মন-বিষণ্ণতা-কৰ্ম

 ইপ্সিতা কন্দলী শৰ্মা

        মানুহ আন প্ৰাণীতকৈ পৃথক এই কাৰণেই যে মানুহৰ এটি মন আছে, মানুহে চিন্তা কৰিব পাৰে, শুদ্ধঅশুদ্ধৰ
বিচাৰেৰে নিজ ইচ্ছাৰে কাম কৰিব পাৰে।
 সময়ত ই ফুলৰ দৰে পাখিও মেলে; কিন্তু এই মনেই হঠাতে বিষাদৰ চাদৰ মেৰিয়াই মানুহৰ দৈনন্দিন জীৱনযাত্ৰাত যেন
আউল লগাবলৈ উঠি-পৰি
  লাগে। 
একোকে কৰিবলৈ মন নোযোৱা হয় মানুহৰ হঠাতেই। কিন্তু আমি মানুহবোৰে জানো একোকে নকৰাকৈ থাকিলে হ
? কিয়নো কৰ্মই আমাৰ জীৱনক এক সুন্দৰ গতি দিয়ে।
 কৰ্মময় জীৱন সুখদুখৰ সমাহাৰ। গতিকে কাম নকৰাকৈ থকাটো আমাৰ বাবে খুবেই হানিকাৰক। সেয়েহে আনন্দমুখৰ পৰিৱেশৰ দৰেই বিষাদকো মাজে
সময়ে সংগী কৰিবলৈ আমি যেন সাজু হৈ থাকিবই লগিব।
 

        কিন্তু কেতিয়াবা মনে ইমানেই ঠেঁহ পাতে যে
তাক একোৰেই মনাব নোৱৰা অৱস্থা এটা যেন আহি পৰে।
 সেই মুহূৰ্তৎ হয়তো লেঠেৰি নিছিগাকৈ আমাৰ(বহুতৰে)
মনলৈ – ‘জীৱনটোত দেখোন কৰিবলৈ একোৱেই নাই’,
কি কৰিবলৈ জীয়াই আছোঁ
, ‘জীৱনটো বৰ কঠিন
আদি ধৰণৰ ভাব আহি আমাৰ মনটোক দুৰ্বল কৰি পেলাবলৈ আপ্ৰাণ চেষ্টা কৰে।
 এই উপলদ্ধি কমবেছি
পৰিমাণে প্ৰায়ভাগ মানুহৰেই নিশ্চয় হৈছে৷ জীৱনটো যে অতিকৈ সুন্দৰ
, জীৱনটোক সজাই-পৰাই সুন্দৰ আৰু সৰল কৰাটো যে আমাৰ নিজৰ হাততেই আছে
এই অমূল্য কথাবোৰ সেই সময়ত মনে বুজিবলৈ একেবাৰেই ৰাজি নহয়।
 ছিডনী হেৰিছে কৈছে– ‘কোনোবাই যেতিয়া কোৱা শুনো
যে জীৱনটো কঠিন
, মই সদায় তেওঁক সুধিব বিচাৰোঁজীৱনটো কিহৰ তুলনাত কঠিন?’ এই  অমূল্য বাক্যফাঁকি আমি উপলদ্ধি কৰাটো
খুবেই প্ৰয়োজন।
 জীৱনটো কঠিন
আচলতে আমিহে কৰোঁ
, জীৱনটোক সৰল কৰিবলৈ আমাৰ ইচ্ছাচেষ্টাৰ অভাৱেই আমাক এনে ভাববোৰক আদৰাত ইন্ধন যোগায়। এনেকৈ ভাববোৰক বুকুতে সাবটি থাকিলে আমি আগ বাঢ়ি যোৱা দূৰৰে কথা
আমি লাহে লাহে গাঁতত পোত খাবলৈ সাজু থাকিবহে লাগিব।
 এই সকলো নেতিবাচক চিন্তাৰ পৰা আঁতৰি মনৰ
উৎকৰ্ষ সাধনৰ বাবে
, মানুহৰ মনৰ এই অৱস্থাক জীপাল কৰি কৰ্মৰ প্ৰতি
উৎসুকতা বজাই ৰাখিবলৈ
, অনবৰতে প্ৰফুল্লিত মন এটাক আদৰি থাকিবলৈ
আমি প্ৰত্যেকেই নিজৰ বাবে আছুতীয়া সময় ৰখাৰ যেন খুবেই প্ৰয়োজন আছে।
 

        প্ৰতিদিনে নিজে ভালপোৱা কাম কৰি কিছু সময় কটোৱাতো খুব গুৰুত্বপূৰ্ণ। আমি যেতিয়া নিজ কৰ্মসুখেৰে
সন্তোষ লভিম তেতিয়া সেই সন্তোষেৰে মনৰ সতেজতাক ধৰি ৰাখিব পাৰিম নিশ্চয় চিৰকাল।
 মনৰ সতেজতাই
আমাক আমাৰ জীৱনত সন্মুখীন হোৱা যিকোনো মুহূৰ্তক হেলাৰঙে আদৰাত সহায় কৰিব আৰু জীৱনৰ
গতিৰোধক যিকোনো কথাই আমাৰ মন ৰুগীয়া কৰিবলৈ সাহস নকৰিব।
 গতিকে আমাৰ
বাবে আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে আমি কেনেকৈ আমাৰ নিজ কৰ্মৰেই মনক সন্তোষ দি মনৰ
সতেজতা বজাই ৰাখিব পাৰোঁ তাৰ ইচ্ছাসহ চেষ্টা কৰি যোৱাটো আৰু ইয়াক অভ্যাসত পৰিণত কৰাটো।
 ভিন ভিন ৰুচি অনুযায়ী মানুহৰ ভাললগা কামবোৰো ভিন ভিন হব। যি জীৱনটো প্ৰকৃতাৰ্থত জীয়াই থাকিবলৈ বিচাৰে সেইসকলে অন্ততঃ
নিজ কৰ্মৰে সুখ লভাৰ পৰা আঁতৰি থাকিব নোৱাৰে।
 কাৰণ বেছিভাগ
মানুহ মাত্ৰ বাচি থাকে।
 জীৱনটো পাইছোঁ যেতিয়া কেৱল খাই বৈ বাচি থাকিলে জীৱনটোৰ প্ৰতি ঘোৰ অন্যায়
কৰা হ
ব। জীৱনটো প্ৰকৃতাৰ্থত জীয়াই থাকি উদযাপন
কৰিব পৰাটোহে আমাৰ বাবে সৌভাগ্যৰ কথা
 বিষণ্ণতাই
মেৰিয়াই ধৰিলেও বিষণ্ণতাৰ ওচৰত হাৰ নামানি সেই বিষণ্ণতাৰ আলিয়েদিয়েই সুখৰ ৰাজপথলৈ
গতি কৰিব লাগিব আমিয়েই- নিজ ইচ্ছাৰে নিজ কৰ্মসুখৰ সহায়েৰে।
 

        যেতিয়াই মনলৈ জান-নেজান বিষণ্ণতা নামে তেতিয়াই মনলৈ আহে ছেমুৱেল
বেকেটৰ
‘ৱেইটিং ফৰ গডোনাটকখনৰ কথা। আৰু লগে লগেই মোৰ মনত আশাই পাখি মেলে। নাটকখনৰ আৰম্ভ হৈছে এষ্টাগন নামৰ
চৰিত্ৰটোৱে ভৰিৰ জোতাযোৰ খুলিবৰ বাবে কৰা আপ্ৰাণ চেষ্টাৰে।
 জোতাযোৰ
বহু চেষ্টাৰেও খুলিব নোৱাৰি ভাগৰে যদিও চেষ্টা এৰি নিদিয়ে।
 তেনেতে আনটো
চৰিত্ৰ ভ্লাদিমিৰ অহাৰ লগে লগেই জোতা খুলিবলৈ এৰি এষ্ট্ৰাগণে কয়
– “ওহোঁএকোৱেই নাই কৰিবলৈ।
তাৰ পাছতেই সিহঁতে এশ এবুৰি অসংলগ্ন কথা পাতি গছ এজোপাৰ তলতেই গডোলৈ অপেক্ষা কৰে।
 কথা পতাৰ বাহিৰে সিহঁতৰ কৰিবলৈ কামেই
নাই।
 গডোৱে হেনো সিহঁতক সিহঁতৰ অনুৰোধ বিবেচনা
কৰি চাব বুলি কৈছে।

        কিন্তু সিহঁতেনো গডোক কি অনুৰোধ কৰিছিল, গডোৱে সিহঁতক কোন
ঠাইত অপেক্ষা কৰিবলৈ কৈছিল
, সিহঁতে কেতিয়াৰ পৰা অপেক্ষা কৰি আছে,
গডো দেখিবলৈনো আচলতে কেনেকুৱা সিহঁতে একোকে নাজানে।
 আনকি গডো নামৰ কোনোবা প্ৰকৃততে আছেনে নাই, সিহঁতে এই কথাও নাজানেঅথচ প্ৰতীক্ষা কৰি আছে কিছুমান
অসংলগ্ন কথা
কামত নিজকে ব্যস্ত ৰাখি।
 অপেক্ষা
কৰি ভাগৰত বিৰক্ত
হতাশ হৈ পৰিব খুজিও সিহঁতে নোৱাৰে। গডোৰ বাবে
অপেক্ষা কৰি থকাতেই যেন চৰম মাদকতা।
 সিহঁতৰ দৃঢ় বিশ্বাসগডোৱে আহি সিহঁতক কিবা এটা দিব। এই পৰম আশা
আৰু আশাৰ মাদকতাই হৈছে সিহঁতে অপেক্ষা কৰি থকাৰ একমাত্ৰ কাৰণ।

        এই আশাই হৈছে আমাৰ মনৰ চালক। আশা আৰু
হেঁপাহেই আমাক গতিশীলতা প্ৰদান কৰে।
 এই আশাৰেই আমি আগুৱাই যাব পাৰিম বহুদূৰলৈ৷
কাৰণ আমি নাজানো প্ৰকৃততে আমি নিজ কৰ্মৰেই কিমান দূৰ আগুৱাই যাবলৈ সক্ষম।
কৰ্মইহে
আমাক লৈ যাব আগুৱাই।
 টি এছ এলিয়টে কৈছে– ‘যিজনে দূৰলৈ যোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ
কৰিব পাৰে
, তেওঁলোকেহে প্ৰমাণ কৰিব পাৰে যে এজন মানুহ কিমান দূৰলৈ
যাব পাৰে।
গতিকে মন বিষণ্ণতাৰে ভৰি
পৰিলেও আমি কিন্তু মন ভাল হ
লে কাম কৰিম বুলি ভাল দিন অহাৰ অপেক্ষাত
ৰৈ থাকিলে নহ
ব।
 একো কৰিবলৈ মন নগলেও আমি যিকোনো সৰু-সুৰা কামত
নিজক ব্যস্ত ৰাখিবই লাগিব।
 বিষণ্ণ মনেৰে বহি থকাতকৈ যদি আমি যিকোনো কামকেই
কৰি গৈ থাকোঁ
, সেই কামবোৰৰ কিবা উদ্দেশ্য আছেনে নাই, সেই কথালৈও ভ্ৰূক্ষেপ নকৰিলেও কিন্তু আমাৰ কোনো অপকাৰ নহয়, বৰং উপকাৰহে হয়। কিয়নো, আমি কৰি থকা কামবোৰৰ কিবা নহয় কিবা গুৰুত্ব আমি শেষত উপলদ্ধি কৰিমেই। এনেকৈয়ে যেতিয়া আমি কাম কৰি গৈ থাকোঁ, তেতিয়া সেই সৰুসুৰা কামবোৰৰ মাজতেই আমাৰ কেতবোৰ অভিজ্ঞতাও
হৈ গৈ থাকে আৰু সেই অভিজ্ঞতাৰেই আমি এনে বহু কাম কৰি গৈ থাকিবলৈ সমৰ্থ হওঁগৈ যিবোৰ
কামৰ একোটা উদ্দেশ্য আমাৰ সমুখত নিজেই ধৰা দিয়েহি।
 আমাৰ মন
যেতিয়া উদ্দেশ্যধৰ্মী কামত নিৱদ্ধ থাকিব তেতিয়া কোনো ধৰণৰ দু:চিন্তা আহি আমাক বিষণ্ণ
কৰিবলৈ সুৰুঙাই নাপাব।
 গতিকে উদ্দেশ্যহীন বুলি ভৱা কামবোৰো উদ্দেশ্যহীন হৈ নাথাকেগৈ আৰু। কাৰণ বিষণ্ণ
মনোৱস্থাত সেই কামত যেতিয়া মন সংযোগ কৰা হয় তেতিয়া আমি আমাৰ মনৰ সেই বিষণ্ণ অৱস্থাক
পাহৰি থাকিবলৈ সক্ষম হওঁ আৰু সেই বিষণ্ণতাই আমাৰ মনত ব্যাধি ৰূপে যাতে স্থিতি ল

নোৱাৰে তাৰ পৰাও ৰক্ষা পাওঁ।
 

        বিষণ্ণ মনেৰে ইটো সিটো কৰি থাকোঁতেই এদিন কৰবাত
পঢ়িবলৈ পালোঁ ষ্টিফেন পেছফিল্ডৰ এটি উপদেশ যি আমাৰ জীৱনৰ মহৌষধ
(উপলদ্ধি কৰোঁ পূৰামাত্ৰাই।
) তেওঁ নিজৰ দৈনন্দিন কামকাজৰ তালিকাখনৰ কথাৰে উপায়টো
প্ৰকাশ কৰিছে।
 পুৱা শুই উঠি, কাপোৰকানি পিন্ধি সাজু
হয়
, নানা সৰুসুৰা কাম কৰে আৰু ১০:০০ বজাত নিজৰ টেবুলত বহি তেওঁ চাৰি ঘণ্টা ধৰি লিখে।
 তেওঁৰ বাবে
তেওঁ কি লিখিলে সেয়া কেনেকুৱা
, তাৰ মূল্য আছে নে নাই সেই কথাবোৰ গুৰুত্বপূৰ্ণ
নহয়।
 গুৰুত্বপূৰ্ণ কথাটো হল সেইদিনাখন তেওঁ বিষণ্ণ মনটোৱে তেওঁক
কামত দিবলৈ অহা বাধাৰ বিপক্ষে যুদ্ধ কৰিলে আৰু সেই যুদ্ধত জয়ী হ
ল।
 বিষণ্ণতা কোনোবা নহয় কোনোবা মুহূৰ্তত আমাৰ জীৱনলৈ আহিবই সময় সুবিধা কৰি
সুৰুঙা উলিয়াই।
 আৰু কাক কেনেকৈ কি কৰে আমি আগতীয়াকৈ কব নোৱাৰো। এই বিষণ্ণতাক
জয় কৰিব নোৱাৰা বাবেই বহুতৰ জীৱন তিল তিলকৈ শেষ হৈ গৈছে।
 মনৰ আনন্দই
আমাক শক্তি প্ৰদান কৰে কাম কৰিবলৈ।
আচলতে আমাৰ
মন বেয়া লগাৰ মুহূৰ্তটো মন মাৰি বহি নাথাকি এটি এটি মুহূৰ্তক গ্ৰহণ কৰি আমাৰ কৰ্মৰেই
নিখুঁতকৈ গঢ়ি তোলাটোহে আমাৰ বাবে উত্তম হ
ব। জীৱনটোক
যদি এজোপা সুগন্ধি ফুলগছৰ সৈতে ৰিজাওঁ তেনেহ
লে আমি কৰি যোৱা কামবোৰ হব সেই গছক সুগন্ধময় আৰু গছৰ শোভাবৰ্ধন কৰি থকা ফুলবোৰ। গতিকে আমি যদি আমাৰ জীৱনটোক সুগন্ধময় কৰিব বিচাৰিছোঁ, সৌন্দৰ্যৰে ভৰাই পেলাব বিচাৰিছোঁ তেতিয়াহলে আমি অপ্ৰয়োজনীয়
কথাবোৰক একাষৰীয়া কৰি আমাৰ কামবোৰ কৰি সফলতাৰ দিশে আগুৱাই যোৱাত এলাহ কৰিব নিশ্চয় নোৱাৰিম।
 প্ৰতিজন
মানুহৰ সফলতাৰ উৎস তেওঁৰ অভ্যন্তৰতে থাকে।
 সাধাৰণ কাম এটাকে
অসাধাৰণভাৱে কৰাটোৱেই হ
ল সফলতা। এজন মানুহ
তেওঁৰ কৰ্মৰ দ্বাৰাহে মহান হয়
, জন্মৰ দ্বাৰা নহয়। গতিকে মনৰ
দৃঢ়তাৰে
বিশ্বাসেৰে আমি মাথো আগুৱাই যোৱাতহে গুৰুত্ব দিম।বিশ্বাসে
কঠিন
শিলতো আত্মাসঞ্চাৰ কৰে। কৰ্মত বিলীন
হোৱাৰ মুহূৰ্তৎ আমি নিজেই উপলদ্ধি কৰিবলৈ সক্ষম হ
ম যে মনলৈ অহা বিষণ্ণতাও
আমাৰ সফলতাৰ বাবে কৰা অনুশীলনহে আছিল।
 তেতিয়া আৰু চিন্তা কিহৰ? মনত মাথোঁ উলাহেই
উলাহ
! এই উপলদ্ধিৰ শেষত আৰু আমাৰ বাটত একোৱেই হেঙাৰ হৈ থিয় দিব
নোৱাৰে।
 আমাৰ এই যাত্ৰাপথে এনে এক স্থানলৈ আমাক লৈ যাব, ত আমি কেৱল সফল হৈয়েই ক্ষান্ত নাথাকি আমি আমাৰ কৰ্মৰে
আমাক মূল্য
ৱান মানুহ হিচাপে গঢ়ি তুলিবলৈও চেষ্টা কৰিম।
 

         এজন মানুহ জীৱনত সফলো হয় আৰু এজন মূল্যৱান মানুহ হিচাপে গঢ় লৈ উঠিব পাৰে,
তাতকৈ আৰু কি লাগিছে জীৱনত! দিনটোৰ আৰম্ভণিতে
আমাৰ ভাললগা কামটো কৰি সেই কামটোক যেতিয়া মনৰ সতেজতাৰে আমি আমাৰ দৈনন্দিন কৰিবলগীয়া
কামবোৰৰ মাজে মাজে ব্যাকুলতাৰে কৰি যাম বা বাকী কামবোৰ কৰি থা
কোঁতে সেই ভাললগা কামটোৰ কথা মনলৈ আনি দুগুণ উৎসাহেৰে কাম কৰি যাম তেতিয়াই এটি
দিনৰ অন্তত লাভ কৰিবলৈ সক্ষম হ
ম এটি সুন্দৰ দিন অতিবাহিত কৰাৰ
সন্তোষ আৰু সেই সন্তোষক সাৱটি আমি বিলীন হ
ম সুখনিদ্ৰাত আকৌ এটি
নতুন পুৱাক আদৰাৰ হেঁপাহেৰে।
 উপলদ্ধি কৰোঁ, সমান্তৰালভাৱে কেইবাটাও কাম আমেজ লৈ নিয়াৰিকৈ কৰি যাবলৈ সক্ষম হলে বিষণ্ণতাই সুৰুঙাই নাপাব আমাৰ কাষলৈ আহিবলৈ আৰু সুৰুঙা বিচাৰি আহিলেও বৰ
বেছি আদৰ নাপাব আমাৰ কাষত।
 আমাৰ সুস্বাস্থ্যৰ বাবে যিদৰে
ভাৰসম আহাৰৰ প্ৰয়োজন আৰু এই ভাৰসম আহাৰৰ বাবে আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত
ভিন ভিন খাদ্যৰ সমাহাৰ ঘটাব লাগে
, ঠিক সেইদৰে কামৰ ক্ষেত্ৰতো সেই একেই কথা খাটে।
 একেটা কামকে কৰি থকাতকৈ একে সময়তে কেইবাটাও
কাম সমান্তৰালভাৱে কৰিব পাৰিলে
(নিজৰ সুবিধাসামৰ্থ্য অনুযায়ী)
মনত নানাৰঙী ভাবৰ উদয় হৈ মনটোক জীপাল কৰি ৰখাত বেছি সহায়ক হয়!
অৱশ্যে সমান্তৰালভাৱে কেইবাটাও কাম একেলগে কৰিবলৈ গৈ বেমেজালিৰ যাতে
সৃষ্টি নহয় তাৰ প্ৰতি সতৰ্ক হৈ
, প্ৰতিটো কামতেই একাত্ম হৈ,
আমেজ লৈ কামখিনি কৰিব পাৰিলেহে মনৰ মাজত আনন্দই প্ৰাণ পাই হাঁহিবলৈ সমৰ্থ
ব।
  গতিকে এটা কথা ঠিক যে মনে ভিন্
ভিন্সময়ত নিজৰ ৰূপ সলাবই; কিন্তু আমি আমাৰ কৰ্মৰ দ্বাৰা মনক আমি বিচৰা ধৰণৰ ৰূপসজাই লমেই বুলি দৃঢ়প্ৰতিজ্ঞ আমি হবই লাগিব, যদিহে আমি বিচাৰিছোঁ এটি সুন্দৰসতেজউৎফুল্লিত মনসহ অতিকৈ সুন্দৰ এটি অৰ্থপূৰ্ণ জীৱন
!

 

                                       ভ্ৰাম্যভাষ
– ৮৪০৩০০৫৪৩২