেষণাৰ বিষয়।
সেই প্ৰজন্মৰ কিছু সংখ্যক লোকৰ কৰ্ম আৰু চিন্তাই টমাছ কাৰ্লাইলে কোৱাৰ দৰে ইতিহাস ৰনা নকৰিলেও, কিছু বিস্তৃত
পৰি
ৰ্তন যে
সমাজ আৰু মানৱ জাতিৰ বাবে কঢ়িয়াই আনে সেয়া নিশ্চিত

বৰ্তমানৰ মানৱ সমাজৰ সক্ৰিয় আৰু গতিশীল তথা আন পূৰ্বৱৰ্তী আৰু ভৱিষ্যত প্ৰজন্মৰ সৈতে কোনো প্ৰকাৰে মিল নথকা ভিন্ন এক
(প্ৰকৃততে নিত্য-পৰিৱৰ্তিত) সামাজিকৰাজনৈতিক আৰু অৰ্থনৈতিক সময়ৰ
প্ৰতিভূ মিলেনিয়েলসকলক লৈ এক সম্ভাৱনা
আৰু সংশয়ৰ পৰিৱেশ বিৰাজ কৰাটো স্বাভাৱিক
এটা উদাহৰণেৰে এই মন্তব্যটোৰ ব্যাখ্যা আগ বঢ়োৱা যাওকমাৰ্ক
জুকাৰবাৰ্গ,
 এজন মিলেনিয়েল আৰু এই শতিকাৰ এজন অন্যতম গতিশীল ব্যক্তিত্বমাৰ্ক
জুকাৰবাৰ্গৰ অভিনৱ উদ্ভাৱন ‘ফে
চবুকে’ ‘সামাজিক মাধ্যম’ নামৰ এক ডিজিটেল অভিধা সৃষ্টি কৰাৰ লগতে
সমাজ, ৰাজনীতি, বাণিজ্য, জনমত আদি সকলো দিশকে প্ৰভাৱান্বিত কৰি আহিছে
বৰ্তমান সময়ত
এনে কোনো বিষয় আৰু ক্ষেত্ৰ নাই য
ত সামাজিক মাধ্যমৰ প্ৰভাৱ পৰা নাইএই গোটেই প্ৰক্ৰিয়াত দুয়োটা দিশ
জড়িত হৈ আছে
ইতিবাচক আৰু নেতিবাচকসামাজিক মাধ্যমৰ এই দ্বৈত প্ৰভাৱৰ সুফল আৰু কুফল মানৱ
সমাজে ইতিমধ্যে লাভ কৰিছেই
এফালে যদি মাৰ্ক জুকাৰবাৰ্গৰ এই অভিনৱ কৰ্মই অপাৰ
সম্ভাৱনাৰ দুৱাৰ খুলি দিছে
, একে সময়তে ই হৈ পৰিছে অনিয়ন্ত্রিত সংশয় আৰু শংকাৰ
কঠিন উৎস
এইটো মাত্ৰ এটা উদাহৰণহে

কিন্তু সাম্প্ৰতিক সময়ৰ প্ৰভাৱশালী মিলেনিয়েলৰ
তালিকাখনত কিছু এনে ইতিবাচক নাম আছে
, যাৰ ব্যক্তিত্ব, সংগ্ৰাম আৰু দৃতাই আমাক দিছে নৱ সঞ্জীৱনীমালালা ইউচুফজাইযাৰ নামেই বাধাৰ
প্ৰাচীৰ ভাঙি নতুন পৃথিৱী গঢ়াৰ সংকল্পৰে উদ্বেলিত এক সংগ্ৰামক সূচায়
মালালা এমুঠি পীড়িতা নাৰীৰ প্ৰতীক নহয়, তেওঁ সময় বালিত খোজ থৈ যাব বিচৰা, নিজৰ স্বাভিমান আৰু
অধিকাৰৰ বাবে দীঘলীয়া সংগ্ৰামেৰে সকলো প্ৰতিৰোধ সৰ্বশক্তিৰে মুখামুখি হ’ব খোজা
মানুহৰ প্ৰতীক

বৰ্তমান বিশ্বৰ ইতিহাসত সংখ্যাৰ ফালৰ পৰাও মিলেনিয়েল
প্ৰজন্মটোৱেই সৰ্বাধিক
ৰাজনৈতিক, সামাজিক আৰু আদৰ্শগত দিশতো এই প্ৰজন্মই প্ৰভাৱশালী পৰিৱৰ্তনৰ সূচনা কৰিছে‘ব্লেক লাইভছ
মেটাৰ’ বা ক
ৰ’না মহামাৰীৰ সময়ৰ সচেতনতা আৰু স্বাৰ্থৰহিত সেৱা তথা আমাৰ দেশতো কাআইন বিৰোধী
আন্দোলন আদিৰ ক্ষেত্ৰত মিলেনিয়েলসকলৰ যি ভূমিকা
, তাত বাকী তদানীন্তন প্ৰজন্মসমূহৰো
যোগাত্মক সঁহাৰি লক্ষ্য
ণীয়সকলোতকৈ ইতিবাচক দিশ হৈছে প্ৰকৃতি তথা পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু সজাগতা
সৃষ্টিৰ দিশত এই প্ৰজন্মৰ অতি সক্ৰিয় আৰু
গঠন
মূলক
প্ৰয়াস
ইয়ে সকলোকে ভৱিষ্যতৰ এক সুস্থ পৰিৱেশৰ সপোন দেখুৱায়মিলেনিয়েলসকলে তেওঁলোকৰ অটুট সামাজিক
দায়ৱদ্ধতা আৰু প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰৰ বাবে সকলো দিশতে এক দীৰ্ঘৱৰ্তী প্ৰভাৱ
সুনিশ্চিত কৰিব পাৰে
গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে অতি প্ৰয়োজনীয় দিশত একমুখী
হৈ পৰিৱৰ্তনৰ বাবে সম্ভৱপৰ সকলো চেষ্টাৰে সততে মুখৰ হৈ থকা প্ৰজন্মটোৱেই হৈছে
মিলেনিয়েল প্ৰজন্ম

একেটা প্ৰজন্মই ধৰাশায়ী হৈছে আন বহু নেতিবাচক দিশৰ
বাবেও
সামাজিক
বিশৃংখলতা, অতি উচ্চাকাংক্ষী মনোভাৱ, নিচাযুক্ত দ্ৰব্যৰ অবাধ ব্যৱহাৰ, মুক্ত
চিন্তাধাৰা
, ধৰ্মীয় উন্মাদনা আদি মিলেনিয়েল প্ৰজন্মৰ মূল নেতিবাচক দিশ বুলি কোৱা হৈছেএকে সময়তে এই
কথাও বিচাৰ্য  বিষয় যে উপৰোক্ত নঞাৰ্থক
দিশসমূহ প্ৰায় প্ৰতি প্ৰজন্মৰ ক্ষেত্ৰতে সাধাৰণীকৰ
কৰিব পাৰিসমাজ ব্যৱস্থাৰ আন্তঃগাঁথনিক ধৰি
ৰাখি ব্যৱ
স্থাটোৰ গতিশীলতাক মুষ্টিমেয় হ’লেও সমাজৰ এমুঠি মানুহৰ ইতিবাচক কৰ্মৰ ওপৰতে
নিৰ্ভৰশীল কৰি ৰখাত মিলেনিয়েল প্ৰজন্মৰ গুৰুত্ব আছে
বৰ্তমান সমাজৰ গৰিষ্ঠ সংখ্যক প্ৰজন্মৰ প্ৰতিনিধি মিলেনিয়েলসকলৰ মাজৰ ইতিবাচক কৰ্মৰাজিয়েই যে ইতিহাসৰ পৃষ্ঠাত স্থান পাব সেয়া
নিশ্চিত

এই শতিকাৰ প্ৰায় অৰ্ধেক অংশ এই মিলেনিয়েলসকলৰ প্ৰভাৱতে
থাকিব
তাৰ পাছত
পৰ্যায়ক্ৰমে জেনেৰে
শ্বন জেডসকলৰ চিন্তাধাৰাৰে পৰিচালিত হ’ব এই পৃথিৱীইতিমধ্যে গ্ৰেটা থানবাৰ্গৰ দৰে উত্তৰ মিলেনিয়েল প্ৰজন্মৰ যোগ্য
উত্তৰাধিকাৰীয়ে নিজৰ সচেতনতা আৰু দৃঢ়তাৰে বহুমুখী ইতিবাচকতাৰ প্ৰমাণ দিছেই
এক গৱেষণাত
প্ৰকাশ পাইছে যে জলবায়ু পৰিৱৰ্তন আৰু মানৱ সম্প্ৰদায়ৰ জীৱন পৰিক্ৰমাত প্ৰযুক্তিৰ অকল্পনীয় প্ৰভাৱ হ’ব এই শতিকাৰ অন্যতম বিচাৰ্য বিষয়
একে সময়তে দ্ৰুত পৰিৱৰ্তিত
ৰাজনৈতিক আৰু সামাজিক পৰি
স্থিতিৰ প্ৰতি  মানৱ
সমাজৰ কেনে ধৰ
ৰ প্ৰতিক্ৰিয়া হ’ব সিও বহুলাংশে নিৰ্ণয় কৰিব মানৱ জাতিৰ ভৱিষ্যত

প্ৰতিটো প্ৰজন্মতে থকাৰ দৰে মিলেনিয়েলসকলো দোষ-গুৰ সমাহাৰৰে এক
প্ৰজন্ম
এক ৰূপান্তৰৰ যুগৰ প্ৰতিনিধি হিচাপে মিলেনিয়েলসকল সাক্ষী হৈছে সময় আৰু
সমাজৰ দ্ৰুত পৰিৱৰ্তনৰ
সম্ভাৱনাৰে পূৰ্ণ মিলেনিয়েলসকলৰ সামাজিক দায়ৱদ্ধতা আৰু যোগাত্মক চিন্তাচৰ্চা
প্ৰশ্নাতীত
মানৱ জাতিৰ পৰৱৰ্তী এক শতিকাৰ ভৱিষ্যতো এই প্ৰজন্মৰ হাততেই।অনাগত সময়
সাক্ষী হ’ব এই ফলাফলৰ


ঠিকনা :

উপ সঞ্চালক

ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী