সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

 পঙ্কজ প্ৰতিম বৰদলৈ

 

 শ্বায়েৰী
হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷  মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ
অটল তলিত আঘাত কৰি হয়তো ই পুৰণি ক্ষত শুকুৱা
য়, অথবা ই দি যায় সেই ঘাতে নতুন
যাতনা৷
শ্বায়েৰীসমূহ কবিতা হৈও কবিতাৰ উৰ্ধ্বৰ এক আমেজ, এক বিদ্ৰোহ,
হুমুনিয়াহ, হাঁহি৷  প্ৰাত্যাহিকতা আৰু হৃদয়ৰ
উত্তুংগ আৱেগৰ মাজৰ কিছু শব্দময় খেলা৷
হিন্দী আৰু উৰ্দু সাহিত্যৰ সমসাময়িক
শ্বায়েৰীৰ কথা আলোচনা কৰিলে কেইজন
মান আগশাৰীৰ শ্বায়েৰৰ আলোচনা প্ৰয়োজনীয়৷ বছিৰ বদ্ৰযদি তেওঁৰ শ্বায়েৰীৰ যন্ত্ৰণাময়ী কৰুণতাৰ
বাবে জনাজাত, নিদা ফাজলীৰ শ্বায়েৰীত আছে নীৰৱ বিদ্ৰোহৰ প্ৰতিফলন৷ আকৌ ৰাহাত ইন্দোৰীৰ শ্বায়েৰীত আছে অগ্নিময় ঝংকাৰ,
এক প্ৰতিবাদী স্ফুলিংগ৷ মীৰ্জা গালিব আৰু মীৰ
টকী মীৰৰ পুৰণি শ্বায়েৰীৰদ্বাৰা প্ৰভাৱিত এইসকল কবিয়ে উৰ্দু আৰু হিন্দী কবিতাক
দিছিল আধুনিক ৰূপ, যি পথৰ কাষৰ চাহৰ দোকানত বহি চাহ-চিগাৰেট খোৱাজনৰ পৰা ৰাতি টুইটাৰ
চলাই থকাজনকো সংযোগ কৰিব পাৰিছিল৷  
 

বছিৰ
বদ্ৰ
ৰ শ্বায়েৰী
মানে আন্ধাৰত কোনোবাই ফুচফুচাই কোৱা গোপন কথা৷  কোমল কথা, কিন্তু
প্ৰেমৰ গভীৰতা, বিষণ্ণতা আৰু মনৰ হাঁহাকাৰেৰে গধুৰ বিষয়বস্তু৷  যাতনাক এক নিভৃত অনুভূতিলৈ পৰিৱৰ্তন কৰাৰ এই কলা
বছিৰ বদ্ৰ
ৰ আছে 

“হৰ ধৰকতে পত্থৰ কৌ লৌগ
দিল সমঝতে হে

ওম্ৰ বীত জাতী হে দিল
কৌ দিল বনানে মে।”
 

মানুহে প্ৰায়ে বাহ্যিক বস্তুবোৰক গুৰুত্ব দিয়ে, কিন্তু প্ৰকৃত হৃদয়ক চিনাক্ত
কৰাটো এটা দীঘলীয়া আৰু গভীৰ প্ৰক্ৰিয়া৷  এই
গভীৰ প্ৰক্ৰিয়াৰ সৈতে নিষিক্ত হোৱাৰ পাছত
ৰমন্যাসৰ তীক্ষ্ণ ধাৰত কবি ক্ষত-বিক্ষত
হৈছে৷  
বছিৰ বদ্ৰ’ৰ শ্বায়েৰীয়ে
প্ৰেমাস্পদৰ আসন্ন বিদায়ক লৈ শংকিত হৈ পৰিছে৷  
কবিক বিহ্বল
কৰি তুলিছে এক সুতীব্ৰ ভালপোৱা আৰু
সেয়ে
বিচ্ছেদৰ যন্ত্ৰণা প্রকাশ কৰিছে শ্বায়েৰীৰ জৰিয়তে

“তুম মুঝে ছৌড় কে যাৱগে
তৌ মৰ যাওঁগা,

য়ু কৰৌ যানে সে পেহলে
মুঝে পাগল কৰ দৌ৷
 


যেন প্ৰেম আৰু স্মৃতিৰ সেই ঐন্দ্ৰজালিক বৃত্ত, য
ৰ পৰা কোনো পলায়ন নাই, প্ৰেমাস্পদৰ
চিন্তা আৰু স্মৃতি চক্ৰাকাৰে ঘূৰি থাকে মাথোঁ
 সেয়ে তেওঁ কৈছে

ওচকো
ভুলনে
কি দো
ৱা মাংতে হে, ঔৰ দোৱা মে
ওচকী য়াদ আতী হেঁ৷  

বছিৰ
বদ্ৰ
ৰ শ্বায়েৰীয়ে
মনত পেলাই দিয়ে বুকুত বহুদিনৰ পৰা কঢ়িয়াই লৈ ফুৰা অনামী নিস্তব্ধ যাতনাৰ নাম৷  ইয়াৰ বাবে তেওঁ কিবা জটিল শ্বায়েৰীৰ সহায় নলয়৷ তেওঁৰ
প্ৰয়োজনো
 নহয়৷ তেওঁৰ শব্দবোৰ সোমাই আহে আৰু থিতাপি লয় খিৰিকীৰ কাঁচত
বৰষুণৰ ছিটিকণিৰ দৰে৷  
 

আধুনিক
উৰ্দু গজলৰ এক বিখ্যাত নাম বছিৰ বদ্ৰ
ৰ লিখন শৈলীত মানুহৰ হৃদয়ৰ গভীৰভাৱে
অনুৰণন ঘটে৷  তেওঁৰ শ্বায়েৰীয়ে এক জন্মগত সৰলতাক
প্ৰতিফলিত কৰে আৰু আৱেগিক গভীৰতাৰ উপস্থিতিয়ে মন মগজুত স্থায়ী প্ৰভাৱ পেলায়৷  বছিৰ বদ্ৰ
ৰ লেখাত সম্পৰ্কৰ জটিলতা, আৱেগৰ
ভংগুৰতা আৰু স্মৃতিৰ পথত ৰৈ থকা নষ্টালজিয়াৰ মূৰ্ত প্ৰকাশ হয়৷  তেওঁৰ বিখ্যাত শ্বায়েৰী
ইছলিএ তৌ য়হা
অৱ ভী অজনৱী হুঁ মে
, তমাম লৌগ ফৰিস্তে হেঁ আদমী হুঁ মে
মানৱ সংযোগ, মানৱীয় সম্পৰ্কৰ আৱেগিক অস্পষ্টতাক সুন্দৰকৈ এই শাৰীকেইটাই ধৰি ৰাখিছে৷
 বদ্ৰ
ৰ শ্ৱায়েৰীয়ে প্ৰায়ে প্ৰেমৰ তিতা-মিঠা
স্বৰূপ আৰু মোহৰ লগত অহা দুৰ্বলতাক অন্বেষণ কৰে৷  তেওঁৰ পংক্তিবোৰে বিচ্ছেদ আৰু আকাংক্ষাৰ যন্ত্ৰণাক
বুজা
যদিও জীৱনৰ অভাৱনীয়তাক গ্ৰহণ কৰাটোও চিত্ৰিত কৰিছে৷   

আকৌ,
ছৰ ঝুকাওগে তৌ পত্থৰ দেৱতা হৌ জায়েগা ইতনা মত চ্চাহৌ উছে ৱৌ বেবফা হৌ
জায়েগা
 প্ৰেমৰ সীমাহীনতাক বুজাবলৈ তেওঁ আধ্যাত্মিকতাক আনিছে৷ ভালপোৱাৰ
গভীৰতাত থকা সংশয়কো প্ৰতিফলিত কৰিছে৷  
 

সমসাময়িক উৰ্দু শ্বায়েৰীৰ জগতৰ আন এগৰাকী দীপ্তিমান হৈছে
নিদা ফাজলী৷ সাধাৰণ মানুহৰ স্পন্দন বুজি পোৱা
এগৰাকী কবি৷ তেওঁৰ কবিতা মানৱতাবাদ আৰু সৰলতা গভীৰভাৱে শিপাই আছে, প্ৰায়ে দৈনন্দিন
অভিজ্ঞতা, সাধাৰণ মানুহৰ সংগ্ৰাম, অস্তিত্বৰ দাৰ্শনিক দ্বিধা-দ্বন্দ্ব, তেওঁৰ কবিতাত
প্ৰতিফলিত হৈছে৷  ফাজলীৰ পংক্তি আজিৰ পৃথিৱীত
প্ৰায়োগিকভাৱে প্ৰাসংগিক, কিয়নো ইয়াত পৰিচয়, সমাজৰ ভণ্ডামি আৰু বিশৃংখল পৃথিৱীত
অৰ্থৰ সন্ধানৰ বিষয়বোৰ স্পৰ্শ কৰা হৈছে৷  তেওঁৰ
এটা বিখ্যাত পংক্তি 

দুনিয়া জিছে কেহতে হেঁ, জাদু কা
খিলোনা হেঁ, মিল জায়ে তো মিট্টি হেঁ, খো জায়ে তো সোণা হেঁ”

বস্তুবাদী সময়ৰ ক্ষণস্থায়িত্বক, তথা জীৱনৰ ক্ষণভংগুৰতাৰ অন্তৰালৰ দাৰ্শনিকতাক
মাত্ৰ দুটা শাৰীত তেওঁ গভীৰ বুজাবুজিৰে প্ৰতিফলিত কৰিব পাৰিছে৷  

ঘৰ সে মছজিদ হেঁ বহুত দুৰ, চলৌ
য়ু কৰ লেতে হেঁ, কিছি ৰোতে হুৱে বচ্ছে কৌ হছায়া জায়ে

ফাজলী এনে এজন কবি আছিল যি এটা পংক্তিৰে সাধাৰণ লৌকিকতাক গভীৰ দাৰ্শনিক
অনুভৱলৈ ৰূপান্তৰিত কৰিব পাৰে৷ ওপৰৰ শাৰীটোৱে তেওঁৰ মানৱীয় দৃষ্টিভংগীক সামৰি লৈছে,
ভক্তিৰ ওপৰত মমতাৰ, মানৱীয়তাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ ফাজলীৰ শ্বায়েৰী যদিও উৰ্দু কবিতাৰ পৰম্পৰাত সিক্ত,
আৰু কিছু পৰিমাণে ৰক্ষণশীল, তথাপিও সকলো প্ৰজন্মৰ মানুহৰ মাজত অনুৰণন কৰিব পৰা ভাষাৰ
বাবে তেওঁৰ শ্বায়েৰীয়ে সহানুভূতি আৰু মানৱীয় সংযোগৰ সৰল অথচ গভীৰ আনন্দৰ কথা সোঁৱৰাই
দিয়ে৷

এইসকলৰ মাজত নিজৰ স্বকীয় শৈলীৰে প্ৰসিদ্ধ আন এজন শ্বায়েৰ হল ৰাহত ইন্দোৰী৷
ৰাহত ইন্দোৰী আছিল বিদ্ৰোহ, প্ৰতিবাদ আৰু আৰু অগ্নিস্ফুলিংগৰ কবি৷  তেওঁৰ শ্বায়েৰীৰ শাণিত ধাৰাল তীব্ৰতাই শ্ৰোতাৰ অন্তৰত
অগ্নিময় অনুভূতি দিয়ে৷  ইন্দোৰীৰ কবিতাই সমাজ,
ৰাজনীতি, অন্যায়ৰ অস্বস্তিকৰ সত্যবোৰক নগ্নভাৱে উদঙাই দিবলৈ সংকোচ কৰা নাছিল৷  শ্বায়েৰীৰ সচৰাচৰ কোমলতাৰ পৰা বহু যোজন দূৰৈত আছিল
তেওঁৰ কবিতা৷ তেওঁৰ কবিতাত আছিল মতৰ অনৈক্যৰ কণ্ঠ, চৌপাশৰ ভণ্ডামি আৰু দুৰ্নীতিক প্ৰকাশ কৰাৰ তাগিদা৷ ৰাহত ইন্দোৰীৰ পংক্তিত
থকা ধুমুহাৰ তীব্ৰতাত শ্ৰোতাসকল মন্ত্ৰমুগ্ধ হৈ পৰিছিল 

আগৰ খিলাফ হেঁ হোনে দৌ, জান থোড়ী
হেঁ,

য়ে চব ধুৱাঁ হে,

কৌই আছমান থোড়ী হেঁ৷ 

ক্ষমতাৰ আগত সত্য কবলৈ তেওঁৰ অদম্য সাহস আৰু দৃঢ়তাৰ প্ৰমাণ৷  ইন্দোৰীৰ কবিতাই প্ৰতিবাদ আৰু প্ৰতিৰোধৰ সাৰমেয়তাক
প্ৰকাশ কৰিছিল, যিসকলে স্থিতিস্থাপকতাক প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল তেওঁলোকক,
তেওঁৰ কবিতাই আশ্ৱাস প্ৰদান কৰিছিল 

জো আজ চাহিবে মচনদ হে কল নহী হৌংগে

কিৰায়েদাৰ
হে, জাতি মকান থোড়ী হেঁ

ক্ষমতাৰ
অস্থায়িত্ব আৰু সময়ৰ তীব্ৰতাৰ আগত হাজাৰ ৰাজনীতিও বিতত, ৰাহত ইন্দোৰীৰ কবিতাই বাৰে
বাৰে সোঁৱৰায়৷  

তলৰ পংক্তিটো সাম্প্ৰদায়িকতাবাদ আৰু বিভাজনকাৰী
ৰাজনীতিৰ বিৰুদ্ধে এক সমবেত চিঞৰত পৰিণত হৈছিল৷  অতুলনীয় তীব্ৰতাৰে ইন্দোৰীৰ কণ্ঠত আছিল প্ৰান্তীয়
আৰু নিপীড়িতসকলৰ, তেওঁলোকৰ যন্ত্ৰণা আৰু ক্ৰোধৰ প্ৰতিধ্বনি৷

চভী কা খুন হেঁ চামিল য়হা কি মিট্টি মে

কিছি
কে বাপ কা হিন্দুস্তান থোড়ী হেঁ
 

সমসাময়িক শ্বায়েৰীৰ জগতখনক মোহাছন্ন কৰি থোৱা
এটা নাম হ
ল-গুলজাৰ৷  গুলজাৰৰ শ্বায়েৰীৰ  এটা সংজ্ঞায়িত বৈশিষ্ট্য হল তেওঁৰ শব্দৰ অৰ্থনীতি৷  অলংকৃত
চিত্ৰকল্প আৰু বাক্যবাচক উপমাত বিলাসিতা কৰা পৰম্পৰাগত উৰ্দু কবিসকলৰ দৰে নহৈ, গুলজাৰে
প্ৰায়ে তীব্ৰ আৱেগ প্ৰকাশ কৰিবলৈ সংক্ষিপ্ততাৰ ওপৰত নিৰ্ভৰ কৰে৷  উদাহৰণস্বৰূপে, তেওঁৰ বিখ্যাত পংক্তি

দিল
ধুন্দতা হায় ফিৰ ৱাহি ফুৰছাট কে ৰাত দিন,

বেথে ৰহেঁ তাছাভভুৰ-এ-জানা কিয়ে হুয়ে৷ ” 

গুলজাৰে গভীৰ নষ্টালজিয়াক অনুকৰণ কৰে, গভীৰ
আৱেগিকতাক প্ৰকাশ কৰিবলৈও পোনপটীয়া ভাষা ব্যৱহাৰ কৰে৷  তেওঁৰ কবিতা কেৱল প্ৰেমৰ বিচ্ছিন্নতাৰ কবিতা নহয়,
হেৰুৱা সময়ৰ কবিতাও যি সৰল অতীতৰ পৰা বিচ্ছিন্ন, আধুনিক, নগৰীয়া পাঠকৰ নষ্টালজিয়াক
অনুৰণন ঘটোৱা এটা বিষয়বস্তু৷
 

গুলজাৰৰ শৈলীৰ আন এটা উপমা হল তেওঁৰ উদ্ভাৱনীমূলক চিত্ৰকল্প৷  তেওঁ পৰম্পৰাগত শৈলীত  ব্যাপ্ত হৈ আছে যদিও গুলজাৰৰ উপমাসমূহ সমসাময়িক
আৰু প্ৰায়ে হৃদয়স্পৰ্শী৷  তেওঁৰ পংক্তিত-
 

ৰবি
কে পাৰ এক ঘৰ বনা লো,

আৰু উছমেইন তুম ৰেহনা৷ ” 

ভাৰতৰ বিভাজন গুলজাৰৰ শ্বায়েৰীৰ অন্যতম বিষয়বস্তু৷
 ইয়াত ৰবি নদী — বিভাজন আৰু স্থানচ্যুতিৰ প্ৰতীক
— শান্তি আৰু নিজৰ বুলি ভবাৰ এক অপ্ৰাপ্য সপোনৰ উপমা হৈ পৰে৷  গুলজাৰে ব্যক্তিগত ক্ষতিক সামূহিক আঘাতৰ সৈতে নিপুণভাৱে
জড়িত কৰিছে, যিটো বিষয় তেওঁৰ শ্বায়েৰীত পুনৰাবৃত্তিমূলক, আৰু মূলত ভাৰত বিভাজনৰ
অভিজ্ঞতাৰ দ্বাৰা প্ৰভাৱিত৷ গুলজাৰৰ শ্বায়েৰীত প্ৰায়ে সাহিত্যিক, পৌৰাণিক আৰু চিনেমাৰ
মটিফৰ উল্লেখ কৰা হয়৷  উচ্চ শিল্প আৰু জনপ্ৰিয়
সংস্কৃতিৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে তেওঁৰ ৰচনা উল্লেখযোগ্য, যিটো হিন্দী চিনেমাৰ
বাবে তেওঁৰ গীতিময় ৰচনাত দেখা যায়, য
ত তেওঁৰ কবিতাৰ
জটিলতা মূলসুঁতিৰ আখ্যানৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ আছে৷  গুলজাৰৰ শ্বায়েৰীৰ এটা সুক্ষ্ম কিন্তু স্থায়ী দিশ
ল তেওঁৰ অস্তিত্বৰ অন্বেষণ৷  তেওঁৰ কবিতাই প্ৰায়ে অস্থায়িত্ব, স্মৃতি আৰু নিসংগতাৰ
বিষয়বস্তুৰ সৈতে যুঁজি থাকে৷
 

ছাম
সে আঁখ মেইন নমি চি হে, 

আজ ফিৰ আপকি কমি চি হে৷ ” 

কুঁৱলীবোৰ চকুলো আৰু অমীমাংসিত আৱেগৰ উপমা হৈ
পৰে, মানুহৰ সংযোগৰ ক্ষণস্থায়ী প্ৰকৃতিক ই সামৰি লয়৷  গুলজাৰৰ শ্বায়েৰীয়ে পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণ
প্ৰতিফলিত কৰিছে, যিয়ে পাঠকসকলক গভীৰভাৱে আৱেগিক অথচ বৌদ্ধিকভাৱে উদ্দীপিত অভিজ্ঞতা
প্ৰদান কৰে৷  তেওঁৰ কবিতাৰ চিৰস্থায়ী আবেদনত
নিহিত হৈ আছে মানৱ আৱেগৰ জটিল সূক্ষ্মতাক মাৰ্জিত আৰু অনাড়ম্বৰ দুয়োটা ভাষাত ধৰি
ৰখাৰ ক্ষমতা৷  পৰম্পৰাগত ৰূপ আৰু বিষয়বস্তুত
নতুন জীৱনৰ সঞ্চাৰ ঘটাই গুলজাৰে ঊৰ্দু কবিতাৰ পৰিসৰ বৃদ্ধি কৰাই নহয় আধুনিক ভাৰতৰ
সাহিত্যিক আৰু সাংস্কৃতিক চেতনাতো এক স্থায়ী স্ৱাক্ষৰ ৰাখিব পাৰিছে৷
 

সমসাময়িক শ্বায়েৰীৰ সৌন্দৰ্য নিহিত হৈ আছে
ইয়াৰ অমলিন স্বকীয়তা অক্ষুণ্ণ ৰাখি বিকশিত হোৱাৰ ক্ষমতাত৷ ই মুছাইৰা সংস্কৃতিৰ অভিজাত সমাৱেশৰ পৰা ডিজিটেল
প্লেটফৰ্মলৈ নিৰৱচ্ছিন্নভাৱে পৰিৱৰ্তন হৈছে, আৰু যুৱ কবি আৰু উৎসাহীসকলে পৰম্পৰাটোক
জীয়াই ৰাখিছে৷  সমকালীন শ্বায়েৰীত ধ্ৰুপদী
ৰূপ শিপাই থকাৰ বিপৰীতে ই এনে এক ভাষা কয় যিটো সজীৱ, প্ৰাসংগিক আৰু সমসাময়িক বাস্তৱতাক
প্ৰতিফলিত কৰা৷  বছিৰ বদ্ৰ, নিদা ফজলী, আৰু
ৰাহত ইন্দোৰী, গুলজাৰ, জাৱেদ আখতাৰ আদিৰ কণ্ঠই এই প্ৰজন্মৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত
কৰি আহিছে, যি নিৰন্তৰ প্ৰেম, প্ৰতিবাদ, পৰিচয়ৰ নতুন মাত্ৰা অন্বেষণ কৰি আছে৷

 

 ঠিকনা :

উপ-সঞ্চালক, ৰাষ্ট্ৰপতি ভৱন, নতুন দিল্লী

ভ্ৰাম্যভাষ – ৮৮০০৯৪৮৮০৮

নতুন দিল্লী