পম্পি বৰা বৈশ্য
আগকথা ….
“ঘূর্ণীয়মান বিশ্বৰ সময় অশান্ত
যাযাবৰী মানৱৰ অস্থিৰ স্বপ্ন”
সমগ্ৰ বিশ্ব বৰ্তমান অশান্ত। পৃথিৱীৰ অসুখ, প্ৰকৃতিও ৰুষ্ট। বিশ্বৰ প্ৰথমজন কৰ’না আক্ৰান্ত ৰোগী ২০১৯ চনৰ নৱেম্বৰ মাহত চীনদেশত চিনাক্ত হোৱাৰ পিছতেই লাহে লাহে এই ৰোগ
এখনৰ পৰা আন এখন দেশলৈ বিয়পি পৰে। বিশ্ব স্বাস্থ্য সংস্থাই ১১ মাৰ্চ ২০২০ তাৰিখে ইয়াক বিশ্ব মহামাৰী ৰূপে চিহ্নিত কৰে। এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ
সমগ্ৰ মানৱ জাতি ঘৰৰ ভিতৰত বন্দী হবলৈ বাধ্য হল। স্তব্ধ হৈ পৰিল স্বাভাৱিক জন
জীৱন। নিৰ্দিষ্ট গতিৰ বিশ্বৰ অশান্ত সময়ত মানৱৰ দৈনন্দিন
স্বপ্নবোৰো অস্থিৰ হৈ পৰিল। এই মহামাৰীৰ লগে লগে অন্যান্য বহুতো প্ৰাকৃতিক,
সামাজিক বিচ্ছিন্নতাই মানৱ জাতিৰ চৌপাশ আগুৰি ধৰিলে।

এটা কথা মন কৰিলে দেখা যায় যে, একবিংশ শতিকা তীব্ৰ গতিত পৰিৱৰ্তনশীল। মানুহৰ জীৱন, পৰিৱেশ, পৰিস্থিতি,
প্ৰকৃতি-সকলো দিশতে অতি কোবাল গতিত পৰিৱৰ্তনৰ ধুমুহা আহিব ধৰিছে।
সেই বাবেই আমি যিকোনো প্ৰতিকূলতাৰ সন্মুখীন হ’ব পৰাকৈ নিজকে
সক্ষম আৰু সমৰ্থ কৰি ৰখা অতি প্ৰয়োজন। পাৰিলে প্ৰয়োজনতকৈ অধিক শক্তিশালী, উদ্যমী, আৱেগিকভাৱেও মজবুত হোৱা দৰকাৰ, যাতে আমাৰ সিদ্ধান্ত লওঁতে সঠিক হয়। গতিকেই শুদ্ধ পথ হ’ল-আমি নিতৌ নিজকে নিয়মিতভাৱে শক্তিৰে ভৰপূৰ কৰি ৰখা আৰু দৈনন্দিন নিয়মীয়া পৰিস্থিতিবোৰ অতিমাত্ৰা প্ৰতিক্ৰিয়াশীল নহৈ সহজ
ৰীতিত গ্ৰহণ কৰা।

সামগ্ৰিক পৰিস্থিতি ..
‘এইবোৰ কেতিয়া শেষ হব বাৰু ..? একদম অশান্তি লাগি
গৈছে৷’
‘… কিয়, কি
হৈছে নো?’
‘এহ ন’কবি আৰু.. কিবা দেখোন ভাল নলগা হৈছে সকলোবোৰ।
এই লকডাউন দিয়াৰ প্ৰথম কেইদিনমান নতুন নতুন ৰেচিপি বনাই খুৱাবলৈ, কিবাকিবি হাতৰ কাম কৰিবলৈ খুবেই ভাল লাগিছিল, ইচ্ছাও
গৈছিল। কিন্তু এতিয়া সেই একেবোৰকে কৰি কৰি বৰ আমনি লাগিছে। প্ৰথমে ভাল লাগিছিল, ব্যস্ত মানুহজন ঘৰত থাকিছিল। মনৰ কথাবোৰো পাতিবলৈ সময় পাইছিলোঁ। লৰা
ছোৱালী দুটাকো সময় দিব পাৰিছিলোঁ। পিছে এতিয়া দেখোন একো ভাল নলগা হৈ পৰিছে?’

‘..মোৰো একেই হৈছে অ। প্ৰথম
লকডাউন ঠিকেই গল, পিছে এতিয়া কিবা সৰু সৰু কথাতে খং উঠে।
তাতে আকৌ এওঁৰ ব্যৱসায়টো বহুত লোকচান হ‘ল। হাতত পইচা
নাথাকিলে খিং খিঙীয়া হৈ পৰে মানুহবোৰ।”

‘উম হয় কথাটো। আমাৰ ইহঁত দুটাও অলপ খিঙ–খিঙীয়া হৈছে।
এই অনলাইন ক্লাছবোৰ কৰি কৰি দিনটো ব্যস্ত হৈ থাকে। ভালকৈ খেলা–ধূলা কৰিবলৈও সময় নোপোৱা হৈছে। ম’বাইলে চকুও বেয়া
কৰিব যেনহে পাইছোঁ।”

‘… সঁচাকৈ একো উপায় নোহোৱা হৈছে
আৰু.. ”
আৰু.. ”
“তাকেহে, প্ৰতি দিনে চাৰিওফালৰ পৰা বেয়া খবৰ বোৰ শুনি
শুনি মনবোৰ দেখোন ভালেই নলগা হৈছে৷’
শুনি মনবোৰ দেখোন ভালেই নলগা হৈছে৷’
এয়া আছিল কিছুদিন আগৰ দুগৰাকী বান্ধৱীৰ কথোপকথনৰ
একাংশ। প্ৰকৃততে এইয়া কেৱলমাত্ৰ দুগৰাকী বান্ধৱীৰ মনৰ কথা
নহয়। বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহৰেই অন্তৰত সোমাই থকা কিছু কথা।

লকডাউন, কেতিয়াও আগতে নুশুনা,
ভাবিবও নোৱাৰা এক শব্দই যোৱা কেইমাহ ধৰি গোটেই বিশ্বকে আগুৰি ধৰি
ৰাখিলে। কৰ’না মহামাৰীৰ গ্ৰাসত পৰি
সকলোৱে পালন কৰিবলৈ বাধ্য হল এই লকডাউন।
লকডাউনৰ ফলত সকলোৰে কৰ্মজীৱন হঠাতে স্থবিৰ হৈ পৰিল। সকলো ঘৰৰ ভিতৰত থাকিব লগা হ‘ল। অৱশ্যে পৰিয়ালৰ সদস্য সকলৰ মাজত আত্মীয়তা, সদ্ভাৱ বঢ়াই তোলাত ই বহুত সহায়
কৰিলে। ব্যস্ত জীৱনৰ পৰা আহৰি পাই বহুতেই সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সুযোগ পাইছে।

কিন্তু এই লকডাউনে কেইবামাহ
অতিক্ৰম কৰাত একঘেয়ামী যেন হৈ পৰিল। তাৰ ফলত কিছু সংখ্যকৰ মাজত মানসিক অৱসাদৰ
সৃষ্টি হ‘ল।

লকডাউনে অৰ্থনীতিৰ ক্ষেত্ৰতো
বিৰূপ প্ৰভাৱ পেলাইছে। বহুতে চাকৰি হেৰুৱাইছে, আন বহুতৰ ব্যৱসায়ত লোকচান হৈছে। ছাত্ৰ
ছাত্ৰীৰ শিক্ষাবৰ্ষটোক লৈও উত্তৰ নোহোৱা অলেখ প্ৰশ্নৰ উদয় হৈছে। বহুতৰে মাহৰ বজাৰকেইটা
কৰিবলৈও চিন্তা কৰিব লগাত পৰিছে। তেনে পৰিস্থিতিত স্বাভাৱিকভাৱে বহুলোকৰে মানসিক
অশান্তি বৃদ্ধি পাইছে।

বৰ্তমান সময়ত প্ৰকৃতিও যেন ৰুষ্ট হৈছে। নানা ধৰণৰ ব্যাধি, সামাজিক পৰিঘটনাই
প্ৰতি দিনে চৌদিশ অশান্ত হৈ থকা হৈছে। কৰ’না মহামাৰীৰ বৰ্দ্ধিত সংক্ৰমন, বাঘজানৰ জুইকুৰা,
প্ৰতিদিনে বাঢ়ি অহা গণ আক্ৰমণৰ দৰে ঘটনা, বানপানী, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ
মৃত্যু লৈকে অলেখ পৰিঘটনাই সকলোৰে মন–মগজুত এক ধৰণৰ চাপ
সৃষ্টি কৰিছে। ধূসৰ ভৱিষ্যত, অস্থিৰ বৰ্তমানৰ ফলতেই বৃদ্ধি
পাইছে মানসিক চাপ। এই সামগ্ৰিক পৰিৱেশেই আমাৰ মাজলৈ মানসিক অৱসাদক টানি আনিছে।

মানসিক অৱসাদ
একেবাৰে সাধাৰণভাৱে ক’বলৈ গ’লে শাৰীৰিক,
মানসিক বা আৱেগিকভাৱে হোৱা যি প্ৰতিক্ৰিয়াৰ বাবে
আমি মানসিকভাৱে অস্থিৰ হৈ পৰো, তাকেই
মানসিক উদ্বিগ্নতা বা মানসিক চাপ বুলি কোৱা হয়। বৰ্তমানৰ সামগ্ৰিক পৰিবেশ
পৰিস্থিতি দিনে দিনে অৱনমিত হোৱাত, চাকৰি বা আন ব্যৱসায়ৰ ভৱিষ্যত
সম্পৰ্কে সন্দিহান হ’ব লগীয়া হোৱাত বহুতো মানুহ মানসিক
অস্থিৰতাত ভুগিছে। ইয়েই মানসিক
চাপ বৃদ্ধি কৰিছে। কিন্তু এটা কথা লক্ষণীয় যে এনেধৰণৰ মানসিক উদ্বেগৰ বাবেই এজন
মানুহ শাৰীৰিক বা মানসিকভাৱে সক্ৰিয় হয়। সেয়েহে ধনাত্মকভাৱে চিন্তা কৰিলে প্ৰত্যেক
ব্যক্তিৰে কিছু পৰিমাণে উদ্বিগ্নতা থকা উচিত। কিন্তু সেই মানসিক উদ্বেগক যদি আমি
ঋণাত্মক ভাৱে ভাবি বা সমস্যা সমাধানৰ পথ্ নিবিচাৰি মানসিক অৱসাদত ভুগি দিক্-বিদিক্
হেৰুৱাই পেলাওঁ, তেতিয়াই ই ক্ষতিকাৰক হৈ পৰে।

বৰ্তমানৰ এই জটিল সময়ত
মানুহে শাৰীৰিক তথা মানসিকভাৱে সুস্থ হৈ থকাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান হৈ পৰিছে। বিশ্ব
স্বাস্থ্য সংস্থাৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে, অনাগত দিনবোৰত প্ৰায় প্ৰতিজন ব্যক্তিৰে এটা উমৈহতীয়া সমস্যা হ’ব
মানসিক অৱসাদ।

ব্যক্তি ভেদে মানসিক অৱসাদৰ কাৰণ বেলেগ বেলেগ হ‘ব পাৰে। কিন্তু ইয়াৰ পাৰম্ভিক
#লক্ষণ সমূহ প্ৰায় একেই।
#লক্ষণ সমূহ প্ৰায় একেই।
১/ঘনাই উশাহ
নিশাহ লোৱা,
২/ অকাৰণত ইফাল সিফালকৈ
খোজকাঢ়ি থকা,
৩/তৎক্ষণাত খং উঠা,
৪/আবেগক নিয়ন্ত্ৰণ কৰিব
নোৱাৰা,
৫/ মূৰৰ বিষ ,
৬/ সিদ্ধান্ত লোৱাত খেলিমেলি
হোৱা,
৭/ আভোক লগা,
৭/ ঘনাই শৌচ কৰাৰ প্ৰৱণতা,
৮/অকলশৰীয়া কৈ থাকি ভাল পোৱা
ইত্যাদি।
৯/ আনন্দ /ফুৰ্তি অনুভৱ কৰিব
নোৱাৰা (উদাস ভাৱ)
১০/ অধিক চিন্তা
সামগ্ৰিক পৰিস্থিতিত প্ৰতিজন ব্যক্তিয়েই
প্ৰতিমূহুৰ্ততে নিজৰ অজানিতেই শাৰীৰিক তথা মানসিকভাৱে জীৱনৰ লগত এক যুদ্ধত অৱতীৰ্ণ
হ’ব লগাত পৰিছে। কেতিয়াবা কোনো লোক এই যুদ্ধত জয়ী হৈছে, নাইবা কেতিয়াবা কোনো পৰাজয় হৈ মানসিকভাবে ভাগি
পৰিছে। আচলতে, যেতিয়াই মানুহে নিজে বিচৰা ধৰণে দিনবোৰ গঢ়
দিবলৈ অপৰাগ হয় নাইবা বিচৰা বস্তু নাপায়, তেতিয়াই মানসিক
অৱসাদত ভোগে। সেয়েহে বৰ্তমানৰ এই জটিল সময়ত যি ব্যক্তিয়ে বস্তুবাদী চিন্তাধাৰাৰ পৰা আঁতৰত থাকি ধনাত্মক চিন্তাৰে এক সফল
তথা সৰল জীৱন যাপনত ব্ৰতী হ’ব পাৰে তেনে লোকেহে এনেধৰণৰ
মানসিক সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে।

মানসিক অৱসাদৰ পৰা পৰিত্ৰাণৰ উপায় …..
এটা কথা কোৱা হয় যে, আমাৰ জীৱনটোৰ ১০ শতাংশ হ’ল প্ৰকৃত ঘটনা প্ৰবাহৰ সমাহাৰ
আৰু ৯০ শতাংশ হ’ল আমাৰ প্ৰতিক্ৰিয়াৰ সমষ্টি। গতিকে যি ঘটনা ই
মানসিক ভাৱে আমাক উদ্বিগ্ন কৰি তুলিব পাৰে, তেনে ঘটনাৰ
প্ৰতিক্ৰিয়া কমকৈ কৰিব পাৰিব লাগিব। কোনো আচৰণ কৰাৰ আগতেই চিন্তা বা বিচাৰ কৰি
চোৱাত গুৰুত্ব দিয়া উচিত। ভুল আচৰণ কৰি উঠি প্ৰতিক্ৰিয়াশীল হোৱাটো অবিবেচক কৰ্ম।
কৰাৰ আগতে ভবাই শ্ৰেয়।

বৰ্তমান কৰ’না
সৃষ্ট পৰিস্থিতিত মানসিক অৱসাদে জুৰুলা কৰা সমাজত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহু
কেইটা উপায় অৱলম্বন কৰিব পৰা যায়। প্ৰকৃততে ই এক বহল
পৰিসৰৰ বিষয়। দুশ্চিন্তা, মানসিক চাপ বা উদ্বিগ্নতাৰ
প্ৰতিৰোধ বা প্ৰশমন কৰিবলৈ যাওঁতে অনেক দিশ সামৰিব লগা হয়।

১/ ইতিবাচক দৃষ্টিভংগী প্ৰতি দিনে পুৱা যদি এটা ধনাত্মক
চিন্তাৰে দিনটোৰ আৰম্ভণি কৰিবলৈ চেষ্টা কৰা হয় আৰু ঋণাত্মক চিন্তাৰ পৰা আঁতৰি থকাৰ
প্ৰয়াস কৰো তেন্তে নিশ্চয় প্ৰতিকূল পৰিস্থিতিটো নিজক সবল কৰি ৰাখিব পৰা যাব ।
প্ৰতিটো কথা বা কামৰে ভাল বেয়া দুটা দিশ থাকে। ভাল দিশটো চাব জানিলে বহু ক্ষেত্ৰত
কামবোৰ সহজ হৈ পৰে।

২/ পৰিস্থিতিক
প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰা পৰিস্থিতিৰ সন্মুখীন হবলৈ সাহসী হব লাগিব। সমস্যাৰ
পৰা পলায়ন নকৰি তাক প্ৰত্যাহ্বান ৰূপে গ্ৰহণ কৰিব পাৰি। উদাহৰণস্বৰূপে বৰ্তমান
কৰোনাৰ কবলত পৰি চাকৰি যোৱা এজন লোকে যদি কিয় এনে হল বুলি বহি থাকে, তেন্তে নিশ্চিত ভাৱে
তেওঁক মানসিক অৱসাদে আগুৰি ধৰিব। তাৰ সলনি অন্য ব্যৱসায় বা জীৱিকাৰ সন্ধান কৰাহে
উপযুক্ত হব।

৩/ এটা ভাল লগা
কাম প্ৰত্যেক ব্যক্তিৰে সম্পূৰ্ণ নিজাকৈ কিছুমান ভাল লগা কাম থাকে। সেই কামবোৰ হাজাৰ
ব্যস্ততাৰ মাজতো কৰিবলৈ চেষ্টা কৰা উচিত। লকডাউনৰ দৰে সময় ইয়াৰ বাবে খুবেই সুন্দৰ।
নিজৰ ভাল লগা কামে মানসিক ভাৱে যথেষ্ট প্ৰশান্তি প্ৰদান কৰে। সৃষ্টিশীল কামে শক্তি দিয়ে। মানসিক অস্থিৰতা দূৰ কৰাত ইয়াৰ
গুৰুত্ব অধিক।

৪/ শাৰীৰিক
অনুশীলন শাৰীৰিক শ্ৰম আৰু নিয়মিত ব্যায়ামে মানুহক শাৰীৰিক ভাৱে সুস্থ কৰাৰ লগতে
মানসিক ভাৱেও যথেষ্ট সকাহ দিয়ে। এই ক্ষেত্ৰত যোগ অতি শক্তিশালী বুলি কব পাৰি।
যোগাসন মানসিক অস্থিৰতা দূৰ কৰাত ফলপ্ৰসূ মাধ্যম।

৫/আনন্দ উপভোগ সামগ্ৰিক পৰিবেশত চাৰিওফালৰ পৰা প্ৰতি দিনে ভাল নলগা খবৰ
বোৰ আহিবলৈ ধৰিছে। এনে পৰিস্থিতিত নিজক মানসিক ভাৱে সুস্থ ৰাখিবলৈ হাস্যৰসৰ কিতাপ
পঢ়া, চিনেমা
চোৱা , পৰিয়াল বা বন্ধুৰ লগত ফুৰ্তি কৰা আনন্দ কৰা খুবেই
প্ৰয়োজন। হাঁহি আমাৰ জীৱনৰ মহৌষধ।

৬/অৱগতকৰণ নিজৰ মনৰ কথাবোৰ, মনৰ ভিতৰত চলি থকা
যুজঁ খনৰ কথাবোৰ যি কোনো এজন সুভাকাংখীৰ আগত ব্যক্ত কৰাটো খুবেই আৱশ্যক। মনৰ
বোজা পুহি নাৰাখি আনৰ লগত আলোচনা কৰিলে বহু পৰিমাণে মানসিক সকাহ লাভ কৰা যায়।ইয়াৰ
লগতে ভাল শ্ৰোতা হোৱা ও উচিত।

৭/ অত্যাধিক আশা পৰিহাৰ
মানুহৰ আশা, উচ্চাকাংক্ষ ৰ শেষ নাই। কিন্ত ইয়ে মানসিক ভাৱে আমাক যথেষ্ট কষ্ট দিয়ে।
বিশেষকৈ বৰ্তমান পৰিস্থিতিত অত্যাধিক আশা পৰিহাৰ কৰা আৰু আনৰ প্ৰসংশা , মন্তব্য লৈ আশা নকৰি নিজক সুস্থিৰ কৰি ৰখাহে আৱশ্যক।

৮/ সংগীত, প্ৰাৰ্থনা সংগীত অতি
শক্তিশালী মাধ্যম। মানসিক অৱসাদ দূৰ কৰাত ইয়াৰ ভূমিকা অধিক। প্ৰাৰ্থনা ই মনৰ ধূলি
মাকটি আঁতৰ কৰে। সকলোৰে ভাল হওঁক বুলি প্ৰাৰ্থনা কৰিব পাৰিলে মানসিক চাপ বহু
পৰিমাণে কমিব পাৰে।

৯/ক্ষমা , ঈৰ্ষাহীনতা মানসিক
চাপ বৃদ্ধিৰ এক কাৰণ হৈছে, আনৰ উন্নতিত ঈৰ্ষা হোৱা। লগতে আনে
দিয়া মনোকষ্ট বহু দিন আমাৰ বুকুত থাকি যায় আৰু সেই নিৰ্দিষ্ট ব্যক্তিজনৰ প্ৰতি এক
খং থাকে। মানসিক অৱসাদ বৃদ্ধি কৰাত এইবোৰৰ অৱদান অধিক। ক্ষমা এক মহান গুণ। সহজে
আনক ক্ষমা কৰিব পাৰিলে আৰু ঈর্ষা ৰ ত্যাগ কৰিব পাৰিলে মানসিক শান্তি পোৱা যায়।

১০/ বিশ্ৰাম বিৰামহীন শ্ৰমে
মানসিক শান্তিত ব্যাঘাত জন্মায়। অতিৰিক্ত উপাৰ্জনৰ চিন্তাইও অহৰহ মন মগজুত ক্ৰিয়া
কৰি টোপনিত বাধাৰ সৃষ্টি কৰে। ৰাতি ছয় ঘণ্টা টোপনি যোৱাটো স্বাস্থ্যৰ বাবে অতি
আৱশ্যকীয় । তেতিয়া হে পিছদিনাৰ বাবে নিজক সতেজ অনুভৱ কৰিব পাৰি। সাম্প্ৰতিক পৰিস্থিতিয়ে প্ৰায় সকলোকে বিভিন্ন
প্ৰকাৰে জুৰুলা কৰিছে। সেয়ে এই সময়ত আনক দেখুৱাবলৈ কিবা কৰাতকৈ প্ৰয়োজন অনুসৰি আৰু সাধ্যানুসৰিহে সকলো কাম কৰা
উচিত।

মিতব্যয়িতা আৰু সাঁচতীয়া
স্বভাৱ উপযুক্ত সময়ত সদায় সহায়ক হয়। বিপদৰ সময়ত পৰিয়াল, বন্ধু-বান্ধৱ তথা সমাজৰ আন মানুহৰ লগত যথাসম্ভৱ ভাল সম্পৰ্ক ৰক্ষা কৰি
চলিব লাগে। ই আমাৰ মনোবল বৃদ্ধি কৰে, সাহস দিয়ে। সহজ-সৰল
জীৱন ধাৰণ আৰু উচ্চ চিন্তা কৰাৰ মানসিকতা গঢ়ি তোলা আৱশ্যক। ইয়ে আমাক মানসিক
উদ্বিগ্নতাৰ পৰা বহু পৰিমাণে সকাহ দিব।

ইলেকট্ৰনিক মিডিয়া, ছ’ছিয়েল মিডিয়া আদিয়েও
কেতিয়াবা অযথা মানসিক ভাৱে হাৰাশাস্তি কৰে। সেয়ে পৰাপক্ষত সেই সমূহ এনে পৰিস্থিতিত
সীমিত আৰু সদৰ্থক খবৰৰ বাবেহে ব্যৱহাৰ কৰা উচিত।

গঠনমূলক কামত নিজক ব্যস্ত ৰাখিব পাৰিলে মানসিক চাপ লবলৈও হয়টো সময়ৰ
অভাৱ হব। সেয়ে এখন সুশৃঙ্খলিত ৰুটিন নিজৰ মাজতে তৈয়াৰ কৰিব লব লাগে। বৰ্তমান সময়ত
বিশেষকৈ যুৱ-প্ৰজন্মৰ মাজত এনেধৰণৰ মানসিক চাপে মানসিক ব্যাধিৰ ৰূপ ধাৰণ কৰা দেখা
গৈছে। বহু যুৱক-যৱতীয়ে এনে মানসিক সমস্যাত ভুগি আত্মহত্যাৰ পথ বাছি লৈছে। সেয়েহে
এনে সময়ত মানসিক অৱসাদে যাতে আমাক গ্ৰাস কৰিব নোৱাৰে ইয়াৰ বাবে সজাগ সচেতন আৰু
ধনাত্মক হৈ থকাটো অতি প্ৰয়োজন। মানসিক অৱসাদ এক মানসিক ৰোগ। ইয়াৰ কৱলত নপৰাকৈ নিজৰ
লগতে চৌপাশক আৱৰি ধৰি ৰাখোঁ আহক। মানসিক উদ্বেগক ধনাত্মক ভাৱে ব্যৱহাৰ কৰি এখন
সুস্থ সমাজ গঢ়াৰ দায়িত্ব আমাৰ সকলোৰে হাতত।

সামৰণি ..
ঘূৰ্ণীয়মান বিশ্বত মানৱসৃষ্ট
ভাইৰাছে মানৱৰ স্বপ্নক অস্থিৰ কৰি তুলিছে। আমি আশাবাদী, অতি
সোনকালেই এই পৰিৱেশৰ অন্ত পৰিব আৰু মানসিক অৱসাদ লাহে লাহে
সকলোৰে মাজৰ পৰা আঁতৰি যাব।

ঠিকনা:
হেঙেৰাবাৰী, গুৱাহাটী ৯১০১৩৪১২২৭