দাদুল দেৱকৃষ্ণ বৰুৱা


(২৭)

ঘৰখন যেতিয়া
ভৰি আছিল তেতিয়া এবাৰলৈও ভবা নাছিল একাকিত্ব মানে কি! বুজা নাছিল কেনে হ

পাৰে একাকিত্ব। একাকিত্বই কিদৰে মানুহক পীড়া দিয়ে সেয়া ষ্টেপানৰ বাবে আছিল
ভাবনাৰ বাহিৰত। ভৰা ঘৰখনত হাঁহি-ধেমালিৰ মাজত সময় কটোৱাৰ সময়ত ভাবিছিল ষ্টেপানে—
একাকিত্ব বুলিবলৈ আচলতে একো নাই!

কেতিয়াবা কিবা
কথাত খং উঠিলে তেওঁ ভাবিছিল— মানুহ অকলে থকাই ভাল! অকলে থাকিলে কোনো ঝামেলা
নাথাকে! মানুহ অকলে থাকিলেই ভালে থাকিব পাৰে
, মনোযোগী হ
পাৰে। এতিয়া তেওঁ অকলশৰীয়া। কিন্তু তেওঁ জানো সফল!

যৌৱনদীপ্ত
দিনবোৰত জীৱনৰ গভীৰ অনুভূতি উপলব্ধি কৰিব নোৱৰাৰ দৰেই জীৱনৰ কঠিন বাস্তৱতা বুজাৰ
বাবে জ্ঞান নাছিল বুলি আজিকালি নিজে ভাবে ষ্টেপানে। জীৱনটো সৰল আৰু উপভোগ্য বুলি
ধাৰণা হৈছিল। জীৱনত জটিলতা নাথাকে
, নাথাকে ব্যস্ততাৰ ক্লান্তি, নাথাকে
একাকিত্বৰ অনুভূতি। আৰু এতিয়া!

জীৱনৰ এনে এক
কেঁকুৰিত আহি থিয় দিছিল ষ্টেপানে
, ত তেওঁ
একাকিত্বৰ অনুভূতিৰ পৰাই বাস্তৱতা বুজিবলৈ আৰম্ভ কৰিছিল। পত্নী ঢুকুৱাৰ পাছত
,
ৰাহঁত
বিদেশলৈ যোৱাৰ পিছত জীৱনৰ সৰু সৰু কথা কিছুমানে তেওঁক শিকালে একাকিত্ব কিমান
ভয়াৱহ আৰু ভালপোৱাবিহীন জীৱন কিমান নিষ্প্রাণ।

তেতিয়া মিষ্টাৰ
ইগৰৰ চাকৰিও নিলগত আছিল। ঘৰলৈ বহুদিনৰ মূৰত আহিলে ষ্টেপানক লগ কৰিবলৈ আহিছিল। ইগৰ
তেওঁৰ ওচৰলৈ আহিলে এনে লাগিছিল যেন জীৱনৰ বহু ঘাত-প্রতিঘাতৰ পাছত ক্লান্ত হোৱাৰ
অন্তত ষ্টেপানে বন্ধুত্বৰ পৰা কিছু স্বস্তি ঘূৰাই পায়। নতুনকৈ জীবলৈ শিকে।

লাহে লাহে
ষ্টেপানে অনুভৱ কৰিব পাৰিলে যে মানুহৰ জীৱনটো এজোপা গছৰ দৰে। যিমানেই ডাল-পাত মেলে
সিমানেই মাটিক দৃঢ়তাৰে আঁকোৱালি লয়। মাটিৰ সতে শিপাৰ এই বান্ধোন শক্তিশালী হৈ
থাকে
, তেনেকৈয়ে জীৱনলৈ যেতিয়া দুৰ্যোগ আহে তেতিয়া বুজিব পাৰি সম্পৰ্ক
কিমান দুৰ্বল অথবা সবল। মিষ্টাৰ ইগৰৰ সতে তেওঁৰ সম্পৰ্ক কেতিয়াও দুৰ্বল হোৱা
নাছিল। এতিয়া এই বয়সতো বাহাল তবিয়তে আছে তেওঁলোকৰ সখিত্ব।

জীয়াই থাকিবলৈ
ভালপোৱা লাগে। ভালপোৱাৰ সতে যদি সম্পর্ক শক্তিশালী নহয় তেতিয়াহলে জীৱনৰ
ঘাত-প্রতিঘাতবোৰৰ সমুখত তিস্থি থাকিবলৈ খুবেই কঠিন। ভালপোৱাই একাকিত্ব নিলগাব
পাৰে। সৃষ্টিৰ আৰম্ভণিতেই মানুহক একাকিত্বৰ ভয়াৱহতা আঁতৰাবলৈ ভালপোৱাৰে সম্পর্ক
তৈয়াৰ কৰিবলৈ দিয়া হৈছিল। বুজোৱা হৈছিল ভালপোৱাই হৈছে মানুহৰ জীৱনৰ সকলোতকৈ বৃহৎ
প্ৰাপ্তি
, সকলোতকৈ ডাঙৰ সফলতা আৰু একাকিত্ব মানুহৰ জীৱনৰ শাস্তি!

ষ্টেপানৰ
একাকিত্ব দূৰ কৰিবলৈকে যেন মলেঁয়া নামি আহিছিল কোনোবা অদেখা সৰগৰ পৰা! আৰু
ক্লেপেটাঁ
? মলেঁয়া যদি তেওঁৰ জী হয়, ক্লেপেটাঁ
তেওঁৰ জোঁৱাই! হ
ব পাৰে। তেওঁ কিন্তু ক্লেপেটাঁক পুত্ৰৰ দৰেহে
ভাবে
, যতন লয়।

উমনিত বহি থকা
মলেঁয়াৰ দৰে ষ্টেপানেও নিজৰ স্মৃতিত উমাই আছে। কফিমাগটো কেতিয়াবাই খালী হ
ল।
সমুখৰ টেবুলত পৰি থকা বহীখনত একো লিখা হোৱা নাই আজি। তেওঁ পুৰণি কথাবোৰ পাগুলি
আছে। স্কুল বন্ধৰ দিনত ৰাতিপুৱাবোৰ এনেকৈয়ে কটাবলৈ লৈছে তেওঁ। স্মৃতিকাতৰতাত ডুব
যোৱা সময় এইখিনি। এই স্মৃতিকাতৰতাই ষ্টেপানক লিখিবলৈ ভিতৰি উদ্বুদ্ধ কৰি থাকে। অৱশ্যে
লিখিবলৈ প্ৰথমে মিষ্টাৰ ইগৰেহে কৈছিল।

: আমি বুঢ়া হলোঁ
আৰু।— মিষ্টাৰ ইগৰে এদিন কৈছিল।

: সকলো বুঢ়া
হয়।— ষ্টেপানে হাঁহিছিল।

: বৃদ্ধত্বক ভয়
কৰোঁ মই।— মোলান পৰিছিল মিষ্টাৰ ইগৰৰ মুখমণ্ডল।

: তোমাৰো ভয়,
মোৰো
ভয়। দুয়ো একেলগে বৃদ্ধত্বক কৰিম জয়!— কথাটো পাতলাইছিল ষ্টেপানে।

বার্ধক্য জীৱনৰ অৱশ্যম্ভাৱী পৰিণতি। মানুহৰো। প্রকৃতিয়েই মানুহৰ জীৱনৰ এই অমোঘ পৰিণতি নির্ধাৰণ কৰি
ৰাখিছে। শৈশৱ
, কৈশোৰ, যৌৱন আৰু পৌঢ়ত্ব অতিক্ৰম কৰি মানৱ
দেহে বার্ধক্যৰ পথত যাত্রা আৰম্ভ কৰে। দেহ ক্রমশঃ সংকুচিত হৈ আহে। জীৱকোষৰ সংখ্যা
কমিবলৈ আৰম্ভ কৰে। বয়সৰ লগে লগে পেশীৰ ক্ষয় আৰম্ভ হয়। স্নায়ুকোষৰ সংখ্যাও কমিবলৈ
ধৰে। মগজুৰ আকাৰ আৰু ওজন হ্রাস পায়। পঁয়সত্তৰ বছৰ বয়সত মগজুৰ ওজন শতকৰা ৫৬ ভাগ
মাত্র অৱশিষ্ট থাকে। দৃষ্টি আৰু শ্রৱণশক্তি চল্লিছ বছৰৰ পৰাই কমিবলৈ আৰম্ভ কৰে।
সেয়েতে ষ্টেপানৰ বিতচকু নহ
লে নহয়েই।

: তোমাৰ-মোৰ
বৃদ্ধকাল কেৱল দেহলৈকে অহা নাই বুজিছা। মনলৈও আহিছে।— মিষ্টাৰ ইগৰে কৈছিল।

: দেহৰ
বৃদ্ধত্বক মনেৰে অলপলৈ হ
লেও ভেটিব পাৰি।

: বেলি
থকালৈকেহে দিন বুজিছা!— হাঁহি দিছিল মিষ্টাৰ ইগৰে।

এৰা, বাৰ্ধক্যই
মানুহৰ জীৱনলৈ মানসিক আৰু শাৰীৰিক উভয় ক্ষেত্রতেই নানা পৰিৱর্তন আনে।
নৃতত্ত্ববিদসকলেও কৈ গৈছে
, মানুহ বৃদ্ধ হয় দুই ধৰণে— প্রাইমাৰি
এজিং (বয়সৰ লগে লগে যি বার্ধক্য আহে) আৰু ছেকেণ্ডাৰী এজিং (অসুখ-বিসুখৰ ফলত যি
বার্ধক্য ত্বৰান্বিত হয়)।

বাৰ্ধক্যৰ আগতেই
এণ্ড্ৰপ
জৰ এছোৱা সময় পাৰ কৰি আহিছে ষ্টেপানে। কেৱল ষ্টেপানেই নহয়, প্ৰতিজন
পুৰুষেই অতিক্ৰম কৰিব লাগে এণ্ড্ৰপ
জৰ সময়ছোৱা। মানুহবোৰে মহিলাৰ মেনপজৰ
কথা খুবেই পাতে
; কিন্তু কিমানে কয় বা লিখে এণ্ড্ৰপজৰ
কথা! ষ্টেপান আৰু মিষ্টাৰ ইগৰে এই কথাটোকে পাতি আছিল এদিন। যিদিনা ওলাইছিল
বাৰ্ধক্যৰ বিষয়টো।

: বুজিছা বন্ধু,
বাৰ্ধক্য
অকলে কেতিয়াও নাহে।— মিষ্টাৰ ইগৰে কৈছিল।

: অকলে আহিবলৈ
ভয় কৰে নেকি
?— হাঁহি দিছিল ষ্টেপানে।

: তেনেকৈও ভাবিব
পাৰি।— মিষ্টাৰ ইগৰেও হাঁহিছিল।

: লগে-ভাগে
বৃদ্ধকাল!

আচলতে বার্ধক্যক
আন তিনিটা ভাগতো ভাগ কৰা হয়— মানসিক বার্ধক্য
, সামাজিক
বার্ধক্য আৰু বায়
লজিকেল বার্ধক্য। কোনো বার্ধক্যই মানুহৰ জীৱনলৈ
অকলে নাহে
, কোনোবা নহয় কোনোবা বন্ধুক লগত লৈ আহেই। কাজেই
অনুমান কৰিবলৈ অসুবিধা নহয়
, বার্ধক্যই কিদৰে সকলো ফালৰ পৰা মানুহক
এক দুঃসহ অৱস্থাৰ আৱর্তলৈ ঠেলি দিয়ে। জীৱনৰ সর্বক্ষেত্রকে অসহায় কৰি তোলে। এই সকলো
সমস্যাত সমাবৃত হৈ জীৱন হৈ উঠে বিড়ম্বিত। দেহক জৰাই গ্রাস কৰাৰ লগে লগে দুর্বলতাই
গ্রাস কৰে মানসিক স্থিতাৱস্থা।

: তুমি এটা কাম
কৰিব পাৰাঁ।— মিষ্টাৰ ইগৰে কৈ উঠিছিল।

: কি কাম?—
উৎসুক
হৈ উঠে ষ্টেপান।

: তুমি লিখিব
পাৰাঁ।

: কি?

: মলেঁয়াৰ
বিষয়ে।

: মলেঁয়াৰ
বিষয়ে কি লিখিম
?

: সকলো লিখা।
তাইক তুমি কিদৰে পালা
, কেনেকৈ তাই ডাঙৰ হৈ আহিল, ক্লেপেটাঁ
কিদৰে তাইৰ জীৱনলৈ আহিল
, সিহঁতৰ এতিয়ালৈকে কিমান পোৱালি হৈছে
সকলো লিখাঁ।

: মোৰ ভাৱ-ভাষা
ভাল নহয় নহয়!— গা এৰাব বিচাৰিছিল ষ্টেপানে।

: তুমি যেনেকৈ
কথা কোৱা তেনেকৈয়ে আৰম্ভ কৰাঁচোন।— মিষ্টাৰ ইগৰে সাহস দিছিল।

: চেষ্টা কৰিম ৰবা।

: চেষ্টা নহয়,
লিখাঁই।
এখন ভাল কিতাপ হ
ব বুজিছা।— মিষ্টাৰ ইগৰে কৈছিল।

: আৰু বেটুপাতত
থাকিব মই তোলা মলেঁয়া-ক্লেপেটাঁৰ সকলোতকৈ ভাল ফটোখন।— দুই বন্ধুৰ কথোপকথন নিৰলে
আহি শুনি থকা লুকা ক
ভাকে মাত দিছিল।

সেই যে মিষ্টাৰ
ইগৰে কোৱাৰে পৰা লিখিবলৈ আৰম্ভ কৰিছিল ষ্টেপানে
, লিখোঁতে লিখোঁতে
এতিয়া শতাধিক পৃষ্ঠা পাৰ হ
ল বহীখনৰ। প্ৰতিটো পৃষ্ঠাতে তেওঁ লিখি
গৈছে মলেঁয়াৰ কথা
, ক্লেপেটাঁৰ কথা। লিখি গৈছে তেওঁৰ একাকী জীৱন
মৰুভূ-ত মৰুদ্যানৰ সন্ধান দিয়া এই সৰগী পখীৰ কথা। লিখি গৈছে
উৰণীয়া
প্ৰেমৰ জুৰণীয়া বা

(আগলৈ)