যুগল লোচন দাস

হ্‌পহীয়াকৈ বাঢ়ি আহিছিল ফুলৰ পুলিটো। 

এটিদুটিকৈ পাহ মেলি কলিকেইটায়ো হাঁহিব বিচাৰিছিল। কিন্তু ভাল আব্‌দাৰ নোপোৱাত
নিশকতীয়া হৈ পৰিল পুলিটো। সেউজবুলীয়া কোমল পাতলৈ নামি আহিল অকাল বাৰ্ধক্য। প্ৰকট
হৈ পৰিল শুকান সিৰাবোৰ। এজনী মৰমলগা
  ছোৱালীৰ প্ৰতি লৈ থকা
আদৰ-যত্ন হঠাতে এৰি দিলে তাই যিটো ৰূপ ল
বগৈ, পুলিটোৰো সেই দশাই হল। পাহি মেলি সুবাস বিলাই
অহংকাৰ কৰিব খোজা কলিকেইটাৰ পৰা বিয়পিল বিষাদৰ গোন্ধ। গুঞ্জন তুলি মধুপানৰ আশাত
হেঁপাহেৰে উৰি অহা ভোমোৰাকেইটাও
 নিশ্চুপ হৈ কেনিবা আঁতৰি গল। মোহভংগ ঘটিল পখিলাকেইজনীৰো। ওপৰে ওপৰে উৰি সুবাস
নোলোৱাকৈ
সিহঁত আঁতৰি গুচি গল।
 

সেউতীয়ে যত্ন লোৱালৈকে চোতালৰ পুলিটোৱে
গা উধাইছিল। হঠাতে জানো কি হৈ গ
, ফুলডালৰ প্ৰতি সেউতীৰ মনত বিৰাগ
জন্মিল
, অনীহা আহিল। তাইৰ ইচ্ছা নোহোৱা হৈ পৰিল গুৰিত
সাৰ-পানী দিবলৈ। যিদিনা নিজৰ সদ্যপুষ্পিতা কন্যা তৰালীলৈ সচেতনভাৱে তাইৰ চকু গৈছিল
,
সেই দিন ধৰি তাই ফুলজোপাৰ কাষেই নচপা হল।
কিছুমান অজান আশংকা
, ভয়-ভীতিৰ কলা
ডাৱৰে সেউতীৰ মনটো আ
ৰি ধৰিলে। সেইবাবেই হবলা ফুলজোপাৰ প্ৰতি মোহ নোহোৱা হৈ আহিল সেউতীৰ। গুৰিত সাৰ-পানী দিয়াৰ
হেঁপাহকণো হেৰুৱাই পেলালে তাই। ফুলজোপা ল
হ্‌পহীয়াকৈ বাঢ়ি
ফুলেৰে জাতিষ্কাৰ হৈ পৰাটো যেন কিবা অশুভৰহে চিন
, কিবা যেন
অথন্তৰ হ
, ঘটিব বিপদ। তেনে এক আশংকাত
অস্থিৰ হৈ উঠিল সেউতী।
 

ক্‌মকাই ফুলা
ফুলবোৰত মানুহৰ চকু নপৰিবনে…। চকু লাগিলে মৰহি নাযাবনে সদ্যযৌৱনপ্ৰাপ্ত ফুলজোপা!
বলিয়া ভোমোৰাকেইটাই ৰস চুহিবলৈ নহাকৈ থাকিব জানো! সিহঁতক ভেটিব কোনে। ৰসহীন ফুলৰ
জানো থাকিব উজ্জ্বলতা-সজীৱতা…। নি
ষ্প্ৰভ-শেঁতা ফুলৰ নাথাকে
কোনো আদৰ-আকৰ্ষণ। তাতকৈ ফুলজোপা এনেকৈয়ে থকা বেছি ভাল। তৰালীলৈ চাই চাই কথাবোৰ
এনেকৈয়ে ভাবিছিল সেউতীয়ে। ছোৱালীজনী গাভৰু হৈছে। লাহে লাহে আহিবলৈ ধৰিছে তাইৰ
দেহলৈ কমনীয়তাবোৰ। তাই ইচ্ছা কৰাৰ দৰে মাছ-মঙহ
, কণী-গাখীৰ
খাবলৈ নাপালেও তাইৰ দেহলৈ পাৰ ভাঙি নামি আহিছে যৌৱনৰ প্ৰাচুৰ্য। সুগন্ধি ফুলৰ দৰে
পাহি মেলি সুবাস বিলাব পৰা হৈছে তাই। কিন্তু তাইৰ বাবে সেয়া জানো বিপদ হৈ নুঠিব!
 হৰিণীৰ মঙহেই বৈৰী নহয় জানো…! ভোমোৰা উৰিব। সুগন্ধি ফুলৰ সুবাস লবলৈ আতুৰ হৈ পৰিব।
মধুপানৰ তৃষ্ণাই কৰি তুলিব অস্থিৰ
, উত্ৰাৱল। ফুল দেখিলেই ৰস
চুহি খোৱা ভোমোৰাৰ জানো অভাৱ আছে! তৰালী গাভৰু হোৱাৰ দিনৰ পৰাই পদূলিত এটা
দুটাকৈ নষ্ট চৰিত্ৰৰ ভোমোৰাৰ উৰণ আৰম্ভ হলেই। আৰু
কেইদিনমানৰ
পাছত নিশা চৌহদৰ ভিতৰতো উৰিবলৈ চেষ্টা কৰিব
সিহঁতে। লাহে লাহে আগুৱাই আহি বাঁহৰ দুৱাৰখনতে খুন্দিয়াই থাকিব। সিহঁতৰ গুণগুণনিত
মাক-জীয়েক দুয়োজনী আন্ধাৰৰ মাজত তাপ মাৰি শুই থকাৰ বাদে নাথাকিব আন একো উপায়।
তৰালীৰ বাপেকটো থকা হ
লে ভোমোৰাকেইটাই এনে মৰসাহ কৰিব
নোৱাৰিলেহেঁতেন। মানুহটো জীয়াই থকা হ
লে ফুলজোপায়ো ফুলৰ
সৈতে চোতালত নিৰ্ভয়ে হাঁহি ছটিয়াই ফুলি থাকিব পাৰিলেহেঁতেন। যৌৱনমতি তৰালীয়েও
মুকলিমূৰীয়াহৈ দ
প্‌দপাই ঘূৰি ফুৰিব পাৰিলেহেঁতেন বাটে-ঘাটে।
বাপেকৰ ভয়ত দূৰতে বিদুৰ হ
লহেঁতেন ভোমোৰাকেইটা।
 

তৰালীৰ জন্মৰ ছমাহৰ পাছতেই সিহঁতক অথাই সাগৰত
পেলাই দুদিনৰ জ্বৰতে সিপৰীয়া হৈছিল মানুহটো। তেতিয়াৰ পৰাই তৰালীক বুকুত বান্ধি
জীৱনৰ ডিঙা মেলি দিছিল পাৰাপাৰহীন অথাই সাগৰত। অবিৰাম তাই ধৰি গৈছে গুৰি ব
ঠা, ভাগৰুৱা হৈ পৰা নাই কোনোদিন। অভাৱ-অনাটনেও
জুৰুলা কৰিবলৈ সাহস কৰা নাই সেউতীক। কপালৰ লিখন বুলি হিয়া ভুকুৱাই ভুকুৱাই কান্দি
বহি থকা বিধৰো নহয় তাই। ধন-সম্পত্তি
, মাটি-বাৰী দি থৈ নগলেও মানুহটোৰ সাহস-মনোবলখিনিয়েই তাইৰ বাবে প্ৰধান সম্বল আৰু অস্ত্ৰ। ক, কেতিয়া, কেনেকৈ খোজ দিব
লাগে
, বাটবোৰ চিনি থৈছে তাই। দাঁত-নখ ধৰাই ৰৈ থকা ভোকাতুৰ
কুকুৰকেইটা অহা-যোৱা কৰা বাটবোৰো তাইৰ নখদৰ্পণত। সিহঁতলৈ পুতৌ জন্মি সেউতীয়ে
নিজকে কয়— চিকাৰলৈ ধৰাই থাকোঁতেই ক্ষয় যাব তহঁতৰ দাঁত-নখবোৰ।
 

মানুহটো নোহোৱা হোৱাৰ দিনৰ পৰাই সেউতীয়ে
এনেকৈয়ে আত্মৰক্ষা কৰি বয়সবোৰ ভটীয়নিলৈ ঠেলি দি আহি আছে। থমকি ৰোৱা নাই তাই
, উজায়েই গৈ আছে ডিঙাখন।
এৰি দিয়া নাই গুৰিব
ঠা। নাৱৰ টিঙত এতিয়া গাভৰু তৰালী।
ৰূপ-লা
ণ্যত ভৰুণ হবলৈ ধৰা নিজৰ
প্ৰতিবিম্ব পানীত চাই চাই কোনো সপোনৰ দেশত বিচৰণ কৰি আপোন পাহৰা হৈ পৰে তাই। উলাহত
উৰি ফুৰাৰ সময়েই এইখিনি।তাইক টিঙত সাৱধানে বহি যাবলৈ সকীয়াই গৈ থাকে সেউতীয়ে।
লৰচৰ কৰিলেই পৰি যাব পানীত। তেতিয়া তাইক নেফানেফ কৰিবলৈ পানীত জঁপিয়াই দি
ভোকাতুৰ কুকুৰকেইটাই হিংস্ৰ ঘঁৰিয়ালৰ ৰূপ ল
ব। তাইৰ কোমল
মঙহক লৈ লাগিব টনা-আঁজোৰা। সেই দৃশ্য কল্পনা কৰিব নোৱাৰি শিয়ৰি উঠে সেউতী। চিঞৰি
চিঞৰি তাই কয়— তৰালী
, টিঙত লৰচৰ
নকৰাকৈ বহি গৈ থাক। মই কোনো বিপদ নঘটাকৈ তোক নিৰাপদ ঠাই পোৱামগৈ।

পিৰালিত বহি শুকাই যাবলৈ ধৰা ফুলজোপালৈ
চাই সেউতীয়ে ভাবি আছিল কথাবোৰ। হঠাত চকুত পৰিল তৰালীলৈ। চমকি উঠিল সেউতী! তাইৰ
হাতত ভগা প্লাষ্টিকৰ মগটো। পানী দিবলৈ ওলাই আহিছে ফুলজোপাৰ কাষলৈ। তাইৰ সৰল মুখখনত
উদ্বেগ আৰু আশা মিশ্ৰিত অভিব্যক্তি। তাৰ বিপৰীতে সেউতীৰ মুখখন ভয়-শংকাত বিবৰ্ণ।
সেউতীয়ে চিঞৰিলে— ফুলজোপাক তেনেকৈয়ে জীয়াই থাকিবলৈ দে তৰা। আ
ব্‌দাৰৰ প্ৰয়োজন নাই।
মাকৰ কথালৈ কাণ নিদি গুৰিটোত পানী ঢালিবলৈ ধৰিলে তৰালীয়ে। সেউতীৰ সহ্য নহ
ল। উঠি আহি তাইৰ হাতৰ পৰা কাঢ়ি ললে মগটো। হতভম্ব
তৰালী! ভাবিলে— ফুলজোপাৰ প্ৰতি মাকৰ কিয় এই মাহীআইৰ আচৰণ… কি দোষ কৰিছে
ফুলজোপাই… শুকাই
ক্ষীণাই মৰহি যাবলৈ এৰি দিছে কিহৰ
খং-ক্ষোভত…। মাক বলীয়া হোৱা নাইতো…
? তাই প্ৰতিবাদ কৰিব
খুজিও মনে মনে ৰ
ল। খং উঠি থকা অৱস্থাত তৰালীয়ে মাকক কোনো
প্ৰশ্ন নকৰে।
 

মুখত কোনোদিনেই হাঁহিৰ সামান্য ৰেখা
এডালো চমকি নুঠা মাকক কেতিয়াবা কঠিন শিলৰ মূৰ্তি যেন লাগে তৰালীৰ। অৱশ্যে তাই
মাকৰ কেতিয়াও অবাধ্য হোৱা নাই। যি কৰিবলৈ কয়
, কৰি যায়।  মাকৰ চাবি দিয়া এটি পুতলাহে যেন তাই। ডাঙৰ হৈ তাই যেন এটা
সাংঘাতিক জগৰহে লগালে। সেই দিন ধৰি কেৱল বাধা আৰু বাধা। ইফালে নাযাবি
, সিফালে নাচাবি। কোনোবাই কিবা কলে তলমূৰকৈ মনে মনে
পোনেই ঘৰলৈ আহিবি। স্কুললৈ অকলে অহা-যোৱা নকৰিবি। মণিকা
, ৰীণাহঁতৰ
লগত জাক পাতি আহিবি। গাভৰু হোৱাৰ
পাছত তাইক লৈ যেন ঘৰত ৰচিত
ল এখন নতুন আইন। বিভিন্ন কাম-কাজক নিষিদ্ধ ঘোষণা কৰা আইন
সেইখন। লগৰীয়াকেইটাৰ লগত খেলা-
ধূলাবোৰো এতিয়া তাইৰ বাবে
কেৱল সোঁৱৰ
ণি‍
 

ডাঙৰ হোৱাৰ আগতে কাম কৰা মানুহবোৰৰ ঘৰলৈ
তাইকো লগত লৈ গৈছিল মাকে। তাইক এচুকত চুপ
চাপ বহি থাকিবলৈ দি কামবোৰ কৰি অঁতাইছিল। গাভৰু হোৱাৰ পাছত তাইক লগত লৈ যোৱাটো বন্ধ কৰি দিলে। এনে লাগিল তাই
যেন এটি চকুত লগা কোনো মূল্য
ৱান সম্পদ হৈ পৰিল! বাটত কোনোবাই
মাকৰ হাতৰ পৰা যেন থপিয়াই লৈহে যাব। অৱশ্যে মাকেও আগৰ দৰে মানুহৰ ঘৰলৈ কাম কৰিবলৈ
যোৱাটো এৰি দিলে। মাত্ৰ কেইঘৰমানলৈহে গৈ থাকিল
, ত মাকে অনুভৱ কৰে নিশ্চিত নিৰাপত্তা আৰু নিৰ্ভয়।
 

সেউতীয়ে এজোপা বটবৃক্ষৰ ছাঁ হৈ জীয়েকৰ
কাষত থাকিবলৈ লৈছে বেছি সময়। নিজে ঘৰত নথকা সময়খিনিত
  কাষৰে ফাগুনীক ছোৱালীজনীৰ ৰখীয়া কৰি থৈ যায়। মাকে কৈছিল
সেইদিনা- আগৰ দৰে উপাৰ্জন এতিয়া মোৰ নাই। মুখৰ আগত যি ৰান্ধি দিম
, তাকেই খাবি। মাছ-মাংস, কণী-গাখীৰ এইবোৰ বিচাৰি আমনি
নিদিবি। স্কুলৰ বাদে ঘৰৰ ভিতৰৰ পৰা এখোজো বাহিৰ নোলাবি। বাটত অসংখ্য ভোকাতুৰ কুকুৰ
বলিয়া হৈ ঘূৰি ফুৰে। সিহঁতৰ চকুত পৰিলে সৰ্বনাশ ঘটাই দিব। বাপেৰ নাই। ময়ো তোক
বচাব
  নোৱাৰিম। সিহঁত ভদ্ৰতাৰ
মুখা পিন্ধি কেঁচা মঙহৰ সোৱাদ বিচাৰি ঘূৰি ফুৰে বুজিছ। বৰ
  নিলাজ সিহঁত। সমাজৰ সম্ভ্ৰান্ত লোক বুলিয়েই সিহঁতে কৰা
অপৰাধবোৰ কোনেও দেখা নাপায়। শেষত বদনামটো হ
বগৈ আমাৰহে।
সমাজে এঘৰীয়া কৰিব আমাকহে। নষ্ট চৰিত্ৰৰ বুলি অপযশ কঢ়িয়াই লৈ ফুৰিব লাগিব
নমৰালৈকে বুজিছ। পাৰিলে ডাইনী সজাই ঘৰে-মানুহে জুই দি পুৰি মাৰিবলৈও কুণ্ঠাবোধ
নকৰিব সিহঁতে।
 

মাকৰ কথাবোৰ বুজা-নুবুজাকৈ শুনি মূৰটো
দুপিয়াইছিল তৰালীয়ে। নিৰ্লিপ্ত তাই। অৱশ্যে
  স্কুলৰ পৰা আহিলে
দুটামানে তাইৰ পিছ নোলোৱা নহয়।
  তাই বুজি নোপোৱা, শুনি নোপোৱা সিহঁতৰ মুখৰ পৰা ওফৰি অহা উচ্ছৃঙ্খল শব্দ কিছুমান মাজে মাজে
তাইৰ কাণতো পৰেহি। দুটামানে দামী বাইক চলাই তাইৰ সন্মুখত অগা-ভেঁটাও কৰে। হিন্দী
চিনেমাৰ হিৰ
ৰ দৰে দেখুৱায় ভেল্কিবাজী। কিন্তু তাই একো
নেদেখা আৰু নুশুনাৰ ভাও ধৰি লগৰীয়া দুজনীৰ লগত আহি থাকে। মাকে সম্ভৱ সিহঁতৰ কথাকে
কৈ তাইক সতৰ্কবাণী শুনাইছে।

 

সেউতীৰ অনুপস্থিতিত এদিন তৰালীয়ে মৰহি
যোৱা ফুলজোপাত পানী দিলে। তাৰ পাছদিনাও দিলে অলপ। লাহে লাহে পানী দিয়াটো তাই
অভ্যাসেই কৰি ল
লে। ক্ৰমা শুকাই যাবলৈ ধৰা গছডালৰ মুখত যেন অমৃতহে
পৰিল। মৰিবৰ সময়ত মানুহে পানীটোপা বিচৰাৰ দৰে পুলিটোৱেও কাতৰতাৰে বিচাৰি আছিল
এটোপাল পানী। সহ্য হোৱা নাছিল তৰালীৰ। সেয়ে তাই মাক নথকাৰ সুযোগত গুৰিত পানী দি দি
লাহে লাহে সজীৱ কৰি তুলিলে ফুলজোপাক। সঞ্জীৱনী লাভ কৰি গা টঙাই উঠিল ফুলজোপাই। কুমলীয়া
পাতৰ আগত
ভুমুকি
মাৰিলে এটি
দুটিকৈ কলিবোৰে আৰু লাহে লাহে পাহ মেলি লহ্‌পহীয়া হল। সুবাসিত হৈ পৰিল চোতালখন। জোঙা নাকটোৰ
পাহি ফুলাই ফুলাই ঘ্ৰাণ টানি তাই ভৰাই পেলালে বুকুখন। সুবাসিনী হ
ল তাই। তাই হলগৈ এজনী বহুৰঙী পখিলী। পাখি মেলি উৰি
আহি তাই যেন ফুলৰ সৈতে কথা পাতিব। তাই যেন খেদি পঠিয়াব
  মৌ চুহি খাবলৈ অহা বলীয়া ভোমোৰাকেইটাক।

ক্‌মকাই ফুলি থকা গছজোপা বহু পলমকৈহে
চকুত পৰিল সেউতীৰ। লগে লগে চিৰিংকৈ উঠিল তাইৰ বুকুখন। কিবা যেন বিপদৰ আগজাননীহে
দিলে ফুলজোপাই! তৰালীলৈ খঙেৰে চাই ক
লে— মই গম নোপোৱাকৈ তই
ফুলজোপাত পানী দি জীয়াই পেলালি নহয়! ভাল কাম কৰিছ বুলি মুঠেই নাভাবিবি। বিপদ
চপাই আনিছ। এইখন ঘৰত ফুল ফুলাটো মুঠেই মংগলজনক নহয়
, অশুভহে।

লাহে লাহে সেউতীৰ মানুহৰ ঘৰত কাম কৰাৰ
স্পৃহা নোহোৱা হৈ আহিছে। আচলতে
  তাইক নিবিচৰা হৈছে
কিছুমান মানুহে। সেইদিনা এঘৰৰ গৃহস্থই
  কৈয়েই দিলে— সেউতী,
তোমাৰ বয়স হৈ আহিছে, তোমাৰ কামবোৰ জীয়েৰাই
আহি কৰিব পাৰিবচোন। কাষতে থকা ডেকাপুত্ৰই সমৰ্থন কৰিলে— ঠিকেই
, তোমাৰ ছোৱালীকে পঠিয়াই দিবা কাইলৈৰ পৰা। শব্দবোৰে একোডাল বিষাক্ত হুল হৈ
সেউতীক বিন্ধিছিল। সমাজত উচ্চ স্থানৰ আভিজাত
  লোক বুলি পৰিচিত
বাপেক-পুতেকৰ উদ্দেশ্য পৰিষ্কাৰকৈ বুজি পাইছিল সেউতীয়ে। কামৰ পৰা তাইক আঁতৰোৱাৰ
কেনে কুটিল অজুহাত আৰু অভিসন্ধি।এসোপামান ঘৃণা আহি থুপ খাইছিল মুখত। ঘৰখনৰ পৰা
বাহিৰ ওলাই আহি মুখত লৈ থকা থুসোপা পেলাইহে ভালদৰে উশাহ ল

পাৰিছিল সেউতীয়ে।

ইহঁতে মুখৰ আগত মিছাই লগাই লৈ ফুৰে
ভদ্ৰলোকৰ লেবেল। তাৰ আঁৰত লুকুৱাই ৰাখে নষ্ট চৰিত্ৰবোৰ। বৈষয়িক ভোগৰ বাবে ইহঁত
বহুত তললৈ যাব পাৰে! গিৰিয়েক ঢুকুৱাৰ
পাছত তাইৰ মন আৰু দেহ পাবলৈ কিমান যে
লোভনীয় বস্তু যাঁচিছিল সিহঁতে। দামী শাৰীৰ পৰা ম
বাইল ফন পৰ্যন্ত টোপ পেলাইছিল, কিন্তু সেউতীয়ে বহুত
ছল-চাতুৰি আৰু অজুহাত দেখুৱাই আঁতৰি আছিল। এখন ৰঙীন জগত তাইৰ সন্মুখত সৃষ্টি কৰি
লাজ লগাকৈ ব্যৰ্থ হৈছিল সিহঁত। নিজৰ জীয়েকক সেই অসৎবোৰৰ হাতত তুলি দিবলৈ সেউতী
ইমান দুৰ্বল অথবা মূৰ্খ নহয়। তৰালীকো সিহঁতে ম
বাইল ফ, কাপোৰৰ টোপ দি তাইৰ মূল্যৱা
সম্পদবোৰ তেজশোহা জোকৰ দৰে শুহি নিয়াৰ পাং পাতিব। পাছত পেলাই দিব এলাগী হৈ মৰহি
যোৱা ফুলৰ দৰে। সেউতী জীয়াই থকা অৱস্থাত তেনে একো হ
বলৈ দিব
নোৱাৰে। লাগিলে নাখাই ঘৰতে সোমাই থাকিব
, সিহঁতৰ ন্যস্ত ৰঙীন
পৃথিৱীখন চাবলৈ কেতিয়াও এৰি দিব নোৱাৰে জীয়েকক। দামী কাপোৰ
, খাদ্য আৰু মবাইল ফনেৰে
তৰালীৰ যৌৱন জুখি চোৱাৰ হেঁপাহ সিহঁতৰ বাবে মৰীচিকা হৈয়ে ৰ

মাথোঁ। সেইবোৰ পণ্য সামগ্ৰীতকৈ তৰালীৰ মূল্য বহুত বেছি। তাই প্ৰলোভনৰ পৰা আঁতৰি
থকাৰ শিক্ষা দিছে তৰালীক।
 

মাত্ৰ চাৰিখন ঘৰত দৈনিক কাম কৰাৰ
সিদ্ধান্ত ল
লে সেউতীয়ে। তাই জানে, সমাজত সকলো
মানুহ বেয়া নহয়। তেওঁলোকে দিব জানে আন মানুহকো সন্মান আৰু মৰ্যাদা। তেওঁলোকৰ
চকুৰ চাৱনিত নাই লালসাৰ বহ্নি
, ত সেউতী
অবিহনেও তৰালী যাব পাৰে শংকাহীন-নিৰ্ভয়ে।

কামৰ পৰা আহি চোতালত ফুলজোপা দেখি খংটো
বেছি হৈ যায় সেউতীৰ। জ
ক্‌মকাই ফুলি থকা ফুলবোৰে যেন তাইলৈ চাই উপলুঙাহে কৰে। তাইৰ
খংটো আজি বেছিকৈ উঠিল। ফুলৰ ৰজা পদুম
, ৰাণী গোলাপ বা সৰগৰ
পাৰিজাত ফুলিলেও কিজানি ক্ষান্ত নহ
লহেঁতেন তাই। পাৰিজাত
কিয় চোতালত মদাৰ ফুল ফুলিলেও বিপদ সেউতীহঁতৰ বাবে। ফুল ফুলেই। কাৰোবাৰ বাবে
সৌন্দৰ্য আৰু কাৰোবাৰ বাবে অথন্তৰ
, বিপদ। প্ৰচণ্ড ক্ষোভেৰে
গছজোপাৰ কাষ চাপি সেউতীয়ে ছিঙি পেলালে ফুলবোৰ। সজীৱ ফুলকেইপাহলৈ চাই ফোঁপাইছিল
তাই।
 

হঠাতে তাইৰ অনুভৱ হ, ফুলপাহৰ
মাজত যেন মূৰ্ত হৈ উঠিছে তৰালীৰ কৰুণ মুখখন। ফুল নহয়
, যেন
নিজৰ জীয়েকৰ ছিগা মূৰটোহে সেউতীয়ে লৈ আছে হাতত। তেজীমলাৰ মুখখনৰ দৰে কৰুণ-বিষাদ।
তাইৰ বুকুখনৰ ক
ৰবাত অনুভূত হ
প্ৰচণ্ড বিষ। ফুলকেইপাহ হাতত লৈ চিন্তাৰ চাকনৈয়াত অস্থিৰ হৈ পৰিল সেউতী। পেলাই
দিম বুলি ছিঙি অনা ফুলকেইপাহলৈ তাইৰ কিবা এটা মায়া উপজিল।

নিজক কিছু শান্ত কৰি ভিতৰলৈ আহিল সেউতী।
সন্ধান কৰিলে এটা ফুলদানীৰ। একোণত অনাদৰ হৈ পৰি থকা বটলৰ ফুলদানীটো বুটলি আনি চাফা
কৰি ল
লে
তাই। তৰালীৰ চকুত পৰাকৈ তাইৰ পঢ়া টেবুলখনতে ফুলকেইপাহৰ সৈতে সজাই থ
লে ফুলদানীটো।

মাকৰ কাণ্ডবোৰ দেখা পাইছিল তৰালীয়ে।
কিন্তু তাইক কোনো প্ৰশ্ন কৰাৰ সুযোগ নিদি সেউতীয়ে খুব কোমল সুৰত ক
লে— জক্‌মকাই ফুলি থকা ফুলবোৰ আনৰ হাতত নষ্ট হোৱাতকৈ আৰু গৰু-ছাগলীৰ পেটত যোৱাতকৈ
ঘৰৰ ভিতৰত সজাই থ
লে বেছি ভাল। সজীৱ হৈ ৰব। শোভা বৰ্ধনো হৈ থাকিব।
  আমাৰো মন ভৰি থাকিব তাৰ
সুবাসত।

তৰালীয়ে মুখলৈ উজাই অহা ক্ষোভখিনি তাতেই
সামৰি থলে।
নিশ্চুপ হৈ তাই চাই থাকিল মাকে সজাই থোৱা ফুলদানীৰ তাইৰ দৰেই ধুনীয়া ফুলকেইপাহলৈ