ব্যক্তি, ব্যক্তিত্ব, সমাজ আৰু প্ৰতিষ্ঠান

 পংকজ প্ৰতিম বৰদলৈ

  

একবিংশ শতিকাৰ
আৰম্ভণিৰ বৰ্ষকেইটাত ৰাজ্যখনৰ এখন মফচলীয় চহৰৰ গ্ৰাম্য অঞ্চল এটাৰ পৰা পোনেই আহি
দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু এখন প্ৰকৃত মহানগৰৰ বাসিন্দা হৈছিলোঁহি৷ নীৰৱে-নিজানে বৈ
থকা এখন নদী’-ৰ পৰা আহি এসাগৰপানীত
ককবকাই থকা এমুঠি মাছৰ দৰে অৱস্থা হৈছিল৷ প্ৰায় দুই দশক পূৰ্বৰ সেই সময়ৰ লগত
বৰ্তমান সময় আৰু পৰিস্থিতিৰ পাৰ্থক্য আছে৷ দিল্লী চহৰত তেতিয়া দ্ৰুত গতিত কিছু
উন্নয়নৰ কাম চলি আছিল আৰু অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰাজয়ৰ
পাছত ড মনমোহন সিঙে শপত গ্ৰহণ কৰাৰ কিছুদিন পাছতে আমি ছাত্ৰ হিচাপে দিল্লী
চহৰত উপস্থিত হৈ
, প্ৰথম আকৰ্ষণ অনুভৱ কৰা বিষয়টো আছিল,
চহৰখনৰ বিভিন্ন অঞ্চলত সেউজীয়া বৰ্ড লগাই চলি
থকা নিৰ্মাণ কাৰ্য৷ দিল্লী মেট্ৰ
ৰ নিৰ্মাণকাৰ্য চলি আছিল
আৰু ২০০৫ চনলৈ দ্বিতীয় পৰিসৰৰ কামৰ প্ৰকল্প সামৰি ৰাইজৰ ব্যৱহাৰৰ বাবে দিয়াৰ আঁচনি
গ্ৰহণ কৰা হৈছিল৷ খুউব শৃংখলাবদ্ধভাৱে আৰু নিয়াৰিকৈ দিল্লী মেট্ৰ
ৰ কামবোৰ হৈ থকা দেখিছিলোঁ৷ সেই তেতিয়াৰে পৰা দিল্লী চহৰৰ পূৰ্ণকালীন
নিবাসী হোৱালৈকে এই সময়ছোৱাত দিল্লী মেট্ৰ
ৰ কাম-কাজ অতি
ওচৰৰ পৰা পৰ্যৱেক্ষণৰ সুযোগ পাইছোঁ৷ দিল্লী মেট্ৰ
ৰ সফলতাৰ
মূল কাৰণ আছিল প্ৰতিষ্ঠানটোৰ নিয়মানুৱৰ্তিতা তথা প্ৰতিষ্ঠানটিৰ নিজস্ব এক
ৱৰ্কিং মডেলগঢ়ি উঠাটো আৰু সৰ্বোপৰি ইয়াৰ মূল
স্থপতি ব্যক্তিজন আৰু তেওঁৰ ব্যক্তিত্ব৷ তেখেত আছিল ই. শ্ৰীধৰণ৷ প্ৰতিষ্ঠান এটা
গঢ়ি তোলাত ইয়াৰ নেতৃত্বপ্ৰাপ্ত লোকৰ কিমান গুৰুত্ব থাকে সেই কথা দিল্লী মেট্ৰ

আৰু শ্ৰীধৰণৰ সম্পৰ্কটোৱেই সোঁৱৰাই দিয়ে৷ নতুন ধৰণৰ প্ৰকল্প এটাৰ
বাবে প্ৰয়োজনীয় পৰিকল্পনা
, ইয়াৰ প্ৰায়োগিক প্ৰয়োগ আৰু
ৰাজহুৱা স্বাৰ্থৰ সংৰক্ষণ আদি বহু দিশ জড়িত হৈ থাকে
, এনে
বিষয়ত দক্ষ আৰু দূৰদৰ্শী নেতৃত্বৰ প্ৰয়োজনীয়তা সৰ্বাধিক৷

 

শ্ৰীধৰণৰ সময়ত
সম্পূৰ্ণ নিবিদাৰ প্ৰক্ৰিয়া (হেজাৰ কোটি টকীয়া নিবিদা)
, নিয়োগৰ ব্যৱস্থা তথা মানদণ্ড আৰু কৰ্ম সম্পাদনৰ সময়ৰ আদিৰ নিৰীক্ষণ আদি
অত্যন্ত  স্বচ্ছ প্ৰক্ৰিয়া আছিল৷ জনসাধাৰণৰ
সুৰক্ষাৰ দিশটোৱেও যথেষ্ট গুৰুত্ব পাইছিল৷ দিল্লীৰ মেট্ৰ
নিৰ্মাণত,
যদিও ই এক বৃহৎ প্ৰকল্প আছিল, কোনো বিশেষ বৃহৎ
দুৰ্ঘটনা হোৱা নাছিল৷ এবাৰ কোনো এঠাইত নিৰ্মিয়মান কোনো ফ্লাইঅ
ভাৰ খহি দুই এজন শ্ৰমিকৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত হৈছিল৷ শ্ৰীধৰণে ঘটনাৰ
নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল৷ পাছত দিল্লীৰ তদনীন্তন মুখ্যমন্ত্ৰী
আৰু প্ৰধানমন্ত্ৰীৰ অনুৰোধত পদত্যাগ উঠাই লৈছিল৷ শ্ৰীধৰণৰ সেই আদৰ্শ
মডেলৰ আধাৰতে আজিও দিল্লী মেট্ৰচলি আছে৷ শ্ৰীধৰণৰ ব্যক্তিত্ব, প্ৰতিভা, নেতৃত্বৰ গুণ, বিষয়বস্তুৰ জ্ঞান আদি দিল্লী মেট্ৰৰ সফলতাৰ অন্যতম কাৰণ৷ এইটোও এক অতি বিচাৰ্যৰ বিষয় যে যেনেধৰণে ৰাজহুৱা
ব্যৱস্থা আৰু উন্নয়নৰ দৰে এক স্পৰ্শকাতৰ বিষয় বা প্ৰতিষ্ঠানৰ সফলতা বহুসময়ত এজন
ব্যক্তিৰ ওপৰতেই আওপকীয়াকৈ নিৰ্ভৰ কৰে
, ঠিক তেনেদৰে ভাৰতৰ
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশেষকৈ পাৰমাণৱিক শক্তি
, ক্ষেপণাস্ত্ৰ নিৰ্মাণ বা অন্যান্য ক্ষেত্ৰতো এই সকলো প্ৰগতিৰ অন্তৰালত
আছিল একো একোটা প্ৰতিষ্ঠানৰ অৱদান৷ আকৌ
, এনে প্ৰতিষ্ঠানবোৰৰ
নিৰ্মাণ
, গঠনকে ধৰি সকলো ক্ষেত্ৰতে এচাম পুৰোধালোকৰ অৱদান
আছিল উল্লেখনীয়৷ যেনে হোমি জাহাংগীৰ ভাৱা
, বিক্ৰম চাৰাভাই,
ড০ এ.পি.জে আব্দুল কালাম, পি.চি. মহলানবিশ,
আন বহুতো৷ এইসকলৰ পাছৰ পৰ্যায়তো এই অনুষ্ঠানসমূহক নিজৰ গৰিমাৰে চলাই
যোৱা পাছৰ কালৰ লোকসকলো সমানেই প্ৰয়োজনীয়৷ গতিকে
, প্ৰতিষ্ঠান
এটাৰ প্ৰতিষ্ঠাৰে পৰা তাক সগৌৰৱে চলাই ৰখাৰ দায়িত্ব বহুপৰিমাণে সেই সংস্থাৰ
নেতৃত্বপ্ৰাপ্ত লোকসকলৰ বিচক্ষণতাৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰে৷ আকৌ
, শিক্ষানুষ্ঠান, গৱেষণা প্ৰতিষ্ঠান আদিৰ বাবেতো এনে
বিষয়সমূহ অতিকৈ প্ৰয়োজনীয়৷ বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠান
, যেনে
বিশ্ববিদ্যালয়, মাবিদ্যালয় আদিৰ
সফলতা বহু পৰিমাণে ইয়াৰ মূল কাণ্ডাৰীজনৰ ওপৰত নিৰ্ভৰশীল৷

ওপৰোক্ত
উদাহৰণসমূহ কেৱল ভাল উদাহৰণ৷ কিন্তু একেসময়তে এনে বহু উদাহৰণ ওলাব
, ত এজন অদক্ষ ব্যক্তিৰ অদূৰদৰ্শিতাই আৰু অন্যান্য
অনিয়ম
, অনীতি, কেলেংকাৰীয়ে এটা বৃহৎ
অনুষ্ঠানৰ গৰিমা লাঘৱ কৰাৰ লগতে ইয়াৰ ভৱিষ্যতে বেয়া কৰি দিয়ে৷  কোনো এক প্ৰতিষ্ঠানৰ প্ৰতি থকা সাধাৰণ ৰাইজৰ
আস্থা আৰু বিশ্বাসক বৰ্তাই ৰখা যিমান সহজ নহয়
, আকৌ কোনো
প্ৰতিষ্ঠানক পুনৰ প্ৰতিষ্ঠাও সহজ নহয়৷ টি এন শেষাণৰ পূৰ্বে নিৰ্বাচন আয়োগৰ ক্ষমতা
আৰু শক্তিৰ বিষয়ে সাধাৰণ জনতা ভালকৈ অৱগতই নাছিল৷ শেষাণে নিৰ্বাচন আয়োগক এক স্বকীয়
মৰ্যাদা দিয়াত সফল হ
ল৷ 
তাৰ পাছৰ পৰ্যায়তো বহুবোৰ দিশত নিৰ্বাচন আয়োগৰ মাজলৈ বহু পৰিৱৰ্তন আহিছে৷

 

প্ৰতিষ্ঠানসমূহৰ
নেতৃত্বৰ লগতে যিকোনো ধৰণৰ সমস্যাৰ মোকাবিলা কৰিবৰ বাবেও বহু সময়ত বিচক্ষণতা আৰু
দক্ষতাৰ লগতে সৱল নেতৃত্বৰ প্ৰয়োজন আছে৷ আকৌ যদি সেই ধৰণৰ সংকট সম্পূৰ্ণ নতুন আৰু
পূৰ্বতে নঘটা ধৰণৰ হয়
, তেতিয়া প্ৰয়োজনতকৈও অধিক দক্ষতাৰ প্ৰয়োজন
হয় আৰু প্ৰয়োজন হয় কেৱল সৱল নেতৃত্বৰ৷ কভিড মহামাৰীৰ সময়ত এনেধৰণৰ সমস্যাৰ
সন্মুখীন জনসাধাৰণ হৈছিল৷ বহুসময়ত চৰকাৰে জাৰী কৰা জাননী বা কভিডবিধিসমূহৰ মাজত
সামঞ্জস্য নাছিল৷ অসমত ৰাস্তাৰৰ ইপাৰৰ দোকান খোলা
, সিপাৰৰ
বন্ধ
, এটা চুবুৰী বন্ধ, আন এটা খোলা৷
চহৰ এখনৰ এক অংশ বন্ধ
, একাংশ খোলা আদি বহুধৰণৰ টোগলকীবিধি জাৰী কৰা দেখা গৈছিল৷ এইবোৰ আছিল ওপৰৰ
পৰ্যায়ৰ বিষয়াৰ নেতৃত্বৰ গুণ আৰু দূৰদৰ্শী দক্ষতাৰ অভাৱ৷ যদিও কথাটো লৈ অলপ
তৰ্ক-বিতৰ্ক আছে তৎসত্বেও
, প্ৰায় নিশ্চিত হোৱাৰ পাছতো চীনে
ভাৰত আক্ৰমণ নকৰাৰ এটা মূল কাৰণ আছিল ভাৰতৰ বিদেশমন্ত্ৰী এছ. জয়শংকৰৰ বিচক্ষণ
কূটনীতি৷ এছ. জয়শংকৰৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত থকা
নেটৱৰ্কিং
আৰু দক্ষ কূটনীতিয়ে দেশক সহায় কৰিছিল বুলি জনা যায়৷ গতিকে, সৱল নেতৃত্ব আৰু দক্ষতাই কেনেকৈ এক গভীৰ সংকটৰ পৰা দেশক উদ্ধাৰ
কৰিলে(বৰ্তমানলৈকে!)
, এছ. জয়শংকৰ তাৰ উদাহৰণ৷

 

বৰ্তমান সময়ৰ এক
তৎকালীন উদাহৰণ হৈছে মণিপুৰ৷ বিফল নেতৃত্ব
, অদক্ষতা আৰু দূৰদৰ্শিতাৰ
অভাৱৰ বাবেই আজি মণিপুৰৰ জুই জ্বলিছে আৰু সাধাৰণ জনতাই জীয়াতু ভূগিছে৷ বীৰেণ সিঙৰ
নেতৃত্বাধীন অদক্ষ মন্ত্ৰীসভা আৰু বিষয়া-অমাত্যবৰ্গৰ নেতৃত্বৰ অভাৱে এখন অতি
সম্ভাৱনাপূৰ্ণ ৰাজ্যক আৰু পঞ্চাছবছৰ পিছুৱাই লৈ গ
ল৷ ই কেৱল
মণিপুৰৰ দুৰ্ভাগ্য নহয়
, ই সমূহীয়াভাৱে আমাৰ সমাজ আৰু দেশৰে
দুৰ্ভাগ্য৷

 

ইতিবাচক আৰু
মানসম্পন্ন পৰিৱৰ্তনৰ বাবে এক
ভিচনআৰু তাৰ
প্ৰায়োগিক দিশবোৰৰ প্ৰয়োজনীয়তা আছে৷ এইক্ষেত্ৰত এক সবল নেতৃত্বইহে যিকোনো
প্ৰতিষ্ঠানৰ ক্ষেত্ৰত প্ৰয়োজনীয় গতিশীলতা প্ৰদান কৰিব পাৰে৷ প্ৰকৃত নেতৃত্বইহে এটা
প্ৰতিষ্ঠানৰ মূল্যবোধ
, চৰিত্ৰ আৰু সংস্থাগত প্ৰমূল্যৰ সুৰক্ষা
আৰু সময়সাপেক্ষ পৰিৱৰ্তনক গ্ৰহণ কৰি মূল কাঠামোক একেই ৰাখে৷
‘Good leaders
build good institutions, outstanding leaders developes institutes that last
long! নেতৃত্বৰ দক্ষতাৰ ওপৰতেই যে বহুসময়ত প্ৰতিষ্ঠান এটাৰ চৰিত্ৰ
নিৰ্ণিত হয়৷

 

এইখিনিতে পাঠকৰ
বাবে ইংৰাজী ভাষাৰ
Organization আৰু Institution শব্দ দুটাৰ অসমীয়া প্ৰতিশব্দ সংস্থাআৰু প্ৰতিষ্ঠানৰ মাজত থকা পাৰ্থক্যটো অলপ কৈ লওঁ৷ সংস্থা এটা এক নিৰ্দিষ্ট
উদ্দেশ্য লৈ এক ব্যক্তিসমষ্টিৰ দ্বাৰা স্থাপন হয়। সংস্থা এটাই আন্তৰিক প্ৰচেষ্টা
,
আভ্যন্তৰীণ নীতি-নিয়ম আদিৰ মাজেৰে এক প্ৰক্ৰিয়াৰ অংশীদাৰ হয়৷
নিৰ্দিষ্ট লক্ষ্যত সফলভাৱে উপনীত হ
লে বা এই প্ৰক্ৰিয়াৰ
মাজভাগতো সংস্থাৰ বিলুপ্তি ঘটিব পাৰে৷ কিন্তু প্ৰতিষ্ঠান এটা বেছি স্থায়ী
অনুষ্ঠান৷ বহুসময়ত প্ৰতিষ্ঠান এটা সামাজিক প্ৰয়োজনীয়তা
, চাহিদা
বা ৰাজহুৱা দাবীৰ ভিত্তিতো প্ৰতিষ্ঠা হয়৷
Esman and Blaire য়ে
প্ৰতিষ্ঠানক
‘Organizations which incorporate, foster and protect
normative relationships and action patterns and perform functions and sevices
which arevalued in the environment’ বুলি মন্তব্য কৰিছিল৷ গতিকে
প্ৰতিষ্ঠান স্থাপন কৰা সহজ হ
লেও, প্ৰতিষ্ঠান
এটাক সুচাৰুৰূপে চলাই নিয়াৰ যি এক প্ৰক্ৰিয়া
, সেয়া নিতান্তই
প্ৰতিষ্ঠানৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰশীল৷ বহুতো সংস্থাও পৰ্যায়ক্ৰমে প্ৰতিষ্ঠানলৈ
পৰিগণিত হ্য৷ সেয়াও এক নিৰন্তৰ প্ৰক্ৰিয়াৰ মজেৰেহে সম্ভৱ হৈ উঠিব পাৰে৷

 

প্ৰতিষ্ঠান
স্থাপন আৰু তাক কাৰ্যকৰীভাৱে সফলতাৰে চলাই নিয়াৰ ক্ষেত্ৰত উৎকৃষ্ট নেতৃত্বৰ
নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল বিশিষ্ট বিজ্ঞানী বিক্ৰম ছাৰাভাই্য়ে৷ ১৯৪৭ চনৰ
পৰা ১৯৭১ চনত মৃত্যুৰ সময়লৈকে তেখেতে প্ৰায় প্ৰতিবছৰ এটাকৈ প্ৰতিষ্ঠান স্থাপন
কৰিছিল৷ কেৱল প্ৰতিষ্ঠান নিৰ্মাণ কৰাই নহয়৷ ইয়াৰ প্ৰকৃত ব্যৱস্থাপনা
, পুঁজিৰ ব্যৱস্থা আদি দিশৰো গুৰুত্ব দিছিল৷ বিক্ৰম ছাৰাভাইয়ে স্থাপন কৰা এই
প্ৰতিষ্ঠানসমূহো আকৌ বিভিন্ন ক্ষেত্ৰত বাবে প্ৰতিষ্ঠা কৰা৷ ইয়াৰ বহুকেইটা
প্ৰতিষ্ঠান বৰ্তমান দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে সমাদৃত৷ বিক্ৰম ছাৰাভাইয়ে
প্ৰতিষ্ঠা কৰা কেইটামান প্ৰতিষ্ঠান হ
ফিজিকেল ৰিছাৰ্চ লেবৰেটৰি, আহমদাবাদ,
ইলেকট্ৰনিকছ্ কৰপৰেশ্বন অব ইণ্ডিয়া, বিক্ৰম ছাৰাভাই স্পেচ চেণ্টাৰ,
আহমদাবাদ টেক্সটাইল ইণ্ড্ৰাষ্টিজ ৰিছাৰ্চ এছশ্বিয়েশ্বন,
দৰ্পণ একাডেমি অব পাৰ্ফৰ্মিং আৰ্ট, আই.আই.এম,
আহমদাবাদ আদি৷

 

গতিকে এজন
প্ৰকৃত প্ৰতিষ্ঠান চলোৱাৰ দক্ষতা থকা ব্যক্তিৰ কেৱল বিষয়গত জ্ঞান থাকিলেই নহ
ব৷
মানৱীয় প্ৰমূল্যসমূহো থাকিব লাগিব৷ এইটো প্ৰকৃত দক্ষ নেতৃত্বৰ এক প্ৰয়োজনীয় গুণ৷
লক্ষ্য আৰু প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিব পৰা হোৱাৰ লগতে
, একেসময়তে
বিষয়া কৰ্মচাৰী সকলৰ উন্নয়ন
, অগ্ৰগতি আদিৰ প্ৰতিও প্ৰকৃত
ধ্যান দিব পৰা হ
ব লাগিব৷ নিজৰ বিষয়া-কৰ্মচাৰীৰ মাজত এক
বিশ্বাস আৰু আস্থাৰ পৰিৱেশ গঢ়ি তুলি
, এক বিচক্ষণ কৰ্ম পৰিৱেশ
গঢ়িব পৰাটোও সমানেই প্ৰয়োজনীয়৷ ভাৰতৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত টাটা গ্ৰুপক চিনাকী কৰাই
দিয়াৰ প্ৰয়োজন নাই৷ এক গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী টাটা গ্ৰুপৰ বৰ্তমানৰ বিকাশ আৰু
উন্নয়ন ৰতন টাটাৰ দক্ষতা আৰু নেতৃত্বৰ ওপৰত বহুদূৰ পৰিচালিত আছিল৷ আজি কেইবছৰ মানৰ
আগতে টাটা গ্ৰুপে ৰতন টাটাৰ উত্তৰসূৰী বিচৰাৰ এক কামত নিয়োজিত হৈছিল আৰু বহু
বিচাৰ-খোচাৰ কৰি শ্বাপূৰজী পালনজী গ্ৰুপৰ চাইৰাছ মিস্ত্ৰীক এই দায়িত্ব দিছিল৷
কিন্তু টাটা গ্ৰুপৰ লক্ষ্য আৰু উদ্দেশ্যক লৈ চাইৰাছ মিস্ত্ৰীৰ বিফলতাই পাছত তেওঁক
টাটা গ্ৰুপৰ মূখ্য কাৰ্যবাহী বিষয়াৰ পদৰপৰা অব্যাহতি দিয়াইছিল৷ এই লৈ আদালতত গোচৰ
আদিও চলিছিল৷ গতিকে কোনো এটা প্ৰতিষ্ঠানৰ নেতৃত্ব নিৰ্বাচন এক অতি প্ৰয়োজনীয় দিশ৷
বিক্ৰম ছাৰাভাই
, যি নিজেই এজন বিশিষ্ট নেতৃত্বৰ গুণ থকা
ব্যক্তি আছিল
, তেখেতে নিজে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানসমূহৰ
নেতৃত্বৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা আৰু সাৱধানতা গ্ৰহণ কৰিছিল৷ এটা
উদাহৰণ দিব বিচাৰিছোঁ৷

          

আহমদাবাদ
টেক্সটাইল ইণ্ডাষ্ট্ৰি ৰিছাৰ্চ এছ
শ্বিয়েশ্বনৰ প্ৰথমজন ফুলটাইম
সঞ্চালক বিচৰাৰ বাবে বিক্ৰম ছাৰাভাইয়ে বহুবছৰ সময় লৈছিল৷ ১৯৫৬ চনত
Helmut
Wakeham নামৰ এজন আমেৰিকান বিশেষজ্ঞক প্ৰথম সঞ্চালক নিয়োগ কৰা
হৈছিল৷ এই নিৰ্বাচনৰ বাবে বিক্ৰম ছাৰাভাইয়ে কেৱল বিষয়গত ব্যুৎপত্তি আৰু
ব্যৱস্থাপনাৰ গুণৰ ওপৰত ভৰষা কৰা নাছিল৷ প্ৰাৰ্থীজনৰ দূৰদৰ্শিতা
, প্ৰতিষ্ঠানক লৈ থকা সপোন বা আগ্ৰহ আদি বহুবোৰ দিশ চোৱা হৈছিল৷ এই
প্ৰতিষ্ঠান বৰ্তমান বিশ্বৰে এক আগশাৰীৰ প্ৰতিষ্ঠান৷ এইবোৰ একো একোটা উদাহৰণহে৷
মিছাইল আৰু পৰমাণু পৰীক্ষাৰ ক্ষেত্ৰখনত এ.পি.জে. আব্দুল কালামৰ নেতৃত্ব আৰু
দক্ষতাৰ কথা নিশ্চয় পুনৰাই কোৱাৰ প্ৰয়োজন নাই৷ তেনেকৈ আমাৰ দেশত স্থাপন হোৱা
আগশাৰীৰ বিশ্ববিদ্যালয় বা কলেজবোৰৰ প্ৰতিষ্ঠা আৰু পৰৱৰ্তী সময়ৰ ইয়াৰ উৎকৰ্ষৰ মাজত
একোজন যোগ্য ব্যক্তিৰ সৱল নেতৃত্বই সেই প্ৰতিষ্ঠানৰ বৰ্তমান আৰু ভৱিষ্যৎ গঢ়াত
প্ৰভাৱ পেলায় আহিছে৷ প্ৰতিষ্ঠান একোটাই দেশৰ ভৱিষ্যৎ গঢ়ে৷ প্ৰতিষ্ঠান একোটাৰ
সফলতাত দেশৰ সফলতা নিহিত থাকে৷ গতিকে সৱল নেতৃত্বৰ বলতহে দেশে এনে সফল প্ৰতিষ্ঠান
গঢ়াত সফল হয়৷ আমাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ পৰ্যায়ত নেতৃত্বগুণক লৈ বিশেষ গুৰুত্ব
দিয়া দেখা নাযায়৷ প্ৰকৃততে এনে দক্ষতা আৰু গুণ আহৰণৰ প্ৰাৰম্ভিক ব্যৱস্থা ছাত্ৰ
অৱস্থাৰ পৰাই আৰম্ভ হ
লে ভাল হয়৷ নিজৰ ইচ্ছাৰ ব্যুৎপত্তিগত
জ্ঞান লাভ কৰাৰ লগতে সমাজ আৰু দেশক নেতৃত্ব দিব পৰা জ্ঞানে নিঃসন্দেহে আমাৰ
ভৱিষ্যতৰ বাবে সহায়ক হ
ব৷

 

ঠিকনা :

উপ সঞ্চালক,

ৰাষ্ট্ৰপতি সচিবালয়, ৰাষ্ট্ৰপতি
ভৱন
,

নতুন দিল্লী৷

ভ্ৰাম্যভাষ – ৮৮০০৯৪৮৮০৮