লুইতজ্যোতি শৰ্মা
২০১৪ চন৷
মাহমুদ৷ খেতিয়ক য়াফাৰ কাডিৰৰ
পুত্ৰ মাহমুদৰ কথা কোনোৱে শুনা নাই৷ মাহমুদৰ সপোন, দিঠক আৰু ভৱিষ্যতৰ কথাও কোনোৱে আজিলৈকে
ভবা নাই৷ ইজৰাইল সীমাৰ পৰা এক মাইল দূৰত্বত গাজাৰ এক ধ্বংসপ্ৰায় অঞ্চলত নিজৰ সপোনৰ
ভগ্নাৱশেষৰ মাজত বিষণ্ণতাৰ দোমোজালিত শৈশৱ আৰু কৈশোৰৰ সন্ধিক্ষণত জীৱনৰ নতুন সংজ্ঞা
বিচাৰি আছে মাহমুদে৷ উদাসী অন্তৰেৰে বৰ্ণনা কৰিছে যুদ্ধৰ বিভীষিকা৷ ধ্বংস হোৱা খেতিপথাৰ,
মৃত জীৱ-জন্তুৰ কথা কৈ উচুপি উঠিছে মাহমুদ৷ পানী এটুপিৰ কাৰণে সংগ্ৰাম৷ সপোন দেখাতকৈ
যেতিয়া উশাহ লৈ জীয়াই থকাটো গুৰুত্বপূৰ্ণ হৈ উঠে তেতিয়া সৃষ্টি নহয় নতুন আভাৰ৷ আক্ষেপেৰে
কৈছে, খেতি পথাৰত শাক-পাচলিৰ প্ৰতিদানত পাইছে বোমা৷ খেতি পথাৰত কাম কৰা চৌপাশৰ মানুহবোৰ
নোহোৱা হৈছে এজন এজনকৈ৷ এক অকথ্য শূন্যতাৰ সৃষ্টি কৰি৷ তথাপি জী আছে ভৱিষ্যতে এজন মাটি
আৰু বীজ বিশেষজ্ঞ হোৱাৰ হেঁপাহত৷ ২০১৪ চনৰ গাজা ষ্ট্ৰীপৰ যুদ্ধত ২৪ হেজাৰ পৰিয়াল নিজৰ
খেতিপথাৰ আৰু ঘৰৰ পৰা বিতাড়িত হৈছে৷ ৪২ হেজাৰ একৰ
খেতি-মাটি যুদ্ধৰ পৰিণতিত ধ্বংসস্তুপত পৰিণত হৈছে৷ জন্ম হৈছে হয়তো হেজাৰজন মাহমুদৰ৷
সপোনৰ কবৰত আশাৰ গোলাপ লৈ অনাগত সুন্দৰৰ অপেক্ষাত৷
ৰাফাহ চিটী, গাজা৷ ৰাজাফে
নিজৰ পিতৃক সদায়েই আল্লাহৰ দূতৰূপেই হয়তো ভাবি আহিছিল৷ কিয়নো চৌদিশৰ হিংসাপূৰ্ণ পৰিৱেশত
য’ত জীৱনৰ মূল্য দিনক দিনে তাকৰ হৈ গৈ আছিল, তাত ৰাজাফৰ পিতাকে জীৱন দিয়াৰ কাম কৰিছিল৷
বোমা-বন্দুক, মিছাইলৰ ধোঁৱা-বাৰুদৰ মাজত এম্বুলেঞ্চ চালক আছিল ৰাজাফৰ পিতৃ৷ চৌপাশৰ
জল্লাদ হৈ উঠাবোৰৰ মাজত যেন এক ফৰিস্তা৷ নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকি যুদ্ধক্ষেত্ৰত
পৰিণত হোৱা গাজাৰ আঘাতপ্ৰাপ্ত-মৃতপ্ৰায় লোকক এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নি জীৱন বচোৱাৰ
প্ৰচেষ্টাত দিনে-নিশাই তৎপৰ হৈ থকা ৰাজাফৰ পিতৃও যে হেৰাই যাব পাৰে সেয়া ৰাজাফৰ কল্পনাতীত৷
১ আগষ্ট, ২০১৪৷ এজন আঘাতপ্ৰাপ্ত মানুহক এম্বুলেঞ্চেৰে আনিবলৈ গৈ থকাৰ পথত ৰাজাফৰ পিতৃলৈ
আন এটা বোমা বিস্ফোৰণৰ খবৰ আহে, য’ত এটা পৰিয়ালৰ ৭ জন সদস্য আঘাতপ্ৰাপ্ত হৈছিল৷ দুয়োটা
ঘটনাৰেই আক্ৰান্ত লোকসকলক লৈ এম্বুলেঞ্চেৰে গৈ থকা অৱস্থাত এক মিছাইল আক্ৰমণত ছাৰখাৰ
হৈ যায় এম্বুলেঞ্চখনৰ লগতে ১২ জনকৈ আৰোহী৷ অশ্ৰুসিক্ত নয়নেৰে ৰাজাফে কৈছিল নিজৰ পিতাকক
শেষবাৰলৈও চাব নোপোৱাৰ বেদনাৰ কথা৷ জ্বলি ছাই হোৱা এম্বুলেঞ্চখনৰ চাৰিওফালে বিয়পি থকা
তেজ আৰু মাংসৰ পিণ্ডবোৰৰ মাজত ৰাজাফে বিচাৰিছিল পিতাকক৷ মনত থাকি গৈছিল উত্তৰবিহীন
প্ৰশ্ন৷ আক্ৰোশ আৰু শত্ৰুতাৰ বিষবাষ্পই আৱৰি থকা গাজাত টেংকৰ সলনি এম্বুলেঞ্চ আৰু বন্দুকেৰে
জীৱন লোৱাৰ বিপৰীতে আৰ্তজনক জীৱন দিয়াৰ কামত ব্ৰতী হোৱা ৰাজাফৰ পিতাকক কিয় দিয়া হৈছিল
মিছাইলৰ আঘাত৷
গাজা ষ্ট্ৰীপৰ গলিয়ে গলিয়ে
আছে হেজাৰ হেজাৰ মাহমুদ অথবা ৰাজাফ৷ কাৰোবাৰ কাৰণে সিহঁত Collective Punishmentৰ বলি৷
আন এচামৰ কাৰণে সিহঁত Collateral Damage৷ নাম যিয়েই দিয়া নাযাওক কিয় মাহমুদ ৰাজাফহঁতৰ
জীৱনৰ মূল্য আমি দিব পৰা নাই৷ সিহঁতৰ সপোনক কলিতে মোহাৰি পেলোৱাৰ অন্যায়ৰ বিচাৰ হোৱাৰো
কোনো পথ নাই৷ বিদেশী সাহায্যত নিৰ্ভৰ হৈ জীৱন কটোৱা এনেকুৱা কোনো মাহমুদ অথবা ৰাজাফৰ
মনত কোনোবাই আকৌ আক্ৰোশৰ, প্ৰতিবাদৰ নাইবা প্ৰতিশোধৰ বীজ ৰোপণ কৰি হয়তো তুলি দিব মাৰণাস্ত্ৰ৷
স্বাধীনতাৰ ৰোমাণ্টিক প্ৰতিচ্ছবিৰে দেখুওৱা হ’ব হয়তো জেহাদৰ পথ, ইনকিলাবৰ পথ৷ চলি যাব
সংগ্ৰাম, যুদ্ধ আৰু মৃত্যুৰ দাবানল৷
এয়া মাথোঁ এজন মাহমুদ অথবা
ৰাজাফৰ কাহিনী নহয়৷ এনেকুৱা হেজাৰটা বিধ্বস্ত শৈশৱ গাজা অথবা ইজৰাইলেই নহয় আন বহুতো
ঠাইতেই উশাহ লৈ আছে৷ হেলিকপ্তাৰৰ পৰা শত্ৰুপক্ষৰ বোমা পৰিব নে সাহায্যৰ ব্ৰে’ড পৰিব
তালৈ চাই আকাশমুখী হৈ ৰোৱা প্ৰতিটো সেমেকা চকুৱে মানুহ হিচাপে পৃথিৱীবাসীৰ সামূহিক
পৰাজয়ৰ অধ্যায় লিখিছে৷ তথাপিও ৰাজনীতি, পৰাক্ৰম, সীমা বিবাদ ইত্যাদি ইত্যাদি বিভিন্ন
কাৰণৰ দোহাই দি ইখনৰ পিছত সিখন যুদ্ধ হৈ আছে৷ কোনোবাই জেহাদৰ নাম দিছে৷ কোনোবাই আত্মৰক্ষাৰ৷
কোনোবাই সাৰ্বভৌমত্বৰ দোহাই দিছে৷ আন কোনোবাই আতংকবাদ নিয়ন্ত্ৰণৰ৷ ৰজা পাষাণ হৈ গৈ
আছে৷ একাংশ ৰজাৰ অনুৰাগী শক্তিৰ অপিয়ামেৰে মাতাল৷ একবিংশ শতিকাৰ প্ৰযুক্তিৰ উত্তৰণৰ
এই কালত পৃথিৱীৰ প্ৰতিজন নাগৰিকেই হয়তো এক বিৱৰ্তনৰ যাত্ৰী হ’ব লাগিছিল৷ কিন্তু এক
সম্পূৰ্ণ ওলোটা ছবিহে লাহে লাহে সুস্পষ্ট হৈছে৷ ধৰ্ম, বৰ্ণ, সম্পদ, ভৌগোলিক অৱস্থিতি,
ভাষা এই সকলোবোৰৰ গইনা লৈ ভেদাভেদ সৃষ্টি হৈছে৷ এচাম হিংস্ৰ হৈ উঠিছে৷ হাতত মাৰণাস্ত্ৰ
লৈ নিজৰ লগতে নিজৰ সমাজখনকো বিপথে পৰিচালিত কৰি এক ঋণাত্মক পৰিবৰ্তনৰ দিশত লৈ গৈছে৷
শিক্ষা তথা অন্যান্য প্ৰাথমিক অধিকাৰৰ পৰা একোখন সমাজক জেহাদ নাইবা স্বাধীনতাৰ নামত
বঞ্চিত কৰা উগ্ৰবাদীসকলে জয়ী হোৱাৰ পিছতো জীয়াই থকাৰ প্ৰতিটো মাপকাঠীত সমাজখন অৱনমিত
হোৱাহে দেখা গৈছে৷ দাঁতিকাষৰীয়া আফগানিস্তান এক জ্বলন্ত উদাহৰণ৷ একেধৰণে সীমা বিবাদৰ
নামত চৌদিশে চলি থকা যুদ্ধ তথা শীতল যুঁজেও সমাজৰ দ্ৰুত অগ্ৰগতিত বাধা ৰূপে থিয় দিছে৷
সেয়া ইজৰাইল বনাম পেলেষ্টাইনেই হওক অথবা আজাৰবাইজান বনাম আৰ্মেনিয়াই হওক অথবা ভাৰত
বনাম পাকিস্তানেই হওক৷ সীমা বিবাদৰ নামত বা সাৰ্বভৌমত্বৰ নামত ইতিহাসৰ পাত লুটিয়ালে
একাধিক যুদ্ধ দেখিবলৈ পোৱা যায়, কিন্তু কিমানখন যুদ্ধই বিবাদ নিষ্পত্তি কৰিলে সেয়া
চিন্তনীয়৷ তথাপিও ৰাষ্ট্ৰসমূহে সময়ে সময়ে চৰম পন্থা লৈয়েই আছে৷ যুদ্ধ মানেই ধ্বংস,
সমাজৰ আৰ্থ-সামাজিক দিশত আগুৱাই যোৱাত বাধা৷ সামৰিক অথবা অসামৰিক আগ্ৰাসনৰ ফলশ্ৰুতিত
হোৱা যুদ্ধ নাইবা শীতল যুঁজো ধনাত্মক বাতাৱৰণৰ পৰিপন্থী৷ সামগ্ৰিক সময়তেই ৰাছিয়া-ইউক্ৰেইন
আগ্ৰাসন অথবা চীনৰ টাইৱানৰ প্ৰতি আগ্ৰাসী মনোভাবে এক অবৰ্ণনীয় পৰিস্থিতিৰ জন্ম দিছে৷
যিকোনাধৰণৰ আগ্ৰাসনৰ আধাৰত হোৱা সশস্ত্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই ৰাষ্ট্ৰ একোখনত সৃষ্টি
কৰা বিভীষিকা আমি ইউক্ৰেইনত দেখিছো৷ সৌহাৰ্দ্যপূৰ্ণ সহবাস আৰু ধনাত্মক চিন্তাধাৰাৰে
জীৱন-যাপনৰ মানদণ্ড উন্নয়নৰ ধাৰাৰে সমগ্ৰ পৃথিৱীবাসীক সামৰি গোলকীয় সমাজ ব্যৱস্থা গঠনৰ
পৰিবৰ্তে বিশ্ববাসী যেন তৃতীয় বিশ্বযুদ্ধৰ দিশত অগ্ৰসৰ হৈছে৷ চীনৰ নিচিনা সুবিধাবাদী
দেশে আন দেশৰ দোদু্যলমান অৰ্থনৈতিক অৱস্থাৰ সুযোগ লৈ ঋণৰ জালেৰে (debt trap) কেউখন
দেশক বান্ধি দেউলীয়া অৱস্থালৈ ঠেলি দিছে৷ কোনো অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ নকৰাকৈ ৰঙা চীনৰ
এয়া এক নতুন ধৰণৰ আগ্ৰাসন৷ সহায়ৰ হাত আগবঢ়োৱাৰ নামত ঋণ দি পিছত সুবিধা বুজি দেশসমূহক
এখন এখনকৈ বহতীয়া বনাইছে৷ চুবুৰীয়া শ্ৰীলংকা আৰু পাকিস্তান ইয়াৰেই উদাহৰণ৷ সাধাৰণ জনগণক
অৰ্থনৈতিকভাৱে হত্যা কৰা হৈছে৷ ঋণফান্দৰ চিকাৰ হোৱা প্ৰায়ভাগ দেশৰেই ৰাজনৈতিক পৰিকল্পনা
তথা প্ৰাধান্যতা সাধাৰণ জনতাৰ উন্নয়নৰ পৰিবৰ্তে নিজকে শাসনাধিস্থ কৰি ৰখা নাইবা যুদ্ধৰ
জৰিয়তে নিজকে শক্তিশালী দেশৰূপে প্ৰতিষ্ঠা কৰা৷ সু-পৰিকল্পিত ব্লুপ্ৰিণ্ট নথকা এনে
বহুত দেশ দেউলীয়া হোৱাৰ লগতে অনাগত দিনত সাৰ্বভৌমত্ব হেৰুৱাই চীনৰ বহতীয়া হোৱাৰ গত্যন্তৰ
নাথাকিব৷ হয়তো এই দেশবোৰ ধ্বংস হ’ব গৃহযুদ্ধত৷
স্বাধীনতাৰ ৰ’মাণ্টিছিজম
নাইবা জেহাদৰ আফিং হুপি জন্ম দিয়া আতঙ্কবাদ, সীমা-বিবাদ নাইবা আগ্ৰাসনৰ আঁৰত হোৱা যুদ্ধ,
ঋণৰ জালত পৰি ধ্বংসৰ গৰাহলৈ যোৱা দেশে প্ৰতিটো সুন্দৰ সপোনক মোহাৰি ধ্বংসৰ অধ্যায় লিখিব৷
গাজাৰ মাহমুদ অথবা ৰাজাফৰ নিচিনা লাখ লাখ অনিশ্চিত শৈশৱৰ জন্ম দিব৷ হাতত বন্দুক লৈ
ধ্বংস হ’ব চামে চামে যৌৱন৷ প্ৰতিখন দেশৰ নেতা তথা জনসাধাৰণ আজিয়েই সজাগ নহ’লে অমানিশা
অনিবাৰ্য্য৷ প্ৰতিখন যুদ্ধৰ সময়ত সমগ্ৰ বিশ্ববাসীয়েই নিজৰ আদৰ্শ অথবা ধৰ্মৰ আধাৰত যুদ্ধৰ
এটা পক্ষৰ হৈ থিয় দিয়াৰ বিপৰীতে শান্তি আৰু সৌহাৰ্দ্যৰ বাতাৱৰণ সৃষ্টিত মনোনিৱেশ কৰিলেহে
সুন্দৰৰ পৃথিৱী গঢ় লৈ উঠিব৷ হিংসাৰ সলনি প্ৰেম, বাৰুদৰ সলনি বাৰ্তালাপ হওক অনাগত দিনৰ
মন্ত্ৰ৷
জগত পোহৰ কৰি
আহিব প্লাবন,
আঁতৰাব অমানিশা
বধিব ৰাৱণ৷