ধেৱাই ধোৱা ধৰণী

 

অজিত ছিংনাৰ

(ছয়) 

তেমেকাহঁঁতৰ
গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ
পানী ভালেখিনি কম
, মাজত এবুকুমানহে পানী থাকে, ঠায়ে
ঠায়ে খোজ কাঢ়ি পাৰ হ’ব পাৰি৷ কলঙৰ পাৰতে গৰখীয়াবোৰে ভোগালী বিহুৰ মেজি সাজিছে৷
তেমেকাৰ ভায়েক দেউৰামো এটা গৰখীয়া৷ সিও গৰখীয়াবোৰৰ লগত কামত লাগি আছে৷ কাইলৈ
উৰুকা৷ এতিয়াও ভেলাঘৰ সজাৰ কাম আৰম্ভ হোৱাই নাই৷ তদুপৰি ডেকা-গাভৰু
, ককাই-ভাই
আৰু বাটমেজিকেইটা সাজিবলৈ আছেই৷

কান্ধত বাঁহ
একোডালকৈ লৈ তেমেকাৰ লগতে গাঁৱৰ ডেকাবোৰক ওলাই অহা দেখা গ’ল৷ তেমেকাহঁতে
গৰখীয়াবোৰৰ কাম লক্ষ্য কৰি আছিল৷ যেতিয়া দেখিলে গৰখীয়াবোৰৰ দ্বাৰা কাম নিসিজিবগৈ
,
তেতিয়া
তেমেকাই কেৰ্পাই
, দামোদৰকে ধৰি গাঁৱৰ ডেকাবোৰৰ লগত আলোচনা কৰি
একোডালকৈ জাতিবাঁহ লৈ ওলাই আহিছে৷

মেজিতলী পাই
তেমেকাই গৰখীয়াবোৰক ক’লে–“‘মেজি ভালেকেইটা হ’ল৷ এতিয়া তন্তে অজা-আণী মেজিকেইটাকে
হাজ৷ আমি ভেলা ঘ’টো হাজং৷’’

‘‘অ অ, তন্তে
ভেলা ঘ’টো হাজ৷’’– গৰখীয়াবোৰৰ কথাত সকাহ পোৱাৰ ভাব এটা ফুটি উঠিল৷

তেমেকাই
কেৰ্পাইহঁতক লগত লৈ ভেলাঘৰ সাজিবলৈ লাগি গ’ল৷ কান্ধৰ বাঁহবোৰৰ পৰা খুঁটা-কামি সাজি
সিহঁত কামত আগ বাঢ়িল৷

 

কাম কৰি
থাকোঁতেই তেমেকাৰ মনত পৰিল ফুটুকীলৈ৷ লক্ষণসিঙৰ ঘৰৰ পৰা অহাৰ পাছদিনাই ফুটুকী
সিহঁতৰ ঘৰলৈ আহিছিল৷ সি নিজৰ কোঠাতে ফুটুকীক কেতিয়াকৈ ঘৰ সোমোৱাব তাৰে চিন্তা কৰি
আছিল৷ তেনেতে ফুটুকী আৰু মালতী তাৰ কোঠাটোলৈ সোমাই আহি ঢাৰি পাৰি বহিছিল৷ ফুটুকীয়ে
তাক সুধিছিল– ‘‘লক্ষণসিঙে কিয়া মাতি পঠিয়াইছিল
?’’

‘‘কথা ডাঙ’
হ’বগৈ যেন পাইছং৷ আকৌ যুদ্ধ’ কআ কথা চলিছে৷’’

‘‘হয় নাকি?
কিয়া?’

‘‘কিয়া মানে?
নাজান
নাকি বগা বঙালবোঅ’ কথা
? হিন্তে হকলোতে ক’ লগাইছে৷ আমি ইমান ক’ দি জীয়াই
থাকিবা নোৱাঈম৷ ক’ দি দি মানুহবোঅ’ অৱস্থা নোহোৱা হৈ গৈছে৷ ইমানদিনে ক’ দিবা
নোপোৱাকে আমি চলি আছিলং৷ যোৱা ব’হাগ মাহত আমা’ গাঙ’লৈকো চঅকাঅ’ মানে মৌজাদাঅ’
মানুহ আহি নাঙলে পতি কোৱে পতি ক’ দিবা লাগিব বুলি কৈ গৈছে৷ ঘ’বোঅকো হিচাপ কঈ গ’ল৷
কেইদিনমান’ পাছত হিন্তে আহি ওলাবই যেন পাইছং৷ বগা বঙালবোএ আমাক হিন্ত’ প্ৰজা
নিচিনাকে নহয়
, চাকঅ’ দএহে ব্যৱহা’ কঈ আছে৷ হেই কাণে আমা’
মানুহে যুদ্ধ কঈবা লাগিব৷ পাঈলে যুদ্ধ কঈ ইংআজক ইয়া পআ খেদি দিবা লাগিব৷ তেতিয়াহে
আমি হান্তিত থাকিবা পাঈম৷’’

‘এইবো’ কথা কি
লক্ষণসিঙে কৈছে
?’

‘‘অ কৈছে৷ এইবো’
কথাই আমাক জনালে আউ আলোচনা কঈলে৷ আমাক বিহুটো খাই ল’বা দিছে৷ এই মাঘবিহু পাছতে আমি
আমা’ অজাবোঅক খব’ দিবা যাবা লাগিব৷ অজাবোএ নিজ নিজ প্ৰজা লগত আলচ কঈ ইংআজ’ বিউ
¸দ্ধে
যুঁজিবলৈ হাজু কঈব৷ গতিকে ব’ বেয়া দিন আহিব৷’’

‘‘কথা তেতিয়া
হ’লে ডাঙ’এই হ’বগৈ দেখোন৷’’

গধূলি হৈ
আহিছিল৷ মালতীয়ে ক’লে– ‘‘এআল দিয়া ছাগলীকেইটা মই আনংগৈ৷ গউ
কেইটাও ঘ’
চাপিছে নে নাই চাই আহংগৈ৷ তন্তে কথা পাতি থাক৷’’

মালতী ওলাই গ’ল৷
তেমেকাই ফুটুকীৰ মুখলৈ চালে– তাইৰ গুলপীয়া গাল দুখন দেখি তাৰ চুমা এটা খাই দিবৰ মন
গ’ল৷ সি গাত লৈ থকা এৰীয়া ছাদৰখন গাত ভালদৰে মেৰাই লৈ বিছনাৰ পৰা নামিল আৰু তাইৰ
কাষত বহিল৷ তাকে দেখি ফুটুকীয়ে সুধিলে– ‘‘কি হ’ল
? বিছনা পআ নামি
আহিলি যে
?’’

‘‘চাং চুমা এটা
খাং৷’’

‘‘এই, বদমাছটো!’’

তেমেকাই ফুটুকীৰ
গাল দুখনত ধৰি চুমা খাব খুজিলে৷ ফুটুকীয়ে আপত্তি কৰি উঠিল– ‘‘চাং এ’
, মালতীয়ে
দেখিব৷ যা বিছনাত বহগৈ৷ তই এনেদএ ম’ লগত বহি থাকা দেখিলে মালতীয়ে কি ভাবিব
?
যা
বিছনাত বহগৈ৷’’

তেমেকাই ফুটুকীৰ
কাষৰ পৰা উঠি গৈ পুনৰ বিছনাত বহিল৷ তাৰ ফুটুকীক চুমা খোৱা নহ’ল৷ বাহিৰত
ছাগলীকেইটাক মালতীয়ে ঘৰ চপোৱাৰ শব্দ শুনা গ’ল৷ তেমেকাই ফুটুকীক অলপ চিন্তিত ভাবেৰে
ক’লে– ‘‘আমা’ বিয়া পাতিব নোৱাঈম যেন পাইছং৷ ত’ক পলুৱাইহে আনিবা লাগিব৷ ইংআজ’ লগত
যুদ্ধখন লাগিলে ত’ক বিয়া পাতিবা হময়েই নাপাম৷’’

‘‘ম’ক বিয়া পাতি
নানিলে আয়ে-পিতায়ে ব’ বেয়া পাব৷ মই এজনীহে ছোৱালী৷ মই পলাই আহিলে হিন্তে ব’ বেয়া
পাব৷’’

‘‘কিন্তু,
মই
হ’লে যুদ্ধখন হোৱা আগতে লেঠাটো মাঈ থং বুলি ভাবিছং৷’’

‘‘হ’ব তই
মাঘবিহু’ পিছত খব’ দিবালাগা অজাবোঅক খব’ দি আহগৈ৷ তা’ পাছতে ম’ক খুজিবা মানুহ
পঠিয়াবি৷’’

‘‘হ’ব দে তাকে
কঈম৷’’

মালতী ঘৰৰ
ভিতৰলৈ সোমাই আহিয়েই তেমেকাক ক’লে– ‘‘কাকা
, ক’লা দমআটো ঘঅলৈ
আহা নাই৷’’

‘‘হয় নাকি?
জহনীত
যোৱাটোবা ক’ত মঈ আছেগৈ/’’

তেমেকা বিছনাৰ
পৰা নামিছিল আৰু ক’লা দমৰাটোক বিচাৰি পথাৰৰ ফালে আগ বাঢ়িছিল৷

 

তেমেকাহঁতৰ
ভেলাঘৰৰ কাম শেষ হৈ আহিল৷ বেলিটোও পশ্চিম আকাশত মাৰ যাবৰ হৈছে৷ সৰু ল’ৰা কেইটামানে
কলপাত আনি সাজি থকা ভেলাঘৰটোৰ কাষতে থৈছে৷ কেৰ্পাই আৰু বলোৰামে কলপাতবোৰ ভেলাঘৰটোৰ
ওপৰত চালিৰ দৰে পাৰি দিলে৷ গৰখীয়াবোৰে সাজি থকা ৰজা-ৰাণী মেজি দুটাৰ ওচৰলৈ তেমেকা
আগ বাঢ়ি গ’ল৷ কলঙৰ পানীৰ কাষতে সজা এই দুটা মেজি আনবোৰ মেজিতকৈ ওখ৷ তেমেকাৰ মনটো
ভাল লাগিল– মেজি দুটাৰ মোখনিহে মাৰিবলৈ আছে৷

বেলি পশ্চিম
আকাশত মাৰ গ’ল৷ তেমেকাহঁতৰ বিহুতলীৰ কামবোৰো সম্পূৰ্ণ হৈছে৷ জাৰ লগাত তেমেকাই
এখন এৰী ছাদৰ গাত মেৰিয়াই ল’লে৷ লাহে লাহে ৰজা-ৰাণী মেজি দুটা সজাৰ কামো সম্পূৰ্ণ
হ’ল৷ আন্ধাৰো হৈ আহিল৷ পাছদিনা সাজিবলগীয়া বাটমেজি আৰু মদখোৱা মেজিৰ কথা পাতি
পাতি তেমেকাহঁতে গৰখীয়াবোৰক লগত লৈ গাঁৱলৈ বুলি যাবলৈ ধৰিলে৷ বিহুৰ বাবে কৰিবলগীয়া
কাম এতিয়াও বহুত আছে৷

পাছদিনা সন্ধিয়া
হোৱাৰ লগে লগে ডেকা আৰু গৰখীয়াবোৰৰ সৈতে গাঁৱৰ পূব মূৰত থকা আহঁত গছজোপাৰ তলত সজা
কাঠমেজিৰ কাষত তেমেকা হাজিৰ হ’ল৷ আগবেলা গাঁৱৰ ৰাইজৰ লগত তেমেকাই বিলত মাছ মাৰিবলৈ
গৈছিল৷ সি দুটা বৰালি মাছ পলৰে ধৰিছে৷ মাছ মাৰি আহি পেটত কেইটামান ভাত পেলাই আবেলি
পৰত ডেকা আৰু গৰখীয়াবোৰৰ সৈতে আহি বাটমেজি
, মদখোৱা মেজি আৰু
কাঠমেজি সাজিছিল৷ এতিয়া তেমেকাহঁতৰ উদ্দেশ্য হ’ল কাঠমেজি জ্বলাই বিহু মৰা৷ তেমেকা
,
দামোদৰ
আৰু কেৰ্পাইৰ কান্ধত একোটাকৈ ঢোল থকাৰ বিপৰীতে বীৰেন
, ভদ্ৰেশ্বৰ আৰু
বাপুকণৰ হাতত আছে একোযোৰকৈ তাল৷ তেমেকাই ঢোলত চাপৰ মাৰি বজাবলৈ ধৰিলে– ‘ৰিদাং ধেকেৰী
ৰিদাঙতি গ্ৰেছ দাউ দাউ দাউ…’৷ তেমেকাৰ লগতে দামোদৰ আৰু কেৰ্পায়েও ঢোলত হাত দিয়াত
তিনিটা ঢোলৰ একেটা ছেৱত চাৰিওদিশ ৰজনজনাই গ’ল৷ বলোৰামে পেঁপাত ফু দি এটা ছেও
বজালে৷ লগে লগে গৰখীয়া ল’ৰাবোৰে কিৰিলি মাৰি নাচিবলৈ ধৰিলে৷ অলপ পাছতে বলোৰামে
পেঁপা বজাবলৈ এৰি গীত জুৰিলে–

    ‘অ’ ককাই অ’ ককাই অ’ চুঈয়া চতাই অ’

    বৌ বা কিমান’ কাজী

    বেআ হুউঙাই চাইনো চাই পঠিয়াং

    ধঈব নাজানে পাজি

    অ’ উণেজুন হলীল’ ধুনা ধুন

    নেমাতি যোৱাটো কোন…’

 

এইবাৰ বীৰেনে
গীত জুৰিলে–

    এইফালে কোনে গ’ল

    বুকুএ ধনে গ’ল

    খোজত মঈ গ’ল বনে

    অ’ চকুএ দেখা পাই

    মুখেএ অ’ নেমাতে

    কেনেবা লাগিছে অ’ মনে…’

ঢোল বজাই গীত
গাই তেমেকাহঁতে কিছু সময় ধেমালি কৰাৰ পাছত কেইজনমান গৰখীয়াই সিহঁতৰ মাজলৈ লাওপানী
লৈ আহিল৷ বীৰেনে লগে লগে ক’লে– ‘দে অলপ অলপ লাওপানী খাং৷ ম’ হ’লে জিভাপানী পঈছেই৷
ঐ থাকিবা নোৱাঅং আউ৷’

‘দে দে অলপ অলপ
খাং৷’– তেমেকাহঁতে বীৰেনক সমৰ্থন কৰিলে৷

‘হোঁ, এতিয়া
তহঁতে বজা’ বুলি তেমেকাই নিজৰ ঢোলটো এটা গৰখীয়াক দিলে৷ দামোদৰহঁতেও ঢোল-তালবোৰ
গৰখীয়া ল’ৰাবোৰক অৰ্পণ কৰি লাওপানী টেকেলিৰ কাষত চুঙা লৈ বহিল৷ সিহঁতে টেকেলিৰ পৰা
লাওপানী চুঙাত ঢালি ঢালি খাবলৈ ধৰিলে৷ দুচুঙা লাওপানী খোৱাৰ পাছত তেমেকাই কেৰ্পাইহঁতক
ক’লে– ‘বুইছ না
, দুপঈয়া ম’ ভালদএ ভাত খোৱা নহ’ল৷ মই ভাত খাই
আহংগৈ৷’’

‘‘আমা’ হ’বলা
ভোক লাগা নাই
?’– দামোদৰে মাত দিলে৷ ‘আমিও ভাত খাই আহংগৈ৷’’

‘‘আমি
গোটেইকেইটা একেলগে গ’লে বেয়া হ’ব৷ দুজনমান থাকক৷ গৰখীয়াবোঅ’ পআও এতিয়া কেইটামান
যাক
, তা’পাছত বাকীকেইটা যাব৷’’

‘‘ঠিকে আছে
তেন্তে৷ ত’ লগতে মই
, বলোআম, বীএন আউ বাপুকণে পথমে ভাত খাই আহং৷
ভদেশ্ব’হঁত থাকক৷ আমি আহা পাছত বাকীকেইটা যাব৷ হ’ব না
?’’

‘‘হেই যা,
আবেলিএ
পআ লাওপানী খাংতে খাংতে ম’ হ’লে ভোকেই লাগা নাই৷”– বীৰেনে মাত দিলে৷ “তন্তে চবেই
গ’লেও যা৷ মই লাওপানী খাই খাই থাকিম৷ মিনতিয়ে ম’ক বহুত কষ্ট দিছে৷’’

“কি ক’লি
মিনতিয়ে কষ্ট দিছে
?”– বীৰেনে হঠাতে মিনতিৰ কথা কোৱাত তেমেকা আচৰিত
হ’ল৷

“হয়, হি
ম’ক ব’ কষ্ট দিছে৷ মই তাক কিমান কৈছং তই ম’লৈকে আহ৷ এই বিহুতে আনি ঘ’ হুমুৱাং বুলি
ভাবিছিলং৷ হি নামানে৷ ম’ক হেনো ভালেই নাপায়৷ লগ’বোএও বুজাইছে হি নুবুজে৷ মই মঈ
যাম৷ তাক নাপালে মই মঈ যাম৷”

“হেই কি কথা কৈছ?
মআ
কথা নক’বি৷ পিথিৱীত আউ ছোৱালী নাই নাকি
? হি নাহিলেও খাটি নকঈবি৷ তই বেলেগ
এজনীকে আন৷”

“নাই নোৱাঈছং৷
তাক  লাগিবই৷ বাউ তন্তে ভাত খাই আহগৈ৷
তন্তে আহিলে মই যাম৷”– বীৰেনে পুনৰ লাওপানী এঢোক খালে৷

‘‘হয় নাকি?
থাক
নহ’লে৷ আমি আহি পালে বাকীকেইজন’ লগত যাবি৷’’

তেমেকা আৰু
দামোদৰহঁতে ঘৰলৈ খোজ ল’লে৷ আজি তেমেকাই ফুটুকীক দেখাই নাই৷ তাই আজি এই উৰুকাৰ
দিনটোত মাছ মাৰিবলৈকো নগ’ল৷ লগত অহাকেইজন নিজৰ নিজৰ ঘৰত সোমোৱাৰ পাছতে সি চিধাই
ফুটুকীৰ ঘৰলৈ পোনাই দিলে৷

ফিৰফিৰিয়া বতাহ
এছাটি গাত লগাত এৰীয়া কাপোৰখন ভালদৰে মেৰিয়াই তেমেকা ফুটুকীহঁতৰ চোতালত উঠিল৷
বাৰাণ্ডাত বহি কেইজনমান মানুহে লাওপানী খাই আছে৷ বিহুৰামে তেমেকাক দেখি মাত দিলে–
‘‘অ
 বোপাইটো আহিছ?  ফুটুকী! তেমেকা ককাএআ আহিছে৷ আহচোন বাহিঅলৈ৷’

ফুটুকীক ঘৰৰ
বাহিৰলৈ অহা দেখা গ’ল৷ তাই তেমেকাক ক’লে– ‘আহ ভিতঅলৈকে৷’’

তেমেকা ফুটুকীৰ
পিছে পিছে ঘৰৰ ভিতৰ সোমাল৷ ফুটুকীয়ে নিজৰ কোঠাতে তেমেকাক পীৰা পাৰি বহিবলৈ দিলে৷
তেমেকাই পীৰাত বহিয়েই ফুটুকীক সুধিলে– ‘‘ত’ক দেখোন আজি দিনত দেখাই নাপালং৷ মাছ
মাঈবাকো নগ’লি কিয়া
? গা অখুখ নাকি?’’

‘‘নাই নাই,
গা
ভালেই৷ এইবা’ বিহু বুলি হান্দহ অলপ খুন্দিলং৷ কিন্তু পিঠা হ’লে কআই নাছিলং৷ মায়ে
ম’কে পিঠা কআ কাম দি নিজে মাছ মাঈবলৈ গ’ল৷ দিনত পিঠাকে কঈলং অলপ৷ পিঠা খাবি নাকি
?’’

‘‘তই কআ পিঠা
নাখাম না
? লৈ আহচোন খাই চাং কেনেকুৱা হৈছে৷’’

ফুটুকীয়ে কলপাতত
তিলপিঠা আৰু তেলপিঠা কেইটামান আনি তেমেকাক দিলে৷ তেমেকাই তিল পিঠা এটাত কামোৰ
মাৰি ক’লে– ‘‘ব’ ভাল হৈছে অ’৷ তই দেখোন পিঠা কঈবা জান৷’’

‘‘মই পিঠা
ভাজিবা-পুঈবা নাজানং বুলি ভাবি আছিলি হ’বলা
?’’

‘‘অ তেনেকুৱা
বুলিয়েই ভাবি আছিলং৷ কিন্তু কথাটো তেনেকুৱা নহয় দেই! মই ভালজনীকেই মন কঈলং৷ একেবাএ
কাজি এজনীক৷ বিয়া পিছত ভাল ভাল পিঠা খাবলৈ পাম৷ পিচে
, এইকেইটাহে খালং
আউ৷ আউ নাখাং৷ লাওপানীহে এচুঙা দিবি৷ গাহঈ মাংখ’ আছে না
?”

‘‘আছে আছে৷ আগতে
পিঠা খাই হেখ ক’৷ লাওপানী আউ
¸ গাহ’ঈ মাংখ’ খাজি আনি আছং৷’’

তেমেকাই পিঠা
খাই শেষ কৰিলে৷ ফুটুকী পাকঘৰত সোমাল৷ অলপ পাছতে তাই তেমেকালৈ বুলি এচুঙা লাওপানী
আৰু কলপাতত অলপ গাহৰি মাংসৰ খাজি আনি দিলে৷ তেমেকাই এঢোক লাওপানী খাই মাত দিলে–
‘‘লাওপানী আগি আছে দেই৷ মানুহজনীক চালে চাই থাকিবৰ মন যোৱা দএ লাওপানীও খালে খাই
থাকিবা মন গৈছে৷ দুয়োটাতে আগি বহুত৷’’

‘‘এই! কিবো’
বলকি আছ
? ঘঅত মানুহ-দুনুহ নাই বুলি ভাবিছ নাকি? আনে হুনিলে কি
বুলি ভাবিব
? মনে মনে বহি খাই থাক৷ নিচা লাগিলেই নাকি?
বিহুতলীত
খাই আহিছ ন
?’’

ফুটুকীৰ কথাত
তেমেকাৰ হুঁচ আহিল৷ বিহুতলীত খাই যোৱা লাওপানীৰ নিচা তাৰ গাত ৰিমৰিমকৈ লাগি আছিলেই
,
তাতে
ফুটুকীয়ে দিয়া লাওপানী চুঙা খাই নিচা আৰু বাঢ়িছে৷ ফুটুকীৰ কথাত সি স্থিৰ হৈ বহিল
আৰু তাৰ মাতটোও আগতকৈ সৰু হৈ আহিল৷ সি ক’লে– ‘বিহুতলীত দুচুঙা খাই আহিছং৷ ইয়াত
এচুঙা খালং৷ আউ
¸ নালাগে৷ খাজি খায়ো ভাল লাগিল৷ ত’ক দিনটো দেখা
নাছিলং বাবে চাবলৈ আহিলং৷ কাইলৈ আবেলি ধোপ খেলিবলৈ যাবি নহয়
?’

‘‘অ যাম৷’’

‘‘পিঠিত ভালদএ
তামোল’ ঢোকোনা বান্ধি যাবি৷ নহ’লে বিষত উঠিব নোৱআ হ’বি৷’’

‘‘তইহে বান্ধি
যাবি৷ দেখিম নহয়
, কাইলৈ কোনে বেছিকে ধোপ’ কোব খায়!’’

‘‘হ’ব বাউ কাইলৈ
দেখা যাব৷ এতিয়া মই যাং৷ ঘঅত ভাত খাই বিহুতলীলৈ যাবা লাগিব৷ অ এটা কথা৷ বীএনে দুখ
কঈ কঈ লাওপানী খাই আছে৷ মই জানং হি মিনতিক লৈ পাগল
; কিন্তু মিনতিয়ে
তালৈ একেবাএ মন নেমেলে বোলে
?’’

“অ তাক মিনতিয়ে
মন নাখায়৷ বতাবাঈ লআ এটা লগতহে মিনতি’ মন’ মিল৷ হি বীএনলৈ নাযায়৷”

“এ হয় নাকি?
আজিহে
গম পালং৷ বাউ যাং৷”

তেমেকা বহাৰ পৰা
উঠিল আৰু ফুটুকীৰ গালত চিকুট এটা মাৰিলে৷ লগে লগে ফুটুকীয়ে তাৰ পিঠিত হাতেৰে কোব
এটা শোধালে৷ সি মিচিকিয়া হাঁহি এটা মাৰি ঘৰলৈ খোজ ল’লে৷

 

আহঁত গছজোপাৰ
তলখন ঢোল-তাল আৰু পেঁপাৰ মাতত উৰি যাওঁ উৰি যাওঁ হৈ আছে৷ তাত থকা সকলোৱে ঘৰত ভাত
খাই আজৰি হৈছে৷ তেমেকাই ঘৰত ভাত খাই তাত গৈ উপস্থিত হোৱাৰ লগে লগে বলোৰামে তাক
সুধিলে–‘‘কি হ’ল ত’
? ইমান দেঈ হ’ল যে?’’

‘‘এহ, মই
যোৱালৈ ভাত-ত’কাঈয়েই হোৱা নাছিল৷’’– তেমেকাই ফাঁকি দিলে৷ ‘ভাত হোৱা লগে লগে খাই
আহিছং৷’

‘‘হ’ব দে,
আমা’
বুজিবলৈ বাকী নাই৷ মই ভাত খাই একেলগে আহিম বুলি ত’ ঘঅত হোমাইছিলং৷ তইচোন ঘঅত
নাছিলিয়েই৷ ত’ মায়ে ম’কহে হুধিছিল ত’ কথা৷’’

‘‘এ বাজ ফুঈবলৈ
গৈছিলং অ৷’’

‘‘ইমান মিছা কথা
ক’বা নালাগে দে৷ মই জানিছং তই ফুটুকী ঘঅত ফূতি কঈ আছিলিগৈ৷’’

তেমেকা দামোদৰৰ
ওচৰত ধৰা পৰি গৈছে৷ সি সঁচা কথা কোৱাটোকে থিৰাং কৰিলে– ‘‘আজি দিনটো দেখা নাছিলং
অ’৷ হেইবাবে এবা’ চাই আহিলংগৈ৷’’

‘‘এতিয়াহে
জোলোঙা’ মেকুঈ ওলাল৷’’

তেমেকাই
মিচিকিয়া হাঁহি এটা মাৰি কেৰ্পাইহঁত থকাৰ ফালে খোজ ল’লে৷ সি খবৰ কৰি গম পালে যে
গৰখীয়া কিছুমানে বৰগৰখীয়া আৰু গাঁৱৰ বুঢ়াসকলক মাতিবলৈ ওলাই গৈছে৷

তেমেকাই
কেৰ্পাইৰ ঢোলটো কান্ধত লৈ বতা চৰাইৰ ছেও বজাবলৈ ধৰিলে৷ তেমেকাৰ বাহিৰে কোনেও এই
ছেও সুন্দৰকৈ বজাব নাজানে৷ তাৰ ঢোলৰ মাততে বীৰেনৰ গা উঠিল৷ বহুৱা বিহুৰ এই ছেৱত
বীৰেনে গাৰ নানা ভাজ দি দি নাচিবলৈ ধৰিলে৷ তাকে দেখি দামোদৰ আৰু কেৰ্পাইৰো গা
উঠিল৷ সিহঁতেও গৰু-ম’হকে ধৰি নানা জীৱ-জন্তুৰ ভাও দি দি নাচিবলৈ ধৰিলে৷ সকলোৰে
দৃষ্টি সিহঁতৰ ওপৰত নিৱদ্ধ হ’ল৷ সিহঁতৰ নৃত্যত আমোদ পাই দৰ্শক হৈ থকাবোৰে মাজে
মাজে কিৰিলি মাৰিলে৷

গাঁৱৰ বুঢ়া
মানুহবোৰ আৰু বৰগৰখীয়া আহি আহঁতৰ তলত উপস্থিত হ’ল৷ লগে লগে তেমেকাহঁতে নাচ-গান এৰি
আগতে আনি থোৱা ধানখেৰেৰে ঘূৰণীয়াকৈ আসন পাৰিলে আৰু তেওঁলোকক বহিবলৈ অনুৰোধ কৰিলে৷
ৰাইজ বহিল৷ ৰাইজ বহাৰ পাছতে ডেকা আৰু গৰখীয়াবোৰে তেওঁলোকৰ সন্মুখত লাওপানীৰ চুঙা
দি গ’ল৷ সকলোৰে সন্মুখত দিয়াৰ পাছতে ডেকা আৰু গৰখীয়াবোৰৰ হৈ কেৰ্পায়ে লাওপানী
গ্ৰহণ কৰিবলৈ তেওঁলোকক অনুৰোধ কৰিলে৷ উৰুকা ৰাতিৰ কামবোৰ সোনকালে আগ বঢ়াই নিব
লাগে বুলি সকলোৰে চেতনা আছে৷ তেমেকাহঁতৰ অনুৰোধৰ পিছতে বুঢ়াসকলে লাওপানীৰ চুঙা
হাতত লৈ শিৱ ভগৱানৰ নামত লাওপানী উছৰ্গা কৰিলে আৰু সকলোৱে খাবলৈ ধৰিলে৷

এচুঙাকৈ লাওপানী
খোৱাৰ পাছতে বৰগৰখীয়া কাঠমেজিত জুই দিবলৈ ওলাল৷ তাৰ পিছে পিছে ডেকা আৰু গৰখীয়াবোৰ
আগ বাঢ়িল৷ বুঢ়াসকল আগৰ দৰে বহি থাকিল৷ বৰগৰখীয়াই ভগৱানৰ নাম লৈ বছৰৰ বিহুটো
সুকলমে পাৰ কৰাৰ প্ৰাৰ্থনা কৰি কাঠমেজিত জুই দিলে৷ লগে লগে তেমেকাহঁতে কিৰিলি পাৰি
উঠিল৷ কাঠমেজিৰ জুই লাহে লাহে ওপৰলৈ উঠিল৷ 
কাঠমেজিৰ চাৰিওফালে ঘূৰি ঘূৰি ডেকাবোৰে ঢোল বজাই গীত গাই নাচি নাচি ঘূৰি
থাকিল৷

কাঠমেজিৰ জুই
নামি আহি তলত পৰিল৷ ডেকা-বুঢ়া সকলোৱে মেজিতলীলৈ খোজ ল’লে৷ বাটতে পোৱা মদাহী
মেজিটোত সেৱা জনাই বৰগৰখীয়াই জুই দিয়াৰ পাছতে সকলোৱে বাটমেজিবোৰ জ্বলাই জ্বলাই
মূল মেজিতলীত উপস্থিত হ’ল৷ মেজিতলীত লাওপানী খাই ঢোল-পেঁপা বজাই মেজিবোৰ ডেকা-বুঢ়া
সকলোৱে পুৰিলে৷ বিহুৰ উলাহত মচগুল হৈ থাকোঁতে তেমেকাহঁতে গমেই নাপালে সময় কিমান
পাৰ হ’ল৷

ইতিমধ্যে পূবে
ধলফাট দিছে৷ সকলোবোৰ মেজি জ্বলাই শেষ হোৱাৰ পাছ
ত ৰজা-ৰাণী
মেজিকেইটা দেউৰীয়ে জ্বলাই কলঙৰ বুকুত বগৰাই দি গা ধুলে৷ দেউৰীৰ পাছতে সকলোৱে কলঙত
গা ধুই ঘৰলৈ যাবলৈ ওলাল৷

তেমেকাই গা
ধুয়েই কেৰ্পাইক লগত লৈ ঘৰলৈ খোজ ল’লে৷ তেমেকাই কেৰ্পাইৰ ঘৰৰ পদূলিমুখ পাই তাক
ক’লে– ‘‘ভাত খায়েই ম’ ওচঅলৈ আহিবি৷ একেলগে কুকুআ যুঁজাবা যাম৷ ত’ কুকুআটো লৈ
আহিবি৷’’

‘‘অঁ, আহি
আছং৷’’

 

পূব আকাশত বেলি
তিনি বেগেতমান উঠিছে৷ মানুহবোৰৰ হাতে হাতে একোটাকৈ কুকুৰা৷ গাঁওখনৰ সোঁমাজতে থকা
পলাশজোপাৰ তলত গাঁৱৰ মানুহবোৰে কুকুৰা যুঁজাইছে৷ তেমেকা আৰু কেৰ্পাইৰ হাততো
একোটাকৈ লাউৰীয়া কুকুৰা৷ তেমেকাৰ কুকুৰাটো দামোদৰৰ কুকুৰাটোৰ লগত যুঁজ লগাই দিয়া
হ’ল৷ দামোদৰৰ কুকুৰাটো অলপ সময় যুঁজ দি পলাবলৈ ধৰোঁতে মানুহবোৰে তাক ধৰিলে৷ যুঁজৰ
নিয়ম অনুসৰি দামোদৰৰ কুকুৰাটো তেমেকাই পালে৷ কেৰ্পাইৰ কুকুৰাটো বীৰেনৰ কুকুৰাটোৰ
লগত যুঁজিবলৈ দিয়া হৈছিল৷ তাৰ কুকুৰাটো বীৰেনৰ কুকুৰাটোৰ লগত হাৰিল৷

সকলোবোৰ
কুকুৰাকে এবাৰ এবাৰ যুঁজিবলৈ দিয়াৰ পাছত জিকি থকা কুকুৰাবোৰৰ মাজত যুঁজ আৰম্ভ কৰা
হ’ল৷ তেমেকাৰ কুকুৰাটো বীৰেনৰ কুকুৰাটোৰে যুঁজ লগাওঁতে বীৰেনৰটো হাৰিল৷ বীৰেনৰ
কুকুৰাটো তেমেকাই হাতত লৈ কেৰ্পাইক ক’লে– “তই হেউওৱা কুকুআটো’ হলনি এটা পালি৷ হঁ
এইটো ল৷”

তেমেকাই বীৰেনৰ
কুকুৰাটো কেৰ্পাইক দি দিলে৷ সি পুনৰ ক’লে– “আজিলৈ হ’ল আউ৷ ব’ল ঘঅলৈ যাং৷ আবেলি ধোপ
খেলিবা লাগিব৷”

দুয়ো ঘৰলৈ খোজ
ল’লে৷

 

আবেলিৰ সময়৷
তেমেকাই হাতত এটা ধোপ লৈ গাঁৱৰ মাজেৰে গৈ থাকিল৷ গৰখীয়া ল’ৰাবোৰে কেৰ্পাইহঁতৰ ঘৰত
হুঁচৰি মৰাৰ শব্দ তাৰ কাণত পৰিল৷ মাঘবিহুত হুঁচৰি মৰা নহয়৷ কিন্তু এই সৰু ল’ৰাবোৰক
কোনে বাধা দিয়ে
? ল’ৰাবোৰে টকা বজাই বজাই গাইছে–

    ‘কাউ’ কান্দে
কেলেলেক

    গছ’ ওপঅত

    ক’লা মেখেলা
পিন্ধিব নাপাই

    মন’ বেজাঅত৷

    অ হঈ তে,

আং

    অ হিতাই আং

    অ হঈ তে,

আং

    হঈয়হ পেলাই যাং৷

 

    বগঈ গছ’ জেং
বাপু

    বগঈ গছ’ জেং

    এইজনী ছোৱালী
চাই আছে

    দাঁত জেং জেং৷

    অ হঈ তে,

আং…’

 

তেমেকা আহি
পদূলিমুখ পোৱাৰ লগে লগে কেৰ্পাই তাৰ লগ লাগিল৷ কেৰ্পাইৰ হাততো এটা ধোপ৷ দুয়ো গাঁৱৰ
পশ্চিমমূৰত থকা পথাৰখনলৈ খোজ ল’লে৷

পথাৰৰ মাজত
গাঁওখনৰ ডেকাবোৰ এফালে আৰু গাভৰুবোৰ আনফালে থিয় হৈ আছে৷ ডেকা-গাভৰু সকলোৰে হাতত
সিয়াই লোৱা কাপোৰৰ একোটাকৈ ধোপ৷ তেমেকা আৰু কেৰ্পায়ো ডেকাবোৰৰ মাজলৈ গৈ থিয় হ’ল৷
ডেকাবোৰে  গাভৰুবোৰৰ লগত ধোপ খেলিবলৈ সাজু
হৈছে৷ তেমেকাৰ লক্ষ্য হ’ল ফুটুকী৷ সি ফুটুকীৰ ফালে লক্ষ্য কৰি তাৰ ধোপটো মাৰি
পঠিয়ালে৷ ফুটুকীয়ে তাৰ ধোপটো ধৰি পেলালে৷ তাই তেমেকালৈ চোঁচা মাৰি আহিল আৰু
ধোপটোৰে তেমেকাক কোব শোধাবলৈ চেষ্টা কৰিলে৷ তেমেকাই বাগি দি থাকিল৷ এটা মুহূৰ্তত
ফুটুকীয়ে ধোপটো মাৰি পঠিয়ালে৷ কিন্তু ধোপটো তেমেকাৰ গাত নালাগিল৷ তেমেকাই ইতিকিং কৰি
তাইক ক’লে– ‘‘নোৱাঈলি নোৱাঈলি৷ ম’ গাত লগাবা নোৱাঈলি৷’’

ফুটুকীয়ে একে
দৌৰে গৈ গাভৰুবোৰৰ লগত লগ লাগিল৷ কেৰ্পাইৰ খেলো চলি আছে মনোমতীৰ লগত৷ মনোমতীৰ ধোপ
এবাৰত ধৰিব পাৰি সি দৌৰি গৈ মনোমতীৰ পিঠিত এটা কোব শোধাই আহিল৷ তেমেকায়ো এবাৰত
ফুটুকীৰ ধোপ ধৰিব পাৰি তাইক ধোপৰ কোব এটা শোধাই থৈ আহিল৷ বীৰেনে মিনতিলৈ ধোপ
দলিয়াই আছে৷ মিনতিয়ে তাৰ ধোপ ধৰা নাই৷ তেমেকাই বীৰেনলৈ চাই ধৰিব পাৰিলে তাৰ লাহে
লাহে খং উঠি আহিছে৷ সি চিঞৰি উঠিল– “মিনতি
, তই ম’ ধোপ নধঈ
ম’ক লাজ দিছ৷ চাই ল’ম ত’ক!”

বেলি পশ্চিম
আকাশত মাৰ গ’ল৷ তথাপি ডেকা-গাভৰুবোৰৰ ধোপ খেল চলি থাকিল৷

***

(আগলৈ)

ফোন নম্বৰ : ৯৬৭৮৩১৮৮৬০