(৩)

দাদুল দেৱকৃষ্ণ
বৰুৱা





 

: চিন্তাৰ কাৰণ নাই ষ্টেপান।মিষ্টাৰ ইগৰে কলে।

: ঠিক হব!উৎসুক ষ্টেপান।

: ; কিন্তু সকলো ঠিক নহয়।

: কিয়?

: ডেউকাখন ঠিক কৰিব পৰা নাযাব। বৰ বেয়াকৈ ভাগিল।

: তাৰমানে পোৱালিটোৱে ডাঙৰ হৈ উৰিব নোৱাৰিব?

: নোৱাৰে।

: সি কষ্ট পাই থাকিব?

: বিষ নোহোৱাকৈ ৰাখিব পৰা যাব। কিন্তু উৰিব নোৱাৰিব কোনোদিনে।

: ছেঃ! বৰ বেয়া কথা হল…!

: বেছিকৈ চিন্তা নকৰিবা। কি ঠিক— ‘মিৰাকলঘটি যাবও পাৰে।মিষ্টাৰ ইগৰৰ কথাত আশ্বাসৰ স্পষ্ট
সুৰ।

 

কালি কথা দিয়াৰ
দৰেই মিষ্টাৰ ইগৰ পুৱাই ওলালহি। খৰাহী এটাত কাপোৰ আৰু শুকান ঘাঁহ পাৰি দি ষ্টেপানে
তৈয়াৰ কৰি দিয়া বিছনাত মলেঁয়া শুই আছিল। মলেঁয়াৰ চিৰি-চেহেৰা চাই মিষ্টাৰ ইগৰে
বুজিছিল

পোৱালিটো সুস্থ হৈ আছে; কিন্তু যেতিয়া তেওঁ
ভগা ডেউকাখন লিৰিকি বিদাৰি চালে
, তেতিয়াই তেওঁ দীৰ্ঘ বছৰৰ
অভিজ্ঞতাৰ বলত নিশ্চিত হ
ল যে ডেউকাখনৰ ভগা হাড় জোৰা লগাব
পৰা নাযাব। সেই কথা তেওঁ ষ্টেপানক জনাই দিলে। ষ্টেপানক কিছু চিন্তিত দেখা গ
ল যদিও ইগৰৰ শেষৰ বাক্যটোৱে তেওঁৰ চকুলৈ যেন পোহৰৰ ন-সুঁতি এটা নমাই
আনিলে!

 

: পোৱালিটো ভালদৰে চোৱা-চিতা কৰিবা। ডাঙৰ হলে তোমাৰ
ভাল লগৰীয়া হ
; কাৰণ ই কেতিয়াও উৰি
যাব নোৱাৰে। কিবা অসুবিধা পালে মোক জনাবলৈ নাপাহৰিবা।
মিষ্টাৰ
ইগৰে ক
লে।

: উৰিব পৰা হলে মই বেছি আনন্দ পালোঁহেঁতেন।ষ্টেপানে হুমুনিয়াহ এৰিলে।

: উপায় নাই। তথাপি কওঁআশা নেহেৰুৱাবা। মিৰাকলঘটি যাবও পাৰে। তুমি পোচোৰ কথা জানা?

: কোন পোচো?— ষ্টেপানৰ কণ্ঠত উৎসুকতা।

: পোচো হৈছে এটা কুম্ভীৰ। তাৰ গৰাকীৰ লগত খুব ভাল বন্ধুত্ব। মই অলপতে BBC-ত পোচোৰ কাহিনীটো পঢ়িবলৈ পালোঁ।

: মোকো কওকচোন কাহিনীটো।

: শুনা তেন্তে।

 

মিষ্টাৰ ইগৰে
পোচোৰ কাহিনীটো ক
বলৈ আৰম্ভ কৰিলে। ১৯৮৯ চনৰ পৰা আৰম্ভ হৈছিল
পোচোৰ কাহিনীটো। কোষ্টাৰিকাৰ লিমন প্ৰদেশৰ চিকুইৰেছৰ এজন মাছমৰীয়া আৰু ট্যুৰ গাইড
,
প্ৰকৃতিপ্ৰেমী চিটো চেডেন সেই বছৰৰ এদিনাখন ৰেভেণ্টাজন নদীলৈ নাও লৈ
ওলাই গৈছিল মাছ ধৰিবৰ উদ্দেশ্যে। হঠাৎ তেওঁ দেখা পালে
নদীৰ পাৰৰ
ওচৰত এটা মৃত্যুমুখী কুম্ভীৰ পৰি আছে। কপালৰ পৰা বৈ আহিছে তেজ। এই মতা কুম্ভীৰটোৱে
গৰুৰ জাক এটাত চিকাৰ ধৰাৰ সময়তে স্থানীয় এজন গো-পালকে কুম্ভীৰটোৰ বাওঁ চকুৰ কাষত
গুলী চলাইছিল। চিতোৱে কুম্ভীৰটো ঘৰলৈ লৈ আনিলে। সেই সময়ত প্ৰাণীটোৰ ওজন আছিল
প্ৰায় ৭০ কিলোগ্ৰাম। তেওঁ ঘৰলৈ আনি শুশ্ৰূষা আৰু চিকিৎসা আৰম্ভ কৰিলে। লাহে লাহে
কুম্ভীৰটো সুস্থ হ
বলৈ ধৰিলে। কিন্তু চেডেন বিবুধিত পৰিল।
কাৰণ কুম্ভীৰটো প্ৰতিপালন কৰিবৰ বাবে তেওঁৰ হাতত নাছিল বন বিভাগৰ কোনো অনুমতি
পত্ৰ। সেয়ে কুম্ভীৰটো চেডেনে ওচৰৰ অৰণ্যৰ গভীৰতাত থকা এটা পুখুৰীত লুকুৱাই
ৰাখিবলগীয়া হৈছিল। অৱশ্যে পিছত তেওঁ আহত কুম্ভীৰটোৰ
চিকিৎসা আৰু প্ৰতিপালন কৰাৰ বাবে 
কোষ্টাৰিকান কৰ্তৃপক্ষৰ বন বিভাগৰ পৰা আইনী অনুমতি পত্ৰ লাভ কৰিছিল।

লাহে লাহে চিটোৰ
বন্ধুত্ব গঢ় লৈ উঠিল কুম্ভীৰটোৰ লগত। চিটো নতুন বন্ধুৰ প্ৰেমত পৰিল। তেওঁৰ পত্নী
আৰু কন্যাৰ দৰে কুম্ভীৰটোকো পৰিয়ালৰ অংগ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিলে। বন্ধুৰ
নাম ৰাখিলে
পোচো। স্থানীয় উপভাষা অনুসৰি পোচোশব্দৰ অৰ্থ হৈছে শক্তিশালী।

 ছমাহ ধৰি চেডেনে
পোচোক সপ্তাহত ৩০ কিলোগ্ৰামকৈ (৬৬ পাউণ্ড) কুকুৰাৰ মঙহ আৰু মাছ খুৱাইছিল। ৰাতি ঘৰত
একেলগে শোৱে। চেডেনে আনকি পোচোক খাবলৈ উৎসাহিত কৰিবৰ বাবে মুখেৰে খাদ্য চোবাই
খোৱাৰ অনুকৰণো কৰিছিল। পোচোৰ লগত তেওঁ কথা পাতিছিল
, চুমা খাইছিল আৰু
আলিংগন কৰিছিল। কিন্তু যিমানেই বন্ধুত্ব গঢ়ি নুঠক কিয়
, কুম্ভীৰ
নদী অবিহনে জীয়াই থাকিব নোৱাৰে। চিটোৱে সেই কথা বুজি পালে। সেয়ে এদিন তেওঁ
প্ৰিয় বন্ধু পোচোক লৈ ৰেভেণ্টাজন নদীলৈ গ
ল। তাতে তেওঁ
পোচোক এৰি দুখ মনেৰে ঘৰলৈ উভতিল।

পিছদিনা পুৱাই
চিটো আচৰিত হ
ল। কাৰণ চিটোৱে পুৱাই নিজৰ পিছ চোতালত বন্ধু পোচোক বহি
থকা দেখিলে। চিটোৱে বুজি পালে যে তেওঁৰ অবিহনে পোচো জীয়াই থাকিব নোৱাৰে। গতিকে
ৰেভেণ্টাজন নদীলৈ নিয়াৰ পৰিৱৰ্তে ঘৰৰ ওচৰৰ সৰু নদী এখনত ৰখাৰ ব্যৱস্থা কৰিলে আৰু
সময় পালেই নদীত নামি বন্ধুৰ লগত খেলিবলৈ ধৰিলে।

মিষ্টাৰ ইগৰৰ
মুখত পোচোৰ কাহিনীটো শুনি ষ্টেপানে মনতে এটা দৃশ্যৰ কল্পনা কৰিলে
সন্ধিয়া নদী এখনত দুজন সাঁতুৰি আছে। এজন মানুহ আৰু আনজন পানীত বাস কৰা
এটি প্ৰাণী
পোচো। পোচোৱে চেডেনৰ লগত খেলিছে আৰু সাঁতুৰিছে।
মাজে সময়ে ইজনে সিজনক সাবটি ধৰিছে
, চুমা খাইছে। সঁচাকৈয়ে
এটা আচৰিত দৃশ্য। চেডেন আৰু পোচো যেন পিতা-পুত্ৰ! চেডেন যেন শ্ৰেষ্ঠ পিতৃ!

 

পিতৃ!

শ্ৰেষ্ঠ পিতৃ!

মিষ্টাৰ ইগৰৰ
মুখত পোচোৰ কাহিনীটো শুনি ষ্টেপানে মনে মনে ভাবিলে
তেওঁ কিয় চেডেনে
পোচোক প্ৰতিপালন কৰাৰ দৰে নিজৰ পুত্ৰদ্বয়ক প্ৰতিপালন কৰি নিজৰ কাষত ৰাখিব
নোৱাৰিলে
? তেওঁ তাৰমানে ভাল পিতৃ নহয়? তেওঁ নিজে জানেশ্ৰেষ্ঠ পিতৃ তেওঁ কেতিয়াও নাছিল।
পিতৃত্বৰ দায়িত্ব জানো ইমান সহজ
?

কাৰোবাক যদি
হঠাৎ সোধা হয়
, তেওঁ কাক বেছি ভাল পায়? মাকক নে
দেউতাকক
? এই প্ৰশ্নটোৰ হঠাৎ মুখামুখি হলে বহু মানুহেই থতমত খায়। অৱশ্যে বহুতে তাৎক্ষণিক উত্তৰো দিয়েতেওঁলোকে মাকক আটাইতকৈ বেছি ভাল পায়। অৱশ্যে দেউতাকক বেছি ভালপোৱা
মানুহৰো অভাৱ নাই। বহুতে আকৌ কূটনীতিবিদৰ দৰে দুয়োকে সমানে ভাল পোৱা বুলি কয়।
আচলতে সন্তান লালন-পালনত পিতৃ-মাতৃ দুয়োৰে ভূমিকা গুৰুত্বপূৰ্ণ। গতিকে মৰমিয়াল
পিতৃ-মাতৃৰ কোনো তুলনা নাই। মাকৰ আদৰ
, যতন আৰু মৰমেৰে লৰা-ছোৱালী ডাঙৰ হয়। দেউতাকে ছাঁৰ দৰে আশ্ৰয় দিয়ে। অৱশ্যে এই প্ৰশ্নটো
ষ্টেপানে নিজক কোনোদিনে সুধি চোৱা নাই। মাকৰ আদৰ আৰু পিতাকৰ যতনে কোনোদিনে তেওঁক
এই প্ৰশ্নটো কৰাৰ অৱকাশেই দিয়া নাছিল।

শিশু এটা ওপজাৰ
পাছত ডাঙৰ হৈ অহাৰ লগে লগে দেউতাকক চিনি পাবলৈ শিকে
, দেউতাকৰ গুৰুত্ব
বুজিবলৈ শিকে। এইটোও সত্য যে সাধাৰণতে পিতৃয়ে সন্তানৰ বাবে মাতৃৰ দৰে ত্যাগ নকৰে।
কিন্তু জৈৱমণ্ডলত ইয়াৰ ব্যতিক্ৰমৰো অভাৱ নাই। মাতৃৰ দৰে আত্মত্যাগী পিতৃ বহু আছে
প্ৰকৃতি জগতত। তেওঁলোকে ল
ব পাৰে শ্ৰেষ্ঠ পিতৃৰ স্থান।
ষ্টেপান বাৰু পিতৃ হিচাপে বিফল নেকি
? তেওঁ ভাল দেউতাক হব নোৱাৰিলে নেকি?— নিজকে সোধে তেওঁ মাজে সময়ে।

ষ্টেপানে
পঢ়িছিল

সাগৰীয় কেটফিছ আৰু ডাৰউইন বেঙৰ দৰে মাতৃ সিন্ধুঘোটকে কেৱল কণী পৰাৰ
কৰ্তব্যহে সম্পূৰ্ণ কৰে। তাৰ পাছৰ দায়িত্ব পিতৃ সিন্ধুঘোটকেহে লয়। সিন্ধুঘোটকৰ
পিতৃৰ ওপৰত থাকে কণী ৰক্ষণাবেক্ষণৰ দায়িত্ব। কিন্তু মুখত নহয়
, কণী ৰখাৰ বাবে ইহঁতৰ এটা বিশেষ ধৰণৰ মোনা থাকে। কণী ফুটালৈকে পিতৃ
সিন্ধুঘোটকে এই মোনাটোত কণীবোৰ কঢ়িয়াই লৈ ফুৰে। ৪৫ দিনৰ পিছত কণী ফুটাৰ পাছতো
পিতৃয়ে ইহঁতৰ ওপৰত চকু ৰাখে। প্ৰাণীবিজ্ঞানীসকলৰ মতে পিতৃ সিন্ধুঘোটকে পুৰুষ
হৈয়ো জন্ম দিয়াৰ অভিজ্ঞতা লাভ কৰে। কেনে হ
ব পাৰে সেই
অভিজ্ঞতা
?— ষ্টেপানে ভাবি থাকে মাজে সময়ে।
 

পশু জগতৰ
শ্ৰেষ্ঠ পিতৃৰ বাবে যদি বঁটা দিয়াৰ ব্যৱস্থা থাকিলহেঁতেন তেন্তে প্ৰথম পুৰস্কাৰ
পালেহেঁতেন সাগৰীয় কেটফিছে। কাৰণ এনে আত্মত্যাগী পিতৃ বৰ বেছিকৈ দেখা নাযায়।
মাগুৰ মাছৰ দৰে দেখা মাতৃ কেটফিছে এটা সময়ত প্ৰায় ৫০টা কণী পাৰে। কণী ফুটিলেই
মাতৃ কেটফিছৰ দায়িত্ব প্ৰায় শেষ হৈ যায়। পৰৱৰ্তী দায়িত্ব কান্ধ পাতি লয়
আক্ষৰিক অৰ্থতে পিতৃ কেটফিছে।

সৰু সৰু স্বচ্ছ
কণীবোৰ শত্ৰুৰ হাতৰ পৰা বচাবলৈ পিতৃ কেটফিছে সেইবোৰ মুখত লৈ ঘূৰি ফুৰে। এইদৰে
কণীবোৰ অবিৰতভাৱে প্ৰায় দুমাহমান মুখতে থাকে। সেই সময়লৈকে পিতৃ কেটফিছে
খোৱা-বোৱা বন্ধ কৰি দিয়ে। কণী ফুটিলে কিছু সকাহ পালেও দায়িত্ব শেষ নহয়। কাৰণ
চিকাৰ ধৰা
, আত্মৰক্ষাৰ পাঠ শিকোৱা আৰু ডাঙৰ হোৱালৈকে সন্তানৰ যত্ন
লোৱাৰ দায়িত্বও পিতৃ কেটফিছৰে।

দক্ষিণ মেৰুৰ
পিতৃ পেংগুইনেও নিজৰ সন্তানৰ বাবে দুখ-কষ্ট স্বীকাৰ কৰে। ১৭টা প্ৰজাতিৰ পেংগুইনৰ
ভিতৰত সম্ৰাট পেংগুইন বা এম্পেৰৰ পেংগুইন অন্যতম। মাতৃ পেংগুইনবোৰে যেতিয়া কণী
পাৰে তেতিয়া ইহঁতৰ শৰীৰ শুকান হৈ পৰে আৰু দীৰ্ঘদিন ধৰি খাদ্য গ্ৰহণ নকৰাৰ বাবে
ইহঁতৰ শক্তি প্ৰায় কমি যায়। সেয়ে মাকজনীয়ে কণী পৰাৰ পিছতে খাদ্যৰ সন্ধানত
একেৰাহে দুমাহৰ বাবে সাগৰলৈ গৈ খোৱা-লোৱাত গুৰুত্ব দিয়ে। সেই সময়ত কণীৰ কি হ
ব!
চিন্তা কৰিবলগীয়া নাথাকে। পিতৃ পেংগুইন আছে তাৰ বাবে। দুমাহ ধৰি হাড়লৈকে সেৰেলা
পেলোৱা শীতত থিয় হৈ পিতৃ পেংগুইনে কণীটোক উম দিয়ে। খোৱা বোৱাৰ বাবে কোনো উপায়
নাথাকে। মূৰ্তিৰ দৰে থিয় হৈ মেৰু ধুমুহাকে ধৰি সকলো প্ৰতিকূলতাৰ পৰা পিতৃ
পেংগুইনে সুৰক্ষা দিয়ে কণী। মাক সাগৰৰ পৰা উভতি আহিলেহে পিতৃ পেংগুইন এই কষ্টকৰ
পৰিক্ৰমাৰ পৰা মুক্ত হয়।

কেটফিছৰ দৰে আন
এজন দায়িত্বশীল পিতৃ হ
ল থাইলেণ্ডৰ বেটা। এই মিঠা পানীৰ মাছবিধৰ
আন এটা নাম হৈছে চিয়ামিজ ফাইটিং ফিছ। নামটো শুনিলেই বুজিব পাৰি যে ইহঁত যুঁজৰ
মাষ্টৰ। কিন্তু শত্ৰুৰ বাবে হিংসাত্মক হ
লেও সন্তানৰ বাবে
পিতৃ বেটাৰ তুলনা নাই। মাকে কণী পৰাৰ পাছত কণীবোৰ দেউতাকে মুখত ভৰাই লয়। কণী
ফুটিলে নিৰাপদ আশ্ৰয় শিবিৰত ৰাখি ডাঙৰ-দীঘল কৰে আৰু শিশুক শত্ৰুৰ পৰা ৰক্ষা কৰে।
দক্ষিণ আফ্ৰিকাৰ এবিধ বুল ফ্ৰগেও একে ধৰণৰ কাম কৰে। এই বেংবিধৰ আন এটা নাম হৈছে
ডাৰউইন ফ্ৰগ। মাক বেঙে কণী পৰাৰ পাছতে পিতৃয়ে কণীবোৰ মুখত ভৰাই লয়। এই বেংবোৰ
অতি খকুৱা
; মুখৰ আগত যি পায় তাকে খাব বিচাৰে। কিন্তু
আশ্চৰ্যজনক কথাটো হ
ল পিতৃ বেঙে ছয় সপ্তাহ সময় নোখোৱাকৈ,
মুখত প্ৰায় ৬,০০০টা সৰু সৰু কণী লৈ ফুৰে। কণী
ফুটিলে বমি কৰি উলিয়াই দিয়ে।

শ্ৰেষ্ঠ পিতৃৰ
তালিকাত দক্ষিণ আমেৰিকাৰ সৰু বান্দৰ মাৰ্মাছেটো আছে। পিতৃ মাৰ্মাছেটৰ দায়িত্ব
হৈছে নিজৰ ল
ৰা-ছোৱালীক লৈ ঘূৰি ফুৰা, খাদ্য
সংগ্ৰহ কৰা আৰু খুওৱা বা নিৰাপত্তা দিয়া। ভাৰতীয় শিয়ালবোৰো পিতৃ হিচাপে
দায়ৱদ্ধ। সন্তান জন্ম দিয়াৰ পাছত মাতৃ শিয়াল দুৰ্বল হয়। এই সময়ত পিতৃ শিয়ালৰ
দায়িত্ব খাদ্য সংগ্ৰহ আৰু আশ্ৰয় শিবিৰৰ নিৰাপত্তাৰ। পিতৃ শিয়ালৰ
দায়িত্বতে পৰে ল
ৰা-ছোৱালীক চিকাৰ কৰিবলৈ আৰু দলগত অনুশাসন
শিকোৱাটোও। পহু পিতৃসকলেও হুবহু একে কৰ্তব্য পালন কৰে। ৰিয়া হৈছে দক্ষিণ আমেৰিকাৰ
এবিধ চৰাই
, দেখাত উটপক্ষীৰ দৰে। পোৱালিবোৰ যেতিয়া ফুটি উঠে
তেতিয়া ডাঙৰ হোৱালৈকে ডাঙৰ কৰাটো পিতৃ ৰিয়া চৰাইৰ দায়িত্ব।

 

: তোমাৰ দায়িত্ব বাঢ়িল।যাবলৈ ওলোৱাৰ পৰত মিষ্টাৰ
ইগৰে ষ্টেপানক ক
লে।

: বুজিছোঁ।

: তুমি পোচোৰ দৰেই এই পোৱালিটো ডাঙৰ দীঘল কৰি বন্ধুত্ব গঢ়ি সময়বোৰ ভালদৰে
কটাব পাৰিবা। মই মাজে সময়ে আহি থাকিম।

: নিশ্চয় চেষ্টা কৰিম।ষ্টেপানৰ কণ্ঠত দৃঢ়তা।

 

মিষ্টাৰ ইগৰ গলগৈ।

ষ্টেপানে
সিদ্ধান্ত ল
লেমলেঁয়াক তেওঁ হৃদয়ৰ সমস্ত মৰমেৰে
আপডাল কৰিব। পোচো নামৰ কুম্ভীৰটোৰ দৰেই এদিন মলেঁয়াই তেওঁক আবৰি ৰাখিব বন্ধুত্বৰ
অমল আৱেগেৰে। মলেঁয়াৰ বাবে এতিয়া ষ্টেপান সিন্ধুঘোটক হ
বলৈ
প্ৰস্তুত। তেওঁ হ
ব সামুদ্ৰিক কেটফিছ কিম্বা ডাৰউইন ভেকুলী!
হৈ উঠিব পেংগুইন কিম্বা চিয়ামিজ ফাইটিং ফিছ!

(ক্ৰমশঃ)