নৱ আলোকৰ উন্মেষ

 অজিত
ছিংনাৰ


কথাৰ গুৰুত্ব
বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে
, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰিত বহিবলৈ মাতিলে৷
কথাটো আলোচনা কৰি এটা সিদ্ধান্ত এতিয়াই লোৱাৰ মানস কৰিছে ছাৰকুৰুৱে৷ ইয়াত
ছাৰ্থেহঁতৰ মতামত নিতান্তই প্ৰয়োজন৷ কোৰখন পথাৰতে থৈ সি পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা
জুৰিটোত মুখ-হাত ধুলে আৰু কঁঠালজোপাৰ গুৰিত বহিলহি৷ সি বেলিটোলৈ এবাৰ চাই পঠিয়ালে৷
জুইৰ ঘূৰণীয়া অঙঠা হেন হৈ থকা জেঠমহীয়া বেলিটোৰ ৰ
দ তীব্ৰ হৈ
পৰাত গৰম ভালদৰেই পৰিছে৷ কোৰ মাৰি থাকোঁতে তীব্ৰ ৰ
দত
ছাৰকুৰুৰ গাৰে জোল বৈছিল৷ এতিয়া কঁঠাল গছজোপাৰ ছাঁত বহিহে সি অলপ সকাহ পাইছে৷ পাহাৰৰ পাকে পাকে ধীৰে ধীৰে বৈ থকা বতাহ
এছাটিৰ বাবেও সি আৰাম অনুভৱ কৰিছে৷

কাষ আহি পোৱা
ছাৰ্থেহঁতলৈ ছাৰকুৰুৱে চাই দেখিলে তাৰ দৰেই সিহঁতৰ গাতো বোকা-পানী আৰু ৰ
দৰ
তাপত সিহঁতো ৰঙা পৰি আহিছে
, গাৰে ঘাম বৈছে৷ কঁঠালজোপাৰ ছাঁত
বহিহে যেন সিহঁতেও উশাহ ল
ব পাৰিছে৷ অলপ সময় বহাৰ পাছতে
ছাৰ্থেহঁতৰ মনত উদয় হোৱা উৎসুকতাৰ উমান পাই দেৰি নকৰি ছাৰকুৰুৱে কথা উলিয়ালে

তহঁতে গম পাইছ নে? গাঁওবুঢ়াই এই গাঁও এৰি আন
ঠাইত গাঁও পাতিবলৈ খাটাং কৰিছে৷ আজি গধূলি মিটিং কৰি ৰাইজক জনাব বুলিও শুনিছোঁ৷

কথাটো
ময়ো শুনিছোঁ৷
ছাৰ্থেই মাত দিলে৷ তদুপৰি
গাঁওবুঢ়াই ইয়াৰ সকলোবোৰ মানুহকে লগত লৈ যোৱাৰ কথাও কৈছে৷ মই হ
লে নাযাওঁ৷ অকলে হলেও ইয়াতে থাকিম৷

ছাৰ্থেৰ কথা
শুনি ছাৰকুৰুৰ মনটো ভাল লাগি গ
ল৷ সিহঁতৰ মতামত এনে হোৱাটোকে সি বিচাৰি আছিল৷ সি টপৰাই মাত দিলে–‘অকলশৰীয়া
নহ
ৱ দে৷ ময়ো ইয়াতে থাকিম৷ সেই কাৰণে আলোচনা কৰিবলৈ মাতিছোঁ৷

নাই
নাই
, আমিও নাযাওঁ৷ আমিও ইয়াতে থাকিম৷’– মনছিং আৰু ছাৰবুৰায়ো ছাৰকুৰুৰ কথাতে হয়ভৰ দিলে৷

ঠিকেই আছে তেন্তে৷ আনবোৰ গলেও যাওক৷ আমি নাযাওঁ৷ গাঁওবুঢ়া হল বুলিয়েই সকলো কথাতে তাৰ মতেই চলিব লাগিব বুলি কি কথা আছে হে ? আমি
এতিয়া চাৰিঘৰ হ
লোঁ৷ আৰু দুঘৰমান মানুহ আমাৰ লগ লাগিলে আমাৰ
শক্তি আৰু বাঢ়িবহে৷

গাঁওখনতনো
কেইঘৰ মানুহ আছে
!’ এইবাৰ ছাৰবুৰাই মাত দিলে– ‘মুঠতে বাৰঘৰ৷ আমি চাৰিঘৰ ৰৈ গলে থাকিব মাত্ৰ আঠঘৰ৷
গাঁওবুঢ়াই সেই আঠঘৰকে লৈ ক
লৈ যায় যাওক৷

তেন্তে
কথাটো ঠিক হ
ল৷’– ছাৰকুৰুৱে মোনাৰ পৰা
ছাৰ্থেহঁতলৈ শালপাত আৰু মানচাধা আগ বঢ়াই দিলে৷
আমি ইয়াৰ
পৰা কেতিয়াও নাযাওঁ৷ মই অকলশৰীয়া হ
ম বুলি ভয় খাইছিলোঁ৷ তহঁত
মোৰ লগত থকা বাবে মই বৰ ভাল পাইছোঁ৷ যিমানেই যি নহওক
, বিপদৰ সময়ত
সহায়ৰ হাত বৰকৈ প্ৰয়োজন হয়৷ তোনেকুৱাত সমাজ এখন নহ
লেও নহয়৷
আমিয়েই নতুনকৈ এখন সমাজ পাতি ল
ম৷ পানীখেতি কৰিবলৈ লোৱা বাবে
গাঁওবুঢ়াৰ আমাৰ ওপৰত খং৷ এসময়ত মোক কম ঠাট্টা-বিদ্ৰুপ কৰিছিল নে এই
গাঁওবুঢ়াই…

চাৰিওজনে
শালপাতৰ বিড়ি হুপি হুপি কিছুসময় কথা পাতি থাকিল৷ সিহঁতৰ আলোচনাত পানীখেতি আৰু
গাঁওবুঢ়াৰ কথাই বিশেষ গুৰুত্ব পালে৷ সময় যোৱাৰ লগে লগে সিহঁতৰ গাবোৰো শাঁত পৰি আহিল৷
পশ্চিম আকাশত ভালেখিনি তললৈ নামি যোৱা বেলিটোলৈ হঠাতে এবাৰ চাই ছাৰকুৰুৱে কামলৈ মন
মেলিলে

কথাবোৰ পতা হৈ গৈছে৷ এতিয়া কামতহে ধৰোঁ৷

ছাৰকুৰুৱে কোৰখন
লৈ পথাৰত নামিল আৰু কোৰ মাৰিবলৈ ধৰিলে৷ ছাৰ্থেহঁতেও নিজৰ নিজৰ পথাৰত কোৰ মাৰিছেগৈ৷
দুবছৰ ধৰি ছাৰকুৰুৱে কোৰ মাৰি মাৰিয়েই পানীখেতি কৰিলে৷ সি ভৈয়ামত ৰবীনৰ পথাৰত হাল বাই পাইছে
,
ঘৈণীয়েকে ভূঁই ৰুই পাইছে৷ সি ভাবি থৈছে
এইবাৰ সি গৰু এহাল আৰু নাঙল এটা ভৈয়ামৰ পৰা আনিব৷ আৰু ৰবীনৰ পথাৰত
হাল মৰাৰ দৰেই ইয়াতো সি হাল মাৰিব৷

ছাৰকুৰুৱে বোকা
মাটিত খেতি কৰিবলৈ আৰম্ভ কৰাৰ সময়তে তাক গাঁওবুঢ়াই মাতি পঠিয়াইছিল৷ সি কাম সামৰি
পাহাৰৰ গাৰে একাবেঁকা এডাল ফিটাৰ দৰে পৰি থকা লুংলুঙীয়া বাটটোৰে গৈ গাঁওবুঢ়াৰ
জুমতলীত উপস্থিত হৈছিল৷ সি মাণ্ডুত উপস্থিত হোৱাৰ লগে লগে তাক গাঁওবুঢ়াই বহিবলৈ
দি মিচিকিয়া হাঁহি এটা মাৰি সুধিছিল
, ‘তই কি পথাৰৰ পৰা চিধাই
আহিছ নেকি
?

হয়
দিয়ক৷ পথাৰত কোৰ মাৰি শেষেই কৰিব পৰা নাই৷

তয়ো
আৰু কাম বিচাৰি নাপালি৷
’– গাঁওবুঢ়াৰ কথাত আছিল বিদ্ৰুপ৷ ইমানবোৰ পাহাৰ থাকোঁতে বোকা গচকিবলৈ তোক কিহে পাইছে? আমাৰ পাহাৰৰ মানুহে বোকা নগচকে, পানীখেতি নকৰে,
শুকান ঠাইত খেতি কৰি খোৱা মানুহ আমি৷ এইবোৰ কৰিলে মানুহে আমাক
হাঁহিব৷

কিয়?
কিয় হাঁহিব? এই কামটোতো বেয়া নহয়৷ বছৰি বছৰি
একেখিনি মাটিতে খেতি কৰি থাকিব পাৰি৷ ভালহে৷ আনফালে জুমতলী কিন্তু বদলি কৰি থাকিব
লাগে৷

থোৱাঁহে৷
মাণ্ডুত বহি হৰলাং খাই থকা বৰছিং নামৰ মানুহ এজনে হঠাতে মাত দিছিল,
আমি হলে ভাল নোবোলোঁ দেই৷ পাহাৰৰ ওপৰত শুকান
মাটিত খেতি কৰাহে আমাৰ নিয়ম৷ সেইবিলাক ভৈয়ামৰ মানুহৰ কাম৷ আমাৰ ইয়াত সেইবোৰ কামে শোভা
নাপায়৷ চাবি
, পাহাৰৰ দেৱতাৰ খং উঠিব৷ তেতিয়া গম পাবি৷

বৰছিং মানুহজন
এজন
পূজাৰী৷ মঙল চাই পূজা-পাতল কৰি ফুৰাই তাৰ কাম৷ তাৰ মুখত অনবৰতে দেও-ভূতৰ
কথাই আখৈ ফুটাদি ফুটি থাকে৷

ঠিক
কৈছে মেহাই৷
গাঁওবুঢ়াই বৰছিঙৰ কথাক সমৰ্থন কৰিছিল৷ পাহাৰত খেতি নকৰি পাহাৰৰ দেৱতাক অপমান কৰাৰ মজাটো ই পাবই পাব৷ ছাৰকুৰু, সময় থাকোঁতেই তই এই কাম বাদ দে৷ তোৰ ভালৰ কাৰণেই কৈছোঁ৷ তাতে আমাৰ বাবে এইটো লাজ লগা কথা৷ পাহাৰৰ মানুহেনো পানীখেতি কৰে নে?’

হয়
অংছাৰ৷
বৰছিঙে পুনৰ কৈছিল– ‘ই এইখন
ঠাইত নোহোৱা-নোপোজা কাম এটা কৰিবলৈ আহিছে৷ পাহাৰৰ দেও-দেৱতাই সকলোবোৰ চাই আছে৷
ছাৰকুৰু
, তই কেতিয়াবা ডাঙৰ বিপদত পৰিবি৷ তেতিয়া কিন্তু আমাক
নুদূষিবি৷ আমিও ৰক্ষা কৰিব নোৱাৰিম …।

সেইদিনা
ছাৰুকুৰুক গাঁওবুঢ়া আৰু বৰছিং পূজাৰীয়ে বহুত কথা শুনাইছিল৷ শেষত ছাৰকুৰুৱে
বাৰু
ভাবি চাম
বুলি কৈ তেওঁলোকৰ ওচৰৰ পৰা গুচি আহিছিল৷ সি বাৰে
বাৰে গাঁওবুঢ়া আৰু বৰছিং পূজাৰীৰ কথাবোৰকে ভাবিছিল৷ সি পানীখেতি কৰিলে পাহাৰৰ
দেৱতাই সঁচাকৈয়ে তাৰ দোষ ধৰিব নেকি
? কিন্তু পাহাৰৰ উপৰি থল,
জুৰি আদিতো দেৱতাসকল থাকে বুলিও দেখোন আটায়ে কয়৷ আন নালাগে, বৰছিং পূজাৰীয়েই কয়৷ সেয়ে ৰংকেৰ পূজাৰ সময়ত আন দেৱতাৰ লগতে থলৰ দেৱতাকো
পূজা দিয়াৰ নিয়ম আছে৷ পাহাৰত খেতি কৰিলে যদি পাহাৰৰ দেৱতাই ভাল পায় তেন্তে থলত
খেতি কৰিলে থলৰ দেৱতায়েও ভাল পাব৷ সিতো পাহাৰত জুমখেতিও অলপ কৰে শাক-পাচলিৰ বাবে
,
গতিকে পাহাৰৰ দেৱতায়ো ভাল পাব৷ তেন্তে এতিয়া সি যি কৰিছে তাৰে দুয়োজন
দেৱতাক সন্তুষ্টহে কৰিছে৷ এই ধৰণে চাবলৈ গ
লে গাঁওবুঢ়াকে
ধৰি গাঁৱৰ বাকী মানুহবোৰেহে দেখোন থলত খেতি নকৰি থলৰ দেৱতাক অসন্তুষ্টহে কৰিছে৷
জুমতলীত খেতি কৰে বাবে তেওঁলোকে সময়ে সময়ে পাহাৰৰ দেৱতাক স্মৰণ কৰে
, থলত খেতি নকৰে বাবে থলৰ দেৱতাক মাত্ৰ ৰংকেৰৰ সময়তহে স্মৰণ কৰে৷ আনফালে এই
সমান ভূমিভাগৰ জংঘল কটাৰ আগতে সি
ৰিৎ কেচামৰ নিয়ম কৰিছিল৷ এই নিয়ম মতে সি সমভূমিভাগৰ হাবিয়নিৰ মাজত এমুঠি খেৰ এডাল
বাঁহত বান্ধি পুতি থৈ আহিছিল৷ সি যেতিয়া চাৰিদিনলৈকে একো বেয়া সপোন দেখা নাছিল
,
কোনো ধৰণৰ অমংগলৰ চিন দেখা নাছিল তেতিয়া সি নিশ্চন্ত হৈ হাবিবোৰ কাটি
মোকলাবলৈ লৈছিল৷ খেতি আৰম্ভ কৰাৰ পাছৰে পৰা সি জুমতলীত পাহাৰৰ দেৱতাকো স্মৰণ কৰিছে
আৰু পানীখেতিৰ পথাৰত জুৰি আৰু পথাৰৰ দেৱতাকো মাজে সময়ে পূজা দি স্মৰণ কৰি আহিছে৷
সি ভাবে, এতিয়া সকলো দেৱতা সন্তুষ্টহে হৈছে৷ আচলতে গাঁওখনৰ কোনেও নকৰা কাম এটা কৰা
দেখি তাক গাঁওবুঢ়াই ইতিকিং কৰিছে
, বাধা দিছে৷ কিন্তু ভৈয়ামৰ
তাৰ দূৰ সম্পৰ্কীয় ককায়েক ৰবীন পাটৰে তাৰ ঘৰলৈ এবাৰ আহিয়েই তাক এই সমান ভূমিভাগত
খেতি কৰিবলৈ উপদেশ দিছিল৷ সি
ৰবীনহঁতৰ ঘৰলৈ গৈ দেখিছে
কেনেদৰে ভৈয়ামৰ মানুহবোৰে পানীখেতি কৰি অলপ মাটিতে প্ৰতি বছৰে বহুত ধান উৎপাদন
কৰিব পাৰিছে৷ ৰবীনে তাক কৈছিল
– ‘এই পাহাৰ দুটাৰ মাজত বহুত
সমভূমি পৰি আছে৷ তই ইয়াত খেতি কৰিবলৈ লাগি যা৷ তোৰ চব অভা

নাইকিয়া হ
ব৷

ৰবীনৰ উপদেশকে
সৰোগত কৰি ছাৰকুৰুৱে কামত আগ বাঢ়িছিল৷ গাঁওবুঢ়াই দিয়া বাধাক আওকাণ কৰি সি নিজৰ
মতত অটল আছিল
যি হয় হ, সি পানীখেতি কৰিবই কৰিব৷ সি নেৰানেপেৰাকৈ লাগি থকা বাবে গাঁওবুঢ়াই এদিন
তাক কৈছিল
– ‘তোৰ ধান হাতী, বান্দৰ,
গাহৰিয়ে খাই শেষ কৰিব৷ চৰাই-চিৰিকটিবোৰতো আছেই৷ চাবি, তই ফচল অলপো নাপাৱ৷কিন্তু জুমতলীৰ খেতি বান্দৰ,
গাহৰি, চৰাই-চিৰিকটিয়ে নাখায় নেকি? তাতে এইটো হাতীৰ অহা-যোৱা কৰা বাট নহয়৷ হাতী কেতিয়াবাহে এইফালে আহে৷ জুই
লৈ খেদিবলৈ ল
লেই হয়তো নাহিব৷ সি মন পেলাই নিদি কামত দুগুণ
উৎসাহেৰে লাগি গৈছিল৷ তাক ঘৈণীয়েক আৰু জীয়েকেও সহায় কৰিলে৷ সি সেই বছৰতে ডাঙৰ গছ
এজোপাৰ ওপৰত এটা টঙীঘৰ সাজিছিল৷ তাত উঠিয়েই খেতি নষ্ট কৰিবলৈ অহা চৰাই-চিৰিকটি
,
বনৰীয়া জীৱ-জন্তু বাটলুগুটি ধনুৰে খেদি খেতি ৰক্ষা কৰিছিল৷
গাঁওবুঢ়াই ডাঙৰকৈ জুমতলী খুলি খেতি কৰে বাবে আনতকৈ আগৰে পৰা বেছি ধান পাইছিল৷
কিন্তু সেইবাৰ গাঁওবুঢ়াৰ মাটিৰ তুলনাত একেবাৰে কম মাটিতে সি তেওঁতকৈ বহুত বেছি
ধান পাইছিল৷ সেইটো বছৰতে সি পুতেকক পঢ়াবৰ কাৰণে ৰবীনৰ ঘৰলৈ পঠিয়াই দিছিল৷ এই
কামটোতো গাঁওবুঢ়াই জগৰ ধৰিছিল৷ গাঁৱৰ আন মানুহে নকৰা কাম এটা কৰা বুলি গাঁওবুঢ়াই
ৰাইজ চপাই তাক কথা শুনাইছিল
– ‘…বৰ মানুহ কৰিবৰ বাবে লৰাক তই ভৈয়ামত পঢ়িবলৈ পঠিয়াইছ? ইয়াত জিৰকেদামৰ কাম
কোনে কৰিব
?’

মই
যি কাম কৰিছোঁ সকলোৱে কৰা উচিত৷
ছাৰকুৰুৱে উভতি গাঁওবুঢ়াকহে
উপদেশ দিছিল৷
দিন সদায় একে নাথাকে৷ এতিয়া পঢ়া-শুনা নহলে আমাৰ লৰা-ছোৱালীয়ে একো কৰি খাব নোৱৰাৰ দিন
আহিছে৷ গতিকে সকলোৱে ল
ৰা-ছোৱালীক পঢুওৱা উচিত৷

তই
লেই হব নে? পঢ়া-শুনা
নোহোৱাকৈয়ে আমি ইমানদিনে সুখেৰে খালোঁ দেখোন৷ এই পাহাৰবোৰতে সকলোবোৰ আছে৷ তাকে কৰি
খালেই হ
ল৷

কিন্তু
মোৰ ল
ৰাক মই পঢ়ুৱামেই৷

নহ, সকলো লৰা-ছোৱালীয়ে
জিৰকেদামত যোগ দিব লাগিব৷ এইটো নিয়ম৷ মই নেৰিম৷

ৰাইজৰ মাজৰ পৰাও
কেইজনমানে ছাৰুকুৰুক তাচ্ছিল্য কৰিছিল৷ শেষত ছাৰকুৰুৱে পুতেকক জিৰকেদামত নপঠিওৱাৰ
বাবে জৰিম
নাৰ নিৰিখ ঠিক কৰি গাঁওবুঢ়াই কৈছিল– ‘তই বছৰি দহ টকাকৈ জিৰকেদামৰ দলক দিব লাগিব৷

এইটো
কেনে নিয়ম
? আগতে কাৰোবাক এনেকুৱা কৰিছিল নেকি?’

নাই
কৰা৷ এনেকুৱা ঘটনা আগতে ঘটা নাই বাবে আগতে কৰা হোৱা নাছিল৷ কিন্তু জিৰকেদামত যোগ
নিদিয়াৰ বাবে দায় হিচাপে কিবা এটা দিবই লাগিব৷

ঠিক
আছে৷
ছাৰকুৰুৱে নিজৰ জীয়েককো জিৰকেদামলৈ নপঠিয়াবলৈ
সিদ্ধান্ত কৰিছিল৷
মই মোৰ ছোৱালীকো জিৰকেদামৰ পৰা আঁতৰাই
আনি অকল ৰাইজৰ সকামতহে যাবলৈ দিম৷ ল
ৰা-ছোৱালীহালৰ বাবদ বছৰি
কি দিব লাগিব
?’

ছাৰকুৰু কথাত
বান্ধ খাই অহা দেখি গাঁওবুঢ়াৰ ওঁঠত মিচিকিয়া হাঁহি এটিয়ে বোল সানি গৈছিল৷ তেওঁ
ৰাইজলৈ চাই সুধিছিল
– ‘দুজনৰ বাবদ কুৰি টকা ধৰিছোঁ৷ কি কয় ৰাইজ?
ব নে?’

ৰাইজে হয়ভৰ
দিয়াত ছাৰকুৰুৱে জিৰকেদামৰ দলক বছৰি কুৰি টকা দিবলৈ বাধ্য হৈছিল৷ মাটিক লৈও
গাঁওবুঢ়াই প্ৰশ্ন তুলিছিল৷ তেওঁ কৈছিল
– ‘গাঁওখনৰ সকলোবোৰ মাটি
গাঁওবুঢ়াৰ৷ মোৰ পৰা অনুমতি নোলোৱাকৈ কেনেকৈ তই পানীখেতিৰ বাবে মাটি লৈছ
?’

ছাৰকুৰুৰ খং উঠি
আহিছিল

আমাক আপুনি যেতিয়া গাঁওখনৰ বাবে মাটি দেখুৱাইছিল তেতিয়া
পাহাৰকেইটাকহে দেখুৱাইছিল৷ দুটা পাহাৰৰ মাজৰ এই বিশাল মাটিখিনিৰ কথা কোৱা নাছিল৷
গতিকে এই মাটি আপোনাৰ অধীনত নাই৷ যাৰ মন যায় সিয়ে ল
ব পাৰে৷

গাঁওবুঢ়াই ইয়াৰ
পাছতে বহুত তৰ্জন-গৰ্জন কৰিছিল৷ কেইজনমান মানুহেও ভৈয়াম হওক নতুবা পাহাৰেই হওক
সকলোবোৰ মাটি গাঁওবুঢ়াৰ অধীনত থাকে বুলি কোৱাত ছাৰকুৰুৱে মাটি বিচাৰি মাননি দিব
বিচাৰিছিল৷ কিন্তু গাঁওবুঢ়াই সেই মাননি গ্ৰহণ কৰা নাছিল৷ 

ছাৰকুৰুৱে অলপ
মাটিতে বহুত ধান উৎপাদন কৰিব পৰা দেখি পাছৰ বছৰত তাৰ লগত ছাৰ্থে আৰু মনছিং লগ
লাগিছিল৷ সিহঁতে ছাৰকুৰুৰ মাটিৰ কাষতে মাটি ভাঙিছিল৷ সেইবাৰ সিহঁত তিনিওজনে বহুত
ধান উৎপাদন কৰাৰ বিপৰীতে জুমতলিবোৰ দূৰ হৈ যোৱা বাবে গাঁৱৰ আন মানুহবোৰে খেতি
ভালদৰে কৰিব নোৱাৰি ধানৰ লগতে শাক-পাছলিও আগতকৈ কমকৈ পাইছিল৷ লাহে লাহে মানুহবোৰে
আকালত পৰি হাত পাতিবলগীয়া হৈছিল ছাৰকুৰুহঁতৰ ওচৰত৷ পাছৰ বছৰত ছাৰকুৰুহঁতৰ লগত যোগ
ল ছাৰবুৰা৷ ছাৰবুৰাই সিহঁতৰ কাষতে মাটি ভাঙি খেতিত ধৰিলে৷ শাক-পাছলিৰ বাবে
সিহঁতে ওচৰৰ পাহাৰতে অলপ অলপকৈ জুমখেতিও 
কৰিলে৷ পানীখেতি আৰু জুমতলীত হোৱা ফচলৰে ছাৰকুৰুহঁত উন্নতিৰ ক্ষেত্ৰত
গাঁওবুঢ়াক ক
ৰবাতে পিছ পেলাই বহু দূৰ আগুৱাই গল৷ উপায়হীন হৈ পৰা অৱস্থাতো গাঁওবুঢ়াই নিজৰ চজুন
পূজাৰ সময়ত নিজৰ মান ৰাখিবলৈ ছাৰকুৰুহঁতৰ ওচৰত হাত পতা নাছিল৷ সি কেইবাখনো গাঁৱৰ
মানুহৰ পৰা ধান খুজি আনিছিল৷ কিন্তু গাঁ
বুঢ়ানীয়ে
গাঁওবুঢ়াক গম নিদিয়াকৈ ধান এমোন ছাৰ্থেৰ পৰা খুজি নিছিল৷

গাঁওখনৰ
মানুহবোৰৰ জুমতলিবোৰ লাহে লাহে বহু দূৰত কৰিবলগীয়া হৈছে বাবে জুমতলীবোৰত কাম
কৰিবলৈ অহা-যোৱা কৰোঁতে তেওঁলোকৰ ভালেখিনি সময় নষ্ট হয়৷ এতিয়া এটাই উপায় আছে
গাঁওখন সেইফালে তুলি নিয়া৷ সেয়ে গাঁওবুঢ়াই জুমতলীবোৰ থকা পাহাৰবোৰৰ কাষলৈ গাঁওখন
উঠাই নিয়াত জোৰ দিবলৈ লৈছে৷ তেওঁ কৈ ফুৰিছে সিফালে হেনো জুমতলী কৰিব পৰাকৈ বহুত
পাহাৰ আছে৷ তেওঁ আৰু এটা কথাও কৈ ফুৰিছে যে গাঁওখনৰ সকলোবোৰ মানুহেই সেইফালে পতা
গাঁওখনলৈ উঠি যাব লাগিব৷ কিন্তু গাঁওবুঢ়াই ক
লে বুলিয়েই ছাৰকুৰু ইয়াৰ
পৰা নাযায়৷ সি পানীখেতি নেৰে৷ জুমতলীৰ মাটি 
আৰু পানীখেতিৰ মাটি একে নহয়৷ পানীখেতিৰ মাটিত প্ৰতি বছৰে বৰষুণৰ পানীয়ে
পাহাৰৰ মাটি কঢ়িয়াই আনি পলস দি যায়৷ এই পলসৰ বাবেই বছৰ বছৰ ধৰি একেখিনি মাটিতে
খেতি কৰি থাকিব পাৰি৷ এনে মাটিক এৰি থৈ যোৱাটো মুৰ্খামিহে হ
ব৷
 

ছাৰকুৰুৱে
বেলিটোলৈ চালে
অলপ পাছতে ডলা এখনৰ আকাৰ লোৱা বেলিটো মাৰ যাব৷ সি কোৰ
মৰা এৰি জুৰিটোত নামি হাত-ভৰি ধুলে আৰু পাৰলৈ উঠিল৷ সি ছাৰ্থেহঁতলৈ চাই চিঞৰিলে

অই, তহঁতে ঘৰলৈ নাযাৱ নেকি? আহ ঘৰলৈ যাবৰ হল৷

অঁ,
গৈছোঁ ৰ৷’– ছাৰ্থেই সঁহাৰি
দিলে৷

অলপ পাছতে
ছাৰ্থে
,
ছাৰবুৰা আৰু মনছিং ছাৰকুৰুৰ লগ লাগিল৷ সিহঁত
গাঁৱলৈ যাবলৈ ধৰিলে৷ মনছিঙে হঠাতে মাত দিলে
– ‘আমাৰ মানুহবোৰে
আগৰ মতে চলাতহে বেছি গুৰুত্ব দিয়ে৷ কিন্তু সময় অনুসৰি কোনটো কৰিলে নিজৰ লগতে
সমাজখনৰ বাবে ভাল সেইটো নকৰে৷

সেইটোতেই
লাগিছে লেঠাটো৷
ছাৰকুৰুৱে মনছিঙৰ কথাৰ উত্তৰত কলে– ‘গাঁওবুঢ়াই নিজৰ প্ৰতিপত্তি বৰ্তাই ৰাখিবলৈ
জিৰকেদামকে ধৰি আগৰ ৰীতি-নীতিবোৰ শেষ হৈ যোৱাটো নিবিচাৰে৷ কিন্তু ভৈয়ামত গৈ মই
দেখিছোঁ
, তাতো জিৰকেদাম আছে; কিন্তু
অলপ বেলেগ ৰূপত৷ তাত জিৰকেদামৰ সলনি আছে যুৱ সংঘ৷ এই যুৱ সংঘৰ জৰিয়তে গাঁৱৰ
ডেকা-গাভৰুবোৰে সমাজৰ কাম কৰে৷ ভৈয়ামৰ ল
ৰা-ছোৱালীবোৰৰ
বেছিভাগেই স্কুললৈ যায়৷ আমাৰ ল
ৰা-ছোৱালীবোৰেও স্কুললৈ যাব
লাগিব৷ জিৰকেদাম কৰি ফুৰিলে সিহঁতৰ একো উন্নতি নহ
ব৷ মই
গাঁওবুঢ়াৰ পুতেক ছাৰমেনক পানীখেতিত লাগিবলৈ কৈছিলোঁ আৰু তাৰ ল
ৰাটোকো ভৈয়ামলৈ পঠিয়াই পঢ়াবলৈ দিছিলোঁ৷ কিন্তু সি এটা কথাও নামানিলে৷ সি
বাপেকৰ পাছত গাঁওবুঢ়া হৈ আগৰ মতে চলিব খুজিছে হ
বলা৷

হয়
হয়
, সিও একেই৷ কিন্তু সিহঁতৰ অৱস্থা এতিয়া একেবাৰে পৰি আহিল৷
সিদিনা গাঁওবুঢ়ানীয়ে হৰলাং এচুঙা লৈ মোৰ ওচৰত ধান বিচাৰি আহিছিল৷ মই এদাং ধান দি
পঠাইছোঁ৷ ইমানখিনি হোৱালৈকেও যদি গাঁওবুঢ়াৰ ঘৰৰ মানুহে বুজি নাপায় তেন্তে আমাৰ ক
বলগা নাই৷

মই
ভাবোঁ
, মানুহবোৰে এদিন নহয় এদিন বুজি পাব৷ আমাক সিহঁতে এতিয়া
ইতিকিং কৰি আছে৷ কিন্তু এদিন সকলোৱে আমাৰ পথকে ল
ব লাগিব৷

ছাৰকুৰুহঁতে ঘৰ
পায় মানে চাৰিওফালৰ জগতখনক আন্ধাৰে আৱৰিবলৈ লৈছে৷ কান্ধৰ কোৰখন ছাৰকুৰুৱে চাংঘৰৰ
একাষে থৈ এচুঙা পানী ঘৈণীয়েক কাজিৰৰ পৰা লৈ মুখ-হাত ধুলে৷ কাজিৰে তাক ক
লে
গাঁওবুঢ়াই মিটিং মাতিছে বুলি ফেৰাংকেই কৈ গৈছে৷ এই গধূলিতে মিটিং
বহিব হেনো৷

কি
মিটিং দিছে
? কিবা গম পাইছা নেকি?’

নাই
গম পোৱা৷ ফেৰাংকেই মিটিং বুলিহে কৈ গ
ল৷

ছাৰকুৰুৱে
হংজাইত বহি শালপাতৰ বিড়ি এটা আৰামেৰে হুপিবলৈ ধৰিলে৷ বিড়িটোত শেষ টানটো মাৰি সি
থিয় হ
ল আৰু কাজিৰক কলে– ‘ৰাইজ গোট
খাইছেই চাগে
৷ মই মিটিঙলৈ যাওঁ৷

কথাষাৰ কৈয়েই
ছাৰকুৰু গাঁওবুঢ়াৰ ঘৰলৈ খোজ ল
লে৷ গাঁওবুঢ়াৰ চোতালত এজন দুজনকৈ
মানুহ আহি পাৰি থোৱা ঢাৰিত বহিবলৈ লৈছে৷ ছাৰকুৰু এখন ঢাৰিত বহি ইফালে-সিফালে চকু
ফুৰাই দেখিলে ছাৰ্থে আৰু মনছিঙক৷ ছাৰকুৰুক দেখি সিহঁত দুটা বহা ঠাইৰ পৰা উঠি আহি
তাৰ কাষতে বহিল৷ এজন দুজনকৈ মানুহ আহি থাকিল৷ এটা সময়ত ছাৰবুৰাও আহি ছাৰকুৰুহঁতৰ
লগতে বহিল৷

মানুহ গোট খাই
সম্পূৰ্ণ হোৱাৰ পাছতে গাঁওবুঢ়াই চাৰিওফালে চকু ফুৰাই ক
বলৈ
ধৰিলে
– ‘ৰাইজ, আমাৰ জুমতলীবোৰ বহুত দূৰ
হৈ গ
ল৷ ইয়াৰ পৰা গৈ তাত খেতি কৰি খাব নোৱৰা অৱস্থা হৈছে৷
গতিকে আমি আমাৰ জুমতলী থকা ফালে আমাৰ গাঁওখন উঠাই নিম বুলি ভাবিছোঁ৷ আমাৰ গাঁৱৰ
সকলোবোৰ মানুহেই তালৈ উঠি যাব লাগিব৷

নাই
নাই৷
ছাৰকুৰুৱে লগে লগে আপত্তি কৰিলে– ‘গাঁৱৰ সকলোবোৰ মানুহ গলেও মই ইয়াৰ পৰা নাযাওঁ৷

তই
নাযাওঁ বুলি ক
লেই নহব নহয়৷ আমি চবেই
যাম যেতিয়া তয়ো যাব লাগিব৷

নাই,
মই নাযাওঁ৷

আমিও
নাযাওঁ৷
’– ছাৰ্থে, ছাৰবুৰা আৰু মনছিঙেও
ছাৰকুৰুক সমৰ্থন কৰি মাত দিলে৷

তহঁত
যাবই লাগিব৷
খঙত গাঁওবুঢ়াৰ চকুকেইটা চাকিৰ পোহৰত জিলিকি
উঠিল৷
পানীখেতি কৰি ধান পাই বৰ বাহাদুৰি হৈছে৷ আমাৰ পৰম্পৰা
তহঁতে ভংগ কৰিছ৷ এই গাঁওবুঢ়াৰ নিৰ্দেশমতে তহঁত যাবই লাগিব৷

নাই
নাযাওঁ৷
ছাৰকুৰুৱে দৃঢ়তাৰে কলে
আপোনাৰ কথা নুশুনা বাবে আমাক গাঁৱৰ পৰা আলগ কৰিব পাৰে৷ আমি চাৰিঘৰে
ইয়াতে এক হৈ মিলি থাকিম৷

ছাৰকুৰুৰ কথা
শুনি গাঁওবুঢ়া নিমাত হৈ পৰিল৷ লগে লগে চাৰিওফালে এক
নিৰৱতাই বিৰাজ কৰিলেকাৰো মুখত মাত-বোল নাই৷ ৱফং নামৰ
ডেকা এজনে নীৰৱতা ভংগ কৰি হঠাতে মাত দিলে
– ‘ছাৰকুৰুহঁতে যি
কৰিছে ভালেই কৰিছে৷ ময়ো ইয়াকে কৰিম বুলি ভাবিছোঁ৷

হয়
হয়
, আমিও ইয়াকে কৰিম৷’– আন কেইবাজনো
ডেকাই মাত দিলে৷ লগে লগে চাৰিওফালে কথা কটা-কটি হোৱাত এটা হুলস্থূলীয়া পৰিবেশৰ
সৃষ্টি হ
ল৷ হুলস্থূল শাম কটাৰ পাছত গাঁওবুঢ়াই ৰাইজলৈ চাই
প্ৰশ্ন কৰিলে
– ‘তেন্তে মোৰ লগত কোন যাবি?’

কেইবাজনো বয়সস্থ
মানুহে তেওঁৰ লগত যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে৷ কিন্তু লগে লগে তেওঁলোকৰ পুতেকবোৰে
প্ৰতিবাদ কৰি উঠিল৷ কিছু সময় মনে মনে থাকি গাঁওবুঢ়াই পুনৰ সুধিলে
– ‘এতিয়া মোৰ লগত যাবলৈ কোন থাকিলগৈ৷

কোনো ফালৰ পৰা
কাৰো মাত নাহিল৷

গাঁওবুঢ়াক বৰকৈ
ভাগি পৰা দেখা গ
ল৷

মোৰ
কথা কোনেও নুশুনে যেতিয়া মই ইয়াৰ পৰা গুচি যাব লাগিব৷ মোৰ লগত এতিয়া কোনো
নাই…।
’– গাঁওবুঢ়াৰ মাত থোকাথুকি হৈ আহিল৷

পৰিৱেশটো
অসহ্যকৰ হোৱাৰ লগতে কিছু শোকাকুলো হৈ পৰিল৷ ছাৰকুৰুৱে অনুমান কৰিলে গাঁৱৰ মানুহবোৰক মনাব নোৱাৰি অকলশৰীয়া হৈ পৰা
গাঁওবুঢ়াই নিজৰ প্ৰতিপত্তি নিঃশেষ হৈ যোৱাত দুখ পাইছে৷ পৰিৱেশটো সুস্থিৰ কৰিবলৈ
সি মাত দিলে
– ‘আপুনি কেলেই ইয়াৰ পৰা গুচি যাব লাগে? আপুনি মাত্ৰ ৰাইজখন থকাৰ ফালে আহক৷ আমি পানীখেতি কৰাৰ উপৰিও জুমতলীতো খেতি
কৰিম৷ পানীখেতি কৰা বাবে আমি কেতিয়াও ইয়াৰ পৰা যাবলগা নহ
ব৷
নতুন ঠাইত গাঁও পাতিবলৈ যোৱাৰ দৰকাৰ নহ
ব৷ আমাৰ ঠিকনা স্থায়ী
ব৷ এখন নতুন ঠাইত গাঁও পাতিবলৈ ললে
মানুহবোৰৰ নতুন ঘৰ সজাৰ পৰা কিমান কাম ওলায় আপুনি জানে৷ কিন্তু আমাৰ জিৰকেদামো
থাকিব৷ পঢ়িবলৈ যোৱাবোৰে পঢ়িবলৈ যাব
, গাঁৱত থকাবোৰে
জিৰকেদামৰ কাম কৰিব৷ গাঁৱত স্কুল এখন পতাৰ চিন্তাও কৰিম৷ আৰু আপুনি আমাৰ গাঁওবুঢ়া
হৈয়েই থাকক৷

ছাৰকুৰুৱে কথা
শেষ কৰিবলৈ পালেহে চাৰিওফালৰ পৰা সমৰ্থন আহিল৷ ৰাইজৰ সমৰ্থন পাই গাঁওবুঢ়া কিছু
সুস্থিৰ হ
ল৷ তেওঁ হয়তো গাঁওবুঢ়া হৈ থাকিবলৈ পোৱা কথাষাৰত সন্তোষ
পাইছে৷ লাহে লাহে তেওঁক সতেজ দেখা গ
ল৷ পানীত পৰি ককবকাই থকা
মানুহজনক যেন ছাৰকুৰুৱে পাৰলৈ উঠাই আনি তেওঁৰ প্ৰাণহে ৰক্ষা কৰিলে৷ তেওঁ মাত দিলে

মইনো কি ক? ৰাইজৰ
মতেই মোৰো মত৷ ৰাইজে যি ভাল দেখিছে তাকেই কৰিম৷ কাইলৈ ৰাইজৰ লগত ময়ো পানীখেতিৰ
বাবে মাটি চাবলৈ যাম৷

চাৰিওফালে
আনন্দৰ ৰোল উঠিল৷ বহুতে যে মনে মনে ছাৰকুৰুৰ কামক সমৰ্থন কৰি আছিল এতিয়াহে
ছাৰকুৰুৱে জানিব পাৰিলে৷ গাঁওবুঢ়াৰ ভয়তে বহুতে আগবঢ়া নাছিল বুলি ছাৰকুৰুৰ মনে
ধৰিলে৷ আজি সি আৰু ছাৰ্থেহঁতে গাঁওবুঢ়াক ভালদৰে উভতি ধৰাত সকলোৱে সাহস পাই নিজৰ
মত প্ৰকাশ কৰিছে৷ গাঁওবুঢ়াই ছাৰকুৰুলৈ চাই ক
লে– ‘বোপাই তয়েই আমাৰ চকু মুকলি কৰিলি৷ তোক ভগৱানে ধনে-ধানে সুখ-শান্তিৰে ৰাখক৷

গাঁওবুঢ়াৰ
নিৰ্দেশত ৰাইজৰ মাজলৈ হৰলাং আহিল৷ সকলোৱে তৃপ্তিৰে হৰলাং খাবলৈ ধৰিলে৷ ছাৰকুৰুৱে
অনুভৱ কৰিলে
গাঁওবুঢ়াৰ ঘৰৰ চাৰিওফালে যেন এটা আনন্দৰ লহৰে ঘূৰি
ফুৰিবলৈ ধৰিছে৷

পিছদিনা
ৰাতিপুৱাৰ সদ্য উদিত সূৰ্যটোলৈ ছাৰকুৰুৱে চাই পঠিয়ালে৷ তাৰ অনুভৱ হ

সূৰ্যটোৱে চাৰিওফালে যেন এক নতুন পোহৰ বিলাই দিছে৷

কিছুসময়ৰ পাছতে
ছাৰকুৰুৰ নেতৃত্বত গাঁওবুঢ়াকে ধৰি গাঁৱৰ ৰাইজ পানীখেতিৰ বাবে মাটিৰ ভাগ-বতৰা
কৰিবলৈ ইকৰা-বিৰিণাৰে ভৰি থকা বিশাল সমভূমিভাগৰ ফালে যাবলৈ ধৰিলে৷

 

কাৰবি শব্দৰ
অৰ্থ :

মাণ্ডুজুমতলীৰ মাজত জিৰাবৰ বাবে সজা ঘৰ৷

হৰলাংলাওপানী, মেহাইভিনীহি

অংছাৰখুলশালি, ফেৰাংকেবাৰিকা

জুন
এবিধ ঘৰুৱা ডাঙৰ পূজা

লেখকৰ ঠিকনা :

ৰং চিতিম, পোঃ অঃৰংখেলান,

ডিফু৭৮২৪৬০,
কাৰবি আংলং,

ভ্ৰাম্যভাষ – ৯৪৩৫৩৯৬৫২২