গীতাঞ্জলি বৰকটকী  ভাগৱতী

অ-ই কলে অসমৰ অকণ-অকণি আমি
আ-
বোলে ফাকুৱাত আবিৰ লওঁ সানি।
ই-
সোধে ইকৰাৰে ভেলাঘৰ সাজে নে নাসাজে
ঈ-
বোলে ঈশ্বৰে লুকাভাকু খেলে নে নেখেলে
?
উ-
সোধে উটত উঠি মৰুভূমি চাবা নে নোচোৱা
ঊ-লে ঊষা-অনিৰুদ্ধৰ কাহিনীটো কোৱা।
ঋ-
বোলে ঋষি থাকে আশ্ৰমত ঋক্ জপ কৰি
এ-ই কলে এদিনত কেইঘণ্টা, চোৱাচোন ঘড়ী।
ঐ-
বোলে ঐৰাৱত দেখি ভয় নাখাওঁ আৰু
ও- কয়
ওখ ওক গছৰ পাত
  ছিঙিব নোৱাৰো।
ঔ-
বোলে ঔ-টেঙাৰ চকলা খাওঁ নিমখ সানি
অ-ফলাৰ আখৰ পঢ়ি নাপাওঁ আমনি৷

 

ঠিকনা:

বি.ভি.এফ্. চি.এল্. উচ্চতৰ মাধ্যমিক বিদ্যালয়

নামৰূপ, শাখা-গ

ডাক:  পৰ্বতপুৰ, জি‍লা: ডিব্ৰুগড়, অসম